-->

Class 11 Economics- Perfectly competitive Markets । পূর্ণ প্রতিযোগিতামূলক বজাৰ

Class 11 Economics

Perfectly competitive Markets
পূর্ণ প্রতিযোগিতামূলক বজাৰ



Class 11 Economics- Perfectly competitive Markets । পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যবসায় প্রতিষ্ঠানৰ তত্ত্ব। ইয়াত তোমালোকে উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যবসায় প্রতিষ্ঠানৰ তত্ত্ব"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 11 Economics Question and Answer Assam | HS 1st Year Economics Question and Answer Assam | HS 1st Year Economics Suggestion and Notes Solution Assam

 

1. সম অভংগ আয় কি?     HS-2019

উত্তৰঃ- সমতাভিংগ আয়ঃ- সমতাভংগ বিন্দুত যেতিয়া এজন উদ্যোগীৰ দ্রব্য বিক্ৰীৰ জৰিয়তে লাভৰ পৰিমাণ শূন্য হয় তাকে সমতাভংগ আয় বোলে। য'ত লাভে নাই লোকচানো নাই।

2. উলম্ব যোগান ৰেখা এডালে কি সূচায়?     HS-2013, 2017
উত্তৰঃ- সম্পূর্ণ অস্থিতিস্থাপক যোগান সূচায়।

3. সমতা ভংগ (ব্রেক ইভেন) বিন্দু কি?     HS-2015
উত্তৰঃ- সমতা ভংগ বিন্দু (Brealk Even Point) : দীর্ঘকালীন উৎপাদন প্রতিষ্ঠানৰ উৎপাদনৰ যিটো স্তৰত মুঠ আয় আৰু মুঠ ব্যয় সমান হয়। তাকে সমতা ভংগ বিন্দু বুলি কোৱা হয়। এই বিন্দুত উপনীত হোৱাৰ পূর্বে প্রতিষ্ঠানখনৰ মুঠ ব্যয় মুঠ আয়তকৈ অধিক হোৱাৰ বাবে প্রতিষ্ঠানখনে লোকচান ভৰি উৎপাদনকার্য চলাই থাকে। আকৌ সমতা ভংগ বিন্দুৰ পাছত মুঠ আয়তকৈ ব্যৱৰ পৰিমাণ হ্রাস পোৱাত প্রতিষ্ঠানখনে লাভ অর্জন কৰিবলৈ সক্ষম হয়। কিন্তু সমতা ভংগ বিন্দুত লাভ আৰু লোকচান দুয়োটাই শূন্যৰ সমান হয়। দীর্ঘকালত MC ৰেখাই LRACৰ নিম্নতম বিন্দুত ছেদ কৰে।

4. উৎপাদন বন্ধ বিন্দু কাক বোলে?
উত্তৰঃ- উৎপাদন বিন্দু (Shutdown Point): হ্ৰস্ককালত ব্যবসায় প্রতিষ্ঠান এখনে তেতিয়ালৈকে উৎপাদন কার্য চলাই থাকিব যেতিয়ালৈকে দ্ৰব্যৰ নিম্নতম দৰ গড় পৰিৱর্তনশীল ব্যয়তকৈ (AVC) বেছি বা ইয়াৰ সমান হৈ থাকে। যদি প্রতিষ্ঠানখনে AVC আহৰণ কৰিবলৈ সক্ষম নহয় তেতিয়া প্রতিষ্ঠানখনে বিক্ৰীৰ আয়ৰ জৰিয়তে দৈনন্দিন প্রয়োজনীয় খৰচৰ জোৰা মৰাটো সম্ভৱ নহ'ব আৰু উদ্যোগ প্রতিষ্ঠানটো বন্ধ হৈ যাব। ইয়াকে উৎপাদন বন্ধ বিন্দু বোলে। এই বিন্দুত SMC ৰেখাই AVC ৰেখাৰ নিম্নতম বিদূত ছেদ কৰে। উৎপাদন বিন্দু দৰক সংৰক্ষিত দৰ (Reserved Price) বুলিও কোৱা হয়।

5. গড় আয় কি?
উত্তৰঃ- মুঠ আয়ক মুঠ সামগ্ৰী পৰিমাণেৰে ভাগ কৰিলে যি আয পোৱা যায় তাকে গড় আয় বোলে।

 

6. প্রান্তিক বিক্রী আয় কি?        HS-2014
উত্তৰঃ- সামগ্রী এটাৰ অতিৰিক্ত গোট বিক্ৰী কৰি পোৱা আয়েই হৈছে 'প্রান্তিক বিক্রী আয়'।

7. যোগানৰ স্থিতিস্থাপকতা বুলিলে কি বুজা?
উত্তৰঃ- এটা সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ যোগানৰ পৰিমাণ যি হৰত পৰিৱর্তন হয় তাকে 'যোগানৰ স্থিতিস্থাপকতা' বুলি কোৱা হয়।

8. পূর্ণ প্রতিযোগিতামূলক বজাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ- পূর্ণ প্রতিযোগিতামূলক বজাৰ বুলিলে এনে এক বজাৰ ব্যৱস্থাক বুজায় য'ত অসংখ্য ক্রেতা আৰু বিক্রেতা থাকে আৰু সমগুণ বিশিষ্ট দ্রব্য বিক্ৰী কৰা হয়, ইয়াত ক্রেতা বিক্রেতাৰ মুক্ত প্রৱেশ আৰু প্রস্থানৰ সম্ভৱ।

9. স্বাভাৱিক লাভ কি?     HS-2014, 2018
উত্তৰঃ- স্বাভাৱিক লাভ হৈছে উৎপাদন প্রতিষ্ঠান এখনে দীর্ঘকালত অর্জন কৰা লাভ যিটোৱে উৎপাদন প্রতিষ্ঠানটোক পাছলৈ উৎপাদন কার্য অব্যাহত ৰখাত সহায় কৰে। স্বাভাৱিক লাভ প্ৰতিষ্ঠানৰ উৎপাদন ব্যয়ৰ সমান হয়। ইয়াত চাহিদা আৰু যোগান সমান হয়।

10. তলাবন্ধ (Shutdown) দাম কি?    HS-2019
উত্তৰঃ- উৎপাদন প্রতিষ্ঠান এখনে উৎপাদন প্রক্রিয়াত যিটো বিন্দুৰ পৰা লাভ পাবলৈ সক্ষম নহয় আৰু সেই বিন্দুত উৎপাদন কার্য বন্ধ কৰিবলগা হয়। সেই বিন্দুৰ সেই সময়ৰ মূল্যকে Shutdown বা তলাবন্ধ দাম বুলি কোৱা হয়। সেই মুহূর্তত AR<AVC হয়।

11. পূর্ণ প্রতিযোগী বজাৰৰ দীর্ঘকালীন ভাৰসাম্যতাৰ চৰ্তটো কি?
উত্তৰঃ- (i) চর্ত P = LMC = LMR=LAR=LAC
(ii) চর্ত ভাৰসাম্য বিন্দুত LMC ৰেখাই LMRক তলফালৰ পৰা ছেদ কৰিব লাগিব।

12. "পূর্ণপ্রতিযোগিতামূলক বজাৰত AR=MR কিন্তু একচেতিয়া বজাৰত AR>MR" – ব্যাখ্যা কৰা। HS-2014
উত্তৰঃ- পূর্ণপ্রতিযোগিতামূলক বজাৰত কোনো এটা উৎপাদনকাৰী ব্যৱসায়ী প্রতিষ্ঠানে যি সামগ্রী উৎপাদন কৰে বজাৰত তাৰ চাহিদা ৰেখা পূর্ণ স্থিতিস্থাপক একে দামতেই এটা প্রতিষ্ঠানে যিমান ইচ্ছা সিমান বিক্ৰী কৰিব পাৰে। একে দৰতেই অধিক পৰিমাণৰ বিক্ৰী হোৱাৰ কথাই গড় আয় প্রান্তিক আৰু আয় সমান (MR=AR) গতিকে দুয়োডাল ৰেখা অভিন্ন হয়।
    একচেতীয়া বজাৰ এখনত ব্যৱসায়ীৰ দামৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ থাকে। দাম হ্রাস কৰি ব্যৱসায়ীজনে অধিক বিক্ৰী কৰিব পাৰে। সেয়েহে প্ৰতিটো গোটৰ কাৰণে গড় আয় আৰু প্রান্তিক আয় নিম্নগামী হয়।
(ক) প্রথম গোটটোৰ ক্ষেত্ৰত গড় আয় প্রান্তিক আয় একে হয়।
(খ) গড় আয় যেতিয়া হ্রাস হয় প্রান্তিক আয়ো হ্রাস হয়। কিন্তু গড় আয় সদায় প্রান্তিক আয়তকৈ বেছি হৈ থাকে।
(গ) প্রান্তিক আয় শূন্য হ'লে গড় আয় শূন্য নহ'ব পাৰে কিন্তু হ্রাস হ'ব পাৰে।
(ঘ) প্রান্তিক আয় ঋণাত্মক হ'লেও গড় আয় ঋণাত্মক নহয়। গতিকে একচেতীয়া বজাৰত AR>MR।

13. সম্পূর্ণ অস্থিতিস্থাপক যোগানসম্পন্ন এটা দ্ৰব্যৰ ক্ষেত্ৰত দৰ পৰিৱর্তনৰ প্ৰভাৱ কি হ'ব?  HS-2019
উত্তৰঃ- সম্পূর্ণ অস্থিতিস্থাপক দ্ৰব্যৰ ক্ষেত্ৰত দ্রব্যটোৰ দাম বঢ়া বা কমাৰ লগত দ্রব্যটোৰ যোগানৰ ওপৰত কোনো প্রভাৱ নপৰে। দ্রব্যবিধৰ দাম হ্রাস-বৃদ্ধি হ'লেও যোগান (Constant) স্থিৰ হৈ থাকিব।।

14. পূর্ণ প্রতিযোগিতামূলক বজাৰৰ দুটা বৈশিষ্ট্য ব্যাখ্যা কৰা।     HS-2018
উত্তৰঃ- (১) পূর্ণ প্রতিযোগিতামূলক বজাৰৰ অসংখ্য ক্ষুদ্র আৰু অসংগঠিত প্রতিষ্ঠানে উৎপাদনকাৰী আৰু বিক্রেতা হিচাপে ভূমিকা পালন কৰে। প্ৰতিখন প্রতিষ্ঠানে মুঠ উৎপন্নৰ এটা নগণ্য অংশ উৎপাদন আৰু বিক্ৰী কৰে যে ইয়াৰ হ্রাস-বৃদ্ধিৰ দ্বাৰা কোনেও মুঠ যোগান বা দৰ নিয়ন্ত্রণ কৰিব নোৱাৰে। অর্থাৎ পূর্ণ প্রতিযোগিতাত কোনো প্রতিষ্ঠানে ব্যক্তিগতভাৱে বা দলৱদ্ধভাৱে একচেটিয়া অধিকাৰ ভোগ নকৰে।
(২) সমজাতীয় দ্রব্যঃ- ক্রয়-বিক্রয় কৰা দ্রব্যবিধ সমজাতীয় অর্থাৎ সকলো প্রতিষ্ঠানে আকৃতি আৰু প্ৰকৃতিত সমজাতীয় আৰু সদৃশ দ্রব্য বিক্ৰী কৰে। বিক্ৰী কৰা দ্রব্যবিধ বিক্রেতা ভেদে পৃথক নহয়। অর্থাৎ পূর্ণ প্রতিযোগিতাত দ্রব্যৰ ক্রয়ক লৈ প্ৰতিষ্ঠানৰ নির্বাচন কৰিবলগীয়া নহয়। বিক্রেতাই দ্রব্যৰ কোনো বিশেষ গুণৰ ভিত্তিত অধিক গ্রাহক আকৃষ্ট কৰাৰ সুবিধা নাথাকে।

15. ব্যৱসায় প্রতিষ্ঠান এখনৰ লাভ সর্বোচ্চকৰণৰ স্বর্তসমূহ ব্যাখ্যা কৰা। HS-2016
উত্তৰঃ- পূর্ণপ্রতিযোগিতামূলক বজাৰত ব্যৱসায় প্রতিষ্ঠান এখনৰ সর্বোচ্চ লাভৰ ক্ষেত্ৰত দৰকাৰী প্ৰশ্নটো হ'ল কিমান পৰিমাণৰ উৎপন্নত ব্যৱসায় প্রতিষ্ঠানটোৰ লাভ সর্বোচ্চ হ'ব? ব্যৱসায় প্রতিষ্ঠানটোৰ উৎপন্ন সম্পূর্ণ বিভাজ্য বুলি ধৰি লৈ, আমি এতিয়া দেখুৱাম যে যদিহে এটা যোগাত্মক উৎপন্নৰ পৰিমাণ q0 থাকে, য'ত লাভ সর্বোচ্চ হয়, তেন্তে তিনিটা চর্ত পূৰণ হ'ব লাগিব?
1. q0 পৰিমাণত, বজাৰ দাম p প্রান্তিক ব্যয়ৰ সমান হ'ব লাগিব।
2. q0 পৰিমাণত প্রান্তিক ব্যয় ক্রমহ্রাসমান নহয়।
3. q0 পৰিমাণত, হ্রস্বকালত বজাৰ দাম p গড় পৰিৱৰ্তনশীল ব্যয়ৰ সমান বা ইয়াতকৈ বেছি হ'ব লাগিব। আনহাতে, দীর্ঘকালত q0 ত বজাৰ দাম p গড় ব্যয়ৰ সমান বা ইয়াতকৈ বেছি হ'ব লাগিব।

16. কোনো এটা দ্ৰব্যৰ যোগানৰ দৰ স্থিতিস্থাপকতা বুলিলে কি বুজা?
উত্তৰঃ- যোগানৰ দৰ স্থিতিস্থাপকতাঃ- যোগানৰ বিধিমতে দৰ আৰু যোগানৰ সম্পর্ক একেমুখী। দ্রব্য এবিধৰ দৰৰ বাহিৰে আন চলকসমূহ অপৰিৱৰ্তিত বা স্থিতাৱস্থাত থকা বুলি ধৰি দ্রব্যবিধৰ যোগানৰ আনুপাতিক পৰিৱৰ্তন আৰু দৰৰ আনুপাতিক পৰিৱৰ্তনকেই যোগানৰ দৰ স্থিতিস্থাপকতা বোলে।


17. পূর্ণ প্রতিযোগিতামূলক বজাৰত দাম গ্রহণকাৰী উৎপাদন প্রতিষ্ঠান এটাৰ মুঠ আয় ৰেখাড়াল কিয় উৰ্দ্ধগামী সৰল ৰেখা হয়? কিয় এই ৰেখাডাল মূল বিন্দুৰ মাজেৰে যায়?
উত্তৰঃ- পূর্ণ প্রতিযোগিতামূলক বজাৰত প্ৰতিটো উৎপাদন প্রতিষ্ঠানে নির্ধাৰিত এক নির্দিষ্ট দামত উৎপাদিত সামগ্রী বিক্ৰী কৰে। সেয়ে বিক্ৰীৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে মুঠ আয় একে হাৰত বৃদ্ধি হয়। TR = p X q এই সৰলৰৈখিক সমীকৰণটোৰ বাবে মুঠ আয় ৰেখাড়াল এডাল সৰল ৰেখা হয়।

18. কাৰিকৰী কৌশলৰ প্ৰগতিয়ে এটা উৎপাদন প্রতিষ্ঠান যোগান ৰেখাত কিদৰে প্ৰভাৱ পেলায়।
উত্তৰঃ- এটা উৎপাদন প্রতিষ্ঠানে এটা বিশেষ দ্রব্য উৎপাদন কৰিবলৈ নিয়োগ কৰা দুটা উপাদান হ'ল মূলধন আৰু শ্রমিক বুলি ধৰা হল। প্রতিষ্ঠানটোৰ কাৰিকৰী কৌশল উন্নতি ঘটাই একে মূলধনৰ বা শ্রমিক নিয়োগ কৰি অধিক উৎপাদন কৰিব পাৰে। অর্থাৎ প্রতিষ্ঠানটোৱে পূৰ্বৰ উৎপাদন লাভ কৰিবলৈ কম উপাদান নিয়োগ কৰিলেও হয়। সেয়ে উৎপাদন প্রতিষ্ঠানটোৰ প্রান্তিক ব্যয় হ্রাস হ'ব। যিহেতু এটা উৎপাদন প্ৰতিষ্ঠানৰ যোগান ৰেখাডাল ইয়াৰ প্রান্তিক ৰেখাডালৰ অংশবিশেষ, সেয়ে কাৰিকৰী কৌশলৰ প্ৰগতিয়ে প্রতিষ্ঠানটোৰ যোগান ৰেখাড়াল সোঁহাতলৈ (নিম্নগামী) সলনি কৰে। গতিকে প্রচলিত বজাৰ দৰত প্রতিষ্ঠানটোৱে অধিক দ্রব্য যোগান ধৰিব পাৰে।

19. ধৰা হ'ল, এটা সামগ্ৰীৰ দাম 10 টকা হ'লে যোগানৰ পৰিমাণ 20 একক হয়। সামগ্ৰীবিধৰ দাম 15 টকালৈ বাঢ়িলে যোগানৰ পৰিমাণ 30 এককলৈ বাঢ়ে। এই ক্ষেত্ৰত যোগানৰ স্থিতিস্থাপকতা নির্ণয় কৰা।     HS-2014
উত্তৰঃ- 


 Contact us (whatsapp no-7020477396) for free notes on Political Science, English, MIL Assamese, Swadesh Adhyayan, Economics.

Previous
Next Post »