-->

অসমৰ ৰাজনৈতিক বিকাশ । The Political Development of Assam

 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬ - ১৯৮৫) । The Political Development of Assam (1826-1985)


1. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
(ক) ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত

(খ) ইয়াণ্ডাবু সন্ধিৰ যিকোনো এটা চৰ্ত লিখা।
উত্তৰঃ-  ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ'ব।

(গ) প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ- ১৮২৪ চনত

(ঘ) গোমধৰ কোঁৱৰ কোন আছিল?
উত্তৰঃ- গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল।

(ঙ) মিলচৰ প্ৰতিবেদন কিমান চনত দাখিল কৰা হৈছিল?
উত্তৰঃ- ১৮৫৩ চনত
 

2. চমুটোকা লিখাঃ
(ক) ইয়াণ্ডাবু সন্ধি

উত্তৰঃ- মানৰজা বা-গী-দাও আৰু জেনেৰেল আৰ্চিবল কেম্বেলৰ মাজত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তাৱলীৰ মতে, ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ'ব। মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানিক এক কোটি টকা পৰিশোধ কৰিব লাগিব। আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিশছৰ হাতলৈ যাব। অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।


(খ) ডেভিড স্কট
উত্তৰঃ- উত্তৰ-পূৱৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে ডেভিড স্কটে নিয়োজিত হৈছিল আৰু তেওঁ অসমৰ প্ৰশাসনিক ব্যৱস্থাটোক পুনৰ গঠন কৰিব পাৰিব বুলি কোম্পানীৰ চৰকাৰে বিশ্বাস কৰিছিল। তেওঁৰ বাবে প্ৰয়োজনীয় বিষয়টো আছিল মান আঁতৰি যোৱাৰ পিছত খালী হৈ পৰা অসমৰ সিংহাসনত এগৰাকী আহোম ৰাজবংশৰ প্ৰতিনিধিক মনোনীত কৰা। ডেভিড স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে দুটা পৰামৰ্শ আগবঢ়াইছিল। একঃ- তেওঁ অসমৰ ৰাজহ ব্যৱস্থাটোক আহোমে পূৰ্বতে প্ৰতিষ্ঠা কৰা খেল প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল। দুইঃ- তেওঁ জনসাধাৰণৰ সহজলভ্য ন্যায়িক ব্যৱস্থা এটা স্থাপন কৰিবলৈ বিচাৰিছিল। তেওঁ খৰিকটনা নামৰ এবিধ কৰ বিভিন্ন ঠাইত বহুৱাইছিল। এনেকৈয়ে ডেভিড স্কটে অসম মুলুকত ৰাজহ, কৰ-কাটল আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ যোগেদি ব্ৰিটিছ শাসনৰ পাতনি মেলিছ


(গ) মিলচ্‌ৰ প্ৰতিবেদন
উত্তৰঃ- অসমৰ প্ৰশাসনিক দিকটোৰ অনুসন্ধান কৰাৰ বাবে ১৮৫৩ চনত এ.জে. ম'ফট্‌ মিলচে্‌ এখন প্ৰতিবেদন দাখিল কৰিছিল। গুৰুত্বপূৰ্ণ এই প্ৰতিবেদনখনক মিলচ্‌ৰ প্ৰতিবেদন নামেৰে জনা যায়। এই প্ৰতিবেদনত গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লক্ষীমপুৰৰ ভূমি বন্দোৱস্ত, ৰাজহ ব্যৱস্থা, কৰ নিৰ্ধাৰণৰ মাপকাটি, ন্যায়িক ব্যৱস্থা, জনসংখ্যাৰ আৰ্হি, যোগাযোগৰ উপায়, শিক্ষাৰ সা-সুবিধা, কল-কাৰখানাত উত্‍পাদিত সামগ্ৰী আদিৰ তথ্য সম্বলিত বিতং বিৱৰণ দাঙি ধৰা হয়। মিলচ্‌ৰ প্ৰতিবেদনখনক ভালেমান লোকে বিভিন্ন ধৰণৰ ওজৰ-আপত্তি দৰ্শাই আবেদন দিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ব্যক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ সেই সময়ৰ ব্ৰিটিছ শাসনৰ সংস্কাৰৰ উদ্দেশ্যে মিলচ্‌ক কেইটামান পৰামৰ্শ আগবঢ়াছিল। মণিৰাম দেৱানেও মিলচ্‌ৰ ওচৰত দুখন আবেদন দাখিল কৰিছিল। কিন্তু মিলচে্‌ মণিৰামৰ আবেদনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ বিপৰীতে বিৰূপ মন্তব্যহে কৰিছিল।


(ঘ) যোৰহাট সাৰ্বজনিন সভা
উত্তৰঃ- যোৰহাট নগৰখন সামাজিক-ৰাজনৈতিক কৰ্মকাণ্ডৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। জগন্নাথ বৰুৱা আছিল চাহ খেতিয়কৰ সন্তান আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। জগন্নাথ বৰুৱাৰ তত্‍পৰতাত ১৮৮৪ চনত যোগহাট সাৰ্বজনিন সভাই প্ৰতিষ্ঠা লাভ কৰিছিল। যেৰহাট সাৰ্বজনিক সভাৰ মুখ্য উদ্দেশ্য তিনিটা আছিল-
(ক) মানুহ ইচ্ছা আকাংক্ষাবোৰক চৰকাৰৰ ওচৰত প্ৰতিনিধিত্ব কৰা।
(খ) চৰকাৰী নীতিসমূহ জনসাধাৰণৰ মাজত ব্যাখ্যা কৰা
(গ) জনসাধাৰণৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা।
        এই সভাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী হ'ল ৰাজা নৰনাৰায়ণ সিং আৰু সম্পাদক জগন্নাথ বৰুৱা। ১৮৮৬ চনত ব্ৰিটিছে প্ৰৱৰ্তন কৰা অসম ভূমি আৰু ৰাজহ নীতিৰ সাৰ্বজনিক সভাই বিৰোধিতা কৰিছিল। ১৮৯২-৯৩ চনত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহৰ প্ৰতি এই সভাই সহমত প্ৰকাশ কৰি চৰকাৰৰ আৰ্থিক নীতিক গৰিহণা দিছিল। ১৮৯৩ চনত সাৰ্বজনিক সভাই ৰয়েল কমিছন অন অপিয়ামৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল আৰু এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল।


(ঙ) স্বদেশী আন্দোলন
উত্তৰঃ- ব্ৰহ্মপুত্ৰ উপত্যকাত বংগ বিভাজনক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলনটো মূলতঃ নগৰ আৰু মফছল অঞ্চলতহে সীমাবদ্ধ আছিল। আন্দোলনকাৰীসকলে বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল। এনে পৰিৱেশত ৰাজ্যখনত খিলঞ্জীয়া লোকৰ দোকান-পোহাৰ গঢ়ি উঠিছিল আৰু স্বদেশী বয়বস্তু কিনা-বেচা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গোবিন্দ লাহিড়ীৰ সৈতে লগ লাগি ছাত্ৰ সমাজৰ মাজত স্বদেশী ধাৰণাটো জনপ্ৰিয় কৰিবলৈ চেষ্টা চলাইছিল। বংগদেশৰ বিখ্যাত নাট্যকাৰ মুকুন্দ দাসে ১৯০৫ চনত দেশ প্ৰেমমূলক গীত-মাত আৰু নাটক পৰিৱেশন কৰি গুৱাহাটীৰ দৰ্শক শ্ৰোতাৰ মাজত স্বদেশী আন্দোলনৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছিল। ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰাৰ বাবে কঠোৰ নীতি অৱলম্বন কৰিছিল।


(চ) অসহযোগ আন্দোলন
উত্তৰঃ- কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষৰফালে ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা জটিল হৈ পৰিছিল। প্ৰথম মহাযুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট আৰু জনসাধাৰণে ইয়াৰ বাবে দিবলৈ বাধ্য হোৱা গধূৰ কৰ-কাটলে দেশৰ মানুহৰ মনত ক্ষোভৰ জন্ম দিছিল আৰু এনে পৰিৱেশতে ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ পটভূমি ৰচনা হৈছিল। অসমত অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। জনসাধাৰণৰ মাজত ব্ৰিটিছ বিৰোধী ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ বাবে ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীয়ে অসম ভ্ৰমণ কৰে। চৰকাৰীভাৱে গান্ধীজীৰ ভ্ৰমণৰ বিৰোধিতা কৰা সত্বেও, অসমৰ মুখ্য নগৰবোৰত অনুষ্ঠিত হোৱা তেওঁৰ সভাবোৰত বিপুল সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। বিদেশী সামগ্ৰী বৰ্জন কৰি বিভিন্ন ঠাইত জুইত দাহ কৰা হৈছিল।


(ছ) লোণ আইন ভংগ
উত্তৰঃ-ব্ৰিটিছে লোণ (নিমখ)ৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে গান্ধীয়ে এক নতুন সত্যগ্ৰহ গঢ়ি তোলে। ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সমান্তৰালভাৱে 'লোণ সত্যাগ্ৰহ' আৰম্ভ কৰিছিল যাক দাণ্ডি যাত্ৰা বুলি জনা যায়। এই সত্যগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ (২৪১ মাইল) দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এনেদৰে গান্ধীয়ে লোণ আইন ভংগ কৰে।


(জ) ঘূৰণীয়া মেজমেল
উত্তৰঃ- ১৯৩০ চনত চাইমন আয়োগৰ প্ৰতিবেদন প্ৰকাশ হয়। এই প্ৰতিবেদনত ভাৰতক পূৰ্ণ স্বৰাজ দিয়াৰ কথা উল্লেখ নথকাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ভাইছৰয় আৰউইনে পূৰ্ণ স্বৰাজৰ প্ৰসঙ্গটো আলোচনা কৰাৰ বাবে এখন ঘূৰণীয়া মেজমেলৰ পোষকতা কৰে। ১৯৩০ চনৰ নৱেম্বৰ মাহত লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত অনুষ্ঠিত হয় আৰু কম সংখ্যক ভাৰতীয় প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে। ১৯৩১ চনৰ মে'ত গান্ধী-আৰউইন চুক্তি সম্পাদিত হৈছিল আৰু এই চুক্তিৰ প্ৰতি দেশৰ জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই চুক্তিৰ ফলত আইন অমান্য আন্দোলন উঠাই লোৱা হৈছিল আৰু কংগ্ৰেছে পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশ ল'ব বুলি প্ৰতিশ্ৰুতি দিছিল।


(ঝ) গোপীনাথ বৰদলৈ
উত্তৰঃ- গোপীনাথ বৰদলৈদেৱৰ জন্ম হৈছিল ১৮৯০ চনৰ ৫ জুনত নগাঁও জিলাৰ ৰহাত। তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ আছিল প্ৰাণেশ্বৰী বৰদলৈ। ১৯০৭ চনত তেখেতে কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯০৯ চনত কটন কলেজৰ পৰা আই. এ. পৰীক্ষাত প্ৰথম বিভাগত মুখ্যাতিৰে উত্তীৰ্ণ হয়। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা ১৯১১ চনত বুৰঞ্চী বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯২২ চনত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে সক্ৰিয় অংশগ্ৰহণ কৰে। তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হয়।১৯৩৮ চনৰ ২১ চেপ্টেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


(ঞ) ভৈয়ামৰ জনজাতীয় ৰাজনীতি
উত্তৰঃ- কুৰি শতিকাৰ ষাটিৰ দশকৰ পৰাই ভৈয়াম জনজাতি, বিশেষকৈ বড়ো জনগোষ্ঠীৰ মাজত আন্দোলনমুখী প্ৰৱণতাই গা কৰি উঠিছিল। ১৯৪৬ চনতে গঠন হৈছিল 'সদৌ অসম ভৈয়াম ট্ৰাইবেল লীগ'। স্বাধীনতা প্ৰাপ্তিৰ পিছত ভৈয়ামৰ জনগোষ্ঠীসকলেও তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ বাবে সংগঠিত হ'বলৈ যত্ন কৰিছিল। ভৈয়ামৰ জনজাতি সকলেও সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক অধিকাৰ আৰু যষ্ঠ অনুসূচীৰ সুযোগ-সুবিধা সমূহ লাভ কৰাৰ বাবে আগ্ৰহী হৈ উঠিছিল কিন্তু চৰকাৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত অৱহেলাৰ মনোভাৱ লোৱা বুলি তেওঁলোকে ভাবিছিল। ট্ৰাইবেল লীগে উত্থাপন কৰা পৃথক ৰাজ্য 'উদয়াচল'ৰ দাবীক বিচাৰ বিবেচনা কৰাৰ বাবে চৰকাৰে এখন ভাষিক সংখ্যালঘু সমিতি গঠন কৰি দিছিল আৰু এই সমিতিখনে ভৈয়াম জনজাতি পৰিষদৰ সৈতে মিলিত হৈ বিষয়চোৰ মীমাংসা সূত্ৰ উদ্ভাৱনৰ চেষ্টা চলাইছিল।


(ট) ভাষা আন্দোলন
উত্তৰঃ- অসমত অসমীয়া ভায়াৰ অস্তিত্বক কেন্দ্ৰ কৰি ১৯৬০ চনত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমীয়া ভাষী লোকৰ সংখ্যা ৭৫% হ'লেও অসম সাহিত্য সভা আৰু অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকে ভাষাগত পৰিচয়ৰ প্ৰতি অনাঅসমীয়াৰ পৰা প্ৰত্যাহ্বান আহিব পাৰে বুলি জাতিগত সংঘাতৰ বাতাবৰণৰ সৃষ্টি হৈছিল। ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনত ছাত্ৰ সমাজে সক্ৰিয় ভূমিকা লৈছিল। শেষত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৬ খন জিলাত অসমীয়া ভাষাক মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছতহে মাধ্যম আন্দোলনটোৰ শাম ঘটে। ১৯৭২ চনত অসমীয়া ভাষাটো প্ৰাক্‌-স্নাতক আৰু স্নাতক পৰ্যায়ত মাধ্যম হিচাপে প্ৰয়োগ কৰা বিষয়টোক লৈ পুনৰ বৃহত্‍ আন্দোলন এটা আৰম্ভ হয়।


(ঠ) অসম আন্দোলন
উত্তৰঃ- সদৌ অসম ছাত্ৰ সংন্থাই বিদেশী বহিষ্কাৰৰ দাবীত ১৯৭৮ চনৰ জুলাইত ১৬ দফীয়া দাবী চনদৰ ভিত্তিত আন্দোলন আৰম্ভ কৰে। বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ছোৱাত পিকেটিং, সত্যাগ্ৰহ, অনশন, অসম বন্ধ আদি কাৰ্যসূচীয়ে জনজীৱন স্তব্ধ কৰি পেলাইছিল। ১৯৭৯ চনৰ ১৬ মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়েও বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ প্ৰসংগ উল্লেখ কৰিছে। ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰাহে প্ৰকৃতাৰ্থত অসম আন্দোলনটো আৰম্ভ হৈছিল। মঙলদৈ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাত বৃহত্‍ সংখ্যক বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট হোৱা কথাটো প্ৰকাশ হোৱাত ছাত্ৰ সংন্থাই আৰম্ভ কৰি বিদেশী বহিষ্কাৰ আন্দোলনৰটোৱে ব্যাপকতা লাভ কৰে। ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু আন্দোলনকাৰী পক্ষ সদৌ অসম ছাত্ৰ সন্থা তথা সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ প্ৰতিনিধিৰ মাজত ঐতিহাসিক 'অসম চুক্তি' স্বাক্ষৰিত হয়। এই চুক্তিৰ অন্যতম চৰ্ত হ'ল ১৯৭১ চনৰ ২৫ এপ্ৰিলৰ পিছত অহা অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। ১৯৮৫ চনত স্বাক্ষৰকাৰী ছাত্ৰ সংন্থাৰ নেতৃত্বই বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে গোলাঘাট নগৰত 'অসম গণ পৰিষদ' নামৰ নতুন আঞ্চলিক দল এটাৰ জন্ম দিয়ে।


(ড) পথৰুঘাটৰ ৰণ
উত্তৰঃ- পথৰুঘাটৰ ৰণ ১৮৯৪ চনত সংঘটিত হৈছিল। ইংৰাজ শাসনত কৰ বৃদ্ধিক কেন্দ্ৰ কৰি কৃষকসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি হৈছিল। ১৮৯৩ চনত অসমৰ চীফ কমিছনাৰ ছাৰ উইলিয়াম ৱাৰ্ডে ৭০/৮০ শতাংশ কৰ বৃদ্ধি কৰাত কৃষকসকলে ঐক্যবদ্ধভাৱে এনে নীতিৰ বিৰোধিতা কৰাৰ বাবে সাজু হৈছিল। ১৮৯৪ চনৰ ২৬-২৮ জানুৱাৰী তাৰিখলৈ পথৰুঘাটত কৃষকসকলে বৃহত্‍ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু মহকুমাধিপতিয়ে এই কাৰ্যত বাধা প্ৰদান কৰাত উত্তেজিত কৃষকসকলে পুলিচৰ গালৈ যাঠী জোং, মাটিৰ চপৰা আদি দলিয়াবলৈ ধৰে আৰু কিছুমানে লাঠিৰে পুলিচৰ আক্ৰমণক বাধা দিয়াৰ চেষ্টা কৰে। পুলিচৰ গুলী চালনাত ভালেসংখ্যক কৃষকৰ মৃত্যু হয়।
 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-
3. ইয়াণ্ডাবু সন্ধীৰ চৰ্তাৱলী আৰু ফলাফল আলোচনা কৰা।

উত্তৰঃ- ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী হ'ল-
(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানিক এক কোটি টকা পৰিশোধ কৰিব লাগিব।
(খ) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিশছৰ হাতলৈ যাব।
(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে।
(ঘ) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।
ইয়াণ্ডাবু সন্ধিৰ ফলাফলসমূহ হ'ল-
(ক) ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ গ্ৰহণ কৰিছিল।
(খ) কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে যদিও আহোম ৰাজ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে।

4. ইংগ-বাৰ্মা যুদ্ধৰ কাৰণবোৰ চমুকৈ লিখা।
উত্তৰঃ- উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে ডেভিদ স্কটে পঠোৱা কেইবাখনো প্ৰতিবেদন চালি জাৰি চাই, ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল পৰিষদে মানক কঠোৰ শাস্তি প্ৰদান কৰা আৰু অসমৰ পৰা খেদি পঠিওৱাৰ বাবে নীতি-নিৰ্ধাৰণ কৰে। আৰাকান, অসম আৰু কাছাৰত মানে কৰা অনুপ্ৰৱেশৰ ঘটনাক ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজৰ যুদ্ধ সদৃশ বাতাবৰণ বুলি বিবেচনা কৰা হয় আৰু ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে।

5. পুৰন্দৰ সিংহ কোন? পুৰন্দৰ সিংহৰ শাসনৰ বিষয়ে টোকা প্ৰস্তুত কৰা।
উত্তৰঃ- পুৰন্দৰ সিংহ উজনি অসমৰ শেষ আহোম ৰজা আছিল।
        ১৮৩৩ চনৰ এপ্ৰিল মাহত পুৰন্দৰ সিংহই আনুষ্ঠানিকভাৱে সিংহাসনত আৰোহণ কৰে। যোৰহাটত ৰাজধানী স্থাপন কৰা পুৰন্দৰে শ্ৰীশ্ৰী মহাৰাজ পুৰন্দৰ সিংহ নৰেন্দ্ৰ উপাধি গ্ৰহণ কৰে। আৰ্থিক লাভালাভৰ বাবে কোম্পানীয়ে পুৰন্দৰ সিংহৰ সৈতে হোৱা চুক্তিখনক পুনৰ নিৰ্ধাৰণ কৰি তেওঁৰ ওপৰত বাধা আৰোপ কৰিবলৈ বিচৰে। সেইমৰ্মে ১৮৩৩ চনৰ জুন মাহত কোম্পানীৰ চৰকাৰে পুৰন্দৰ সিংহৰ ক্ষমতা কৰ্তন কৰি তেওঁক কেৱল যোৰহাট এলেকাটোৰ শাসনকৰ্তা বুলিহে ঘোষণা কৰে।
        পুৰন্দৰৰ প্ৰশাসনত আহোম ডা-ডাঙৰীয়াসকলে পূৰ্বৰ দৰে সা-সুবিধাসমূহ ভোগ কৰাৰ সুযোগ নোপোৱাত, তেওঁলোকৰ মাজতো ক্ষোভৰ সৃষ্টি হয়। এইফালে ব্ৰিটিছে তেওঁৰ ওপৰত ধাৰ্য কৰা ৫০,০০০ বছৰেকীয়া বৰঙণি সময়মতে আদায় দিব নোৱাৰাত ১৮৩৩ চনৰ নবেম্বৰ মাহত উজনি অসমৰ আন অঞ্চলসমূহ তেওঁৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ বাবে পুৰন্দৰে আবেদন জনাইছিল। দুবছৰকাল পুৰন্দৰ সিংহই বছৰেকীয়া বৰঙণি সম্পূৰ্ণৰূপে আদায় দিছিল। পৰৱৰ্তী কালত তেওঁৰ ৰাজ্যত দেখা দিয়া কলেৰা আৰু দুৰ্ভিক্ষই ৰাজহ সংগ্ৰহত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। এনে পৰিস্থিতিত ১৮৩৮ চনৰ ১৬ অক্টোবৰ তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্তৃপক্ষই পুৰন্দৰ সিংহক শাসনৰ পৰা আঁতৰাই দিয়ে।

6. ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ ফঁহিয়াই লিখা।
উত্তৰঃ- ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ হল-
(ক) ১৮৬০ চনত ব্ৰিটিছ চৰকাৰে কানিৰ খেতি নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চলৰ বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অৰ্থনীতি ভাঙি পেলায়।
(খ) কানি খেতি নিষিদ্ধ কৰা কথাটোক কৃষকসকলে জনসাধাৰণৰ সামাজিক ৰীতি আৰু অভ্যালৰ ওপৰত ব্ৰিটিছৰ অহেতুক হস্তক্ষেপ বুলি ক্ষোভ প্ৰকাশ কৰিছিল।
(গ) ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্টীৰ কৃষকসকলে ঘৰ-বাৰী আৰু তামোল-পাণৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্ৰোহৰ পথ লয়।
(ঘ) ১৮৬১ চনৰ ১৭ ছেপ্তেম্বৰ তাৰিখে প্ৰায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন্ অঞ্চলৰপৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে।

7. বংগ ভংগ পৰিকল্পনা আৰু ইয়াৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ- বংগ ভংগ পৰিকল্পনাঃ- বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল।
    বংগ ভংগ ফলাফলঃ- বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। বংগ বিভাজনে ভাৰতীয় ৰাজনীতিত সাম্প্ৰদায়িক বীজ ৰোপণ কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি ইংৰাজ চৰকাৰৰ পৃষ্ঠপোষকতাত ১৯০৬ চনত মুছলীম লীগ জন্ম হৈছিল।

8. অসমত মণ্টেগু-চেমচফোৰ্ড সংস্কাৰৰ প্ৰভাৱ কিদৰে পৰিছিল?
উত্তৰঃ- মন্টেগু চেমচ্‌ফোৰ্ড সংস্কাৰ আঁচনিচ অসমক অন্তৰ্ভূক্ত কৰা হ'বনে নাই, এই কথাটো স্পষ্টকৈ কোৱা হোৱা নাছিল। এই বিষয়টোক কেন্দ্ৰ কৰি চীফ্‌ কমিছনাৰ বিটচন বেল, অসমত থকা ইউৰোপীয় সম্প্ৰদায় আৰু অন্যান্য সামাজিক ৰাজনৈতিক সংগঠনবোৰৰ মাজত তীব্ৰ মতবিৰোধৰ সৃষ্টি হৈছিল। অসম এছ'ছিয়েশ্বনে অসমক সংস্কাৰ আঁচনিত অন্তৰ্ভূক্ত কৰাৰ বাবে নবীন চন্দ্ৰ বৰদলৈক কলিকাতাস্থিত সংসদীয় কমিটীক অৱগত কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। ১৯১৯ চনৰ মে' মাহত প্ৰস্তাৱিত মন্টেগু-চেমচ্‌ফোৰ্ড সংস্কাৰ বিলখন ব্ৰিটিছসংসদত উত্থাপন কৰাৰ সময়ত ভাৰতীয় প্ৰতিনিধি দলত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় প্ৰতিনিধি দলৰ স্বায়ত্ত শাসনৰ দাবীক ব্ৰিটিছ সংসদে অনুমোদন নজনালেও অসম এছ'ছিয়েশ্বনে প্ৰেৰণ কৰা প্ৰতিনিধি দুজনৰ তত্‍পৰতাৰ বাবে শেষত সংস্কাৰ আঁচনিত অসমক অন্তৰ্ভুক্ত কৰা হৈছিল।

9. জালিৱানৱালা বংগ হত্যাকাণ্ড বুলিলে কি বুজা?
উত্তৰঃ- ১৩ এপ্ৰিল ১৯১৯ চনত ৰাওলাট আইনখনৰ প্ৰতিবাদ কৰাৰ বাবে অমৃতসৰৰ জালিয়ানৱালা বাগত এখন গণসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোতেই হঠাতে জেনেৰেল জায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাবে গুলি চলাবলৈ আৰম্ভ কৰিচিল। ফলত বহু লোকৰ মৃত্যু হৈছিল। এই নিষ্ঠুৰ ঘটনাক জালিৱানৱালা বাগৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা 'নাইট' উপাধি পৰিত্যাগ কৰিছিল।

10. আইন অমান্য আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ-ছাত্ৰসমাজৰ ওপৰত আইন অমান্য আন্দোলনে বিশেষভাৱে প্ৰভাৱ বিস্কাৰ কৰা নাছিল। কিন্তু ১৯৩০ চনৰ মে' মাহত শিক্ষা সঞ্চালক জে. আৰ. কানিংহামে ঘোষণা কৰা চাৰ্কুলাৰখনে ছাত্ৰ সমাজক সচকিত কৰি তোলে। এই চাৰ্কুলাৰখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাবে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। ছাত্ৰ সন্মিলনে চৰকাৰী শিক্ষানুষ্ঠান অৱৰোধ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে। চৰকাৰী তথ্যমতে ১৯৩০ চনৰ জুলাইৰ পৰা আগষ্ট মাহছোৱাত ১৫,১৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুল ত্যাগ কৰিছিল। ছাত্ৰসকলে সুৰা-বিপণি আৰু কানিৰ দোকানো অৱৰোধ কৰিছিল। ছাত্ৰ সমাজৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কৃষকসকলেও মাটিৰ খাজনা ৫০% হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে। বিভিন্ন ঠাইত বনাঞ্চল আইন ভংগ কৰা হয়। চৰকাৰী স্কুল জ্বলাই দিয়ে আৰু চৌকীদাৰী কৰ নিদিয়াৰ কৰ নিদিয়াৰ বাবে আহ্বান জনায়।

11. অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদান ব্যাখ্যা কৰা।
উত্তৰঃ- মহাত্মা গান্ধীয়ে অসম ভ্ৰমণকালত মহিলাসকলক অসহযোগ আন্দোলনত অংশ লোৱাৰ বাবে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ-বিজাৰ অসমীয়া মহিলাই গান্ধী 'মহাৰাজৰ জয়', 'বন্দে মাতৰম' আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰিছিল। গান্ধীয়ে নাৰী সমাজক সাহস, বুদ্ধিমত্ত আৰু অদম্য শক্তিৰ প্ৰতীক ৰূপে বিবেচনা কৰিছিল। মহিলাসকলে পুৰুষ সমাজৰ লগতে সমানে সমানে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেনানীত পৰিণত হৈছিল। বিদ্যুত্‍প্ৰভা দেৱী, গিৰিজা দেৱী, হেমন্ত কুমাৰী দেৱী, নলিনীবালা দেৱী, পুষ্পলতা দাস, গুণেশ্বৰী নাথ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি মহিলা নেত্ৰীসকলে গাঁৱে-ভূঁঞে গৈ সাধাৰণ মহিলাক ব্ৰিটিছ বিৰোধী আন্দোলনত যোগদান কৰা বাবে সংগঠিত কৰিছিল। মাংৰী মেময়েই আছিল অসহযোগ আন্দোলনৰ প্ৰথম অস্বীকৃত ছহিদ।কামৰূপ জিলাৰ গৰৈমাৰী গাঁৱৰ ভানুমতী তালুকদাৰে নিজৰ ঘৰ-বাৰী এৰি কংগ্ৰেছ দলৰ সৰ্বক্ষণ কৰ্মীৰ দায়িত্ব লোৱাৰ বাবে, 'ভলুন্টিয়াৰণী বাই' নামেৰে জনাজাত হৈ পৰিছিল আৰু মহাত্মা গান্ধীয়ে তেওঁক 'অসমৰ সৰোজনী' আখ্যা দিছিল।
      আইন অমান্য আন্দোলনত পুষ্পলতা দাস, পুণ্যপ্ৰভা বৰুৱা, জ্যোত্‍স্না মজুমদাৰ আদি নেত্ৰীসকলে নাৰী সমাজক সংগঠিত কৰা বাবে 'মুক্তি সংঘ' গঠন কৰে আৰু পূৰ্ণ স্বৰাজৰ দাবীক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগায়। মহিলাসকলৰ মাজত চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল এগৰাকী মূল নেত্ৰী। মহিলাসকলে 'শান্তি সেনা'ৰ সদস্য পদ গ্ৰহণ কৰাৰ লগতে ১৯৪২ চনত সুশৃংখলিতভাৱে চৰকাৰ বিৰোধী কাম-কাজ পৰিচালনা কৰাৰ বাবে গঠন হোৱা 'মৃত্যু বাহিনী'তো যোগদান কৰিছিল। শ্বহীদ কলকলতা, ৰত্নবালা ফুকন, বুদ্ধেশ্বৰী হাজৰিকা, কাহুলী নাথ আৰু দময়ন্তী বৰা আছিল 'মৃত্যু বাহিনী'ৰ সদস্যা।

12. অসমত কেবিনেট মিচনৰ প্ৰভাৱৰ বিষয়ে আন্দোলন কৰা।
উত্তৰঃ- ভাৰতৰ পৰা আঁতৰি যোৱাৰ মানসেৰে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰে। এই কেবিনেট মিছনে পৃথক পাকিস্তানৰ দাবীক অগ্ৰাহ্য কৰি ঐক্যৱদ্ধ ভাৰতবৰ্ষৰ বাবে তিনিটা গ্ৰুপিং (Grouping)ৰ প্ৰস্তাৱ আগবঢ়ায়। গ্ৰুপিং তিনিটা হ'ল-
(i) মাদ্ৰাজ, বোম্বাই, উত্তৰপ্ৰদেশ, বিহাৰ, কেন্দ্ৰীয় প্ৰদেশ আৰু উৰিষ্যা
(ii) পঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশ
(iii) বঙ্গদেশ আৰু আসম
    অসম প্ৰদেশ কংগ্ৰেছে কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। অসমক বঙ্গদেশৰ লগত সাঙুৰি দিলে, ৰাজ্যখনৰ স্বকীয় পৰিচয় বিলুপ্ত হ'ব আৰু মুছলিম লীগৰ ৰাজনৈতিক ডবাখেলৰ গুটিত পৰিণত হ'বগৈ।
সমগ্ৰ বিষয়টো অৱগত কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে তেওঁৰ দুই সতীৰ্থ বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰীক গান্ধীজীক সাক্ষাত্‍ কৰিবলৈ শ্ৰীৰামপুৰলৈ পঠিয়ায়। অসমক বঙ্গদেশৰ লগত চামিল কৰিব খোজা গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে হৰেশ্বৰ গোস্বামী, দেৱকান্ত বৰুৱা, হৰেশ্বৰ নাথ বৰুৱা, পুষ্পলতা দাস আদি কেইগৰাকীমান কংগ্ৰেছ নেতা-নেত্ৰীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতৃত্বক লগ কৰাৰ বাবে পাটনা, কলিকতা আৰু দিল্লীলৈ যাবলগীয়া হৈছিল। গোপীনাথ বৰদলৈয়ে অসম বিধানসভাত কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

13. ভাৰত-চীন যুদ্ধৰ পটভূমি বৰ্ণনা কৰা।
উত্তৰঃ- ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমান্তক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যুদ্ধত অসম প্ৰত্যক্ষভাৱে সাঙোৰ খাই পৰে। চীনা সৈন্যই বোমডিলা দখল কৰি পুৰণি দৰং জিলাত প্ৰৱেশ কৰাৰ সময়ত জিলা প্ৰশাসনৰ উচ্চ বিষয়াসকলে যুদ্ধ সন্ত্ৰস্ত সাধাৰণ মানুহক এৰি থৈ নগাঁও, গুৱাহাটী আদিলৈ পলাই আহিছিল। চীন-ভাৰত যুদ্ধৰ পিছত খাদ্য সামগ্ৰীৰ অভূতপূৰ্ব মূল্য বৃদ্ধিয়ে ছাত্ৰ সমাজক সজাগ কৰি তোলে আৰু ১৯৬৪ চনত মূল্য বৃদ্ধি বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে এটা বৃহত্‍ আন্দোলন গঢ়ি তুলিছিল। চীন-ভাৰত যুদ্ধই কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক গুৰুত্বৰ বিষয়ে চিন্তা কৰিবলৈ তত্‍পৰ কৰি তুলিছিল।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »