-->

এটা দলৰ আধিপত্যৰ যুগ । Era of one-party dominance

Questions Answers of AHSEC Solution for Class 12 Political Science এটা দলৰ আধিপত্যৰ যুগ । Era of one-party dominance. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 

এটা দলৰ আধিপত্যৰ যুগ

Era of one Party Dominance

Class 12 Political Science

Political Science এটা দলৰ আধিপত্যৰ যুগ । Era of one-party dominance ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science এটা দলৰ আধিপত্যৰ যুগ । Era of one-party dominance has been discussed in systematic way. There are approximately important 16 questions answers in this article.

1. ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? HS-2017

উত্তৰ:- ভাৰতৰ নিৰ্বাচন আয়োগক ১৯৫০ চনত। ইয়াৰ প্ৰথম নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন।


2. ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টী হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰ:- ৰাজ্য পুনৰ গঠন আইন 1956 চনত গ্ৰহণ কৰা হৈছিল। এই আইনৰ অধীনত সৃষ্টী হোৱা এখন ৰাজ্যৰ নাম হ’ল মহাৰাষ্ট্ৰ।


3. ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্টা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? HS-2014

উত্তৰ:- ভাৰতীয় জনসংঘ 1951 চনত প্ৰতিষ্টা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।


4. কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- 1885 চনত এলান অষ্টোভিয়ান হিউম (Allan Octavian Hume) নামৰ এজন ইংৰাজ বিষয়াই।


5. ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)-ৰ নেতৃত্ব কোনটো দলে বহন কৰিছিল? HS-2024

উত্তৰ:-ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)-ৰ নেতৃত্ব BJP দলে বহন কৰিছিল।


6. 1952 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একেসময়তে লোকসভা আৰু________ (ৰাষ্ট্ৰপতি/ৰাজ্যিক বিধান মণ্ডল/ৰাজ্যসভা/প্ৰধানমন্ত্ৰী়) নিৰ্বাচন অনুষ্টিত হৈছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰ:-ৰাজ্যিক বিধান মণ্ডল।


7. ভাৰতত বহুদলীয় ব্যবস্থা আছে। (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰ:- শুদ্ধ।


8. 1952 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ১৪টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰ:- শুদ্ধ।


9. N.D.A-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ:- National Democratic Alliance.


10. ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত লোকসভাৰ দ্বীতিয় বৃহত্‍ সংখ্যক আসনত জয়লাভ কৰা দলটোৰ নাম লিখা।

উত্তৰ:- ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে।


11. নিৰ্বাচন আয়োগে কোন বছৰ E.V.M. ৰ ব্যবহাৰ আৰম্ভ কৰিছিল?

উত্তৰ:- নিৰ্বাচন আয়োগে 2004 বছৰ E.V.M. ৰ ব্যবহাৰ আৰম্ভ কৰিছিল।


12. E.V.M.-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ:-Electronic Voting Machine.


13. কোনো ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দলটোৰ নাম কি?

উত্তৰ:- দ্ৰাভিদা মুন্নেত্ৰা কাজাগাম (DMK)


দীঘল প্ৰশ্নোত্তৰ । Additional Questions' Answers:-

1. ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনৰ আলমলৈ এক দলীয় প্ৰাধান্যৰ ওপৰত বহলাই আলোচনা কৰা।

(অথবা) প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা। HS-2012, 2015, 2024

উত্তৰঃ- স্বাধীন ভাৰতৰ প্ৰখম সাধাৰণ নিৰ্বাচন দুবাৰকৈ পিছুৱাই দিবলগীয়া হৈছিল। অৱশেষত ১৯৫১ চনৰ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ফেব্ৰুৱাৰীলৈ ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। 

প্ৰথম সাধাৰণ নিৰ্বাচন (১৯৫১-৫২):

ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা অৰ্জন কৰাৰ পিছত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নিৰ্বাচনত ১৪টা ৰাষ্ট্ৰীয় দল তথা পঞ্চাছটাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই সফলতাৰ মূলতে হ’ল এই দলটো জাতীয় আন্দোলনৰ মূল হোতা আছিল। তদুপৰি এই দলটোৱেই হ’ল একমাত্ৰ দল, যাৰ তৃণমূল পৰ্যায়লৈকে সংগঠন আছিল। ১৯৫২ চনত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ লগতে ৰাজ্যিক বিধান সভাৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল।

প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ ৪৮৯ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই আসনসমূহৰ ভিতৰত কংগ্ৰেছে ৩৬৪ খন আসন লাভ কৰিছিল। ভাৰতীয় সাম্যবাদী দল (CPI) ১৬ খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত আন কেইটামান দলে লাভ কৰা আসনৰ সংখ্যা হ’ল সমাজবাদী দলে ১২ খন, কৃষাণ মজদুৰ প্ৰজা পাৰ্টিয়ে (KMPP) ৯ খন, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টে (PDF) ৯ খন, গণতান্ত্ৰ পৰিষদে (GP) ৬ খন, অখিল ভাৰতীয় হিন্দু মহাসভাই ৪ খন, অন্যান্য দলে ৩৪ খন আৰু নিৰ্দলীয়ই ৩৭ খন।

দ্বিতীয় সাধাৰণ নিৰ্বাচন (১৯৫৭ চন):

ভাৰতবৰ্ষত দ্বিতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নিৰ্বাচনতো কংগ্ৰেছ দলে পূৰ্বৰ বিজয় অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। ১৯৫৭ চনত হোৱা ৪৯৪ খন লোকসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ দলে ৩৭১ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। এই নিৰ্বাচনত আন আন ৰাজনৈতিক দলসমূহে পোৱা আসনৰ সংখ্যা হ’ল— ভাৰতীয় সাম্যবাদী দলে ২৭ খন, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিয়ে ১৯ খন, গণতান্ত্ৰ পৰিষদে (GP) ৭ খন, ঝাৰখণ্ড পাৰ্চিয়ে ৬ খন, অনুসূচিত জাতি পৰিষদে ৬ খন, ভাৰতীয় জনসংঘই ৪ খন, অন্যান্য দলে ১২ খন আৰু নিৰ্দলীয়ই ৪২ খন।

তৃতীয় সাধাৰণ নিৰ্বাচন (১৯৬২ চন):

ভাৰতবৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬২ চনত। তৃতীয় সাধাৰণ নিৰ্বাচনত ৪৯৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ কংগ্ৰেছে ৩৬১ খন আসনত বিজয় সাব্যস্ত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। এই নিৰ্বাচন ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিল আৰু কংগ্ৰেছে লাভ কৰিছিল মুঠ ভোটৰ শতকৰা ৪৪.৭২ টা ভোট আৰু বাকী ভোটসমূহ অন্যান্য দলৰ মাজত ভাগ হৈছিল। এই নিৰ্বাচনত অন্যান্য দলসমূহে লাভ কৰা আসনৰ সংখ্যা হ’ল— ভাৰতীয় সাম্যবাদী দলে ২৯ খন, স্বতন্ত্ৰ পাৰ্টিয়ে ১৮ খন, ভাৰতীয় জনসংঘই ১৪ খন, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিয়ে ১২ খন, ডি.এম.কেই (DMK) ৭ খন, সমাজবাদী দলে ৬ খন, অন্যান্য দলে ২৭ খন আৰু নিৰ্দলীয়ই ২০ খন।

ভাৰতবৰ্ষৰ তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তৃতীয়বৰাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল।

এইদৰে ভাৰতৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন পৰ্যালোচনা কৰিলে কংগ্ৰেছ দল অৰ্থাত্‍‌ এটা মাত্ৰ ৰাজনৈতিক দলৰ আধিপত্য দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষত অন্যান্য দলসমূহে লাভ কৰা আসনৰ সংখ্যালৈ লক্ষ্য কৰিলে ভাৰতত বিৰোধী দলৰ কোনো অস্তিত্ব নথকা যেন পৰিলক্ষিত হয়।


2. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। HS-2018 Marks-4

উত্তৰঃ- এটা ৰাজনৈতিক দলৰ আধিপত্য থকা দেশ পৃথিৱীত নোহোৱা নহয়। চীন, কিউবা, চিৰিয়া আদিত এটা ৰাজনৈতিক দলৰ আধিপত্য দেখা যায়। ভাৰতীয় জাতীয় কংগ্ৰেছ এটা অনুপম মাৰ্জিত ৰাজনৈতিক দল। এই দলে এটা বৃহত্‍‌ জাতি পৰিচালনা কৰিছিল। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতিনিধিত্ব কৰিছিল।

ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কংগ্ৰেছে আধিপত্য লাভ কৰিছিল। কংগ্ৰেছৰ এই আধিপত্য লাভৰ কিছুমান কাৰণ আছিল এনে ধৰণৰঃ-

(১) জাতীয় সংগ্ৰামৰ উত্তৰাধিকাৰীঃ-

কংগ্ৰেছ দলে জাতীয় আন্দোলনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে এটা বিৰাট সম্বল লাভ কৰিছিল। এই দলে জনগণৰ অন্তৰত এটা প্ৰতিশ্ৰুতি আৰু আশাৰ সঞ্চাৰ কৰিছিল আৰু সেইটোৱেই জনগণৰ পৰা নিস্বাৰ্থ অকুণ্ঠ সমৰ্থন লাভ কৰাত সহায় কৰিছিল।

(২) তৃণমূল পৰ্যায়ৰ সংগঠনঃ-

কংগ্ৰেছেই আছিল একমাত্ৰ দল যাৰ তৃণমূল পৰ্যায়ত সংগঠন অতি দৃঢ় আছিল। এই দলৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ মাজত অন্তনিৰ্হিত আছিল আভ্যন্তৰীণ গণতান্ত্ৰিক ভাবধাৰা। এইটোৱেই দলৰ আভ্যন্তৰীণ দ্বন্দ্ব মীমাংসাৰ পথ প্ৰশস্ত কৰিছিল।

(৩) স্থানীয় পৰিস্থিতিৰ লগত খাপখোৱাঃ-

কংগ্ৰেছৰ প্ৰাধান্যৰ অন্যতম কাৰণ আছিল যে এই দলে স্থানীয় পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিছিল। দলৰ ভিতৰত গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচনৰ লাভালাভে কংগ্ৰেছ দলক স্থানীয় পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগত নিজকে খাপখুৱাই ল’ব পাৰিছিল। 

(৪) নতুন সমৰ্থকক আকৰ্ষণঃ-

দেশৰ বিকাশৰ বাবে প্ৰচেষ্ট হাতত লোৱাৰ লগে লগে কংগ্ৰেছ দলৰো ক্ৰমাত্‍ বিকাশ লাভ হয়। ফলত এনে বিকাশে দললৈ নতুন এচাম যুৱক আৰু কৰ্মীক আকৰ্ষণ কৰে দলত যোগদান কৰি দলৰ হকে কাম কৰিবলৈ।

(৫) একমাত্ৰ শক্তিশালী দলঃ-

স্বৰাজোত্তৰ কালতো কংগ্ৰেছ দলেই একমাত্ৰ ৰাজনৈতিক দল আছিল যাৰ শাখা-প্ৰশাখা সমস্ত দেশজুৰি বিয়পি আছিল। তেনে অৱস্থাত আন দলে গা-কৰি উঠিবলৈ বিশেষ সুবিধাই পোৱা নাছিল।


3. ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো চাৰিটা বৈশিষ্ট লিখা। HS-2021

(অথবা) ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। HS-2016 Marks-2 

উত্তৰঃ- ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-

(ক) বহুদলীয় ব্যৱস্থাঃ-

বৃটেইন অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰৰ দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। বিশেষকৈ বিগত পাঁচটা দশকত ৰাজনৈতিক দলৰ সংখ্যা ভাৰতত অভিলেখসংখ্যক বৃদ্ধি পাইছে। স্বাধীনতাৰ পাছৰে পৰা ভাৰতত শতাধিক ৰাজনৈতিক দলৰ উদ্ভৱ হৈছে।

(খ) জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতিঃ-

ভাৰতৰ দলীয় ব্যৱস্থাত জাতি আৰু সম্প্ৰদায়ে এক আধিপত্যকাৰী ভূমিকা গ্ৰহণ কৰি আছে। ভাৰতৰ কিছুসংখ্যক ৰাজনৈতিক দলে মুকলিকৈ সাম্প্ৰদায়িক চৰিত্ৰ প্ৰতিফলিত কৰাৰ বিপৰীতে কিছুসংখ্যকে ধৰ্মনিৰপেক্ষ চৰিত্ৰ প্ৰদৰ্শন কৰি আহিলেও জাতি অথবা সম্প্ৰদায়গত চিন্তা-ধাৰণাৰ পৰা মুক্ত নহয়।

(গ) ৰাজনৈতিক দলসমূহত ব্যক্তিৰ আধিপত্যঃ-

ভাৰতীয় দলীয় ব্যৱস্থাৰ অইন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল দলসমূহত ব্যক্তিৰ আধিপত্য। ভাৰতত প্ৰায়ে দেখা যায় যে দলসমূহ মতাদৰ্শগত অথবা কৰ্মসূচীগত ভিত্তিৰ পৰিৱৰ্তে কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰিহে গঢ় লৈ উঠে।

(ঘ) মতাদৰ্শগত দ্বিধাগ্ৰস্ততাঃ-

বাওঁপন্থী দলসমূহৰ বাহিৰে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলৰে সুস্পষ্ট মতাদৰ্শ নাই। প্ৰায় প্ৰতিটো দলে গান্ধীবাদ গণতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদৰ কথা কৈ থাকে যদিও এই আদৰ্শসমূহৰ প্ৰতি দলসমূহৰ শ্ৰদ্ধা সন্দেহজনক।



Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
July 28, 2023 at 5:03 PM ×

Detailed and comprehensive collection.

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar