-->

সম্পদ । Resource in Assamese

 1. (ক) কুইনাইন দৰৱ কি উদ্ভিদৰপৰা আহৰণ কৰা হয়?
উত্তৰঃ- চিনকোনা উদ্ভিদৰ পৰা।

(খ) জীৱীয় সম্পদ কি?
উত্তৰঃ- যিবোৰ সম্পদৰ জীৱ আছে তেনে সম্পদক জীৱীয় সম্পদ বোলে।
 
(গ) অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?
উত্তৰঃ- ৫ খন (শেহতীয়াকৈ ৬ খন)

(ঘ) অসমত বন্যপ্ৰাণী অভয়াৰণ্য কিমানখন?
উত্তৰঃ- ১৮ খন

(ঙ) ক্ষয়শীল সম্পদ কাক কয়?
উত্তৰঃ- প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ সম্পদ এবাৰ ব্যৱহা কৰিলে সম্পদ বিধৰ পৰিমাণ কমি আহে তেনেবোৰ সম্পদকে ক্ষয়শীল সম্পদ বোলা হয়।

2. (ক) সম্পদ বুলিলে কি বুজা?
উত্তৰঃ- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ (resource) বোলা হয়। সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰি উপকাৰিতা গুণ দুটা থাকিব লাগিব।

(খ) অধ্যাপক জিয়াৰমেনে সম্পদৰ সূত্ৰ কেনেদৰে ব্যাখ্যা কৰিছে?
উত্তৰঃ- অধ্যাপক জিয়াৰমেনে সম্পদৰ সূত্ৰটো হ'ল- সম্পদে কোনো বস্তু বা পদাৰ্থ নুবুজায়, কিন্তু যদি সেই পদাৰ্থ বা বস্তুৰ উপযোগিতা থাকে তেতিয়াহ'লে তাকেই সম্পদ বোলে।

(গ) মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়?
উত্তৰঃ- যিহেতু মানুহৰ বুদ্ধি বৃত্তিৰ বিকাশৰ বাবেহে প্ৰকৃতিৰ দানসমূহ সম্পদ হিচাপে চিনাক্ত কৰা, সেইবোৰ উপযুক্তভাৱে ব্যৱহাৰোপযোগী কৰি তোলা সম্ভৱ হৈছে। সেয়েহে মানৱ সম্পদক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়।
 
(ঘ) প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ পাৰ্থক্য কি?
উত্তৰঃ- যিবোৰ সম্পদ যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ (natural resource) বোলা হয়। আনহাতে ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু বৈজ্ঞানিক চিন্তাৰে প্ৰাকৃতিক সম্পদসমূহৰ পৰা নানা সম্পদ সৃষ্টি কৰিব পাৰে, সেইবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়।
 
3. (ক) সম্পদক কি কি ধৰণে বিভক্ত কৰিব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ- পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। সম্পদক বিভিন্ন ধৰণে বিভক্ত কৰিব পাৰি। সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতি, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জীৱীয় আৰু অজীৱীয় সম্পদ; আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। তেনেদৰে উপলভ্যতা অনুসৰি সম্পদক ক্ষয়শীল আৰু পুনৰ্ভৱ বা নবীকৰণযোগ্য এই দুটা ভাগত ভগোৱা হৈছে।
 
(খ) জীবীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ- প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ (Biotic Resource) বোলা হয়। যেনে- উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। জীৱীয় সম্পদত উত্‍পাদক আৰু উপভোক্তা উভয়েই থাকে।
    আনহাতে, যিবোৰ সম্পদ নিৰ্জীৱ বা প্ৰাণ নাই, জীৱন-মৃত্যু নাই, আহাৰ নাখায়, প্ৰাকৃতিকভাৱে বৃদ্ধি নহয়, তেনেবোৰ সম্পদেই অজীৱীয় সম্পদ (Abiotic Resource)। এইবিধ সম্পদক বস্তুগত আৰু ৰাসায়নিক দুটা ভাগত বিভক্ত কৰিব পাৰি। মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ।

(গ) জীৱীয় সম্পদৰ উত্‍পাদক আৰু উপভোক্তা কোনবিলাক ব্যাখ্যা কৰা।
উত্তৰঃ- জীৱীয় সম্পদত উত্‍পাদক আৰু উপভোক্তা উভয়েই থাকে। উত্‍পাদক বুলিলে সকলো সেইজীয়া উদ্ভিদকে বুজায়। উপভোক্তাসকলক প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক, এই তিনিটা ভাগত ভগাব পাৰি। তৃণভোজী গৰু, ছাগলী, হৰিণ আদি প্ৰাথমিক উপভোক্তা। আনহাতে মাংসভোজী জন্তু যেনে বাঘ, সিংহ, শিয়াল আদি দ্বিতীয়ক উপভোক্তা। আকৌ কিছুমান মাংসহাৰী জন্তুৱে আন মাংসৰী জন্তুও খায় যাক উচ্চ মাংসহাৰী জন্তু বোলা হয়, যেনে- শেন চৰাই, নেউল আদি। ইয়াৰ উপৰিও জীৱ-জন্তুৰ মৃতদেহ খোৱা জীৱবোৰ অৰ্থাত্‍ উপভোক্তাবোৰ হ'ল শগুন, কাউৰী আদি।

(ঘ) ক্ষয়শীল আৰু পুনৰ্ভৱ শক্তিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ- যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনঃসৃষ্ট কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক ক্ষয়শীল সম্পদ (Exhaustible resource) বোলে। উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, প্ৰাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।
    আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থকাৰ পিছতো নবীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদক নবীকৰণযোগ্য বা পুনৰ্ভৱ শক্তি বোলা হয়। উদাহৰণস্বৰূপে, সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি পুনৰ্ভব সম্পদ।

(ঙ) উদাহৰণসহ শক্তি সম্পদৰ শ্ৰেণীবিভাগ কৰা।
উত্তৰঃ- শক্তি সম্পদসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি- ক্ষয়শীল আৰু পুনৰ্ভৱ বা নবীকৰণযোগ্য শক্তি। ক্ষয়শীল শক্তি সম্পদবোৰ হ'ল- কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, প্ৰাকৃতিক গেছ, পেট্ৰ'লিয়াম, পৰমাণু শক্তিসম্ভাৰ যেনে ইউৰেনিয়াম, থ'ৰিয়াম ইত্যাদি। আনহাতে, সূৰ্যৰ ৰশ্মি, সৌৰশক্তি, বতাহ শক্তি, জলশক্তি, সমুদ্ৰ জোৱাৰ শক্তি, ভূ-তাপীয় শক্তি, সমুদ্ৰ তাপীয় শক্তি আদি পুনৰ্ভব শক্তি সম্পদ।

(চ) অসমত মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্যৱস্থা প্ৰয়োজন বুজাই লিখা।
উত্তৰঃ- অসমত মানৱ সম্পদ বিকাশৰ বাবে শিক্ষা, জনমূৰি আয়, স্বাস্থ্য আদি খণ্ডৰ উন্নতিত বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। সাক্ষৰতাৰ হাৰ ২০১১ চনত ভাৰতবৰ্ষৰ ৭২.১৯ শতাংশৰ বিপৰীত অসমত আছিল ৭২.১৯ শতাংশ। সমগ্ৰ দেশৰ তুলনাত অসমত সাক্ষৰতাৰ হাৰ অতি কম নহয় যদিও কেৰালা (৯৩.৯১ শতাংশ), মিজোৰাম (৯১.৫৪ শতাংশ) আদি ৰাজ্যৰ তুলনাত অসমত সাক্ষৰতাৰ হাৰ অতি কম। সেয়েহে অসমত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ লগতে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ জৰিয়তে অৰ্হতা বৃদ্ধিৰদ্বাৰা মানৱ সম্পদৰ উন্নয়ন সাধনত গুৰুত্ব দিব লাগিব। অসমত জনমূৰি উত্‍পাদন মূল্য (৬০,৯৫২ টকা যিটো ভাৰতবৰ্যৰ জনমূৰি, উত্‍পাদন মূল্যৰ তুলনাত যথেষ্ট কম) বৃদ্ধিৰ লগতে জনমূৰি আয় বৃদ্ধিত গুৰুত্ব দিব লাগিব।

4. নিম্নলিখিত বিকল্পবোৰৰ শুদ্ধ-উত্তৰটো বাছি উলিওৱাঃ
(i) তলৰ কোনটো বিভাগত গছ-গছনি অন্তৰ্ভুক্ত নহয়?
(ক) পুনৰ্ভৱ সম্পদ    (খ) জীৱীয় সম্পদ
(গ) ক্ষয়শীল সম্পদ    (ঘ) উত্‍পাদক সম্পদ

উত্তৰঃ- (গ) ক্ষয়শীল সম্পদ

(ii) নিম্নোক্ত সম্পদৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ?
(ক) বতাহ শক্তি    (খ) কয়লা
(গ) কৃষিজাত দ্ৰব্য    (ঘ) হাঁহ-কুকুৰা

উত্তৰঃ-(খ) কয়লা

(iii) তলত উল্লেখ কৰা প্ৰাকৃতিৰ কোনবিধ সামগ্ৰীক আমি বৰ্তমান সম্পদ হিচাপে গণ্য নকৰোঁ?
(ক) মানুহ        (খ) সূৰ্যৰ তাপ
(গ) ভূকেন্দ্ৰত থকা নিকেল    (ঘ) বেক্টেৰিয়া

উত্তৰঃ-

(iv) তলৰ কোনবিধ জীৱই মৃত উদ্ভিদ আৰু জীৱ-জন্তু প্ৰাকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা লয়?
(ক) বাঘ        (খ) মানুহ
(গ) শগুন        (ঘ) বেক্টেৰিয়া

উত্তৰঃ-

(v) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত লোকৰ শতকৰা হাৰ কিমান?
(ক) ৭২.৯৯        (খ) ৭২.১৯
(গ) ৯১.৫৪        (ঘ) ৯৩.৯১

উত্তৰঃ- (খ) ৭২.১৯


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Logic & Philosophy, Swadesh Adhyayan.

Previous
Next Post »