-->

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন । Arrival of Europeans in India

 প্ৰথম অধ্যায়ঃ- ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন
class 9 Social Science chapter 1 Arrival of Europeans in India


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. ১৫৮০ খ্রীঃত জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰা প্রথম ইংৰাজ নাৱিকজনৰ নাম-
(ক) ভাস্ক-ডা-গামা
(খ) জেমচ মিলডেন হল।
(গ) ফ্রান্সিছ ড্রেক
(ঘ) উইলিয়াম হকিন্স
উত্তৰঃ- (গ) ফ্রান্সিছ ড্রেক।

2. 'ভাৰত পৰিষদ' আইনখন প্রণয়ন হৈছিল—
(ক) ১৮৯৮ চনত     (খ) ১৮৬৯ চনত
(গ) ১৮৬১ চনত     (ঘ) ১৮৫৭ চনত
উত্তৰঃ- (গ) ১৮৬১ চনত।

3. পর্তুগীজ নাৱিক ভাস্ক-ডা-গামা ভাৰতবৰ্ষত (কালিকট বন্দৰত) উপস্থিত হৈছিলহি-
(ক) ১৪৯৯ চনত     (খ) ১৪৯৮ চনত
(গ) ১৪৯৭ চনত     (ঘ) ১৪৯৬ চনত
উত্তৰঃ- (খ) ১৪৯৮ চনত।

4. পলাশী যুদ্ধত ৰবার্ট ক্লাইবে পৰাস্ত কৰা বংগৰ নৱাৰজনৰ নাম কি?
উত্তৰঃ- চিৰাজউদ্দৌলা।

5. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত স্থাপন কৰা প্রথম বাণিজ্য কেন্দ্ৰটোৰ নাম কি?
উত্তৰঃ- ফর্ট ছেন্ট জর্জ।

6. ভাৰত ভূমিত পোন প্রথমে প্রৱেশ কৰা ইংৰাজ নাৱিকজনৰ নাম কি?
উত্তৰঃ- ভাস্ক-ডা-গামা।

7. চিপাহী বিদ্রোহ কোন চনত সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৫৭ চনত।

8. অসমৰ প্রথম আই. চি. এছ. কোন আছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱা।

9. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্রথমে উপস্থিত হৈছিল?
উত্তৰঃ- ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্টুগীজ নাৱিকজন হ'ল- ভাস্ক-ডা-গামা।
    তেওঁ ১৪৯৮ খ্রীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

10. ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰঃ- জেমচ মিলডেন হলে ১৫৯৯ খ্রীষ্টাব্দত ভাৰত ভূমিত প্রৱেশ কৰিছিল।

11. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল?
উত্তৰঃ- ১৬০০ খ্রীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল।

12. ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ-(১) ভাৰতৰ লগত বেহা-বেপাৰ কৰা আৰু
(২) ইংৰাজ শাসন প্রতিষ্ঠা কৰা।

13. চিপাহী বিদ্রোহ কাৰ কাৰ্যকালত আৰম্ভ হৈছিল?
উত্তৰঃ- লর্ড কেনিঙৰ কাৰ্যকালত।

14. ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ- ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত ১৬১১ খ্রীষ্টাব্দত স্থাপন হৈছিল।

15. 'ফর্ট ইউলিয়াম' কি?
উত্তৰঃ- এটা বাণিজ্যিক কেন্দ্র।

16. চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ- ১৮৫৭ চনৰ ২৯ মার্চত ৩৪ নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলিবর্ষণ কৰি চিপাহী বিদ্রোহৰ সূচনা কৰিছিল।

17. পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা?
উত্তৰঃ- প্ৰথমটো হৈছে মোগল সাম্রাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে আৰু দ্বিতীয়টো হৈছে ১৮৫৮ খ্রীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

18. 'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উত্তৰঃ- ব্রিটিছ সংসদে ১৮ ৫৮ চনৰ ২ আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ বাবে ভাৰত চৰকাৰ আইন প্রণয়ন কৰিছিল।

19. 'ভাৰতীয় পৰিষদ আইন' কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উত্তৰঃ- ১৮৬১ খ্রীষ্টাব্দত 'ভাৰতীয় পৰিষদ আইন' প্রণয়ন কৰা হৈছিল।
    এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্রশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

20. কোন খ্রীষ্টাব্দত ফ্রান্সিছ ড্রেকে জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল?
উত্তৰঃ- ১৫৮০ খ্রীষ্টাব্দত।

21. তুর্কী বাহিনীয়ে কনষ্টান্তিনপোলচ্‌ কেতিয়া হস্তগত কৰিছিল?
উত্তৰঃ- ১৪৫৩ খ্রীষ্টাব্দত।

22. বোম্বাই চহৰখন কোনে কি কাৰণে লাভ কৰিছিল?
উত্তৰঃ- ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পতুর্গীজ ৰাজকন্যা কেথৰিণক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই (মুম্বাই) চহৰ লাভ কৰিছিল।

23. কি কি গাঁৱৰ জমিদাৰী প্ৰথা লাভ কৰি কলিকতা নগৰ স্থাপন কৰা হৈছিল?
উত্তৰঃ- কালীঘাটা (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰি কলিকতা নগৰ স্থাপন কৰিছিল।

24. পলাচী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত কোনে জয়লাভ কৰিছিল?
উত্তৰঃ- ১৭৫৭ খ্রীষ্টাব্দত পলাচী যুদ্ধ ইষ্ট ইণ্ডিয়া কোম্পানি আৰু বংগৰ নবাব চিৰাজ উদদৌলাৰ মাজত হৈছিল।
    এই যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে জয় লাভ কৰিছিল।

25. এলাহাবাদ চুক্তি কাৰ কাৰ মাজত হৈছিল? এই চুক্তিৰ ফলাফল লিখা।
উত্তৰঃ- ১৭৬৫ খ্রীষ্টাব্দত মোগল সম্রাট ছাহ আলম আৰু বার্ট ক্লাইবৰ মাজত এলাহাবাজ চুক্তি হৈছিল।
    এই চুক্তিৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল।

26. কোনে কেতিয়া আফ্রিকা মহাদেশৰ দক্ষিণ দেশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল?
উত্তৰঃ- পতুর্গীজ নাবিক বার্থল মিউডিয়াজে ১৪৮৭ খ্রীষ্টাব্দত, উত্তমাশা অৰীপত উপস্থিত হৈছিল।

27. উইলিয়াম হকিন্সে ভাৰতৰ কোনখন নদীৰে আহি চুৰাট বন্দৰত উপস্থিত হৈছিল?
উত্তৰঃ- তাপ্তী নদীৰ মোহনাৰে আহি চুৰাট বন্দৰত উপস্থিত হৈছিল।

28. জাহাংগীৰৰ ওচৰলৈ অহা ইংৰাজৰ (দ্বিতীয়) দুতজনৰ নাম কি? তেওঁ কেতিয়া ভাৰতলৈ আহিছিল?
উত্তৰঃ- জাহাংগীৰৰ ওচৰলৈ অহা দ্বিতীয় দুজনৰ নাম হ'ল- ছাৰ চমাছ'ৰ। তেওঁ ১৬১৫ খ্রীষ্টাব্দত ভাৰতলৈ আহিছিল।

29. মোগল সম্রাট ফাৰুকছিয়াৰক চিকিৎসা কৰা ইংৰাজ চিকিৎসকজনৰ নাম কি?
উত্তৰঃ- ডাঃ হেমিলটন।

30. ৰবার্ট ক্লাইবৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?
উত্তৰঃ- ১৭২৫ খ্রীষ্টাব্দৰ ২৫ চেপ্তেম্বৰত ইংলেণ্ডত ৰবাট ক্লাইবৰ জন্ম হৈছিল।

31. ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্রচেষ্টা কেতিয়া সম্পূর্ণ হৈছিল, তাৰ পদক্ষেপসমূহ, সংক্ষেপে লিখা।
উত্তৰঃ- ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰ প্রচেষ্টাসমূহ ১৭১৫ খ্রীষ্টাব্দত সম্পূর্ণ হয়। প্রাচ্যৰ সৈতে  বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্রীষ্টাব্দত ইংৰাজ সদাগৰসকলে এই প্রতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল। ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানীটোক দক্ষিণ আফ্রিকাৰ উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্রণালী পর্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ। কৰিবলৈ অনুমতি দিছিল। এই কোম্পানীটোৱে সাগৰীয়। পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে মালাক্কা, সুমাত্রা, জাভা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল।
    ১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন ইউলিয়াম, হকিন্স নামৰ এজন ব্রিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ এখন আবেদন পত্র প্ৰেৰণ কৰিছিল হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। তেওঁ ১৬০৯ খ্রীষ্টাব্দৰ এপ্রিল মাহত আগ্রাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্রাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ আগ্ৰাত প্রথম পদার্পণ। কেপ্তেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্রাটৰ পৰা বেহা বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্তেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্রাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্রীষ্টাব্দত ইংলণ্ডেৰ ৰজা প্রথম জেমছে ছাৰ টমাচ ৰ' নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰ'ৱে কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছি।
    ১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্রাট খাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট খাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল ৰোগাক্রান্ত সম্রাট ফাৰুকছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে চিকিৎসা আগবঢ়াই তেওঁ ব্যাধি নিৰাময় কৰিছিল। সম্রাটে সঁজাতী দলটোৰ প্রতি সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্রাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্র ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

32. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।
উত্তৰঃ- (১) ১৬১১ খ্রীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল। ১৬৩৬ খ্রীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্রীষ্টাব্দত চন্দ্রগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি নতুন নাম দিয়া  দিছিল ফর্ট ছেন্ট জর্জ।
(২) ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চার্লছে ১৬৬৮ খ্রীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্রধান কার্যালয়ত পৰিণত হৈছিল।
(৩) ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাৱৰ লগত কৰা এখন চুক্তিৰ যোগেদি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালীঘাটা (কলিকতা), সূতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম 'ফৰ্ট উইলিয়াম' ৰখা হৈছিল।

33. ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন আছিল? তেও কি কি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ ঘাই খুটা স্থাপন কৰিছিল? চাৰিটা যুক্তিৰে লিখা।
উত্তৰঃ- ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি ভোলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন আছিল- ৰবার্ট ক্লাইব|
    ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবার্ট ক্লাইবে ভাৰতত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা-কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।
    (১) ৰবার্ট ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।
    (২) তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্রচেষ্টা চলাইছিল।
    (৩) বংগৰ নবাৱ, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাৱ, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্রত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসর্জন দিবলগীয়া হৈছিল।
    (৪) পলাচী যুদ্ধত (১৭৫৭ খ্রীষ্টাব্দ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাৱ ছিৰাজ উদ্‌দৌলাক (১৭৫৬-৫৭) চল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰি ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। ৰবার্ট ক্লাইবৰ পৰা লর্ড ডেলহাউচিৰ (১৮৪৮-৫৬) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্র ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল।

34. চিপাহী বিদ্ৰোহৰ কাৰণ চাৰিটা লিখা।
উত্তৰঃ- ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ চাৰিটা কাৰণ হ'ল-
(১) ৰাজনৈতিক কাৰণঃ- লর্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিৰ প্রয়োগে দেশীয় ৰাজ্য কেইবাখনৰো স্বাধীনতা, পদবি, বৃত্তি আদি কর্তন কৰে। যাৰ ফলত সমসায়িক ভাৰতৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছিল। তাৰ উপৰিও যিসকল দেশীয় ৰাজ্যৰ শাসক সকলে নিজৰ পুত্র নথকাৰ ফলত দত্তক বা তোলনীয়া সন্তান গ্রহণ কৰিছিল, স্বত্ববিলোপ নীতিমতে সেই দত্তকসকলে ভৱিষ্যতে সিংহাসনত বহিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছিল। এনেবোৰ কাৰণত বহুতো ভাৰতীয়ই ব্রিটিছ কোম্পানিৰ শাসনৰ প্রতি ক্ষুদ্ধ হৈ পৰিছিল।
(২) অর্থনৈতিক কাৰণঃ- ব্ৰিটিছসকলে ভাৰতত কোম্পানীৰ শাসনযোগে অর্থনৈতিক দিশত লুণ্ঠন কৰিছিল। ভাৰতৰ পৰা কেঁচা মালসমূহ কম দামত ক্রয় কৰি নিজ দেশলৈ নিছিল আৰু তেওঁলোকৰ দেশৰ প্রস্তুত বস্তুৰে ভাৰতৰ বজাৰ উপচাই পেলাইছিল। এইদৰে তেওঁলোকে কেৱল কৃষিজাত সামগ্ৰীৰে নহয় খনিজ সম্পদৰো গৰাকী হৈছিল।
(৩) সামাজিক কাৰণঃ- সামাজিক অসন্তুটিও বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল। কোম্পানীয়ে সতীদাহ, বাল্যবিবাহ, নৰবলি, শিশু কন্যাবধ আদিৰ বিৰোধিতা কৰিছিল। ৰক্ষণশীল ভাৰতীয় লোকসকলে ইয়াৰ আৰত কিবা অভিসন্ধি লুকাই আছে বুলি সন্দেহ কৰিছিল। ন্যায় বিচাৰৰ ক্ষেত্ৰতো বর্ণ বৈষম্যক প্রশ্রয় দিয়াৰ বাবেও ভাৰতীয় সকলৰ মনত ব্ৰিটিছ বিৰোধী মনোভাৱ গঢ়ি উঠিছিল।
(৪) এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনাঃ- এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনাক এই বিদ্ৰোহৰ প্রত্যক্ষ কাৰণ বুলি ক'ব পাৰি। এই ৰাইফলৰ কার্টিজ বা গুলীত এটা আৱৰণ আছিল আৰু ইয়াক দাঁতেৰে কামুৰি খুলিব লাগিছিল। এই আৱৰণটো কোমল কৰিৰাখিবলৈ তাত চর্বী সনা হৈছিল। কিছুমান বিদ্রোহী ভাৱাপন্ন চিপাহীয়ে এই চর্বী গৰু আৰু গাহৰিৰ বুলি সন্দেহ কৰি এটা জনৰৱ প্ৰচাৰ কৰাত এই আৱৰণটো দাঁতেৰে কামুৰিবলৈ হিন্দু আৰু মুছলমান চিপাহীসকলে অস্বীকাৰ কৰিছিল। এইদৰে তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰে।

35. চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ- চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল তলত উল্লেখ কৰা হ'ল-
(১) এই বিদ্ৰোহৰ ফলত ভাৰতত ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ শাসনভাৰ ব্রিটিছ চৰকাৰৰ হাতলৈ যায়। ভাৰতবৰ্ষত ব্রিটিছৰ শাসন প্রতিষ্ঠা কৰিবলৈ ১৮৫৮ খ্রীঃত ভাৰত চৰকাৰ আইন ৰচনা কৰা হয়।

(২) এই বিদ্ৰোহৰ কাৰণেই মহাৰাণীয়ে ঘোষণা-পত্র প্রকাশ পায়। এই ঘোষণাপত্ৰত উল্লেখ আছে কোম্পানি চৰকাৰৰ আমোলত সংঘটিত হোৱা সকলোবোৰ চুক্তি চৰকাৰে মানি চলিব আৰু ভাৰতত নতুনকৈ ৰাজ্য বিস্তাৰ নকৰে। ইয়াৰ বাহিৰে যোগ্যতাসম্পন্ন ভাৰতীয় লোকক চৰকাৰী চাকৰি প্ৰদান কৰাৰো আশ্বাস দিয়া হয়।
(৩) এই বিদ্ৰোহৰ ফলত ব্ৰিটিছসকলৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটে।
(৪) ১৯৫৭ খ্রীঃৰ বিদ্রোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে। চিপাহী বিদ্রোহৰ পিছত, ব্রিটিছ চৰকাৰৰ প্রত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্রমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্রদায়ৰ মনত আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত হৈছিল। আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্রহণ কৰা মূল নীতিটো আছিল 'ভাগ কৰা আৰু শাসন কৰা' (Divide and rule)।

36. 'ভাৰত চৰকাৰ আইন'ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ- (১) 'ভাৰত চৰকাৰ আইন' অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অর্থাৎ ৰাজপ্রতিনিধিৰ খিতাপ প্রদান কৰা হয়। এই আইনে ভাইচৰয় আৰু প্রাদেশিক মুৰব্বী (গৱৰ্ণৰ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগেত কোম্পানীৰ সামৰিক বাহিনী ব্রিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।
(২) ভাৰত সচিব আৰু ভাৰত-ব্রিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযোগ্য দফা আছিল।
(৩) ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত ১৮৫৮ খ্রীষ্টাব্দৰ ১ নবেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইৰয় লর্ড কেনিঙে নিজকে মহাৰাণী ভিক্টেৰিয়াৰ প্রতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত
শাসন প্রথমখন ঘোষণা-পত্র পাঠ কৰিছিল। এই ঘোষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল।
(৪) লৰ্ড কেনিঙে এই ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্রত উদাৰতা আৰু সহিষ্ণসুতা, আর্থিক ক্ষেত্ৰত সমতা প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়াৰ লগতে স্বত্ববিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবর্গৰ প্রতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্রদান কৰিছিল। বিদ্রোহৰ সময়ত কোম্পানী চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবর্গ আৰু কেইগৰাকীমান ব্রিটিছভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্রণ কৰি তেওঁলোকক পুৰস্কৃত কৰা হৈছিল।

37. লর্ড কেনিঙে সেনা বাহিনীৰ ক্ষেত্ৰত কি পৰিৱৰ্তন কৰিছিল? লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ-(১) লর্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে 'উডৰ শিক্ষা সংস্কাৰ আঁচনি'খন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।
(২) লর্ড কেনিঙে সেনা-বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধর্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্রিত ভাৰতীয় সেনা-বাহিনীৰ গোট গঠন কৰিছিল। নতুনকৈ গঠন হোৱা গোটটোত ভালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল।

38. ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ- ভাৰতীয় পৰিষদ আইনৰ গুণ দুটা হ'ল-
(১) এই আইনে পাঁচজনীয়া সদস্যৰ এখন 'কাৰ্যবাহী পৰিষদ' গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক 'কার্যবাহী পৰিষদ'ৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল। ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কবি পাৰিছিল।
(২) ভাইচৰয়ক কার্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূর্ণ কর্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লর্ড কেনিঙে পোন প্রথমে কেন্দ্রীয় কার্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলোকক নিজা নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল। ভাৰতীয় পৰিষদ আইনৰ দোষ দুটা হ'ল-
(১) এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাহজ, বিত্ত, প্রতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্রিটিছ-ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্রয়োজনমতে বিধানমণ্ডলত প্রস্তাৱিত আইন বা নতুন দিহা-পৰামৰ্শ উলংঘা কৰাৰো ক্ষমতা দিছিল।
(২) ভাৰতীয়ক পোন প্রথমবাৰ বিধামণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্রত্যক্ষ সহযোগিতা আশা কৰিছিল এক কথাত ক'বলৈ গ'লে ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাঁচটো তৈয়াৰ কৰিছিল।

39. ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা তিনিটা পৰিৱৰ্তন লিখা।
উত্তৰঃ- (১) লর্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ব শাসন ব্যৱস্থাত পোষকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যৱস্থা এনে এক পৰিৱর্তনৰ পোযকতা, কৰিছিল, য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ কৰাৰ সুবিধা থাকে।
(২) লর্ড ৰিপনে ১৮৮২ খ্রীষ্টাব্দত ঐতিহাসিক প্রস্তাৱ মর্মে প্রত্যেকটো মহকুমাত একোখনকৈ লোকেল ব'র্ড (আঞ্চলিক পৰিষদ) গঠন কৰে। প্রয়োজন অনুসৰি লোকেল ব'ৰ্ডৰ অধীনত থকা গ্রামাঞ্চলৰ লাটসমূহত একোখনকৈ প্রাথমিক ব'র্ড গঠনৰ ব্যৱস্থা কৰিছিল। লোকেল ব'র্ডৰ অধিকাংশ সদস্যক নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।
(৩) লর্ড ৰিপনে স্বায়ত্ব শাসনৰ প্ৰস্তাৱসমূহ সমগ্র ভাৰতবৰ্ষতে কার্যকৰী কৰিবলৈ নির্দেশ দিছিল। তেওঁৰ এই নির্দেশসমূহ প্রদেশসমূহৰ মুখ্য শাসনকর্তাসকলে দুই ধৰণে কার্যকৰী কৰিছিল। কিছুমান প্রদেশত জিলা পর্যায়ত আৰু কিছুমান প্রদেশত মহকুমা পৰ্যায়ত লোকেল ব'র্ডসমূহ গঠন কৰিছিল। উল্লেখ্য যে অসমত মহকুমা পর্যায়ত লোকেল ব'র্ডসমূহ গঠন হৈছিল।

40. কোনজন ভাৰতীয় ব্যক্তিয়ে কোন চনত প্রথম ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিছিল? অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এইসেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ- ১৮৬৪ চনত সত্যেন্দ্র নাথ ঠাকুৰে লোকসেৱাৰ পদবী লাভ কৰিছিল।
    ভাৰতীয় শিক্ষিত লোকসকলে লোকসেৱাৰ পদবীত অন্তর্ভূক্ত হোৱাৰ বাবে আগ্রহ প্রকাশ কৰাত উনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবীত নিযুক্তি দিয়া ব্যৱস্থা কৰা হৈছিল। ১৭৯৩ খ্রীষ্টাব্দৰ নিয়ন্ত্রণকাৰী আইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবিসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলবৎ কৰা হৈছিল।
    ১৮৩৩ খ্রীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নির্ধাৰণৰ ব্যৱস্থা ল'বলৈ নির্দেশ দিছিল। ১৮৩৩ খ্রীষ্টাব্দত ডেপুটি মেজিষ্ট্রেট আৰু ১৮৪৩ খ্রীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল।
    ১৮৫৩ খ্রীষ্টাব্দত চনদে লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল।
    ১৮৬৫ খ্রীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সর্বোচ্চ বসয়ৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্রীষ্টাব্দত এই সর্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল বাবে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ১৮৬৪ খ্রীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্র নাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল। ১৮৭১ খ্রীষ্টাব্দত তিনিজন ভাৰতীয় ক্রমে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়, ৰমেশ চন্দ্র দত্ত আৰু বিহাৰী লাল গুপ্তই এই পৰীক্ষাত কৃতকার্য হৈছিল। ১৮৭২ খ্রীষ্টাব্দত শ্রীপদ বাবাজী ঠাকুৰ আৰু আনন্দৰাম বৰুৱাই এই পৰীক্ষাত কৃতকার্যতা লাভ কৰিছিল।
    লর্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবি অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবিসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইংলেণ্ডৰ চৰকাৰে ভাৰত সচিব আৰু ভাই চৰয়ৰ অনুমতি সাপেক্ষে এই পদবিসমূহত ভাৰতীয়ক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল। ভাইচৰয় লর্ড লিটনে নিজাকৈ পদবিসমূহৰ বাবে উচ্চবংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নির্দেশ দিছিল। কিন্তু উচ্চ শ্রেণীভূক্ত ভাৰতীয়ক আকর্ষণ কৰিব নোৱাৰাত গোটেই ব্যৱস্থাটো কার্যকৰী কৰিব পৰা নাছিল।

41. ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য লিখা।
উত্তৰঃ- (১) ব্রিটিছৰ অধীনত ভাৰতত লোকসেৱা আয়োগৰ পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল সেই বাবে নগণ্য সংখ্যক ভাৰতীয়ই এই পৰীক্ষাত অংশ ল'ব পাৰিছিল। কিন্তু স্বাধীনতাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ বাবে বহুতো উপকাৰ হৈছে।
(২) ব্রিটিছৰ অধীনত সৰ্বভাৰতীয় পর্যায়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। কিন্তু স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষত সৰ্বভাৰতীয় আৰু প্রাদেশিক উভয় পর্যায়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।
(৩) ব্রিটিছৰ অধীন ভাৰতীয় লোকসেৱাৰ পদ এক যষ্ঠাংশ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল। তাৰোপৰি লর্ড লিটনে নিজাকৈ পদবিসমূহৰ বাবে উচ্চ বংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নির্দেশ দিছিল। আনহাতে স্বাধীন ভাৰতত ইংৰাজৰ কাৰণে কোনো ধৰণৰ পদ উচ্চ বংশৰ কাৰণে সংৰক্ষিত কৰা হোৱা নাই।

42. চিপাহী বিদ্রোহ বিফল হোৱাৰ চাৰিটা কাৰণ লিখ।
উত্তৰঃ- ১৮৫৭ খ্রীষ্টাব্দত চিপাহী বিদ্রোহ বিফল হোৱাৰ কাৰণসমূহ ঐতিহাসিক সকলে এনেদৰে নির্ণয় কৰিছে-
(ক) এই বিদ্রোহ সীমতি অঞ্চলতহে বিয়পি পৰিছিল। এই বিদ্রোহ উত্তৰ ভাৰতত হৈছিল যদিও দক্ষিণ ভাৰতত ইয়াৰ ব্যাপকতা সীমাবদ্ধ আছিল।
(খ) বিদ্রোহীসকলৰ কোনো সর্বভাৰতীয় নেতা নাছিল।
(গ) চি পাহীসকলৰ বিদ্রোহৰ প্ৰতিজন সমর্থন সীমিত আছিল।
(ঘ) ভাৰতৰ পূৰণিকলীয়া সমৰ কৌশলো এই বিদ্রোহ বিফল হোৱাৰ এটা প্রধান কাৰণ। কিয়নো ভাৰতৰ সমৰ কৌশলে ব্রিটিছৰ সমৰ কৌশলৰ লগত ফেৰ মাৰিব পৰা নাছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »