-->

Class 12 Education: Memory And Forgetting । স্মৃতি আৰু বিস্মৃতি

Questions Answers of AHSEC Solution for Class 12 Education: স্মৃতি আৰু বিস্মৃতি । Memory And Forgetting. All the important questions answers are discussed in this article.

 Memory And Forgetting

স্মৃতি আৰু বিস্মৃতি (ক)

স্মৃতি আৰু বিস্মৃতিৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education: স্মৃতি আৰু বিস্মৃতি । Memory And Forgetting. There are approximately important 30 questions answers in this article.

1. তলৰ পৰিস্থিতি সমূহত কোন প্রকাৰৰ স্মৃতি ক্রিয়াশীল লিখা। HS-2013
(ক) পিয়ানো বজাওঁতে।     HS-2019
উত্তৰঃ- অভ্যাস স্মৃতি।
(খ) টেলিফোন ডায়েৰীৰ পৰা এটা টেলিফোন নম্বৰ ব্যৱহাৰ কৰোতে।
উত্তৰঃ- তাৎক্ষণিক স্মৃতি।
(গ) অতীত ঘটনা এটা বর্ণনা কৰোতে।
উত্তৰঃ- প্রকৃত স্মৃতি।
(ঘ) ১৫ আগষ্ট দিনা মহাত্মা গান্ধীলৈ মনত পৰোতে।
উত্তৰঃ- অনুষংগমূলক স্মৃতি।
(ঙ) শ্ৰুতিলিপি লিখোঁতে।    HS-2019
উত্তৰঃ- তৎকালীন স্মৃতি।
(চ) পিনৰ খোঁচ অনুভৱ কৰোঁতে।    HS-2019
উত্তৰঃ- সংবেদমাত্মক স্মৃতি।

2. খালী ঠাই পূৰণ কৰাঃ
(ক) অতীত অভিজ্ঞতাক চেতন মনৰ প্ৰতিৰূপ সহায়ত পুনৰুত্থাপিত কৰাৰ মানসিক প্রক্রিয়াক _____ বোলে৷ HS-2012
উত্তৰঃ- স্মৃতি
(খ) এজন ব্যক্তিয়ে বহুদিন লগ নোপোৱা এজন বন্ধুক চিনাক্ত কৰিছে। তেওঁ এই কামটো _____ৰ সহায়ত কৰিছে। HS-2015
উত্তৰঃ- প্রত্যাভিজ্ঞা
(গ) _____ স্মৃতিৰ বাবে সম্ভৱ হয়। HS-2016
উত্তৰঃ- সাঁতোৰা অভ্যাস
(ঘ) স্মৃতিৰ তিনিটা ভিন্ন তথা পৰম্পৰ সম্বন্ধযুক্ত উপাদান আছে। এই কেইটা হ'ল শিক্ষণ, সংৰক্ষণ আৰু _____।
উত্তৰঃ- প্রত্যভিজ্ঞা
(ঙ) সময়ৰ ব্যৱধান হৈছে _____ কাৰণ।
উত্তৰঃ- বিস্মৃতিৰ
(চ) বাৰ্গচনৰ মতে স্মৃতি দুবিধ, এবিধ হ'ল যথার্থ স্মৃতি আৰু আনবিধ _____ স্মৃতি।
উত্তৰঃ- অভ্যাস
(ছ) স্মৃতিৰ ক্ষেত্ৰত _____ গুৰুত্বপূর্ণ ভূমিকা আছে।
উত্তৰঃ- অচেতন মনৰ
(জ) স্মৃতিৰ বাবে _____ প্রয়োজন।
উত্তৰঃ- পুনৰাবৃত্তিৰ
(ঝ) স্মৃতি লাভৰ ব্যর্থতাই হৈছে _____।
উত্তৰঃ- বিস্মৃতি

3. স্মৰণতকৈ প্রত্যাভিজ্ঞা কিয় সহজ? HS-2014, 2017
উত্তৰঃ- প্রত্যাভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত থাকে। সেইবাবে স্মৰণতকৈ প্রত্যাভিজ্ঞা সহজ।
 
4. এটা মানসিক প্রক্রিয়াৰ নাম লিখা যিটো অতীতৰ অভিজ্ঞতাৰ সহায়ত সৃষ্টি হয়?
উত্তৰঃ- স্মৃতি।

5. স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা। HS-2018
উত্তৰঃ- স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধ। কাৰণ অতীতত নিশিকাকৈ কোনো বিষয়ৰ শিক্ষণ সম্ভৱ নহয়।

6. 
দুখদায়ক অভিজ্ঞতাসমূহক সজ্ঞান মনৰ পৰা অচেতন মনলৈ পঠাই দিয়া প্রক্রিয়াটোক কি বোলে?

উত্তৰঃ- অৱদমন।


7. প্রত্যাভিজ্ঞা কি?
উত্তৰঃ- অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ'লেই স্মৰণকার্য সম্পূর্ণ হ'ল বুলি ধৰিব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ'ল প্রত্যাভিজ্ঞা।

8. বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ লিখা।
উত্তৰঃ- বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ হ'ল—
(১) বৃদ্ধাৱস্থা
(২) মগজুৰ আঘাট
(৩) শাৰীৰিক ক্লান্তি বা ভাগৰ
(৪) ৰাগিয়াল দ্রব্য।

9. স্মৃতিৰ কেইটামান ভাগৰ নাম লিখা।
উত্তৰঃ- স্মৃতিৰ কেইটামান ভাগৰ নাম হ'ল– (১) প্রতিৰূপ স্মৃতি (২) অভ্যাস স্মৃতি (৩) দীর্ঘকালীন স্মৃতি। (৪) তৎকালীন স্মৃতি (৫) যুক্তিপূর্ণ স্মৃতি (৬) মুখস্থ স্মৃতি (৭) অনুসংগমূলক স্মৃতি।

10. 
স্মৃতিৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- স্মৃতিৰ চাৰিটা বৈশিষ্ট্য হ'ল—
(১) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়োজন।
(২) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা।
(৩) অচেতন মনৰ ভূমিকা
(৪) পুনৰাবৃত্তিৰ প্রয়োজন।


11. পশ্চাৎমুখী প্ৰতিৰোধ আৰু পূর্বমুখী প্ৰতিৰোধৰ পার্থক্য লিখা।    HS-2018
উত্তৰঃ- পশ্চাৎমুখী প্রতিৰোধ আৰু পূর্বমুখী প্রতিবোধ পার্থক্য হ'ল-
    কোনো এটা বিষয় শিকাৰ পিছত সময়ৰ অলপো ব্যৱধান নৰখাকৈ লগে লগে আন এটা পৃথক আৰু সম্বন্ধহীন বিষয় শিকা হ'লে সি প্রথমে শিকা বিষয়ৰ স্মৃতি ৰক্ষাত প্রতিবোধ বা প্রতিবন্ধকতা স্বৰূপে কাম কৰে। ইয়াক পশ্চাৎমুখী প্রতিৰোধ বুলি জনা যায়। এনেক্ষেত্ৰত দ্বিতীয়বিধে প্রথম শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে।
    আনহাতে, কোনো এটা বিষয় শিকাৰ পিছত সময়ৰ ব্যৱধান নৰখাকৈ লগে লগে আন এটা পৃথক আৰু সম্বন্ধহীন বিষয় শিকা হ'লে সি দ্বিতীয়তে শিকা বিষয়ৰ স্মৃতি ৰক্ষাত প্রতিৰোধ হিচাপে কাম কৰে। ইয়াক পূর্বমুখী প্রতিৰোধ বোলে। এনেক্ষেত্ৰত প্রথমবিধে দ্বিতীয়বিধ শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে।

12. "বিস্মৃতি স্মৰণৰ এক চৰ্ত”- ব্যাখ্যা কৰা।     HS-2012

উত্তৰঃ- বিস্মৃতি স্মৃতিকাৰ্যৰ বাবে অতি লাগতিয়াল। কাৰণ ব্যক্তিৰ মনত অতীত অভিজ্ঞতা সংৰক্ষণৰ সাধাৰণতে এক সীমাবদ্ধতা থাকে। সেইবাবে বিখ্যাত মনোবিশ্লেষক ফ্রয়েদে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় বুলি মত প্রকাশ কৰিছে। তেখেতৰ মতে বিস্মৃতি মনৰ এক প্ৰতিৰক্ষা কবছ সদৃশ। ব্যক্তিক জীৱনৰ কৰুণ আৰু অশান্তিকৰ ঘটনাবোৰ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰে। গতিকে স্মৃতিৰ দৰে বিস্মৃতিও সকলোৰে বাবে প্রয়োজনীয়। দৈনন্দিন জীৱনৰ অভিজ্ঞতাবোৰৰ অনাৱশ্যকীয় আৰু আমনিদায়ক অংশ বিস্মৃতিৰ যোগে চেতন মনৰ পৰা আঁতৰ কৰা হয়। ইয়াৰ ফলত নতুন অভিজ্ঞতাই মনত ঠাই পায়। সকলো পুৰণি অভিজ্ঞতাই ব্যক্তিৰ মনত জুমুৰি দি ধৰিলে বাস্তৱ সমস্যাসমূহ চিন্তা-চৰ্চা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই দৃষ্টিৰ পৰা মনোবিজ্ঞানীসকলে কৈছে যে বিস্মৃতি স্মৃতিৰ এক চর্ত।
 
13. স্মৰণ আৰু প্রত্যাভিজ্ঞাৰ মাজত পার্থক্য দেখুওৱা।    HS-2012
উত্তৰঃ- অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ'লেই স্মৰণকার্য সম্পূর্ণ হ'ল বুলি ধৰিব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ'ল প্রতাজ্ঞিতা। এই কার্য স্মৰণ কার্যতকৈ সহজ আৰু চমু। ব্যক্তিৰ পূর্ব প্রতিৰূপ সংৰক্ষণ ক্ষমতাৰ ওপৰত ই একান্ত নিৰ্ভৰশীল নহয়।
    অতীতত শিকা কোনো কথা মস্তিষ্কই সংৰক্ষণ কৰাৰ পাছত তাক স্মৰণ কৰাই হ'ল পুনঃস্মৰণ। ই এক কঠিন আৰু উচ্চ পর্যায়ৰ স্মৃতি-ক্রিয়া। এইবিধ স্মৃতিত বৰ্তমানৰ ইন্দ্রিয় অভিজ্ঞতাৰ কোনো সহায় নাথাকে। ব্যক্তিৰ পূর্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গধুৰ হয় পুনঃস্মৰণ কৰাত সি সিমানেই সহজ হয়।
 
14. বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ বর্ণনা কৰা।     HS-2018
উত্তৰঃ- বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ হ'ল—
(১) আগ্রহবিহীন শিক্ষণঃ- আগ্রহৰ অভাৱ বিস্মৃতিৰ এক প্রধান কাৰণ। শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়। গতিকে মনোবিদসকলৰ মতে আগ্রহবিহীনভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।
(২) দমন কার্যঃ- আমাৰ মনৰ এক দমন অৱদমনৰ ক্ষমতা আছে। এইবিধ এক জটিল মানসিক ক্রিয়া। যাৰ দ্বাৰা জীৱনৰ
অসম্পূর্ণ কামন-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনক দমন কৰি ৰাখে।
(৩) আবেগিক আলোড়নঃ- আবেগসমূহ প্রবৃত্তিৰ লগত জন্মলব্ধ। সকলো ব্যক্তিয়েই বিভিন্ন আবেগ যেনে মৰম-ভালপোৱা, ভয়, ক্রোধ, ঈর্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলোড়নত ভুগিব পাৰে। ইয়ে বিস্মৃতিত সহায় কৰে।
(৪) শিক্ষণৰ সমাপ্তিকৰণঃ- শিক্ষণ এবিধ সক্রিয় মানসিক ক্রিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনো এটা বিষয় শিক্ষণৰ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্রিয়া হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ'বলৈ ধৰে।

15. 'পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত'—ব্যাখ্যা কৰা।        HS-2013
উত্তৰঃ- পুনৰাবৃত্তিয়ে স্মৃতিত যথেষ্ট সহায় কৰে। মানুহে কোনো এটা কাম যিমান বাৰ পুনৰাবৃত্তি কৰে সেই কাম সিমানেই মনত গাঢ় হয়। অর্থাৎ যিকোনো শিক্ষণ বা অভিজ্ঞতা পুনঃ পুনৰ কৰিলে সেই কাম বা শিক্ষণ মনৰ পৰা আঁতৰি নাযায় সি স্মৰণত ৰৈ যায়। স্মৰণত কোনো কার্য ৰৈ যোৱা নোযোৱা নিৰ্ভৰ কৰে সেই কাম মানুহজনে কিমানবাৰ কৰিছে তাৰ ওপৰত। যিকোনো শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ'লে সেই শিক্ষণ পাহৰণিত পৰিণত হয়। সেয়েহে পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত।

16. স্মৃতিৰ পৰিসৰ কি?     HS-2014
উত্তৰঃ- ব্যক্তিয়ে একে সময়তে প্রদান কৰা স্মৰণীয় উপাদানসমূহৰ ভিতৰত কিমান সংখ্যক বস্তু মনত ৰাখিব পাৰে এই সম্বন্ধে মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল। ইয়াৰ দ্বাৰা প্রমাণিত হয় যে মানুহে এবাৰকৈ দেখা বা শুনা বস্তু মনত ৰাখিব পৰা এক নির্দিষ্ট ক্ষমতা আছে। ব্যক্তি বিশেষে থকা স্মৃতিৰ এনে সীমাবদ্ধ ক্ষমতাকেই স্মৃতি পৰিসৰ বোলা হয়।

17. 'স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই।'' ব্যাখ্যা কৰা।    HS-2016
উত্তৰঃ- অতীত অভিজ্ঞতাক অবিকল পুনৰুদ্রেক কৰাৰ যি মানসিক শক্তি তাকে স্মৃতিশক্তি বোলে। কোনো বস্তুৰ স্মৃতি লাভ কৰিবলৈ হ'লে প্রথমতে শিক্ষা লাভ, তাৰ পিছত সংৰক্ষণ আৰু পিছত তাক পুনঃস্মৰণ কৰিব লাগে। সেয়েহে স্মৃতি প্রক্রিয়াত এই তিনিটা বিশেষ উপাদান থাকে। সেয়েহে ব্যক্তিয়ে কোনো নতুনকৈ সৃষ্টি কৰাৰ কথা ইয়াত নাহে। অর্থাৎ স্মৃতি শক্তি কোনো সৃষ্টিশীলতাৰ ঠাই নাই।

18. 'নীতাই তাইৰ কিতাপৰ পৰা প্রথম কবিতা এটা শিকিলে। কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্ৰথম কবিতাটো পাহৰি গ'ল।' মনোবৈজ্ঞানিক যুক্তি প্রদান কৰা।    HS-2016
উত্তৰঃ- আমি যেতিয়া এটা পাঠ শিকাৰ পাছতেই আন এটা পাঠ শিকিবলৈ যাওঁ তেতিয়া প্রথম পাঠটোৰ বহু কথা পাহৰি যাওঁ। ইয়াকে পশ্চাৎমুখী প্রতিৰোধ বোলা হয়। নীতাই এই পশ্চাৎমুখী প্রতিৰোধৰ বাবে দ্বিতীয় কবিতাটো শিকাৰ পিছত প্রথম কবিতাটো পাহৰি গ'ল। অর্থাৎ স্মৃতিটো বিস্মৃতিলৈ পৰিণত হ'ল।

19. প্রকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত পার্থক্য দেখুওৱা।     HS-2017
উত্তৰঃ- প্রকৃত স্মৃতি সম্পূর্ণভাৱে মনত সঞ্চিত স্মৃতি। এইবিধ স্মৃতি লাভৰ বাবে অতীত অভিজ্ঞতা বা শিক্ষণৰ প্ৰতিৰূপসমূহ মনত সঞ্চিত হোৱা প্রয়োজন। এই স্মৃতি লাভ কৰিবলৈ এজন মানুহৰ বিভিন্ন মানসিক গুণ যেনে উচ্চখাপৰ বুদ্ধি, শৃজনাত্মক ক্ষমতা, কল্পনা শক্তিৰ অতি প্রয়োজন।
    যিকোনো ক্রিয়াৰ যান্ত্রিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বোলা হয়। অর্থাৎ কোনো শিক্ষণীয় বস্তু বাৰে বাৰে অনুশীলন কৰাৰ মূৰত যেতিয়া সি অভ্যাসত পৰিণত হয় তেতিয়া সেই বস্তুটো স্মৰণ কৰাকে অভ্যাস স্মৃতি বোলে। প্রকৃত স্মৃতিৰ দৰে অভ্যাস স্মৃতিত কোনো উচ্চমান বিশিষ্ট বৌদ্ধিক ক্ষমতা প্রয়োজন নাই। অভ্যাস স্মৃতিৰ তুলনাত প্রকৃত স্মৃতি স্থায়ী।

20. স্মৰণৰ যি কোনো দুটা সঞ্চয়ী পদ্ধতি চমুকৈ বর্ণনা কৰা।    HS-2015
উত্তৰঃ- স্মৰণৰ দুটা সঞ্চয়ী পদ্ধতি হ'ল—
(১) যুক্তিপূর্ণ বা অর্থ পূর্ণশিক্ষণ পদ্ধতিঃ- কোনো কথা শিকিবলৈ যাওঁতে সেই বিষয়টোৰ অৰ্থ আৰু গভীৰতা ভালদৰে বুজি তাক মনত ৰাখিবলৈ চেষ্টা কৰিলেই সেই কথা বহুত দিনলৈ আমি সংৰক্ষণ কৰিব পাৰে। সেয়েহে শ্রেণীত শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠৰ বিষয় বস্তুৰ অর্থ ছাত্র-ছাত্রীৰ আগত ফহিয়াই দেখুৱাব লাগে।
(২) অখণ্ড আৰু খণ্ড পদ্ধতিঃ- অখণ্ড বা সমগ্র পদ্ধতিৰে শিকিবলৈ হ'লে শিক্ষণীয় বিষয়বস্তুৰ সামগ্রিক হিচাপে লৈ তাক আয়ত্ব কৰিবলৈ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে— এটা কবিতা এই পদ্ধতিৰে মুখস্থ কৰিবলৈ হ'লে প্রথম শাৰীৰ পৰা শেষৰ শাৰীলৈ মুখস্থ কৰিব লাগিব। দ্বিতীয় পদ্ধতি অনুসৰি গোটেই কবিতাটো কেইটামান অংশত ভাগ কৰি লৈ এটা এটা ভাগত মুখস্থ কৰিবলৈ যত্ন কৰা হয়। সময় আৰু পৰিস্থিতি অনুযায়ী দুয়োবিধ পদ্ধতিয়ে সুফল দিয়া দেখা যায়।

21. ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।    HS-2014, 2016, 2018
উত্তৰঃ- ভাল বা উত্তম স্মৃতিৰ চাৰিটা বৈশিষ্ট্য হৈছে–
(১) অলপ আয়াসতে কোনো কথা শিকা আৰু মনত ৰখাৰ ক্ষমতাঃ- যিবিলাক ল'ৰা-ছোৱালীৰ স্মৃতি প্রখৰ সিহঁতে অতি কম সময়তে কোনো কথা শিকিব আৰু মনত ৰাখিব পাৰে।
(২) দীর্ঘকাল অভিজ্ঞতা সংৰক্ষণৰ ক্ষমতাঃ- অভিজ্ঞতাবিলাক বহুদিনলৈ মনত ধৰি ৰখাৰ ক্ষমতাও হ'ল উত্তম স্মৃতিৰ লক্ষণ।
(৩) দ্রুত উদ্রেকঃ- শিক্ষা গ্রহণ দ্রুত আৰু সহজ কৰাৰ ক্ষমতাইয়ো প্রখৰ স্মৃতিৰ কথা সূচায়। পূর্বে শিকা কোনো কথা প্রয়োজন হ'লেই অতি সোনকালে স্মৰণ কৰিব পৰাটো উত্তম স্মৃতিৰ চিন।
(৪) সঠিক পুনঃস্মৰণঃ- অতীত অভিজ্ঞতা দ্রুত পুনঃস্মৰণ কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ হিচাপে ধৰা হয় যদিও এই পুনঃস্মৰণ সঠিক হয় নে নহয় সেই কথা বিচাৰ কৰা যুগুত। যি ছাত্ৰৰ স্মৃতি অতি প্ৰখৰ সিহঁতে অতি সঠিককভাৱে পূর্ব স্মৃতি সুৱৰিব পাৰে, কিন্তু ক্ষীণ স্মৃতি সম্পন্ন ছাত্র-ছাত্রীয়ে এই ক্ষেত্ৰত ব্যর্থ হয়।

22. বিস্মৃতি মানে কি? HS-2016 ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- অভিজ্ঞতাক মনত স্মৰণ কৰাৰ অক্ষমতাই হৈছে বিস্মৃতি বা পাহৰণি। অর্থাৎ বিস্মৃতি হ'ল স্মৃতিৰ বিপৰীতধর্মী গুণ। বিস্মৃতি কেৱল স্মৃতি লাভৰ বাবে নহয়, মানুহৰ মানসিক স্বাস্থ্য অটুট ৰাখিবলৈও ইয়াৰ প্রয়োজন। মনোবৈজ্ঞানিক সকলৰ মতে বিস্মৃতি হ'ল স্মৃতিৰ সহায়ক আৰু স্মৃতিশক্তি হ'ল বিস্মৃতিৰ ওপৰত নিৰ্ভৰশীল।
    বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ'ল–
(১) বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা সম্ভৱ নহয়। মনত সঞ্চিত প্রতিৰূপসমূহৰপুনঃস্মৰণৰ অসামর্থতাই হৈছে বিস্মৃতি।
(২) বিস্মৃতি এক স্বাভাৱিক প্রক্রিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বোলা হয়।
(৩) বিস্মৃতি অনাৱশ্যক নহয়। কাৰণ ই শিক্ষণ, আৰু অভিজ্ঞতা আহৰণ আৰু সেইবোৰৰ প্রতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে।
(৪) শিক্ষণক বহু সময়ত যুক্তিযুক্ত পাহৰণি কার্য বুলি কোৱা হয়। কিয়নো ই মনৰ পৰা অপ্রয়োজনীয় আৰু অপ্রাসংগিক প্রতিৰূপসমূহ দূৰ কৰি নতুন প্রতিৰূপ সংৰক্ষণত সহায় কৰে।
(৫) শিক্ষণ বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামান সময়ৰ ভিতৰত ইয়াৰ প্রকোপ বেছি হয় আৰু সময় পাৰ হোৱাৰ লগে লগে কমি আহে।

23. বিস্মৃতিৰ চাৰিটা ব্যক্তিনিষ্ঠ কাৰণ সম্পর্কে আলোচনা কৰা।    HS-2014, 2016
উত্তৰঃ- (১) আগ্রহবিহীন শিক্ষণঃ- শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়। গতিকে মনোবিদসকলৰ মতে আগ্রহবিহীন ভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।
(২) দমন কার্যঃ- আমাৰ মনত এক দমন অৱদমনৰ ক্ষমতা আছে। ই এক জটিল মানসিক ক্রিয়া, যাৰ দ্বাৰা জীৱনৰ অসম্পূর্ণ কামনা-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ প্ৰৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে।
(৩) আবেগিক আলোড়নঃ- আবেগসমূহ প্রবৃত্তিৰ লগত জন্মলব্ধ। সকলো ব্যক্তিয়েই বিভিন্ন আবেগ, যেনে মৰম-ভালপোৱা, ভয়, ক্রোধ, ঈর্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্রভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলোড়নত ভুগিব পাৰে। এনে আবেগিক আলোড়নে বিস্মৃতিত সহায় কৰে।
(৪) শিক্ষণৰ সমাপ্তিকৰণঃ- শিক্ষণ এবিধ সক্রিয় মানসিক ক্রিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনো এটা বিষয় শিক্ষণ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্রিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ'বলৈ ধৰে।

24. যুক্তিপূর্ণ স্মৃতি আৰু মুখস্থ স্মৃতি কি?
উত্তৰঃ- যি কোনো বিষয়বস্তু ভালদৰে শিকি, হৃদয়ংগম কৰি যি স্মৃতি লাভ কৰা হয় তাকে 'যুক্তি পূর্ণ স্মৃতি' বোলে। উদাহৰণস্বৰূপে শিক্ষার্থীসকলে গণিতৰ সমস্যা সমাধান কৰোতে, কম্পিউটাৰ শিকোতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্রয়োগ কৰে।
    আনহাতে, কোনো বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰা হয় তাকেই মুখস্থ স্মৃতি বুলি কোৱা হয়। মুখস্থ স্মৃতি যুক্তিপূর্ণ স্মৃতিৰ বিপৰীতধর্মী। ইয়াত কেৱল মৌখিকভাৱে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ ছাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। এনেদৰে মৌখিক পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল বাবে এই স্মৃতিক 'মৌখিক বা মুখস্থ স্মৃতি' বোলা হয়।

25. 'স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন' -কাৰণ দশোৱা।    HS-2019
নাইবা
'বিস্মৃতি এক আশীর্বাদ'—এই কথাষাৰ ব্যাখ্যা কৰা।    HS-2014, 2017

উত্তৰঃ- বিস্মৃতিক এক আশীর্বাদ বুলি কোৱা হয়। কিছুমান ক্ষেত্ৰত বিস্মৃতি আমাৰ বাবে অনিষ্টকাৰী যদিও বহু ক্ষেত্ৰত ই আশীর্বাদ হৈ পৰে। বিস্মৃতি ভাল মানসিক স্বাস্থ্যৰ বাবে প্রয়োজন। বিস্মৃতিয়ে পুৰণি পুৰণি, অপ্রয়োজনীয় প্রতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূতে সচেতন মনে নতুন জ্ঞান অভিজ্ঞতা, আহৰণ কৰি সংৰক্ষন কৰিবলৈ সমর্থ হয়। সেয়েহে বিস্মৃতি স্মৃতিৰ বাবেই প্রয়োজনীয় বুলি কোৱা হয়। বিস্মৃতিয়ে ব্যক্তিজীৱনৰ কৰুণ আৰু অশান্তিকৰ ঘটনাবোৰ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰে।

26. স্মৃতি বা স্মৰণ প্রক্রিয়া কি? HS-2018 স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা।  HS-2015
উত্তৰঃ- স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য। বিভিন্ন সময়ত বিভিন্ন মনোবিজ্ঞানীকে স্মৃতি সম্বন্ধে নিজৰ নিজৰ মতামত দাঙি ধৰিছে।
    মেক্‌ডুগলে স্মৃতিৰ সংজ্ঞা এইদৰে দিছে— "অতি সীমিত বা সংকীর্ণ অর্থত স্মৃতি বা স্মৰণ ক্রিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা।"
    ৰাই বাৰ্ণৰ মতে, "অভিজ্ঞতা সঞ্চয়ণৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা তাকেই স্মৃতি বুলি কোৱা হয়।"
    জেমচ এচ ৰ'চৰ মতে, "স্মৃতি হৈছে পূর্ব অভিজ্ঞতাৰ প্রৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা।
    স্মৃতিৰ উপাদনসমূহ হ'ল—
(১) শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণঃ- শিক্ষণ স্মৃতি লাভৰ ক্ষেত্ৰত সবাতোকৈ প্রয়োজনীয় আৰু প্রথম পর্যায়। এই প্রাথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান-অভিজ্ঞতা আহৰণ কৰে। শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজৰ দৰে। গতিকে স্মৃতি পাবলৈ সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্রয়োজনীয় কিয়নো ইয়াৰ অবিহনে স্মৃতি লাভ অসম্ভৱ।
(২) সংৰক্ষণঃ- স্মৃতি প্রক্রিয়াত অন্তর্নিহিত দ্বিতীয় প্রয়োজনীয় পর্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্রতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা। আমি জীৱনত বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিয়েই ক্ষান্ত নাথাকে। সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সংৰক্ষণ কৰি ৰাখো। যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সি সহজে পাহৰণিৰ গৰ্ভত লীন যাব। গতিকে মনৰ এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্ভৱ নহয়।
(৩) পুনঃস্মৰণঃ- সংৰক্ষিত অতীত অভিজ্ঞতাক চেতন মনত প্রয়োজন অনুযায়ী পুনৰুদ্ধাৰ কৰাকেই পুনঃস্মৰণ বুলি কোৱা হয়। অতীতত লাভ কৰা জ্ঞান-অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অর্থাৎ হুবহু পুনঃস্মৰণ কৰিবলৈ মনে যত্ন কৰে। গতিকে পুনঃস্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱর্তনীয় পুনৰূদ্ধাৰ ক্রিয়া বুল ক'ব পাৰি।
(৪) প্রত্যাভিজ্ঞাঃ অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ'লেই স্মৰণকার্য সম্পূর্ণ হ'ল বুলি ধৰিব নোৱাৰি। সেই অভিজ্ঞতাৰ প্রতিৰূপবিলাক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্ত কৰণেই হ'ল প্রত্যাভিজ্ঞা। এই কার্য স্মৰণ কার্যতকৈ সহজ আৰু চমু।


Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Contact us(7020477396) for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »