-->

ভূ-পৃষ্ঠৰ পৰিৱর্তন । changes of Earth's Surface

 ভূ-পৃষ্ঠৰ পৰিৱর্তন
Changes of Earth's Surface


শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-
1. পথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য হ'ল-
(ক) ০.৪ নিযুত কি.মি.     (খ) ০.৫ নিযুত কি. মি.
(গ) ০.৩ নিযুত কি. মি.     (ঘ) ১.৫ নিযুত কি. মি.

উত্তৰঃ- (খ) ০.৫ নিযুত কি.মি.।

2. ইনছেলবার্গ শব্দটো লোৱা হৈছে—
(ক) ইংৰাজী ভাষাৰ পৰা         (খ) জার্মান ভাষাৰ পৰা
(গ) ৰাছিয়ান ভাষাৰ পৰা         (ঘ) হিন্দী ভাষাৰ পৰা

উত্তৰঃ-(খ) জার্মানী ভাষাৰ পৰা।

3. ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা আভ্যন্তৰীণ প্রক্রিয়া হ'ল-
(ক) বতাহ         (খ) সাগৰৰ ঢৌ
(গ) ভূমিকম্প        (ঘ) সৌৰ শক্তি।

উত্তৰঃ- (গ) ভূমিকম্প।

4. পৃথিৱীৰ উপৰিভাগত থকা জলভাগৰ পৰিমাণ কিমান?
উত্তৰঃ- ৭১ শতাংশ।

5. সমুদ্রগৰা কাক বোলে?
উত্তৰঃ- উপকূলভাগ গ্রেনাইট, বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাত ক্রিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্রগৰা বুলি কোৱা হয়।

6. ভূ-পৃষ্ঠৰ পৰিবৰ্তন বুলিলে কি বুজা?
উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰিৱৰ্তন বুলিলে সাধাৰণতে পৃথিৱীৰ জন্মৰ পিছৰেপৰা আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ ফলত ভূপৃষ্ঠত হোৱা নানা পৰিৱৰ্তনকে বুজায়।

7. হিমবাহৰ অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা দুটা অবয়ৱ উল্লেখ কৰা।
উত্তৰঃ- (১) এস্কাৰ আৰু (২) দ্রামলিন।

8. উপকুল ৰেখা কাক বোলে?
উত্তৰঃ- মহাদেশ আৰু মহাসাগৰবোৰৰ সংযোগ স্থল এডাল একা-বেঁকা দীঘল ৰেখাৰ দৰে। এই ৰেখাক উপকূল ৰেখা বুলি কোৱা হয়।

9. "ইয়াৰদাং" সৃষ্টি কি কাৰ্য্যৰ ফলত হয়?
উত্তৰঃ- অপঘর্ষণ কার্যৰ ফলত হয়।

10. পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ- 0.5 নিযুত কিল'মিটাৰ।

11. এটা বতাহজনিত দুর্যোগৰ নাম লিখা।

উত্তৰঃ- টাইফুন।

12. ইয়াৰদাং কি?
উত্তৰঃ- সাধাৰণতে অপঘষণৰ ফলতেই উচ্চভূমি ক্ষয়প্রাপ্ত হৈ ইয়াৰদাৰ সৃষ্টি হয়।

13. সাগৰৰ ঢৌৱে কি দুটা অৱয়বৰ সৃষ্টি কৰে?

উত্তৰঃ- (১) উপকূল ৰেখা আৰু (২) থিয়গৰা।

14. হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- হিমবাহ প্রধানকৈ দুই প্রকাৰৰ-
(১) মহাদেশীয় হিমবাহ আৰু
(২) পার্বত্য বা উপত্যকা হিমবাহ।

15. গ্রাব কেইপ্রকাৰৰ? যিকোনো দুটা গ্রাবৰ বর্ণনা কৰা।
উত্তৰঃ-গ্রাব চাৰি প্ৰকাৰৰ।
পার্শ্বগ্রাবঃ- হিমবাহৰ দাঁতিয়েদি উটি অহা গ্রাবক পার্শ্বগ্রাব বোলে।
প্রান্তগ্রাবঃ- উচভূমিৰ পৰা নামি আহি নামনিৰ য'ত হিমবাহ গ'লে তাতে গধুৰ গ্ৰাববোৰ জমা হ'বলৈ ধৰে। হিমবাহৰ শেষ সীমাত জমা হোৱাৰ বাবে এনে গ্রাবক প্রান্ত গ্রাব বোলে।

16. ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰে (জলভাগ) গঠিত। ইয়াৰে ৭১ শতাংশ জলভাগে আৰু বাকী ২১ শতাংশ স্থলভাগে আগুৰি আছে। মহাদেশখকেইখনৰ ভিতৰ ভাগত সমভূমি, পাহাৰ-পর্বত, মালভূমি, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, গভীৰ খাত, পাহাৰৰ লানি, প্রবাল প্রাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপপা দেখা যায়।
    ভূ-পৃষ্ঠ আৰু মহাসাৰৰ তলিৰ এইবোৰ অবয়ৱ যুগ যুগ ধৰি চলি অহা কিছুমান প্রক্রিয়া বা ক্রিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অবয়ৱবোৰৰ পৰিৱর্তন ঘটে।

17. ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ দুটা আভ্যন্তৰীণ কাৰক লিখা। ভূ-পৃষ্ঠৰ পৰিৱর্তন কিয় ঘটে ব্যাখ্যা কৰা।
উত্তৰঃ- ভূ-পৃষ্ঠত কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত পৰিৱৰ্তন অহৰহ সংঘটিত হৈ থাকে। কিছুমান পৰিৱৰ্তন খুব লাহে লাহে হয় আৰু আন কিছুমান হঠাৎ বা কম সময়ৰ ভিতৰত হয়।
    বাহ্যিক কাৰকবোৰ হ'ল-বতাহ, বৰষুণ সূর্যৰ উত্তাপ, হিমবাহ, নদী, সাগৰৰ ঢৌ আদি।
    আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্‌গীৰণ আদি।

18. বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰিৱৰ্তন বাহিৰৰ ফালৰ পৰা সংঘটিত হোৱাকে বাহ্যিক কাৰক বোলে। এই কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্রিয়া কৰে। এই কাৰবোৰ হ'ল সূর্যৰ উত্তাপ, বতাহ বয়ণ নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি তদুপৰি ভূ পৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত কম-বেছি পৰিমাণে অৰিহণা যোগায়।

19. ভূমিকম্প আৰু আগ্নেয় উদ্‌গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?

উত্তৰঃ- আভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তর্ভাগত ক্রিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্‌গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকৰবাৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তর্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আত্বি পাৰে বা বহি যাব পাৰে আগ্নেয় উদ্‌গীৰণ সংঘটিত হ'লে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। আভ্যন্তৰীণ প্রক্রিয়াবোৰৰ অন্তৰালত এটা মূল প্রক্রিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন বুলি কোৱা হয়। পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্রধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদ্‌গীৰণক আভ্যন্তৰীণ কৰক বুলি কোৱা হয়।

20. নদী অৱবাহিকা বুলিলে কি বুজায়। নদী অৱবাহিকাৰ এটি চিত্র আঁকা।
উত্তৰঃ- এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী আদিৰ যোগেদি একো একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্রিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।

 

            নদী অৱবাহিকা

21. উপনদী কি? ব্রহ্মপুত্রৰ দুখন প্রধান উপনদীৰ নাম লিখা।

উত্তৰঃ- উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা-নদীসমূহক উপনদী বোলে। ব্রহ্মপুত্ৰৰ দুখন প্রধান উপনদী হ'ল-
(১) পুঠিমাৰী আৰু (২) ভৰলু।

22. নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

উত্তৰঃ- নদী এখনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি মৃদু ঢালযুক্ত ভৈয়ামত প্রৱেশ কৰাৰ পিছত ইয়াৰ খনন কাৰ্যৰ পৰিবর্তন ঘটে। কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰৱল, গতিপথ ঠেক আৰু দ। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে নদীৰ গতিবেগ হ্রাস পাই আহে আৰু সোঁতে কঢ়িয়াই অনা গেদবোৰ ক্ৰমে জমা হ'বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰত খনন কার্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হোৱা খনন কার্যকে পাৰ খনন বা পার্শ্বখনন বোলা হয়।

23. নদীৰ পাখনন বুলিলে কি বুজায়?
উত্তৰঃ- উচচ ভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্রৱেশ কৰাৰ পিছত নদীৰখনন শক্তিৰ পৰিৱর্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রৱল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হবলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কার্যক পাৰ খনন বা পার্শ্বখনন বালা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি।

24. অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰঃ- এখন নদী সমতলৰ মৃদু ঢালেদি বৈওঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হৈ পৰে। ইয়াৰ উপৰিও নদীৰ পাৰ্শ্বখনন কার্যই ইয়াৰ গতিপথ আৰু অধিক একা-বেঁকা কৰি তোলে। নদীৰ এনে গতিক বক্ৰগতি বা সর্পিল গতি বুলি কোৱা হয়। নদীৰ এই গতি ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো কোনো ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নোৱাৰাত পৰে। সেই সময়তে নদীয়ে নিজৰ গতি পোন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে। নদীয়ে এৰি দিয়া অংশ কিছুমান পিছলৈ হ্রদ বা বিলৰ ৰূপ লয়। এনেদৰে ঘোঁৰাৰ খুৰা আকৃতিৰ ৰূপ লোৱা হ্রদ বা বিলকে অশ্বখুৰা হ্রদ বোলা হয়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »