-->

ভাৰতৰ বৈদেশিক সম্পৰ্ক । India’s International Relations in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science ভাৰতৰ বৈদেশিক সম্পৰ্ক । India’s International Relations. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

ভাৰতৰ বৈদেশিক সম্পৰ্ক

India’s International Relations

Class 12 Political Science

Political Science ভাৰতৰ বৈদেশিক সম্পৰ্ক । India’s International Relations ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science ভাৰতৰ বৈদেশিক সম্পৰ্ক । India’s International Relations has been discussed in systematic way. There are approximately important 40 questions answers in this article.

1. ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?    HS-2015

উত্তৰঃ- ৩৭০ আৰু ৩৫ক

2) ভাৰতে প্ৰথমবাৰৰ বাবে ___ চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল। (খালী ঠাইপূৰণ কৰা)  HS-2018
উত্তৰঃ- ১৯৭৪ চনত।

3) ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত নেহৰুৱে প্ৰধান গুৰুত্ব কিহৰ ওপৰত দিছিল?     HS-2019
উত্তৰঃ- পঞ্চশীল

4) প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?              HS-2020
উত্তৰঃ- প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন 1961 চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।

5) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ___ ৰ মাজত।          HS-2020
উত্তৰঃ- ১৯৭৪ চনত।

6) পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী ___ আৰু চীনৰ মুৰব্বী চৌ এন লায়ে যুটীয়াভাৱে ঘোষণা কৰিছিল। (খালী ঠাই পূৰণ কৰা)              HS-2017
উত্তৰঃ- জৱাহৰলাল নেহৰু


7) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰধান কৰিছে?   HS-2013
উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ

8) ১৯৭২ চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম লিখা।   HS-2014
উত্তৰঃ- চিমলা চুক্তি

9) ভাৰতীয় সংবিধানৰ ___ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।   HS-2016, 2020
উত্তৰঃ- ৩৭০

10) গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিল?
উত্তৰঃ- ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু

11) "চিমলা চুক্তি" কোন চনত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ- ১৯৭২ চনত

12) এন.পি.টি (NPT)-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ- Nuclear Non-proliferation Treaty

13) ভাৰতে কেতিয়া প্ৰথম পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল?
উত্তৰঃ- ১৯৭৪ চনত

14) ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে "চিমলা চুক্তি"-ত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ- জৱাহৰলাল নেহৰু

15) চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল?
উত্তৰঃ- ১৯৬২ চনত

16) ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণ মেক্‌মোহন লাইন কেতিয়া নিৰ্দিষ্ট কৰিছিল?
উত্তৰঃ- ১৯১৪ চনত

17) ভাৰতৰ কোন প্ৰধানমন্ত্ৰীয়ে "পঞ্চশীল নীতি" ঘোষণা কৰিছিল?
উত্তৰঃ-জৱাহৰলাল নেহৰু

18) নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ- ৰাজীৱ গান্ধী

19) ১৯৬০ চনত জৱাহৰলাল নেহৰু আৰু জেনেৰেল আয়ুব খানৰ মাজত সম্পাদিত হোৱা চুক্তিখনৰ নাম কি?

উত্তৰঃ- ভাৰত-পাকিস্তান সিন্ধু জল চুক্তি

20) বাংলাদেশ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ- ১৯৭১ চনত

21) কোনটো গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হৈছে?
উত্তৰঃ-কাশ্মীৰক কেন্দ্ৰ কৰি।

22) ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ কৰা হৈছে?
উত্তৰঃ- ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৫১নং অনুচ্ছেদত।

23) ১৯৬৬ চনৰ জানুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি?

উত্তৰঃ-তাছখণ্ড চুক্তি

24) NEFA-ৰ সম্পূৰ্ণ ৰূপটো লিখা।  
উত্তৰঃ- North East Frontier Agency

25)  শুদ্ধ নে অশুদ্ধ লিখা :
(i) ভাৰতে আমেৰিকাৰ লগত ৩০ বছৰৰ কাৰণে "শান্তি আৰু নিৰাপত্তা"ৰ চুক্তি কৰিছিল ১৯৭১ চনত।

উত্তৰঃ- অশুদ্ধ

(ii) ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত ১৯৬৬ চনৰ জানুৱাৰী মাহত "চিমলা চুক্তি" স্বাক্ষৰিত হৈছিল।
উত্তৰঃ- অশুদ্ধ

(iii) ৰাজীৱ গান্ধী নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।
উত্তৰঃ- শুদ্ধ

(iv) নেহৰু আৰু লিয়াকত চুক্তি স্বাক্ষৰিত হৈছিল ১৯৫০ চনত।

উত্তৰঃ- অশুদ্ধ

26) শুদ্ধ উত্তৰ বাছি উলিওৱা :
(i) গোষ্ঠীনিৰপেক্ষৰ স্থপতি আখ্যা দিয়া হয় —
(ক) পণ্ডিত নেহৰুক                    (খ) ইন্দিৰা গান্ধীক
(গ) মোৰাৰজী দেশাইক                (ঘ) অটল বিহাৰী বাজপেয়ীক

উত্তৰঃ-পণ্ডিত নেহৰুক

(ii) "বৈদেশিক নীতি হ’ল এখন দেশৰ অৰ্থনৈতিক নীতিৰ ফল" — কোনে কৈছিল?
(ক) ইন্দিৰা গান্ধীয়ে        (খ) জৱাহৰলাল নেহৰুৱে
(গ) চৰণ সিঙে            (ঘ) ড. মনমোহন সিঙে

উত্তৰঃ- জৱাহৰলাল নেহৰুৱে

(iii) বাণ্ডুং সন্মিলন হৈছিল —
(ক) ১৯৫৪ চনত        (খ) ১৯৫৫ চনত
(গ) ১৯৫৬ চনত        (ঘ) ১৯৫৭ চনত

উত্তৰঃ- ১৯৫৬ চনত

(iv) চীনে হঠাতে ভাৰত আক্ৰমণ কৰিছিল —
(ক) ১৯৬২ চনৰ আগষ্ট মাহত        (খ) ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত
(গ) ১৯৬২ চনৰ অক্টোবৰ মহত        (ঘ) ১৯৬২ চনৰ নবেম্বৰ মাহত

উত্তৰঃ-১৯৬২ চনৰ অক্টোবৰ মহত


দীঘল প্ৰশ্নোত্তৰঃ-
1. ভাৰতে কিয় গোষ্ঠী-নিৰপেক্ষ নীতি গ্ৰহণ কৰিছে? চমুকৈ আলোচনা কৰা।  HS-2014 2016 2019, 2022 4

উত্তৰ:- ভাৰতবর্ষই গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰা বহুতো গুৰুত্বপূৰ্ণ কাৰণ আছে। সেইবিলাক হ’ল—
(i) ভাৰতৰ দৰে বিশাল আৰু জনবহুল ৰাষ্ট্ৰ এখনে কোনো শক্তি গোষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত এক সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
(ii) অৰ্থনৈতিক উন্নয়নৰ বাবে ভাৰতে কোনো বিশেষ গোষ্ঠীৰ সৈতে মিত্ৰতা ৰক্ষাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিছিল।
(iii) ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰা এটা উল্লেখনীয় কাৰণ হ’ল- অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক সাহায্যৰ প্ৰয়োজন। ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰি দুই মহাশক্তি গোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰিব বুলি আশা কৰিছিল।
(iv) স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত শক্তিশালী নাছিল। সেয়ে, গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পোৱাটো সহজ হ’ল।
(v) নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানৰ বাহিৰে আন কোনো ৰাষ্ট্ৰৰ পৰা ভাৰতে ভাবুকি পোৱা নাছিল। ফলত নিৰাপত্তাৰ দিশত বৈদেশিক সাহায্যৰ ওপৰত গুৰুত্ব নিদি গোষ্ঠী নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰে।
(vi) আভ্যন্তৰীণ দিশতো ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। শাসনাধিষ্ঠিত ৰাজনৈতিক দল আৰু বিৰোধী সকলোৱেই এই নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।
    উল্লেখিত কাৰণ সমূহৰ বাবেই ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।

2. পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। HS-2015, 2023

উত্তৰ- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
    ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
    ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।
১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়।
২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।


3. ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।         1+5=6    HS-2012
উত্তৰঃ- ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি পণ্ডিত জৱাহৰলাল নেহৰু আছিল।
    জৱাহৰলাল নেহৰুৰ বৈ
দেশিক নীতিৰ উদ্দেশ্যসমূহ আছিল বহুমুখী। অৱশ্যে এইবোৰ স্থিতিশীল নহয়। এই উদ্দেশ্য সমূহ সময় আৰু পৰিস্থিতিৰ লগত সংগতি ৰাখি পৰিৱৰ্তন হোৱা দেখা যায়। উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ মূল উদ্দেশ্য হ’ল ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰা। সমগ্ৰ বিশ্বতে শান্তি বৰ্তাই ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বৈদেশিক নীতিয়ে মূখ্য ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। ভাৰতে প্ৰত্যেক দিনাই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে যুঁজ দি আহিছে। যিকোনো সমস্যা বা বিবাদ অহিংসা আৰু শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতে আগ্ৰহ প্ৰকাশ কৰি আহিছে।

    তাৰোপৰি নেহৰুৰ বৈদেশিক নীতিৰ আন এটা মন কৰিবলগীয়া উদ্দেশ্য হ’ল অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীন বিষয়ত হস্তক্ষেপ কৰিব নিবিচৰা। চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে ভাৰতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সদায় উত্সাাহ আৰু আগ্ৰহ প্ৰকাশ কৰি আহিছে। উল্লেখিত উদ্দেশ্য সমূহৰ উপৰিও জাতিগত বৈষম্যৰ বিৰোধিতা কৰা আৰু জাতি, বৰ্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজ প্ৰতিষ্ঠা কৰাৰ বিষয়টো নেহৰুৱে বৈদেশিক নীতিত উল্লেখ কৰিছে। মুঠতে, নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্যসমূহ আমি কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰো।

4. ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্ৰদৰ্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ আলোচনা কৰা।     1+5=6 HS-2014

(অথবা) ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। HS-2018 2020 4
উত্তৰঃ- ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্ৰদৰ্শক হিচাপে হোমী জাহাংগীৰ ভাবাক আখ্যা দিয়া হয়।
    ভাৰতৰ শক্তিশালী পাৰমাণৱিক নীতি হ’ল ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য। 1940 দশকৰ শেষৰফালে হোমী জাহাংগীৰ ভাবাৰ দৰে বিজ্ঞানী আছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল আৰু সেই কাৰণে তেওঁ সু-সংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আবেদন জনাই আহিছিল।
    পৰৱৰ্তী সময়ছোৱাত বিশ্বত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পোৱাত ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰবোৰক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়। কিন্তু ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰিছে।
    উল্লেখযোগ্য যে পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। অৱশ্যে ভাৰতে ১৯৭৪  আৰু ১৯৯৮ চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ভাৰতে এই পাৰমাণৱিক পৰীক্ষা কৰাৰ বাবে বিশ্বত সমালোচনাৰ সন্মুখীন হৈছিল। আনকি আমেৰিকা আৰু জাপানৰ দৰে দেশে ভাৰতৰ ওপৰতৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল।
    ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰিছিল। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে প্ৰথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰিব। ২০০৩ চনত ভাৰতে আনুষ্ঠানিকভাৱে
কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব আনুষ্ঠানিকভাৱে গঠন কৰে। ভাৰত আন্তঃৰাষ্ট্ৰীয় আনৱিক ইন্ধন এজেন্সিৰ সদস্য। তদুপৰি ভাৰতে সুসংগত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পৰাও আতঁৰি আছে। এনে পৰিস্থিতিত ভাৰতে আনৱিক ইন্ধন শান্তিপূৰ্ণ উদ্দেশ্যত উত্পাঁদন আৰু ব্যৱহাৰক সমৰ্থন কৰি আহিছে।

6. "পঞ্চশীল" বুলিলে কি বুজা? এই নীতিবোৰ উল্লেখ কৰা।     HS-2013  2
উত্তৰঃ- ভাৰতৰ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল ভেটি হ’ল পঞ্চশীল নীতি। এই নীতি জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰিছিল। পঞ্চশীল মানে পাঁচটা নীতি যিবোৰ নীতিৰ ভিত্তিৰ ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

7. ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূল নীতি লিখা। HS-2012 2014 2
(অথবা) ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। HS-2018  2

উত্তৰঃ- ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূল নীতি হ’ল-
(ক) গোষ্ঠী নিৰপেক্ষতা : ভাৰতবৰ্ষই সমগ্ৰ বিশ্বলৈ এই নীতিটো এক উপহাৰ হিচাপে প্ৰদান কৰিছিল। শীতল যুদ্ধৰ সময়ত এই নীতিটো সৃষ্টি হৈছিল যদিও যুদ্ধ শেষ হোৱাৰ পাছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ এৰাব নোৱাৰা অংগ হৈ আছে।
(খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন : ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰটো ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা পালন কৰিব লাগে।

8. জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। HS-2016
উত্তৰঃ- জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্যসমূহ বহুমুখী আছিল। অৱশ্যে এই উদ্দেশ্যসমূহ সময় আৰু পৰিস্থিতিৰ লগত সংগতি ৰাখি পৰিৱৰ্তন হোৱা দেখা যায়। নেহৰুৰ বৈদেশিক নীতিৰ দুটা মূল উদ্দেশ্য হ’ল-
(ক) ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰা।
(খ) দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা।

9. পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা। HS-2015
ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ লিখা। HS-2019

উত্তৰঃ- পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশবোৰ হ’ল-
(ক) কাশ্মীৰ সমস্যা আৰু
(খ) সন্ত্ৰাসবাদী সমস্যা



Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »