-->

Class 11 Economics-Production and Cost | উৎপাদন আৰু ব্যয়

Class 11 Economic

Production and Cost

উৎপাদন আৰু ব্যয়।


1. স্থিৰ উপাদান কি? এটা উদাহৰণ দিয়া।     HS-2019
উত্তৰঃ- উৎপাদন প্রতিষ্ঠান এখনত যেতিয়া উৎপাদন হ্রাস বৃদ্ধিৰ লগত উপাদানৰ কোনো সম্পর্ক নাথাকে তেনে উপাদানক স্থিৰ উপাদান বোলে। যেনে-যন্ত্রপাতি, কলকাৰখানা, কম্পিউটাৰ।

2. গড় উৎপাদন কি?
উত্তৰঃ- মুঠ উৎপাদনক পৰিৱর্তনীয় উপাদানৰ পৰিমাণেৰে ভাগ কৰিলে যি পোৱা যায় তাকে গড় উৎপাদন বুলি কোৱা হয়।


3. প্রান্তিক উৎপাদন কি?     HS-2018
উত্তৰঃ- উৎপাদন প্রক্রিয়াত অতিৰিক্ত উপাদান ব্যৱহাৰ কৰি যি অতিৰিক্ত উৎপাদন পোৱা হয় সেয়ে প্রান্তিক উৎপাদন।

4. গড় পৰিৱৰ্তনশীল ব্যয়ৰ সংজ্ঞা দিয়া।     HS-2013, 2014
উত্তৰঃ- মুঠ পৰিৱৰ্তনশীল ব্যয়ক মুঠ উৎপাদন পৰিমাণেৰে ভাগ কৰি পোৱা ফলকেই গড় পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয়।

5. পৰিৱৰ্তনশীল ব্যয়ৰ এটা উদাহৰণ দিয়া।     HS-2016
উত্তৰঃ- কেঁচা মাল।

6. এখন প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়ৰ পৰিমাণ 200 টকা। তলৰ তালিকাখন সম্পূর্ণ কৰা।  HS-2019


উত্তৰঃ-


7. এটা পৰিৱৰ্তনশীল উপাদানৰ 5 একক ব্যৱহাৰ কৰিলে যদি মুঠ উৎপাদন 55 একক হয়, তেন্তে ইয়াৰ গড় উৎপাদন নির্ণয় কৰা। উপাদানটোৰ আৰু 1একক বঢ়াই দিয়াৰ ফলত মুঠ উৎপাদন 60 একক হ'লে প্রান্তিক উৎপাদন কিমান হ'ব? HS-2016

 উত্তৰঃ-


                                            প্রান্তিক উৎপাদন (MP) =TP1-TP.                                                                                                                                                    = 60-55=5

8. সম-উৎপাদন ৰেখা মানে কি?     HS-2013, 2018
উত্তৰঃ- উৎপাদনকার্যত নিয়োগ কৰা দুটা পৰিৱৰ্তনশীল উপাদানৰ বিভিন্ন জোটত যেতিয়া সামগ্রী এটাৰ সম পৰিমাণৰ উৎপাদনৰ নির্দেশ দিয়ে, তেনে উৎপাদন ৰেখাক সম-উৎপাদন ৰেখা বোলে।

9. দীর্ঘকালত স্থিৰ ব্যয় থাকিব পাৰেনে? তোমাৰ উত্তৰৰ ন্যার্তা প্রমাণ কৰা।     HS-2018
উত্তৰঃ- দীর্ঘকালত স্থিৰ ব্যয় নাথাকে। দীর্ঘকালত স্থিৰ উপাদান নথকাৰ ফলত এনে ব্যয় দেখা নাযায়। যিহেতু স্থিৰ ব্যয়ৰ লগত উৎপাদনৰ পৰিমাণৰ কোনো সম্পর্ক নাই। উৎপাদনৰ পৰিমাণ হ্রাসেই হওঁক বা বৃদ্ধিয়েই হওঁক এনে ব্যয় স্থিৰ হৈ থাকে। উৎপাদন শূন্য হলেও উৎপাদনকাৰীয়ে এনে ব্যয় বহন কৰিব লগা হয়।

10. ক্রমহ্রাসমান প্রান্তিক উৎপাদনৰ বিধিটো লিখা।     HS-2015
উত্তৰঃ- ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি মতে উৎপাদনৰ বাকীবোৰ উপাদান স্থিৰে ৰাখি এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে আৰম্ভণিতে প্রান্তিক উৎপাদন বৃদ্ধি হয় আৰু এটা পর্যায়ৰ পিছত ই ক্রমান্বয়ে হ্রাস হ'বলৈ ধৰে।
            তলৰ টেবুলখনৰ পৰা দেখা যায় যে উৎপাদনত শ্রম নিয়োগৰ পৰিমাণ ৪ জনলৈ বৃদ্ধি কৰাত প্রান্তিক উত্থাদন বৃদ্ধি হৈছে। ৫ম গোটৰ পাছত অধিক শ্রম নিয়োগ কৰাত প্রান্তিক উৎপাদন হ্রাস হৈছে।

11. পৰিৱৰ্তনীয় অনুপাত বিধিটো লিখা।     HS-2013, 2017
উত্তৰঃ- হ্রস্বকালীন অৱস্থাত উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিত উৎপাদনৰ এটা উপাদান স্থিৰে থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদান এটা বৃদ্ধি কৰিলে গড় উৎপাদন আৰু প্রান্তিক উৎপাদন বৃদ্ধি পাই পাছত সর্বোচ্চ হয় যদিও তাৰ পিছত গড় উৎপাদন হ্রাস হয়। দেখা যায় যে পৰিৱর্তনশীল উপাদান বৃদ্ধি কৰি গৈ থাকোতে এটা সময়লৈকে গড় উৎপাদন বৃদ্ধি পায়। ইয়াৰ পাছত উপাদানটো বৃদ্ধি কৰি থাকিলেও গড় উৎপাদন আৰু প্রান্তিক উৎপাদন দুয়োটাই হ্রাস হ'বলৈ ধৰে।

12. স্থিৰ ব্যয়ৰ এটা উদাহৰণ দিয়া।  HS-2014
উত্তৰঃ- স্থায়ী কর্মচাৰীৰ দৰমহাৰ ব্যয়।

13. প্রতিষ্ঠান এখনে যেতিয়া 10 একক শ্রমিক নিয়োগ কৰে তেতিয়া মুঠ উৎপাদন 600 একক। গড় উৎপাদন নির্ণয় কৰা।
উত্তৰঃ- 

 

14. প্রতিদান বিধিয়ে কি সূচায়?    HS-2016
উত্তৰঃ- প্রতিদান বিধিয়ে উপাদানবোৰৰ সলনিৰ লগে লগে উৎপাদনৰ পৰিমাণ কি দৰে পৰিৱৰ্তন হয় তাকে সূচায়।

15. উৎপাদন কার্যত ব্যৱহৃত তিনিটা পৰিৱৰ্তনশীল উপাদান উল্লেখ কৰা।
উত্তৰঃ- কেঁচা সামগ্রী, শ্রমিক আৰু শক্তি।

16. প্রান্তিক উৎপাদন ৰেখাৰ আকৃতি কেনেকুৱা?
উত্তৰঃ- প্রান্তিক উৎপাদন ৰেখা ওলোটা 'U' আকৃতিৰ।

17. প্রতিদানৰ মাত্ৰা বুলিলে কি বুজা?     HS-2018
উত্তৰঃ- উপাদানৰ আনুপাতিক প্রৰিৱৰ্তনৰ ফলস্বৰূপে মুঠ উৎপাদনৰ পৰিৱর্তনেই হ'ল প্রতিদানৰ মাত্রা।

18. বিভিন্ন পর্যায়ৰ মাত্ৰাৰ প্ৰতিদানসমূহৰ অর্থ লিখা।     HS-2018
উত্তৰঃ- মাত্ৰাৰ প্রতিদানসমূহ তিনিটা পর্যায়ত পোৱা যায়।  
(১) ক্রমহ্রাসমান প্রতিদান বিধিঃ- এই বিধি অনুসৰি সকলো উৎপাদক সমান অনুপাতত বৃদ্ধি কৰিলে উৎপাদন ক্রমহ্রাসমান গতিত বৃদ্ধি হয়। সেই কাৰণে দীর্ঘকালত প্রযোজ্য হোৱা এই বিধিটোক মাত্ৰাৰ ক্রমহ্রাসমান প্রতিদান বিধি বোলে।
(২) ক্রমবর্ধমান প্রতিদানৰ বিধিঃ- কোনো এটা প্রতিষ্ঠানৰ উৎপাদনৰ ফলনৰ আটাইবোৰ উপাদানক একে অনুপাতত বৃদ্ধি কৰাৰ ফলত উৎপাদন বৃদ্ধিৰ অনুপাত উৎপাদন মাত্রা বৃদ্ধিৰ অনুপাততকৈ অধিক হয় তেতিয়া তাক ক্রমবর্ধমান প্রতিদান বিধি বোলে।
(৩) সমাহাৰ প্রতিদান বিধিঃ- এবিধ সামগ্ৰীৰ উৎপাদন ফলনৰ আটাইবোৰ উপাদানক এক নির্দিষ্ট অনুপাতত বৃদ্ধি কৰাৰ ফলত যদি উৎপাদনৰ মাত্রাও সেই একে অনুপাতত বৃদ্ধি পায় তেতিয়া তাক সমাহাৰ উৎপাদন বিধি বুলি কোৱা হয়।

19. উপাদানৰ পতিদান কি?
উত্তৰঃ- স্থায়ী উপাদান অপৰিৱৰ্তিত থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তন ঘটালে উৎপাদনৰ যি পৰিৱৰ্তন হয়, তাকেই 'উপাদানৰ প্রতিদান' বোলা হয়।

20. গড় স্থিৰ ব্যয় আয়তীয় পৰাবৃত্ত বুলি দেখুওৱা।     HS-2013, 2018
উত্তৰঃ- গড় স্থিৰ ব্যয় হ'ল (AFC) মুঠ স্থিৰ ব্যয় (TFC) আৰু উৎপন্ন (q)ৰ অনুপাত। গতিকে, q বৃদ্ধি হ'লে AFC হ্রাস পায়। উৎপন্ন যেতিয়া কমি আহে তেতিয়া AFC যথেষ্ট বেছি হয় আৰু উৎপন্ন যেতিয়া অসীমলৈ গতি কৰে, তেতিয়া AFC শূন্যলৈ গতি কৰে। দৰাচলতে AFC ৰেখাডাল আয়তীয় পৰাবৃত্ত।

21. এখন ব্যৱসায় প্রতিষ্ঠান ফলনটো হ'ল Q = 2L ½ K2। প্রতিষ্ঠানখনে প্রাচুর্য 16 একক L উপাদানৰ প্ৰয়োগেৰে 200 একক দ্রব্য উৎপাদন কৰিব বিচাৰিলে প্রয়োজন হোৱা K- উপাদানৰ পৰিমাণ গণনা কৰা। (Q= উৎপাদনৰ পৰিমাণ, K= মূলধন, L= শ্রম)।     HS-2019
উত্তৰঃ- উৎপাদন ফলন হ’ল Q = 2L ½ K2

শ্রম L=16 units

উৎপাদন Q=200
K= মূলধন
Q = 2L ½ K2
⇒ 200 =2 √¯16.K2 (Q, L, K ৰ মান বহুৱাই)
⇒ 200=2.4.K2
⇒ 200=8K2
⇒ K2 = 200/8
⇒ K2 = 25
⇒ K = √¯25
⇒ K=5

22. মুঠ উৎপাদন ক্রমবর্ধমান হাৰত বৃদ্ধি হোৱা অৱস্থাত প্রান্তিক উৎপাদন কি হ'ব?
উত্তৰঃ- প্রান্তিক উৎপাদন বৃদ্ধি হৈ গৈ থাকিব

23. খালী ঠাই পূৰ কৰাঃ
(ক) AC= AVC+ _____. HS-2016

উত্তৰঃ- AFC (গড় স্থিৰ ব্যয়)

(খ) প্রতিষ্ঠানৰ দ্বাৰা ব্যৱহৃত উপাদান আৰু উৎপাদিত উৎপন্নৰ মাজৰ সম্পর্ক ____ বোলে।
উত্তৰঃ- উৎপাদন

24. ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি কার্যকৰী হোৱাৰ কাৰণ লিখা।    HS-2014
উত্তৰঃ- ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি কার্যকৰী হোৱাৰ কাৰণ— (ক) স্থিৰ আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত সর্বোচ্চ সহযোগিতা লাভ কৰি তাৰ পাছত পৰিৱৰ্তনশীল উপাদানৰ অধিক নিয়োগে উৎপাদনৰ পৰিমাণ হ্রাস কৰে।
(খ) স্থিৰ উপাদান আৰু পৱির্তনশীল উপাদান এটা আনটোৰ অসম্পূর্ণ প্রতিকল্প সেই বাবে স্থিৰ উপাদানৰ পৰিৱর্তনে পৰিৱৰ্তনশীল উপাদান নিয়োগৰ এটা সীমা থাকে। ইয়াৰ পিছত ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি কার্যকরী হয়।

25. এটা উৎপাদন গোটৰ মুঠ ব্যয় (TC) অনুসূচী তলত দিয়া হৈছে। উৎপাদন গোটটোৰ গড় ব্যয় (AC) আৰু প্রান্তিক ব্যয় (MC) অনুসূচী নির্ণয় কৰা।    HS-2014, 2016
(Q) শ্ৰমিক         মুঠ ব্যয় (TC)
    1                        30
    2                        55
    3                        75
    4                        90
    5                        110
    6                        140
    7                        180

উত্তৰঃ-
উৎপাদন    মুঠ ব্যয়     গড় ব্যয়     প্রান্তিক ব্যয়
    1            30                30                -
    2            55                27.5            25
    3            75                25                20
    4            90                22.5            15
    5            110            22                 20
    6            140            23.3              30
    7            180            25.7              40

26. গড় স্থিৰ (AFC) ৰেখাডালৰ আকৃতি কেনেকুৱা? ইয়াৰ আকৃতি তেনেকুৱা কিয়?    HS-2018
উত্তৰঃ- গড় স্থিৰ ব্যয় ৰেখাড়াল ক্ৰমাৎ এঢলীয়া হৈ বাওঁফালৰ পৰা সোফালে তললৈ নামি অহা এডাল ৰেখা।
    ইয়াৰ আকৃতি এনে হোৱাৰ কাৰণ হ'ল

 

    যেতিয়া উৎপাদন (Q) বৃদ্ধি হয় তেতিয়া AFC হ্রাস পায়। উৎপাদন (Q) যেতিয়া শূন্যৰ সমান হয় তেতিয়া AFC যথেষ্ট বেছি হয়। উৎপাদন (Q) যেতিয়া অসীমলৈ গতি কৰে তেতিয়া AFC শূন্যলৈ গতি কৰে। কিন্তু AFC কেতিয়াও শূন্য হ'ব নোৱাৰে।

27. গড় উৎপাদন সর্বাধিক হোৱা অৱস্থাত প্রান্তিক উৎপাদনৰ লগত ইয়াৰ সম্পর্ক কেনেকুৱা হ'ব?
উত্তৰঃ- যেতিয়ালৈকে গড় উৎপাদন বৃদ্ধি হৈ থাকে তেতিয়ালৈকে প্রান্তিক উৎপাদন (MP) গড় উৎপাদনতকৈ বেছি হৈ থাকে। ন'হলে গড় উৎপাদন বৃদ্ধি পাব নোৱাৰে। একেদৰে গড় উৎপাদন যেতিয়া সৰ্বাধিক হয় সেই মুহূর্তত প্রান্তিক উৎপাদনৰেখাই গড় উৎপাদন ৰেখাৰ সর্বোচ্চ বিন্দুত ওপৰফালৰ পৰা ছেদ কৰে। 

    চিত্রত দেখুওৱা হৈছে।

 

28. উপাদান আৰু উৎপাদনৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰঃ- উপাদান আৰু উৎপাদনৰ মাজৰ পার্থক্য হ'ল—
(১) উপাদান হ'ল উৎপাদনৰ আহিলা আনহাতে উৎপাদন হ'ল উপাদানসমূহৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফল।
(২) উপাদান হ'ল উৎপাদনৰ স্বতন্ত্র চালক আনহাতে উৎপাদন হ’ল নিৰ্ভৰশীল চালক।

26. হ্রস্বকাল আৰু দীর্ঘকালৰ মাজৰ পার্থক্য লিখা।     HS-2014
উত্তৰঃ- হ্রস্বকাল আৰু দীর্ঘকালৰ মাজৰ পাকা হ'ল-
(১) হ্ৰস্বকালত উৎপাদনৰ উপাদানসমূহক স্থিৰ আৰু পৰিৱর্তনশীল হিচাপে ভাগ কৰিব পৰা যায় আনহাতে দীৰ্ঘকালত সকলো উপাদানেই পৰিৱৰ্তনশীল।
(২) হ্ৰস্বকালত উংপানৰ পৰিমাণ কেৱল উৎপাদন পৰিৱৰ্তনশীল উপাদানসমূহ সলনি কৰিয়েই হ্ৰাস-বৃদ্ধি কৰা যায়। কিন্তু দীর্ঘকালত সকলো উপাদানকে পৰিৱৰ্তন কৰি উৎপাদন হ্রাস বা বুদ্ধি কৰা হয়।
(৩) হ্ৰস্বকালত দৰ নিৰ্ধাৰণত চাহিদাই সক্রিয় ভূমিকা পালন কৰে কিন্তু দীর্ঘকালত দৰ নিৰ্ধাণত চাহিদা আৰু যোগানে সমান ভূমিকা লয়।

27. ব্যৱসায় প্রতিষ্ঠান এখন কি উদ্দেশ্য সিদ্ধি কৰিব বিচাৰে? হ্ৰস্ব কালত লাভ সর্বোচ্চকাৰী প্রতিষ্ঠান এখনৰ বাবে কি তিনিটা চর্ত পূৰণ হ'ব লাগিব।     HS-2018
উত্তৰঃ- সকলোবোৰ বাৱসায় প্রতিষ্ঠানৰ মুল লক্ষ্য বা উদ্দেশ্য হৈছে সর্বোচ্ছ লাভ অর্জন পা বা উৎপাদন ব্যয় সর্বনিম্ন কথা।
   হ্ৰস্বকালত লাভ সর্বোচ্চকাৰী প্রতিষ্ঠান এখনে তলত দিয়া চৰ্ত তিনিটা পূৰণ কৰিব লাগে।
(১) প্রান্তিক ব্যয় (MC) যদি প্রান্তিক আয়তকৈ (MR) কম হৈ থাকে তেতিয়া উৎপাদন প্রতিষ্ঠানখনে উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিব লাগিব।
(২) যদি MC, MRতকৈ বেছি হৈ যায় তেতিয়া প্রতিষ্ঠানখনে উৎপাদনৰ পৰিমাণ কমাই দিব লাগিব।
(৩) যদি প্রতিষ্ঠানখনৰ প্ৰতিগোট দ্ৰব্যৰ দাম গড় পৰিৱৰ্তনশীল ব্যয়তকৈ (AVC) বেছি হয় তেনে মুহূর্তত প্রতিষ্ঠানখনৰ উৎপাদন বন্ধ কৰি দিব লাগিব।

28. ক্ৰমহ্ৰাসমান প্রান্তিক উপযোগিতা বিধিৰ স্বীকার্য কেইটা কি কি লিখা।
উত্তৰঃ- ক্রমহ্রাসমান প্রান্তিক উপযোগিতা বিধিৰ স্বীকার্য কেইটা হৈছে-
(ক) উপভোগ কার্য অব্যাহত থকা অৱস্থাত ভোক্তাৰ ৰুচি অপৰিৱর্তিত থাকে।
(খ) উপভোগ কৰিবলৈ লোৱা বস্তুটোৰ গোটসমূহ স্বাভাৱিক আকাৰৰ আৰু সমগুণ বিশিষ্ট হয়।
(গ) সামগ্রী গোটসমূহৰ উপভোগ নিৰবিচ্ছিন্ন হয়।
(ঘ) ভোক্তাৰ বাবে মুদ্ৰাৰ প্রান্তিক উপযোগিতা অপৰিৱর্তিত থাকে।

29. স্বাভাবিক লাভৰ ধাৰণাটো ব্যাখ্যা কৰা।     HS-2018
উত্তৰঃ- ব্যৱসায় প্রতিষ্ঠান এখানে প্রকাশ্য ব্যয় আৰু সুযোগ ব্যয় সামৰি ল'ব পৰাকৈ লাভৰ যিটো পৰিমাণ যথেষ্ট হয় তাকে স্বাভাৱিক লাভ বোলে। মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদি প্রতিষ্ঠানটোৱে প্রকাশ্য ব্যয় আৰু সুযোগ ব্যয় দুয়োটাকে অন্তৰ্ভূক্ত কৰে, তেন্তে স্বাভাৱিক লাভে সেইটো স্তৰকে বুজাব য'ত মুঠ বিক্রী আয় আৰু মুঠ ব্যয় সমান হয়। অর্থাৎ শূন্য লাভেই স্বাভাৱিক লাভ।

30. উৎপাদন পৰিৱৰ্তনশীল অনুপাত বিধিটো লিখা।     HS-2013, 2017, 2019
উত্তৰঃ- উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিঃ হ্রস্বকালীন অৱস্থাত স্থিৰ উপাদানৰ পৰিমাণ স্থিৰ ৰাখি পৰিৱর্তনশীল উপাদানৰ প্রয়োগ বৃদ্ধিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰিবলৈ যি প্রচেষ্টা কৰা হয় তাকে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাতবিধি বুলি কোৱা হয়। স্থিৰ উপাদানৰ লগত পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে এটা পর্যায়ৰ পাছত প্রান্তিক উৎপাদন বৃদ্ধিৰ হাৰ হ্রাস পায়। উৎপাদনৰ আনবোৰ উপাদান স্থিৰ ৰাখি এবিধ উপাদনৰ প্রয়োগ বৃদ্ধি কৰি গৈ থাকিলে স্থিৰ আৰু পৰিৱর্তনশীল উপাদানৰ অনুপাত সলনি হয়। এই পৰিৱর্তনশীল উপাদান বৃদ্ধি কৰাৰ বাবে প্রথম অৱস্থাত উৎপাদন ক্রমবর্ধমান হাৰত তাৰ পাছত সমহাৰত আৰু শেষত ক্রমহ্রাসমান হাৰত বৃদ্ধি হয়। উৎপাদনৰ এই প্রক্রিয়াটো পৰিৱৰ্তনশীল উপাদানৰ অনুপাতৰ জৰিয়তে ব্যাখ্যা কৰাৰ বাবে এই বিধিটোক উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধি বুলি কোৱা হয়।

31. সম উৎপাদন ৰেখা কি? সম উৎপাদন ৰেখাসমূহ কিয় তলফালে হেলনীয়া?  HS-2018
উত্তৰঃ- সম উৎপাদন ৰেখাঃ- এই ৰেখাই দুটা পৰিৱৰ্তনশীল উপাদানৰ বিভিন্ন জোঁট প্রয়োগৰ জৰিয়তে লাভ কৰা সমান পৰিমাণৰ উৎপাদনৰ বিষয়ে নির্দেশ দিয়ে। এই জোঁটসমূহ প্রয়োগ কৰাৰ ক্ষেত্ৰত উপভোক্তাজন নিৰপেক্ষ হয় আৰু সেইবাবে সম উৎপাদন ৰেখাক উৎপাদন নিৰপেক্ষ ৰেখা বুলিও কোৱা হয়।
    সম উৎপাদন ৰেখাই বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ এঢলীয়া (ঋণাত্মক) হৈ নামি আহে। সম উৎপাদন ৰেখাৰ এনে বৈশিষ্ট্যই উৎপাদন কার্যত নিয়োগ কৰা উপাদানসমূহৰ ধনাত্মক প্রান্তিক উৎপাদন ক্ষমতাৰ বিষয়ে ইংগিত দিয়ে।

32. ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি প্রয়োগ হোৱাৰ কাৰণ দুটা উল্লেখ কৰা।
উত্তৰঃ- (১) স্থিৰ আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত সর্বোচ্চ সহযোগিতাৰ পিছত পৰিৱৰ্তনশীল উপাদানৰ অধিক নিয়োগে উৎপাদনৰ পৰিমাণ হ্রাস কৰে। (২) স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদান এটা আনটোৰ সম্পূর্ণ প্রতিকল্প। সেয়ে স্থিৰ উপাদানৰ পৰিৱর্তে পৰিৱৰ্তনশীল উপাদন নিয়োগৰ এটা সীমা থাকে। তাৰ পাছত ক্রমহ্রামান প্রান্তিক উৎপাদন কার্যকৰী হয়।

33. ব্যৱসায় প্রতিষ্ঠান এখনে 15 একক উৎপাদন কৰোঁতে মুঠ স্থিৰ ব্যয় 100 টকা হয়। উৎপাদনৰ পৰিমাণ 30 এককলৈ বাঢ়িলে হ্রস্বকালত স্থিৰ ব্যয় কিমান হ'ব? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।     HS-2015
উত্তৰঃ- স্থিৰ ব্যয় সমানে হৈ থাকিব। যিহেতু হ্রস্বকালত মুঠ স্থিৰ ব্যয় সমান হ'ব এই ব্যয় উৎপন্নৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে।

34. এটা উপাদানৰ প্রান্তিক উৎপাদন (MP) আৰু সৰ্বমুঠ উৎপাদন (TP) ৰ মাজৰ পার্থক্য ব্যাখ্যা কৰা। HS-2015
উত্তৰঃ- পৰিৱৰ্তনশীল উপাদান আৰু উৎপাদনৰ মাজৰ সম্পর্ককেই পৰিৱৰ্তনশীল উপাদানটোৰ মুঠ উৎপাদন বুলি কোৱা হয়।  q=f (x1, x2) ইয়াত x1 = পৰিৱৰ্তনশীল উপাদান x1 = স্থিৰ উপাদান আৰু q= x1; সাপেক্ষে মুঠ উৎপাদন।
    আনহাতে, প্রান্তিক উৎপাদন হৈছে— উৎপাদন কার্যত অন্যান্য উপাদানৰ নিয়োগ অপৰিৱৰ্তিত ৰাখি এক বিশেষ উপাদানৰ এক অতিৰিক্ত একক নিয়োগ কৰাৰ ফলত মুঠ উৎপাদনৰ পৰিমাণত যি পৰিৱৰ্তন হয়, তাকে উপাদনটোৰ প্রান্তিক উৎপাদন বোলে।
গাণিতিকভাৱে— 

ইয়াত ∆q = উৎপাদনৰ পৰিৱর্তন, ∆x1 = উপাদানৰ পৰিৱর্তন।

35. ব্যৱসায় প্রতিষ্ঠান এখনৰ উৎপাদন ফলন (Q)=251/2 K1/2 দিয়া আছে। 25 একক শ্রমিক (L) আৰু 16 একক মূলধন (K) প্রয়োগ কৰি প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰিমাণ নির্ণয় কৰা।  HS-2016
উত্তৰঃ- সমাধানঃ ইয়াত

(Q)=211/2 K1/2
L-25 একক
K=l6 একক
Q=2x251/2 161/2
=2x5x4
=40
উৎপাদনৰ পৰিমাণ 40 একক।

36. এখন ব্যবসায় প্রতিষ্ঠানৰ উৎপাদন ফলন Q=5 L1/2 K1/2 দিয়া আছে। 25 একক শ্রমিক (L) আৰু 9 একক মূলধন (K) নিয়োগ কৰিলে প্রতিষ্ঠানখনৰ উৎপাদনৰ পৰিমাণ (0) নির্ণয় কৰা।     HS-2018
উত্তৰঃ- প্রতিষ্ঠানৰ উৎপাদন ফলন Q=5 L1/2 K1/2

দিয়া আছে L = 25

    K=9
    :. Q=5 L1/2 K1/2
= 5 x 25 1/2 91/2
= 5 x 5 x 3
= 75 একক

37. প্রতিষ্ঠান এখনৰ হ্ৰস্বকালীন মুঠ ব্যয় (TC) অনুসূচী তলত দিয়া হৈছে। প্রতিষ্ঠানটোৰ TFC, TVC, AFC, AVC, AC আৰু MC অনুসূচীসমূহ নিৰ্ণয় কৰা।         HS-2018
    Q        TC
    0        10
    1        30
    2        45
    3        55
    4        70
    5        90 
   
উত্তৰঃ- প্রতিষ্ঠানখনৰ হ্ৰস্বকালীন মুঠ ব্যয় অনুসূচীৰ পৰা প্রতিষ্ঠানখনৰ অন্যান্য ব্যয়সমূহৰ সূচী তলত গণনা কৰা হ'ল।


38. মুঠ স্থিৰ ব্যয় (TFC) আৰু মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) ৰ অর্থ লিখা। চিত্ৰৰ সহায়ত দেখুওৱা যে TFC আৰু TVCৰ যোগফলেই হ'ল মুঠ ব্যয় TC।          HS-2018
উত্তৰঃ- মুঠ স্থিৰ ব্যয় (Total fixed cost):- উৎপাদন প্রতিষ্ঠান এখনে স্থিৰ উপাদানসমূহৰ বাবে কৰা ব্যয়ক মুঠ স্থিৰ ব্যয় বোলে। এই ব্যয় কেৱল হ্রস্বকালতহে দেখা যায়। যেনে- মাটিৰ খাজনা, বীমাব্যয়।
    মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC):- এখন উৎপাদন প্রতিষ্ঠানে পৰিৱর্তনশীল উপাদানৰ ওপৰত কৰা ব্যয়ক পৰিৱৰ্তনশীল ব্যয় বোলে। উৎপাদন বৃদ্ধি পালে এই ব্যয় বৃদ্ধি হয় আৰু উৎপাদন হ্রাস পালে এই ব্যয় হ্রাস পায়। যেনে- কেঁচা সামগ্রী ব্যয়, সাময়িক বনুৱাৰ মজুৰি।।
    তলত চিত্ৰৰ সহায়ত দেখুওৱা হৈছে যে—
        TC=TFC+TVC

 

    ওপৰৰ চিত্ৰত X অক্ষত উৎপাদনৰ পৰিমাণ আৰু Y অক্ষত ব্যয় জোখা হৈছে। উৎপাদনৰ পৰিমাণ যিমানেই নহওঁক লাগে স্থিৰ ব্যয় সদায় স্থিৰ হৈ থাকে। সেয়েহে স্থিৰ ব্যয়ৰেখা TFC, 'X', অক্ষৰ সমান্তৰালভাৱে অংকন কৰা হৈছে। চিত্ৰত দেখা গৈছে TFC ৰেখা Y অক্ষৰ 'A' বিন্দুৰ পৰা আৰম্ভ হৈছে। ইয়াৰ অৰ্থ এয়ে যে উৎপাদন শূন্য হ'লেও উৎপাদনকাৰীজনে AO পৰিমাণ স্থিৰ ব্যয় বহন কৰি থাকিব লাগিব। মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) শূন্যৰ পৰা আৰম্ভ হৈ উর্ধমুখী লৈ গতি কৰিছে। এই ৰেখাই সূচাইছে যে উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ লগে লগে মুঠ পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি পায় আৰু উৎপাদন শূন্য হ'লে এই ব্যয়ো শূন্য হয়। TFC আৰু TVC ৰেখা দুডাল উলম্বভাৱে যোগ কৰিলে আমি মুঠ ব্যয়ৰেখা (TC) পাওঁ। TC ৰেখাড়াল দেখিবলৈ TVC ৰেখাডালৰ দৰেই। কেৱল TC ৰেখাড়াল শূন্যৰ পৰা আৰম্ভ নহৈ TFC ৰেখাৰ উৎপত্তি বিন্দু 'A' ৰ পৰা আৰম্ভ হৈছে। ইয়াৰ কাৰণ হ'ল যেতিয়া উৎপাদন শূন্য হয় তেতিয়া TC, TFCৰ সমান হয় আৰু TVC শূন্য হয়।
অৰ্থাত্‍ TC=TFC+TVC
যেতিয়া Q=0, তেতিয়া TVC=0


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, MIL Assamese, Swadesh Adhyayan, Economics.
Previous
Next Post »