-->

Class 12 Education: Recent Trends in Education । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

Questions Answers of AHSEC Solution for Class 12 Education: শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ । Recent Trends in Education. All the important questions answers are discussed in this article. 

 Current Trends in Education

শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ । Recent Trends in Education has been discussed in systematic way. There are approximately important 30 questions answers in this article.

1. খালী ঠাই পূৰণ কৰাঃ-
(ক) বিশ্ব জনসংখ্যা দিৱস _____ তাৰিখে পালন কৰা হয়।     HS-2015, 2019
উত্তৰঃ- ১১ জুলাই
(খ) আন্তর্জাতিক নাৰী দিৱস _____ তাৰিখে পাল কৰা হয়।        HS-2014, 2017
উত্তৰঃ- ৮ মার্চ
(গ) "বিশ্ব পৰিৱেশ দিৱস" _____ তাৰিখে পাল কৰা হয়।     HS-2016
উত্তৰঃ- ৫ জুন
(ঘ) ১৯৯২ চনৰ সুৰক্ষা বসুন্ধৰা সন্মিলন _____ চহৰত অনুষ্ঠিত হৈছিল।
উত্তৰঃ- ব্রাজিলৰ ৰিউ-দি-জেনেৰো
(ঙ) 'Environment' শব্দটো ফৰাচী _____ শব্দৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ- Environer
(চ) _____ সুস্থ মনৰ বাবে দৰকাৰী।
উত্তৰঃ- সুস্থ পৰিৱেশ
(ছ) 'Environment' শব্দৰ অৰ্থ _____।
উত্তৰঃ- আমাৰ চাৰিওফাল
(জ) বর্তমান ভাৰতৰ জনসংখ্যা _____।
উত্তৰঃ- ১০ মিলিয়ন
(ঝ) _____ শিক্ষানীতিত পৰিৱেশ শিক্ষাক সমগ্র শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে সামৰি ল'বলৈ পৰামর্শ দিয়া হৈছে।
উত্তৰঃ- ১৯৮৬ চনৰ ৰাষ্ট্ৰীয়
(ঞ) পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ১৯৭৭ চনত _____ সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল। HS-2019
উত্তৰঃ- ৰাছিয়াৰ টিলিটি

চমু উত্তৰ দিয়াঃ-
2. কিমান চনত বেংককত UNESCO য়ে দক্ষিণপূর্ব আঞ্চলিক কর্মশালাত জনসংখ্যাৰ শিক্ষাৰ সম্পর্কে আলোচনা কৰিছিল।

উত্তৰঃ- ১৯৭০ চনত।

3. পৰিৱেশ মানে কি?
উত্তৰঃ- পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি।

4. পৃথিৱীৰ কোনখন দেশ সকলোতকৈ বেছি জনসংখ্যা থকা দেশ?
উত্তৰঃ- চীন

5. জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে আৰম্ভণি কৰিছিল?    HS-2018
উত্তৰঃ- ১৯৮২ চনৰ শান্তিৰ নোৱেল বঁটা প্রাপ্ত আমিৰেকাৰ সমাজতত্ত্ববিদ "আলভা মিৰদালে" পোন প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল।

6. কোন চনত 'মহিলা সবলীকৰণৰ ৰান্তীয় নীতি' চৰকাৰে গ্ৰহণ কৰিছিল।
উত্তৰঃ- ২০০১ চনত।

7. "Protection of Women from domestic violence Bill" খন কোন চনত আৰু কিয় গ্রহণ কৰিছিল।
উত্তৰঃ- ২০০৫ চনৰ ২৩ জুনত পুৰুষৰ উৎপীড়নৰ পৰা নাৰীক মুক্ত কৰিবলৈ গ্রহণ কৰিছিল।

8. কেতিয়া আৰু কোনে পোন প্ৰথমবাৰৰ বাবে 'মূল্যবোধ' শব্দৰ প্ৰয়োগ কৰিছিল?
উত্তৰঃ- ১৮৮০ চনত ফ্রেডিক নিয়েটয়ে।

9. ৰাষ্ট্ৰীয় স্ত্রী শিক্ষা কমিটী কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ- ১৯৫৮-৫৯ চনত।

10. পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য লিখা।     HS-2018, 2013
উত্তৰঃ- পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য হ'ল—
(১) প্রকৃতি থাকিলেহে মানুহ জীৱাই থাকিব পাৰে, এই জ্ঞান নৱপ্ৰজন্মক অনুভৱ কৰিবলৈ শিকোৱাটো পৰিৱেশ শিক্ষাৰ প্রধান উদ্দেশ্য। (২) পৰিৱেশ ধ্বংস কৰা মানে মানুহৰ নিজৰে ধ্বংসৰ পথ ৰচনা কৰা, এই সত্য অনুভৱ কৰিবলৈ শিকোৱাটো এই শিক্ষাৰ আন এটা উদ্দেশ্য।

11. জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।     HS-2019
উত্তৰঃ- (১) জনসংখ্যা শিক্ষা মানৱসম্পদ আঁচনিৰ অন্তর্ভুক্ত।
(২) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।

12. মহিলাৰ সবলীকৰণ বুলিলে কি বুজা?     HS-2012, 2018, 2019
উত্তৰঃ- ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্রদান কৰিছে। ভাৰতীয় সমাজত প্রচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰ প্রত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ বঢ়োৱা প্রক্রিয়াকে "মহিলা সবলীকৰণ” বুলি কোৱা হয়। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাহিৰেও আত্মবিশ্বাসী হোৱাত আৰু সমাজৰ যিকোনো পৰিস্থিতিত খাপ খোৱাতো সহায় কৰে। ১৯৮৫ চনত নাইৰোবিত অনুষ্ঠিত হোৱা আন্তর্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰিছিল।

13. পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি লিখা।     HS-2019
উত্তৰঃ- (১) পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাক নিশ্চয়তা লৈ গতি কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে এটা শিশুৱে অতি সহজে বিভিন্ন ৰঙৰ মাজত থকা বৈষম্যৰ বিষয়ে ক'ব নোৱাৰে। কিন্তু বয়সৰ লগে লগে ই বিভিন্ন ৰঙৰ বিষয়ে ভালদৰে ক'ব পৰা হয়। (২) পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিশেৱত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে।

14. মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা?     HS-2015, 2019
উত্তৰঃ- মূল্যবোধৰ শিক্ষা বুলিয়ে এনেবোৰ শৈক্ষিক কার্যসূচী সামৰি লোৱাৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগায়। অর্থাৎ এই কার্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্রদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সর্বাত্মক বিকাশত অর্থাৎ শাৰীৰিক, মানসিক, নৈতিক সৌন্দর্যবোধক সামাজিক আৰু আধ্যাত্মিক বিকাশ ঘটোৱাত সহায় কৰে।

15. পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।     HS-2016
উত্তৰঃ- পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল—
(১) পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে ই প্ৰকৃতিৰ সকলোবোৰ বিভাগ। যেনে— সামাজিক, অর্থনৈতিক, নৈতিক, শৈক্ষিক, কাৰিকৰী আদি সকলোবোৰ দিশেই সাঙুৰি লয়।
(২) পৰিৱেশ শিক্ষাই ব্যক্তিৰ শিক্ষা, জ্ঞান, চৰিত্র, ব্যক্তিত্ব, মনোভাৱ ইত্যাদিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।

16.  পৰিৱেশক মূলত কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগ কেইটা কি কি?
উত্তৰঃ- পৰিৱেশক মূলত তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ'ল–
(১) প্রাকৃতিক পৰিৱেশঃ- প্রাকৃতিক পৰিৱেশে আমাৰ জলবায়ু, জলমণ্ডল, স্থলমণ্ডল আৰু ইয়াত থকা গছ-গছনি, হাবি-জংঘল, নৈ-সাগৰ আদিক সামৰি লয়।
(২) সামাজিক পৰিৱেশঃ- সামাজিক পৰিৱেশ বুলি কওঁতে আমাৰ আর্থ-সামাজিক গাঁথনি, জন-গাঁথনি, জনসংখ্যা বৃদ্ধিৰ হাৰ, নিয়োগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নির্বাহৰ মানদণ্ড আদি বিষয়বোৰ সামৰি লয়।
(৩) মানৱ-সৃষ্ট পৰিৱেশঃ- মানৱ-সৃষ্ট পৰিৱেশে গাঁও, নগৰ-চহৰ, ইয়াত থকা অনুষ্ঠান প্রতিষ্ঠান, উদ্যোগ, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, কৃষি, পৰিবহণ ব্যৱস্থা আদি সামৰি লয়।

17. মূল্যবোধ শিক্ষা দিয়াৰ দুটা উপায় কি কি?
উত্তৰঃ- মূল্যবোধ শিক্ষা প্রত্যক্ষ আৰু পৰোক্ষভাৱে দিব পাৰি৷ বিদ্যালয়ত দৈনন্দিন পাঠদানত, শ্ৰেণীকোঠাত ছাত্র-ছাত্রীক বিভিন্ন পাঠৰ মাধ্যমেৰে মূল্যবোধৰ শিক্ষা প্রদান কৰা যায়। কোনো কোনো ৰাজ্যত নীতিশিক্ষাৰ দ্বাৰা এই শিক্ষা প্রদান কৰাৰ ব্যৱস্থা কৰিছে। বিভিন্ন ধৰণৰ সাধুকথা বা বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনাৰ মাধ্যমেৰে মূল্যবোধ সম্পর্কে বুজোৱা হয়। আকৌ পৰোক্ষভাৱে সহ পাঠ্যক্রম কাৰ্যসূচীৰ দ্বাৰা বিদ্যালয়ত এই মূল্যবোধৰ শিক্ষা প্রদান কৰা হয়|

18. "এছিয়া মহাদেশত'' পৰিৱেশ শিক্ষা প্রদানৰ বাবে হোৱা কর্মশালাত পৰিৱেশ শিক্ষণৰ উদ্দেশ্যবোৰ লিখা।
উত্তৰঃ- এছিয়া মহাদেশত পৰিৱেশ শিক্ষা প্রদানৰ বাবে হোৱা কর্মশালাত পৰিৱেশ শিক্ষাৰ উদ্দেশ্যবোৰ তলত দিয়া হ'ল—
(১) পৰিৱেশত অন্তর্নিহিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা।
(২) পৰিৱেশৰ সংৰক্ষণ আৰু পৰিবৰ্দ্ধনৰ বাবে প্রয়োজনীয় মূল্যবোধ মনোভাৱৰ দায়িত্ব আহৰণ কৰা।
(৩) পৰিৱেশৰ সমস্যাবোৰৰ বাবে জনসাধাৰণ জ্ঞাত হোৱা আৰু ইয়াৰ ওপৰত প্রতিক্রিয়া প্রকাশ কৰা আৰু সমাধানৰ পথ ওলোৱাত চেষ্টা কৰা।

19. পৰিৱেশ শিক্ষাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।    HS-2012, 2014
উত্তৰঃ- মানুহ আৰু পৰিৱেশৰ মাজত যে এক গভীৰ সামাজিক তথা বৈষয়িক সম্পর্ক সদা বিৰাজমান সেই সম্পর্কে ল'ৰা-ছোৱালীক অৱগত কৰাবলৈ পৰিৱেশ শিক্ষাৰ অতি প্রয়োজন। পৰিৱেশ প্ৰদূষণ আৰু অৱনয়নৰ ফলত বর্তমান সৃষ্টি হোৱা কেতবোৰ ভয়াৱহ সমস্যাৰ বিষয়ে পৰিৱেশ শিক্ষাই ছাত্র-ছাত্রীৰ মনত সজাগতা বৃদ্ধি কৰাত সহায় কৰে। পৰিৱেশ শিক্ষাৰ প্রধান উদ্দেশ্যই হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশ মূলক বিষয়সমূহৰ সম্পর্কে বুজাই তোলা যাতে প্রকৃতি আৰু প্রাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰি। মূলতঃ পৰিৱেশৰ প্রতি সজাগ আৰু সক্রিয় কৰি তোলাৰ বাবেই পৰিৱেশ শিক্ষাৰ প্রয়োজনীয়তা অপৰিসীম।
    পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে প্রকৃতিৰ সকলো বিভাগকেই ইয়াত সামৰি লয়। পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। বর্তমান যুগত পাৰিপাৰ্শ্বিক ক্ৰমবিৱর্তন হোৱা দেখা যায়- জনসংখ্যা বিস্ফোৰণ বৈষয়িক সম্পদৰ অৱনমন, বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ দ্বাৰা উদ্ভাৱন হোৱা সামগ্ৰীৰ পৰা হোৱা বায়ু, পানী মাটিৰ প্ৰদূষণে মানৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া দেখা গৈছে। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে পৰিৱেশ শিক্ষাৰ গুৰুত্ব বাঢ়ি আহিছে।

20. শাৰীৰিক শিক্ষা কি? HS-2019 বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ তিনিটা ব্যৱস্থা সম্পর্কে আলোচনা কৰা। HS-2012, 2017
উত্তৰঃ- এজন শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অর্থাৎ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিক কার্য সম্পাদনৰ মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাটোৱেই শাৰীৰিক শিক্ষা বুলি কোৱা হয়।
    বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ তিনিটা ব্যৱস্থা হ'ল—
(১) উচ্চ মাধ্যমিক পর্যায়ত ব্যায়াম, শৰীৰ চৰ্চা, যোগ ধ্যান, সাঁতোৰ আদি শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰণ।
(২) উচ্চ প্রাথমিক আৰু মাধ্যমিক স্তৰত ছাত্ৰ-ছাত্ৰীৰ মাজত দলীয় খেল-ধেমালী, কেম্প নানা প্রতিযোগিতা আদি অন্তর্ভুক্ত কৰিব লাগে। যিবোৰ বিদ্যালয়ত এন. চি. চি. স্কাউট গাইড সমাজসেৱা শাৰীৰিক শিক্ষা প্রদানৰ ব্যৱস্থা নাই সেইবোৰ বিদ্যালয়ত এইবোৰৰ ব্যৱস্থা কৰিব লাগে।
(৩) উচ্চতৰ মাধ্যমিক স্তৰত ব্যায়াম, শৰীৰ চৰ্চা, ড্ৰিল স্কাউট, গাইড ফুটবল, বেডমিণ্টন আদি খেল অন্তৰ্ভূক্ত কৰিব লাগে।

21. মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পর্কে আলোয় কৰা।    HS-2018, 2019
নাইবা
শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজত সম্পৰ্ক আলোচনা কৰা।     HS-2013, 2015

উত্তৰঃ- মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্রয়োজন। ২০০১  চনত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্রহণ কৰিছিল। নির্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে প্রত্যেক ব্যক্তিয়ে কিছুমান কাম কৰিবলগীয়া হয়। এই কামবোৰ কৰিবৰ বাবে সামর্থ্যৰ প্রয়োজন হয়। সামর্থ্য সৃষ্টি কৰা প্রক্রিয়াকে 'সবলীকৰণ' বুলি কোৱা হয়। সবলীকৰণে মহিলাসকলক কোনো এটা কার্য সম্পাদন কৰিবলৈ 'অধিকাৰ' প্রদান কৰে। মহিলাসকলক সঠিক সময়ত, সঠিক ঠাইত, সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে।
    মহিলাসকলে সমাজৰ আর্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱা দেখা যায়। আমাৰ দেশত, বিষেশকৈ নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্রচলিত কিছুমান ভ্রান্ত ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে 'মহিলা সবুলীকৰণ' বুলি ক'ব পাৰি। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী হোৱাত আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমযোজন কৰাতো সহায় কৰে। শিক্ষাই নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অর্থনৈতিক অৱদান সম্পর্কে সচেতন কৰি তোলাত সহায় কৰে। এই সকলো বিলাক নাৰীৰ শিক্ষাৰ দ্বাৰাহে সম্ভৱ হয়।
    পুৰুষ প্রধান সমাজত প্রচলিত চিন্তা ধাৰাবোৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নত কৰিবলৈ শিক্ষাৰ অতি প্রয়োজন। পুৰণি কালৰ পৰাই আমাৰ সমাজৰ মহিলাসকলক দমন কৰি ৰাখিছিল, শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈছিল। শিক্ষাই এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ মহিলাসকলক শক্তি প্রদান কৰে আৰু ৰাজনৈতিকভাৱেও সচেতন কৰে।

22. শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্রদানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।        HS-2018, 2013
উত্তৰঃ- শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্রদানৰ বাবে চাৰিটা পৰামর্শ হল—
(১) সৰু পৰিয়াল সুখী পৰিয়াল এই ধাৰণা প্রাথমিক স্কুল প্রদান কৰিব লাগে।
(২) মাধ্যমিক স্কুলত বিভিন্ন দেশৰ মাজত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু ইয়াৰ তুলনামূলক অধ্যয়ন পাঠ্যপুথিত প্রদান কৰিব লাগে।
(৩) দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানুহৰ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত পেলোৱা প্ৰভাৱবোৰৰ সম্বন্ধে ব্যাখ্যা কৰিব লাগে।
(৪) মাধ্যমিক স্কুলত যৌন-শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশবিশেষস্বৰূপে প্ৰদান কৰিব লাগে।

23. বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ দুটা উপকাৰিতা উল্লেখ কৰা।     HS-2018
উত্তৰঃ- বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ দুটা উপকাৰিতা হ'ল-
(১) শিক্ষার্থীৰ মাজত শৃংখলাবদ্ধ মনোভাৱৰ সৃষ্টি হয়।
(২) শিক্ষার্থীৰ মানসিক সক্রিয়তা বৃদ্ধি হয়।

24. বিদ্যালয়ত শাৰীৰিক শিক্ষাৱ গুৰুত্ব সম্পর্কে আলোচনা কৰা।     HS-2015
উত্তৰঃ- বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্বসমূহ হ'ল—
(১) শাৰীৰিক শিক্ষাই মনৰ সজাগতা বৃদ্ধিত সহায়কাৰী ভূমিকা লয়। কাৰণ মল্লযুদ্ধ, কাবাডী, ক্রীকেট আদি সকলোবোৰ খেলতেই মনোযোগ আৰু সজাগতাৰ প্রয়োজন। বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্রহণে ব্যক্তিৰ সজাগতা বৃদ্ধিত সহায় কৰে।
(২) শাৰীৰিক শিক্ষাই ছাত্র-ছাত্রীৰ শাৰীৰিক দুর্বলতা, ৰোগ-ব্যাধি আদিৰ পৰা বচাই ৰাখে। কিয়নো ই শৰীৰৰ অংগ উপযুক্তভাৱে সঞ্চালন কৰে।
(৩) জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই উত্তম মাধ্যম।
(৪) শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেদৰে সুস্থ ৰাখিব পাৰি সেই সম্বন্ধে যথার্থ জ্ঞান ছাত্র-ছাত্রীসকলক দিব পাৰি। তেওঁলোকক বিভিন্ন ৰোগৰ বিষয়ে আৰু এইবোৰৰ কাৰণ আৰু সতর্কতামূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰি।

25. পৰিৱেশ শিক্ষাৰ চাৰিটা প্রধান উদ্দেশ্য উল্লেখ কৰা।    HS-2015, 2018
উত্তৰঃ- পৰিৱেশ শিক্ষাৰ চাৰিটা প্রধান উদ্দেশ্য হ'ল—
(১) সজাগতাৰ সৃষ্টিঃ- পৰিৱেশ শিক্ষাৰ প্রধান উদ্দেশ্যই হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশ মূলক বিষয়সমূহৰ সম্পর্কে বুজাই তোলা যাতে প্রকৃতি আৰু প্রাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰে।
(২) আন্তর্জাতিক বুজাপৰা আৰু সহযোগিতাঃ- পৰিৱেশ সমস্যা যে আন্তৰাষ্ট্ৰীয় সমস্যা, ইয়াৰ সমাধানৰ বাবে। পৰিৱেশ শিক্ষাক বিশ্বায়ন কৰা।
(৩) উপযুক্ত মনোভাৱ গঠনঃ- পৰিৱেশ শিক্ষাই সমাজৰ কু-সংস্কাৰবোৰ গুচাই বৈজ্ঞানিক মনোভাৱৰ গঠন কৰাত সহায় আগবঢ়োৱা। (৪) দায়িত্ববোধ আৰু অংগীকাৰঃ- পৰিৱেশ শিক্ষাই মানুহক প্রকৃতিৰ প্রতি দায়বদ্ধ কৰি তোলে। এই শিক্ষাই নৱপ্ৰজন্মক পৰিৱেশৰ প্রতি প্রতিশ্রুতিবদ্ধ কৰি তোলা।

26. শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?     HS-2015
উত্তৰঃ- শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল—
(১) অংগসঞ্চালনৰ বিকাশঃ- শাৰীৰিক শিক্ষাই মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী। কাৰণ মল্লযুদ্ধ, কাৰাটে, ক্রীকেট আদি খেলৰ জৰিয়তে শৰীৰৰ পেশীসমূহে উপযুক্তভাৱে সঞ্চালনৰ সুযোগ পায়। তাৰ ফলত খেলুৱৈ সকলৰ ক্রিয়া ক্ষমতা বৃদ্ধি পায়।
(২) শাৰীৰিক বিকাশ গঠনঃ- শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহে সুস্বাস্থ্য কেনেদৰে ধৰি ৰাখিব পাৰে সেই সম্বন্ধে যথার্থ জ্ঞান ছাত্র-ছাত্রীসকলক দিব পৰা যায়। তেওঁলোকক বিভিন্ন ৰোগৰ বিষয়ে এইবোৰৰ কাৰণ আৰু সর্তকতামূলক ব্যৱস্থা ইত্যাদি সম্বন্ধে জনাব পাৰি।
(৩) মানসিক সুস্থতা আৰু সবলতাঃ- আবেগিক বিকাশৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষা অতি প্রয়োজন। বিভিন্ন ধৰণৰ কামৰ দ্বাৰা খং, ৰাগ, চিন্তা, ভাৱনা আদিৰ পৰা আঁতৰত থাকিব পাৰে।
(৪) সামাজিক গুৰ অধিকাৰী হোৱাঃ- মানুহৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক শিক্ষা অতি প্রয়োজন। সহযোগিতা সহনশীলতা আদি গুণসমূহৰ বিকাশ শাৰীৰিক শিক্ষাৰ দ্বাৰা সম্ভৱ হয়।
(৫) ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশঃ- শাৰীৰিক কার্যক্রমনিকাই সুখৰ জীৱন কটোৱাত সহায় কৰাৰ উপৰিও ক্ষমতা বৃদ্ধি আৰু চৰিত্ৰ গঠনত সহায় কৰে। ই মানুহক বাস্তৱৰ সন্মুখীন হোৱাতো সহায় কৰে।

27. শিক্ষানুষ্ঠানসমূহত 'পৰিৱেশ শিক্ষা' প্রদানৰ চাৰিটা ব্যৱস্থা সম্পর্কে আলোচনা কৰা।    HS-2016
উত্তৰঃ- শিক্ষানুষ্ঠানসমূহত 'পৰিৱেশ শিক্ষা' প্রদানৰ চাৰিটা ব্যৱস্থা হৈছে–
(১) জৰীপ কৰাঃ- অঞ্চল বা ঠাইৰ পৰিৱেশ সম্পর্কে আলোচনা কৰিবৰ বাবে জৰীপ পদ্ধতিৰ ব্যৱস্থা কৰি দিব লাগে।
(২) বহিঃঅধ্যয়নঃ- কোনো নদী, জলাশয়, গুহা, পাহাৰ-পর্বত আদিৰ পৰিৱেশ সম্পর্কে অধ্যয়ন কৰোঁতে এখন আঁচনি প্রস্তুত কৰিব লাগে। ইয়াৰ উপৰিও অধ্যয়নৰ লক্ষ্য, আঁচনি আৰু ক্ষেত্র কর্ম আদি নিৰ্দ্ধাৰণ কৰিব লাগে।
(৩) শ্রেণীকক্ষত আলোচনাঃ- শ্ৰেণীত কোনো এটা পৰিৱেশ সম্পর্কীয় বিষয় বাচনি কৰি ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰিব লাগে।
(৪) সৰু সৰু দল লৈ প্রকল্প কৰাঃ- পৰিৱেশ সম্পর্কে বিশদভাৱে আলোচনা কৰিবৰ বাবে শ্ৰেণীৰ শিক্ষার্থীসকলক সৰু সৰু দলত ভাগ কৰি প্রত্যেক দলকে একো একোটা নির্দিষ্ট প্রকল্প দিব লাগে। এই ক্ষেত্ৰত বহুতো বিদ্যালয়ে ECO ক্লাব গঠন কৰা দেখা যায়।

28. নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা।     HS-2016
উত্তৰঃ- মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্রণ ব্যৱস্থা, মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্রক্রিয়া। মহিলাসকলে সমাজৰ আর্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱা দেখা যায়। আমাৰ দেশত বিশেষকৈ নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্রচলিত কিছুমান ভ্রান্ত ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে 'মহিলা সবলীকৰণ' বুলি ক'ব পাৰি। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী হোৱাত আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমাযোজন কৰাতো সহায় কৰে। ই নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অর্থনৈতিক অৱদান সম্পর্কে সচেতন কৰি তোলাত সহায় কৰে। মহিলাসকলক নিজা ভাবমুর্তি আৰু সামাজিক স্থিতি উন্নত কৰাত সবলীকৰণে সহায় কৰে।
    সংবিধান প্রদত্ত নিয়ম অনুসৰি মহিলাসকলে সকলোবোৰ সুবিধা যাতে লাভ কৰিব পাৰে, সেই সম্বন্ধে সজাগ হ'ব পাৰে। মহিলাসকলে নিজা ভাবমূর্তি আৰু সামাজিক স্থিতি উন্নত কৰাত সবলীকৰণে সহায় কৰে। উন্নয়নমূলক কাম কৰাত অংশ গ্রহণ কৰি মহিলাসকলে যাতে সমাজৰ উন্নতিত অৰিহণা যোগাবলৈ সক্ষম হয়, সেই বিষয়ে অৱগত হ'ব পাৰে। সামগ্রিকভাৱে উন্নত সামাজিক পৰিৱেশ সৃষ্টি কৰাৰ বিষয়ে মহিলাসকলে জানিব পাৰে।

29. জনসংখ্যা শিক্ষা বুলিলে কি বুজা? জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য উল্লেখ কৰা।     HS-2012 2016
উত্তৰঃ- জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী– যাৰ দ্বাৰা বর্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱহোৱা সমস্যাবোৰ ৰোধ কৰা, জনবিস্ফোৰণ নিয়ন্ত্রণ কৰা উপায় আদিৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে।
    জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য হৈছে—
(১) পৰিয়াল পৰিকল্পনা আঁচনি ৰূপায়ণ কৰা।
(২) সৰু পৰিয়াল সুখী পৰিয়ালৰ আদর্শ গ্রহণ কৰা।
(৩) জীৱনৰ গুণগত মানদণ্ড উন্নত কৰা।
(৪) জনসংখ্যা বিস্ফোৰণ ৰোধ কৰা।

30. পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পর্কে আলোচনা কৰা।     HS-2018
উত্তৰঃ- পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ 'জৰিয়তে', পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ 'কাৰণে' দিয়া শিক্ষা। শিক্ষাদান বিভিন্ন কাৰ্য বিভিন্ন পদ্ধতিৰে, বিভিন্ন কার্যৰ দ্বাৰা সম্পন্ন কৰিব পৰা যায়।
    পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ কথাও সূচায় জনসংখ্যা বৃদ্ধি, প্রদূষণ, সংৰক্ষণ, নগৰমুখীকৰণ, সম্পদৰ বিতৰণ আৰু গাওঁ আৰু নগৰৰ বাবে কৰা পৰিকল্পনা আদি ইয়াত অন্তর্ভুক্ত। জীৱনব্যাপি চলাশিক্ষাৰ ক্ষেত্ৰত অনুসৰণ কৰা নীতিসমূহ ইয়াতো প্রয়োজন।
    ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত পৰিছে শিক্ষাক সমগ্র শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে সামৰি লব'লৈ পৰামর্শ দিয়া হৈছে। পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে প্রকৃতিৰ সকলো বিভাগকেই ই সাঙুৰি লয়। অর্থনৈতিক, কাৰিকৰী, সামাজিক, নৈতিক, শৈক্ষিক আদি সকলোবোৰ দিশেই ইয়াত অন্তর্ভুক্ত। পৰিৱেশ শিক্ষাই তলত উল্লেখিত দিশবোৰ সামৰি লয়
(১) পৰিৱেশৰ মাধ্যমেৰে সহজে শিক্ষা আহৰণ কৰিব পাৰি। চৰাই চিৰিকটি, গছ, বন আদিৰ বিষয়ে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাতকৈ পৰিৱেশৰ পৰা প্রত্যক্ষভাৱে জ্ঞান আহৰণ কৰা সহজ।
(২) মানুহে পৰিৱেশ অবিহনে জীয়াই থাকিব নোৱাৰে। একোটা পৰিয়ালত জন্ম গ্রহণ কৰা শিশুটোৱে বিভিন্ন স্তৰৰ মাধ্যমেদি জীৱন কটাবলগীয়া হয়। প্রত্যেক স্তৰতে পৰিৱেশৰ কথা জনা অপৰিহার্য। পৰিৱেশ শিক্ষাই মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱেশে পেলোৱা প্ৰভাৱৰ কথাও উনুকিয়াই দিয়ে।
(৩) পৰিৱেশৰ পৰাই প্রকৃত সুখ পোৱা যায়। প্রকৃতিক ভাল পালেহে মানুহে প্রকৃত সুখী হ'ব পাৰে।
    পৰিৱেশ শিক্ষাই সাঙুৰি লোৱা অন্য এটা দিশ হৈছে "পৰিৱেশৰ কাৰণে'' শিক্ষা।

31. নাৰী সবলীকৰণৰ বাবে বিদ্যালয়সমূহে গ্ৰহণ কৰিব পৰা কিছুমান ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- নাৰী সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্রয়োজন। এই ক্ষেত্ৰত বিদ্যালয়সমূহে তলত দিয়া ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
(১) প্রত্যেকগৰাকী ছোৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাক নিশ্চিত কৰা।
(২) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ হ্রাস কৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব।
(৩) মহিলাসকলক তেওঁলোকৰ পছন্দৰ ক্ষেত্ৰসমূহ যেনে– শিক্ষা, স্বাস্থ্য নিয়োগ সম্পর্কে জানিবলৈ যোগ্যবান কৰি তোলাৰ বাবে ব্যৱস্থা ল'ব লাগে।
(৪) মহিলাসকলৰ বাবে প্রস্তুত কৰা মহিলাৰ অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র-ছাত্রীসকলক প্রদান কৰিব লাগিব। (৫) পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তর্ভুক্ত কৰি ছাত্র-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ়ি উঠাত বিদ্যালয়সমূহে সহায় কৰিব লাগে।

32. বিদ্যালয়ত মূল্যবোধ শিক্ষা প্রদানৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে?    HS-2018
উত্তৰঃ- মূল্যবোধৰ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কার্যসূচী অন্তর্ভুক্তিকৰণৰ কৰা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগায়। অর্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্রদান কৰাত সহায় কৰে। এই শিক্ষাই এজন ব্যক্তিৰ মানসিক, শাৰীৰিক, নৈতিক সৌন্দর্যবোধক, সামাজিক আৰু আধ্যাত্মিক আদি সর্বাত্মক বিকাশত সহায় কৰে। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দুই ধৰণে দিব পৰা যায়— প্রত্যক্ষভাৱে আৰু পৰোক্ষভাৱ। বিদ্যালয়ত মূল্যবোধ শিক্ষা প্রদানৰ বাবে লবলগা ব্যৱস্থাসমূহ হ'ল—
(১) সামূহিক প্রার্থনাঃ- বিদ্যালয় আৰম্ভ হোৱাৰ আগতে প্রতিদিনে সামূহিক প্রার্থনা কৰিব লাগে। ই হ'ল মূল্যবোধ গঠনৰ প্রধান উপায়।
(২) বক্তৃতানুষ্ঠানৰ আয়োজনঃ- বিদ্যালয়সমূহত মাজে মাজে বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বক্তৃতানুষ্ঠান, আলোচনা চক্র আদিৰ আয়োজন কৰিব লাগে। তেতিয়া ছাত্র-ছাত্রীয়ে সমাজৰ ভাল বেয়া আদি সম্বন্ধে জ্ঞান আয়ত্ব কৰিব পাৰে।
(৩) শিক্ষাদান পদ্ধতিঃ- বিদ্যালয়ত শিক্ষাদানৰ বাবে বিভিন্ন কৌশল পদ্ধতিৰ সু-ব্যৱস্থা কৰি মূল্যবোধৰ শিক্ষা ফলপ্রসূ কৰিব পাৰি। (৪) আমোদ-প্রমোদৰ কাৰ্যসূচীঃ- গীত-মাত, নৃত্য, নাটক-নাটিকা অনুশীলন, ক্রীড়া, আদিৰ জৰিয়তে মূল্যবোধৰ শিক্ষা প্রদান কৰা যায়।
৫) গণমাধ্যমৰ ব্যৱহাৰঃ- মূল্যবোধ শিক্ষা অনাতাঁৰ, দূৰদর্শন, বাতৰিকাকতৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব লাগে।
    এই ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিলেহে বিদ্যালয়ত মূল্যবোধৰ শিক্ষা ফলপ্রসু হ'ব।


Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »