-->

Class 11 Economics-Consumer Behavioural Theory । উপভোক্তাৰ আচৰণৰ তত্ত্ব

Class 11 Economics

Consumer Behavioural Theory
উপভোক্তাৰ আচৰণৰ তত্ত্ব


Class 11 Economics, Chapter 2 Consumer Behavioural Theory । উপভোক্তাৰ আচৰণৰ তত্ত্ব। ইয়াত তোমালোকে উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "উপভোক্তাৰ আচৰণৰ তত্ত্ব"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 11 Economics Question and Answer Assam | HS 1st Year Economics Question and Answer Assam | HS 1st Year Economics Suggestion and Notes Solution Assam


1. উপযোগিতাৰ সংজ্ঞা দিয়া।     HS-2013, 2014
উত্তৰঃ- সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলা হয়।

2. যদি এটা দ্ৰব্যৰ প্রান্তিক উপযোগিতা দ্রব্যটোৰ দৰতকৈ অধিক হয়, তেন্তে উপভোক্তাই দ্রব্যটো ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিব। (শুদ্ধ নে অশুদ্ধ লিখা)     HS-2019
উত্তৰঃ- শুদ্ধ।

3. অর্থনীতিত উপভোক্তা এজনক কেনেধৰণৰ ব্যক্তি বুলি ধৰি লয়?
উত্তৰঃ- অর্থনীতিত উপভোক্তা এজনক যুক্তিসংগত ব্যক্তি বুলি ধৰা হয়।

4. চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত কৰাৰ দুটা কাৰণ উল্লেখ কৰা। HS-2019
উত্তৰঃ- (ক) কিছুমান দ্রব্যৰ প্রতি যেতিয়া মানুহৰ ৰুচি, আসক্তি বা পছন্দতা আদি কমি যায় তেতিয়া চাহিদা ৰেখা বাওঁফালে গতি কৰে।
(খ) কেতিয়াবা কেতিয়াবা চৰকাৰে স্বাস্থ্যজনিত কাৰণত কিছুমান দ্রব্য ব্যৱহাৰৰ পৰা জনসাধাৰণক দূৰত থাকিবলৈ সজাগ কৰি দিয়ে। তেনেবোৰ কাৰণতো চাহিদা ৰেখা বাওঁফালে গতি কৰে।

5. পৰিপূৰক দ্রব্য এটাৰ উদাহৰণ দিয়া। HS-2013, 2016
উত্তৰঃ- চাহ আৰু চেনি।

6. বাজেট ৰেখাৰ ঢাল কি? HS-2014
উত্তৰঃ- এটা সামগ্ৰীৰ এক একক গোট ক্রয় কৰাৰ কাৰণে আন এটা সামগ্ৰীৰ যিমান একক ত্যাগ কৰিব লগা হয় তাকে বজেট ৰেখাৰ ঢাল বুলি কোৱা হয়।

7. এডাল নিৰপেক্ষ ৰেখা কিয় তলৰপিনে ঢাল খোৱা হয়?
উত্তৰঃ- নিৰপেক্ষ ৰেখা ক্রমহ্রাসমান প্রতিকল্পনাৰ প্রান্তিক হাৰৰ কাৰণে তলৰপিনে ঢাল খোৱা হয়।

8. সম উৎপাদন ৰেখাসমূহ ঋণাত্মক ঢালযুক্ত হয় কিয়?
উত্তৰঃ- যেতিয়া প্রান্তিক উৎপাদন যোগাত্মক হয়, এটা উৎপাদনৰ অধিক পৰিমাণ আৰু আনটো উপাদানৰ কম পৰিমাণে ব্যৱহাৰ কৰি সমান পৰিমাণৰ দ্রব্য উৎপাদন কৰা যায়। সেয়েহে সম উৎপাদন ৰেখাসমূহ ঋণাত্মক ঢালযুক্ত হয়।

9. মুঠ উপযোগিতা আৰু প্রান্তিক উপযোগিতাৰ মাজৰ সম্পর্ক উল্লেখ কৰা।    HS-2019
উত্তৰঃ- মুঠ উপযোগিতা আৰু প্রান্তিক উপযোগিতাৰ সম্পর্ক বা পার্থক্য-
(ক) কোর্নো এটা দ্ৰব্যৰ উপভোগৰ পৰা পোৱা সৰ্বমুঠ সন্তুষ্টিক মুঠ উপযোগিতা বোলে। আনহাতে, দ্রব্যটোৰ এক একক অতিৰিক্ত দ্রব্যৰ পৰা পোৱা উপযোগিতাক প্রান্তিক উপযোগিতা বোলে।
(খ) প্রান্তিক উপযোগিতা কমি আহিলে মুঠ উপযোগিতা বাঢ়ি যায়।
(গ) প্রান্তিক উপযোগিতা কমি আহি যেতিয়া শূন্যৰ সমান হয়। তেতিয়া মুঠ উপযোগিতা সর্বোচ্চ হয়।
(ঘ) প্রান্তিক উপযোগিতা যেতিয়া-ঋণাত্মক হয়, সেই মুহূর্তত মুঠ উপযোগিতাও হ্রাস হ'বলৈ ধৰে।

10. এটা দ্ৰব্যৰ যোগানৰ ওপৰত তলত উল্লেখ কৰাসমূহৰ প্ৰভাৱ উল্লেখ কৰা।     HS-2019
(ক) উপাদানসমুহৰ দৰৰ হ্রাস।
(খ) প্রতি একক দ্রব্যত কৰ বুদ্ধি।
উত্তৰঃ (ক) উপাদানসমুহৰ দৰৰ হাসঃ- উৎপাদনৰ উদানসমূহৰ দৰ যেতিয়া হ্রাস হয় তেতিয়া বজাৰত দ্রব্যৰ যোগান বৃদ্ধি হয়। কাৰণ কম খৰচত দ্রব্যসামগ্রী উৎপাদন কৰিব পাৰি আৰু উদ্যোগীৰ লাভৰ পৰিমাণ বৃদ্ধি হয়।
(খ) প্রতি একক দ্রব্যত কৰ বুদ্ধিঃ- প্রতি একক দ্রব্যত কৰৰ পৰিমাণ বৃদ্ধি হ'লে দ্রব্যবিধৰ যোগান অস্থিতিস্থাপক হয়।

11. বাজেট ৰেখা কি?
উত্তৰঃ- ভোক্তা এজনে নির্দিষ্ট আয় আৰু নির্দিষ্ট বজাৰ দৰত দুটা সামগ্ৰীৰ সম্ভাব্য পৰিমাণৰ জোট ক্রয় কৰিব পাৰে। এই আয় আৰু দ্রব্য মূল্য সংযোজন লেখ চিত্ৰৰ সহায়ত উপস্থাপন কৰাকে 'বাজেট ৰেখা' বুলি কোৱা হয়।

12. উৎপাদন ফলন কি? HS-2018
উত্তৰঃ- উৎপাদন-ফলনঃ- উৎপাদনৰ উপাদান আৰু উৎপাদনৰ কাৰিকৰী সম্পর্ক ব্যাখ্যা কৰাকেই উৎপাদন কার্য বা উৎপাদন ফলন বোলে।
    গাণিতিক সমীকৰণেৰেও উৎপাদন ফলন ব্যাখ্যা কৰিব পাৰি। Q=f (A,B,C,)। অর্থাৎ নিৰ্ভৰশীল চলক Q আৰু স্বতন্ত্র চলক A,B,Cৰ মাজৰ প্রকৃত সম্পর্ক ব্যাখ্যা কৰাই হ'ল উৎপাদন কার্য। ইয়াত-
Q= উৎপাদন
f=কাৰিকৰী সম্পর্ক
A,B,C= উৎপাদন

12. উপাদানসমূহৰ দৰ-বৃদ্ধিয়ে যোগান ৰেখাৰ কেনে স্থানান্তৰ সাধন কৰিব?    HS-2019
উত্তৰঃ- উপাদানসমূহৰ দৰ বৃদ্ধিয়ে দ্রব্য সামগ্ৰীৰ উৎপাদনৰ ওপৰত প্ৰভাৱ পেলায়। যাৰ ফলত Supply Curve ডাল মূল যোগান ৰেখা ডালৰ পৰা বাওঁফালে পৰিৱৰ্তন হ'ব।

13. পৰিপূৰক সামগ্রীৰ সংজ্ঞা দিয়া।
উত্তৰঃ- উপভোক্তা এজনে এটা নির্দিষ্ট অভাৱ পূৰণ কৰিবৰ বাবে যেতিয়া একাধিক সামগ্রী ব্যৱহাৰ কৰে তেনে সামগ্রীবোৰক 'পৰিপূৰক সামগ্রী' বুলি কোৱা হয়।

14. নিকৃষ্ট দ্রব্যৰ সংজ্ঞা দিয়া। HS-2015, 2018
উত্তৰঃ- উৎকৃষ্ট দ্রব্য ক্রয় কৰিবৰ বাবে প্রয়োজনীয় ক্রয়ক্ষমতাৰ অভাৱত নিম্ন আয়ৰ লোকসকলে যিবিলাক দ্রব্য উপভোগ কৰিবলৈ বাধ্য হয় তাকে নিকৃষ্ট দ্রব্য বোলে। উপভোক্তাৰ আয় বৃদ্ধি হ'লে এনে সামগ্ৰীৰ উপভোগ হ্রাস কৰি উচ্চমানৰ সামগ্রী ক্রয় কৰে। অর্থাৎ উপভোক্তাৰ আয় বৃদ্ধি হ'লে নিকৃষ্ট দ্রব্যৰ চাহিদা বৃদ্ধি হয়।

15. স্বাভাৱিক দ্রব্য কাক বলে?
উত্তৰঃ- উত্তৰঃ- যিবোৰ দ্ৰব্যৰ দাম বৃদ্ধি হ'লে উপভোক্তাৰ দ্ৰব্যবিধৰ প্রতি চাহিদা কমে আৰু দৰ হ্রাস হ'লে দ্রব্যবিধৰ প্ৰতি চাহিদা বৃদ্ধি হয়। তেনে দ্রব্যক স্বাভাবিক দ্রব্য বোলে।

16. গিফেন দ্রব্য কি?
উত্তৰঃ- গিফেন দ্রব্যসমুহো এক প্ৰকাৰ নিকৃষ্ট দ্রব্য। এনে দ্রব্য সামগ্ৰীসমূহৰ যেতিয়া দাম বৃদ্ধি হয় তেতিয়া সেই দ্রব্যসমূহৰ প্রতি চাহিদা বৃদ্ধি হয় আৰু দাম কমিলে চাহিদাও কমে। গিফেন দ্রব্যসমূহৰ ক্ষেত্ৰত চাহিদা বিধি প্রযোজ্য নহয়।

17. নিৰপেক্ষ ৰেখা কি?     HS-2018
উত্তৰঃ- নিৰপেক্ষ ৰেখা হ'ল এজন উপভোক্তাৰ মানসিক প্রতিফলন। ই এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত দুটা সামগ্ৰীৰ বিভিন্ন টোপোলাৰ পৰা উপভোক্তা এজনে সমপৰিমাণৰ সন্তুষ্টি লাভ কৰে।

18. মুঠ উপযোগিতা কি?
উত্তৰঃ- এজন উপভোক্তাই কোনো এটা বিশেষ দ্রব্যৰ কেইটামান। নির্দিষ্ট গোট উপভোগ কৰি আহৰণ কৰা সৰ্বমুঠ সন্তুষ্টিয়েই মুঠ উপযোগিতা।

19. প্রান্তিক উপযোগিতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ- কোনো এটা দ্ৰব্যৰ অতিৰিক্ত এটা একক উপভোগ কৰি আহৰণ কৰা অতিৰিক্ত উপযযাগিতাকেই প্রান্তিক উপযোগিতা বোলা হয়।

20. অস্থিতিস্থাপক যোগান কি? এডাল অস্থিতিস্থাপক যোগান ৰেখা অংকন কৰা।     HS-2019
উত্তৰঃ- দ্রব্য এটাৰ দাম হ্রাস বা বৃদ্ধি হ'লে যেতিয়া যোগানৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় তাকে অস্থিতিস্থাপক যোগান বোলে।

21. আমি কেতিয়া এটা নতুন উপাদান ফলন পাও?
উত্তৰঃ- সাধাৰণতে বেলেগ বেলেগ উপাদান জোঁট ব্যৱহাৰ কৰি সর্বাধিক মাত্ৰাত উৎপন্ন সম্ভৱ হয় সেইটো প্রযুক্তিগত জ্ঞানেকে নির্ধাৰণ কৰে। প্ৰযুক্তিৰ উন্নতি হ'লে বেলেগ বেলেগ উপাদান জোঁটৰ দ্বাৰা পাব পৰা সর্বাধিক উৎপন্ন স্তৰ বৃদ্ধি পায়। তেতিয়াহে আমি এটা নতুন উৎপাদন ফলন পাও।

22. প্রতিকল্পনৰ প্রান্তিক হাৰ কিয় হ্রাস পাই আহে?
উত্তৰঃ- এজন উপভোক্তাই তেওঁ উপভোগ কৰা দ্রব্যসমূহৰ ভিতৰত যিটো দ্রব্য অধিক পৰিমাণে ব্যৱহাৰ কৰে, সেই দ্রব্যটোৰ উপযোগিতা আন দ্রব্যৰ তুলনাত হ্রাস পাই অহা প্রতিকল্পনৰ প্রান্তিক হাৰ ক্রমান্বয়ে হ্রাস পাই আহে।

23. নিৰপেক্ষ ৰেখাৰ ধাৰণাটো কোনে কোনে অৱতাৰণা কৰিছিল?
উত্তৰঃ- নিৰপেক্ষ ৰেখাৰ ধাৰণাটো অর্থনীতিবিদ জে. আৰ. হিক্‌ছ আৰু আৰ. জি. ডি. এলেনে অৱতাৰণা কৰিছিল।

24. চাহিদা বুলিলে কি বুজা?
উত্তৰঃ- যেতিয়া কোনো এজন ভোক্তাই কোনো এটা দ্রব্য বা সেৱা আহৰণ কৰিবলৈ ইচ্ছা বা আকাংক্ষা কৰে আৰু সেই দ্রব্যটো ক্ৰয় কৰিবৰ বাবে ভোক্তাজনৰ যেতিয়া আর্থিক সামর্থ্য থাকিব তেতিয়া তাক চাহিদা বুলি কোৱা হয়।

25. চাহিদা পৰিৱৰ্তনৰ তিনিটা কাৰক উল্লেখ কৰা।     HS-2018
উত্তৰঃ- চাহিদা পৰিৱৰ্তনৰ তিনিটা কাৰক হ'ল—
(১) দ্রব্য মূল্য
(২) উপভোক্তাৰ উপার্জন আৰু
(৩) বিকল্প দ্রব্যৰ দৰ।

26. চাহিদা ফলন কি?    HS-2015, 2017
উত্তৰঃ- আন্যান্য সকলো অৱস্থা অপৰিৱৰ্তন থাকোতে দ্রব্য এটাৰ দৰ আৰু চাহিদাৰ মাজৰ সম্পর্কই হৈছে চাহিদা ফলন।

27. এডাল উলম্ব চাহিদা ৰেখা অংকন কৰা আৰু এই ৰেখাডালৰ দৰ স্থিতিস্থাপকতাৰ প্রকৃতি লিখা। HS-2015
উত্তৰঃ-

চিত্ৰত DQ হৈছে এডাল উলম্ব চাহিদা ৰেখা। OQ = হৈছে চাহিদাৰ-পৰিমাণ। দৰ OPৰ পৰা OP লৈ বৃদ্ধি পোৱাত চাহিদাৰ পৰিমাণৰ কোনো পৰিৱৰ্তন হোৱা নাই। চাহিদাৰ দৰ স্থতিস্থাপকতাৰ পৰিমাণ শূন্য। পূর্ণ অস্থিতিস্থাপক চাহিদা।

28. চাহিদা বিধিটো উল্লেখ কৰা।
উত্তৰঃ- চাহিদা সদায় দামৰ লগত জড়িত হৈ থকা এটা ধাৰণা। সকলো বিষয় স্থিতাৱস্থাত থাকিলে স্বাভাবিক দ্রব্যসমূহৰ দাম বৃদ্ধি হ'লে চাহিদা কমে আৰু দ্রব্যসমূহৰ দাম কমিলে চাহিদা বৃদ্ধি হয়। দামৰ লগত চাহিদাৰ এই যি সম্পর্ক তাকেই চাহিদাবিধি বোলে।

29. চাহিদাবিধিৰ দুটা অভিধাৰণা লিখা।     HS-2015
উত্তৰঃ- চাহিদাবিধিৰ দুটা অভিধাৰণা হৈছে-
(১) ভোক্তাৰ আয়, ৰুচি আদি অপৰিৱৰ্তিত থাকিব লাগিব
(২) প্রতিকল্প সামগ্ৰীৰ দৰ একে থাকিব লাগিব।

30. এখন অর্থনীতিৰ অত্যধিক চাহিদাৰ সমস্যা সমাধান কৰাৰ বাবে যিকোনো দুটা ৰাজকোষীয় ব্যৱস্থা ব্যাখ্যা কৰা।
উত্তৰঃ- (১) ৰাজকোষীয় নীতিৰ আয়, ব্যয়ৰ জৰিয়তে চৰকাৰী কাম-কাজ যেনে- ৰাস্তা-ঘাট, বিজুলী, জলসিঞ্চন ইত্যাদিত জনসাধাৰণৰ উপার্জন কার্যই দ্রব্যসামগ্ৰীৰ অতিৰিক্ত চাহিদা কমাব পাৰি।
(2) মুদ্রানীতিৰ জৰিয়তে মুদ্রা আৰু ঋণৰ যোগান কমাই অতিৰিক্ত চাহিদা কমাব পাৰি।

31. চাহিদাৰ পৰিৱর্তন কি? চাহিদা ৰেখাৰ স্থানান্তৰণ ঘটাব পৰা যি কোনো তিনিটা কাৰণ লিখা। HS-2017
উত্তৰঃ- উপভোক্তা এজনৰ আয়, ৰুচি আৰু অগ্রাধিকাৰ অপৰিৱৰ্তিত থকা অৱস্থাত যদি অন্যান্য সম্পর্কীয় দ্রব্যৰ দৰ সলনি হয় তেন্তে প্রত্যেক দৰতে দ্রব্যবিধৰ চাহিদাৰ পৰিৱর্তন হয়। সেযেহে চাহিদা ৰেখাৰ স্থানান্তৰ হ'ব।
    চাহিদা ৰেখা স্থানান্তৰ ঘটাব পৰা তিনিটা কাৰণ হৈছে— (১) দ্রব্যমূল্য (২) উপভোক্তাৰ আয় আৰু (৩) বিকল্প দ্রব্যৰ দৰৰ পৰিৱর্তন।

32. চাহিদা ৰেখা কি? ব্যক্তিগত চাহিদা ৰেখাৰ পৰা কেনেকৈ বজাৰ চাহিদা ৰেখা পাব পাৰি চিত্ৰৰ সহায়েৰে দেখুওৱা।    HS-2018
উত্তৰঃ- চাহিদাৰেখাঃ- চাহিদা বিধিৰ ওপৰত ভিত্তি কৰি প্রস্তুত কৰা চাহিদাৰ তালিকাক ৰৈখিক পদ্ধতিৰ সহায়ত যেতিয়া ব্যাখ্যা কৰা হয়, তাকেই চাহিদা ৰেখা বুলি কোৱা হয়।
    ব্যক্তিগত চাহিদাৰেখাৰ জৰিয়তে বজাৰ চাহিদাৰেখা আহৰণ-
ব্যক্তিগত চাহিদা সাধাৰণতে ব্যক্তিৰ ৰুচিৰ ওপৰত নিৰ্ভৰশীল। কিছুমান মানুহে দ্রব্যৰ দাম বৃদ্ধি হ'লে কোনো দ্রব্য কমকৈ ক্রয় কৰিলেও আন কিছুমান অধিকভাৱে ক্ৰয় কৰা দেখা যায়। ঠিক তেনেদৰে দৰ হ্রাস হ'লেও উপভোক্তাৰ এনে আচৰণ পৰিলক্ষিত হয়। ব্যক্তি এজনৰ কোনো এটা দ্ৰব্যৰ চাহিদা নির্ভৰ কৰাৰ কিছুমান উপাদান থাকে যেনে— দ্রব্যটোৰ দাম, তেওঁৰ উপার্জন, দ্রব্যৰ উপযোগিতা, মানুহৰ ৰুচি, ফেশ্বন, অভ্যাস ইত্যাদি।
    উল্লেখিত উপাদান কেইটাৰ যিকোনো এটাৰ পৰিৱৰ্তন হ'লেই ব্যক্তিগত চাহিদাৰ পৰিৱর্তন ঘটিব পাৰে। এনে আচৰণযুক্ত বিভিন্ন ব্যক্তিৰ চাহিদা তালিকাৰ যোগফলৰ সমষ্টিয়েই হ'ল বজাৰ চাহিদা তালিকা বা অনুসূচী। ব্যক্তিগত চাহিদাৰ তালিকাৰ দৰে বজাৰ চাহিদা তালিকা চাহিদাৰ একেটা সূত্ৰৰ ওপৰত গঠন হোৱাৰ বাবে ব্যক্তিগত চাহিদাৰেখা আৰু বজাৰ চাহিদাৰেখাৰ আকৃতিৰ কোনো পার্থক্য হ'ব নোৱাৰে।
    এতিয়া A,B,C, নামৰ তিনিজন ব্যক্তিৰ এটা দ্রব্যৰ বিভিন্ন দামত চাহিদাৰ পৰিমাণসহ এখন বজাৰ তালিকা প্রস্তুত কৰি সেই তালিকাখনৰ সহায়ত তলত কেনেকৈ এডাল বজাৰ চাহিদাৰেখা (স্বাভাৱিক চাহিদাৰেখা) পাব পাৰি অংকন কৰি দেখুওৱা হৈছে।
    A,B,C, ব্যক্তি কেইজনৰ এটা দ্রব্যৰ চাহিদাৰ পৰিমাণ—
দ্রব্যৰ দাম            ব্যক্তিৰ নাম            মুঠ বজাৰ চাহিদা
(টকাত) কমলা    A          C
৫                      ৫        ৭         ৩                ১৫
৪                      ১০      ১৪      ১১                ৩৫
৩                     ২২       ২৮      ২০               ৭০
২                      ৪০      ৪৫      ৩০                ১১৫
১                     ৬৫      ৯৬      ৫০                ২১০

    ওপৰৰ বজাৰ চাহিদা তালিকাখনক ভিত্তি কৰি অংকন কৰা DD, চাহিদাৰেখাডাল ক্রমান্বয়ে বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ গতি কৰিছে। সকলো দ্ৰব্যৰ আৰু চাহিদাৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি অংকন কৰা স্বাভাৱিক চাহিদাৰেখাৰ ক্ষেত্ৰত এনে নেতিবাচক (Negative Slope) ঢাল পৰিলক্ষিত হয়।

33. ক্ৰমহ্ৰাসমান প্রতিকল্পনৰ প্রান্তিক হাৰ বুলিলে কি বুজা?
উত্তৰঃ- কোনো এটা সামগ্ৰীৰ এটা গোটৰ কাৰণে আন এটা সামগ্ৰীৰ যি পৰিমাণ উপভোক্তা এজনে ত্যাগ কৰে সেই ত্যাগ কৰা গোটৰ পৰিমাণ লাহে লাহে কমি অহা হাৰকে ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক হাৰ বোলা হয়।

34. সামগ্রী এটাৰ দৰ স্থিতিস্থাপক চাহিদা কেনেদৰে ইয়াৰ প্ৰকৃতিৰ ওপৰ নিৰ্ভৰ কৰে ব্যাখ্যা কৰা। HS-2013, 2014, 2015
উত্তৰঃ- চাহিদা দৰ স্থিতিস্থাপকতা হৈছে দ্ৰব্যৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰব্যটোৰ দৰৰ শতকৰা পৰিৱর্তনৰ অনুপাত। অৱশ্যে এই বস্তুৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে- আৱশ্যকীয় বস্তু বা সামগ্ৰীৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা কম। উদাহৰণ— খাদ্য-সামগ্রী কাৰণ এই সামগ্ৰীবোৰৰ দাম হ্রাস বা বৃদ্ধিয়ে চাহিদাৰ কোনো বিশেষ পৰিৱৰ্তন নঘটায়। কিন্তু বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা বেছি হয় কিয়নো এইবোৰ সামগ্ৰীৰ দামৰ সামান্য পৰিৱর্তনে চাহিদা বিশেষ পৰিৱর্তন ঘটায়।

35. প্রমাণ কৰা যে, নিৰপেক্ষ ৰেখাত উপভোক্তাৰ সর্বোচ্চ বিন্দুত, প্রান্তিক প্রতিকল্পনৰ হাৰ ইয়াৰ দৰৰ অনুপাতৰ সমান হয়।     HS-2013, 2018
(নাইবা)
নিৰপেক্ষ ৰেখা পদ্ধতিৰ সহায়ত ভোক্তাৰ ভাৰসাম্য ব্যাখ্যা কৰা। HS-2018

উত্তৰঃ- উপভোক্তা এজনৰ উচ্চতম সমভাজ নিৰপেক্ষ ৰেখাৰ সর্বোচ্চ বিন্দুৰ প্রান্তিক প্রতিকল্পনৰ হাৰ ইয়াৰ দৰৰ অনুপাতৰ সমান হয়। অর্থাৎ MRSxy = P x/Py, এই অৱস্থাটোক উপভোক্তাৰ ভাৰসাম্য অৱস্থা বুলিও কোৱা হয়। ভাৰসাম্য লাভৰ দুটা চর্ত আছে।
(i) MRSxy = P x/Py
(ii) ভাৰসাম্য অৱস্থাত নিৰপেক্ষ ৰেখা কেন্দ্ৰৰ প্রতি উত্তল (Convex) হ'ব লাগিব।
    তলৰ চিত্ৰত দেখুওৱা হৈছে কেনেদৰে নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ সর্বোচ্চ বিন্দুত প্রান্তিক প্রতিকল্পনৰ হাৰ ইয়াৰ দৰৰ অনুপাতৰ সমান হৈছে MRSxy = P x/Py চিত্রত ভোক্তাজনে IC2 নিৰপেক্ষ ৰেখাডালৰ E বিন্দত ভাৰসাম্য লাভ কৰিছে। এই নিৰপেক্ষ ৰেখাড়ালৰ ঢালে x আৰু Y দ্রব্যৰ প্রতিকল্পনৰ নির্দেশ দিছে। সেয়েহে বাজেট ৰেখাৰ AB আৰু নিৰপেক্ষ ৰেখাৰ IC2 ৰ সর্বোচ্চ বিন্দু Eত MRSxy = P x/Py বাজেট ৰেখাৰ আন আন বিন্দু F বা G৩ X আৰুY দ্রব্য দুটাৰ প্রান্তিক প্রতিকল্পনৰ হাৰ বেছি বা কম অৰ্থাত্‍ MRSxy > P x/Py নাইবা MRSxy < P x/Py হ'ব। যাৰ বাবে ভোক্তাজনৰ এটা দ্ৰব্যৰ ঠাইত আন এটা দ্রব্য প্রতিকল্পন কৰাৰ প্রৱণতা নাথাকে। গতিকে E বিন্দুৱেই হ'ল ভাৰসাম্য বিন্দু য'ত MRSxy = P x/Py। আনহাতে এই বিন্দুত IC2 নিৰপেক্ষ ৰেখাডালো কেন্দ্ৰৰ প্রতি উত্তল হৈছে।


36. এগৰাকী উপভোক্তাৰ মুঠ মুদ্রা আয় M আৰু তেওঁ সমস্ত আয় দুই পণ্য x আৰু y ৰ ক্ৰয়ত খৰছ কৰে। x আৰু y ৰ দাম ক্রমে Px আৰু Py হ'লে উপভোক্তাগৰাকীৰ বাজেট ৰেখাৰ সমীকৰণটো লিখা।        HS-2016
উত্তৰঃ- সমীকৰণটো হ'ব PxX+PyY=M
ইয়াত Px =X দ্ৰব্যৰ দৰ।
X=X দ্ৰব্যৰ পৰিমাণ
Py = Y দ্ৰব্যৰ দৰ
Yy = Y দ্ৰব্যৰ মুঠ পৰিমাণ   
M = মুঠ আয়।

37. উপভোক্তা এজনৰ মাহিলী আয় 400 টকা। তেওঁ এই আয় সম্পূর্ণৰূপে দুটা দ্রব্য X আৰু Y ঞয়ৰ বাবে ব্যয় কৰে। দ্রব্য X ৰ দৰ 20 টকা আৰু দ্রব্য Y ৰ দৰ 25 টকা। এই তথ্যৰ ওপৰত ভিত্তি কৰি
(i) উপভোক্তাৰ বাজেট ৰেখা অংকন কৰা।
(ii) যদি দ্রব্য Yৰ মূল্য হ্ৰাস পাই 20 টকা হয় আৰু উপভোক্তা জনৰ আয় আৰু X দ্ৰব্যৰ মূল্য একেই থাকে তেনেহ'লে বাজেট ৰেখাৰ কি পৰিৱৰ্তন হ'ব?     HS-2013

উত্তৰঃ- উপভোক্তাজনৰ মাহিলি আয় = 400 টকা
X দ্ৰব্যৰ দাম হ'ল                            =20 টকা
Y দ্রব্যৰ দাম হ'ল                            =25 টকা
    যদি ভোক্তাজনে তেওঁৰ সীমিত আয় (400 টকা) সম্পূৰ্ণৰূপে X দ্রব্য ক্ৰয়ৰ বাবে খৰচ কৰে তেন্তে তেওঁ x ৰ 20টা গোট ক্রয় কৰিব পাৰিব। যদি 400 টকাটো সম্পূর্ণৰূপে Y দ্রব্যত খৰচ কৰে তেন্তে তেওঁ Y ৰ 16টা গোট ক্রয় কবি পাৰিব। X আৰু Y দ্রব্য ক্রয়ৰ এই সর্বাধিক পৰিমাণ সংযোগ কৰিলে যিডাল AB ৰেখা পোৱা যাব সেইডালেই বাটেজ ৰেখা।
চিত্রত দেখুওৱা হৈছে।

(ii) ভোক্তাজনৰ আয় একে থকা অৱস্থাত যেতিয়া Y ৰ দৰ হ্ৰাস হৈ ২০ টকা হয় তেতিয়া ভোক্তাজনে তেওঁৰ সীমিত আয় সম্পূৰ্ণৰূপে Y দ্রব্যত খৰচ কৰে তেনে অৱস্থাত তেওঁ Y সামগ্ৰীটো আগতকৈ অধিক পৰিমাণে অর্থাৎ 20 টা গোট ক্রয় কৰিব পাৰিব। X দ্রব্যৰ দামৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে x দ্ৰব্যৰ বাজেট (Bৰ) ৰেখাৰ Bৰ পৰিৱর্জন নহয়। কিন্তু Y দ্রব্যৰ পৰিমাণ আগতকৈ অধিক হোৱা বাবে A বিন্দুটো ওপৰলৈ Aলৈ স্থানান্তিৰত হ'ব। চিত্ৰত Y দ্রব্যৰ বাজেট ৰেখা স্থানান্তৰ দেখুওৱা হৈছে।

                                                    Y দ্ৰব্যৰ দৰ পৰিৱর্তনৰ বাবে বাজেট ৰেখাৰ স্থানান্তৰ।

38. এবিধ দ্ৰব্যৰ দৰৰ পৰিৱৰ্তন সত্ত্বেও যদি চাহিদাৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নহয়, তেনেহ'লে চাহিদাৰ দৰ স্থিতিস্থাপকতা (ep) কিমান হ'ব?     HS-2018
উত্তৰঃ- এনে চাহিদাৰ দৰ স্থিতিস্থাপকতা ep = 0 বা শূন্য স্থিতিস্থাপক চাহিদা।

39. বজাৰত নির্দিষ্ট সংখ্যক প্রতিষ্ঠান থকা অৱস্থাত ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত চাহিদা ৰেখাৰ সোঁফালে হোৱা স্থানান্তৰৰ প্ৰভাৱ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। HS-2018
উত্তৰঃ- বজাৰত নির্দিষ্ট সংখ্যক প্রতিষ্ঠান (fix) থকা অৱস্থাত চাহিদাৰেখাৰ সোঁফালে (rightward) হোৱা স্থানান্তৰে ভাৰসাম্য দৰ আৰু পৰিমাণৰ ওপৰত একেমুখী পৰিৱৰ্তন ঘটায়। তলত চিত্ৰৰ সহায়ত চাহিদা ৰেখাৰ স্থানান্তৰৰ প্ৰভাৱ দেখুওৱা হৈছে। চিত্র Aত, X অক্ষত সামগ্ৰীৰ বজাৰ পৰিমাণ Y অক্ষত বজাৰ দৰ নিৰূপণ কৰি চলিত স্থানৰ চাহিদাৰেখা DD আৰু যোগানৰেখা SS অংকন কৰা হৈছে। এই ৰেখাদুডাল E বিন্দুত ছেদ কৰি চলিত ভাৰসাম্য পৰিমাণ q আৰু দৰ P সৃষ্টি কৰিছে।
                               

এতিয়া ধৰাহওঁক যে চাহিদা ৰেখাডালৰ (DD) ওপৰফালে DD2 লৈ স্থানান্তৰিত হৈছে। কিন্তু যোগান ৰেখা SS একে স্থানতে আছে। এতিয়া বজাৰত চাহিদাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু অতিৰিক্ত চাহিদা সৃষ্টি কৰিছে। অতিৰিক্ত চাহিদা বৃদ্ধিৰ বাবে কিছুসংখ্যক ভোক্তাই অধিক দাম দিবলৈ ইচ্ছা কৰিব আৰু ফলস্বৰূপে সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। বজাৰত নতুন ভাৰসাম্য চাহিদাৰ পৰিমাণ হৈছে q2 দৰ P2 আৰু ভাৰসাম্য বিন্দু হৈছে G এতিয়া দেখা গৈছে q2 > q0 আৰু P2 > P0। গতিকে চাহিদাৰেখা সোঁফালে স্থানান্তৰ হ'লে, ভাৰসাম্যৰ পৰিমাণ আৰু দৰ দুয়োটাই একে দিশতে পৰিৱৰ্তন হৈ বৃদ্ধি পায়।

40. চাহিদাৰ দৰ স্থিতিস্থাপকতা বুজাই লিখা।
উত্তৰঃ- উপভোক্তাৰ আয়, ৰুচি, আন দ্রব্যসমূহৰ দৰ আদি স্থিতাৱস্থাত থাকি উপভোক্তাজনে উপভোগ কৰা দ্রব্যবিধৰ দৰ পৰিবৰ্তনৰ বাবে চাহিদাৰ যি পৰিৱর্তন হয় তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলা হয়। অর্থাৎ দ্ৰব্যৰ দৰ হ্ৰাস হ'লে যদি চাহিদা বৃদ্ধি হয় আৰু দৰ বৃদ্ধি হ'লে যদি চাহিদা হ্রাস হয় তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলা হয়। গতিকে দ্ৰব্যৰ দৰৰ আনুপাতিক পৰিৱর্তনেৰে চাহিদাৰ আনুপাতিক পৰিৱৰ্তনক ভাগ কৰিলেই চাহিদাৰ দৰ স্থিতিস্থাপকতা পোৱা যায়।


41. এডাল সৰলৰৈখিক চাহিদা ৰেখাত চাহিদাৰ দৰ স্থিতিস্থাপকতা কেনেদৰে পৰিমাণ কৰা হয় দেখুওৱা। HS-2013
উত্তৰঃ- চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ণয় কৰা সূত্ৰটো হৈছে।


চিত্রত AB নিম্নগামী চাহিদা ৰেখাডালে দুয়োডাল অক্ষকে ০ বিন্দুত স্পর্শ কৰিছে। এতিয়া এই ৰেখাজালৰ A বিন্দুত চাহিদাৰ স্থিতিস্থাপকতা Or=

 42. এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা আৰু দৰৰ শতকৰা পৰিৱৰ্তন ৪ চাহিদাৰ শতকৰা পৰিৱৰ্তন গণনা কৰা।     HS-2019

উত্তৰঃ- 

43. উপযুক্ত চিত্ৰ ব্যৱহাৰ কৰি চাহিদাৰ পৰিমাণ পৰিৱর্তন আৰু চাহিদাৰ পৰিৱৰ্তন ধাৰণাকেইটা ব্যাখ্যা কৰা।     HS-2017
উত্তৰঃ- এটা সামগ্ৰীৰ দাম স্থিৰ থকা অৱস্থাত চাহিদাৰ ওপৰত বিভিন্ন উপাদানে প্রভাৱ পেলোৱাৰ ফলত চাহিদাৰ পৰিৱৰ্তন হ'লে চাহিদা ৰেখৰো স্থানান্তৰ হয়।
    ইয়াৰ কাৰণবোৰ হ'ল— (ক) ভোক্তাৰ আয়ৰ পৰিৱর্তনঃ-     HS-2019
    উপভোক্তা এজনৰ আয়ৰ পৰিৱর্তনৰ বাবে সামগ্রী এবিধৰ চাহিদা হ্রাস বা বৃদ্ধি হ'ব পাৰে। যাৰ বাবে চাহিদাৰ পৰিৱর্তন হয় আৰু চাহিদা ৰেখা স্থানান্তৰ হয়।
(খ) বিকল্প সামগ্ৰীৰ দামৰ পৰিৱৰ্তনঃ- যদি দুটা সামগ্রী বিকল্পভাৱে থাকে তেন্তে এটা সামগ্ৰীৰ দামৰ পৰিৱর্তনে আন এটা সামগ্ৰীৰ চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন ঘটায়। উদাহণস্বৰূপে— চাহৰ দামৰ পৰিৱৰ্তন হ'লে কফিৰ চাহিদাৰ পৰিৱৰ্তন হ'ব।
(গ) পৰিপূৰক সামগ্ৰীৰ দামৰ পৰিমাণঃ- যদি দুটা সামগ্রী পৰিপূৰক হয় তেতিয়া এটা সামগ্ৰীৰ দামৰ পৰিৱর্তনে আন এটা সামগ্ৰীৰ চাহিদাৰ পৰিৱৰ্তনঘটায়। উদাহৰণস্বৰূপে গাড়ীৰ দামৰ পৰিৱৰ্তন হ'লে পেট্র'লৰ চাহিদাৰ পৰিৱৰ্তন ঘটায়।
(ঘ) ভোক্তাৰ ৰুচি, পচন্দ আদিৰ পৰিৱৰ্তন হ'লেও সামগ্রী এটাৰ চাহিদাৰ পৰিৱৰ্তন হয়।

44. চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্দ্ধাৰণ কৰা যিকোনো দুটা গুৰুত্বপূর্ণ কাৰক উল্লেখ কৰা।  HS-2018
উত্তৰঃ- দুটা উপাদান– (a) বিকল্প দ্রব্যঃ যিবোৰ দ্ৰব্যৰ বিকল্প দ্রব্য আছে তেনেবোৰ দ্ৰব্য এটাৰ দামৰ পৰিৱর্তনে আনটো দ্রব্যৰ চাহিদাৰ পৰিৱৰ্তন ঘটায়। যেনে- চাহ আৰু কফি।
(b) দ্ৰব্যৰ স্থায়িত্বঃ- স্থায়ী দ্রব্য সমূহৰ দ্ৰব্যৰ চাহিদা স্থিতিস্থাপক হয়। এনে দ্রব্যৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। যেনে-মটৰ-গাড়ী।

45. চাহিদা বিধিটো ব্যক্ত আৰু ব্যাখ্যা কৰা।     HS-2014, 2016
উত্তৰঃ- চাহিদা বিধিৰ মতে আনবোৰ উপাদান স্থিতাৱস্থাত থাকিলে বর্ধিত দামত চাহিদাৰ পৰিমাণ কমে আৰু কম দামত চাহিদাৰ পৰিমাণ বৃদ্ধি হয়। এই বিধিত দ্রব্যৰ দাম আৰু ইয়াৰ চাহিদাৰ পৰিমাণৰ মাজত থকা সম্পর্ক বিপৰীতমুখী। দাম আৰু চাহিদাৰ পৰিমাণৰ মাজত থকা এই সম্পর্ক তলব তালিকাখনত দেখুওৱা হৈছে।


ইয়াত দেখা গৈছে যে অধিক দামত ভোক্তাৰ চাহিদাৰ পৰিমাণ কমে আৰু কম দামত ভোক্তাৰ চাহিদাৰ পৰিমাণ বাঢ়ে। উক্ত চাহিদা অনুসূচীৰ ভিত্তিত তলত এটা চিত্র অংকন কৰা হ'ল। চিত্ৰত OX ৰেখাৰ দ্বাৰা চাহিদাৰ পৰিমাণৰ আৰু OY ৰেখাৰ দ্বাৰা বস্তুৰ দামৰ জোখ লোৱা হৈছে। দামৰ বিপৰীতে চাহিদাৰ পৰিমাণসূচক বিন্দুবোৰ যোগ কৰাত চাহিদা ৰেখা AB পোৱা গ'ল। দাম হ্রাস পোৱাৰ লগে লগে চাহিদা ৰেখা সোঁহাতে তললৈ নামি আহিছে। নিম্নমুখী চাহিদা ৰেখাডালে দাম আৰু চাহিদাৰ পৰিমাণৰ মাজত থকা বিপৰীতমুখী সম্পর্ক দেখা যায়। চিত্ৰত দেখা গৈছে যে ১০ টকাত চাহিদাৰ পৰিমাণ ৪ কিঃগ্রাঃ। দাম হ্রাস পোৱাত ২ টকা হোৱাত চাহিদাৰ পৰিমাণ বাঢ়ি ১০ কিঃগ্রাঃ হৈছে।

46. ধৰা হ'ল, এটা সামগ্ৰীৰ দাম 4 টকা হ'লে ইয়াৰ চাহিদাৰ পৰিমাণ 25 একক হয়। যেতিয়া সামগ্ৰীবিধৰ দাম 5 টকালৈ বাঢ়ে, চাহিদাৰ পৰিমাণ 20 এককলৈ কমে। এনে ক্ষেত্ৰত চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ণয় কৰা।     HS-2018
উত্তৰঃ- গাণিতিক সমীকৰণেৰে দৰ স্থিতিস্থাপকতা—

Contact us (whatsapp no-7020477396) for free notes on Political Science, English, MIL Assamese, Swadesh Adhyayan, Economics.
Previous
Next Post »