-->

Class 11 Economics-Monopolistic Market । অ-প্রতিযোগিতামূলক বজাৰ

Class 11 Economics

Monopolistic Market
অ-প্রতিযোগিতামূলক বজাৰ


Class 11 Economics-Monopolistic Market । অ-প্রতিযোগিতামূলক বজাৰ। ইয়াত তোমালোকে উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "অ-প্রতিযোগিতামূলক বজাৰ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 11 Economics Question and Answer Assam | HS 1st Year Economics Question and Answer Assam | HS 1st Year Economics Suggestion and Notes Solution Assam


1. একচেতীয়া বজাৰ বুলিলে কি বুজা?
উত্তৰঃ- একচেতীয়া বজাৰ বুলিলে এনে এখন বজাৰক বুজায় য'ত উৎপাদনকাৰী থাকে মাত্ৰ এজন আৰু সামগ্রী বিক্ৰীৰ কোনো বিকল্প নাথাকে আৰু আন উৎপাদনকাৰী এই বজাৰত প্ৰৱেশ কৰিব নোৱাৰে।

2. দ্বি-চেতীয়াৰ সংজ্ঞা দিয়া।
উত্তৰঃ- যিখন বজাৰত মাত্র দুজন বিক্রেতা থাকে তাকে দ্বিচেতীয়া বুলি কোৱা হয়।

3. গড় আয় কাক বোলে?
উত্তৰঃ- মুঠ আয়ক সামগ্ৰীটোৰ মুঠ উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে পোৱা আয়ক গড় আয় বোলে। পূর্ণ প্রতিযোগিতামূলক বজাৰত গড় আয় ৰেখাডাল আনুভূমিক হ'ব। কিন্তু অপূর্ণ প্রতিযোগিতামূলক ৰেখাডাল-বাঁওফালৰ পৰা সোঁফালে হেলনীয়া হয়। একচেতীয়া বজাৰৰ ক্ষেত্ৰত গড় আয় ৰেখাড়ালেই হ'ব বজাৰ চাহিদা ৰেখা।

4. প্রান্তিক আয় কাক বোলে?
উত্তৰঃ- অতিৰিক্ত এক একক সামগ্রী বিক্ৰী কৰাৰ ফলত বা এক একক সামগ্রী কমকৈ বিক্ৰী কৰাৰ ফলত সৰ্বমুঠ আয়ৰ যি পৰিৱৰ্তন হ'ব সেই পৱির্তনেই হ'ব প্রান্তিক আয়।

5. স্বল্পধিকাৰ বজাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ- যি বজাৰৰ এটা বিশেষ সামগ্ৰীৰ যদি এজনতকৈ বেছি বিক্রেতা থাকে কিন্তু বিক্রেতাৰ সংখ্যা কম তেনে বজাৰক স্বল্পধিকাৰ বজাৰ বোলে।

6. একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ কি? HS-2018
উত্তৰঃ- একচেতীয়া বা একাধিকাৰ প্রতিযোগিতামূলক বজাৰ, এনে এক বজাৰ য'ত যথেষ্ট সংখ্যক ক্রেতা-বিক্রেতাই পৃথকীকৃত কিন্তু প্রতিকল্প সামগ্রী বিক্ৰী কৰে। সামগ্ৰীসমূহৰ বিভেদীকৰণৰ বাবে বিক্ৰেতাৰ হাতত দৰ নিয়ন্ত্রণ ক্ষমতা থাকে। এনে বজাৰত প্রতিষ্ঠানসমূহে মুক্তভাৱে প্ৰৱেশ কৰিব পাৰে।

7. একাধিক প্রতিযোগিতামূলক বজাৰত দীর্ঘকালত প্রতিষ্ঠানবোৰৰ লাভ কিয় শূন্য হয়? বর্ণনা কৰা।
উত্তৰঃ- একাধিক প্রতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য অনুসৰি এনে বজাৰত ব্যৱসায়িক প্রতিষ্ঠানৰ প্ৰৱেশ আৰু প্রস্থানত কোনো বাধা নাথাকে। যদি কোনো প্রতিষ্ঠানে দীর্ঘকালত অস্বাভাৱিক লাভ অর্জন কৰে, তেতিয়া ই নতুন প্রতিষ্ঠানক আকৃষ্ট কৰিব আৰু বজাৰত সামগ্ৰীটোৰ যোগান বৃদ্ধি হৈ সামগ্ৰীটোৰ দাম হ্রাস হ'ব আৰু স্বাভাৱিক লাভ নাইকীয়া হয়। অর্থাৎ লাভ শূন্য হ'ব।
    আনহাতে, যেতিয়া কোনো প্রতিষ্ঠানে লোকচান ভৰিব লগা হয়, তেন্তে ই বজাৰৰ পৰা প্রস্থান কৰিব। ফলত যোগান হ্রাস হৈ দাম বৃদ্ধি হ'ব আৰু লোকচান নাইকীয়া হৈ শুন্য লাভহে অর্জন কৰিব।

8. পূর্ণ প্রতিযোগিতামূলক বজাৰ আৰু একচেতীয়া বজাৰৰ মাজৰ পার্থক্য কি কি?    HS-2019
উত্তৰঃ- পূর্ণ প্রতিযোগিতামূলক বজাৰ আৰু একচেতীয়া বজাৰৰ মাজত থকা পার্থক্যবোৰ হ'ল—
(১) পূর্ণ প্রতিযোগিতামূলক বজাৰত বৃহৎ সংখ্যক উৎপাদন প্রতিষ্ঠান থাকে।
    একচেতীয়া বজাৰত এজন উৎপাদনকাৰী বা এটা উৎপাদন প্রতিষ্ঠান বা বিক্রেতা থাকে।'
(২) পূর্ণ প্রতিযোগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্রস্থানৰ সুবিধা থাকে।
    কিন্তু একচেতীয়া বজাৰত নতুন প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্রস্থানত বাধা থাকে।
(৩) পূর্ণ প্রতিযোগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠানসমূহ দৰ গ্রহণকাৰীহে, সিহঁত দৰ নির্ণয়কাৰী নহয়।
    আনহাতে, একচেতীয়া বজাৰত উৎপাদন প্রতিষ্ঠান এটাই একচেতীয়াভাৱে দৰ নিৰ্ধাৰণ কৰিব পাৰে অর্থাৎ দৰ নির্ধাৰণকাৰী।
(৪) পূর্ণ প্রতিযোগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠান এটাই কেৱল স্বাভাৱিক লাভহে অর্জন কৰে।
    আনহাতে, দীর্ঘকালতহে একচেতীয়া উৎপাদন প্রতিষ্ঠান এটাই অস্বাভাৱিক লাভ অর্জন কৰিব পাৰে।
(৫) পূর্ণ প্রতিযোগিতামূলক বজাৰত প্রদত্ত দৰত এটা উৎপাদন প্রতিষ্ঠানৰ সন্মুখত এডাল যোগান ৰেখা থাকে।
    আনহাতে, একচেতীয়া বজাৰত প্রতিষ্ঠানটোৱে নিজেই উৎপাদন আৰু দৰ নিৰ্ধাৰণ কৰে। সেইবাবে ইয়াত কোনো যোগান ৰেখা নাথাকে।


9. একচেতীয়া বজাৰৰ বৈশিষ্ট্য উল্লেখ কৰা। HS-2016, 2017
উত্তৰঃ- একচেতীয়া বজাৰৰ বৈশিষ্ট্য হ'ল-
(১) একচেতীয়া বজাৰত এজন মাত্র উৎপাদনকাৰী থাকে আৰু অসংখ্য ক্রেতা থাকে।
(২) এই বজাৰত কোনো প্রতিকল্প সামগ্রী নাথাকে।
(৩) নতুন উৎপাদন প্রতিষ্ঠানৰ এই বজাৰত প্ৰৱেশত বাধা থাকে।
(৪) একচেতীয়া ব্যৱসায়ীয়ে দ্রব্যৰ দৰ আৰু যোগান নির্ধাৰণত প্রধান ভূমিকা লয়।
(৫) এই বজাৰত উৎপাদক বা বিক্রেতাই সর্বাধিক লাভ কৰিব পাৰে।

10. একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰৰ (চাৰিটা) বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- একাধিকাৰ প্রতিযোগিতামূলক বজাৰৰ বৈশষ্ট্যিসমূহ হ'ল—
(১) এই প্রতিযোগিতামূলক বজাৰত বহু সংখ্যক উৎপাদন প্রতিষ্ঠান থাকে। দ্রব্যৰ দৰ বিক্রেতাই স্বকীয়ভাৱে নির্ধাৰণ কৰিব পাৰে।
(২) একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰত দ্রব্যসমূহ পৃথকীকৃত।
(৩) একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰত বিক্রী খৰচ থাকে।
(৪) এই বজাৰত দ্রব্যৰ পৃথকীকৰণে ৰুচি-অভিৰুচি আৰু পছন্দৰ ওপৰত প্ৰভাৱ পেলোৱাৰ ফলত ক্রেতা বিক্রেতাৰ এই বজাৰ সম্পর্কে সম্পূর্ণ জ্ঞান নাথাকে। (৫) একাধিকবাৰ প্ৰতিযোগিতামূলক বজাৰত চাহিদা ৰেখাডাল বাওঁ হাতৰ পৰা সোঁহাতে নিম্নগামী ঢালযুক্ত।

11. এটা উৎপাদন গোটৰ প্রান্তিক আয় (MR) অনুসূচী তলত দিয়া হৈছে। এতিয়া মুঠ আয় (TR) আৰু গড় আয় (AR) অনুসূচী নির্ধাৰণ কৰা।     HS- 2016
Q    MR
1    21
2    19
3    17
4    11
5    7
6    3
উত্তৰঃ-
বস্তুৰ পৰিমাণ    প্ৰান্তিক আয়    মুঠ আয়    গড় আয
1    21    21    21
2    19    40    20
3    17    57    19
4    11    68    17
5    7    75    15
6    3    78    13

12. "একচেতীয়া প্রতিষ্ঠান হ'ল দৰ নিৰ্ধাৰণকাৰী"- ব্যাখ্যা কৰা।    HS-2013, 2014, 2017
উত্তৰঃ- একচেতীয়া বজাৰত এজন মাত্র বিক্রেতা থাকে আৰু বিক্ৰী কৰিব খোজা বস্তুটোৰ কোনো নিকটৱর্তী পৰিকল্প সামগ্রী নাথাকে। সেয়েহে সামগ্ৰীটোৰ যোগানৰ ওপৰত ক্রেতাজনৰ সম্পূর্ণ নিয়ন্ত্রণ থাকে। বিক্রেতাজনে নিজৰ বাবে সামগ্ৰীটোৰ দাম বৃদ্ধি কৰিব পাৰে বা হ্রাস কৰিবও পাৰে। তেওঁ অধিক লাভৰ আশাত সামগ্ৰীটোৰ দাম বৃদ্ধি কৰিব পাৰে বা অধিক বিক্ৰীৰ আশাত তেওঁ সামগ্ৰীটোৰ দাম হ্রাস কৰিব পাৰে। মুঠৰ ওপৰত একচেতীয়া বজাৰ প্রতিষ্ঠানটোৱেই দাম নির্ধাৰণত সর্বেসর্বা। এই বজাৰত বিক্রেতাই যি দাম নির্ধাৰণ কৰে সেই মতেই ক্রেতাই সামগ্ৰীবিধ ল'বলৈ বাধ্য।


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, MIL Assamese, Swadesh Adhyayan, Economics.

Previous
Next Post »