-->

ভাৰতবৰ্ষৰ ভূগোল । Geography of India in Assamese

ভাৰতবৰ্ষৰ ভূগোল । Geography of India


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. দক্ষিণ পশ্চিম মৌচুমী বতাহ কোন সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সোমায়—
(ক) বঙ্গোপ সাগৰৰ     (খ) ভূমধ্য সাগৰৰ
(গ) আৰৱ সাগৰৰ     (ঘ) কৃষ্ণ সাগৰৰ
উত্তৰঃ- (গ) আৰৱ সাগৰৰ।

2. মাটিকালি হিচাপত ভাৰতবৰ্ষ পৃথিৱীৰ বৃহত্তম ৰাষ্ট্র—
(ক) চতুর্থ         (খ) পঞ্চম
(গ) ষষ্ঠ         (ঘ) সপ্তম উত্তৰঃ-
(ঘ) সপ্তম

3. আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জৰ ৰাজধানী—
(ক) আগৰতলা     (খ) কহিমা
(গ) পোর্টব্লেয়াৰ     (ঘ) গেংটক
উত্তৰঃ- পোর্টব্লেয়াৰ।

4. ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ জনহবহুল ৰাজ্য হ'ল-
(ক) অসম         (খ) উত্তৰ প্ৰদেশ
(গ) মধ্যপ্রদেশ     (ঘ) মহাৰাষ্ট্র উত্তৰঃ-
(খ) উত্তৰ প্ৰদেশ।
5. পূর্ব-পশ্চিমাকৈ হিমালয়ৰ দৈর্ঘ্য কিমান?
উত্তৰঃ- ২,৫০০ কিঃমিঃ।

6. মণিপুৰত থকা হ্রদটোৰ নাম কি?
উত্তৰঃ- লগ্‌টক।

7. ভাৰতবৰ্ষৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন?
উত্তৰঃ- লাক্ষাদ্বীপ।

8. হিমালয় পর্বতমালা কোন যুগত সৃষ্টি হৈছিল আৰু ই প্রথমতে কি আছিল?
উত্তৰঃ- হিমালয় পর্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল। এই পর্বতমালা প্রথমতে এখন সাগৰ আছিল।

9. দাক্ষিণাত্য মালভূমি অঞ্চলৰ দুটা পৰ্বতৰ নাম লিখা।
উত্তৰঃ- (১) বিন্ধ্য (2) মহাদেৱ।

10. ভাৰতৰ দুখন নদীৰ নাম লিখা।
উত্তৰঃ- (১) গংগা আৰু (2) ব্রহ্মপুত্র।

11. ভাৰতবর্ষ পৃথিৱীৰ কোনটো গোলার্ধত অৱস্থিত?
উত্তৰঃ- ভাৰতবর্ষ পৃথিৱীৰ উত্তৰ গোলার্ধত অৱস্থিত।

12. ভাৰতবৰ্ষৰ জলবায়ুৰ ভিন্নতাৰ কাৰক তিনিটা কি কি?
উত্তৰঃ- ভাৰতবৰ্ষৰ জলবায়ুৰ ভিন্নতাৰ কাৰক তিনিটা হ'ল-
(১) দেশখনৰ বিশালতা
(২) বিষুৱৰ পৰা দূৰত্ব।
(৩) মৌচুমী বায়ু।

13. জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- জনপ্রব্রজন দুই প্রকাৰৰ। যেনে- বাহ্যিক প্রব্রজন আৰু আভ্যন্তৰীণ প্রব্রজন।

14. ভাৰতক কিয় নদীমাতৃক দেশ বুলি কোৱা হয়?
উত্তৰঃ- নদ-নদীৰ ক্ষেত্ৰত ভাৰত এখন লেখত ল'বলগীয়া দেশ। ভাৰতত গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য নদী থকাৰ উপৰিও আন ভালেমান ডাঙৰ নদী আছে। সেয়েহে ভাৰতক নদীমাতৃক দেশ বুলি কোৱা হয়।

15. ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ- ভাৰতৰ অর্থনীতি প্রধান বৈশিষ্ট্যসমূহ হৈছে—
(১) নিম্ন জনমূৰি আয়
(২) জনমুৰি আয়ৰ মন্থৰ বৃদ্ধি
(৩) অত্যাধিক জনসংখ্যাৰ চাপ
(৪) দাৰিদ্ৰত
(৫) কৃষি নিৰ্ভৰশীলতা
(৬) বর্ধিত নিবনুৱা সমস্যা
(৭) পৰিকল্পনা ভিত্তিক উন্নয়নন।

16. দক্ষিণ ভাৰতৰ নদীবোৰ নাব্য নহয় কিয়?
উত্তৰঃ- দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্রোতা। সেয়েহে এই নদীবোৰ নাব্য নহয়|

17. ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা কি কি?
উত্তৰঃ- ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা হ'ল- আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, দাদ্ৰা আৰু নগৰ হাভেলী, ডমন আৰু ডিউ, লাক্ষাদ্বীপ, পণ্ডিচেৰী।

18. পভাৰতৰ বৰ্তমান ৰাজ্য কেইখন?
উত্তৰঃ- ২৮ খন।

19. ভাৰতৰ উপকূল ৰেখাৰ দৈর্ঘ্য কিমান?
উত্তৰঃ- ভাৰতীয় উপকূলৰেখাৰ দৈর্ঘ্য ৬,১০০ কিলোমিটাৰ।

20. ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?
উত্তৰঃ- ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য ১৫,২০০ কিলোমিটাৰ।

21. ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি কিমান?
উত্তৰঃ- তেলেংগানা। ইয়াৰ মাটিকালি ১,১৪,৮৪০ বর্গ কি.মি.।

22. আভ্যন্তৰীণ প্রব্রজন কেই ভাগত বিভক্ত আৰু কি কি?
উত্তৰঃ- আভ্যন্তৰীণ প্ৰব্ৰজন দুটা ভাগত বিভক্ত-
(১) আন্তঃৰাজ্যিক প্রব্রজন (2) ৰাজ্যৰ আভ্যন্তৰীণ প্রব্রজন।

23. জনপ্ৰব্ৰজন কাক বোলে?
উত্তৰঃ- মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইপৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলা হয়।

24. অধিক জনপ্ৰব্ৰজনৰ পৰা হোৱা তিনিটা প্রধান সমস্যা লিখা।
(নাইবা)
জন প্ৰব্ৰজনৰ পৰা সৃষ্টি হোৱা চাৰিটা প্ৰভাৱ লিখা।
উত্তৰঃ- (১) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধর্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে।
(২) প্ৰব্ৰজনকাৰী সকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে।
(৩) প্ৰব্ৰজনৰ ফলত দেশৰ অর্থনৈতিক খণ্ডৰ পৰিৱর্তন হৈছে আৰু বেপাৰ-বাণিজ্যৰ প্ৰসাৰ ঘটিছে।
(৪) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধর্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

25. তলত দিয়া প্রদেশকেইখনৰ ৰাজধানীৰ নাম লিখা।
বিহাৰ, গুজৰাট, কর্ণাটক, মণিপুৰ
    ৰাজ্যৰ নাম        ৰাজধানীৰ নাম
    বিহাৰ                পাটনা
    গুজৰাট            গান্ধীনগৰ
    কর্ণাটক            বাঙ্গালুৰু
    মণিপুৰ            ইম্ফল

26. ভাৰতত অনুভূত হোৱা চাৰিটা প্রধান ঋতুৰ নাম লিখা।
উত্তৰঃ- (১) শীতকাল (২) প্রাক্‌ বর্ষাকাল
(৩) বর্ষাকাল আৰু (8) প্রাক্‌ শীতকাল।

27. ভাৰতৰ অর্থনীতিত কৃষিখণ্ডৰ তিনিটা গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ- (১) দেশীয় আয়ৰ সৰ্বাধিক অংশ কৃষিখণ্ডই আগবঢ়াইছে।
(২) দেশৰ কর্মক্ষম লোকৰ ৬০ শতাংশতকৈয়ো অধিক লোক কৃষিখণ্ডত নিয়োজিত হৈ আছে।
(৩) দেশখনৰ জনসাধাৰণে খাদ্য আহৰণৰ বাবে কৃষিখণ্ডৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়।

28. হিমালয় পর্বত আগুৰি থকা ঠাইখনত বহু নিযুত বছৰ আগতে এখন সাগৰ আছিল। সাগৰখনৰ নাম কি?
উত্তৰঃ- টেথিছ সাগৰ।

29. টেথিছ সাগৰে পৃথক কৰা ভূ-খণ্ড দুখন কি আছিল?
উত্তৰঃ- (১) উত্তৰৰ আঙ্গাৰালেণ্ড (২) দক্ষিণৰ গণ্ডোৱানালেণ্ড।

30. উপকূল অঞ্চলৰ তিনিটা হ্রদৰ নাম লিখা।
উত্তৰঃ- উপকূল অঞ্চলৰ হ্রদ তিনিটাৰ নাম হ'ল-
(১) চিল্‌কা হ্রদ (২) কোলাৰ হ্রদ (৩) পলিকট হ্রদ

31. ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি? যিকোনো এটা ভূ-প্রাকৃতিক ভাগৰ বৰ্ণনা দিয়া।
উত্তৰঃ- ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা হ'ল ক্রমে-
(১) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল
(২) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (৩) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু
(৪) উপকূল অঞ্চল।
    উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃ- হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্রধান নদী- সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। সিন্দু নদীৰ উপনৈ বিশেষকৈ শতদ্রু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পাঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা কৰি সাৰুৱা সমতলভূমি গঠিত হৈছে। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা বাবে ইয়াত জনবসতি ঘন। এই সমভূমি অঞ্চলটোৰ মাটিকালি ১.৭৫ লাখ বর্গ কিলোমিটাৰ। আনহাতে হিমালয়ৰ পৰা উৎপত্তি হোৱা গঙ্গা নদী আৰু ইয়াৰ উপনৈসমূহে এখন বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে। গঙ্গা নদী উচ্চ হিমালয়ৰ গঙ্গোত্রী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাজেৰে বৈ বাংলাদেশৰ মাজেৰে বংগোপসাগৰত পৰিছেগৈ। হিমালয় পার্বত্য অঞ্চল এৰি শীতকালত মৌচুমী বতাহ বলে। গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রবাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পাই ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰ এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ-পূর্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মোঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।
    আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূৰ দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে। উত্তৰৰ হিমালয় পর্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্রচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু, এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে। জলীয় ভাপযুক্ত এই বতাহ আহি যেতিয়া পূর্বঘাট পর্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কমণ্ডল উপকূলত বৰষুণ হয়।

32. ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
উত্তৰঃ- ভাৰতবৰ্ষৰ বৰষুণ প্ৰধানকৈ নিৰ্ভৰ কৰিছে মৌচুমী বতাহৰ ওপৰত। মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে খেতি-বাতি ভাল হয়। অৱশ্যে এই ক্ষেত্ৰত উত্তৰ-পূব মৌচুমীতকৈ দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱ যথেষ্ট বেছি কাৰণ, দক্ষিণ পশ্চিম মৌচুমীৰ বাবেই দেশখনত প্ৰচুৰ বৰষুণ হয়। অৱশ্যে বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়।
    উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেৰ্ঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পর্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয় (বার্ষিক গড়ে ৩০০ চে.মি.) অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। এই অঞ্চলটোত বার্ষিক গড় বৰষুণৰ পৰিমাণ ৪০০ চে.মি. তকৈ বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেন্টিমিটাৰৰো কম বৰষুণ হয়। উল্লেখযোগ্য যে, থৰ মৰুভূমিৰ কোনো কোনো ঠাইত বৰষুণ নিচেই কম অর্থাৎ ২০ চেণ্টিমিটাৰৰো কম। ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয়। এই অঞ্চলত বৰষুণ ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চে.মি.ৰ ভিতৰত আকৌ ব্রহ্মপুত্র সমভূমিক ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। এই অঞ্চলত বৰষুণৰ বার্ষিক গড় ১০০ চে.মি.ৰ পৰা ২০০ চে.মি. পর্যন্ত।

33. ভাৰতৰ পাবর্ত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ- উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট প্রভাৱ আছে। কিয়নো উচ্চতা আৰু পর্বত-পাহাৰৰ ঢাল অনুসৰি বৰষুণ, উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে। সেইবাবেই পার্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায়। ভাৰতৰ হিমালয় অঞ্চলতো উচ্চতাভেদে বিভিন্ন শ্রেণীৰ উদ্ভিদ পোৱা যায়।
ভাৰতৰ পার্বত্য উদ্ভিদৰ বৈশিষ্ট্যবোৰ হ'ল—
(১) যিবিলাক ঠাই গড়ে ১০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত তেনে ঠাইত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ পোৱা যায়। সেই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়।
(২) যিবিলাক ঠাইত ১,০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতা তেনেকুৱা ঠাইত বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলৰ অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়।
(৩) ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত সৰল গছৰ অৰণ্য আছে। এনেকুৱা উদ্ভিদ কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল, দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »