-->

Class 12 Education: মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান । Mental Health and Hygiene

Questions Answers of AHSEC Solution for Class 12 Education: মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান । Mental Health and Hygiene. All the important questions answers are discussed in this article.

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
Mental Health and Hygiene


মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞানৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 12 Education: মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান ।Mental Health and Hygiene has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1. খালী ঠাই পূর্ণ কৰাঃ-
(ক) পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ _____ কার্য।    HS-2018
উত্তৰঃ- সংৰক্ষণমূলক
(খ) মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে— প্ৰতিৰোধমূলক, প্রতিকাৰমূলক আৰু _____।    HS-2014, 2016
উত্তৰঃ- সংৰক্ষণমূলক
(গ) মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্যবিজ্ঞানৰ _____ কার্য।    HS-2017
উত্তৰঃ- প্রতিকাৰমূলক
(ঘ) মানসিক স্বাস্থ্য বিজ্ঞান হৈছে _____ মানসিক স্বাস্থ্য ৰক্ষা প্রক্রিয়া।
উত্তৰঃ- ব্যক্তিৰ
(ঙ) Hygiene শব্দটো গ্রীক শব্দ _____ শব্দৰ পৰা আহিছে।
উত্তৰঃ- hygiene
(চ) এখন সুন্দৰ আৰু সমতাপূর্ণ সমাজৰ বাবে _____ স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে।
উত্তৰঃ- মানসিক
(জ) আমাৰ শাৰীৰিক যোগ্যতা সাধাৰণতে _____ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ- মানসিক যোগ্যতাৰ

2. শিক্ষা আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ সম্পর্ক দেখুওৱা দুটা দিশ উল্লেখ কৰা?    HS-2018
উত্তৰঃ- শিক্ষা আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা সম্পর্ক হ'ল—
(১) শিক্ষাই সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে।
(২) শিক্ষাই ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তিৰ সামৰ্থৰ বিকাশত সহায় কৰে।

3. বিশ্বস্বাস্থ্য সংস্থা মতে স্বাস্থ্য কি?
উত্তৰঃ- স্বাস্থ্য হৈছে এগৰাকী ব্যক্তিৰ সম্পূর্ণ দৈহিক, মানসিক আৰু সামাজিক সমৃদ্ধিৰ বিশেষ অৱস্থা আৰু ই কেতিয়াও একমাত্র ৰোগ বা দুর্বলৰ অনুপস্থিতি নহয়।

4. মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰা। HS-2016
উত্তৰঃ- সুস্থ সামাজিক সমাযোজন।

5. বিদ্যালয়ত মানসিক স্বাস্থ্য সমস্যাৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্রহণ কৰিব পৰা এটা ব্যৱস্থা উল্লেখ কৰা। HS-2012
উত্তৰঃ- সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰিব লাগে।

6. মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া।     HS-2012
উত্তৰঃ- বিভিন্ন সময়ত মানসিক স্বাস্থ্যবিজ্ঞান সম্পর্কে বহু মনোবিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত ক্রো আৰ ক্ৰোৰ মতে, 'মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্রকে সামৰি লয়।'
    হেড্‌ফিল্ডৰ মতে, 'মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।'

7. মানসিক স্বাস্থ্য সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। HS-2014
উত্তৰঃ- মানসিক স্বাস্থ্য সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্রহণ কৰিব পৰা দুটা ব্যৱস্থা হ'ল—
(১) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰা।
(২) শান্তিপূর্ণ জীৱন যাপনৰ বাবে সকলো প্ৰকাৰৰ মূল্যবোধৰ মূল্য উপলব্ধিত সহায় আগবঢ়েৱা।

8. মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।    HS-2015
উত্তৰঃ- মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—
(১) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
(২) এওঁলোক শাৰীৰিকভাৱে সবল প্রকৃতি।

9. শিশুৰ মানসিক স্বাস্থ্যৰ সমস্যাবোৰ ৰোধ কৰিবৰ বাবে পৰিয়ালত গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ উল্লেখ কৰা।    2013, 2019
উত্তৰঃ- শিশুৰ মানসিক স্বাস্থ্যৰ সমস্যাবোৰ ৰোধ কৰিবৰ বাবে পৰিয়ালত গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল-
(১) শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্ৰদান কৰি লাগে।
(২) শিশুক সততে সমালোচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে।
(৩) শিশুৰ ভৱিষ্যৎ সম্পর্কে অত্যধিক উদ্বিগ্ন হ'ব নালাগে।
(৪) গৃহ পৰিৱেশ সদায় গণতান্ত্রিক বিধৰ হ'ব লাগে।
(৫) শিশুৰ যুক্তিসংগত প্রয়োজনসমূহ যথাসম্ভৱ পূৰণ কৰি লাগে।
(৬) শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগে।

10. মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা।    HS-2013, 2014
উত্তৰঃ- এগৰাকী লোকৰ নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। আনহাতে এগৰাকী ব্যক্তিৰ বেমাৰ আজাৰহীন বা আঘাটহীন মানসিক অৱস্থাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। মানসিকভাৱে স্বাস্থ্যবান লোক এজনে স্বাভাৱিক প্রদর্শন কৰিব পাৰে। তদুপৰি মানসিকভাৱে স্বাস্থ্যবান লোক এজনে সহজে পৰিৱেশৰ লগত সমযোজন কৰিব পাৰে।

11. মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কার্যাৱলী সম্পর্কে আলোচনা।    HS-2013
নাইবা
মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কার্য কি?     HS-2017

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানসিক স্বাস্থ্যবিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা। উপযুক্ত পুষ্টিসাধন, কিশোৰ-কিশোৰীসকলৰ বাবে পূর্বৱর্তী শিক্ষাৰ ব্যৱস্থা কৰা, আৱেগিক আৰু সামাজিক প্রয়োজনীয়তা বিকাশ ঘটোৱা, বৃত্তীয় সমাযোজন আদি মানসিক বিকাৰ প্ৰতিৰোধৰ কিছুমান উপায় উদ্ভাৱন কৰা। উপযুক্তভাৱে জীৱন নির্বাহৰ পদ্ধতিৰ বিষয়ে প্রশিক্ষণ প্রদানো এই প্রতিৰোধৰ অন্তৰ্গত।

12. 'মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে' বুজাই লিখা। HS-2018
উত্তৰঃ- মানুহ হৈছে এক প্রতিক্রিয়াশীল জীৱ। প্রতিজন লোকৰে নিজস্বভাৱে কেতবোৰ দেহ মানসিক প্রয়োজন থাকে। জৈৱিক বিবেচনাৰে মানুহক জীৱশ্রেষ্ঠ বুলি গণ্য কৰা হয়। মানুহৰ দেহ মানসিক প্রয়োজনবোৰ হৈছে সূক্ষ্ম, বহুমুখী আৰু অধিক জটিলতাপূর্ণ। মৌলিক প্রয়োজনবোৰ পূৰণৰ উপৰিও বৌদ্ধিক, আবেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি প্রয়োজন পূৰণ হৈ উঠিব লাগে। এই কথাৰ পৰা স্পষ্ট হৈ উঠে যে ব্যক্তিৰ মানসিক স্বাস্থ্য তেওঁৰ বিবিধ প্রয়োজনসমূহ পূৰণৰ ওপৰত নিৰ্ভৰ কৰে।

13. মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যাৱলী বুলিলে তুমি কি বুজা?     HS-2015
উত্তৰঃ- সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্রক্রিয়া তথা সামাজিক জীৱন প্রক্রিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'বলগা উপায়, কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্রদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যৰ মূল লক্ষ্য।

14. "মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা” যুক্তি দশোৱা।        HS-2016
উত্তৰঃ- মানুহৰ জীৱন-যাপন প্রণালী, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অগ্রগতিৰ প্রতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানক মানসিক অশান্তিসমূহৰ দূৰীকৰণত আবদ্ধ নাৰাখি ইয়াৰ পৰিসৰ বিভিন্ন দিশলৈ বিস্তাৰিত কৰা প্রয়োজন কিয়নো মানুহৰ মানসিক অৱস্থা মানুহভেদে বেলেগ বেলেগ। সেয়েহে মানুহৰ মানসিক স্বাস্থ্য ৰক্ষাৰ নতুন নতুন কৌশল উদ্ভাৱন কৰা, মানসিক ৰোগ নিৰাময় আৰু প্ৰতিৰোধ কৰা, মানসিক স্বাস্থ্যবিজ্ঞানৰ দৰকাৰী দিশসমূহত গৱেষণা কৰা আদি বিষয়ো মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত হৈছে। মানুহৰ মানসিক স্বাস্থ্য মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল আৰু মন সদায় ধাৰণাৰ বশৱৰ্তী। মানুহৰ মন আৰু ধাৰণাৰ কোনো নির্দিষ্ট সীমাৰেখা নাই। গতিকে মানুহভেদে মানসিক স্বাস্থ্য বেলেগ বেলেগ হয়। সেয়েহে মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণাহে বুলি কোৱা হয়।

15. মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা।    HS-2016
উত্তৰঃ- মানসিক স্বাস্থ্য মনৰ লগত জড়িত। মানসিক স্বাস্থ্যৰ নীতিসমূহ মূলত এটা ভাল জীৱন যাপনৰ বাবে শাৰীৰিকভাৱে যোগ্য কৰি ৰখাৰ কাৰণে প্রয়োজনীয় নীতি নিয়ম মনি চলা আৰু অনুশাসন বজাই ৰখাৰ প্ৰক্ৰিয়াৰ লগত জড়িত। মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ নিবিড় সম্বন্ধ আছে। কিয়নো শাৰীৰিক সুস্থতাৰ ওপৰত ব্যক্তিৰ মানসিক সুস্থতা বহুখিনি নিৰ্ভৰ কৰে। আনহাতে, দার্শনিক এৰিষ্টটলৰ মতে সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হ'ব পাৰে। যদিহে এজন ব্যক্তি শাৰীৰিক ভাৱে দুৰ্বল হয় তেতিয়াহ'লে তেওঁ মানসিকভাৱেও দুর্বল হৈ পৰে। মুঠতে আমি ক'ব পাৰো যে মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্য ইটোৰ লগত সিটোৰ নিবিড় সম্পর্ক আছে।

16. মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা গুৰুত্বপূর্ণ কাৰ্যৰ বিষয়ে লিখা। HS-2012, 2019
উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা কার্য হ'ল-
(১) প্ৰতিৰোধমূলক কার্যঃ- মানসিক অসুস্থতা আৰু ব্যক্তিৰ বিকাৰ সমাযোজন সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতিৰোধ কৰাই হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কার্য।
(২) প্রতিকাৰমূলক কার্যঃ- মানসিক বিকাৰ, ৰোগসমূহৰ পৰা হাত সৰাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা লোৱাও হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ কার্য।
(৩) সংৰক্ষণমূলক কার্যঃ- ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ বিশেষভাৱে গুৰুত্বপূর্ণ। এই মানসিক স্বাস্থ্যবিজ্ঞানৰ আন এক কার্য হৈছে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ উদ্ভাৱন কৰা আৰ প্রক্রিয়াসমূহৰবিষয়ে প্রণালীবদ্ধ জ্ঞান আদিৰ উদ্ভাৱন কৰা।

17. এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য বর্ণনা কৰা।    HS-2012, 2014, 2017
উত্তৰঃ- মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য হ'ল—
(১) মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিসকলে সমাযোজন প্রক্রিয়াত কোনো সমস্যাৰ সন্মুখীন নহয়। (২) এই ব্যক্তিসকল মানসিক ৰোগ, অশান্তি আদিৰ পৰা মুক্ত থাকে।
(৩) শাৰীৰিকভাৱে সবল প্রকৃতিৰ হয়।
(৪) এওঁলোক অতি শক্তিশালী প্রনোদনমূলক শক্তিৰ অধিকাৰী হয়।

18. মানসিক স্বাস্থ্য বুলিলে কি বুজা? HS-2017 শিক্ষার্থীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত বিদ্যালয়ৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ- মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ আৱস্থা। মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ অথবা আঘাতহীন মানসিক অৱস্থাৰ কথাকে বুজোৱা হয়। আনহাতে, জীৱনত বিভিন্ন পৰিৱেশ, কার্যকলাপৰ মুখামুখি হোৱাৰ সময়ত মানসিকভাৱে স্বাস্থ্যৱান লোক এজনে কোনো অস্বাভাৱিকতা প্রদর্শন নকৰে। এনে লোকসকল ব্যক্তিত্ব সমাযোজনৰ কোনো গুৰুতৰ সমস্যাৰ দ্বাৰা আক্রান্ত নহয়।
    শিক্ষার্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰিব লাগে—
(১) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰা।
(২) বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামর্থ আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।
(৩) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰা।
(৪) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামর্থৰ বিকাশত সহায় কৰা।
(৫) সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়োৱা।

19. 'এজন মানসিকভাৱে সুস্থ ব্যক্তিকো মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রয়োজন হয়' – কাৰণ দর্শোৱা। HS-2016
উত্তৰঃ- সকলো ব্যক্তিৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ বিশেষ প্রয়োজন আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহেই শান্তিপূর্ণ আৰু সুখী-জীৱন যাপন কৰিব নোৱাৰে। গতিকে মানসিক স্বাস্থ্য বিজ্ঞানত গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান আমাৰ সকলোৰে বাবে প্রয়োজন। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান অতি প্রয়োজনীয় হৈ পৰিছে।
(১) নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাত কৌশলসমূহ জনাত সহায় কৰে।
(২) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যাৱলীৰ বিষয়ে জনাত সহায় কৰে।
(৩) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।
(৪) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ উপায় মানসিক স্বাস্থ্য বিজ্ঞানে দাঙি ধৰে।
    সমান্তৰালভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া কথাবোৰ উপলব্ধি কৰাত সহায় কৰে—
(১) মানসিক ৰোগসমূহ কম বেছি পৰিমাণে বংশানুক্রমিকভাৱে হস্তান্তৰিত হয়।
(২) মানসিক ৰোগ কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়।
(৩) উপযুক্ত চিকিৎসাৰ সহায়ত মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি।
(৪) মানসিক ৰোগসমূহে মানুহক অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰায়।
(৫) মানসিক ৰোগসমূহৰ চিকিৎসা সম্ভৱ।
(৬) পূর্ব-লক্ষণ হিচাপে এনে ৰোগৰ সৃষ্টি নহয়।

20. ছাত্র-ছাত্ৰীৰ মানসিক স্বাস্থ্য সমস্যা প্রতিৰোধৰ বাবে বিদ্যালয় এখনে ল'ব পৰা চাৰিটা ব্যৱস্থা লিখা।
উত্তৰঃ- ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্য সমস্যা প্রতিৰোধৰ বাবে বিদ্যালয়ে ল'ব পৰা চাৰিটা ব্যৱস্থা হ'ল-
(১) সমাজ সংস্কাৰঃ- সমাজত থকা কু-প্রথাবোৰ দূৰ কৰি বিদ্যালয়ে সমাজসংস্কাৰৰ ক্ষেত্ৰত পথ-প্রদর্শক হ'ব পাৰে।
(২) শিক্ষক আৰু অভিভাৱকৰ সম্পর্কঃ- সুস্থ মানসিক স্বাস্থ্যৰ বাবে বিদ্যালয়সমূহত শিক্ষক আৰু অভিভাৱকৰ মাজত আলোচনাসভা আয়োজন কৰিব লাগে। এই আলোচনাই ছাত্র-ছাত্রীৰ মানসিক সমস্যাসমূহ সমাধান কৰিব পাৰে।
(৩) শিক্ষক আৰ শিক্ষাৰ্থীৰ সম্পর্কঃ- বিদ্যালয়ৰ ভিতৰত সামাজিক সুস্থ বাতাবৰণৰ বাবে শিক্ষক আৰু শিক্ষর্থীৰ মাজত ঘনিষ্ঠ সম্পর্ক থাকিব লাগে। এই সম্পর্কই ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্যৰ সমস্যা দূৰ কৰে।
(৪) শিক্ষণ ব্যৱস্থাঃ- প্রচলিত শিক্ষণ ব্যৱস্থা সংস্কাৰ কৰিলেহে ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্য সমস্যা দূৰ হ'ব। ইয়াৰ বাবে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিলেহে ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্য ৰক্ষা হ'ব।

 

Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Albert B

m-7002564966

Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »