-->

Class 12 Education:Secondary Education of India & Assam । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Questions Answers of AHSEC Solution for Class 12 Education: স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা । Development of Secondary Education of India and Assam-Post Independence Period. All the important questions answers are discussed in this article.

স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
Development of Secondary Education of India and Assam-Post Independence Period

স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা । Development of Secondary Education of India and Assam-Post Independence Period has been discussed in systematic way. There are approximately important 30 questions answers in this article.

1. খালী ঠাই পূৰণ কৰা :
(ক) অসম মাধ্যমিক শিক্ষা ব'র্ড ______ ৰ নিদের্শ মর্মে স্থাপন কৰা হৈছিল। HS-2019
উত্তৰঃ- ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগ
(খ) অসমত বহুমূখী মাধ্যমিক বিদ্যালয়সমূহ ______ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্রতিষ্ঠা কৰা হৈছিল। HS-2018
উত্তৰঃ- মুডালিয়াৰ
(গ) অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম ______ আছিল। HS-2013, 2017
উত্তৰঃ- গুৱাহাটী ছেমিনাৰী স্কুল
(ঘ) বর্তমান ভাৰতৰ ভাগ্য শ্রেণীকক্ষসমূহত গঢ় লয় এই মন্তব্যটো ______ আগবঢ়াইছিল। HS-2013, 2016
উত্তৰঃ- কোঠাৰী আয়োগে
(ঙ) মুডালিয়াৰ আয়োগ ______ নামেৰে পৰিচিত।    HS-2012
উত্তৰঃ- মাধ্যমিক শিক্ষা আয়োগ
(চ) অসম মাধ্যমিক শিক্ষা আইনখন ______ গ্রহণ কৰা হৈছিল।    HS-2014
উত্তৰঃ- ১৯৬১ চনত
(ছ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্রাথমিক শিক্ষাৰ উন্নতিৰ পৰামৰ্শ আগবঢ়োৱা আঁচনিক _____ বুলি জনা যায়।
উত্তৰঃ- অপাৰেশ্যন ব্লেকব'র্ড
(জ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ ______ স্থাপন কৰা হয়।
উত্তৰঃ- ১৯৮৪ চনত
(ঝ) অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় ______ স্থাপন হৈছিল।
উত্তৰঃ- ১৮৩৫ চনত
(ঞ) মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ______।
উত্তৰঃ- ডঃ লুক্ষণস্বামী মুড়ালিয়াৰ
(ট) বর্তমান কটন কলেজিয়েটৰ প্রকৃত নাম আছিল ______।
উত্তৰঃ- গুৱাহাটী ছেমিনাৰী
(ঠ) অসম মাধ্যমিক শিক্ষা ব'র্ডৰ কার্যালয় ______ অৱস্থিত।
উত্তৰঃ- গুৱাহাটী বামুনীমৈদামত
(ড) কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য ______ কৰা।
উত্তৰঃ- জাতীয় শিক্ষাৰ বিকাশ সাধন
(ঢ) ভাৰত চৰকাৰে ১৯৬৪ চনত গঠন কৰা আয়োগখনৰ সভাপতি আছিল  ______।
উত্তৰঃ- ডিঃ এছ. কোঠাৰী
(ণ) স্বাধীন ভাৰতৰ প্রথম শিক্ষা মন্ত্রীজনৰ নাম ______ আছিল।'
উত্তৰঃ- মৌলানা আবুল কালাম
(ত) ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা ______ আছিল।
উত্তৰঃ-৭০ খন
(থ) মুডালিয়াৰ আয়োগৰ প্রতিবেদন ______ অধ্যায় সন্নিৱিষ্ট কৰা হৈছে।
উত্তৰঃ- ১৫ টা
(দ) _____ 'অসম মাধ্যমিক শিক্ষা বোর্ড' গঠন হৈছিল।
উত্তৰঃ- ১৯৬৬ চনত

2. মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ ৰ দ্বাৰা প্ৰদত্ত 'অসম মাধ্যমিক শিক্ষা বোৰ্ড'ৰ চাৰিটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ- মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ ৰ দ্বাৰা প্রদত্ত 'মাধ্যমিক শিক্ষা বোড'ৰ চাৰিটা কার্য হ'ল-
(১) এই আইন সমগ্ৰ অসমতে বলবৎ হ'ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্রণ কৰিব নোৱাৰিব।
(৩) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে 'মাধ্যমিক শিক্ষা বোর্ড' নামেৰে এখন বোর্ড স্থাপন কৰিব।
(৪) এই বোৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব।

3. অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্রধান সমস্যা উল্লেখ কৰা।    HS-2012, 2014, 2018, 2019
উত্তৰঃ- অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্রধান সমস্যা হৈছে-
(১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অর্থাৎ কিছুমান এলেকাত প্রয়োজনৰ তুলনাত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে যদিও আন কিছুমান এলেকাত প্রয়োজনীয় বিদ্যালয়ৰ অভাৱ।
(২) অসমৰ মাধ্যমিক পর্যায়ৰ পাঠ্যক্রম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগোল আদি দৰে গুৰুত্বপূর্ণ বিষয়ক অৱহেলা কৰা হৈছে। বর্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে।
(৩) মাধ্যমিক পর্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্রহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে।
(৪) বিদ্যালয় পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকা স্বতেও পৰিদৰ্শন ব্যৱস্থা কার্যকৰী নোহোৱাত মাধ্যমিক শিক্ষাৰ মান নিম্নগামী হৈছে।

4. ECCE বুলিলে কি বুজা?     HS-2015, 2017, 2018
উত্তৰঃ- ECCE অৰ্থাত্‍ Early Childhood Care and Education বুলিলে আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাক বুজায়। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে যাতে আনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ
ব্যৱস্থা লোৱা হয় বাবে ইয়াত সুষম স্বাস্থ্যসন্মত খাদ্যৰ যোগান দিয়াৰ লগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ প্রয়োজন হয়।

5. ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মোডালিয়াৰ আয়োগৰ ৩টা পৰামর্শ লিখা।  HS-2018
উত্তৰঃ- ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়োগৰ পৰামর্শসমূহ হ'ল-
(১) সৰু-বৰ সকলো কামৰ প্রতি আগ্রহৰ মনোভাৱ জগাই তুলিব লাগে। ছাত্র-ছাত্রীসকলক ক্রীড়াভিত্তিক শিক্ষাৰ প্রতি আগ্রহী কৰিব লাগে।
(২) বৃত্তিগত যোগ্যতাৰ উন্নীতকৰণৰ বাবে প্রযুক্তিমূলক ক্রিয়া কৌশলৰ বিকাশ সাধন কৰি তুলিব লাগে বুলি আয়োগে পৰামর্শ দিছিল।
(৩) শিক্ষা ব্যৱস্থাত হস্তশিল্প আৰু উৎপাদনমূলক ক্রিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিব লাগে।

6. 'অপাৰেশ্যন ব্লেকবোর্ড' মানে কি?     HS-2012, 2014
উত্তৰঃ- প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আগবঢ়োৱা পৰামৰ্শক অপাৰেশ্যন ব্লেকবোর্ড নামে জনা যায়। অপাৰেশ্যন ব্লেকবোর্ড হৈছে এনে এখন আঁচনি যাৰ দ্বাৰা প্রাথমিক বিদ্যালয়সমূহত সকলো সময়ৰ উপযোগীকৈ দুটা ডাঙৰ কোঠা, পুতলা, ব্লেকবোর্ড, মানচিত্র, চার্ট আৰু আন আন শিক্ষণ সজুলিসমূহ যোগান ধৰিব লাগে। এই আঁচনি অনুসৰি প্রত্যেকখন বিদ্যালয়তে দুজনকৈ শিক্ষক নিয়োগ কৰিব লাগে আৰু তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্ছনীয়।

7. মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা ত্রুটি লিখা।    HS-2016
উত্তৰঃ- (১) জীৱনৰ লগত সংগতিবিহীন শিক্ষা।
(২) পুথিকেন্দ্রিক শিক্ষা।

8. ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা।     HS-2016
উত্তৰঃ- পৰামৰ্শ দুটা হৈছে- (১) মাধ্যমিক শিক্ষাত অনুশাসনৰ প্রশিক্ষণ আৰু
(২) নেতৃত্বৰ প্রশিক্ষণ থাকিব লাগে। গতিকে মাধ্যমিক শিক্ষাত সাহিত্য কলা, ৰাজনীতি, বাণিজ্য আদিৰ ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব পৰা শিক্ষা ব্যৱস্থা হ'ব লাগিব।

9. 'জাতীয় শিক্ষা ব্যৱস্থা' বুলিলে কি বুজা?     HS-2016
উত্তৰঃ- জাতীয় শিক্ষা ব্যৱস্থা বুলিলে সমূহীয়া শিক্ষা সংগঠন আৰু সকলোৰে বাবে সমান শিক্ষাক বুজায়।

10. কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।     HS-2016
উত্তৰঃ- (১) ৫ বছৰীয়া মাধ্যমিক শিক্ষা
(২) ৩ বছৰীয়া নিম্ন শ্যামক শিক্ষা
(৩) ৩ বছৰীয়া উচ্চ মাধ্যমিক শিক্ষা।

11. মুডালিয়াৰ আয়োগৰ পৰামর্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা। HS-2016
উত্তৰঃ- পৰিৱৰ্তন দুটা হৈছে– (১) বহুমুখী বিদ্যালয়ৰ প্রতিষ্ঠা।
(২) অসম মাধ্যমিক শিক্ষা আইন বলৱৎ।

12. ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আগবঢ়োৱা দুটা পৰামর্শ দিয়া।
উত্তৰঃ- পৰীক্ষা সংস্কাৰৰ নামত নতুন শিক্ষানীতিয়ে আগবঢ়োৱা পৰামৰ্শ দুটা হৈছে-
(১) অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ প্রৱৰ্তন কৰা।
(২) আংশিক মানৰ পৰিৱর্তে গ্রেড প্রদানৰ ব্যৱস্থা লোৱা।

13. ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ চাৰিটা প্ৰভাৱ লিখা।    HS-2017
উত্তৰঃ- মাধ্যমিক শিক্ষাৰ দ্রুত সম্প্রসাৰণৰ প্রতি লক্ষ্য ৰাখি ১৯৬১ চনত মাধ্যমিক শিক্ষা আইন প্রস্তুত কৰা হয়। এই আইনৰ চাৰিটা প্রস্তাৱ হ'ল—
(১) এই আইন সমগ্ৰ অসমতে বলবৎ হ'ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক বিদ্যালয় এই ব'র্ডে নিয়ন্ত্রণ কৰিব। এনে নিয়ন্ত্রণ আন কোনো ব'র্ডে কৰিব নোৱাৰিব।
(৩) চৰকাৰে জাননীৰ যোগে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰিব আৰু বিকাশ সাধনৰ দায়িত্ব প্রদান কৰিব।
(৪) শিক্ষা বিভাগৰ সঞ্চালক এই সংস্থাৰ সভাপতি হ'ব। ইয়াৰ উপৰিও কৃষি, স্বাস্থ্য, শিল্প বিভাগ আদিৰ সঞ্চালক, বিশ্ববিদ্যালয়ৰ কলাগুৰুসকল, স্ত্রী শিক্ষাৰ শিক্ষাধিকাৰ আৰু চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু মনোনীত সদস্যসকল থাকিব। সংস্থাৰ সচিব চৰকাৰে নিযুক্ত কৰিব আৰু তেওঁ তাত এজন সদস্যস্বৰূপে থাকিব।

14. নৱোদয় বিদ্যালয় কি?
উত্তৰঃ- ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এক নতুন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয় উদ্ভাৱন কৰিছিল। অসমৰ প্ৰতিখন জিলাতে একোখন 'নবোদয়' বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল। অসমত প্রথম অৱস্থাত ৭খন নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছিল। এনে স্কুলত বিশিষ্ট প্রতিভা আৰু যোগ্যতা থকা ছাত্র-ছাত্রীসকলক দ্রুতগতিৰে শিক্ষা লাভ কৰিবলৈ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষা-নীতিৰ আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তোলা। এনেবোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্রতিষ্ঠা কৰা বিদ্যালয় সমূহেই হৈছে নৱোদয় বিদ্যালয়।

15. ১০+২+৩ সূত্ৰটোৱে কি সূচাইছে?
উত্তৰঃ- ১০+২+৩ সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ বাবে কোঠাৰী আয়োগে পৰামর্শ দিছিল। ভাৰতবৰ্ষৰ বিশালতা আৰু ইয়াৰ শিক্ষা গাঁথনিৰ ভিন্নতাৰ প্রতি লক্ষ্য ৰাখি আয়োগে প্রস্তাবিত নতুন শিক্ষা গাঁথনি পর্যায়ক্রমে ২০ বছৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। প্রথম পর্যায়ত আয়োগে আগতে থকা নৱম শ্রেণীৰ পৰা উচ্চমাধ্যমিক শিক্ষা বিশেষীকৰণ কৰাৰ ব্যৱস্থা ত্যাগ কৰি একাদশ শ্রেণীৰ পৰা কৰাৰ পৰামর্শ দিয়ে। প্রাক্-বিশ্ববিদ্যালয় স্তৰতো বিশ্ববিদ্যালয় আৰু ইয়াৰ সংবদ্ধ কলেজবোৰৰ পৰা মাধ্যমিক স্কুলবোৰলৈ তুলি নিব লাগে। আয়োগৰ মতে চলি থকা ব্যৱস্থাটোৱে উচ্চ শিক্ষাৰ মানদণ্ড নিম্নগামী কৰি তুলিছে। আয়োগৰ দৃষ্টিগোচৰ হোৱা নমনীয় নতুন শিক্ষা গাঁথনি আছিল তলত দিয়া ধৰণৰঃ-
(১) প্রাক্‍‌-প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।
(২) প্রাথমিক পর্যায় ৭/৮ বছৰলৈ। ইয়াৰে দুটা পর্যায় হৈছে। নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ মাধ্যমিক ৩ বছৰীয়া।
(৩) নিম্ন মাধ্যমিক বা হাইস্কুলৰ শিক্ষা ২ বা ৩ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰীয়া হ'ব লাগে।
(৪) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ'ব লাগে।
(৫) উচ্চ শিক্ষা প্রথম ডিগ্ৰীৰ অধ্যয়নসূচী ৩ বছৰ বা অধিক হ'ব লাগে।

16. ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কি কি ব্যৱস্থাৰ কথা কৈছে?     HS-2018
উত্তৰঃ- ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাত সমতাৰ সুযোগ প্রদানৰ বাবে তলত দিয়া পৰামর্শসমূহৰ কথা কৈছে-
(১) মহিলাৰ সমতাৰ বাবে শিক্ষাঃ- মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু অগ্রগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে কাম কৰাৰ বাবে ব্যৱস্থা লোৱা। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্রয়োজনীয় সা-সুবিধাসমূহৰ ব্যৱস্থা কৰা, পাঠ্যপুথি পুনৰ প্ৰস্তুত কৰি নতুন মূল্যবোধ সৃষ্টি কৰাৰ লক্ষ্যৰে পাঠ্যপুথি প্রস্তুতকৰণ, শিক্ষকৰ প্রশিক্ষণ আৰু অভিৰোচন ব্যৱস্থা কৰা।
(২) অনুসূচীত জাতিঃ- অনুসূচীত জাতিৰ লোকসকলে যাতে অ-অনুসূচীত জাতিৰ লোকসকলৰ সমানে শিক্ষালাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ'ব। পিছ পৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল'ৰা-ছোৱালীয়ে যাতে ১৪ বছৰ বয়সলৈ স্কুললৈ গৈ থাকে তাৰ প্ৰতিও সজাগ হোৱাটো প্রয়োজন হ'ব।
(৩) সংখ্যালঘুসকলৰ শিক্ষাঃ- সংখ্যালঘুসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদ্‌গনি দিয়া হ'ব। বিদ্যালয়ৰ কৰ্ম আঁচনি আৰু পাঠ্যক্রম আদিৰ প্রস্তুতিৰ ক্ষেত্ৰতো মনোযোগ দিয়া হ'ব।
(৪) বাধাগ্ৰস্তসকলৰ শিক্ষাঃ- বাধাগ্রস্ত শিক্ষার্থীসকলৰ বাবে প্রতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ'ব। অসমর্থ এনে শিক্ষার্থীসকলক উপযুক্ত প্রকাৰৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্ত সকলকো অন্যান্যসকলৰ দৰে একেধৰণৰ সুবিধা প্রদান কৰা হ'ব। অসমর্থসকলৰ বিকাশৰ বাবে কৰা স্বেচ্ছামূলক প্রচেষ্টা কৰা সংগঠনসমূহক উৎসাহ প্রদান কৰা হ'ব।
(৫) বয়স্ক শিক্ষাঃ- বর্তমান সময়ত বয়স্ক শিক্ষা আৰু বয়স্ক নিৰক্ষৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সমগ্ৰ জাতিটোৱে ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত ব্যক্তিসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ ব্যৱস্থা কৰিব লাগিব।

17. উৎপাদনশীলতা আৰু শিক্ষাক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামর্শসমূহ কি আছিল? HS-2016
উত্তৰঃ- উৎপাদনশীলতা আৰু শিক্ষাক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামর্শসমূহ হৈছে—
(১) বিজ্ঞানভিত্তিক শিক্ষাঃ- দৈনিক ব্যৱহাৰ কৰা সামগ্রীসমূহ বিজ্ঞানৰ আৱিষ্কাৰ। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শিক্ষা অতি আৱশ্যকীয়। বিজ্ঞান শিক্ষাই ছাত্র-ছাত্রীক আগুৱাই নিয়াৰ লগতে সমাজখনকো উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে।
(২) বৃত্তিমুখীকৰণঃ- বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ বাবে প্রস্তুত কৰি তোলা হ'ব। বৃত্তমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব।
(৩) কর্ম অভিজ্ঞতাঃ- কোঠাৰী আয়োগে বৃত্তিমূলক শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি 'কৰ্ম অভিজ্ঞতাৰ' মাধ্যমত শিক্ষাক বিজ্ঞানসন্মত কৰি তোলাৰ কথা কৈছিল। কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবিলাক বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে।
(৪) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধনঃ- কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাৰ ধাৰা যদিও দুটা পৃথক ধাৰণা, ইয়াৰ মাজত পৰম্পৰ সম্পর্ক আছে। কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষা ব্যৱস্থাৰ পুনৰগঠন কৰা হ'ব লগতে অর্থনৈতিক, সামাজিক পৰিৱেশ, উৎপাদন আৰু পৰিচালন প্রক্রিয়া আদিৰ বিকাশ সাধন কৰিব লাগিব। আধুনিক আহিলা হিচাপে কম্পিউটাৰৰ ব্যৱহাৰ প্রশিক্ষণ বিস্তৃতভাৱে বিদ্যালয় পর্যায়ৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হ'ব। বিকাশৰ বাবে হোৱা গৱেষণাই বর্তমান প্রযুক্তিবিদ্যাৰ বিকাশ, উৎপাদন বৃদ্ধি আৰু থলুৱা বিকাশত সহায় কৰিব লাগিব।

18. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাও 'মাধ্যমিক শিক্ষা আয়োগ'ৰ প্ৰভাৱসমূহ কি কি আছিল?  HS-2013
উত্তৰঃ- ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা ব'র্ড স্থাপন হয়। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱর্তে এই ব'র্ডৰ হাতলে আহে। এই ব'ৰ্ডৰ মুখ্য কার্যালয় হ'ল গুৱাহাটীত। তেতিয়াৰে পৰা মাধ্যমিক শিক্ষা পৰিষদে দুটা পৰীক্ষা চলায়। এটা হ'ল প্ৰৱেশিকা যিটোক আজিকালি হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয়। আনটো হ'ল উচ মাধ্যমিক পৰীক্ষা। বৰ্তমান উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলায়। ১৯৭৩ চনৰ পৰা অসমত মাধ্যমিক শিক্ষা ব'র্ডে ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্রৱর্তন কৰে আৰু দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্রমো ইয়াৰ লগে লগে যুগুত কৰে। এই বিলাকৰ উপৰিও আৰু কেইটামান দিশৰ ওপৰত আয়োগে গুৰুত্ব আৰোপ কৰিছিল—
(১) ব্যক্তিত্বৰ পূৰ্ণবিকাশ সাধনঃ অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে সম্পূর্ণ ব্যক্তিত্ব বিকাশৰ সুবিধা পায় তাৰ ওপৰত গুৰুত্ব দিছিল।
(২) নেতৃত্বৰ প্রশিক্ষণ দিয়াঃ স্কুলীয়া অৱস্থাতেই যাতে ছাত্রসমাজে দেশৰ উন্নতিৰ কাৰণে নেতৃত্ব দিব পাৰে তাৰ প্রশিক্ষণৰ দিহা কৰা।
(৩) গণতান্ত্রিক নাগৰিকত্বৰ ধাৰণাৰ শিক্ষাদানঃ- স্বদেশ প্রেম জাগ্রত কৰি দেশমাতৃৰ হিত সাধন কৰা। আচলতে দেশক ভাল পোৱাৰ অৰ্থ হৈছে দেশৰ সভ্যতা সংস্কৃতিক প্রশংসা কৰা। ইয়াত থকা দুর্বলতাক স্বীকাৰ কৰা আৰু দুর্বলতাবোৰ আঁতৰাবলৈ চেষ্টা কৰা।
(৪) বৃত্তিমূলক দক্ষতাৰ শিক্ষাঃ- আমাৰ দ্বিতীয় প্রয়োজনীয় দিশটো হৈছে ছাত্র-ছাত্রীসকলৰ বৃত্তিগত পাৰদর্শিতা বৃদ্ধি কৰা। কোনো এটা বৃত্তি সকলো ছাত্র-ছাত্রীকে বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা তেওঁলোকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে জীৱিকা উপার্জনৰ বাট বিচাৰি পাব।

19. মুডালিয়াৰ আয়োগৰ মাধ্যমিক শিক্ষাৰ চাৰিটা লক্ষ্য লিখা।
উত্তৰঃ- (১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ
(2) বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ
(3) ব্যক্তিত্বৰ বিকাশ
(৪) নেতৃত্বৰ শিক্ষা।

20. ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা।    HS-2016
উত্তৰঃ- মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ হ'ল–
(১) আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা যান্ত্রিক, একমুখী, পুথিগত আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা।
(২) বৰ্তমানৰ মাধ্যমিক শিক্ষা ঠেক গণ্ডীৰ আৰু এক পক্ষীয় হোৱা কাৰণে সমতা প্রায় লোপ পাইছে। এনে পৰিস্থিতিত প্রকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয়।
(৩) শ্রেণীসমূহত ছাত্র-ছাত্রীৰ সংখ্যা প্ৰয়োজনকৈ অধিক হোৱা বাবে শিক্ষক আৰু ছাত্ৰৰ মাজৰ মাজৰ পাৰস্পৰিক নিবিড় সম্বন্ধ ৰক্ষা কৰাত কঠিন হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে, ছাত্র-ছাত্রীৰ চাৰিত্রিক সবলতা, কর্তব্যনিষ্ঠা আদি গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্রভাৱ কমি আহিছে।
(৪) মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থাও ত্রুটিপূর্ণ। এনে পৰীক্ষাই ছাত্র-ছাত্রীৰ প্রকৃত জ্ঞানৰ মূল্যায়ন কৰাত বিফল হৈছে।
 
21. জাতীয় শিক্ষানীতি, ১৯৮৬ত মাধ্যমিক শিক্ষা সম্পর্কে আগবঢ়োৱা পৰামর্শসমূহ কি কি আছিল? HS-2015, 2019
উত্তৰঃ- ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০+২+৩ শিক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে। এই শিক্ষানীতিৰ ভিত্তিত সংযোগিত বিভিন্ন পৰিৱর্তনসমূহ অসমৰো মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হৈছিল। ইয়াত গ্রহণ কৰা পৰামর্শ অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন 'নৱোদয়' বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত অনুসৰি প্ৰথম অৱস্থাত ৰাজ্যখনত ৭খন নৱোদয় বিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি গঢ়ি তোলা। ছাত্ৰসকলৰ মাজত ক্রিয়া পটুতা বৃদ্ধি কৰি তোলা, শিক্ষা পৰিচালনা ক্ষমতা আৰু স্বনিয়োজন ক্ষমতা লাভ কৰা আৰু তাৰ যোগেদি মধ্যম বৰ্গৰ জনশক্তি বৃদ্ধি কৰি তোলাটো এই বৃত্তিমুখীকৰণৰ মূল উদ্দেশ্য ১৯৯৫ চনলৈ অসমত ৩৩ খন মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্রদানৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পিছত মুঠ ১৫০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হয়। তথাপিও বর্তমান অসমৰ মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত হোৱা নাই বুলিব পাৰি।

22. নতুন জাতীয় শিক্ষানীতি, ১৯৮৬ ৰ পৰামর্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা।    HS-2012
উত্তৰঃ- ১৯৮৬ চনৰ পৰামর্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ হ'ল-
(১) মানৱ সম্পদৰ উন্নতি সাধন কৰাই হ'ব এই শিক্ষাৰ মূল লক্ষ্য। নির্দিষ্ট পর্যায় এটালৈকে ছাত্র-ছাত্ৰীসকলে জাতি-বর্ণ, লিংগ, স্থান নির্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।
(২) সমগ্র দেশতে ১০+২+৩ শিক্ষা গাঁথনি গ্রহণ কৰা।
(৩) উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠানবোৰৰ মাজত আদান-প্রদানৰ ব্যৱস্থা কৰা।
(৪) পাঠ্যক্রম প্রস্তুৰি দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধর্মনিৰপেক্ষতা আৰু এক শ্রেণীবিহীন সমাজ ব্যৱস্থা গঢ়ি তোলা।

23. অসমৰ মাধ্যমিক শিক্ষাৰ ৫টা সমস্যা লিখা।     HS-2012, 2018, 2019
উত্তৰঃ- (১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অর্থাৎ কিছুমান এলেকাত প্রয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্রয়োজনীয় বিদ্যালয়ৰ অভাৱ।
(২) অসমৰ মাধ্যমিক পর্যায়ৰ পাঠ্যক্রম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগোল আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়ক অৱহেলা কৰা হৈছে। বর্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে।
(৩) স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকা স্বত্ত্বেও পৰিদর্শন ব্যৱস্থা কার্যকৰী নোহোৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে।
(৪) মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগৰ লগতে ১৯৮৩ চনৰ জাতীয় শিক্ষানীতিত মাধ্যমিক পর্যায়ৰ শিক্ষা বৃত্তিমুখী কৰণত অধিক গুৰুত্ব আৰোপ কৰিছিল। কিন্তু প্রয়োগিক দিশত এই বৃত্তিমুখীকৰণ অসমত সফল হোৱা নাই।
(৫) মাধ্যমিক পর্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্রহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় বহুত বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰিছে।

24. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।    HS-2015
উত্তৰঃ- অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামর্শ তলত উল্লেখ কৰা হ'ল-
(১) শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে বৈষম্যমূলক শিক্ষা ব্যৱস্থা আঁতৰ কৰিব লাগিব।
(২) প্রশিক্ষণ প্রাপ্ত শিক্ষক নিযুক্তি দিব লাগে।
(৩) মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রায়োগিক বিধৰ কৰি তোলা।
(৪) মাধ্যমিক শিক্ষা বৃত্তিমূলক বিষয় অন্তর্ভুক্ত কৰিব লাগে।

25. মাধ্যমিক শিক্ষা আয়োগ প্রদান কৰা, মাধ্যমিক শিক্ষাৰ এক লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ- মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা; সেয়েহে ছাত্র-ছাত্রীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব লাগিব। ভাৰতবৰ্ষৰ দৰে গণতান্ত্রিক দেশ এখনত সু-নাগৰিক গঢ়ি তুলিবলৈ প্ৰত্যেকজন নাগৰিকৰে বহু গুণৰ দৰকাৰ হয়। মাধ্যমিক শিক্ষা আয়োগ গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ বাবে তলত দিয়া ধৰণে কিছুমান পৰামূৰ্শ দিছে-
(১) সুস্থ চিন্তাধাৰা।
(২) সু-নাগৰিক গঢ়ি তোলা।
(৩) গণতন্ত্রই প্রতিজন নাগৰিককে সম-অধিকাৰ প্ৰদান কৰা।
(৪) বাক্‌‌-পটুতা আৰু লিখনৰ স্পষ্টতা।
(৫) স্বদেশ প্রেম জাগ্রত কৰা।

26. ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ সমূহ বর্ণনা কৰা।   HS-2018
উত্তৰঃ- ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ সমূহ হ'ল— ছাত্র-ছাত্রীসকলৰ বৃত্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ কায়িক শ্ৰমৰ প্ৰতি শ্রদ্ধাভাৱ জগাই তোলা, স্ব-ক্রিয়াৰ প্রতি সচেতন কৰি তোলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সুচল কৰা ইত্যাদি দিশৰ প্রতি মাধ্যমিক শিক্ষাই গুৰুত্ব প্রদান কৰিব লাগিব। কোনো এটা বৃত্তি সকলো ছাত্র-ছাত্রীকে বাধ্যতামূলকভাবে শিকালে তাৰ পৰা তেওঁলোকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব বুলি ধৰা হয। তেতিয়া তেওঁলোকে জীৱিকা উপার্জনৰ বাট বিচাৰি পাব, আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি, সুখানুভূতি বৃদ্ধি, শাৰীৰিক প্ৰৰিশ্ৰম, কায়িক শ্ৰমৰ প্রতি আমাৰ মানুহৰ মনোভাৱ সলনি কৰাবৰ বাবে পাঠ্যক্রমখনো প্রস্তুত কৰিব লাগে। তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষার্থীসকলক স্বাৱলম্বী কৰি তুলিব লগতে জাতীয় অৰ্থৰ ভঁৰাল টনকিয়াল হ'ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ'ব।

27. মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে 'বৃত্তিমূলক যোগ্যতা বিকাশ' সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামর্শসমূহ কি আছিল?    HS-2015, 2017
উত্তৰঃ- মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে 'বৃত্তিমূলক যোগ্যতা বিকাশ' সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামর্শসমূহ তলত উল্লেখ কৰা হ'ল—
(১) ছাত্র-ছাত্রীসকলে কামৰ সৰু বৰ নাভাবি তাৰ প্রতি মনত সন্মানৰ ভাৱ গঢ় দি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্মৰ মনোভাৱ অথবা কর্ম সংস্কৃতি গঢ় দি তুলিব লাগিব।
(২) শিক্ষাৰ মাধ্যমিক পর্যায়ৰ পাঠ্যসূচী বিভাজিত কৰি সৰহ সংখ্যক ছাত্রক কৃষি, কাৰিকৰী, বাণিজ্য আৰু আন আন ব্যৱহাৰিক পাঠ্যসূচীত প্রশিক্ষণ দিয়া।
(৩) শিক্ষাৰ সকলো পর্যায়তে কাৰিকৰী দিশত নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণপ্রাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ় দিয়া। ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰণৰ আগ্রহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ বাবে প্রস্তুত কৰি তুলিব লাগিব। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তিৰ বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তোলা হ'ব। বাধাগ্ৰস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব।

28. শিক্ষাৰ 'বৃত্তিমুখীকৰণ' বুলিলে কি বুজা যায়?     HS-2014
উত্তৰঃ- বৃত্তিমুখী শিক্ষা প্রয়োগৰ অর্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱশক্তিৰ মাজত থকা আপসমাযোজন নোহোৱা কৰা। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ হাতত থাকে। এই শিক্ষাৰ মূল লক্ষ হৈছে শিক্ষার্থীসকলক এক নির্দিষ্ট পেচাৰ বাবে প্রস্তুত কৰি তোলা। এই শিক্ষা অষ্টম শ্রেণীৰ পৰা দিয়া হ'ব আৰু ইয়াৰ বাবে ঔদোগিক প্রশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন সুবিধা ৰাখিব। সাধাৰণ শিক্ষা, কাৰিকৰী শিক্ষা আৰু বৃত্তিমুখী শিক্ষাৰ বাবে সংযোগ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ'ব। চৰকাৰে মহিলা, গ্রামাঞ্চলৰ শিক্ষার্থী বাধাগ্রস্ত শিশুসকলৰ বাবেও উপযুক্ত আঁচনি হাতত ল'লে শিক্ষা বৃত্তিমূলক প্রৱণতা বৃদ্ধি পাব।

30. কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী 'কর্ম-অভিজ্ঞতা' কি?  HS-2015
উত্তৰঃ- কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি ১০+২+৩ ৰ ভিত্তিত হোৱাটোৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিছে। কোঠাৰী আয়োগে মত পোষণ কৰিছিল যে কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ অংশ হোৱা উচিত। কর্ম অভিজ্ঞতা প্রৱর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখিতাৰ দুর্বলতা আঁতৰাব পাৰে।

31. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ে এটা চমু টোকা লিখা।    HS-2014
উত্তৰঃ- ১৯৮৪ চনত কোঠাৰী আয়োগ গঠন হয়। কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই অসমতো 'উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ' নামৰ এটি প্রতিষ্ঠান অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ (+2) পৰিচালনা, নিয়ন্ত্রণ আৰু প্রশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাতত থকা উচ্চতৰ মাধ্যমিক শিক্ষাৰ (+২) পাঠ্যক্রম প্রস্তুতি, পাঠ্যপুথি প্রণয়ন, পৰীক্ষা আদিৰ সকলো দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে। স্কুলৰ বাহিৰেও অসমৰ কলেজসমূহত উচ্চতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলো দায়িত্বভাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতলৈ আহে।

32. মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামর্শসমূহ চমুকৈ লিখা। ' HS-2018, 2019
উত্তৰঃ- কোঠাৰী আয়োগৰ মূল প্রতিবেদনত দেশৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা দাঙি ধৰা হয়। প্রাক-প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সামৰি লোৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে। শিক্ষা দান আৰু শিক্ষা গ্রহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদৰ পূর্ণ প্ৰয়োগ কৰাৰ বিষয়টো ইয়াত জড়িত হৈ আছে।
    মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামর্শসমূহ হ'ল—
(১) মাধ্যমিক স্তৰলৈ প্রথম দহবছৰীয়া শিক্ষাই কোনো পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্যক্রম প্রদান কৰিব।
(২) যিবিলাক বিদ্যালয়ত সম্ভৱ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগে।
(৩) মাধ্যমিক পর্যায়ত ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্বৰ শিক্ষা দিব লাগে।
(৪) মাধ্যমিক শিক্ষাৰ সময়সূচী বঢ়াব লাগে।


Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »