-->

অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য

 

1. চমুকৈ বুজাই লিখা-
(ক) জনসংখ্যাৰ ঘনত্ব

উত্তৰঃ- এটা অঞ্চলৰ জনসংখ্যাক খাদ্য-বসতি আদিৰ যোগান ধৰিবলৈ মাটিৰ এক বিশেষ ক্ষমতা থাকে। এই ক্ষমতা সীমাবদ্ধ। সেইবাবে মাটিৰ তুলনাত সেই অঞ্চলত কিমান মানুহ আছে তাক জোখা হয়। মাটিৰ আয়তন আৰু মানুহৰ সংখ্যাৰ মাজৰ এই অনুপাতকে জনসংখ্যাৰ ঘনত্ব বোলা হয়। ইয়াক প্ৰতি বৰ্গ কিলোমিটাৰ জোখত নিৰুপণ কৰা হয়।
      আমাৰ ৰাজ্যৰ যিবোৰ অঞ্চলত জনপ্ৰব্ৰজনৰ হাৰ অধিক, সেইবোৰ জিলাত জনবসতিৰ ঘনত্ব অধিক। উদাহৰণ স্বৰূপে ধুবুৰী (৮৯৬), বৰপেটা (৭৪২), নগাওঁ (৭১১) কামৰূপ পেট্ৰ' (১৩১৩) জিলাত জনবসতিৰ ঘনত্ব ৰাজ্যৰ গড় জনবসতিৰ ঘনত্বতকৈ অধিক।


(খ) লিঙ্গ গাঁথনি
উত্তৰঃ- জনসংখ্যাৰ মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জনসংখ্যাৰ গঠনৰ নিৰুপণ হয়। এই অনুপাত প্ৰতি এহেজাৰজন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিঙ্গ অনুপাত বোলে। (যেনে মহিলা = সংখ্যা/পুৰুষৰ সংখ্যা X ১০০০)। লিঙ্গ অনুপাতৰ দ্বাৰা এটা অঞ্চলত থকা মহিলাৰ মৰ্যাদা বা সন্মান নিৰুপণ কৰা যায়। উন্নত দেশবোৰত মহিলাৰ শিক্ষাৰ হাৰ বেছি, তেওঁলোক স্থাস্থ্যবান আৰু লগতে স্বাৱলম্বী, গতিকে মহিলাৰ মৃত্যুৰ হাৰো কম।

(গ) বয়সৰ গাঁথনি
উত্তৰঃ- এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়সৰ সংৰচনাৰ দ্বাৰা জানিব পাৰি। জনসংখ্যা গঠনত ই এক প্ৰয়োজনীয় সূচক যিহেতু অধিক সংখ্যক শিশুৰ হাৰে জন্মৰ হাৰ অধিক হোৱা সূচায় আৰু ৬০ৰ ওপৰৰ কম জনসংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকলৰ মাজত অধিক হোৱা সূচায়। ইয়াৰ বিপৰীতে যুৱ জনসংখ্যাৰ অধিক অনুপাতে কৰ্মঠ লোকৰ সংখ্যা সন্তোষজনক হোৱাটোকে বুজায়।

(ঘ) বৃত্তিৰ গঠন
উত্তৰঃ- বৃত্তিৰ গঠনে বিভিন্ন অৰ্থনৈতিক কাৰ্যত নিযুক্ত থকা লোকৰ সংখ্যাক সূচায়। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ বৃত্তিৰ গঠন নিৰুপণ কৰে। প্ৰাথমিক, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি এই চাৰি প্ৰকাৰৰ বৃত্তিত বিভিন্ লোক জড়িত হৈ থাকে।


(ঙ) জন প্ৰব্ৰজন
উত্তৰঃ- কোনো এখন ঠাইলৈ আন আন ঠাইৰ পৰা লোকৰ আগমন ঘটাকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। জনপ্ৰব্ৰজন তিনি প্ৰকাৰৰ হ'ব পাৰে- (ক) স্থায়ী, (খ) অস্থায়ী আৰু (গ) দৈনিক হোৱা জনপ্ৰব্ৰজন। আন অঞ্চলৰ তুলনাত এটা অঞ্চলত জলবায়ু, সমতল ভূমি, পানীৰ যোগান আদিৰ সুবিধা অধিক হ'লে সেই অঞ্চলটোলৈ আন অঞ্চলৰ পৰা জনপ্ৰব্ৰজন হয়। উদ্যোগ আৰু বাণিজ্যৰ সা-সুবিধা থকা ঠাইলৈও বৰ্তমান জনপ্ৰব্ৰজনৰ হাৰ আটাইতকৈ বেছি হোৱা দেখা যায়।

2. চমুকৈ উত্তৰ দিয়া-
(ক) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

উত্তৰঃ- ৩,১১,৭৯,২৭২ জন

(খ) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক?
উত্তৰঃ- কামৰূপ মেট্ৰ' জিলাত (১৩১৩)

(গ) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বানিম্ন?
উত্তৰঃ- ডিমা হাছাও জিলাত
 
(ঘ) অসমৰ জনসংখ্যা বৃদ্ধি প্ৰধান কাৰণ কি?
উত্তৰঃ- জন্মৰ হাৰ বৃদ্ধি, মৃত্যুৰ হাৰ হ্ৰাস আৰু জনপ্ৰব্ৰজন।
 
(ঙ) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
উত্তৰঃ- হাইলাকান্দি (৯৪.৬৭)
 
(চ) অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ-  নৈৰ পাৰৰ সাৰুৱা কৃষিভূমিত খেতি-বাতি ভাল হয় বাবে বিভিন্ন ঠাইৰ পৰা সময়ে সময়ে মানুহ আহি তাত স্থায়ীভাৱে থাকিবলৈ লয়। যেনেঃ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত থকা লোকসকল।

3. অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ কি?
উত্তৰঃ- অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক কাৰণ অঞ্চলটোত সমতল ভূমি, অসংখ্য নৈৰ পাৰৰ, সাৰুৱা কৃষিভূমি, সুন্দৰ জলবায়ু, উন্নত আন্তঃগাঁথনি আৰু উচ্চ হাৰত নগৰীকৰণ।

4. চমুটোকা লিখা-
(ক) কৰ্মঠ জনসংখ্যা

উত্তৰঃ- কৰ্মঠ জনসংখ্যাই বিভিন্ন উত্‍পাদনমূলক কাম-কাজত জড়িত বয়স্ক লোকৰ সংখ্যাকে সূচায়। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মূঠ জনসংখ্যাৰ ৩৮ শতাংশ সক্ৰিয়ভাৱে উত্‍পাদনমূলক কাম-কাজত জড়িত। কৰ্মঠ জনসংখ্যাৰ অনুপাতে এখন দেশৰ উত্‍পাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ পেলায়।

(খ) জনসংখ্যা বিতৰণ
উত্তৰঃ- এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল সাৰুৱা নদী উপত্যকাত কৃষি-বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ সম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয় অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়।

(গ) অসমৰ সাক্ষৰতা
উত্তৰঃ- এখন দেশৰ শিক্ষিত জনসংখ্যাৰ অনিপাতক আৰ্থ-সামাজিক উভয় দিশতে উন্নয়নৰ সূচক হিচাপে গ্ৰহণ কৰা হয়। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান, মহিলাৰ সামাজিক মৰ্যাদা, কৰ্মদক্ষতা, বৃত্তিৰ গঠন আদিও নিৰূপণ কৰে। আমাৰ দেশত সাক্ষৰতা বুলিলে জনসংখ্যাৰ ৭ বছৰৰ ওপৰৰ শিক্ষিত লোকক বুজায় যি লিখা পঢ়া জনাৰ লগতে গণনা কৰিবলৈও সক্ষম। অসম ৰাজ্যত ২০১১ চনৰ লোকপিয়ল অনুসৰি সাক্ষৰতা হাৰ ৭২.১৯ শতাংশ। সৰ্বভাৰতীয় পৰ্যায়ত এই স্থান ২৬ তম।

        আমাৰ ৰাজ্যৰ সাক্ষৰতাৰ হাৰ নগৰ অঞ্চলত (৮৮.৪৭ শতাংশ), গ্ৰাম্য অঞ্চলতকৈ (৬৯.৩৪ শতাংশ) যথেষ্ট বেছি। সেইদৰে নাৰী (৬৬.২৭) তুলনাত পুৰুষৰ মাজত সাক্ষৰতাৰ হাৰ (৭৭.৮৫) কিছু বেছি।

5. অসমৰ জনসংখ্যাৰ লিঙ্গ আৰু ধৰ্মীয় গাঁথনিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- অসমৰ জনসংখ্যাৰ লিঙ্গ গাঁথনিঃ- প্ৰতি এহেজাৰজন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ অনুপাত দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিঙ্গ অনুপাত বোলে। যেনেঃ মহিলাৰ সংখ্যা/পুৰুষৰ সংখ্যা X ১০০০। লিঙ্গ অনুপাতৰ দ্বাৰা এটা অঞ্চলত থকা মহিলাৰ মৰ্যাদা বা সন্মান নিৰুপণ কৰা যায়। অসমত কামৰূপ মেট্ৰ' জিলাৰ তুলনাত আটাইতকৈ কম (প্ৰতি হাজাৰ পুৰুষত ৯৩৬ গৰাকী মহিলা)। আমাৰ ৰাজ্যত লিঙ্গৰ গড় অনুপাত ৯৫৮ হোৱাৰ বিপৰীতে বাক্সা (৯৭৪), ওদালগুৰি (৯৭৩), লখিমপুৰ (৯৬৮), চিৰাং (৯৬৯) আৰু গোলাঘাটত (৯৬৪) লিঙ্গ অনুপাতৰ হাৰ উচ্চ।


 অসমৰ ধৰ্মীয় গাঁথনিঃ- ভাৰতৰ অন্যান্য প্ৰায়বোৰ ৰাজ্যৰ লেখীয়া অসমতো সংখ্যাগৰিষ্ঠ লোক হিন্দু ধৰ্মাৱলম্বী। অৱশ্যে অঞ্চলবিশেষে, বিশেষকৈ অধিক জনবসতিত ধনত্বযুক্ত জিলাকেইখনত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আৰু বৃদ্ধিৰ হাৰ অধিক হোৱা দেখা যায়। এই জিলাকেইখন হ'ল ধুবুৰী, গোলাৱপাৰা, নগাঁও, বৰপেটা আৰু দৰং। এয়া প্ৰধানকৈ চুবুৰীয়া বাংলাদেশৰ পৰা হোৱা অধিক হাৰৰ প্ৰব্ৰজনৰ ফলতেই হৈছে। ২০০১ চনৰ তুলনাতো অসমত ২০১১ চনত ধৰ্মীয় গাঁথনিত যথেষ্ট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে।

6. বয়সৰ গাঁথনি বুলিলে কি বুজা? অসমৰ জনসংখ্যাৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি কেনে ধৰণৰ বুজাই লিখা।
উত্তৰঃ-  এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়সৰ সংৰচনাৰ দ্বাৰা জানিব পাৰি। জনসংখ্যা গঠনত ই এক প্ৰয়োজনীয় সূচক যিহেতু অধিক সংখ্যক শিশুৰ হাৰে জন্মৰ হাৰ অধিক হোৱা সূচায় আৰু ৬০ৰ ওপৰৰ কম জনসংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকলৰ মাজত অধিক হোৱা সূচায়। ইয়াৰ বিপৰীতে যুৱ জনসংখ্যাৰ অধিক অনুপাতে কৰ্মঠ লোকৰ সংখ্যা সন্তোষজনক হোৱাটোকে বুজায়।
       আমাৰ ৰাজ্যত ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ০-৬ বছৰ বয়সৰ গ্ৰুপত পুৰুষ শিশুৰ সংখ্যা ২৩,৬৩,৪৮৫ আৰু কন্যা শিশুৰ সংখ্যা ২২,৭৪,৬৪৫। এই বয়সৰ শিশুৰ সংখ্যা মৰিগাঁও (১৭.১১ শতাংশ), নগাঁও (১৬.২৯ শতাংশ), ধুবুৰী (১৮.৮৯ শতাংশ), গোৱালপাৰা (১৭.০৩ শতাংশ), কৰিমগঞ্জ (১৭.২৫ শতাংশ) আৰু দৰঙত (১৬.৮৫ শতাংশ) সৰ্বাধিক (অসমত ১৪.৮৬ শতাংশ)। কামৰূপ মেট্ৰ' (১০.০০ শতাংশ), যোৰহাট (১১.৪১ শতাংশ) আৰু কাছাৰত (১১.৭৯ শতাংশ) সৰ্বনিম্ন (২০১১ চনৰ লোকপিয়ল)। অসমত ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৩৮ শতাংশ সক্ৰিয়ভাৱে উত্‍পাদনমূলক কাম-কাজত জড়িত।

7. অসমৰ জনসংখ্যাৰ বিতৰণৰ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা।
উত্তৰঃ- অসমৰ জনসংখ্যাৰ বিতৰণৰ বিভিন্ন ভৌগোলিক কাৰকসমূহ তলত আলোচনা কৰা হ'ল- সাধাৰণতে ইয়াৰ সমতল ভূমি, সাৰুৱা নদী উপত্যকাত কৃষি-বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ সম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয় অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্যৱস্থা উন্নত, শিক্ষা, স্থাস্থ্য, উপাৰ্জনৰ সুযোগ-সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। এনে কাৰণতে অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, তেনেবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন। উদাহৰণস্বৰূপে কামৰূপ মেট্ৰ'ত (ঘনত্ব ১৩১৩ প্ৰতি বৰ্গ কিলোমিটাৰ) জনবসতিত ঘনত্ব ৰাজ্যখনত গড় জনবসতিৰ ঘনত্বৰ তিনিগুণ বেছি।
        অসমত অতি কম জনবসতিৰ জিলাকেইখন হ'ল ডিমা হাচাও (৪৪/বৰ্গ কিঃমিঃ), কাৰ্বি আংলং (৯২/বৰ্গ কিঃমিঃ) আৰু ধেমাজী (২১২/বৰ্গ কিঃমিঃ)। ইয়াৰে প্ৰথম দুখন জিলা পাহাৰীয়া হোৱাৰ বাবে আৰু ধেমাজীত বানপানীৰ প্ৰকোপৰ বাবে প্ৰধানকৈ জনবসতিৰ বিস্তাৰ সেৰেঙা।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Logic & Philosophy, Swadesh Adhyayan.
Previous
Next Post »