-->

Class 12 Education: Attention and interest । মনোযোগ আৰু আগ্রহ (খ)

Questions Answers of AHSEC Solution for Class 12 Education: মনোযোগ আৰু আগ্রহ (খ) । Attention and interest. All the important questions answers are discussed in this article. 

মনোযোগ আৰু আগ্রহ (খ)
Attention and interest (B)

মনোযোগ আৰু আগ্রহৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: মনোযোগ আৰু আগ্রহ (খ) । Attention and interest. There are approximately important 30 questions answers in this article.

1. খালীঠাই পূৰ কৰাঃ-
(ক) _____ মনোযোগত উদ্দীপকৰ কোনো প্রভাৱ নাথাকে।    HS-2018
উত্তৰঃ- ঐচ্ছিক
(খ) _____ হৈছে মানসিক প্রস্তুতি।
উত্তৰঃ- মনোযোগ
(গ) আগ্রহ _____ প্ৰধান কাৰক।
উত্তৰঃ- মনোযোগৰ
(ঘ) ৰাতি পুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি থকা আমাৰ আগ্রহ হৈছে _____ আগ্রহ।
উত্তৰঃ- ক্ষণস্থায়ী
(ঙ) উদ্দীপকৰ তীব্রতা মনোযোগৰ _____ বা বাহ্যিক কাৰণ।
উত্তৰঃ- বস্তুনিষ্ঠ
(চ) যি আগ্রহ প্রবৃত্তিৰ পৰা উদ্ভৱ হয় তাকেই _____ আগ্রহ বোলে।
উত্তৰঃ- সুপ্ত
(ছ) আগ্রহ বা Interest শব্দটো _____ শব্দৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ- লেটিন
(জ) 'আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থা'। কথাষাৰ কৈছিল _____।
উত্তৰঃ- মেকডুগলে
(ঝ) যি মনোযোগ উদ্দীপকৰ আকর্ষণীয়তাৰ বাবে দিয়া হয় তাক _____ মনোযোগ বোলে। HS-2013
উত্তৰঃ- অনৈচ্ছিক

2. শুদ্ধনে অশুদ্ধ লিখা।
(ক) আগ্রহে মনোযোগৰ সৃষ্টি কৰে কিন্তু মনোযোগে আগ্রহ সৃষ্টি নকৰে।    HS-2013
উত্তৰঃ- অশুদ্ধ।
(খ) আগ্রহে বিষয় বা বস্তুৰ লগত এক মানসিক সম্বন্ধ স্থাপিত কৰে।
উত্তৰঃ- শুদ্ধ।
(গ) মনোযোগ এক নিয়ন্ত্রণমূলক ক্রিয়া।
উত্তৰঃ- শুদ্ধ।
(ঘ) শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনোযোগ সহজে আকর্ষিত হয়।
উত্তৰঃ- শুদ্ধ।
(ঙ) "মনোযোগ আৰু আগ্রহ দুটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি।" কোনে কৈছিল?
উত্তৰঃ- জে. এম. ৰচে কৈছিল।

3. 'এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনোযোগ দিওঁ।' ইয়াৰ কাৰণ কি? HS-2014
উত্তৰঃ- মনোযোগৰ বস্তুনিষ্ঠ কাৰণ বৈসাদৃশ্যৰ বাবেই আমি বগা বেৰত থকা সৰু দাগ এটাত মনোযোগ দিওঁ।

4. আগ্রহৰ যিকোনো এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা।    HS-2015
উত্তৰঃ- পৰিৱেশৰ আকর্ষণীয় উদ্দীপক।

5. মনোযোগক আকর্ষণ কৰা দুটা কাৰণ লিখা।
উত্তৰঃ- মনোযোগক আকর্ষণ কৰা দুটা কাৰণ হ'ল—
(১) বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু (২) আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ।

6. 'আগ্রহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্রিয়াশীল আগ্রহ।' কথাষাৰ কোনে কৈছিল? HS-2012
উত্তৰঃ- মেকভুগেলে কৈছিল।

7. মনোযোগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ উল্লেখ কৰা।
উত্তৰঃ- মনোযোগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ হ'ল আগ্রহ।

8. ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা কি কি?
উত্তৰঃ- ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা হ'ল- স্পষ্ট মনোযোগ আৰু অস্পষ্ট বা অনুমিত মনোযোগ।

9. সুপ্ত আগ্রহ কাক বোলে?
উত্তৰঃ- যি আগ্রহ প্রবৃত্তিৰ পৰা উদ্ভৱ হয় তাকে সুপ্ত আগ্রহ বোলে। যেনে— খাদ্যৰ প্রতি আগ্রহ।

10. মনোযোগ কাক বোলে? ইয়াৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- মনোযোগ হৈছে এটা মানসিক শক্তি। এই শক্তিৰ সহায়ত আমি বহু উদ্দীপকৰ মাজৰ পৰা এটা বিশেষ উদ্দীপক বাচি তাৰ প্রতি সঁহাৰি জনাওঁ। সেয়েহে মনোযোগক এটা নির্বাচনী প্রক্রিয়া বুলিও ক'ব পাৰি।
    মনোযোগৰ চাৰিটা বৈশিষ্ট্য হ'ল—
(১) মনোযোগ এটা মানসিক ক্রিয়া ই মনৰ শক্তি নহয়।
(২) মনোযোগ গতিশীল। এটা বস্তু বা বিষয়ৰ ওপৰত মনোযোগ বেছি সময় ধৰি ৰাখিব নোৱাৰি। ই এটা বিষয়ৰ পৰা অন্য এটা বিষয়লৈ ক্ষীপ্র গতিৰে সঞ্চাৰিত হয়।
(৩) মনোযোগৰ সহায়ত মানুহৰ, কৌতুহল পূৰণ হয়। ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে।
(৪) নির্বাচনধর্মীতা হৈছে মনোযোগৰ এটা বিশেষ বৈশিষ্ট্য। মনোযোগ প্রদানৰ বাবে মনে সদায় এটা বিশেষ বিষয় বা বস্তু নির্বাচন কৰে।

11. আগ্রহ কি? আগ্রহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা৷    HS-2018
উত্তৰঃ- আগ্রহ হৈছে মনোযোগৰ এক আনুষংগিক বিষয়। ই হ'ল ব্যক্তিমনৰ সুপ্ত আৰু অন্তর্নিহিত অৱস্থা। আগ্রহ বা Interest শব্দটো লেটিন ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হ'ল কোনো বিষয়ৰ লগত জড়িত হৈ থকা। অর্থাৎ যিটো বিষয়ৰ লগত আমি জড়িত হৈ থাকো সেই বিষয়টোৰ প্রতি আমাৰ আগ্রহ জন্মে। মনোবিজ্ঞানীসকলৰ মতে মনোযোগক অর্থপূর্ণভাৱে বাস্তৱত পুনৰাবৃত্তি কৰা প্রচেষ্টাকে আগ্রহ বোলে।
    আগ্রহৰ বৈশিষ্ট্যসমূহ হ'ল—
(১) ই সহজাত প্রবৃত্তি, মূল প্ৰেৰণা আৰু অভিপ্রায়ৰ লগত জড়িত।
(২) ই ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা।
(৩) কিছুমান আগ্রহ জন্মগত আৰু কিছুমান আর্জিত।
(৪) ই হ'ল এক গতিশীল মনোভাৱ।

12. "প্রবৃত্তি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ চর্ত”– ব্যাখ্যা কৰা।        HS-2018
উত্তৰঃ- প্রবৃত্তি হৈছে সহজাত জৈৱিক প্ৰৱণতা যাৰ তাড়নাত ব্যক্তিয়ে আভ্যন্তৰীণভাৱে মনোযোগ দিয়ে। এইবিধ মনোযোগ হৈছে জৈৱিক প্রয়োজনভিত্তিক। দৈহিক প্রয়োজনত ক্ষুধা অনুভৱ কৰা বাবে খাদ্যৰ প্রতি আমি মনোযোগী হৈ উঠো। মানসিক প্রয়োজনত কৌতুহল অনুভৱ কৰা বাবে নতুন জ্ঞানৰ প্রতি আমি মনোযোগী হওঁ। সেয়েহে কোৱা হয় প্রবৃত্তি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ চর্ত।

13. মনোযোগক কিয় মনৰ এক নির্বাচনধর্মী প্রক্রিয়া বুলি কোৱা হয়?    HS-2012, 2015
উত্তৰঃ- মনোযোগক মনৰ নির্বাচনধর্মী কার্য বুলি কোৱা হয়। বাহ্য জগতৰ অনেক উদ্দীপকে আমাৰ মনত প্ৰভাৱ পেলায় যদিও সেই বিষয় বিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী উদ্দীপক বাচি লৈ তাৰ প্ৰতিহে মনোযোগ দিয়া হয়। আন আন উদ্দীপকে মনত এক সাধাৰণ চেতনা অনুভৱ কৰালেও শক্তিশালী উদ্দীপকেহে দেহ-মনত বিশেষভাৱে প্রতিক্রিয়াৰ সৃষ্টি কৰে। ফলত আমি সেই উদ্দীপকৰ প্রতি মনোযোগী হৈ পৰে। মনোযোগ প্রদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নির্বাচন কৰে।

14. উচ্চ শব্দ বা হুলস্থল আৰু জিকিমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাৎ আকর্ষণ কৰে- কাৰণ দশোৱা।    HS-2019
উত্তৰঃ- শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনোযোগ তৎক্ষণাৎ আকর্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুটা স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতিহে আমাৰ মনোযোগ সহজে আকর্ষিত হয়। মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ দিশৰ বাবে উচ্চ শব্দৰ প্রতি স্বাভাৱিকতে মন আকর্ষিত হয়।

15. ক্ষণস্থায়ী আগ্রহ কি? এটা উদাহৰণ দিয়া। HS-2014
উত্তৰঃ- অস্থায়ী আগ্রহকে ক্ষণস্থায়ী আগ্রহ বোলা হয়। ক্ষণস্থায়ী আগ্রহ হঠাতে উদয় হয় বা বৃদ্ধি হয় আৰু সময়ৰ লগে লগে সলনিও হয়। উদাহৰণস্বৰূপে ৰাতিপুৱা বাতৰি কাকতখন পঢ়াৰ প্রতি যিমান আগ্রহ থাকে দুপৰীয়া তাৰ প্রতি সেই আগ্রহ নাকে।

16. "ঐচ্ছিক মনোযোগে আগ্রহ সৃষ্টি কৰে।” এটা উদাহৰণ দিয়া আৰু ব্যাখ্যা কৰা।    HS-2016
উত্তৰঃ- যেতিয়া আমি কোনো উদ্দীপনাৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিওঁ তেতিয়া তাক ঐচ্ছিক মনোযোগ বোলা হয়। এই প্ৰকাৰৰ মনোযোগত মানসিক প্রচেষ্টা আৰু ইচ্ছাশক্তিৰ বিশেষ প্রয়োজন হয়। উদাহৰণস্বৰূপে- যিসকল বিদ্যার্থী অধ্যয়নৰ প্রতি স্পৃহা আছে তেওঁলোকে বাধা-বিঘিনি থাকিলেও মনোযোগ দিব পাৰে।

17. আৰোপিত আৰু স্বতঃস্ফূর্ত মনোযোগৰ মাজত পার্থক্য দেখুওৱা।    HS-2012
উত্তৰঃ- আৰোপিত মনোযোগ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে প্রদান নকৰে, বৰং মনোযোগ দিবলৈ বাধ্য হয়। যেতিয়া পৰিৱেশৰ কোনো বিষয় বা বস্তু অতিশয় শক্তিশালী বা আকর্ষণীয় হয়, তেতিয়া উদ্দীপকৰ প্ৰভাৱৰ ফলতেই ব্যক্তিয়ে মনোযোগ দিবলৈ বাধ্য হয়। এনেধৰণৰ মনোযোগক অনৈচ্ছিক আৰোপিত মনোযোগ বোলা হয়। আৰোপিত মনোযোগ একপ্রকাৰ বলপূর্বক বুলি ক'ব পাৰি। যেনে—কোনো চকুত চমক লগোৱা পোহৰ বা ৰং।
    কিন্তু স্বতঃস্ফূর্ত মনোযোগত কোনো আগ্রহৰ বিষয়বস্তুৰ প্রতি ব্যক্তিয়ে আপোনা-আপুনি বা স্বতঃস্ফূর্তভাৱে মনোযোগ প্রদান কৰে। উদাহণস্বৰূপে এজন ক্রিকেটপ্রেমীৰ খেলৰ প্রতি মনোযোগ আগ্রহক স্বতঃস্ফূর্ত মনোযোগ বুলিব পাৰি।

18. মনোযোগক কিয় এক অনুসন্ধানমূলক প্রক্রিয়া বুলি বিবেচনা কৰা হয়?    HS-2017
উত্তৰঃ- মনোযোগ মনৰ কোনো শক্তি নহয়, ই এক মানসিক ক্রিয়াহে। মনোযোগৰ সহায়ত মানুহৰ কৌতুহল পুৰণ হয়। কিয়নো ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। গভীৰ মনোযোগে আমাক কোনো বিষয়ৰ তথ্য উদ্‌ঘাটন কৰাত বা কোনো বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে। আমাৰ পাঁচ ইন্দ্রিয়ক প্ৰভাৱিত কৰা সকলো বিষয়ৰ প্রতি মনোযোগ প্রদান কৰা নহয়। মনোযোগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ হৈ থাকে। মনোযোগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয়। কাৰণ ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। সেই কাৰণে অনুসন্ধানী ধর্ম মনোযোগৰ এটা প্রক্রিয়া বুলি গণ্য কৰা হয়।

19. মনোযোগৰ বস্তুনিষ্ঠ কাৰকৰ বৰ্ণনা কৰা। HS-2013, 2017
উত্তৰঃ- মনোযোগৰ বস্তুনিষ্ঠ কাৰক হ'ল-
(১) আকাৰ বা আকৃতিঃ- সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তু সদায় সহজতে চকুত পৰে। সেই কাৰণে ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পোষ্টাৰ আদি ঠায়ে ঠায়ে আঁৰি দিয়া হয়। গতিকে বস্তুৰ আকাৰেও মনোযোগৰ ওপৰত প্ৰভাৱ পেলায়।
(২) পুনৰাবৃত্তিঃ- কোনো এটা বিষয় বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলেও আমাৰ মনোযোগ তাত নিবদ্ধ হৈ পৰে। শ্রেণীত প্ৰথমবাৰ মনোযোগ দিব নোৱাৰা ছাত্র-ছাত্রীৰ প্রতি সেয়েহে শিক্ষকে পুনৰাবৃত্তি কৰি থাকিলে তেনে ছাত্র-ছাত্রীয়ে মনোযোগ দি উঠিব পাৰে।
(৩) উজ্জ্বলতাঃ- উজ্জ্বল বস্তুৰ প্রতি স্বাভাৱিকতেই মন আকর্ষিত হোৱা দেখা যায়। সেইবাবে সৰু ল'ৰা-ছোৱালীৰ কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয়।
(৪) নতুনত্বঃ- নতুন বস্তু বা বিষয়ৰ প্রতি সদায়েই মনোযোগ আকর্ষিত হয়। সেয়েহে কোনো অভিনৱ সৃষ্টিৰ প্রতি নতুন কিতাপৰ প্রতি আমাৰ মন সহজে আকর্ষিত হয়।
(৫) তীব্রতাঃ- শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনোযোগ সহজেই আকর্ষিত হয়। আকৌ ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্রতি আমাৰ মনোযোগ আকর্ষিত হয়। শিক্ষকৰ মধুৰ মাতে ছাত্র-ছাত্রীৰ মনোযোগ আকর্ষিত কৰে।
(৬) গতিশীলতাঃ- স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মন আকর্ষণ কৰিব পৰা ক্ষমতা বেছি। সেই বাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখনে আমাক অধিক মনোযোগী কৰি তোলে।

20. শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে আলোচনা কৰা। HS-2015
উত্তৰঃ- শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ বৃদ্ধি কৰিবলৈ- শিক্ষকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লগা হয়। তলত এই বিষয়ে আলোচনা কৰা হ'ল—
(১) পুৰস্কাৰ আৰু শাস্তিঃ- শিক্ষানুষ্ঠানসমূহত শিক্ষার্থীক শিক্ষণৰ প্রতি মনোযোগী বা আগ্রহান্বিত কৰিবলৈ দুই ধৰণৰ ব্যৱস্থাৰ সহায় লোৱা হয়। সেয়া হৈছে পুৰস্কাৰ আৰু শাস্তি। এইটো সত্য যে শিক্ষাক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা নুই কৰিব নোৱাৰি। এই ব্যৱস্থাই কিছু পৰিমাণে হ'লেও মনোযোগ আকর্ষণত ছাত্র-ছাত্ৰীক সহায় কৰে। কিন্তু ইয়াৰ অতিমাত্রা প্রয়োগ ক্ষতিকাৰক হয়। বিশেষকৈ দৈহিক শাস্তি অৱলম্বন কৰা অনুচিত।
(২) শিক্ষকৰ ব্যক্তিত্বঃ- শিক্ষকৰ ব্যক্তিত্ব, চাল-চলন, পিন্ধন-উৰণ, আচাৰ ব্যৱহাৰ আদিয়েও ছাত্র-ছাত্রীসকলক সাধাৰণতে প্ৰভাৱিত কৰে আৰু শিকাৰ প্রতি মনোযোগ বঢ়ায়। সেয়েহে শিক্ষসকল ব্যক্তিত্বৰ প্রতি সজাগ হোৱা উচিত।
(৩) দৃষ্টান্তৰ ব্যৱহাৰঃ- ছাত্র-ছাত্রীসকলৰ পাঠদানৰ সময়ত বিষয় বস্তুৰ লগত ৰতাজি খুৱাই দৃষ্টান্ত ব্যৱহাৰ কৰিব পাৰে। ফলত শিক্ষার্থীয়ে সহজে নতুন বিষয় এটা আয়ত্ব কৰিব পাৰে।
(৪) শ্ৰৱণ দর্শন সঁজুলিৰ ব্যৱহাৰঃ- শ্ৰেণীকোঠাত শিক্ষকে কোনো বিষয়ত ছাত্র-ছাত্রীৰ মনোযোগ আকর্ষণ কৰিবলৈ হ'লে আকর্ষণীয় দৃশ্য-শ্রাব্য সঁজুলি ব্যৱহাৰ কৰা ভাল।
(৫) কৌতুক বা ৰগৰঃ- হাঁহি মানুহৰ সর্বোত্তম ঔষধ। শ্ৰেণীকোঠাত শিক্ষকে হাস্যৰস প্রয়োগৰ সহায়ত যিকোনো বিষয়ৰ পাঠদান কৰোতে হাস্যৰস থকা উদাহৰণ ব্যৱহাৰ কৰি ছাত্র-ছাত্রীক আমোদৰ লগতে মনোযোগ আৰু আগ্রহ বৃদ্ধি কৰিব পাৰি।
(৬) পুনৰাবৃত্তিৰ বৰ্জনঃ- একেখিনি বিষয়বস্তুক বাৰে বাৰে পুনৰাবৃত্তি কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে। সেয়েহে পুনৰাবৃত্তিৰ ক্ষেত্ৰত শিক্ষকসকল সাৱধান হোৱা উচিত।

21. "আগ্রহ মনোযোগৰ পূৰ্বচৰ্ত।" -ব্যাখ্যা কৰা। HS-2015
উত্তৰঃ- মনোযোগ মনৰ নির্বাচনীধর্মী কার্য বুলি কোৱা হয় আৰু ইয়াৰ লগত আগ্রহ ওতঃপ্রোতভাৱে জড়িত। শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ গুৰুত্ব আৰু প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি মনোবিদসকলে মনোযোগ আৰু আগ্রহক শিক্ষণ প্রক্রিয়াৰ উপায় আৰু সমাপ্তি বুলি মন্তব্য কৰিছে। যি কোনো ধৰণৰ ফলপ্রসূ শিক্ষণৰ বাবে ব্যক্তিৰ মানসিক সজাগতা আৰু ইচ্ছাৰ নিতান্তই দৰকাৰ। কেৱল মনোযোগ আৰু আগ্ৰহেৰে এনে  মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।
    মনোযোগৰ এটা প্রধান কাৰণ বা চর্ত হৈছে মনৰ অন্তর্নিহিত আগ্রহ। এই আগ্রহে মনোযোগ প্রদানৰ বাবে ব্যক্তিক প্রেৰণা যোগায়। আগ্রহ ব্যক্তিৰ নানাধৰণৰ অনুভূতি জড়িত অভিজ্ঞতাৰ পৰা জন্ম হ'ব পাৰে। ব্যক্তিৰ আগ্রহেই মনোযোগৰ বিষয়বস্তু নির্ধাৰণ কৰে। সেয়েহে আগ্রহ অবিহনে মনোযোগ সম্ভৱ নহয় বুলি কোৱা হয়। কোনো বিষয়ৰ প্রতি আগ্রহ থাকিলে স্বাভাৱিকতে মনোযোগৰ সৃষ্টি হয়। গতিকে আগ্রহ মনোযোগৰ পূর্ব চর্ত বুলিব পাৰি।

22. 'মনোযোগৰ অনুপস্থিতিয়ে আগ্রহৰ অনুপস্থিতিক বুজায়।' আলোচনা কৰা।        HS-2016
উত্তৰঃ- মনোযোগৰ অনুপস্থিতিয়ে আগ্রহৰ অনুপস্থিতিক সূচায়। কিয়নো মনোযোগক-আগ্রহৰ এক সক্রিয় অৱস্থা বোলা হয়। আকৌ আগ্রহকে মনোযোগৰ এক সুপ্ত অৱস্থা বুলিও কোৱা হয়। যেতিয়ালৈকে আমাৰ মনত মনোযোগ নিস্কৰ্ম বা সুপ্ত অৱস্থাত থাকে সেই অৱস্থাক মনোবিজ্ঞানী মেকডুগেলে আগ্রহ বুলি কৈছে। যি মুহূর্ততে সুপ্ত আগ্রহ পৰিৱেশৰ কোনো কাৰকৰ ফলত জাগ্ৰত হৈ পৰে তেনে অৱস্থাক মনোযোগ বোলে। মেকডুগেলৰ মতে আগ্রহ মনোযোগৰ এক প্রধান কাৰণ।
    মনোবিদ 'Stout'ৰ মতে মনোযোগ আৰু আগ্রহক এটা মুদ্ৰাৰ দুটা পিঠি বুলি অভিহিত কৰিছে। মনোযোগৰ যেতিয়া প্রকাশ্য হৈ থাকে তেতিয়া আগ্রহ লুকাই থাকে। যেতিয়া কোনো বিষয়ৰ প্রতি আগ্রহ প্রকাশ কৰা হয় তেতিয়া বিষয়টোৰ প্রতি মনোযোগ দিয়াকে বুজায়।
    আধুনিক মনোবিদসকলৰ মতে শিক্ষাক্ষেত্ৰত ছাত্র-ছাত্রীসকলক যথাসম্ভৱ স্ব-শিক্ষাৰ বাবে অভিপ্রায়িত কৰিব লাগে। এনে কৰিলে স্বাভাৱিকতেই শিক্ষা লাভৰ প্ৰতি শিক্ষার্থীৰ মনোযোগ আৰু আগ্রহ বাঢ়ে। তাৰোপৰি নানাধৰণৰ শিক্ষণ পদ্ধতি, ন-ন আকর্ষণীয় শিক্ষা সঁজুলি আদি ব্যৱহাৰ কৰি শিক্ষকে শিক্ষা লাভৰ প্রতি ছাত্র-ছাত্রীৰ মনোযোগ, আগ্রহ বঢ়াই তুলিব পাৰে। কাৰণ মনোযোগ, আগ্রহ অবিহনে গ্রহণ কৰা শিক্ষা ফলপ্রসূ নহয়। সেয়েহে এইক্ষেত্ৰত শিক্ষকৰ এক বিশেষ ভূমিকা আছে। কেৱল ছাত্র-ছাত্রীৰ মনোযোগ আৰু আগ্রহৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।

23. 'মনোযোগ আৰু আগ্রহ একেটা মুদ্ৰাৰ দুটা পিঠি'— কথাষাৰ ব্যাখ্যা কৰা।    HS-2017, 2019
উত্তৰঃ- মনোবিদ জে. এম. ৰ'চে 'আগ্রহ আৰু মনোযোগ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি মন্তব্য কৰিছিল। মনোযোগৰ অর্থ হ'ল পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতা আৰোপ কৰা। আগ্রহ মনোযোগৰ প্রধান স্বর্ত বা আভ্যন্তৰীণ কাৰণ। এই দুয়োবিধ কার্যৰে শিক্ষাক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। মনোযোগ আৰু আগ্ৰহৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে। ইয়াৰ পৰাই প্ৰকৃতাৰ্থত আগ্রহক মনোযোগৰ পূর্বচর্ত বুলি ব্যাখ্যা কৰিব পাৰি। আগ্রহ নাথাকিলে কোনো বিষয়ত মনোযোগ দিয়াটো মনোযোগৰ সম্ভৱ নহয়। আগ্রহ স্বাভাৱিক হ'লে মনোযোগৰ কাম সহজ হয়; ন'হলে প্রথমে সৃষ্টি কৰিলেহে মনোযোগত প্রবৃত্ত হ'ব পৰা যায়।
    মনোযোগৰ এনে সম্বন্ধৰ কথা উপলব্ধি কৰিয়েই মেকডুগেলে কৈছে যে, আগ্রহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল আগ্রহৰ সক্রিয় ৰূপ। আমি কিতাপ এখন পঢ়াৰ আগ্রহ প্রকাশ কৰাৰ মুহূর্ততে কিতাপখনৰ প্রতি মনোযোগ দিয়া বুজায় আৰু সম্পূর্ণ মনোযোগেৰে কিতাপখন পঢ়াৰ অৰ্থ হ'ল আমাৰ কিতাপ পঢ়াৰ প্ৰতি থকা আগ্রহক সক্রিয় ৰূপ দিয়া। গতিকে মনোযোগ আৰু আগ্রহ ইটোৰ পৰা সিটোক বিচ্ছিন্ন কৰা নাযায়।
    শিক্ষাক্ষেত্ৰত মনোযোগ আৰু আগ্রহ এক বিশেষ ভূমিকা আছে। কাৰণ ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ কৃতকার্যতা ঘাইকৈ মনোযোগ আৰু আগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল সেয়েহে মনোযোগ আৰু আগ্রহক 'মনোযোগ আৰু আগ্রহ একেটা মুদ্ৰাৰ দুটা পিঠি' বুলি কোৱা হৈছে।

24. মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা।    HS-2014
উত্তৰঃ- মনোযোগ আৰু আগ্রহ দুবিধ অতি প্রয়োজনীয় মানসিক কার্য। মনোবৈজ্ঞানিক সকলৰ মতে আগ্রহ হৈছে মনোযোগৰ এটা অপৰিহার্য অংগ| মনোযোগে সদায় আগ্রহৰ বাহনৰূপে কাম কৰে| আগ্রহৰ দ্বাৰা মনোযোগৰ সৃষ্টি হয় আৰু মনোযোগে আগ্রহ প্রকাশ কৰে। আগ্রহ নাথাকিলে কোনো বিষয়ত মনোযোগ দিয়াটো মনোযোগৰ প্রকৃত সত্য নহয়। আগ্রহ স্বাভাৱিক হ'লে মনোযোগ কার্য সহজ হয়। নহ'লে প্রথমে আগ্রহ সৃষ্টি কৰি লৈহে মনোযোগত প্রবৃত্ত হ'ব পাৰি।
    মনোযোগৰ আৰু আগ্রহৰ এনে গভীৰ সম্বন্ধৰ প্রতি লক্ষ্য ৰাখি বিখ্যাত মনোবৈজ্ঞানিক মেকডুগেলে তেখেতৰ গ্ৰন্থ "An Outline of Psychology"ত এনেধৰণে মন্তব্য আগবঢ়াইছে— "আগ্রহ সুপ্ত মনোযোগ আৰু মনোযোগ আগ্রহৰ সক্রিয়তা” অথবা "আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থা মাথোন।" ইয়াৰ দ্বাৰা তেখেতে ইয়াকে বুজাব খুজিছে যে মনোযোগ আগ্রহৰ এনে ওতঃপ্রোত সম্বন্ধ যে এবিধ আনবিধৰ পৰা পৃথক কৰিব নোৱৰি। যেতিয়ালৈকে আমাৰ মনত মনোযোগ নিষ্কর্ম বা সুপ্ত অৱস্থাত থাকে সেই অৱস্থাক মেকডুগলে আগ্রহ বুলি কৈছে। যি মূহুর্ততে সুপ্ত আগ্রহ পৰিৱেশৰ কোনো কাৰকৰ ফলত জাগ্ৰত হৈ পৰে তেনে অৱস্থাক মনোযোগ বোলা হয়। গতিকে মেকডুগেলৰ মতে আগ্রহ মনোযোগৰ এক প্রধান কাৰণ।
    আগ্রহে যি দৰে মনোযোগৰ জন্ম দিয়ে সেইদৰে মনোযোগেও ব্যক্তিমনত আগ্রহ ওপজাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই দুয়োটাৰ গাঢ় সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি মনোবিদ জে. এম. ৰ'চে আগ্রহ আৰু মনোযোগ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰিছে।
    শিক্ষাৰ ক্ষেত্ৰখনতো মনোযোগ আৰু আগ্রহৰ এক বিশেষ ভূমিকা আছে। কিয়নো ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ সফলতা-বিফলতা ঘাইকৈ মনোযোগ-আগ্রহৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়েহে মনোবিদসকলে এই দুবিধক শিক্ষণ প্রক্রিয়াৰ উপায় আৰু সমাপ্তি বুলি অভিহিত কৰিছে।
    আগ্রহ আৰু মনোযোগৰ সম্বন্ধ অবিচ্ছেদ্য। এটাক আনটোৰ পৰা পৃথক হিচাপে বিবেচনা কৰা অর্থহীন। আগ্রহে যিদৰে মনোযোগৰ সৃষ্টি কৰে, মনোযোগেও ব্যক্তি মনত আগ্রহ জন্ম দিব পাৰে।

 

Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »