-->

অসমৰ ভূগোল । Assam Geography in Assamese

 অসমৰ ভূগোল । Geography of Assam । Assam Geography


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
1. দুপ্রাপ্য বনৰীয়া ঘোঁৰা পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান-
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(খ) মানস ৰাষ্ট্ৰীয় উদ্যান
(গ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
(ঘ) ডিব্রু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ- (ঘ) ডিব্রু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

2. অসমৰ মুঠ জিলাৰ সংখ্যা–
(ক) ২৯ খন     (খ) ২৭ খন
(গ) ৩৩ খন     (ঘ) ২৮ খন।
উত্তৰঃ- (গ) ৩৩ খন।

3. কোন চনত দিছপুৰ অসমৰ ৰাজধানী হয়।
উত্তৰঃ- ১৯৭৩ চনত।

4. মাটিকাল হিচাপে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি?
উত্তৰঃ- কামৰূপ মহানগৰ জিলী।

5. অসমৰ সর্ববৃহৎ জিলাখনৰ নাম কি?
উত্তৰঃ- কাৰ্বি আংলং।

6. অসমত সর্বোচ্চ জনসংখ্যা থকা জিলা কোনখন?
উত্তৰঃ- নগাওঁ ।

7. ২০১১ চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ মাটি কালি কিমান? কোন দুটা কাৰকে মাজুলীৰ জনজীৱনৰ অৱনতি ঘর্টইছে?
উত্তৰঃ- মাজুলীৰ মাটি কালি ৪২২ বর্গ কিঃমিঃ।
    বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ জনজীৱনৰ অৱনতি ঘটাইছে।

8. অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ- অসমৰ ভূ-প্রাকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি-
(১) ব্রহ্মপুত্র উপত্যকা     (২) বৰাক উপত্যকা
(৩) কার্বি মালভূমি আৰু     (৪) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

9. বৰাক নৈ বৈ যোৱা অসমৰ জিলাকেইখনৰ নাম লিখা।
উত্তৰঃ- বৰাক নদীখনে অসমত পূৱৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্রায় ২২৫ কিঃমিঃ দূৰত্ব বৈ গৈছে।

10. ব্রহ্মপুত্র উপত্যকাৰৰ ভূ-প্রাকৃতিক অঞ্চলকেইটা কি কি?
উত্তৰঃ- সমগ্র ব্রহ্মপুত্র উপত্যকাটোক উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা ভূ-প্রাকৃতিক অঞ্চলত ভগাব পাৰি। ভাগকেইটা হ'ল-
(১) উত্তৰৰ পাদদেশ অঞ্চল
(২) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ সমভূমি অঞ্চল
(3) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল
(৪) দক্ষিণৰ পাদদেশ অঞ্চল।

11. ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰিখনকৈ প্ৰধান উপনৈৰ নাম লিখা।
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাৰিখন উপনৈ হৈছে—
(১) সোৱণশিৰি (২) ডিক্রং (৩) পুঠিমাৰী (৪) পাগলাদিয়া।
সেইদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চাৰিখন উপনৈ হৈছে—
(১) বুঢ়ীদিহিং (২) দিছাং (৩) ভোগদৈ (৪) ধনশ্রী।

12. অসমৰ দুটা বৰ্ষাৰণ্য অঞ্চলৰ নাম উল্লেখ কৰা।
উত্তৰঃ- (১) অৰুণাচল প্রদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা আৰু
(২) তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ।

13. অসমৰ জলবায় কোন প্রকাৰৰ জলবায়ুৰ অন্তগত? ইয়াৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ- অসমৰ জলবায়ু উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল-
(১) অসমৰ গ্রীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়।
(২) গড় হিচাপে অসমৰ বায়ুমণ্ডলৰ উচ্চতা শীতকালত ৭° চেন্টিগ্রেড আৰু গ্রীষ্মকালত ৩৫° চেন্টিগ্রেড পর্যন্ত হয় ৰাজ্যখনত গড় হিচাপে প্রায় ২০০ চে.মি. বৰষুণ হয়।
(৩) অসমত বর্ষাকালটোৱেই প্ৰকৃততে মৌচুমী কাল। জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে। অসমৰ বছৰি মুঠ বৰষুণৰ প্রায় ৭০ শতাংশ বৰষুণ এই সময়ছোৱাতে হয়।

14. পর্ণপাতী উদ্ভিদ কাক বোলে? দুটা উদাহৰণ দিয়া।
উত্তৰঃ- শীতকালত পাতসৰা উদ্ভিদকে পর্ণপাতী উদ্ভিদ বোলে। দুটা পর্ণপাতী উদ্ভিদ হ'ল-
(১) আমলখি আৰু (২) শাল।  

15. অসমৰ সীমামূৰীয়া দুখন বিদেশী ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ- (১) ভূটান আৰু (২) বাংলাদেশ।

16. অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।
উত্তৰঃ- অসমৰ সর্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল– উত্তৰ লখিমপুৰ (৩৩৫ চে.মি)। সর্বনিম্ন বৰষুণ হোৱা ঠাইখন হ'ল লামডিং (১২৯ চে.মি.)

17. ক্রান্তীয় চিৰসেউজীয়া অৰণ্যক কিয় 'বৰ্ষাৰণ্য' বুলি কোৱা হয়?
উত্তৰঃ- বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেঃমিঃ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক ক্রান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য বুলি কোৱা হয়।

18. অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ- অসমৰ অৰণ্য সমূহক পাঁচটা ভাগত ভগাব পাৰি।
(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য
(খ) ক্রান্তীয় অর্ধচিৰ সেউজীয়া অৰণ্য
(গ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য
(ঘ) নৈপৰীয়া অৰণ্য আৰু
(ঙ) ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্য।

19. ব্রহ্মপুত্র উপত্যকাৰ চাৰিসীমা লিখা।
উত্তৰঃ- ব্রহ্মপুত্ৰৰ উত্তৰ আৰু পূব দিশত আছে পুব হিমালয়ৰ পর্বত শ্ৰেণী আৰু দক্ষিণ দিশত আছে নগা পর্বত, কাৰ্বি আৰু মেঘালয় মালভূমি। পশ্চিম দিশত পশ্চিমবংগ আৰ বাংলাদেশৰ সমভূমিৰ লগত মিলিত হৈছে।

20. অসমৰ চিৰসেউজীয়া অৰণ্যত পোৱা দুবিধ গছৰ নাম লিখা।
উত্তৰঃ- (১) হোলোং আৰু (২) শলখ।

21. ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উত্তৰঃ- ব্রহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত। ইয়াত মাজে-সময়ে অথবা সঘনে বানপানী হয়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু
নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্রাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে। আনহাতে, দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশ্রী, কলং-কপিলী আৰু কুলশী নৈৰ মোহনা অঞ্চলত কিছু বল হৈছে।
    ব্রহ্মপুত্র নদীৰ পুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্রিয় প্লাৱনভূমি বুলি ধৰা হয়। ব্রহ্মপুত্র নদীখন অসমত গড়ে প্রায় ৬ৰ পৰা ৮ কিলোমিটাৰ পর্যন্ত বহল। ব্ৰহ্মপুত্ৰৰ বুকুত প্রায় ৬০০ৰো অধিক সৰু-বৰ অকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণ প্রক্রিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। পৃথিৱীৰ ভিতৰতে নতুনকৈ গঠন হোৱা ব্রহ্মপুত্ৰৰ বুকুত বৃহৎ নদী-দ্বীপ মাজুলী অৱস্থিত বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপর্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈছে।

21. পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? ই ক'ত অৱস্থিত?
(নাইবা) মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পর্কে লিখা।
উত্তৰঃ- ব্রহ্মপুত্র নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত। নদীখনৰ বুকুত প্রায় ৬০০ ৰো অধিক সৰু-বৰ আকাৰৰ বালিচৰ আছে। নদীৰ বুকুত চলি থকা খনন, পৰিহবহণ আৰু অৱক্ষেপন প্রক্রিয়া উপৰিও বানপানীৰ প্ৰভাৱত এই চুৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ আছে । এইদৰে কালক্ৰমত। ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ গঠন হোৱা নদী দ্বীপ মাজলী সড হৈছে। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদী-দ্বীপ বুলি জনাজাত ২০১১ চনৰ লোকপিয়ল অনুসৰি ১.৬৮ লাখ জনসংখ্যাৰ বসতি স্থল মাজুলীয়ে ৪২২ বর্গকিলোমিটাৰ মাটিকালি জুৰি আছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপর্যস্ত কৰি পেলাইছে। ব্রহ্মপুত্র নদীৰ গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি হ্রাস হৈ গৈ আছে।

22. বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
(নাইবা)
বৰাক নদীৰ চাৰিখন উপনৈৰ নাম লিখা।
উত্তৰঃ- বৰাক উপত্যকাৰ উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পার্বত্য জিলাৰ বৰাইল পর্বতৰাশি আছে পূবফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পর্বত অৱস্থিত। পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুছিয়া-সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে।
    ব্ৰহ্মপুত্র উপত্যকাৰ দৰে বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্রায় ২২৫ কিলোমিটাৰ দূৰত্ব বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায় ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূর্ব দিশত পর্বতে আগুৰি আছে।
    বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহৰ ভিতৰত চিৰি, দিক্‌চা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং আদিয়েই প্রধান। ইয়াৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ ভিতৰত সোণাই, ধলেশ্বৰী-কাটাখাল, চিংলা আৰু লেংগাই অন্যতম।  

23. বৰাইল আৰু দক্ষিণৰ পর্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ, বর্ণনা কৰা।
উত্তৰঃ- নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পর্বতে প্রকৃততে পূবৰ নগা আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে। এই পর্বতে উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্রহ্মপুত্র উপত্যকাৰ অন্তর্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ কিছু চাপৰ।

24. গ্রীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ- অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত, বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলো সময়তে অত্যাধিক আর্দ্রতা আৰু তুলনামূলভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্র্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্র্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি, আৰব সাগৰ, বঙ্গোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্র মৌচুমী বায়ুপ্রবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলো অংশতে একে নহয় গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্রম কৰি ব্ৰহ্মপুত্র উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণ দিয়ে। ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ হয় অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু ইয়াৰ লগত অহা জলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। পাহাৰ অনুবাত ঢালত বিশেষকৈ কার্বি পাহাৰৰ পূবফালে। তথা ডিমা হাছও পাহৰৰ উত্তৰ আৰু পূর্বফালে ৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস পায়। ইয়াৰ প্ৰভাৱত নগাঁও জিলাৰ দক্ষিণ অংশত বৰষুণ কম হয়।

25. অসমৰ চাৰিটা জলবায়বীয় ঋতু কি কি? ইহঁতৰ বৈশিষ্ট্যসমহ লিখা।
উত্তৰঃ- বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পার্থক্যৰ ওপৰত ভিত্তি কৰি অসমত প্রদানকৈ চাৰিটা ঋতু পোৱা যায়। এই ঋতুকেইটা হ'ল-
প্রাক্‌ মৌচুমী কালঃ অসমত প্ৰাক্‌ মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে বিৰাজ কৰে প্রাক্‌ মৌচুমী কালৰ সময়ছোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে। মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে।
মৌচুমী কালঃ অসমত সাধাৰণতে মৌচুমাকাল জুন মাহৰ আৰম্ভণিৰ পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। অসমত এইটোৱেই বর্ষাকাল। এই সময়ছোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় আবৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৰষুণ হয়। এই মৌচুমীকালতে অসমৰ প্রধান খেতি শালি ধান ৰোপণ কৰা হয়।
প্রত্যাৱৰ্তিত মৌচুমী কালঃ চেপ্তেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে। অর্থাৎ এই সময়ত বর্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতাআৰু বৃষ্টিপাত হ্রাস হয়। উষ্ণতা হ্রাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে সেয়ে বায়ু প্রবাহ সম্পূর্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ বয়। ইয়াকে উত্তৰ-পূর্ব মৌচুমী প্রবাহ বা প্রত্যাৱর্তিত মৌচুমী বতাহ বোলা হয়। সাধাৰণতে অক্টোবৰ আৰু নবেম্বৰ এই দুমাহৰ বাবে অসমত প্রত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে। এই সময়চোৱাত উষ্ণতা হ্রাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলি পৰে।
শুষ্ক শীতকালঃ- অসমত ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল। অসমত শীতকাল বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা (১০° ছেণ্টিগ্রেডৰ তললৈ), পুৱাৰ ভাগত ঘন কুঁৱলি আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়েহে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়।

26. অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?
উত্তৰঃ- অসমৰ সকলো ঠাইতে উষ্ণতা একে নহয়, তাৰোপৰি চাপৰ তাৰতম্যৰ কাৰণে সকলো ঠাইতে সমান পৰিমাণে বৰষুণ নহয়। ঋতু পৰিৱর্তনৰ লগে লগে তাপ আৰু চাপৰ তাৰতম্য হয়। তাপ বা উষ্ণতা য'ত বেছি হয় সেই ঠাইতে বৰষুণ হয়। উদাহৰণস্বৰূপে অসমত যেতিয়া গ্রীষ্মকাল হয় তেতিয়া সেইবোৰ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়। সেইদৰে শীতকালটো শুকান আৰু প্রায় সকলো সময়তে অত্যাধিক আৰ্দ্রতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে গতিকে সেই সময়ত আকাশ ফৰকাল আৰু শুকান বতৰ হোৱা বাবে বৰষুণ হোৱা প্রায় দেখা নাযায়।

27. অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- অসমৰ বৰষুণ স্থানিক বিতৰণ সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ'ল-
    অসমত গড় হিচাপে শীতকালত উষ্ণতাৰ পৰিমাণ প্রায় ৭° ছেণ্টিগ্রেড আৰু গ্রীষ্মকালত ৩৫° ছেন্টিগ্রেড পর্যন্ত হয়। ৰাজ্যখনত বছৰি গড় হিচাপে প্রায় ২০০ ছেণ্টিমিটাৰ বৰষুণ হয়। অৱশ্যে বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্রকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পার্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লক্ষিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ ছেণ্টিমিটাৰকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ কেৱল ১২৯ ছেণ্টিমিটাৰ।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »