-->

মায়াৱিনী ৰাতিৰ বুকুত । Mayawini ratir bukut-জুবিন গাৰ্গ

 

মায়াৱিনী ৰাতিৰ বুকুত । Mayawini ratir bukut


মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা সোপান
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেয হ’ব
ভাবোঁ তোমাৰ বুকুত।।
প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মোঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ কথা।।
ধুমুহাৰ ভাবোঁ তোমাৰ বুকুত
দুচকুতে তোমাৰ চালে
সপোন আঁচৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে
ভাবোঁ তোমাৰ বুকুত
মায়াৱিনী।

2. মেঘৰ বৰণ ৰ’দৰ । Meghor boron rodor


মেঘৰ বৰণ ৰ’দৰ বৰণ
জোনৰ বৰণ তুমি কোন দূৰ
গানৰ মাজত কথাৰ মাজত
প্ৰাণৰ কাষত তুমি কোন সুৰ
সপোন সপোন নিবিড় নিবিড়
তোমাৰ মৰমৰ সুৰ
মেঘৰ বৰণ ৰ’দৰ..

এতিয়া যেন তুমি মোৰ মোৰ
তথাপিতো তুমি দূৰ দূৰ
এন্ধাৰৰ গান বহু গালোঁ
বাট চাওঁতেই শিল হ’লোঁ।
সপোন আহে যায় দুখ নিগৰা মন
নিথৰ নিথৰ প্ৰতিক্ষণ
মেঘৰ বৰণ ৰদৰ বৰণ..

মোৰ এই গান মোৰ উন্মোষ
মোৰ এই সুৰ তোমাতেই শেষ
তুমি হাঁহি তুমি অশ্ৰু
মোৰ সৃষ্টি মোৰ মৃত্যু
আঁতৰোৱা তুমি এই অৱগুণ্ঠন
কাতৰ আশাৰ গুঞ্জন
মেঘৰ বৰণ ৰদৰ বৰণ


3. ৰৈ বিনালে নিশায়ে বিনালে । Roi Binale nishaye


ৰৈ ৰৈ বিনালে নিশায়ে বিনালে
ৰাতি পুৱাবলৈ কিমান পৰ
ডাৱৰে ডাৱৰে এন্ধাৰে শিপালে
জেউতি লুকালে অসীমত
নভবা কথাও হঠাতে হয় ছাগে
পাইও হেৰুৱালোঁ বুজি পোৱাৰ আগতে
ৰৈ ৰৈ বিনালে...

জানো, বুজো তথাপিও নোৱাৰো
নিজৰ মাজত তোমাতেই সামৰো
সপোনৰ ৰথ আজি হতবাক স্তব্ধ
জীৱনৰ পথ আজি মলিন বিবৰ্ণ
জীৱনৰ যাত্ৰা তোমাতেই বিলীন
ৰৈ ৰৈ বিনালে...

মায়া মাথোঁ এতিয়াৰে যৌৱন
পল অনুপল হেৰুৱাইছোঁ মন
অহোৰাত্ৰি অনাবিল
স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত
ক্ৰন্দন বৰষিত আগত সূৰুজৰ দিবা স্বপ্ন।
ৰৈ ৰৈ বিনালে নিশায়ে বিনালে
ৰাতি পুৱাবলৈ কিমান পৰ
ডাৱৰে ডাৱৰে এন্ধাৰে শিপালে
জেউতি লুকালে অসীমত
নভবা কথাও হঠাতে হয় ছাগে
পাইও হেৰুৱালোঁ বুজি পোৱাৰ আগতে
ৰৈ ৰৈ বিনালে...


4. আশা । Aasha

Asha mor asha
Ekhoni sorob noi
Hei Asha morl asha
Ahise rangoli hoi
Mor gaanor bohu jugor
Sukh dukhor sinaki loi
Mor gaanot ase
Anamika maya
Sopunor suror

Nubuja asha
Mr gaane aane
Bohuto prakash
Pua nupuar
Monor junak
Junaki mon eti hoi goi
Ahisilu moromore boja loi
Asha mr asha
Ekhoni sorob noi
Hei Asha morl asha
Ahise rangoli hoi
Mor gaanor bohu jugor
Sukh dukhor sinaki loi
Mor gaanot ase
Boroshar anal
Semeka sitor
Rodali kumol
Mor gaane dibo
Notun vasa
Notunor jonak
Notun nisha
Klanto buku juri no bo
Srishtir ei amal botah
Asha mor asha
Ekhoni sorob noi
Hei Asha morl asha
Ahise rangoli hoi
Mor gaanor bohu jugor
Sukh dukhor sinaki loi

Previous
Next Post »