-->

অসমৰ অৰ্থনৈতিক বুনিয়াদ

 

অসমৰ অৰ্থনৈতিক বুনিয়াদ

1. (ক) খাৰিফ শস্য কাক বোলে?
উত্তৰঃ- এপ্ৰিল-মে' মাহত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অসমত যি কৃষি শস্য সিঁচা হয় তাকে খাৰিফ শস্য বোলা হয়।

(খ) ৰবি শস্য কাক বোলে?
উত্তৰঃ- যি শস্য শীতকালৰ আৰম্ভণিত অৰ্থাত্‍ অক্টোবৰ মাহত আৰু মাৰ্চ মাহত সিঁচা হয় আৰু বসন্ত কালৰ শেষ অৰ্থাত্‍ এপ্ৰিল আৰু জুন মাহত চপোৱা হয় তেনে শস্যক ৰবি শস্য বোলে।
 
(গ) ঔষধি উদ্ভিদ কি?
উত্তৰঃ- যিবোৰ উদ্ভিদৰ ঔষধি গুণ আছে তেনে উদ্ভিদক ঔষধি উদ্ভিদ বোলে।

(ঘ) অসমৰ কিমান শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ- ৮০ শতাংশ

2. (ক) অসমত ঝুমখেতি ক'ত আৰু কেনেকৈ কৰা হয়?
উত্তৰঃ- অসমৰ পাহাৰীয়া জিলা তিনিখনত পৰম্পৰাগতভাৱে ঝুমখেতি কৰি আহিছে। পাহাৰৰ লোকসকলে পাহাৰৰ ঢালত গজা হাবি-জংঘল কাটি জুই লগাই খেতিৰ বাবে মুকলি কৰি লয়। এনে কৃষি পদ্ধতিক ঝুম খেতি বুলি কোৱা হয়। স্থান পৰিৱৰ্তন কৰি এনে কৃষি কৰা হয়।

(খ) শস্যাৱৰ্তন বুলিলে কি বুজা?
উত্তৰঃ- কিছুমান কৃষি পদ্ধতিত এবছৰত একেডৰা মাটিতে কেইবাবিধো শস্য উৎপাদন কৰা হয় আৰু পিছৰ বছৰত হয়তো আন কেইবিধমান শস্য উৎপাদন কৰা হয়। ইয়াকে শস্যাৱর্তন বুলি কোৱা হয়।

(গ) শস্যকৰ্ষণ তীব্ৰতা বুলিলে কি বুজা?
উত্তৰঃ- মুঠ কৃষি উৎপাদন ভূমিক প্রকৃত কৃষি উৎপাদন ভূমিৰে ভাগ কৰি ১০০ৰে পূৰণ কৰি শস্যাকর্ষণ তীব্রতা নির্ধাৰণ কৰা হয়। বর্ধিত জনসংখ্যাৰ বাবে প্রয়েজনীয় খাদ্যৰ অভাৱ পূৰণৰ বাবে কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰি উৎপাদন বঢ়াব পাৰি নাইবা পূর্বৰ তুলনাত কৃষিভূমিৰ উৎপাদিকা শক্তি বঢ়াব পাৰি।
 
(ঘ) অসমত কৰা মচলাজাতীয় খেতিসমূহ কি কি?
উত্তৰঃ- অসমত কৰা মছলাজাতীয় খেতিসমূহ হ'ল আদা, হালধি, ভোট জলকীয়া, জলকীয়া, জালুক আদি।

3. (ক) অসমৰ কৃষি ব্যৱস্থাৰ আসোঁৱাহসমূহৰ বিষয়ে লিখা।
উত্তৰঃ- অসমৰ কৃষি ব্যৱস্থাৰ প্ৰধান আসোঁৱাহসমূহ হ'ল—
(i) কৃষিক্ষেত্ৰসমূহৰ আকাৰ সৰু, যাৰ বাবে ট্রেক্টৰ আদিৰে মাটি চহোৱা অসুবিধাজনক।
(ii) জনমূৰি কৃষিমাটিৰ পৰিমাণ অতি কম, যাৰ ফলত বহুতো কৃষকে নিজৰ প্ৰয়োজনখিনিকেপূৰাব নোৱাৰা অৱস্থা হয়।
(iii) পুৰণি কৃষি পদ্ধতিকে খামুচি থকাৰ বাবে হেক্টৰে প্ৰতি যিমান উৎপাদন হ'ব লাগিছিল তাতকৈ বহুত কম উৎপাদন হয়।
(iv) সীমিত এলেকাতহে (১৫% কৃষিভূমিত) জলসিঞ্চনৰ ব্যৱস্থা থকাৰ বাবে পানীৰ অভাৱত বহুতো অঞ্চলত খেতিৰ বিস্তৰ ক্ষতি হয়।
(v) প্রতি বছৰে বানপানীৰ কবলত পৰি কৃষি শস্যৰ ব্যাপকভাৱে ক্ষতি হয়।

(খ) অসমত ধানখেতি কোন ঋতুত কেনেদৰে কৰা হয় ব্যাখ্যা কৰা।
উত্তৰঃ- অসমত মুখ্য খাদ্য শস্য হ'ল ধান। মুঠ কৃষি ভূমিৰ শতকৰা ৬৪.৫২ ভাগ অঞ্চলত আৰু ৰাজ্যখনৰ খাদ্য শস্য উৎপাদন কৰা মুঠ অঞ্চলৰ শতকৰা ৯১.৪৩ ভাগ অঞ্চলত কেৱল ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়— শালি, আহু, বাও আৰু বড়ো ধান। এপ্রিল-মে' মাহত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অসমত শালি আৰু বাও ধান সিঁচা হয় আৰু নবেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়। আকৌ শীতকালৰ আৰম্ভণি অর্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত আহু আৰু বড়োধান সিঁচা হয় আৰু বসন্ত কালৰ শেষত অর্থাৎ এপ্রিল আৰু জুন মাহত শস্য চপোৱা হয়।

(গ) চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে লিখা।
উত্তৰঃ- অসমত চাহখেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায়। চাহ খেতিৰ বাবে বার্ষিক বৰষুণৰ পৰিমাণ ১৫০-২০০ চেণ্টিমিটাৰ হ'ব লাগে, উষ্ণতা ৩০° ছেলছিয়াছতকৈ অধিক হ'ব লাগে। তদুপৰি অম্লীয় এঢলীয়া মাটি প্ৰায়বোৰ জিলাত পোৱা যায় বাবে অসম ৰাজ্য পৃথিৱীৰ ভিতৰতে চাহ উত্‍পাদনৰ বাবে এক উল্লেখযোগ্য অঞ্চলৰূপে পৰিগণিত হৈছে।

(ঘ) অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটি চমু আভাস দিয়া।
উত্তৰঃ- অসমৰ সামগ্রিক অর্থনীতি প্রধানকৈ নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ মানৱ সম্পদৰ ওপৰত। ২০১১-১২ চনক ভিত্তি বছৰ হিচাপে লৈ অসমৰ সামগ্রিক ঘৰুৱা উৎপাদনৰ মূল্য ২০১৪-১৫ চনৰ ১৬৬৭০৮.৮৫ কোটি টকাৰ বিপৰীতে ২০১৫-১৬ চনত ১৭৯৩৯৪.৭৩ কোটি টকা হৈছে বুলি এক সমীক্ষাত কোৱা হৈছে। সেই হিচাপে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ হাৰ সেই সময়ছোৱাত হয়গৈ ৭.৭৩ শতাংশ। অৱশ্যে ৰাজখনৰ এই উন্নয়নৰ হাৰ ভাৰতবৰ্ষৰ সামগ্রিক উন্নয়নৰ হাৰৰ তুলনাত ০.১৫ শতাংশ কম। উক্ত সময়ছোৱাত উল্লিখিত উন্নয়নৰ হাৰ সকলো খণ্ডত উন্নয়ন হাৰ ৩.৮৮ শতাংশৰ তুলনাত উদ্যোগ খণ্ডত এই হাৰ ৯.৪১ শতাংশ আৰু সেৱা খণ্ডত ৮.২১ শতাংশ বুলি কোৱা হৈছে। এই গণনা অনুসৰি ২০১৪-১৫ চনৰ তুলনাত ২০১৫-১৬ চনত উদ্যোগ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি পৰিলক্ষিত হৈছে।   

4. (ক) অসমত প্ৰথম খাৰুৱা তেল কত খনন কৰা হৈছিল?
উত্তৰঃ- ডিগবৈত (১৯০১ চনত)।

(খ) ভাৰতবৰ্ষৰ মুঠ উত্‍পাদনৰ কিমান শতাংশ চাহ অসমত উত্‍পাদন হয়?
উত্তৰঃ-৫৪ শতাংশ।

(গ) অসমত ঔদ্যোগিক উন্নয়ন নিগম কোন চনত গঠন কৰা হয়?
উত্তৰঃ- ১৯৭১ চনত

(ঘ) অসমৰ প্ৰথমটো সাৰ কাৰখানা ক'ত স্থাপন কৰা হয়?
উত্তৰঃ- নামৰূপত (১৯৬০ চনত)

5. (ক) কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহ বিভক্ত কৰা?
উত্তৰঃ- উদ্যোগত ব্যৱহৃত কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহক প্রধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে।
(১) কৃষিভিত্তিক উদ্যোগ (Agro based industries)
(২) খনিজভিত্তিক উদ্যোগ (Mineral based industries)
(৩) বনজ সামগ্ৰীভিত্তিক উদ্যোগ (Forest based industries)
    অসমত মৰাপাট, কঁপাহ, পাট-মুগা-এৰী আদি আঁহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা কৃষিভিত্তিক উদ্যোগ।
    অসমত গঢ়ি উঠা খনিজভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ, পেট্ৰকেমিকেলন, চিমেন্ট আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ভৰোৱা উদ্যোগেই প্ৰধান।
    বনজ সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগৰ ভিতৰত কাগজ, কাগজৰ মণ্ড, প্লাইউড, ফাৰ্ণিচাৰ আদি আচবাব নিৰ্মাণ উদ্যোগেই প্ৰধান।

(খ) অসমৰ কৃষিভিত্তিক উদ্যোগৰ চমুটোকা লিখা।
উত্তৰঃ- অসমৰ কৃষিভিত্তিক উদ্যোগসমূহক দুটা ভাগত ভাগ কৰিব পাৰি।
(১) চাহ, কুঁহিয়াৰ, তৈলজাত, দুগ্ধজাত, ধান আৰু ঘেঁহু আৰু ফল-মূল আদি খাদ্য-সামগ্ৰীৰ ওপৰত গঢ়ি উঠা সৰু-ডাঙৰ উদ্যোগ,
(২) মৰাপাট, কঁপাহ, পাট-মুগা-এৰী আদি আঁহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ।

(গ) অসমৰ চাহ উদ্যোগৰ বিশেষত্ব চমুকৈ লিখা।
উত্তৰঃ- ৰোপণ কৃষি পদ্ধতিৰে উৎপাদন কৰা চাহ গছৰ পাতৰ ওপৰতে চাহ উদ্যোগ প্রতিষ্ঠিত। চাহ উদ্যোগ অসমৰ সৰ্বাধিক বিদেশী মুদ্রা আয় কৰা উদ্যোগ। ভাৰতবৰ্ষৰ শতকৰা ৫৪ ভাগ চাহ অসমত উৎপাদন হয়। অসমৰ চাহ উদ্যোগত ৬ লাখতকৈও অধিক লোকে কর্মসংস্থাপন লাভ কৰিছে, ইয়াৰে ২.৭ লাখ অর্থাৎ প্রায় আধা সংখ্যক মহিলা। বিগত কিছু বছৰৰ ভিতৰত অসমত কেইবা হাজাৰো ক্ষুদ্ৰ চাহ বাগান গঢ়ি উঠিছে যাৰ পৰা অসমৰ বহুতো লোক আর্থিকভাৱে লাভৱান হৈছে। অসমৰ পঞ্জীয়নভুক্ত মুঠ উদ্যোগৰ ৩০ শতাংশ উদ্যোগতে চাহ উৎপাদন কৰা হয়। অসমৰ চাহ উদ্যোগত অতীজৰে পৰা 'ব্লেক টি' (black tea) উত্‍পাদন কৰা হয় যদিও ১৯৮০ চনৰ পৰা 'গ্ৰীণ টি' (Green tea) উত্‍পাদন আৰু ৰপ্তানি কৰি অধিক বিদেশী মুদ্ৰা উপাৰ্জন কৰিব পৰা হৈছে।

(ঘ) অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা।
উত্তৰঃ- বাংলাদেশ, ভূটান, চীন, ম্যানমাৰ

6. (ক) অসম শিল্পোদ্যোগত পিছপৰি ৰোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ- অসম শিল্পোদ্যোগত পিছ পৰি ৰোৱাৰ কাণসমূহ হল-
(১) অসম ৰাজ্য তথা সমগ্ৰ উত্তৰ-পূব ভাৰত দেশখনৰ আন অঞ্চলৰপৰা যথেষ্ট দূৰত অৱস্থিত। সেইবাবে কেঁচামাল আৰু উৎপাদিত সামগ্রী অনা-নিয়া খৰচ বেছি হয় আৰু ফলস্বৰূপে অসম উদ্যোগৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে।
(২) দূৰত্বৰ বাবে কিছুমান কেঁচা সামগ্ৰী অসমলৈ অনা আৰু অসমত উত্‍পাদিত সামগ্ৰী ভাৰতৰ ডাঙৰ ডাঙৰ চহৰবোৰত বিক্ৰি কৰাটো অধিক ব্যয় হয়; ফলস্বৰূপে উচিত মূল্য পোৱাত বাধাৰ সৃষ্টি হৈছে।
(৩) উদ্যোগৰ বাবে প্রয়োজনীয় যন্ত্রপাতি, বিশেষ কিছুমান কেঁচামাল আৰু নিয়মীয়া বিদ্যুৎ তথা আন শক্তি উৎসৰ অভাৱৰ বাবে অসমত শিল্পোদ্যোগ গঢ়ি উঠাত বাধাৰ সৃষ্টি হৈছে।
(৪) বৃহৎ তথা মজলীয়া শিল্পোদ্যোগ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ ধনৰ যোগান নোপোৱাৰ বাবেও কিছুমান উদ্যোগ গঢ়ি উঠা নাই।
(৫) অসমৰ লোকসকল প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। উদ্যোগৰ বাবে প্রয়োজনীয় অৰ্হতা আৰু উদ্যোগ গঢ়াত সাহস তথা মানসিকতাৰ অভাৱতো ৰাজ্যখনক শিল্পত পিছ পেলাই ৰাখিছে।
(৬) চৰকাৰী নীতি আসোঁৱাহ আৰু উদ্যোগ গঢ়াৰ বাবে যুৱ প্ৰজন্মক পৰিয়াল তথা সমাজে যি উৎসাহ বা সামাজিক স্বীকৃতি দিব লাগে তেনে উৎসাহৰ অভাৱতো উদ্যোগ গঢ়িবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা এতিয়াও অতি সীমিত।


(খ) অসমত গঢ়ি উঠা প্ৰধান উদ্যোগসমূহৰ বিষয়ে লিখা।
উত্তৰঃ- অসমত গঢ়ি উঠা প্রধান উদ্যোগসমূহ হ'ল—
(১) চাহ উদ্যোগঃ- চাহ উদ্যোগ অসমৰ সৰ্বাধিক বিদেশী মুদ্রা আয় কৰা উদ্যোগ। ই এবিধ কৃষিভিত্তিক উদ্যোগ। ৰোপণ কৃষি পদ্ধতিৰে উৎপাদন কৰা চাহ গছৰ পাতৰ ওপৰতে অসমৰ চাহ উদ্যোগ প্রতিষ্ঠিত। চাহ উদ্যোগত ৬ লাখতকৈও অধিক লোকে কৰ্মসংস্থান লাভ কৰিছে; ইয়াৰে ২.৭ লাখ অৰ্থাত্‍ প্ৰায় আধা সংখ্যক মহিলা। চাহ উদ্যোগৰ উপৰি মৰাপাট, কুঁহিয়াৰ, কপাহ আদি কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আন বহুতো উদ্যোগ গঢ়ি উঠিছে।
(২) খনিভিত্তিক উদ্যোগঃ- খনিভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ, পেট্র'কেমিকেল, চিমেন্ট আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ভৰোৱা (LPG Bottling Plant) উদ্যোগেই প্রধান। খনিভিত্তিক আন আন উদ্যোগৰ ভিতৰত নামৰূপত অৱস্থিত তিনিটা ডাঙৰ উদ্যোগ হ'ল ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগম, অসম পেট্র'কেমিকেলচ নিগম আৰু নামৰূপত তাপ বিদ্যুৎ কেন্দ্র। পেট্র'কেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰপৰা পোৱা আন আন অপজাত সামগ্ৰীভিত্তিক উদ্যোগো স্থাপিত হৈছে যাৰ ভিতৰত প্লাষ্টিক (পলিমাৰ) উদ্যোগেই প্রধান।
(৩) বনজ সামগ্ৰীভিত্তিক উদ্যোগঃ- অসমত বনজ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা মজলীয়া ধৰণৰ উদ্যোগৰ ভিতৰত কাগজ, কাগজৰ মণ্ড, প্লাইউড, ফাৰ্ণিচাৰ উদ্যোগেই প্রধান। অসমত বাঁহ ব্যৱহাৰ কৰি গঢ়ি তোলা দুটা ডাঙৰ কাগজ উদ্যোগৰ এটা হ'ল 'নগাঁও কাগজ কল' যিটো বর্তমান মৰিগাঁও জিলাত আৰু আনটো হ'ল হাইলাকান্দি জিলাৰ 'পাঁচগ্রাম কাজগ কল'। এই দুয়োটাই চৰকাৰী খণ্ডৰ উদ্যোগ।


(গ) অসমৰ খনিজভিত্তিক উদ্যোগসমূহৰ বিষয়ে লিখা।
উত্তৰঃ- অসমৰ খনিজভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ, পেট্র'কেমিকেল, চিমেন্ট আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ভৰোৱা (LPG Bottling Plant) উদ্যোগেই প্রধান। পেট্র'কেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰপৰা পোৱা আন আন অপজাত সামগ্ৰীভিত্তিক উদ্যোগো স্থাপিত হৈছে যাৰ ভিতৰত প্লাষ্টিক (পলিমাৰ) উদ্যোগেই প্রধান। 'অসম পেট্র'কেমিকেল লিমিটেড-এ উজনি অসমৰ প্রাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ কাৰখানা আৰু বিদ্যুৎ শক্তি উৎপাদন কৰা উদ্যোগ গঠন কৰিবলৈ সক্ষম হয়। গুৱাহাটী পেট্র'কেমিকেল প্রতিষ্ঠান চৰকাৰী খণ্ডৰ প্ৰথম খাৰুৱা তেলভিত্তিক উদ্যোগ। বঙাইগাঁও শোধনাগাৰ আৰু পেট্র'কেমিকেল লিমিটেড ১৯৭৪ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে স্থাপন কৰে। ডিগবৈৰ তেল শোধনাগাৰ ১৯০১ চনত স্থাপন হয় যিটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি শোধনাগাৰ।
    খনিভিত্তিক আন আন উদ্যোগৰ ভিতৰত নামৰূপত অৱস্থিত তিনিটা ডাঙৰ উদ্যোগ হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম (Brahmaputra Valley Fertilizer Corporation Limited), অসম পেট্র'কেমিকেলচ নিগম (Assam Petrochemicals Limited) আৰু নামৰূপ তাপ বিদ্যুৎ কেন্দ্র (Namrup Thermal Power Station)।

7. নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(i) অসমত ২০১১-১২ চনৰ তুলনাত ২০১৫-১৬ চনত কোনটো খণ্ডত আয় বৃদ্ধি পোৱা দেখা গৈছে?
(ক) কৃষিখণ্ড        (খ) উদ্যোগখণ্ড
(গ) খনিজাত উত্‍পাদন খণ্ড    (ঘ) সেৱাখণ্ড

উত্তৰঃ-(খ) উদ্যোগখণ্ড

(ii) খাৰিফ শস্য কোন মাহত কৰা হয়।
(ক) এপ্ৰিল-মে'ৰ পৰা নবেম্বৰ-ডিচেম্বৰ
(খ) মাৰ্চ মাহৰ পৰা জুন মাহলৈ
(গ) অক্টোবৰৰ পৰা এপ্ৰিললৈ
(ঘ) জানুৱাৰীৰ পৰা মে' মাহলৈ
 
উত্তৰঃ- (ঘ) জানুৱাৰীৰ পৰা মে' মাহলৈ

(iii) তলৰ কোনবিধ জাইড্‌ কৃষিজাত শস্য?
(ক) সৰিয়হ        (খ) ধান
(গ) ৰঙালাও        (ঘ) ঘেঁহু

উত্তৰঃ- (গ) ৰঙালাও

(iv) অসমৰ কোনখন জিলাত আটাইতকৈ কম সংখ্যাৰ পঞ্জীয়নভুক্ত উদ্যোগ আছে?
(ক) গোৱালপাৰা        (খ) ওদালগুৰি
(গ) মৰিগাঁও            (ঘ) ধেমাজি
উত্তৰঃ-

(v) ভাৰতবৰ্ষৰ মুঠ উত্‍পাদনৰ শতকৰা কিমান ভাগ চাহ অসমত উত্‍পাদন হয়?
(ক) ৩০%        (খ) ৪৫%
(গ) ৫৪%        (ঘ) ৬৭%
উত্তৰঃ- (গ) ৫৪%

(vi) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোন চনত স্থাপিত হয়?
(ক) ১৮৯৮ চনত    (খ) ১৯০১ চনত
(গ) ১৯৫১ চনত    (ঘ) ১৯৭৮ চনত

উত্তৰঃ-(খ) ১৯০১ চনত

(vii) নিম্নোক্ত কোনবিধ উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি?
(ক) চাহ উদ্যোগ        (খ) বনজ সামগ্ৰীভিত্তিক উদ্যোগ
(গ) খনিজভিত্তিক উদ্যোগ        (ঘ) চলন্ত উদ্যোগ

উত্তৰঃ-(ঘ) চলন্ত উদ্যোগ

8. অসমৰ উদ্যোগসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ- অসমৰ উদ্যোগসমূহক প্রধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে।
(ক) কৃষিভিত্তিক উদ্যোগ (খ) খনিভিত্তিক উদ্যোগ (গ) বনজ সামগ্রী ভিত্তিক উদ্যোগ।

9. অসমৰ চাৰিবিধ কুটীৰ শিল্প আৰু সেই শিল্পৰ বাবে বিখ্যাত ঠাইবোৰৰ নাম লিখা।
উত্তৰঃ- অসমৰ চাৰিবিধ কুটীৰ শিল্প আৰু সেই শিল্পৰ বাবে বিখ্যাত ঠাইবোৰৰ নাম হ'ল-
(ক) পাট মুগা শিল্প - শুৱালকুছি
(খ) কাঁহ-পিতল শিল্প - সৰ্থেবাৰী, হাজো
(গ) এড়ী শিল্প - ছয়গাঁও, পলাশবাৰী
(ঘ) মৃত্‍ শিল্প - পাথাৰকান্দি  

10. অসমত প্ৰধানকৈ কেইবিধ ধানৰ খেতি কৰা হয় আৰু কি কি?
উত্তৰঃ- অসমত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়—
(ক) শালি ধান (খ) আহু ধান (গ) বাও ধান (ঘ) বড়ো ধান।

11. গুৱাহাটী পেট্র'কেমিকেল উদ্যোগৰ উৎপাদিত চাৰিবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ- গুৱাহাটী পেট্র'কেমিকেল উদ্যোগৰ উৎপাদিত চাৰিবিধ সামগ্রী হ'ল— (ক) নেথা (খ) ৰন্ধন গেছ (গ) মটৰ স্পিৰিট (ঘ) কেৰাচিন।

12. অসমৰ চাৰিটা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ নাম লিখা।
উত্তৰঃ- অসমৰ চাৰিটা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন কেন্দ্র হ'ল—
(ক) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ সমীপত স্থপন কৰা ছফটৱেৰ টেকনলজি পার্ক।
(খ) ছয়গাঁৱৰ ফুড় প্রচেচিং পার্ক
(গ) ডিব্ৰুগড়ৰ লেপেটকাটাৰ প্লাষ্টিক পার্ক
(ঘ) নগাঁও জিলাৰ ধিত পতা জুট পার্ক।

13. অসমৰ উদ্যোগসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ- অসমৰ উদ্যোগসমূহক প্রধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে-
(ক) কৃষিভিত্তিক উদ্যোগ (খ) খনিভিত্তিক উদ্যোগ (গ) বনজ সামগ্রী ভিত্তিক উদ্যোগ।

14. শস্য উৎপাদনৰ সময় অনুসৰি অসমৰ কৃষিক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ- শস্য উৎপাদনৰ সময় অনুসৰি অসমৰ কৃষিক তিনিটা ভাগত ভগাব পাৰি-
(ক) খাৰিফ শস্য (খ) ৰবিশস্য (গ) জাইড শস্য

15. মুক্ত বা চলন্ত শিল্পোদ্যোগ বুলিলে কি বুজা? উদাহৰণ দিয়া।      HS-2019
উত্তৰঃ- যিবোৰ উদ্যোগক প্রায় সকলো ঠাইতে স্থাপন কৰা যায় তেনে উদ্যোগকে চলন্ত বা মুক্ত শিল্পোদ্যোগ (Footloose Industries) বোলা হয়। মুক্ত উদ্যোগৰ স্থান উদ্যোগৰ বাবে প্রয়োজনীয় কাৰক যেনে কেঁচামাল, নিপুণ বণুৱা, যাথায়াত তথা বজাৰৰ অৱস্থানে নির্ধাৰণ নকৰে। সেয়েহে এনে উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি। সেইবাবেই এনে উদ্যোগক চলন্ত শিল্পউদ্যোগ বোলা হয়। চলন্ত যদিও উপযুক্ত যাতায়াত, নিয়মীয়া বিদ্যুৎ সৰবৰাহ আৰু অতি নিপুণ শ্রমিক অবিহনে এনে উদ্যোগ স্থাপন কৰাত অসুবিধা হয়। এনে উদ্যোগত কেঁচামাল কমকৈ লাগে আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণো কম হয়, কিন্তু উভয়ৰে বজাৰ মূল্য অধিক। সেয়েহে এনে উদ্যোগ স্থাপনৰ বাবে কেঁচামাল আৰু উত্‍পাদিত সামগ্ৰী কঢ়িওৱাৰ খৰচ কম। চলন্ত বা মুক্ত উদ্যোগৰ পৰা প্ৰদূষণো কমকৈ হয়। অৱশ্যে কিছুমান মুক্ত উদ্যোগৰ বাবে প্ৰদূষণমুক্ত পৰিৱেশ অতি আৱশ্যক। সেইবাবে বহুতো মুক্ত উদ্যোগ তুলনামূলকভাৱে কম প্ৰদূষণ হোৱা চহৰৰ উপকণ্ঠত স্থাপন কৰা ছফট্‌ৱেৰ টেকন'লজি পার্ক, ইণ্ডিয়া এনে কাৰণতে স্থান কৰা উদ্যোগৰ এটা উদাহৰণ। 

16. অসমৰ প্রধান উদ্যোগসমূহ কি কি? ৰাজ্যখনৰ কুটীৰ শিল্পৰ সমস্যাসমূহ চমুকৈ আলোচনা কৰা। HS-2019    4+2=6
উত্তৰঃ- অসমত গঢ়ি উঠা প্রধান উদ্যোগসমূহ হ'ল—
(১) চাহ উদ্যোগ
(২) খনিভিত্তিক উদ্যোগ
(৩) বনজ সামগ্ৰীভিত্তিক উদ্যোগ
(৪) কুটীৰ শিল্প

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.
Previous
Next Post »