-->

পৰিকল্পিত বিকাশৰ ৰাজনীতি । Politics of Planned Development in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science পৰিকল্পিত বিকাশৰ ৰাজনীতি । Politics of Planned Development. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

পৰিকল্পিত বিকাশৰ ৰাজনীতি

Politics of Planned Development

Class 12 Political Science

 Political Science পৰিকল্পিত বিকাশৰ ৰাজনীতি । Politics of Planned Development ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science পৰিকল্পিত বিকাশৰ ৰাজনীতি । Politics of Planned Development has been discussed in systematic way. There are approximately important 21 questions answers in this article.

1. ভাৰতত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল।   HS-2012, 2014, 2018
উত্তৰঃ- ১৯৫০ চনৰ ১৫ মাৰ্চত।


2. পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ নাম লিখা।  HS-2017, 2019
উত্তৰঃ-পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ হ’ল নীতি আয়োগ (NITI AYOG)।


3. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল?  HS-2012
উত্তৰঃ- ১৯৫১ চনত।


4. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত সন্নিবিষ্ট এটা বৃহত্‍ মাত্ৰাৰ প্ৰকল্পৰ নাম লিখা?
উত্তৰঃ- ভাক্ৰানাঙ্গল প্ৰকল্প


5. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা মূল উদ্দেশ্যটো উল্লেখ কৰা।
উত্তৰঃ- ‘সমাজবাদী চানেকীৰ সমাজ’ গঢ়াৰ আদৰ্শ।


6. খাদ্য সংকটৰ সময়ত ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল?
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত।


7. ভাৰতৰ দুগ্ধমানৱ বুলি কাক কোৱা হয়?   2013
উত্তৰঃ- ভাৰ্গিজ কুৰীয়েনক।


8. ভাৰতবৰ্ষত ‘সেউজ বিপ্লৱৰ পিতৃ’ হিচাপে কাক আখ্যা দিয়া হয়?   2016
উত্তৰঃ- এম.এছ. স্বামীনাথন।


9. বিকাশৰ দুটা আৰ্হি আছিল, এটা আছিল উদাৰ পুঁজিবাদী আৰ্হি আৰু আনটো কি?
উত্তৰঃ-সমাজবাদী আৰ্হি


10. সেউজ বিপ্লৱ বুলিলে কি বুজা? HS-2017
    সেউজ বিপ্লৱ বুলিলে কি বুজা? HS-2014

উত্তৰঃ- ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিবিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক 'আধুনিক কৃষি প্ৰযুক্তিবিদ্যা' অথবা 'সেউজ বিপ্লৱ' (Green Revolution) আখ্যা দিয়া হয়।


11. এই পৰ্যন্ত কিমানটা পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ হৈছে?
উত্তৰঃ- 11টা পৰিকল্পনা।


12. পৰিকল্পিত বিকাশ মানে কি বুজা?  HS-2018, 2023
উত্তৰঃ-পৰিকল্পিত বিকাশ হ'ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশ। অৰ্থাত্‍ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়।


13. ভাৰতত পৰিকল্পিনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিলে?
উত্তৰঃ-ছোভিয়েট ইউনিয়ন


14. কেৰেলা মডেল বা আৰ্হি কি?
উত্তৰঃ-ভাৰতৰ কেৰেলা ৰাজ্যই সূচনা কৰা পৰিকল্পনা আৰু বিকাশৰ পথক কেৰেলা আৰ্হি বোলা হয়। 


15. FYP-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- Five Year Plan


দীঘল প্ৰশ্নোত্তৰ । Essay type Questions' answer:-

1. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশৰ সৈতে উদ্ভৱ হোৱা মূল বিতৰ্কসমূহ আলোচনা কৰা।     HS-2013, 2017, 2024
উত্তৰঃ-আৰম্ভণিৰ সময়ছোৱাত ভাৰতে গ্ৰহণ কৰা বিকাশৰ কৌশলে বিভিন্ন প্ৰশ্ন আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল। এই বিতৰ্কসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।
(ক) কৃষি বনাম উদ্যোগ (Agriculture vs Industry):-
     ভাৰতবৰ্ষৰ বিকাশৰ কৌশল গৱেষণা কৰা বিজ্ঞমহলে ক’ব খোজে যে ভাৰতবৰ্ষৰ বিকাশৰ প্ৰক্ৰিয়াটোত কৃষিৰ পৰিৱৰ্তে উদ্যোগখণ্ডই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত যদিওবা কৃষিখণ্ডই সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল, দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ সময়ৰে পৰা কৃষিখণ্ডৰ ওপৰত দিয়া প্ৰাথমিকতা লাহে লাহে কমি আহিবলৈ ধৰিলে। তাৰ উপৰিও, ভূমিহীন কৃষকৰ হাতত ভূমি আবণ্টন দিয়াৰ লক্ষ্য আগত ৰাখি ১৯৫০-ৰ দশকত সূচনা কৰা ভূমিসংস্কাৰৰ নীতিৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰতো চৰকাৰে পৰ্যাপ্ত পৰিমাণে মনোনিৱেশ নকৰিলে।
    অন্যহাতে, ঔদ্যোগিকৰণৰ বেলিকাও গ্ৰামাঞ্চলৰ পৰিৱৰ্তে নগৰাঞ্চলসমূহেহে অধিক গুৰুত্ব লাভ কৰিলে। বিকাশৰ এই ধাৰা সম্পূৰ্ণৰূপে মহাত্মা গান্ধীৰ চিন্তাৰ বিপৰীতে গ’ল। এনে পৰিস্থিতিত বিশিষ্ট গান্ধীবাদী অৰ্থনীতিবিদ জে.চি. কুমাৰাপ্পাই গ্ৰামাঞ্চলৰ ঔদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া এক বিকল্প অৰ্থনৈতিক ব্লু-প্ৰিণ্ট নিৰ্মাণ কৰি উলিয়াইছিল। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙেও কৃষিখণ্ডই ভাৰতীয় পৰিকল্পনা ব্যৱস্থাত মুখ্য স্থান লাভ কৰিব লাগে বুলি যুক্তি আগবঢ়াইছিল।
(ক) ভাৰতবৰ্ষই লাভ কৰা ৰাজনৈতিক স্বাধীনতা বৰ্তাই ৰাখিবৰ বাবে অৰ্থনৈতিক স্বাধীনতাও লাগিব। তেনে লক্ষ্যত উপনীত হ’বৰ বাবে ঔদ্যোগীকৰণ অপৰিহাৰ্য,
(খ) ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত নিজৰ এক সুকীয়া স্থান দখল কৰিব খোজে। তাৰ বাবেও, উদ্যোগীকৰণ তথা বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ অপৰিহাৰ্য।

(খ) ৰাজহুৱাখণ্ড বনাম ব্যক্তিগতখণ্ড (Public Vs Private Sector):-
    ভাৰতবৰ্ষত দেশৰ অৰ্থনীতি বা বিকাশৰ প্ৰক্ৰিয়াটোক চৰকাৰে সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব খোজা নাছিল। তাৰ পৰিৱৰ্তে দেশৰ বিকাশৰ প্ৰক্ৰিয়াটোত চৰকাৰ বা ৰাজহুৱাখণ্ডৰ উপৰিও ব্যক্তিগতখণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল চৰকাৰে। সেইবাবেই, ভাৰতীয় অৰ্থনীতিক বিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়।
     কৃষি, বাণিজ্য তথা উদ্যোগৰ বহুবোৰ খণ্ড ব্যক্তিগত খণ্ডৰ হাতত এৰি দিছিল। কিন্তু অৰ্থনীতি বা বিকাশৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ তথা বৃহত্‍‌ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে নিজাকৈ বিনিয়োগ আৰু পৃষ্ঠপোষকতা কৰিছিল। তাৰ উপৰিও, উদ্যোগ বা বাণিজ্য পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিজৰ হাতত ৰাখিছিল চৰকাৰে। উদাহৰণস্বৰূপে, চৰকাৰে নিজাকৈ তীখা উদ্যোগ গঢ়ি তুলিছিল, শক্তি উত্পােদনৰ ওপৰত প্ৰাধান্য দিছিল আৰু ৰেলওৱে নিজৰ হাতত ৰাখিছিল।
      মিশ্ৰ অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ ইমান বেছি আছিল যে ই ব্যক্তিগতখণ্ডৰ বিনিয়োগ তথা প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰা নাছিল। ভাৰতবৰ্ষই স্ব-নিৰ্ভৰশীলতাৰ ওপৰতো অত্যধিক গুৰুত্ব দিছিল। তাৰেই অংশ হিচাপে দেশত উত্পাাদিত সামগ্ৰীৰ ক্ষেত্ৰত ৰক্ষণা-বেক্ষণৰ নীতি গ্ৰহণ কৰিছিল আৰু তেনে সামগ্ৰী অন্য দেশৰ পৰা আমদানি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱত্‍ কৰিছিল।

2. ভাৰতৰ পৰিকল্পনা আয়োগৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।
(অথবা) ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ নাম লিখা।    HS-2012,  2019, 2023

উত্তৰঃ-ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ-বাৰজন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। পৰিকল্পনা আয়োগে ভাৰতৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰণ কৰিছিল আৰু ৰাষ্ট্ৰখনৰ সম্পদসমূহৰ সুদক্ষ আৰু সন্তুলিত ব্যৱহাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই আৰু ই সাংবিধানিক ব্যৱস্থাৰ অন্তৰ্গতও নহয়। এই আয়োগ মন্ত্ৰীসভাৰ এটা সিদ্ধান্তৰ ভেটিত গঠিত হৈছিল। সেয়ে পৰিকল্পনা আয়োগক কেতিয়াবা সংবিধান বহিৰ্ভূত সংগঠন বুলি কোৱা হয়।
    পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাত্প্ৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আয়োগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে 'পঞ্চ বাৰ্ষিক পৰিকল্পনা' আৰম্ভ কৰে। পৰিকল্পনাৰ ফলস্বৰূপে ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাইছে। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱৰ আৰম্ভ হয়। আয়োগে ঔদ্যোগিক খণ্ডৰ বিকাশতো যথেষ্ট বৰঙণি আগবঢ়ায়। শিক্ষা, চিকিত্সা্ শাস্ত্ৰ আদিতো যথেষ্ট উন্নতি হৈ আছে। সামাজিক ন্যায় প্ৰতিষ্ঠাত আয়োগৰ অৱদান উল্লেখযোগ্য। অৰ্থাত্‍ ভাৰতৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি আছে।
                পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ হ’ল নীতি আয়োগ (NITI AYOG)।

3. ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা।      HS-2015
(i) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতিঃ-
    পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম উদ্দেশ্য আছিল জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু তেওঁলোকক এক সমৃদ্ধিশালী জীৱন যাপনৰ সুযোগ প্ৰদান কৰা।
(ii) জাতীয় আয় বৃদ্ধিঃ-
    প্ৰতিটো পৰিকল্পনাৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য জাতীয় আয় বৃদ্ধি কৰা। জাতীয় আয় বৃদ্ধিয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব।
(iii) সম্পদৰ দক্ষ ব্যৱহাৰঃ-
    ভাৰতৰ সম্পদসমূহৰ দক্ষতাৰে ব্যৱহাৰ কৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱাৰ বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অৰ্থনৈতিক বিকাশ সাধন কৰিব বিচাৰে।
(iv) অৰ্থনৈতিক অসমতা হ্ৰাসঃ-
    দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা ভাৰতত অসমতা হ্ৰাস কৰাৰ অৰ্থে বিভিন্ন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
(v) সামাজিক ন্যায়ঃ-
    পৰিকল্পনাই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। এয়া কাৰ্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্ৰয়োজনীয়তা কৰ্মসূচী গ্ৰহণ কৰি অহা হৈছে।

4. সেউজ বিপ্লৱ বুলিলে কি বুজা? সেউজ বিপ্লৱৰ ফলাফলসমূহ আলোচনা কৰা।     HS-2017, 2018
সেউজ বিপ্লৱ বুলিলে কি বুজা? HS-2014 সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা।  HS-2020

উত্তৰঃ- ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিবিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক 'আধুনিক কৃষি প্ৰযুক্তিবিদ্যা' অথবা 'সেউজ বিপ্লৱ' (Green Revolution) আখ্যা দিয়া হয়।
   সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা।
(ক) ১৯৬৮-৭০ৰ সময়ছোৱাত কৃষিখণ্ডলৈ চৰকাৰে আনুষ্ঠানিক বিত্ত দুগুণলৈ বৃদ্ধি কৰে।           
(খ) দেশৰ কেইখনমান বিশেষ ৰাজ্যক এই কৃষি বিপ্লৱ বা সেউজ বিপ্লৱৰ বাবে বাছি লোৱা হয়।
(গ) এই লক্ষ্যত উপনীত হ’বৰ বাবে চৰকাৰে কৃষিখণ্ডত অত্যধিক ৰাজ-সাহায্য আগবঢ়োৱাৰ নীতি প্ৰৱৰ্তন কৰে।

সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফলঃ-
(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
(খ) ভাৰতে সেউজ বিপ্লৱৰ সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সমৰ্থ হয়।
(গ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে।
সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলঃ-
(ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান, এই দুই প্ৰধান শস্যৰ উত্পাবদৰ অভাৱনীয় বৃদ্ধি।
(খ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাত্প ৰ্যপূৰ্ণ পৰিৱৰ্তন হয়।
(গ) সেউজ বিপ্লৱে ভাৰতত স্থানীয় উত্পািদন খণ্ডৰ বৃদ্ধিত বিশেষভাৱে সহায় কৰে। আৰু ই নতুন নিয়োগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা উত্পািদন বৃদ্ধিত বৰঙণি যোগায়।

5. বিশ্বায়ন যুগত পৰিকল্পনাৰ প্ৰাসংগিক বিষয়ে লিখা।
উত্তৰঃ- ভাৰতে সাম্প্ৰতিক সময়ত বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। ১৯৮০ৰ দশকৰ মাজভাগৰ পৰা ভাৰতৰ নীতি নিৰ্ধাৰকসকলে ভাৰতৰ অৰ্থনীতিত ৰাষ্ট্ৰৰ গুৰুত্ব ক্ৰমাত্‍ হ্ৰাস কৰে। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল—
(ক) ১৯৮০ চনৰ দশকৰ পিছত ভাৰতে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে। ই নীতিৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিত ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পায়।
(খ) নতুন অৰ্থনৈতিক নীতি অনুসৰি ৰাজহুৱা খণ্ডৰ বাবে সুৰক্ষিত ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিয়া হয়।
(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে বিভিন্ন কাৰণত ইপ্সিত ফলাফল লাভ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছিল।
    ১৯৯১ চনত ভাৰতৰ সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ অৰ্থে ভাৰতে নতুন অৰ্থনৈতিক নীতি ঘোষণা কৰে। উন্নয়নশীল আৰু পিচপৰা ৰাষ্ট্ৰসমূহৰ বাবে পৰিকল্পনাই এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এই ৰাষ্ট্ৰসমূহৰ আৰ্থ-সামাজিক সমস্যাসমূহ নিৰ্দিষ্ট পৰিকল্পনা আৰু কৌশল অবিহনে কেতিয়াও সমাধান কৰিব নোৱাৰিব। এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰততো পৰিকল্পনাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। সেয়ে বিশ্বায়নৰ যুগতো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »