-->

Class 12 Education: Learning । শিক্ষণ

Questions Answers of AHSEC Solution for Class 12 Education: শিক্ষণ । Learning. All the important questions answers are discussed in this article.   

Class 12 Education  

Learning

শিক্ষণ

শিক্ষণৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: শিক্ষণ । Learning has been discussed in systematic way. There are approximately important 30 questions answers in this article.

1. খালী ঠাই পূৰণ কৰাঃ-
(ক) শিক্ষাত 'শাক্তি আৰু পুৰস্কাৰ'ৰ ভিত্তি হৈছে শিক্ষণৰ ______ নীতি।    HS-2015, 2019
উত্তৰঃ- ফলাফলৰ
(খ) বহুবাৰ চেষ্টা কৰি এজন ছাত্ৰই এটা অংক নিজে সফলভাৱে কৰিবলৈ সক্ষম হল। এই শিক্ষণ প্রক্রিয়া শিক্ষণৰ ______ পদ্ধতিৰ দ্বাৰা সমর্থিত।    HS-2018
উত্তৰঃ- প্রচেষ্টা আৰু ভুল শিক্ষণ
(গ) কৃত্রিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্রতিক্রিয়াক ______ বোলে। HS-2012
উত্তৰঃ- অনুবন্ধনবাদ
(ঘ) থণর্ডাইকৰ মতে শিক্ষা হ'ল ______ আৰু প্রতিক্রিয়াৰ মাজত বন্ধন।    HS-2014
উত্তৰঃ- উদ্দীপক
(ঙ) সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ______ পদ্ধতিৰ মূল উপাদান।    HS-2017
উত্তৰঃ- প্রচেষ্টা আৰু ভুল
(চ) পেছাগতভাৱে পেভলভ আছিল এজন ______।
উত্তৰঃ- শৰীৰতত্ত্ববিদ
(ছ) শিক্ষণ হ'ল ______ আয়ত্তকৰণ।
উত্তৰঃ- অভিজ্ঞতাৰ
(জ) প্রচেষ্টা আৰু ভুল শিক্ষা পদ্ধতিৰ মূল হৈছে ______।
উত্তৰঃ- পুনৰাবৃত্তি
(ঝ) গেষ্টাল্ট স্কুল অৱ চাইক'লজীৰ প্ৰতিষ্ঠাপক আছিল ______।
উত্তৰঃ- ক'হলাৰ
(ঞ) পৰিপক্কতা সংঘটিত হয় ______ আৰু ______ বিকাশৰ কাৰণে।
উত্তৰঃ-দৈহিক, মানসিক
(ট) শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতি ______ তত্ত্বৰ লগত জড়িত।
উত্তৰঃ- সংযোগবাদ
(ঠ) গেষ্টাল্ট এটা ______ শব্দ, ইয়াৰ অৰ্থ হৈছে ______ বা সম্পূর্ণ আকাৰ।
উত্তৰঃ-জার্মান, সমগ্র
(ড) কহলাৰে সর্বাধিক পৰীক্ষা-নিৰীক্ষা চলোৱা জন্তুবিধ আছিল চুলটান নামৰ ______।
উত্তৰঃ- চিম্পাঞ্জী
(ণ) 'অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণ সংশোধনৰ কাৰ্যই হ'ল শিক্ষণ' এই মতামতৰ লগত জড়িত ব্যক্তিগৰাকীৰ নাম ______।
উত্তৰঃ- গেইট
(ত) অন্তদর্শন হৈছে সামগ্রিক ______ ৰ প্রতি সজাগতা।
উত্তৰঃ- অৱস্থা
(থ) ______ অনুবন্ধন তত্ত্বৰ প্রৱর্তক আছিল।
উত্তৰঃ- আইভান পেভলভ

2. "সামগ্ৰীকৰণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল''– এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত হৈ আছে? HS-2018
উত্তৰঃ- অন্তদর্শন শিক্ষণ পদ্ধতি।

3. শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদর্শন পদ্ধতিৰ দুটা পার্থক্য লিখা।    HS-2018
উত্তৰঃ- শিক্ষণৰ 'প্রচেষ্টা আৰু ভুল পদ্ধতি' আৰু 'অন্তদর্শন পদ্ধতিৰ' পার্থক্য হ'ল—
(১) প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে দৈহিক ক্রিয়াভিত্তিক। আনহাতে, অন্তদর্শন হৈছে মানসিক ক্রিয়াভিত্তিক শিক্ষণ পদ্ধতি।
(২) প্রচেষ্টা আৰু ভুল পদ্ধতি নিম্ন পর্যায়ৰ শিক্ষা। আনহাতে, অন্তদর্শন পদ্ধতি উচ্চ পর্যায়ৰ শিক্ষা।

4. তলৰ প্ৰবাদ কেইটা কোন কেইটা শিকন নীতিৰ লগত জড়িত উল্লেখ কৰা।    HS-2019
উত্তৰঃ- অভ্যাসৰ নৰ, কর্ণপথে কৰে শৰ—অনুশীলন নীতি। কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে—ফলাফল নীতি।

5. শিক্ষণৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য উল্লেখ কৰা।     HS-2015
উত্তৰঃ- শিক্ষণৰ দুটা বৈশিষ্ট্য হৈছে–
(১) আগ্রহ আৰু শিক্ষাৰ সম্পর্ক ঘনিষ্ঠ। আগ্রহ অবিহনে শিক্ষণ সম্ভৱ নহয়।
(২) শিক্ষণ উদ্দেশ্য প্রণোদিত নির্দিষ্ট লক্ষ্য-উদ্দেশ্যৰ দ্বাৰা পৰিচালিত। লক্ষ্য-উদ্দেশ্য অবিহনে শিক্ষণ সম্ভৱ নহয়।

6. শিক্ষণৰ 'অনুশীলন নীতি'ৰ ভাগ দুটা লিখা।     HS-2017
উত্তৰঃ- শিক্ষণৰ 'অনুশীলন নীতিৰ' ভাগ দুটা হৈছে— (১) ব্যৱহাৰৰ নীতি (২) অব্যৱহাৰৰ নীতি।

7. পেভেলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়া কোনটো আছিল?    HS-2017
উত্তৰঃ- বেল বা ঘণ্টাৰ শব্দটো অনুবন্ধনবাদ পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া।

8. শিক্ষণৰ 'গেষ্টাল্ট' (সমগ্রতাবাদ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা।    HS-2012
উত্তৰঃ- ক'হলাৰ আৰু কাফ্‌কা।

9. শিক্ষণৰ মুখ্যনীতি কেইটা কি কি?     HS-2012
উত্তৰঃ- (১) প্রস্তুতি নীতি
(২) ফলাফলৰ নীতি
(৩) অনুশীলনৰ নীতি।

10. পৰিপক্কতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- পৰিপক্কতাৰ দুটা বৈশিষ্ট্য হ'ল—
(১) পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত সংঘটিত হোৱা দেহৰ এটা অন্তৱর্তী প্রক্রিয়া।
(২) পৰিপক্কতাৰ দ্বাৰা ব্যক্তিৰ দৈহিক বিকাশতাৰ নিজস্ব ৰূপত আৰু স্বাভাৱিক গতিত সংঘটিত হয়।

11. অন্তৰ্দৃষ্টিমূলক বা অন্তদর্শন শিক্ষণ কি?     HS-2013, 2019
উত্তৰঃ- অন্তদর্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্রীকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত। সামগ্রীকতাবাদী মনোবিজ্ঞানী সকলৰ মতে শিক্ষা সামগ্রীকভাৱে সংঘটিত হয়। শিক্ষণ কার্যত শিকাৰুজনে গোটেই পৰিৱেশটো বুজিবলৈ যত্ন কৰিব লাগে, কিন্তু অংশ হিচাপে নহয়। যেতিয়া অংশবোৰৰ পাৰস্পৰিক সম্পর্ক জনা যায়, তেতিয়া সামগ্রীকভাৱে ই শিকাৰুৰ মনত আকস্মিকভাৱে নতুন পোহৰৰ চকমকনিৰ দৰে উদ্ভাসিত হয়। ফলস্বৰূপে ইয়াৰ জৰিয়তে শিকাৰুৱে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। সেইবাবে সামগ্রীকতাবাদী মনোবিদসকলৰ মতে শিক্ষণ অন্তদৃষ্টিৰ দ্বাৰাহে সম্ভৱ, প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা নহয়।

12. প্রশিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপর্য লিখা। HS-2018
উত্তৰঃ- শিক্ষাৰ ক্ষেত্ৰত এই নীতিৰ যথেষ্ট গুৰুত্ব আছে। কোনো কামৰ ফলাফল যেতিয়া সন্তোষজনক হয় তেতিয়া পৰৱর্তী কার্যৰ বাবে মন আগ্রহী হয় আৰ আগতকৈও ভাল ফল দেখুয়াবলৈ মন যায়। কিন্তু যদি ফলাফল সন্তোষজনক তেতিয়া মন হতাশ, অনিচ্ছা আদিৰে ভৰি পৰে। সেতিয়া সৰু সৰু ল'ৰা-ছোৱালীক কোনো ভাল কামৰ বাবে পুৰস্কৃত কৰা হয় তেতিয়া সিহঁতৰ উৎসাহ বাঢ়ে আৰু তেনে কাম পুৰণ কৰিবলৈ আগ্রহী হয়। আনহাতে, যেতিয়া শাস্তি প্রয়োগ কৰা হয় তেতিয়া তেনে কাম ভৱিষ্যতে নকৰিবলৈ সচেতন হয়। সেই বাবেই শিক্ষাৰ ক্ষেত্ৰত ফলাফলনীতি গুৰুত্ব অতি গুৰুত্বপূর্ণ।

13. 'শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল'। উদাহৰণসহ ব্যাখ্যা কৰা।    HS-2015
উত্তৰঃ- পৰিপক্কতা আৰু শিক্ষণৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক আছে। পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত সংঘটিত হোৱা দেহৰ এক অন্তৱর্তী প্রক্রিয়া। উদাহৰণস্বৰূপে এটা কম বয়সীয়া শিশুৱে ভাষা আয়ত্ব কৰিব নোৱাৰে কিয়নো তাৰ বাবে নির্দিষ্ট বয়সৰ প্রয়োজন। কিন্তু কিছুমান ক্ষেত্ৰত শিক্ষণৰ অভাৱত নির্দিষ্ট বয়সপ্রাপ্ত হ'লেও স্বাভাৱিক ৰূপত ভাষা আয়ত্ব কৰিব নোৱাৰিবও পাৰে।
    ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰো যে শিক্ষাৰ ক্ষেত্ৰত দুয়োটা দিশেই গুৰুত্বপূৰ্ণ অর্থাৎ শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। পৰিপক্কতাই শিক্ষণৰ যোগ্যতা প্রদান কৰে। এই দুই প্রক্রিয়াৰ পাৰস্পৰিক সম্পৰ্কৰ স্বৰূপ মনোবিজ্ঞানৰ সৃষ্টিকালৰ পৰা সূক্ষ্ম বিবেচনাযোগ্য কোনবিধ আচৰণ জৈৱিক পৰিপক্কতাৰ ফল আৰু কোনবিধ আচৰণ শিক্ষাৰ ফলত সংঘটিত হয় তাক স্পষ্টকৈ নিৰ্ধাৰণ কৰাটো কঠিন। শিক্ষণৰ বাবে পৰিপক্কতা এক গুৰুত্বপূৰ্ণ চর্ত। যদিহে শিশুৰ উপযুক্ত পৰিপক্কতা লাভ নোহোৱা অৱস্থাত শিক্ষণ তাৰ ওপৰত বলপূর্বকভাৱে প্ৰদান কৰিলে শিশু সেই বিকাশৰ বাবে প্রতিকূল হৈ উঠিব। কোনো ক্রিয়াৰ বাবে প্রয়োজন হোৱা পৰিপক্কতা অনুযায়ী শিক্ষণৰ সুযোগ সুবিধা প্রদান কৰিব পাৰিলেহে আমি শিক্ষণৰ ক্ষেত্ৰত সুফল লাভ কৰিব পাৰো। অর্থাৎ এই দুয়োটা দিশৰ সুস্থ সমন্বয়তহে শিক্ষণৰ সুফল লাভ কৰিব পৰা যায়। শিক্ষণৰ সীমা পৰিপক্কতাৰ দ্বাৰা নির্ধাৰিত হয়।

14. 'পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত' -ব্যাখ্যা কৰা।    HS-2013
উত্তৰঃ- পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত। সেয়েহে যিকোনো শিক্ষণ বা অনুশীলনৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় তেতিয়া সেই অনুশীলন পাহৰি যোৱা হয়। কিয়নো যেতিয়ালৈকে অনুশীলন চলি থাকে তেতিয়ালৈকে ই শক্তিশালী আৰু সজীৱ হৈ থাকে। সেয়েহে পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যকীয় চৰ্ত বুলি কোৱা হয়।

15. 'প্রচেষ্টা আৰু ভুল' আৰু অন্তর্দৃষ্টিমূলক শিক্ষণৰ মাজৰ পার্থক্য দেখুওৱা।    HS-2014, 2015, 2018
উত্তৰঃ- (১) প্রচেষ্টা আৰু ভুল পদ্ধতি থর্ণডাইকৰ সংযোগবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত; আনহাতে অন্তদর্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্রীকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত।
(২) প্রচেষ্টা আৰু ভুল শিক্ষণ ব্যৱহাৰিক জ্ঞানৰ জৰিয়তে হোৱাৰ দৰে অন্তদর্শনত ব্যৱহাৰিক জ্ঞানৰ কোনো প্রভাৱ নাই এই শিক্ষণ তাৎক্ষণিকভাৱে সংঘটিত হয়।
(৩) প্রচেষ্টা আৰু ভুল শিক্ষণত বেছি বৌদ্ধিক ক্ষমতাৰ প্রয়োজন নাই কিন্তু অন্তদর্শন বা অন্তদৃষ্টিমূলক শিক্ষাত বৌদ্ধিক ক্ষমতা প্রয়োজন।
(৪) অন্তদৃষ্টিমূলক শিক্ষাত পর্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ গুৰুত্ব থকাৰ দৰে এইবোৰৰ গুৰুত্ব প্রচেষ্টা আৰু ভুল শিক্ষণত নাই।

16. অতি শিক্ষণ আৰু পুনঃশিক্ষণৰ মাজত পার্থক্য দেখুওৱা।    HS-2014
উত্তৰঃ- কোনো এটা বিষয়ৰ শিক্ষা লাভ কৰোতে যদিহে প্রয়োজনীয় চেষ্টাতকৈ অধিক চেষ্টা কৰিবলগীয়া হয়, তাকে অতিশিক্ষণ বোলে। এই অতিশিক্ষণে শিক্ষণ প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে।
    পুনঃশিক্ষণ পদ্ধতিত শিকাৰুৱে নিজৰ প্রয়োজন অনুযায়ী নিজৰ শিক্ষণ সময় কিছুসময়ৰ বাবে স্থগিত ৰাখিব পাৰে। ফলত তেওঁৰ দেহ-মনত নতুন শক্তিৰ উদয় হয় আৰু পুনৰ নতুন উদ্যমেৰে শিক্ষা আহৰণ কৰিব পাৰে। কিয়নো এই শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্রয়োজন।

17. শিক্ষণৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি দুটা উল্লেখ। HS-2016
উত্তৰঃ- থর্ণডাইকে শিক্ষণ নীতিক দুটা ভাগ কৰিছে— ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি। থৰ্ণডাইকৰ মতে, পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন হোৱাৰ সময়ত আনবোৰ অৱস্থা একে থাকিলে এই সংযোগৰ শক্তি বৃদ্ধি হয়। আনহাতে, থনডাইকৰ অব্যৱহাৰ নীতি মতে— স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্রিম উদ্দীপক প্রদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্রতিক্রিয়াৰ সৃষ্টি কৰিব পাৰি। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্রতিক্রিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱর্তে আন কোনো কৃত্রিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশোধিত সম্বন্ধ দীর্ঘ সময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায়। অর্থাৎ অনুশীলন চলি থাকিলে শিক্ষণ অভিজ্ঞতা শক্তিশালী আৰু সজীৱ হৈ থাকে আৰু অনুশীলন এৰি দিলে শিক্ষণো দুর্বল হৈ পৰে।

18. এটা উপযুক্ত উদাহৰণৰ সহায়ত শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ- শিক্ষণ হৈছে এনে এটা প্রক্রিয়া যাৰ সহায়ত আমি কোনো কামত কৌশল বা দক্ষতা আয়ত্ব কৰিব পাৰো। ই মানৱ জীৱনৰ শৈশৱকালৰ পৰা আৰম্ভ হৈ মৃত্যু পর্যন্ত অহৰহ চলি থাকে। এটি শিশুৱে জন্ম গ্রহণ কৰাৰ পিছতেই শিশুটিয়ে স্বাভাৱিক জীৱনৰ লগত খাপ খাবলৈ অসুবিধা পায়। খোৱাৰ বাবে, গা-ধোৱাৰ বাবে, কাপোৰ পিন্ধিবৰ বাবে সকলো সময়তে সি বিষেশকৈ মাকৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয়। এটা নির্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবোৰ কার্য কৰিব পৰা হয়। এয়াই হৈছে শিক্ষণ। এইদৰে শিক্ষণ জন্মৰ লগে লগে আৰম্ভ হৈ মৃত্যু পর্যন্ত চলি থাকে।

19. "শিক্ষণ হ'ল এক বিকাশশীল প্রক্রিয়া'' -ব্যাখ্যা কৰা।
উত্তৰঃ- অভিজ্ঞতাৰ যোগেদি প্রতিক্রিয়া বা আচৰণ পৰিৱৰ্তন বা পৰিশোধন কৰাই হৈছে শিক্ষণ। সকলো জীৱিত প্ৰাণীৰ কিছুমান জন্মগত প্রবৃত্তি থাকে। মানুহ আৰু আন জীৱই পৰিৱেশৰ প্রতি প্রতিক্রিয়া প্রদর্শন কৰে। মানুহৰ প্রবৃত্তিবিলাক বৰ শক্তিশালী, আনহাতে জন্মগত প্রবৃত্তি বিলাকত অমার্জিত বা অপৰিৱর্তিত আচৰণ নিহিত হৈ থাকে। মানুহৰ বুদ্ধি অন্যপ্রাণীতকৈ বেছি। সেই বাবে আমি আমাৰ অমার্জিত বা অপৰিশোধিত প্রতিক্রিয়া বা আচৰণবোৰ পৰিৱৰ্তন কৰি উন্নত কৰিবলৈ কিছুমান কৌশল বা ক্ষমতা অর্জন কৰিবলগীয়া হয়। যেতিয়া আমি বিভিন্ন পৰিৱেশৰ লগত সমযোজন কৰিবলগীয়া হয়, তেতিয়া যথেষ্ট জ্ঞান আৰ অভিজ্ঞতা লাভ কৰো। যিবোৰে আমাৰ প্রকৃতি সলনি কৰে আৰু অমার্জিত সহজাত প্রতিক্রিয়া বা আচৰণ পৰিশোধিত কৰে। সেই বাবে আমি ক'ব পাৰো যে অভিজ্ঞতাৰ যোগেদি প্রতিক্রিয়া বা আচৰণৰ পৰিৱৰ্তন কৰাই হৈছে শিক্ষণ।

20. শিক্ষণৰ মুখ্যনীতি কেইটা কি কি বুজাই লিখা?     HS-2012
উত্তৰঃ- শিক্ষণৰ মুখ্য নীতি তিনিটা। নীতি তিনিটা হৈছে- (১) প্রস্তুতি নীতি (২) ফলাফলৰ নীতি আৰু (৩) অনুশীলনৰ নীতি।
(১) প্রস্তুতিৰ নীতিঃ- শিক্ষাৰ ক্ষেত্ৰত এই নীতিৰ বিশেষ গুৰুত্ব আছে। কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে তেন্তে সি সেই শিক্ষাৰ পৰা কোনো সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰোতে শিক্ষকসকলে শিক্ষার্থীৰ মনৰ প্রস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠটিৰ প্রতি ছাত্রক আকর্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীত পাঠ গ্রহণৰ বাবে প্রস্তুত হ'ব।
    উদাহৰণস্বৰূপে– ক'ব পাৰি যে যেতিয়া এজন ছাত্রই প্রশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে, তেতিয়া সি বেছিকৈ, কৰিবলৈ উৎসাহিত হ'ব। যদি সি বাৰে বাৰে ব্যর্থ হয় তেতিয়া বেছিকৈ কৰিবলৈ উৎসাহিত নহ'ব।
(২) ফলাফলৰ নীতিঃ- এই নীতিৰ মতে, শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে কোনো কার্যৰ ফলাফল ভাল হয়। তেতিয়া হ'লে শিক্ষার্থীয়ে পুনৰ সেই কাম কৰিবলৈ উৎসাহিত হোৱা দেখা যায়। আনহাতে, যদিহে কাৰ্যটোৰ ফলাফল আশাপ্রদ নহয় তেতিয়া শিক্ষার্থীয়ে সেই কার্য কৰিবলৈ নিৰুৎসাহিত হয়। সেইবাবে পুৰস্কাৰ আৰু স্বীকৃতি বা প্রশংসাই শিক্ষণৰ বাবে শিক্ষার্থীক উৎসাহিত কৰে। প্রাপ্য পুৰস্কাৰ বা স্বীকৃতি ভাল কার্যৰ বাবে দিব লাগে যাতে শিক্ষার্থীয়ে আগবাঢ়ি যাবলৈ উৎসাহিত হয়। শাস্তি দিয়া নীতি যথাসম্ভৱ পৰি ত্যাগ কৰিব লাগে। কাৰণ শাস্তিয়ে ঋণাত্মক ফলৰ সৃষ্টি কৰে। শিক্ষাৰ এই নীতিক সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বা আনন্দ আৰু বেদনাৰ নীতিও বোলা হয়।
(৩) অনুশীলন নীতিঃ- এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্রয়োজন। এই নীতিৰ মতে যদিহে অনুশীলন চলি থাকে শিক্ষণ প্রক্রিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চর্চা এৰি দিলে শিক্ষণ প্রক্রিয়া দুর্বল হৈ পৰে। উদাহৰণস্বৰূপে সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুতদিন নকৰিলে পাহৰি যোৱা যায় আৰু চর্চা থাকিলে সহজে কৰিব পৰা দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা কৰা বা পুনঃপুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে "ঘঁহি থাকিলে শিলো ক্ষয় যায়''। শিক্ষকসকলে এই সূত্র মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰাব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

21. শিক্ষণৰ অন্তদর্শন পদ্ধতিৰ ওপৰত ক'হলাৰে কৰা পৰীক্ষাটো বর্ণনা কৰা।    HS-2012
উত্তৰঃ- অন্তদর্শন শিক্ষণ পদ্ধতিটো সামগ্রিকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত। সামগ্রিকতা বাদীসকলৰ মতে সামগ্রিকভাবে শিক্ষণ সংঘটিত হয়। ইয়াত শিক্ষার্থীয়ে শিক্ষণীয় বিষয় বস্তু আংশিকতকৈ সামগ্রিকভাৱেহে বুজিবলৈ চেষ্টা চলায়। শিকিবলগা অংশবোৰৰ পাৰস্পৰিক সংযোগ জানি লোৱাৰ পিছত সামগ্রিক প্রতিচ্ছবি এখন ছাত্র-ছাত্রীৰ মনত প্রতিফলিত হ'ব। এই শিক্ষণত ছাত্র-ছাত্রীৰ অন্তর্দৃষ্টিৰ প্রয়োজন। ক'হলাৰ নামৰ মনোবিজ্ঞানীজনে চুলটান নামৰ বুধিয়ক চিম্পাঞ্জীৰ লগত এটা পৰীক্ষা চলাইছিল। তেওঁ চুলটানক এটা পিঞ্জৰাত আবদ্ধ কৰি ৰাখি বাহিৰত কিছুমান কল ৰাখিছিল। পিঞ্জৰাটোৰ ভিতৰত দুডাল সৰু লাঠীও তেওঁ ৰাখিছিল। চিম্পাঞ্জীটোৱে কলবোৰ দেখা মাত্রকে খাবলৈ ইচ্ছা কৰিছিল আৰু দুয়োখন হাত বাহিৰলৈ মেলি কলখিনি পাবলৈ চেষ্টা কৰিছিল। অৱশ্যে সি কল খাবলৈ সক্ষম হোৱা নাছিল। কিছু সময়ৰ পাছত লাঠী দুডাল দেখা পাই সেই দুডালেৰে কলখিনি অনাৰ চেষ্টা কৰিছিল যদিও সি ঢুকি পোৱা নাছিল। অলপ সময়ৰ পিছত হঠাৎ তাৰ মনত খেলালে যে লাঠী দুডালৰ এডালৰ এটা মূৰ আনডাল লাঠীৰ লগত জোৰা দি দীঘল কৰিব পাৰি। পিছত সি ভবামতে লাঠী দুডাল জোৰা লগাই দীঘল কৰিছিল আৰু কলখিনিও ঢুকি পাইছিল। অর্থাৎ চুলটানে অন্তদর্শনৰ যোগেদি সমস্যা সমাধান সহজে কৰিবলৈ সক্ষম হৈছিল।

22. শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।     HS-2013, 2017
উত্তৰঃ- শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল—
(১) শিক্ষণ উদ্দেশ্য প্রণোদিত আৰু লক্ষ্য অবিহনে শিক্ষণ ফলপ্রসূ নহয়। আমাৰ ইচ্ছা বা প্রয়োজন পূৰাবলৈহে আমি শিকিবলগীয়া হয়।
(২) শিক্ষণ এক ব্যক্তিকেন্দ্রিক কার্য। ব্যক্তিগত পার্থক্যৰ বাবে সকলো মানুহৰে শিক্ষণ ক্ষমতা একে নাথাকে।
(৩) শিক্ষণ স্থায়ী ৰূপ দিয়া প্রধান আহিলা বিধ হৈছে অভ্যাস। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ'ব নোৱাৰে।
(৪) আগ্রহ আৰু শিক্ষাৰ পাৰস্পৰিক সম্পর্ক আছে। আগ্রহ অবিহনে কোনো কথা শিকিব নোৱাৰি।

23. শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা আলোচনা কৰা|    HS-2013
উত্তৰঃ- শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ যথেষ্ট ভূমিকা আছে। সাধাৰণতে শিক্ষার্থীৰ অভিৰোচনৰ বাবে এই উপায় অৱলম্বন কৰা হয়। শিক্ষকৰ এষাৰি প্রশংসাসূচক বাক্যই ছাত্র-ছাত্রীক উৎসাহিত কৰিব পাৰে। আনহাতে, শিক্ষার্থীয়ে বেয়া কাম কৰাৰ বাবে শাস্তি প্রদান কৰিলে ভৱিষ্যতে সেই শিক্ষার্থীয়ে বেয়া কাম কৰাৰ ভয় নাথাকে। কিন্তু যদিহে এই দুয়োটাৰে প্রয়োগ অতিবেছি হয় তেন্তে উদ্দেশ্যৰ ক্ষতিসাধন হোৱাৰহে ভয় থাকে। ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰে যে শিক্ষণত শাস্তি আৰু পুৰস্কাৰ নীতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাধাৰণতে নিৰানন্দৰ বিষয় বা কথাবোৰতকৈ আমোদজনক বিষয় বা কথাবোৰ ছাত্ৰ-ছাত্ৰীৰ বেছি মনত থাকে। শিক্ষকে শ্ৰেণীত সদায় আনন্দমুখৰ পৰিৱেশ এটিৰ সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে।

24 শিক্ষণৰ 'অন্তদর্শন পদ্ধতি'ৰ চাৰিটা শৈক্ষিক মূল্য উল্লেখ কৰা।    HS-2018
উত্তৰঃ- শিক্ষণৰ 'অন্তদর্শন পদ্ধতি'ৰ চাৰিটা শৈক্ষিক মূল্য হ'ল-
(১) এই পদ্ধতিয়ে ছাত্র-ছাত্রীৰ সুপ্ত অন্তর্নিহিত প্রতিভা বিকাশৰ সুযোগ দিয়ে।
(২) প্রতিভাশালী ছাত্র-ছাত্রীসকলৰ প্রতিভা বিকাশৰ ক্ষেত্ৰতো এই পদ্ধতি বিশেষ গুৰুত্বপূর্ণ।
(৩) উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও এই পদ্ধতি সহায়কাৰী।
(৪) এই পদ্ধতিয়ে ছাত্ৰৰ মনত স্বাধীন চিন্তা আৰু নিজ ক্রিয়া প্রচেষ্টা জগাই তুলিব পাৰে।

25. শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্য সম্পর্কে আলোচনা কৰা।     HS-2013, 2018, 2019
উত্তৰঃ- শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্যসমূহ হ'ল-
(১) শাক্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত নিবিড়ভাৱে জড়িত। পুৰস্কাৰে বন্ধন শক্তিশালী আৰু শাস্তিয়ে দুর্বল কৰে। পুৰস্কাৰে কোনো কাম ভালদৰে কৰিবলৈ শিক্ষার্থীক উৎসাহিত কৰে।
(২) পৰিষ্কাৰ-পৰিচ্ছন্ন, নিয়মানুৱর্তিতা, অনুশাসন আদিৰ দৰে ভাল অভ্যাসবোৰ গঠন কৰিবৰ বাবে এই পদ্ধতি প্রয়োজন।
(৩) পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ'লেও এই পদ্ধতি উপযোগী।
(4) এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি।
(৫) জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্রশিক্ষণৰ বাবে ই গুৰুত্ব প্রদান কৰে।
(৬) অনুবন্ধনৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি।
(৭) ই ভাষাৰ অনুষংগ নীতি, বিশেষকৈ সান্নিধ্য নীতিৰ ওপৰত গুৰুত্ব দিয়ে। যি স্মৰণত সহায়কাৰী।

26. শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি কি? শিক্ষণৰ এই নীতিসমূহৰ যি কোনো এটাৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা। HS-2014, 2017
উত্তৰঃ- শিক্ষণৰ প্রাথমিক নীতিকেইটা হ'ল— প্রস্তুতিৰ নীতি, ফলাফলৰ নীতি আৰু অনুশীলনৰ নীতি।
ফলাফল নীতিঃ- শিক্ষার্থীসকলৰ শিক্ষাৰ ফলাফলত এই নীতিৰ বিশেষ গুৰুত্ব আছে। ছাত্র-ছাত্রীয়ে যদিহে ভাল কাম কৰে তেতিয়া শিক্ষকে পুৰস্কাৰ প্ৰদান কৰিব বা প্রশংসা কৰিব। তেনে কৰিলে ছাত্র-ছাত্রীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ স্পৃহা বাঢ়িব। আনহাতে, কোনো ছাত্র-ছাত্রীয়ে বেয়া কাম কৰিলে তাৰ বাবে শাস্তি প্রদান কৰিব লাগে। তেতিয়া ছাত্র-ছাত্রী নিৰুৎসাহিত হ'ব আৰু ভৱিষ্যতে তেনে কাম কৰিবলৈ নিবিচাৰিব। অৱশ্যে শাস্তি প্রদানে শিক্ষা গ্রহণত প্রায়ে প্রতিকূল প্ৰভাৱ পেলায়। ফলাফল নীতিৰ লগত স্মৃতিও জড়িত হৈ আছে। এই নীতিয়ে ইয়াকে বুজায় যে যি বিষয়ে আনন্দ দিয়ে তাক সহজে শিকিব পাৰি আৰু যি বিষয়ে কষ্ট দিয়ে তাক সহজে শিকিব নোৱাৰি। এই নীতিকে পুৰস্কাৰ আৰু শাস্তি সম্পর্কীয় নীতি বুলিও কোৱা হয়।

27. প্রশিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পার্থক্য দেখুওৱা।        HS-2014, 2016, 2019
উত্তৰঃ- শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ হৈছে—
(১) পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিক ৰূপত হোৱা দেহৰ এক অন্তবর্তী প্রক্রিয়া আনহাতে শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশন কৰা প্রতিক্রিয়াৰ পৰিণতি।
(২) পৰিপক্কতাত পুনৰাবৃত্তিৰ অপ্রয়োজনীয় আনহাতে, শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্রয়োজন, ই ভুলৰ পৰিমাণ নোহোৱা কৰে।
(৩) পৰিপক্কতাত অভিৰোচনৰ কোনো প্রভাৱ নাই। আনহাতে, শিক্ষণত অভিৰোচনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে।

28. শিক্ষণৰ প্রস্তুতিৰ নীতিটোৰ শৈক্ষিক তাৎপর্য চমুকৈ আলোচনা কৰা।    HS-2015
উত্তৰঃ- শিক্ষণৰ প্রস্তুতিৰ নীতিৰ শৈক্ষিক তাৎপর্যঃ- শিক্ষকে শিক্ষার্থীসকলক এটি পাঠ শিকাবলৈ যাওঁতে শিক্ষার্থী শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা ভালদৰে জনা উচিত। যদিহে শিক্ষার্থীয়ে পাঠটো শিকাৰ বাবে প্রস্তুত হয়, তেতিয়া পাঠটো আৰম্ভ কৰিব লাগে। কাৰণ ছাত্র-ছাত্রীৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে তেন্তে সেই শিক্ষাৰ পৰা তেওঁলোকে কোনো সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰোতে শিক্ষকজনে শিক্ষার্থীৰ মনৰ প্রস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠৰ প্রতি ছাত্রক আকর্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীৰ পাঠ গ্ৰহণৰ বাবে প্রস্তুত হ'ব।

29. শিক্ষণৰ অনুবন্ধিত প্রতিক্রিয়াৰ পদ্ধতিটো চমুকৈ ব্যাখ্যা কৰা। শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্রভাৱ সম্পর্কে আলোচনা কৰা।    HS-2015, 2016
উত্তৰঃ- আইভান পেভ্‌লভ শিক্ষাৰ অনুবন্ধনবাদ তত্ত্বৰ এজন স্রষ্টা আছিল। সাধাৰণতে স্বাভাৱিক উদ্দীপকৰ ফলত স্বাভাৱিক প্রতিক্রিয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে- ক'ব পাৰি যে খোৱাবস্তু দেখিলে কুকুৰৰ মুখৰ পৰা লালটি ওলায়। এই প্রক্রিয়া বা লালটি ওলোৱা কাৰ্যটো হৈছে সহজাত আৰু স্বাভাৱিক। ইয়াত শিকিবলগীয়া একো নাই। কিন্তু পেভ্‌লভৰ মতে স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্রিম উদ্দীপক প্রদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্রক্রিয়াৰ সৃষ্টি কৰিব পাৰি। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্রতিক্রিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱর্তে আন কোনো কৃত্রিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়।
    শ্ৰেণীকোঠাৰ পৰিৱেশত শিক্ষণৰ অনুবন্ধিত পদ্ধতিৰ প্ৰভাৱসমূহ হ'ল–
(১) এই তত্ত্বৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, অনুশাসন আদি ভাল অভ্যাসবোৰ গঠন কৰিব পাৰে।
(২) ছাত্র-ছাত্রীসকলৰ ভয়, ভালপোৱা আদি আৱেগ গঢ় লৈ উঠাত এই তত্ত্বই সহায় কৰে।
(৩) অনুবন্ধনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ভাষাৰ বিকাশ সাধন কৰিব পাৰি।
(৪) এই পদ্ধতিৰ জৰিয়তে ছাত্র-ছাত্রীৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰে।
(৫) এই পদ্ধতিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শিক্ষা আয়ত্ব কৰিব পাৰে।

30. অন্তদর্শনমূলক শিক্ষণৰ তিনিটা বৈশিষ্ট্য লিখা। HS-2016
উত্তৰঃ- অস্তদর্শনমূলক শিক্ষাৰ তিনিটা বৈশিষ্ট্য হ'ল-
(১) হঠাৎ সংঘটিত হয়
(২) অন্তদর্শন বৌদ্ধিক স্তৰৰ লগত জড়িত। সাধাৰণতে মানুহকে ধৰি উচ্চ শ্রেণীৰ জীৱৰ অন্তদর্শন নিন্ম শ্রেণী জীৱতকৈ বেছি।
(৩) যেতিয়া অংশবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক জনা যায় তেতিয়া সামগ্রীকভাৱ মনত উদয় হয়।

31.  অন্তদৰ্শনৰ পদ্ধতিটোৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।    HS-2017
উত্তৰঃ- অন্তদর্শন পদ্ধতিৰ দুটা সীমাবদ্ধতা হ'ল–
(১) এই পদ্ধতি বৌদ্ধিক স্তৰৰ লগত জড়িত হোৱাৰ বাবে নিম্ন শ্রেণীৰ জীৱৰ বাবে এই পদ্ধতি লাভজনক নহয়।
(২) এই পদ্ধতিয়ে পর্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে বাবে সৰ্বসাধাৰণ মানুহৰ বাবে অন্দর্শন পদ্ধতি সহায়কাৰী নহয়।

32. শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ- শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ হ'ল—
(১) দৈহিক উপযুক্ততাঃ- দেহৰ অংগ-প্রত্যংগৰ স্বাভাৱিকতা, স্নায়ৱিক সক্রিয়তা, গ্রহনেন্দ্রিয়বোৰৰ গ্ৰহণ ক্ষমতা, মস্তিষ্কৰ ক্রিয়া ক্ষমতা, দেহযন্ত্ৰৰ ৰোগমুক্ততা আদি অৱস্থাই শিক্ষণ কার্যক প্ৰভাৱিত কৰে।
(২) ক্লান্তি আৰু অৱসাদযুক্ততাঃ- দৈহিকভাৱে সুস্থ হোৱাৰ লগতে শিক্ষণৰ আন এক চর্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্রয়োজন।
(৩) অনুশীলনঃ- অনুশীলনে শিক্ষণক স্থায়ীৰূপ প্রদান কৰে। সেইবাবে অনুশীলন শিক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চর্ত। 
(৪) লক্ষ্য-সচেতনতাঃ- লক্ষ্যহীনভাৱে গ্ৰহণ কৰা শিক্ষণতকৈ লক্ষ্য-সচেতনতাৰে গ্ৰহণ কৰা শিক্ষণৰ পৰিণতি অধিক ফলপ্রসু।
(৫) আগ্রহ আৰু অভিৰোচনঃ- শিক্ষণৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্রহ আৰু অভিৰোচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্রস্তুতিৰ সৃষ্টি কৰে। এই প্রস্তুতিয়ে শিক্ষক সফল কৰাত সহায় কৰে।
(৬) কৃতকার্যতা-অকৃতকার্যতাৰ জ্ঞানঃ- শিক্ষণ প্রচেষ্টাৰ ভাল-বেয়া পৰিণতিয়ে পৰৱর্তী প্রচেষ্টাক প্ৰভাৱিত কৰে।
(৭) অর্থপূর্ণ বিষয়বস্তুঃ- শিক্ষণীয় বিষয়বস্তু অর্থপূর্ণ হ'লে ইয়াক সহজে শিকিব পাৰি।
(৮) বিষয়বস্তুৰ জটিলতাঃ- বিষয়বস্তুৰ জটিলতাৰ মাত্রাৰ দ্বাৰাও শিক্ষণ কার্যৰ সফলতা নির্ধাৰিত হয়।
    উপৰোক্ত চর্ত সমূহ শিক্ষণ পদ্ধতি প্রযোজ্য হ'লেহে শিক্ষণ কার্য ফলপ্রসু হ'ব।

33. শিক্ষণ কি? HS-2017 শিক্ষণৰ কেইটামান সংজ্ঞা দিয়া।
উত্তৰঃ- শিক্ষণ এক প্রক্রিয়া যাৰ সহায়ত আমি কোনো কামত দক্ষতা বা কৌশল আয়ত্ব কৰিব পাৰে। ই মানৱ জীৱনৰ শৈশৱ কালৰ পৰাই আৰম্ভ হয়। জন্মৰ পাছত এটি শিশুৱে স্বাভাৱিক জীৱনৰ লগত খাপ খাবলৈ অসুবিধা পায়। গা-ধুবৰ বাবে, খোৱাৰ বাবে, কাপোৰ পিন্ধিবৰ বাবে শিশুটিয়ে সকলো সময়তে মাক তথা অন্যৰ ওপৰত নিৰ্ভৰশীল হ'বলগা হয়। এটা নির্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবোৰ কার্য কৰিব পৰা হয়। ইয়াকেই শিক্ষণ বোলে।
    শিক্ষণৰ কেইটামান সংজ্ঞা হ'ল—
(১) "অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্রতিক্রিয়াসমূহৰ ৰূপান্তৰেই হ'ল শিক্ষণ।”    -কলভিন
(২) "শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কার্য।”—গেইট
(৩) "আচৰণৰ পৰিণতিস্বৰূপে জীৱনৰ পৰৱৰ্তী আচৰণৰ যিকোনো পৰিৱর্তনেই হ'ল শিক্ষণ।” -জে. পি. গিলফোর্ডৰ
(৪) "শিক্ষণ হৈছে ইয়াৰ সৰলতম পর্যায়ত পৰিস্থিতিৰ প্রতি প্রতিক্রিয়া কৰা অথবা ইয়াৰ উৎকর্ষ সাধন কৰিবলৈ পূর্বৱর্তী, আচৰণৰ সংশোধন কৰা।” -ৰাইবাণৰ

34. প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ কিদৰে সম্ভৱ হয়।    HS-2016, 2019
উত্তৰঃ- প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হ'ব পাৰে। এই পদ্ধতিৰ সহায়ত শিক্ষণ যে সম্ভৱ হয় তাক প্রমাণ কৰিবলৈ থর্ণডাইকে এটা মেকুৰীৰ সৈতে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণৰ পৰীক্ষা সম্পন্ন কৰিছিল। তেওঁ এটা ভোকাতুৰ মেকুৰীক এটা কৌতুকপূর্ণ বাকচ বা পিঞ্জৰাত আবদ্ধ কৰি ৰাখিছিল। বাকচটোৰ বাহিৰত মেকুৰীটোৱে দেখাকৈ এথাল ভজা মাছ কিছু দূৰত থৈ দিছিল। বাকচটোৰ দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হৈছিল যাতে এডাল ৰছী টনা গ'লেই দুৱাৰখন খোল খায়। ভোকাতুৰ মেকুৰীটোৱে ভজা মাছ দেখাৰ লগে লগে তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। মেকুৰীটোৱে বহু সময় প্রচেষ্টা চলাই থাকোতে অৱশেষত ৰছীডাল টনাত দুৱাৰখন খোলা গৈছিল আৰু মেকুৰীটোৱে বাহিৰলৈ আহি মাছ খাবলৈ সক্ষম হৈছিল। এই প্রক্রিয়া কেইবাবাৰো মেকুৰীটোৰ লগত কৰা হৈছিল আৰু মেকুৰীটোৱে এনেদৰেই চেষ্টা চলাই গৈছিল। এনেদৰে প্ৰচেষ্টাৰ ফলত মেকুৰীটোৰ ভুলৰ সংখ্যা কমি আহিল আৰু শেষত এবাৰো ভুল নকৰিলে। ওপৰৰ উদাহৰণটোৰ পৰা আমি বুজিব পাৰে যে জীৱ-জন্তু আদিয়ে নতুন কিবা এটা শিকোতে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাও শিকিব পাৰে। সেয়েহে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হৈ উঠিব পাৰে বুলি ক'ব পাৰি।


Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »