-->

Class 12 Education: Non-Formal Education । অগতানুগতিক শিক্ষা

Questions Answers of AHSEC Solution for Class 12 Education: অগতানুগতিক শিক্ষা । Non-Formal Education. All the important questions answers are discussed in this article. 

Non-Formal Education

অগতানুগতিক শিক্ষা

অগতানুগতিক শিক্ষাৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: অগতানুগতিক শিক্ষা । Non-Formal Education has been discussed in systematic way. There are approximately important 30 questions answers in this article.


1. খালীঠাই পূৰ কৰাঃ-
(ক) শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ প্ৰত্যক্ষ সম্পর্ক অনুপস্থিতি ______ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। HS-2018
উত্তৰঃ- দূৰ
(খ) ______ ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়। HS-2012, 2014, 2017
উত্তৰঃ- অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয়
(গ) শিক্ষক আৰু ছাত্ৰৰ মাজৰ দূৰত্ব ______ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।    HS-2016
উত্তৰঃ- দূৰ
(ঘ) অগতানুগতিক শিক্ষাই গুৰুত্ব প্রদান কৰে ______ বিষয়ত।
উত্তৰঃ- ব্যক্তিগত প্রয়োজন ভিত্তিক
(ঙ) ______ অতিৰিক্ত আৰু পৰিপূৰক বুলি গ্ৰহণ কৰা হয়।
উত্তৰঃ- অগতানুগতিক শিক্ষাক
(চ) অগতানুগতিক শিক্ষা হ'ল ______ আৰু বিবেচনা পূর্বক।
উত্তৰঃ- স্বতঃস্ফূর্ত
(ছ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন ______ অসমত স্থাপন কৰা হয়।
উত্তৰঃ- ২০০৭ চনত
(জ) দূৰ শিক্ষাৰ ধাৰণা প্ৰথমতে ব্যৱহাৰ কৰিছিল ______।
উত্তৰঃ- কিগান (Keegan) নামৰ চিন্তাবিদগৰাকীয়ে
(ঝ) KKHSOUৰ সম্পূৰ্ণ ৰূপটো হ'ল ______. HS-2015
উত্তৰঃ- Krishna Kanta Handique State Open University
(ঞ) ______ ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় | স্থাপন কৰা হৈছিল।
উত্তৰঃ- ১৯৮৫ চনত
(ট) ______ মুক্ত 'বিদ্যালয় ব্যৱস্থাটোৱে স্বায়ত্ব শাসনৰ ক্ষমতা লাভ কৰে।
উত্তৰঃ- ১৯৮৯ চনত
(ঠ) অগতানুগতিক শিক্ষা হৈছে ______ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা।
উত্তৰঃ- ব্যক্তি আৰু সমাজৰ
(ড) অগতানুগতিক শিক্ষাত সময়সীমা ______ নহয়।
উত্তৰঃ- নির্ধাৰিত
(ঢ) আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প হিচাপে ______ স্থাপন কৰা হৈছে।
উত্তৰঃ- মুক্ত বিদ্যালয়
(ণ) পত্রযোগে শিক্ষাৰ ধাৰণাটো ______ প্রথমে ব্যৱহাৰ কৰিছিল।
উত্তৰঃ- আইজাক পিটমেনে (Issac Pitman)
(ত) ______ ব্যৱস্থা হ'ল আধুনিক শিক্ষাৰ জগতত এটি এ অভিনব সংযোজন।
উত্তৰঃ- দূৰ শিক্ষা
(থ) ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় ______।
উত্তৰঃ- ১৯৬২ চনত

2. "জাতীয় শিক্ষানীতি" গ্রহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম লিখা।    HS-2016
উত্তৰঃ- ৰাজীৱ গান্ধী।

3. অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ সম্পূর্ণ নাম লিখা।    HS-2016
উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

4. আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত এটা পার্থক্য উল্লেখ কৰা।    HS-2012, 2017
উত্তৰঃ- আনুষ্ঠানিক শিক্ষাৰ এক নির্ধাৰিত সময়সীমা আছে, আনহাতে অগতানুগতিক শিক্ষা হৈছে এক অবিৰত প্রক্রিয়া।
 
5. দিল্লী বিশ্ববিদ্যালয়ে কিমান চনত যোগাযোগ পাঠ্যক্ৰমৰ প্ৰৱর্তন কৰে?    HS-2013
উত্তৰঃ- ১৯৬২ চনত।

6. দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ কি পদ্ধতিৰে হয় উল্লেখ কৰা।
উত্তৰঃ- দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ পৰোক্ষ পদ্ধতিৰে হয়।

7. IGNOU-ৰ সম্পূর্ণ অর্থটো কি?
উত্তৰঃ- IGNOUৰ সম্পূর্ণ অর্থ হ'ল—ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। (Indira Gandhi National Open University)

8. কোনখন দেশত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হয়?
উত্তৰঃ- ইটালীত

9. যোগাযোগ পাঠ্যক্ৰমত যোগাযোগ মাধ্যম কি?
উত্তৰঃ- যোগাযোগ পাঠ্যক্ৰমত যোগাযোগৰ মাধ্যম হ'ল—ছপা সামগ্রী, লিখিত টোকা চিঠি-পত্র ইত্যাদি। 


10. প্রথম বছৰতে ইংলেণ্ডৰ মুক্ত বিশ্ববিদ্যালয়ত কিমান শিক্ষার্থীয়ে নাম বৰ্তি কৰিছিল?
উত্তৰঃ- ২৫,০০০ হেজাৰ শিক্ষার্থীয়ে।

11. দূৰ শিক্ষাৰ দুটা গুৰুত্বপূর্ণ দিশ উল্লেখ কৰা।     HS-2018
উত্তৰঃ- দূৰ শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ দিশ হ'ল—
(১) দুর্গম অঞ্চলৰ লোকসকলে নিজকে ভৌগোলিকভাৱে দেশৰ মূল সূঁতিৰপৰা আতৰাই ৰাখিব লগা হয়। তেওঁলোকৰ বাবে দূৰশিক্ষাৰ প্রয়োজনীয়তা-গুৰুত্বপূৰ্ণ ।
(২) জনসংখ্যা বৃদ্ধিৰ বিস্ফোৰণমূলক পৰিস্থিতিয়ে ইয়াৰ স্বাভাৱিক ৰূপত শিক্ষা-সমস্যা সৃষ্টি কৰি তুলি দূৰ-শিক্ষাক সমস্যা সমাধানৰ উপায়স্বৰূপে প্রয়োগ কৰি উঠিব লগা হৈছে।

12. দূৰ শিক্ষা বুলিলে কি বুজা?     HS-2014
উত্তৰঃ- দূৰ শিক্ষা ব্যৱস্থা হ'ল আধুনিক শিক্ষাৰ জগতত এক অভিনৱ সংযোজন। দূৰ শিক্ষা এটি নতুনত্ব আনিব পৰা শিক্ষা ব্যৱস্থা। দূৰ শিক্ষা হ'ল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি য'ত শিক্ষকে দূৰে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। এই ব্যৱস্থাটো হ'ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰোৱা এবিধ শিক্ষা। এই শিক্ষাৰ ধাৰণাটোৱে তিনিতা দিশক সামৰি লয়- (১) শিক্ষাথীকেন্দ্রিক শিক্ষা (2) পৰোক্ষ শিক্ষা আৰু (৩) প্রকৃত জীৱনবোধৰ শিক্ষা। এই শিক্ষা দানৰ বাবে দূৰদৰ্শন, অনাতাঁৰ, শ্ৰব্য কেছেট, কম্পিউটাৰ আৰু অন্যান্য মুদ্রণ সামগ্রীৰ সহায় লোৱা হয়।

13. মক্ত বিশ্ববিদ্যালয়ৰ বিকাশ প্রথমে কেতিয়া ক'ত আৰু কাৰ নেতৃত্বত গঢ় লৈ উঠিছিল?
উত্তৰঃ- মুক্ত বিশ্ববিদ্যালয় প্রথম ইংলেণ্ডত আৰম্ভ হয়। ১৯৬৯ চনত ইংলেণ্ডৰ প্রধানমন্ত্রী হেৰল্ড উইলছনৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল।

14. দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্রকাৰৰ আধুনিক সঁজুলি উল্লেখ কৰা।     HS-2012
উত্তৰঃ- দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্রকার আধুনিক সঁজুলি হ'ল— (১) দৃশ্য-শ্ৰৱণ আহিলা। (২) কম্পিউটাৰ। (৩) দূৰ সংযোগ আহিলা।

15. 'সকলো বিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলো বিলাক দূৰ শিক্ষাই মুক্ত নহয়'— দুটা যুক্তি দিয়া| HS-2019
উত্তৰঃ- দূৰ শিক্ষা হ'ল দূৰৰ পৰা স্বাধীনভাৱে গ্ৰহণ কৰিব পৰা শিক্ষা। এই শিক্ষাত শিক্ষক-শিক্ষার্থীৰ মুখামুখি নোহোৱাকৈ শিক্ষা প্রদান কৰা হয়। এই শিক্ষাক আত্মশিক্ষা বা বিদ্যালয়ৰ বাহিৰৰ শিক্ষা বুলিও কোৱা হয় কিন্তু বর্তমান বহুলভাৱে প্রচলিত এই শিক্ষা ব্যৱস্থা মুক্ত নহয়। এই ব্যৱস্থাত কিছুমান নিয়ম যেনে— নামভৰ্ত্তি, বিষয় নির্বাচন, খৰচ-পাতি, পৰীক্ষা ব্যৱস্থা আদি আছে। অর্থাৎ এই শিক্ষা মুক্ত নহয় বুলি ক'ব পাৰি।

16. আনুষ্ঠানিক শিক্ষা আৰ অগতানুগতিক শিক্ষাৰ পার্থক্য লিখা।
উত্তৰঃ- আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পার্থক্যসমূহ তলত উল্লেখ কৰা হ'ল-
(১) আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ। অগতানুগতিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়। (২) আনুষ্ঠানিক শিক্ষা সাধাৰণধর্মী। অগতানুগতিক শিক্ষা মূলতঃ চাহিদা ভিত্তিক।
(৩) আনুষ্ঠানিক শিক্ষাৰ নীতি -নিয়মবোৰ অনমনীয়। আনহাতেদি অগতানুগতিক শিক্ষাত নীতি-নিয়মবোৰ। তুলনামূলকভাৱে নমনীয়। (৪) আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত এক সময়সীমা আছে। আনহাতে অগতানুগতিক শিক্ষা এক অবিৰত প্রক্রিয়া।  
(৫) আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আনহাতেদি অগতানুগতিক শিক্ষা পৰিসৰ বহল।

16. 'দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা'– ব্যাখ্যা কৰা।    HS-2017
উত্তৰঃ- দূৰ শিক্ষাই সর্ব প্রথমে শিক্ষার্থীসকলক সামৰি লয়, তাৰ পিছতহে এই শিক্ষাই শিক্ষানুষ্ঠানক গুৰুত্ব দিয়ে। ইয়াত শিক্ষার্থীসকলৰ প্রয়োজনীয়তাকহে প্রথম স্থান দিয়ে। শিক্ষার্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাৰ প্রতি দৃষ্টি ৰখা। ইয়াৰ কার্যৱলীবোৰ যিমানখিনি পাৰি কার্যক্ষম কৰি তুলিবলৈ বিচৰা হয়। ইয়াত প্রত্যেকটো পঠনীয় বিষয়ৰ ওপৰত নির্দিষ্ট সময় দিয়া থাকে যদিও সেইসময়ৰ কিছু শিথিলতা থকা দেখা যায়। এই শিক্ষা পদ্ধতিটো এটা নমনীয় শিক্ষা পদ্ধতি। ইয়াৰ মাজেৰে শিকাৰুসকলৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰা হয়। দূৰ শিক্ষা পদ্ধতিত কম বয়সীয়া শিকাৰু আৰু বয়স্ক শিকাৰুৰ মাজত কোনোধৰণৰ ব্যৱধান ৰখা নহয়। শিকাৰুসকলে নিজস্ব যোগ্যতামতে নিজৰ পাঠ্যক্ৰমৰ কাম স্বাধীনভাৱে সম্পাদন কৰিব পাৰে। সেয়েহে দূৰ শিক্ষাক নমনীয় শিক্ষা বুলিও কোৱা হয়।

17. দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।     HS-2015, 2018
উত্তৰঃ- দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল—
(১) দূৰ শিক্ষাই শিক্ষার্থীসকলক পৰোক্ষভাৱে শিক্ষা দিয়ে। এই শিক্ষাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত ভৌগোলিক আৰু আৱেগিক দূৰত্বত থাকে। ইয়াত শিক্ষক শিক্ষার্থীৰ মুখামুখি নোহোৱাকৈয়ে শিক্ষা প্রদান কৰা হয়।
(২) দূৰ শিক্ষা সাধাৰণতে কম খৰচী হয় আৰু অধিক নমনীয় শিক্ষা ব্যৱস্থা।

18. 'দূৰ শিক্ষা মুক্ত নোহোৱাকৈয়ে সম্ভৱ।' আলোচনা কৰা।
উত্তৰঃ- দূৰ শিক্ষাই আত্ম অধ্যয়নৰ প্ৰক্ৰিয়াক কার্যকৰী কৰে। দূৰ শিক্ষা হৈছে আনুষ্ঠানিক ভিত্তিত সম্প্রসাৰণ হোৱা এটি শিক্ষা ব্যৱস্থা। এই শিক্ষাক ব্যক্তিগত অধ্যয়নৰ লগত তুলনা কৰিব নোৱাৰি। ইয়াৰ উপৰি দূৰ শিক্ষাই নামভৰ্ত্তি, বিষয় নির্বাচন, বয়স, নীতি-নিয়মৰ কঠোৰতা ইত্যাদিৰ ক্ষেত্ৰত অধিক নমনীয়তা গ্রহণ কৰে। এই শিক্ষাক আত্মশিক্ষা বা বিদ্যালয়ৰ বাহিৰৰ শিক্ষা বুলিও কোৱা হয়। গতিকে ইয়াৰ পৰাই ক'ব পাৰি যে দূৰ শিক্ষা আংশিকভাৱে মুক্ত নোহোৱাকৈ সম্ভৱ।

19. মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ তিনিটা লক্ষ্য লিখা।
উত্তৰঃ- আধুনিক শিক্ষাৰ ক্ষেত্ৰখনৰ এটা তাৎপর্যপূর্ণ ধাৰণা হ'ল মুক্ত শিক্ষা। মুক্ত শিক্ষা হ'ল এনে এক ব্যৱস্থা, যিয়ে সমাজৰ দুৰ্বল, অনুন্নত আৰু আর্থ-সামাজিকভাৱে পিছপৰা লোকসকলৰ বাবে এক সম শিক্ষাৰ সবিধা প্রদান কৰে। আমাৰ দেশত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়কে ধৰি অন্যান্য ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়সমূহে মুক্ত শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা দেখা যায়।
    মুক্ত শিক্ষাৰ তিনিটা লক্ষ্য হৈছে—
(১) অর্ধশিক্ষিত অৱস্থাত কর্মত নিয়োগ হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূর্ণ কৰাৰ সুযোগ প্রদান কৰা।
(২) প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কর্মকর্তাসকলক প্রয়োজনীয় দক্ষতাৰে শিক্ষা প্রদান কৰা।
(৩) দেশ এখনৰ সকলো পর্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাৰ ব্যৱস্থা কৰা।

20. বর্তমান সমাজত মুক্ত শিক্ষা কিয় প্রয়োজনীয়? ব্যাখ্যা কৰা।
উত্তৰঃ- সাম্প্রতিক সমাজ ব্যৱস্থাত মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্রধান কাৰণবোৰ হৈছে-
(১) বর্তমান সমাজত বিজ্ঞান তথা প্রযুক্তি বিজ্ঞানৰ দ্রুত বিকাশ আৰু উন্নতিৰ ফলত সমাজত এক ধৰণৰ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি হৈছে। এই চাহিদা বা প্রয়োজন পূৰণ কৰিবলৈ মুক্ত শিক্ষাৰ প্রয়োজন।
(২) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত হোৱা বৃহৎ সংখ্যক অপচয় ৰোধ কৰাৰ বাবে মুক্ত শিক্ষাৰ প্রয়োজন হৈছে।
(৩) কেতবোৰ আর্থ-সামাজিক, ভৌগোলিক বা অন্য কাৰণত শিক্ষা লাভৰ পৰা বঞ্চিত লোকসকলক শিক্ষা প্রদান কৰাৰ সুবিধা দিয়াৰ বাবে মুক্ত শিক্ষাৰ প্রয়োজন হৈছে।
(৪) দেশ এখনৰ জাতীয় বিকাশ, আর্থ-সামাজিক উন্নয়ন, চিন্তা, আদর্শ আদিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মুক্ত শিক্ষাৰ
আৱশ্যক।

21. 'অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত' -আলোচনা কৰা।     HS-2017
উত্তৰঃ- অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। বিভিন্ন কাৰণত বিদ্যালয়ত শিক্ষা গ্রহণ কৰিব নোৱাৰা ল'ৰা-ছোৱালীলৈ এই শিক্ষা আগবঢ়াই জনসাধাৰণৰ মাজত শিক্ষাৰ ব্যৱধান হ্রাস কাৰৰ চেষ্টা কৰা হৈছে। এই শিক্ষাই সকলোকে সমভাৱে শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰে। ইয়াৰ বাহিৰেও অগতানুগতিক শিক্ষা হ'ল— প্রয়োজন ভিত্তিক, উৎপাদনমুখী আৰু বৃত্তিমুখী। গণতান্ত্রিক দেশৰ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে শিক্ষাক প্রয়োজন ভিত্তিক আৰু এই শিক্ষা হ'ব লাগে উৎপাদনমুখী আৰু বৃত্তিমুখী। গণতান্ত্রিক দেশ এখন শিক্ষাৰ ক্ষেত্ৰত থকা নীতি, আদর্শক অগতানুগতিক শিক্ষাই সামৰি ল'ব পাৰে বাবেই এই শিক্ষাক গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত বুলি ক'ব পাৰি। এই শিক্ষা উৎপাদনমুখী, কার্যকৰী হোৱাৰ বাবে ভাৰতৰ দৰে গণতান্ত্রিক দেশ এখনত এই শিক্ষাৰ অধিক প্রয়োজন। এই শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ মাজত আর্থিক অসমতা দূৰ কৰাৰ কাৰণে চেষ্টা কৰা হৈছে।

22. অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা|     HS-2014, 2016
উত্তৰঃ- অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হৈছে—
(১) 'শিক্ষা এক জীৱনব্যাপী প্রক্রিয়া'– এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষা গঢ়ি উঠিছে। গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষার্থীৰ জীৱনব্যাপী।
(২) সমাজৰ বৃত্তিধাৰী, গৃহিণী, শিক্ষা আধৰুৱা কৰি এৰা ইত্যাদি লোকৰ বাবে এই শিক্ষাই এক বিকল্প শিক্ষাৰ ব্যৱস্থা কৰে।
(৩) অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ নহয়। শিক্ষার্থীয়ে নিজৰ সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্রহণ কৰাৰ সুবিধা আছে।
(৪) এই শিক্ষাব্যৱস্থা সময়, স্থান, ব্যক্তি, উপস্থিতি, পাঠ্যক্রম, মূল্যায়ন ইত্যাদি সকলো দিশৰ পৰাই এক নমনীয়।
(৫) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক এক শিক্ষা ব্যৱস্থা।

23. অগতানুগতিক শিক্ষাৰ পৰিসৰৰ বিষয়ে বহলাই আলোচনা কৰা।    HS-2013
উত্তৰঃ- আনুষ্ঠানিক শিক্ষাৰ অনেক ত্রুটি দূৰ কৰিবৰ বাবেই অগতানুগতিক শিক্ষাৰ বিকাশ হৈছিল। বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰত এই শিক্ষা লাভ কৰিব পাৰিলেও এই শিক্ষা সুসংগঠিত আৰু সুপৰিকল্পিত। অগতানুগতিক শিক্ষাৰ পৰিধি অতি ব্যাপক। এই শিক্ষাক জীৱন কেন্দ্রিক শিক্ষা বুলি কোৱা যায়। ইয়াৰ পৰিসৰ নিম্ন উল্লেখিত ধৰণে ব্যাখ্যা কৰা যায়।
(১) আনুষ্ঠানিক শিক্ষাৰ কেতবোৰ আঁচনি তথা কার্যপন্থা অগতানুগতিক শিক্ষাই সামৰি লয়। উদাহৰণস্বৰূপে— (ক) প্রাক্‌বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আঁচনি।
(খ) ৬-১৪ বছৰৰ ল'ৰা-ছোৱালীৰ বাবে প্রাথমিক শিক্ষা সার্বজনীনকৰণ।
(গ) মাধ্যমিক শিক্ষাৰ বাবে পূর্ণ আৰু অংশকালীন শিক্ষাৰ বিকাশ।
(ঘ) বিশ্ববিদ্যালয় পর্যায়ত অগতানুগতিক শিক্ষাৰ প্রচলন।
(২) অগতানুগতিক শিক্ষাৰ আঁচনিসমূহ হৈছে— (ক) বৃত্তিমূলক দক্ষতাৰ প্রশিক্ষণ
(খ) কার্যকৰী স্বাক্ষৰতা
(গ) উপভোক্তা শিক্ষা
(ঘ) স্বাস্থ্য শিক্ষা
(ঙ) পৰিৱেশ শিক্ষা
(চ) পুষ্টি শিক্ষা।

24. অগতানুগতিক শিক্ষা কি? বর্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব সমূহ লিখা।     HS-2015, 2018
উত্তৰঃ- স্কুল-কলেজৰ চাৰিবেৰৰ মাজত আবদ্ধ নোহোৱাকৈয়ে মুক্ত বিশ্ববিদ্যালয় বা যোগাযোগৰ মাধ্যমৰ দ্বাৰা যি শিক্ষা প্রদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। ইয়াত আত্মশিক্ষা-নীতি আত্মঅনুশাসন, নমনীয়তা, স্বতঃস্ফূর্ততা, মিতব্যয়িতা আদি মানি চলা হয়। বর্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব হ'ল—
(১) আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত, বা শিক্ষা আধাতে এৰি কৰ্মজীৱনত ব্যস্ত হোৱা লোকসকলৰ উচ্চ শিক্ষা লাভৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত এই শিক্ষাৰ গুৰুত্ব অধিক।
(২) দুর্গম অঞ্চলৰ লোকসকলেও এই শিক্ষাৰ দ্বাৰা লাভান্বিত হ'ব পাৰে।
(৩) শাৰীৰিকভাৱে অক্ষম লোকসকলেও এই শিক্ষাৰ দ্বাৰা মানসিক আৰু বৌদ্ধিকভাৱে নিজকে সবল কৰিব পাৰে।
(৪) দুখীয়া পিছপৰা সমাজৰ অবহেলিত শ্ৰেণীৰ লোকসকলৰ বাবেও শিক্ষা বিশেষ সুবিধাজনক।

25. "সাম্প্রতিক বিশ্বই তিনি ধৰণৰ সমস্যাৰ মুখামুখি হৈছে" এই বিস্ফোৰণবোৰ কি কি?
উত্তৰঃ- সাম্প্রতিক বিশ্বই মুখামুখি হোৱা তিনিটা প্রধান কি হ'ল–
(১) জনসংখ্যাৰ বিস্ফোৰণঃ- জনসংখ্যা বৰ্ধিত হাৰত বুদ্ধি হোৱাৰ ফলত শিক্ষাৰ সা-সুবিধাবোৰ লাভ কৰাৰ পৰা বহুতে বঞ্চিত হৈছে।
(২) জ্ঞানৰ বিস্ফোৰণঃ- বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্রুত বিকাশৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ লগে লগে মানুহৰ জ্ঞান লাভৰ স্পৃহা বৃদ্ধি হৈ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি কৰিছে।
(৩) আশা-আকাংক্ষাৰ বিস্ফোৰণঃ- বর্তমান মানহৰ সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আশা-আকাংক্ষাৰ লিপ্সাও বাঢ়িবলৈ ধৰিছে। ইয়াৰ ফলত ব্যক্তি আৰু সমাজৰ আশা-আকাংক্ষাবোৰ পৰিতৃপ্ত হোৱাত ব্যৰ্থ হৈ বিস্ফোৰণৰ সৃষ্টি হৈছে।

26. এই তিনিটা বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সৈতে সন্মুখীন হোৱাত দূৰ শিক্ষাই কিদৰে সহায় কৰে?
উত্তৰঃ- জনসংখ্যা বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ আৰু আশা-আকাংক্ষাৰ বিস্ফোৰণসমূহৰ প্রত্যক্ষ প্রভাৱ শিক্ষাৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। জনসংখ্যা অত্যধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা স্বত্বেও এক বৃহৎ সংখ্যক লোকে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগা হৈছে। এইবোৰ সমস্যাৰ সন্মুখীন হ'বৰ বাবে দূৰ শিক্ষাই যথেষ্ট সহায় কৰে। যিহেতু দূৰ শিক্ষাত শিক্ষানুষ্ঠানলৈ যোৱা প্রয়োজন নাই গতিকে জনসংখ্যাৰ বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণৰ বাবে শিক্ষানুষ্ঠানত হোৱা ছাত্র-ছাত্রীৰ অতিৰিক্ত বোজা দূৰ শিক্ষাই বহু পৰিমাণে হ্রাস কৰিছে।

27. দূৰ শিক্ষা ব্যৱস্থাত ব্যৱহৃত তিনিবিধ কাৰিকৰী আহিলাৰ নাম লিখা।
উত্তৰঃ- দূৰ শিক্ষাত ব্যৱহৃত হোৱা তিনিবিধ কাৰিকৰী আহিলাৰ নাম হ'ল-
(ক) ৰেডিঅ':- অতি পিছপৰা অঞ্চলৰ মানুহেও ৰেডিঅ'ৰ জৰিয়তে দূৰ শিক্ষা গ্রহণ কৰিব পাৰে।
(খ) কম্পিউটাৰঃ- কম্পিউটাৰো হৈছে দূৰ শিক্ষাৰ এক উত্‍কৃষ্ট মাধ্যম। ইয়াত ইণ্টাৰনেটৰ প্ৰয়োগেৰে শিক্ষার্থীয়ে ঘৰতে বহি শিক্ষা সমলবোৰ আহৰণ কৰিব পাৰে।
(গ) দূৰদৰ্শনঃ- দূৰ শিক্ষাত দূৰদৰ্শনে শিক্ষাৰ্থীক অধিক উপকৃত কৰিছে। দূৰদৰ্শনত নির্দিষ্ট সময়ত দূৰ শিক্ষা বিষয়ৰ অনুষ্ঠান, আলোচনা আদি সম্প্রচাৰ কৰা হয় আৰু ইয়াৰ দ্বাৰা শিক্ষার্থী উপকৃত হয়।

28. মুক্ত শিক্ষাৰ তিনিটা গুণৰ বিষয়ে লিখা।
উত্তৰঃ- মুক্ত শিক্ষাৰ তিনিটা গুণ তলত উল্লেখ কৰা হ'ল—
(ক) মুক্ত শিক্ষাব্যৱস্থাত খৰচ কম বাবে এই শিক্ষাৰ প্রতি মানুহ আগ্রহী হয়।
(খ) এই শিক্ষা ব্যৱস্থাৰ সৰহ সংখ্যক পাঠ্যক্রম চাকৰিৰ লগত জড়িত।
(গ) ভিতৰুৱা অঞ্চল, পাহাৰীয়া অঞ্চল আদিৰ মানুহে এই ব্যৱস্থাত সুবিধা পায়।

29. অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ বর্ণনা কৰা।     HS-2019
উত্তৰঃ- অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ হ'ল- অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হ'ল—
(১) স্কুললৈ নোযোৱাকৈ থকা ল'ৰা-ছোৱালীক শিক্ষাৰ সুবিধা প্রদান কৰি শিক্ষাক সার্বজনীন ৰূপ দিয়া।
(২) জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা। (৩) স্থানীয় আৰু প্রয়োজনবোধে বাহিৰৰ সম্পৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকল নিজ নিজ বৃত্তি সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।
(৪) সমগ্র দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্রহী কৰা।
(৫) জাতীয় আদর্শসমূহৰ প্রতি এক সুস্থ মনোভাব গঢ় দিবৰ বাবে বাঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা। (৬) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্রত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্রয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা।

30. অগতানুগতিক শিক্ষাৰ দুর্বলতাসমূহ কি কি?
উত্তৰঃ- অগতানুগতিক শিক্ষাৰ দুর্বলতাসমূহ হ'ল-
(ক) অগতানুগতিক শিক্ষাই শিক্ষার্থীক প্রয়োজনীয়তকৈ অধিক স্বাধীনতা দিয়ে বাবে শিক্ষার্থীয়ে জ্ঞান আহৰণৰ প্রতি গুৰুত্ব কমকৈ দিয়ে।
(খ) অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ জ্ঞানৰ পৰিধি সীমিত কৰাৰ সম্ভাৱনা থাকে।
(গ) অগতানুগতিক শিক্ষাৰ গুণগত দিশৰ উন্নতিত সন্দেহ ৰৈ যায়।
(ঘ) অগতানুগতিক শিক্ষাত শিক্ষক আৰু শিক্ষার্থী মুখামুখি নোহোৱাৰ বাবে শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াটোৱে পার্থকতা লাভ কৰিব নোৱাৰে।

31. ডাকযোগে শিক্ষাৰ ওপৰত গুৰত দি কোঠাৰী আয়োগ দিয়া চাৰিটা পৰামৰ্শ লিখা।
উত্তৰঃ- (১) পূর্ণ অথবা অংশকালীন শিক্ষা ল'বলৈ অসমর্থ হেজাৰ হেজাৰ লোকৰ বাবে ব্যাপকভাৱে ডাকযোগে শিক্ষাৰ ব্যৱস্থা কৰা।
(২) ছাত্ৰ-ছাত্ৰীসকলক মাজে মাজে শিক্ষকসকলক লগ পোৱাৰ সুযোগ দিব লাগে।
(৩) এই শিক্ষাৰ সহায়ক হোৱাকৈ ৰেডিঅ' আৰু দূৰদৰ্শনৰ কার্যসূচী যুগুত কৰা উচিত।
(৪) শিক্ষক প্রশিক্ষণৰ বাবেও এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

32. মুক্ত শিক্ষাৰ চাৰিটা লক্ষ্য লিখা।
উত্তৰঃ- মুক্ত শিক্ষাৰ চাৰিটা লক্ষ্য হৈছে—
(১) দেশ এখনৰ সকলো পর্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাক কার্যকৰী কৰা।
(২) অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলক শিক্ষাৰ সুবিধা দিয়া।
(৩) অর্ধশিক্ষিত অৱস্থাতে কর্মত নিয়োগ হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূর্ণ কৰাৰ সুযোগ দান কৰা।
(৪) ৰাষ্ট্রৰ কল্যাণৰ অর্থে ব্যক্তিসকলক উৎপাদনমুখী হ'বলৈ প্রয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণৰ দিহা কৰা।

33. মুক্ত শিক্ষাৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।     HS-2015
উত্তৰঃ- মুক্ত শিক্ষাৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—
(১) কম খৰচী আৰু অধিক কার্যক্ষম শিক্ষা প্রদান কৰা মুক্ত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
(২) মুক্ত শিক্ষাই সমাজৰ পিছ পৰি ৰোৱা ব্যক্তি সকল আৰু আর্থসামাজিকভাৱে পিছপৰা লোকসকলক এক সম শিক্ষাৰ সুবিধা প্রদান কৰে।
(৩) কোনো বৃত্তিত নিয়োজিত ব্যক্তিক তেওঁৰ বৃত্তিগত জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ব কৰাই বৃত্তিত পাৰদৰ্শিতা আৰু উন্নতি লাভত সহায় কৰা এই শিক্ষাৰ অন্যতম বৈশিষ্ট্য।
(৪) বয়স্ক শিক্ষা, সামাজিক শিক্ষা, স্বাস্থ্য শিক্ষা, অবিৰত শিক্ষা ইত্যাদি, মুক্ত শিক্ষাই অধিক সমাজমুখী আৰু প্রয়োগিক কৰি তোলে।

34. মুক্ত শিক্ষাৰ সুবিধাসমূহ কি কি লিখা।
উত্তৰঃ- মুক্ত শিক্ষাৰ সুবিধাসমূহ হ'ল-
(১) বর্তমান সময়ৰ জ্ঞানৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মুক্ত শিক্ষাই ব্যক্তিক জ্ঞানৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে। (২) মুক্ত শিক্ষাৰ মাধ্যমে একেবাৰে ভিতৰুৱা অঞ্চলত বাস কৰা লোক, গ্রাম্যাঞ্চলত বাস কৰা লোকৰ উপৰিও নিয়মীয়া শিক্ষানুষ্ঠানত নাম ভর্তি কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকল, আগতীয়াভাৱে বাদ পৰা সকল আৰু বয়সীয়া লোকসকলে পঢ়াৰ সুযোগ লাভ কৰিব পাৰে।
(৩) মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অর্থপূর্ণ আৰু সংগঠিত। পাঠ্যক্ৰমবোৰ অধিকভাৱে ব্যৱহাৰোপযোগী আৰু প্রয়োগশীল ধৰণৰ।
(৪) মুক্ত শিক্ষা ব্যৱস্থাত নাম ভর্তিকৰণৰ সময়ত নির্দিষ্ট যোগ্যতাৰ প্রয়োজন নহয়। কোনো ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হতা নাথাকিলেও উচ্চ খাপৰ শিক্ষাত ব্যক্তিসকলে নাম ভর্তি কৰিব পাৰে।

35. 'মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই অভাৱ পূৰণ কৰিব পাৰে'– তোমাৰ মতামত দাঙি ধৰা।
উত্তৰঃ- আমাৰ দেশত দৰিদ্ৰলোকসকল, নিৰক্ষৰতা, পিছপৰা অঞ্চলত বাস কৰে, যাতায়তৰ অসুবিধাৰ বাবেও বহুলোকে আনুষ্ঠানিক শিক্ষা লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। তদুপৰি বিভিন্ন বৃত্তি বা কর্মক্ষেত্ৰত সোমোৱাৰ বাবেও একাংশ লোক শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগা হয়।
    মুক্ত শিক্ষা ব্যৱস্থা সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ প্রয়োজন পূৰণ কৰাৰ এক উল্লেখযোগ্য মাধ্যম। যিহেতু মুক্ত শিক্ষা ব্যৱস্থা নির্ধাৰিত বয়স, স্থান, পাঠ্যক্রম, সময় আদি দিশৰ মাজত আৱদ্ধ নহয় সেয়েহে সমাজৰ যিকোনো লোকেই এই শিক্ষা লাভৰ সুযোগ পাব পাৰে। তদুপৰি এই শিক্ষা ব্যৱস্থা বর্ধিত জনসংখ্যাক প্রয়োজনভিত্তিক শিক্ষা প্রদানৰ বাবে উপযোগী। সেয়েহে আমি ক'ব পাৰো যে—মুক্ত শিক্ষা ব্যৱস্থা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ শিক্ষাৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম।

36. আমাৰ দেশৰ দূৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।    HS-2010
উত্তৰঃ- আমাৰ দেশৰ দূৰ শিক্ষাৰ প্রয়োজনীয়তা সমূহ হ'ল—
(১) আমাৰ দেশত অসংখ্য লোক অত্যন্ত পিছপৰা অঞ্চলত বাস কৰে য'ত আনুষ্ঠানিক শিক্ষাৰ কোনো ব্যৱস্থা নাই। দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিকাৰু আঁতৰে আঁতৰে থাকে। ইজনে সিজনক সাধাৰণতে লগ নাপালেও এই শিক্ষা পোৱা সম্ভৱ।
(২) দূৰ শিক্ষা ব্যৱস্থাটো অনুষ্ঠানক ভিত্তি কৰি সম্প্ৰসাৰণ হোৱা এটি শিক্ষা ব্যৱস্থা। ইয়াক ব্যক্তিগত অধ্যয়নৰ লগত তুলনা কৰিব নোৱাৰি৷ গতিকে ব্যক্তি প্রত্যক্ষভাৱে ইয়াত জড়িত নহ'লেও হয়।
(৩) দূৰ শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয়।
(৪) দূৰ শিক্ষা এনে এটা পদ্ধতি, যিটো দ্বৈত পথ যোগাযোগেৰে সম্পন্ন কৰা হয়।
(৫) দূৰ শিক্ষা ব্যৱস্থা হ'ল বিশেষ নির্দিষ্ট প্রয়োজনৰ বাবে গঢ় লৈ উঠা বিশেষ অথবা নির্দিষ্ট প্রশ্নোত্তৰ। দূৰ শিক্ষা ব্যৱস্থাটোক এখন আধুনিক উদ্যোগিক সমাজ বুলি কোৱা হয়।
    ওপৰত উল্লেখ কৰা দিশবোৰলৈ লক্ষ্য ৰাখি ক'ব পাৰি যে দূৰ শিক্ষা হ'ল নির্দিষ্টভাৱে গঠন হৈ উঠা এটি উদ্যোগিক বিকাশ। ই শৈক্ষিক জগতখনৰ বাবে বিশেষ তাত্‍পৰ্যপূৰ্ণ।

 

Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »