-->

মানৰ অসম আক্রমণ । Burmese invasions of Assam

 মানৰ অসম আক্রমণ

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. ১৮১৬/১৮১৭/১৭১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

উত্তৰঃ- ১৮১৭ চনত।

2. জগন্নাথ ঢেকিয়াল ফুকন/বদনচন্দ্ৰ বৰফুকন/ চন্দ্রকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোঁহাঁইৰ ভাতৃ আছিল।
উত্তৰঃ- জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতু আছিল।

3. বদল চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৭১৮ চনৰ আগষ্ট মাহত।
উত্তৰঃ- ১৮১৭ চনৰ আগষ্ট মাহত বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল।

4. ৰাজমাওঁ নুলমী চন্দ্রকান্ত সিংহ/পূৰ্ণানন্দ বুঢ়াগোহাঁই/ ব্রজনাথ গোহাঁইৰ মাতৃ আছিল।
উত্তৰঃ- ৰাজমাওঁ নুমলী চন্দ্রকান্ত সিংহৰ মাতৃ আছিল।

5. য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্রুৱাৰি তাৰিখে স্বাক্ষৰ কৰা হৈছিল।
উত্তৰঃ- য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

6. অসমীয়া মানুহে কাক মান বুলি কৈছিল?
উত্তৰঃ- ব্রহ্মদেশৰ প্ৰজাক অসমৰ মানুহে মান বুলি কৈছিল।

7. ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল?
উত্তৰঃ- আৰাকান জয় কৰিছিল।

8. কোনভোৱা সময়ক "মানৰ দিন" বুলি কোৱা হয়?
উত্তৰঃ- ১৮২১ চনৰপৰা ১৮২৫ চনলৈকে এই সময়ছোৱাক মানৰ দিন বুলি কোৱা হয়।

9. মানসকলৰ সামৰিক অভিযানৰ লগত অহা লিপিকা দুজনে লিখি উলিওৱা টোকা বহী দুখনৰ নাম লিখা।
উত্তৰঃ- (১) বৈশালী হুকং আৰু
(২) বৈশালী মুং-ডুন-চুন-খাম।

10. মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতা সৃষ্টি হৈছিল?
উত্তৰঃ- প্রায় চল্লিশ হাজাৰ আৰাকানি লোক ব্রহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতীষ্ঠ হৈ ইংৰাজ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্রিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ব্রিটিছৰ মাজত শত্রুতা সৃষ্টি হৈছিল।

11. বৈশালী হুকং কি?
উত্তৰঃ- মান লিপিকাৰে মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটি টোকাৰ নাম।

12. বৈশালী মুং-ডুন-চুন-খাম্‌ কি?
উত্তৰঃ- মান লিপিকাৰে লিখা অন্য এটি টোকাৰ নাম।

13. মানক খেদিবলৈ ইংৰাজে অসমত কেতিয়া প্ৰৱেশ কৰে?
উত্তৰঃ- ১৮২৪ খ্রীষ্টাব্দত।

14. গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত আহোমৰ সিংহসাসনত কোন বহে?
উত্তৰঃ- কমলেশ্বৰ সিংহ।

15. কোনজনা সত্ৰাধিকাৰক ৰুদ্ৰ সিংহ তেওঁৰ ধৰ্মগুৰু হিচাপে মানি লৈছিল?
উত্তৰঃ- কেশৱদেৱক

16. মোৱামৰীয়াসকলৰ কোনজন নেতাই আহোমৰ বৰসেনাপতিৰ বাব পাইছিল?
উত্তৰঃ- সর্বানন্দই বৰসেনাপতিৰ বাব পাইছিল।

17. পিজৌ গাভৰু কোন?
উত্তৰঃ- বদনচন্দ বৰফুকনৰ জীয়ৰী। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰেষা নাথে তেওঁক বিয়া কৰাইছিল।

18. বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?
উত্তৰঃ- বদনে বদৌপায়াৰ সহায়ত ৮০০০ হেজাৰ মানি সৈন্য আৰু বাটত মানৰ কতলীয়া ৰজা কেইজনমানৰ পৰা আঠ হেজাৰ মুঠ ১৬,০০০ সৈন্য লৈ পাটকাই পথেদি অসমত সোমাইছিল।

19. বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
উত্তৰঃ- প্রায় আঠহেজাৰ অতিৰিক্ত সৈন্য গোটাইছিল।

20. বদনচন্দ্রক চন্দ্রকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল?
উত্তৰঃ- বৰফুকন উপাধিৰে।

21. মানৰ আক্রমণ কোন কোন চনত হৈছিল?
উত্তৰঃ- মানৰ প্রথম আক্রমণ- ১৮১৭
মানৰ দ্বিতীয় আক্রমণ- ১৮১৯
মানৰ তৃতীয় আক্রমণ- ১৮২১

22. মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পর্কে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- মানসকলৰ অসম আক্ৰমণ ইতিহাসৰ এটি উল্লেখযোগ্য ঘটনা। তেওঁলোকে ৰাজ্য বিস্তাৰৰ হাবিয়াসেৰে আসম আক্ৰমণ কৰাৰ লগে লগে মণিপুৰ আৰু আৰাকানৰ ওপৰতো হস্তক্ষেপ আৰম্ভ কৰিছিল।
    ছিংবুছিম নামে মান ৰজাৰ আমোলত ১৭৬৫ চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰি কেবাহাঙ্গীৰো। মণিপুৰী লোকক ব্রহ্মা দেশলৈ লৈ গৈ মণি পুৰৰ ৰজা জয়সিংহক দেশান্তৰিত কৰিছিল। এই ঘটনাৰ পিছৰে পৰা মান সেনাই বাৰম্বাৰ মণি পুৰ আত্রন মণ কৰি দেশখনক। জুৰুলা কৰি তুলিছিল। এনেদৰে মান সেনাই এৰা ধৰাকৈ ১৭৮২ চনলে মণিপুৰৰ ওপৰত আক্রমণ চলাই আছিল। ১৭৯৮ চনৰ পৰাহে মণিপূৰে শান্তিত থাকিব পাৰিছিল।
    আনহাতে ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰে। আৰাকান দখল কৰাৰ লগে লগে মান সেনাই মাৰগুই দ্বীপপুঞ্জৰপৰা চট্টগ্রাম সীমান্তৰ লগতে চট্টগ্রাম বন্দৰলৈ বিস্তৃত সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাত প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়। আৰাকানত থিতাপি লৈ মান ৰজা বিশেষকৈ বদৌপায়া আৰু তেওঁৰ নাতি বাগিদাওৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজ্য বিস্তাৰৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্রসাৰিত কৰাৰ চেষ্টা কৰে।

23. পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্রৰ জন্ম দিছিল আলোচনা কৰা।
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰা বাবে আহোম সাম্রাজ্যৰ বাঘজৰীডাল সম্পূৰ্ণৰূপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হস্তগত হৈছিল। পূৰ্ণানন্দৰ স্বেচ্চাচাৰী, দাম্ভিক স্বভাবৰ বাবে তেওঁ জনসাধাৰণৰ মাজত অপ্রিয় হৈছিল। গেইটৰ মতে মোৱামৰীয়া বিদ্ৰোহৰ পাছত মহাপ্রতাপী কার্যদক্ষ বুঢ়াগোহাঁইৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দেশত সুখ-শান্তি স্থাপিত হৈছিল। কিন্তু প্রজাৰ আর্থিক অৱস্থাৰ অৱনতি ঘটিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আহোম ৰাজ্যৰ মূল প্রশাসনিক ক্ষমতা নিজে লৈ দেশৰ শান্তি শৃংখলা প্রতিষ্ঠা কৰাৰ হকে যথেষ্ট চেষ্টা কৰিছিল, অৱশ্যে বুঢ়াগোহাঁই ডাঙৰীয়াই লোৱা ব্যৱস্থাৱলীয়ে আহোম ৰাজতন্ত্রক কিমান শক্তিশালী কৰিছিল সি বিচার্য বিষয়। সুদীর্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্র কঠোৰ হাতেৰে নিয়ন্ত্রণ কৰাত ৰাজ্যত কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল।
    ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিয়ে। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্রকান্ত সিংহ নামৰ কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। এইদৰে পূৰ্ণানন্দৰ স্বেচ্ছাচাৰীতাত একাংশ বিষয়া আৰু জনসাধাৰণ তেওঁৰ বিৰোধী হৈ উঠিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। পমুৱা নামৰ এজন লোকে এই বিদ্রোহৰ নেতৃত্ব দিয়াৰ বাবে এই বিদ্রোহক পমুৱা বিদ্রোহ হিচাপে জনা যায়।
    পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতা, দাম্ভিকতা আৰু কম বয়সীয়া ল'ৰাক ৰজা পাতি তেওঁ নিজে চলোৱা কু-শাসনে প্ৰজাক অতিষ্ঠ কৰি তুলিছিল আৰু এইদৰেই দেশত ৰাজনৈতিক ষড়যন্ত্রৰ জন্ম দিছিল।

24. পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্রৰ শেষ পৰিণতি কি আছিল?
উত্তৰঃ- পুর্ণানন্দৰ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ লোক আছিল বুঢ়াগোহাঁইৰ বিৰুদ্ধে কমলেশ্বৰ সিংহৰ শাসনকালত ষড়যন্ত্রৰ সৃষ্টি হৈছিল। এই যড়যবোৰৰ ফলত দেশৰ অৱস্থা অলি সংকটজনক হৈ পৰিছিল।
    ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত চন্দ্রকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। তেওঁ দেশ শাসনৰ একো ভূ পোৱা নাছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসনে দেশত বিদ্ৰোহৰ আগনি জ্বলাইছিল। পানীমুৱা নামৰ এজন বিদ্রেহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। সেইবাবে এই বিদ্রোহক পানীমুৱা বিদ্রোহ বোলা হয়। পূর্ণানন্দই কঠোৰ শাস্তি দি নৃশংসভাৱে বিদ্রোহ দমন কৰিছিল তৎস্বত্তেও কিন্তু পূৰ্ণানন্দৰ দৌৰাত্মৰ শেষ হোৱা নাছিল, নাইবা তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক বিৰোধিতাৰো অন্ত পৰা নাছিল। কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত সত্‍ৰাম চাৰিঙীয়া ফুকনে পূর্ণানন্দৰ বিৰুদ্ধে বিদ্ৰোহৰ চেষ্টা কৰিছিল। এইবাৰৰ বিদ্রোহতো পূৰ্ণানন্দই ষড়যন্ত্রকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। সত্‍ৰাম ৰজা চন্দ্রকান্ত সিংহৰ বাল্য বন্ধু হোৱাৰ বাবে তেওঁক প্রাণে নামাৰি নামৰূপ হাবিলৈ নির্বাসিত কৰা হৈছিল। নামৰূপত তেওঁ নগা আততায়ীৰ হাতত প্রাণ হেৰুৱাইছিল। সেই বিদ্রোহত বদনচন্দ্ৰ বৰফুকন জড়িত আছিল বুলি পূৰ্ণানন্দই তেওঁক ধৰ্বিলৈ চিপাহী-চাউদাং পঠিয়াওতে তেওঁ আগতীয়াকৈ জানিব পাৰি তেওঁ ব্রিটিছ শাসনাধীন বঙ্গদেশৰ ৰংপুৰলৈ গৈ তাতে ডেভিড স্কটক সাক্ষাৎ কৰে। বদনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰজা চন্দ্রকান্ত সিংহ আৰু তেওঁৰ সমর্থনত ব্রিটিছক সামৰিক সাহায্যৰ আবেদন কৰে। এনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰী কাৰ্যৰ ফলত মানসকলৰ অসম আক্ৰমণৰ পথ ৰচনা হৈছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »