-->

ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন

 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ - Swadesh Adhyayan-Group B Unit 9

 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ-Class XII Swadesh Adhyayan_Group B Unit 9 দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

1.
(ক) প্ৰাচীন কালত এজন আৰ্য্যই শেষ বয়সত পালন কৰা সময়ছোৱাক কি বুলি কোৱা হয়?

উত্তৰঃ-

(খ) অসমৰ প্ৰাচীনতম নাম কি?
উত্তৰঃ- প্ৰাগজ্যোতিষ আৰু কামৰূপ।

(গ) ফৰেষ্ট শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ- ফৰেষ্ট (Forest) শব্দটো লেটিনভাষাৰ শব্দ 'Forist' ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হল- বাহিৰ, সাধাৰণতে গাঁও এলেকাৰ এমূৰীয়া ঠাইত, সকলো প্ৰকাৰৰ আবাদী আৰু অবসতিপূৰ্ণ ভূমি ভাগকেই বন শব্দটোৱে সামগ্ৰিকভাৱে সামৰি লৈছে।

(ঘ) কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া কোন?
উত্তৰঃ- কোপাধ্যক্ষ

(ঙ) ভাৰতত কেতিয়া বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ- ১৮৫৫ চনত।

(চ) ব্ৰিটিছ সকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ- গড়খাটি (কাঠ)

(ছ) ব্ৰিটিছ সকলে ব্যাপক হাৰত অসমত ৰোপন কৰা তিনিবিধ বিশেষ গছ কি কি আছিল?
উত্তৰঃ- ৰবৰ, ভাৰতীয় ৰবৰ গছ আৰু টিক

(জ) কাজিৰঙা সংৰক্ষিত বনাঞ্চল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ- ব্ৰিটিছ ৰাজত্বকালত


(ঝ) স্বাধীনোত্তৰ কালত কোন কোন বছৰত অসমত বৃহত্‍ ভূমিকম্প হৈছিল?
উত্তৰঃ- ১৯৪৯, ১৯৫০ আৰু ১৯৮৮ চনত।

(ঞ) হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম কি আছিল?
উত্তৰঃ- হস্তিবিদ্যাৰ্ণৱ

(চ) আহোমৰ শাসন কালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম উল্লেখ কৰা।
উত্তৰঃ- হাবিয়াল বৰুৱা আৰু কাঠবৰুৱা।


(2) অসমৰ ৰজা ভগদত্তক কি বুলি কোৱা হৈছিল?
উত্তৰঃ- শৈলাল্য (পৰ্বতৰ বাসিন্দা)

(3) কালিকা পুৰাণত বৰ্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো কি আছিল?
উত্তৰঃ- কৰতোৱা নদীখন অসমৰ আটাইতকৈ পুৰণি প্ৰাকৃতিক ভৌগোলিক পৰিসীমা বুলি কালিকা পূৰাণত উল্লেখ আছে।

(4) ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ- ২৮৯৭ কিলোমিটাৰ

(5) অসমৰ মাটিৰ তিনিটা প্ৰধান ভাগ কি কি?
উত্তৰঃ-(i) প্ৰথম শ্ৰেণীটোৱে পাহাৰীয়া আৰু পাহাৰ এলেকা সামৰি লৈছে।
(ii) দ্বিতীয় শ্ৰেণীটোৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত সমতলভূমি আৰু ইয়াৰ সংলগ্ন এলেকা অৱস্থিত।
(iii) তৃতীয় ভাগৰ ভূমিভাগৰ পলসুৱা বুলি কোৱা হয়।

(6) অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম উল্লেখ কৰা।
উত্তৰঃ- কেপ্তেইন ৱেলছ আৰু ফ্ৰান্সিছ জেনকিন্স।

(7) কিমান পৰিমাণৰ মাটি আহোমলকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল? এই তথ্য সম্পৰ্কে কোনে উল্লেখ কৰিছিল?
উত্তৰঃ- ৭,৭৫,৪৬৮ পুৰা মাটি আহোমসকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল।

(8) অসমত কেতিয়া আৰু কোন ঠাইত প্ৰথমে চাহ উত্‍পন্ন হৈছিল?
উত্তৰঃ- উজনী অসমত ১৮২৩ চনত প্ৰথমে চাহ উত্‍পন্ন হৈছিল

(9) অসমৰ প্ৰাচীন প্ৰাকৃতিক বিভাগ কেইটা-
(ক) এটা    (খ) দুটা    (গ) তিনিটা    (ঘ) চাৰিটা


উত্তৰঃ- (ঘ) চাৰিটা

(10) Silent spring (নীৰৱ বসন্ত) নামৰ গ্ৰন্থখনৰ লেখক কোন?
(ক) ৰাছেল কাৰ্চন    (খ) মাধৱ গেডগিল    (গ) অৰুন্ধতি ৰয়    (ঘ) মেধা পাটেকাৰ


উত্তৰঃ- (ক) ৰাছেল কাৰ্চন

(11) গ্ৰীষ্ম আৰু শীতকালত গড়ে সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰা কিমান হয়?
উত্তৰঃ-গ্ৰীষ্মকালত সৰ্বাধিক ৩৫০-৩৭.৮০ ছেলছিয়াছ আৰু
শীতকালত ৬.১০ ৭.৭০ ছেলছিয়াছ পৰ্যন্ত নামি আহে।

(12) ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা কি কি?
উত্তৰঃ- (ক) বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্ৰণ সাব্যস্ত কৰা।
(খ) ভাৰতীয় বনাঞ্চলৰ ওপৰত ব্ৰিটিছ প্ৰশাসনৰ সাৰ্বভৌম অধিকাৰ সাব্যস্ত কৰা।

(13) পৰৱৰ্তী উপনিবেশিক কালত অসমৰ পৰিবেশ সম্পৰ্কে এটা বিৱৰণ আগবঢ়োৱা?
উত্তৰঃ- ভৌগোলিক অৱস্থিতি, দুৰ্বল আৰ্থ-সামাজিক পৰেৱেশ, পৰিৱেশ আৰু জলবায়ুৰ সঘন পৰিৱৰ্তনৰ ফলত অসম এখন অতিশয় বিপদসংকুল ৰাজ্য হিচাপে পৰিগণিত হৈছে। বছৰি বছৰি অহা বানপানী আৰু মাজে মাজে সৃষ্টি হোৱা অনাহূত খৰাং পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ জলবায়ু আৰু সামগ্ৰিকভাৱে বতৰৰো ব্যাপক পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। ৰাজ্যিক পৰিৱেশ পৰিৱৰ্তন ব্যৱস্থাপক সমিতিৰ এক প্ৰতিবেদনত অসমৰ তাপমাত্ৰাৰ বাৰ্ষিক গড় বৃদ্ধি ০.৫৯ ছেলছিয়াছ (১৯৫১-২০১০) পৰ্যন্ত বৃদ্ধি হৈছে।
        অসমৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ হ'ল কৃষিক্ষেত্ৰৰ ওপৰত উত্‍পাদনৰ বাবে তীব্ৰতা বৃদ্ধি, ব্যাপত উদ্যোগীকৰণ আৰু শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ স্বৰাজোত্তৰ কালৰ অসমৰ পাৰিপাশ্বিকতাৰ পৰিৱৰ্তনৰ ভিতৰত ঘাইকৈ উজনি অসমত ঘটা সামগ্ৰিক ৰূপৰ পৰিৱৰ্তনসমূহ বিশেষভাৱে মন কৰিবলগীয়া। দ্ৰুতগতিত বন জংঘল ধ্বংস হোৱাৰ পৰিণতিত একালৰ জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ নাতিশীলতোষ্ণ, সেমেকা পলসুৱা বনভূমি আৰু ক্ৰান্তীয় সেউজীয়া নিম্নভূমিৰ অৰণ্যৰে আবৃত অঞ্চলটোলৈ তীব্ৰ সংকট আহি পৰিছে। জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰে।

(14) কি কি প্ৰধান কাৰণত ভাৰতত বন বিভাগ সংস্থাপন কৰা হৈছিল?
উত্তৰঃ- উপনিৱেশিক কালছোৱাত ভাৰতত বনজ সম্পদসমূহৰ সংৰক্ষণৰ বাবে গুৰুত্ব দিয়াতকৈ সেই সম্পদৰাজিৰ শোষণ আৰু ধ্বংস কাৰ্যকহে অধিক পৰিমাণে অগ্ৰাধিকাৰ দিয়া হৈছিল। উন্নয়নৰ স্বাৰ্থত যধে-মধে বৃহত্‍ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ধ্বংস কাৰ্য চলোৱা হৈছিল। বিশেষকৈ ১৮৫৫ চনৰ পৰা ভাৰতত ব্যাপক হাৰত ৰেতল লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাত ইয়াৰ বাবে প্ৰয়োজন হোৱা বিশাল পৰিমাণৰ কাঠৰ শ্লিপাৰ সংগ্ৰহৰ অৰ্থে যধে-মধে শ শ বিঘা বিশাল অৰণ্যৰ পৰা কাঠ সংগ্ৰহ কৰা হৈছিল। প্ৰয়োজনীয় ইন্ধনৰ বাবেও বন ধ্বংস কৰা হৈছিল। বিশেষকৈ উপনিৱেশিক শাসনৰ কালছোৱাত বিদেশী প্ৰশাসন যন্ত্ৰৰোৱে যাতায়াত, গৃহ নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজন হোৱা কাঠৰ চাহিদা পূৰণ কৰিবলৈ যিকোনো ব্যৱস্থাই গ্ৰহণ কৰিছিল।
    উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰত সুকীয়াকৈ বন বিভাগ এটা স্থাপিত কৰা হৈছিল।

(15) অসমত ব্ৰিটিছ প্ৰশাসনে প্ৰৱৰ্তন কৰা বন পৰিচালনা আঁচনি সম্পৰ্কত এটা টোকা লিকা।
উত্তৰঃ- কৃষি সম্প্ৰসাৰণ প্ৰক্ৰিয়াটোৰ লগতে ব্ৰিটিছ শাসনৰ বৰ্দ্ধিত অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে বন সংৰক্ষণৰ সু-পৰিকল্পিত নীতি নিৰ্দ্ধাৰণৰ প্ৰয়োজনো আহি পৰে।
       উপনিৱেশিক কালৰ ব্ৰিটিছ প্ৰশাসনে অসমৰ বনজ সম্পদৰ ভিতৰত প্ৰধানকৈ তিনিধৰণৰ কৰ আৰোপ কৰে। কৰকেইবিধ হৈছে- কাঠৰ বাবে আৰোপ কৰা 'গড়খাটি', ইকৰা-খাগৰিৰ বাবে 'বাংকুৰ' আৰু চাৰণ ভূমিৰ বাবে আৰোপ কৰা 'খাচুৰি'।
       অসমৰ ব্ৰিটিছ আয়ুক্ত মেজৰ হপকিনছন চাহাবে ১৮৫৯ চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসিত এলেকাত বিস্তৃত হৈ থকা বিশাল অজৰীপকৃত বনাঞ্চলসমূহৰ বিষয়ে বিভিন্ন জিলাত নিয়োজিত হৈ থকা ৰাজহবিষয়াসকলক এক প্ৰতিবেদন যুগুত কৰিবলৈ আদেশ জাৰি কৰিছিল। অসমত বন সংৰক্ষণ কৰাৰ বাবে কিছু পৰিকল্পিত নীতি নিৰ্দ্ধাৰণ কৰাটো জৰুৰী হৈ পৰিছিল। আৰু সেই অনুৰূপে আইনসমূহ প্ৰযোজ্য কৰিছিল।
         সংৰক্ষিত বনাঞ্চলসমূহ চৰকাৰে নিজাববীয়াকৈ পৰিচালনা কৰিছিল আৰু মুক্ত বনাঞ্চলসমূহৰ অন্তৰ্গত কিছু সংখ্যক সুৰক্ষিত গছৰ সুৰক্ষাৰ বাবে স্থানীয় প্ৰশাসনক চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল। ব্যাপক হাৰত বন ধ্বংস ৰোধ কৰিবলৈ তিনি বিধ বিশেষ গছ ৰোপনৰ বাবে ব্ৰিটিছ চৰকাৰে নীতি নিৰ্দ্দেশনা জাৰি কৰি আঁচনি গ্ৰহণ কৰিছিল। সেই কেইবিধ হৈছে- 'টিক', 'ৰবৰ' আৰু 'ভাৰতীয় ৰবৰ গছ'।


(16) পৰৱৰ্তী উপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণকেইটা উল্লেখ কৰা।
উত্তৰঃ- পৰৱৰ্তী ঔপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহ হ'ল-
(ক) কৃষিক্ষেত্ৰৰ ওপৰত উত্‍পাদনৰ বাবে তীব্ৰতা বৃদ্ধি।
(খ) ব্যাপক উদ্যোগীকৰণ
(গ) শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ
(ঘ) দ্ৰুগতিত বন-জংঘল ধ্বংস।

(17) ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে এটা চমু বিৱৰণী প্ৰস্তুত কৰা।
উত্তৰঃ- ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
(i) বিষ্ণয় আন্দোলনঃ- প্ৰাকৃতিক পৰম্পৰাগতভাৱে উপাসনা কৰি অহা বিষ্ণয় জনগোষ্ঠীৰ লোকসকলে উত্তৰ ভাৰতৰ থৰ মৰুভূমিৰ দক্ষিণে বসতি কৰিছিল। তেওঁলোকৰ বসতি এলেকাত ঘটা ব্যাপক বন ধ্বংসৰ বিৰুদ্ধে ১৭৩১ খ্ৰীঃত এই আ্দোলনটো সূচনা কৰিছিল সুন্বাজী নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে।
(ii) চিপকো আন্দোলনঃ- ১৯৭২ চনত উত্তৰাখণ্ডৰ চামলি জিলাৰ গোপেশ্বৰ নামে ঠাইত ব্যাপক হাৰত ঘটি থকা বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ সেই অঞ্চলৰ প্ৰধানকৈ সচেতন মহিলাসকলে প্ৰতিজোপা গছেই সাবটি ধৰি ৰক্ষা কৰিছিল।
(iii) এপিক' আন্দোলনঃ- ১৯৮৩ চনত পাণ্ডুৰাজ গেড়ে নামৰ এগৰাকী বিশিষ্ট পৰিৱেশকৰ্মীয়ে এই সেউজ আন্দোলনটো আৰম্ভ কৰিছিল।
(iv) নীৰৱ উপত্যকা আন্দোলনঃ- জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকৈ চহকী কেৰালাৰ এই চিৰহৰিত্‍ বন এলেকাটোত ১৯৭৩ চনত প্ৰস্তাৱিক এটা জলবিদ্যুত্‍ প্ৰকল্প প্ৰতিষ্ঠাৰ জৰিয়তে ধ্বংস কাৰ্য চলোৱাৰ বিপক্ষে স্থানীয় লোক আৰু পৰিৱেশকৰ্মীসকল একত্ৰিতহৈ ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছিল।
(v) জংঘল বাচাও আন্দোলনঃ- ১৯৮২ চনত পূৰ্বৰ বংগ প্ৰেচিডেন্সীৰ অন্তৰ্গত ঝাৰখণ্ডৰ সিংভূম জিলাৰপৰিৱেশপন্থী আৰু প্ৰাকৃতিপ্ৰেমীসকলে চৰকাৰৰ ভুল বন নীতিৰ বাবে এই প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিছিল।
(vi) নৰ্মদা বাচাও আন্দোলনঃ- প্ৰকৃতিলৈ গুৰুতৰভাৱে ভাবুকি কঢ়িয়াই ১৯৮৫ চনত গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত বৃহত্‍ নদীবান্ধ তৈয়াৰ কৰাৰ প্ৰতিবাদত পৰিৱেশ ৰক্ষাকাৰী আৰু প্ৰাকৃতিপ্ৰেমী স্থানীয় ৰাইজে মিলি আন্দোলন আৰম্ভ কৰিছিল।

(18) অসমত অতীজৰ পৰা উপলব্ধ প্ৰধান প্ৰধান বনস্পতিসমূহ কি কি?
উত্তৰঃ-

(19) চমুটোকা লিখাঃ
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ- ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান গোলাঘাট জিলাৰ একাংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি লৈছে। ইয়াৰ মাটিকালিৰ পৰিমাণ ৪৩০ বৰ্গ কিলোমিটাৰ। অসমত সম্প্ৰতি ১৮ খন সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ব্ৰিটিছকালত প্ৰতিষ্ঠা কৰা পশ্চিম অসমৰ মানস অভ্যাৰণ্য অন্যতম। উল্লেখযোগ্য যে মানসক সমপ্ৰতি 'ইউনেস্ক হেৰিটেজ ক্ষেত্ৰ' বুলি স্বীকৃতি দিয়া হৈছে।

(19) চমুটোকা লিখাঃ
(খ) মাজুলী

উত্তৰঃ- মধ্যযুগৰ বহুতো তথ্যত অসমখনক তিনিটা ভৌগলিক ক্ষেত্ৰত ভাগ কৰা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰে উত্তৰ কূল, দক্ষিণে দক্ষিণ কূল আৰু মাজত মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি মাজুলী সৃষ্টিৰ আদি কালৰে পৰা এখন একাষৰীয়া, জলপ্লাৱিত আৰু নানান শ্ৰেণীৰ গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা নিৰিবিলি ঠাই আছিল। ড. ডম্বৰুধৰ নাথৰ মতে, মাজুলীৰ এই নিৰিবিলি পৰিৱেশ, পাৰিপাৰ্শ্বকতাৰ কাৰণেহে আহোম স্বৰ্গদেউ সকলে ইয়াত বহুতো সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

(19) চমুটোকা লিখাঃ
(গ) বনধ্বংস

উত্তৰঃ- উজনি অসমৰ একালৰ বিশাল ক্ৰান্তীয় সেউজ বনাবৃত এলেকা আজি ক্ৰমাত্‍ পাৰিপাৰ্শ্বিকতাৰ পৰিবৰ্তনৰ ফলত সংকুচিত হৈ পৰিছে। অতীজতে বিশাল অৰণ্যভূমি অৱক্ষয়ৰ প্ৰধান কাৰণ 'ঝুম' খেতি আৰু ইয়াৰ ক্ৰমাগত প্ৰসাৰতা বুলি গণ্য কৰা হৈছিল। অসমৰ সামগ্ৰিক আৱহাৱা আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ক্ৰমাত্‍ সংকুচিতহৈ অহা বনাঞ্চল বিৰূপ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত অনিয়মীয়া বৰষুণ, তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি আৰু মৌচুমী বায়ুৰ অভাৱত বৃষ্টিছায়া এলেকাৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাই আকৌ মৰুভূমিৰ দৰে আৰ্দ্ৰ আৰু শুষ্ক হৈ উঠিছে। চৰকাৰী উন্নয়নমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা কাঠৰ বাবে চোৰাং কাঠবেপাৰী আৰু ঠিকাদাৰে অবিশ্বাস্য হাৰত বন আৰু পাহাৰ ধ্বংস কাৰ্য চলাই যোৱাৰ পৰিণতিতে হস্তীকূললৈও বিশেষ সংকট আহিছে।
        খনিজ সম্পদৰ সন্ধানত উপনিবেশিক কালৰে পৰা উজনি অসমত প্ৰকৃতিৰ ওপৰত অবাধ ধ্বংস লীলা চলোৱা হৈছিল। উজনি অসমত কয়লাখনি অঞ্চলত মুক্তভাৱে চলা মাইনিং বিস্ফোৰণৰ (open Cast Mining) ফলত প্ৰাকৃতিক সম্পদৰ লগতে বন্যপ্ৰাণীৰো ব্যাপক ক্ষতি সাধন হৈছে। পাহাৰীয়া অঞ্চল বিলাকত প্ৰাকৃতিক ভাৱে সৃষ্টি বিশাল বন-জংঘল কাটি ধ্বংস কৰি, জুইলগাই বাৰে বাৰে পৰিস্কাৰ কৰি এই কৃষিকাৰ্ষ কৰা হৈছিল। পূৰ্বতে এই খেতিৰ বাবে এটা দীঘলীয়া চক্ৰবত্‍ প্ৰক্ৰীয়া আছিল, য'ত একো একোটা অঞ্চলত দীঘলীয়া বিৰতিৰ পিছত মাটিডৰা 'ঝুম' খেতিৰ বাবে উপযোগী কৰি তোলা হৈছিল।

(20) আহোম যুগৰ বনবিষয়া সকলৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ- আহোম ৰাজত্বকালত ৰজাঘৰৰ হাতীক চোৱা-চিতা কৰিবলৈ 'হাতীবৰুৱা' নামেৰে এটি বিশেষ পদৰ সৃষ্টি কৰা হৈছিল। ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰাবোৰ চোৱা-চিতা কৰাৰ বাবে নিয়োজিত বিষয়াজনক 'ঘোঁৰাবৰুৱা' বোলা হৈছিল। এনে একোজন ঘোঁৰাবৰুৱাৰ অধীনত ৫০টাকৈ ঘোঁৰা ৰখা হৈছিল। ৰাজপ্ৰাসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উত্‍কৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল। আহোম সচিবালয়ে এই বিষয়টো চোৱা-চিতা কৰিবৰ বাবে সেয়েহে 'কাঠবৰুৱা' নামেৰে এগৰাকী বিশেষ বিষয়াক নিযুক্ত কৰিছিল। বন আৰু বনজ সম্পদ চোৱা-চিতা কৰাৰ লগতে ইয়াৰ পৰা আহৰণ কৰিবলগীয়া ৰাজহৰ তদাৰকৰ বাবে 'হাবিয়াল বৰুৱা' নামৰ এজন বিষয়াক নিযুক্তি দিয়া হৈছিল।

(21) অসমৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা সংস্থাৰ কাৰ্যাৱলীৰ বিষয়ে টোকা লিখা।
উত্তৰঃ- অসমৰ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু এই বিষয়ে সজাগতাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা, বেচৰকাৰী পৰ্যায়ৰ সংস্থাসমূহৰ সংখ্যা প্ৰায় দুশ। চেন্টাৰ ফৰ ইনভাইৰনমেন্ট এডুকেশ্যন, নৰ্থ ইষ্ট (Centre for Environment Education, NE) সংক্ষেপে CEE-NE ৰ মতে ১৫২ টা এনে সংস্থাই অসমত পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা অসমৰ প্ৰথমটো বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি। ঊনবিংশ শতিকাৰ ষষ্ঠ দশকত প্ৰতিষ্ঠা লাভ কৰা প্ৰথমটো এনে সংগঠণৰ মূল উদ্দেশ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাব সজাগতা বৃদ্ধি কৰা। বিশ্ব প্ৰকৃতি নিধিৰ (WWE) তথ্য মতে অসমত ৬৬ টা এনে বেচৰকাৰী পৰ্যায়ৰ সংস্থাই কাম কৰি আহিছে। সেই সমূহৰ ভিতৰত প্ৰধান উল্লেখনীয় সংস্থা কেইটা হ'ল-
নেছাৰচ্ বেকন (Natures' Beckon), ১৯৮২
চেন্টাৰ ফৰ এন্‌ভাইৰনমেন্ট এডুকেশ্যন, নৰ্থ ইষ্ট (Centre for Environment Edcation, North-East) (CEE-NE), ১৯৮৪
আৰণ্যক নেচাৰ ক্লাব (Aranyak Nature Club), ১৯৮৪
আৰ্লি বাৰ্ড্‌চ্‌ (Early Birds), ১৯৯২
নেচাৰচ্‌ ফ'ষ্টাৰ (Natures' Foster), ১৯৯৫
এড্‌-এন্‌ (Ed-En), ২০০০
এন্‌ভাইৰন (Environ), ২০০৩

(22) ব্ৰহ্মপুত্ৰ নদী অসমৰ মূল ভূ-খণ্ডৰ সোঁমাজেৰে কিমান কিলোমিটাৰ বৈ গৈছে? ইয়াৰ প্ৰবাহিত হোৱা সৰ্বমুঠ নদীৰ পানীৰ বিস্তৃত এলেকাৰ পৰিমাণ কিমান?
উত্তৰঃ-ব্ৰহ্মপুত্ৰ নদী অসমৰ মূল ভূ-খণ্ডৰ সোঁমাজেৰে ২৮৯৭ কিলোমিটাৰ বৈ গৈছে। ইয়াৰ প্ৰবাহিত হোৱা সৰ্বমুঠ নদীৰ পানীৰ বিস্তৃত এলেকাৰ পৰিমাণ ৯,৩৬,৫০৪ বৰ্গ কিলোমিটাৰ।

(23) মহাভাৰতৰ সময়ৰ অসমৰ প্ৰাচীন ৰজাজনৰ নাম কি?
উত্তৰঃ- ভগদত্ত

(24) প্ৰাচীন অসমৰ ৰজা ভগদত্তক কি বুলি অভিহিত কৰিছে?
উত্তৰঃ- শৈলাল্য (পৰ্বতৰ বাসিন্দা)

(25) অসমৰ প্ৰাচীন ধৰ্মশাস্ত্ৰখনৰ নাম কি? ইয়াত উল্লেখ থকা অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা লিখা।
উত্তৰঃ- অসমৰ প্ৰাচীন ধৰ্মশাস্ত্ৰখনৰ নাম হ'ল যোগিনীতন্ত্ৰ? ইয়াত উল্লেখ থকা অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা হ'ল-
(ক) ৰত্নপীঠ (কৰতোৱা আৰু সোণকোষ নদীৰ মধ্যৱৰ্তী)
(খ) কামপীঠ (সোণকোষ আৰু কপিলাৰ মধ্যৱৰ্তী)
(গ) স্বৰ্ণপীঠ (পুষ্পিকা আৰু ভেৰৱীৰ মধ্যৱৰ্তী এলেকা)
(ঘ) সৌমাৰপীঠ (ভেৰৱী আৰু দিক্ৰং নদীৰ মধ্যৱৰ্তী)

(26) অসমৰ বন আৰু বনাবৃত এলেকাৰ পৰিমাণ কিমান? অসমৰ অৰণ্যত অতীজৰে পোৱা উত্‍কৃষ্ট মানৰ গছবোৰ কি কি?
উত্তৰঃ- অসমৰ বন আৰু বনাবৃত এলেকাৰ পৰিমাণ হ'ল ১৬,৫১৪ বৰ্গ কিলোমিটাৰ।
    অসমৰ অৰণ্যত অতীজৰে পোৱা উত্‍কৃষ্ট মানৰ গছবোৰ হ'ল- শাল, খৈয়ৰ, শিশু, গমাৰি, সোণাৰু, চাম, বনচোম, মজ, শিমলু, হলক ইত্যাদি।

(27) অসমৰ অৰণ্যত পোৱা পাট মুগা উত্‍পাদনৰ বাবে প্ৰয়োজনীয় গছ দুবিধ কি কি?
উত্তৰঃ- মেজেংকাৰী আৰু আদ্ৰাকুৰি।

(28) অসমৰ জলবায়ু কেনেকুৱা?
উত্তৰঃ- সেমেকা

(25) বসন্ত আৰু হেমন্তকাল কেতিয়া আৰম্ভ হয়?
উত্তৰঃ- বসন্তকাল--মাৰ্চ-এপ্ৰিল
হেমন্তকাল--ছেপ্তেম্বৰ-অক্টোবৰ মাহত।

(26) অসমৰ প্ৰাচীন ভূ-প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?
উত্তৰঃ- অসমৰ প্ৰাচীন ভূ-প্ৰাকৃতিক বিভাগ তিনিটা। যেনে-
(ক) ব্ৰহ্মপুত্ৰৰে উত্তৰে উত্তৰ কূল
(খ) দক্ষিণে দক্ষিণ কূল
(গ) মাজুলী

(27) 'গজপতি' উপাধি কোনজন স্বৰ্গদেউক প্ৰদান কৰা হৈছিল? তেওঁক এই উপাধি দিয়াৰ কাৰণ কি?
উত্তৰঃ-'গজপতি' উপাধি স্বৰ্গদেউ প্ৰতাপ সিংহক প্ৰদান কৰা হৈছিল। তেওঁক এহেজাৰ হাতী নিজৰ তত্ত্ববধানত ৰাখিবলৈ সক্ষম হোৱা বাবে এই উপাধি প্ৰদান কৰা হৈছিল।

(28) আহোমযুগত ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰা চোৱা-চিতা কৰাৰ বাবে নিযুক্তি দিয়া বিষয়াজন কোন? তেওঁৰ অধীনত কিমানটা ঘোঁৰা হৈছিল?

উত্তৰঃ- ঘোঁৰাবৰুৱা। তেওঁৰ অধীনত ৫০ টাকৈ ঘোঁৰা ৰাখিছিল।

(29) আহোম সচিবালয়ে কাঠ চোৱা-চিতা কৰাৰ বাবে নিযুক্তি দিয়া বিষয়াজনৰ নাম কি?
উত্তৰঃ- কাঠবৰুৱা

(30) বন আৰু বনজ সম্পদ চোৱা-চিতাৰ লগতে ইয়াৰ পৰা আহৰণ হ'বলগীয়া ৰাজহ তদাৰকৰ নিযুক্তি দিয়া বিষয়াদনৰ নাম কি?
উত্তৰঃ- হাবিয়াল বৰুৱাক

(31) গোৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলচৰ মাজত স্বাক্ষৰিত চুক্তিৰ পৰা ত্ৰয়োৰ হাতীদাঁতৰ মূল্য কিমান বুলি জানিব পৰা গৈছে?
উত্তৰঃ- ৫০ টকা

(32) আহোম ৰাজ অভিষেক কি অনুষ্ঠান নামেৰে জনা যায়?
উত্তৰঃ- শিঙৰীঘৰত উঠা।

(33) অসমত নিৰ্মিত হস্তনিৰ্মিত সামগ্ৰীসমূহৰ নাম লিখা।
উত্তৰঃ- হাতী-দাঁত খেদিত বিভিন্ন আকৃতিৰ বাকচ, পাত্ৰ, হেন্দেল আদি।

(34) আহোমযুগত মোগল শক্তিক যুদ্ধৰ চুক্তিৰ ক্ষতি পূৰণৰ পণ হিচাপে যোগা ধৰা বন্যপ্ৰাণীটোৰ নাম কি?
উত্তৰঃ- হাতীক

(35) অসমত কেইবা শতিকাজুৰি সূচনা হোৱা কৃষি বিক্ষোভ আৰু আন্দোলন সমূহৰ মূল কাৰণ কি আছিল?
উত্তৰঃ- কৃষিজীৱী সম্পদন সম্প্ৰদায় আৰু বনজ সম্পদৰ মাজত ক্ৰমাগত হাৰত বিনষ্ট হোৱা পূৰ্ৱৰ পৰম্পৰাগত সম্পৰ্ক।

(36) মহাকাব্যিক যুগৰে পৰা অসমৰ ৰজাঘৰত বিশেষ সমাধৰ লাভ কৰা বন্য প্ৰাণীটোৰ নাম কি?
উত্তৰঃ- হাতী

(37) আহোম ৰাজত্বকালত ৰজাঘৰৰ হাতীক চোৱাচিতা কৰিবলৈ সৃষ্টি কৰা পদটোৰ নাম কি?
উত্তৰঃ- হাতীবৰুৱা

(38) কোনজন ৰজাৰ ৰাজত্বকালত চীনা প্ৰব্ৰজক হিউৱেন চাঙে অসমলৈ আহিছিল?
উত্তৰঃ- প্ৰাচীন অসমৰ বৰ্মন বংশৰ নৃপতি কুমাৰ ভাষ্কৰ বাৰ্মাৰ ৰাজত্বকালত।

(39) 'হস্তিবিদ্যাৰ্ণৱ' পুথিৰ লেখক কোন?
উত্তৰঃ- সুকুমাৰ বৰকাইথ

(40) কাৰ শাসনকালত সুকুমাৰ বৰকাইথে হস্তিবিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল?
উত্তৰঃ- স্বৰ্গদেউ শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকাৰ শাসনকালত।

(41) 'হস্তিবিদ্যাৰ্ণৱ' গ্ৰন্থখনত অসমৰ হাতী সম্পৰ্কে কি উল্লেখ আছে?
উত্তৰঃ- সুকুমাৰ বৰকাইথ নামৰ এজন লেখকে হস্তীবিদ্যাৰ্ণৱ নামৰ গ্ৰন্থত অসমত উপলব্ধ বিভিন্ন প্ৰজাতিৰ হাতী সম্পৰ্কে বহুতো বিৰল আৰু আকৰ্ষণীয় তথ্য সন্নিৱিষ্ট কৰিছে। অভিনৱৰূপত আৰু চিত্ৰ অংকন অসমৰ হাতী সম্পৰ্কিত লিখা একমাত্ৰ গ্ৰন্থখনত প্ৰাণীবিধৰ গতি, প্ৰকৃতি, প্ৰকৰণ, খেদা অভিযান, হাতীশাল নিৰ্মাণ, হাতীৰ ৰোগ আৰু ৰোগ নিৰাময় সম্পৰ্কীয় বিভিন্ন তথ্য আৰু বিৱৰণী সন্নিৱিষ্ট কৰিছে।

(42) আহোম যুগৰ কাৰেংঘৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- আহোম শাসনকালত অসমৰ বনাঞ্চলত পৰ্যাপ্ত পৰিমাণে পোৱা বনজ সম্পদে সেই সময়ৰ স্থাপত্য শৈলীৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছিল। ৰজাৰ ৰাজকাৰেং আহল-বহল সুন্দৰ শৈলীৰে চকুত লগাকৈ উত্‍কৃষ্ট প্ৰজাতিৰ কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল। ছিহাবুদ্দিন তালিছেও কাঠৰ কাৰুকাৰ্য খচিত গঁড়গাওঁৰ সুবিশাল আহোম ৰাজকাৰেংটো দেখি তবধ মানিছিল। কাৰেংঘৰটো চাৰি কিউবিক ঘেৰৰ ছয়ষষ্ঠিটাকৈ প্ৰকাণ্ড খুটাৰ ওপৰত অভিনৱ ৰূপত নিৰ্মাণ কৰা হৈছিল। খুটাবোৰ আছিল সুন্দৰ নক্সাখচিত আৰু বিভিন্ন ধৰণৰ ভাষ্কৰ্য সম্বলিত। পৰিব্ৰাজকজনৰ ভাষাত ইমান সুন্দৰকৈ পৃথিৱীয় কতো কাঠৰ ঘৰ সজোৱা হোৱা নাছিল।

(43) আহোম শৈলীৰ যুদ্ধৰ নাওঁবোৰৰ বিষয়ে লিখা।
উত্তৰঃ- আহোমশৈলীৰ যুদ্ধৰ নাওঁবোৰ বৰটোপ আৰু বন্দুকেৰে সুসজ্জিত কৰি তোলা হৈছিল। অসমৰ হাবিত উপলব্ধ 'চম্বল' নামৰ বিশেষ প্ৰজাতিৰ কাঠৰ দ্বাৰা সহজে পানীত বুৰ নোযোৱা অথচ তীব্ৰ গতি বেগেৰে চলাব পৰী নাওঁ নিৰ্মাণ কৰিছিল আহোমৰ অভিজ্ঞ কিছুসংখ্যক নাওঁশলীয়াই।

(44) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল?
উত্তৰঃ- ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰিছিল।

(45) পাহাৰীয়া আৰু পাহাৰ এলেকাৰ ভূমিভাগক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ- পাহাৰীয়া আৰু পাহাৰ এলেকাৰ ভূমিভাগক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে-
(ক) পৰ্বতমালা, (খ) একক পৰ্বতশ্ৰেণী আৰু (গ) পাহাৰ আৰু টিলাসমূহ

(46) কাৰ ৰাজত্বকালত 'বৰপাত্ৰ গোহাই' নামৰ ডাঙৰীয়া পদটো সৃষ্টি কৰা হৈছিল?
উত্তৰঃ- চহুংমুং ওৰফে দিহিংগীয়া ৰজাৰ ৰাজত্বকালত।

(47) কোনে কেতিয়া প্ৰশাসনিক সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যখনক উত্তৰ কূল আৰু দক্ষিণ কূল নামেৰে দুটা প্ৰধান ভৌগলিক খণ্ডত বিভক্ত কৰিছিল?
উত্তৰঃ- সোতৰশ শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহৰ কালত।

(48) আহোম প্ৰশাসনৰ ৰাজহ ব্যৱস্থাত ভূমি সংক্ৰান্তীয় নীতি নিয়ম প্ৰস্তুতিৰ বাবে কোন গৰাকী বিষয়াক নিযুক্ত দিছিল?
উত্তৰঃ- বৰবৰুৱা

(49) চুকাফাই অসমত প্ৰৱেশ কৰি পোন প্ৰথমতে কোন তিনিটা থলুৱা জনগোষ্ঠীৰ বিষয়ে জানিবলৈ উত্‍সুক হৈ পৰিছিল?
উত্তৰঃ- মৰাণ, বৰাহী আৰু কছাৰীসকলৰ।

(50) চুকাফাই কোনটো জনগোষ্ঠীৰ মাজৰ পৰা হাতীধৰা আৰু চিকাৰ কাৰ্যৰ বাবে 'হাতীচুংগী' নামৰ খেল এটা পাতিছিল?
উত্তৰঃ- মৰাণ আৰু বৰাহী জনগোষ্ঠী মাজৰ পৰা।

(51) চুকাফাই মৰাণ জনগোষ্ঠীৰ লোকসকলক কিহৰ দায়িত্ব অৰ্পণ কৰিছিল?
উত্তৰঃ- পানী আৰু খৰি যোগানৰ দায়িত্ব।

(52) অসমত কোনজন স্বৰ্গদেউৰ ৰাজত্বকালত কাৰ বিশেষ তত্ত্ববধানত প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্ৰ পুঁথি ৰচনা কৰা হৈছিল? পুথিখনত চিত্ৰশিল্পী দুগৰাকীৰ নাম কি?

উত্তৰঃ- অসমত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ৰাণী ফুলেশ্বৰীৰ বিশেষ তত্ত্বৱধানত প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্ৰ পুঁথি ৰচনা কৰা হৈছিল। পুথিখনত চিত্ৰশিল্পী দুগৰাকীৰ নাম হ'ল- দিলবৰ আৰু দোছাই।

(53) ছিহাবুদ্দিন চালিছে তেওঁৰ বিবৰণীত ৰাজধানী গড়-গাঁৱৰ পৰা কলিয়াবৰলৈকে কেনেদৰে বৰ্ণনা দিছে লিখা?
উত্তৰঃ- ছিহাবুদ্দিন তালিছে তেওঁৰ বিবৰণীত ৰাজধানী গড়গাঁওৰ পৰা কলিয়াবৰলৈকে ঘৰ-গৃহস্তী আৰু গাওঁবোৰ দুটা শাৰীত দীঘলীয়াকৈ বিস্তৃত হৈ থকাৰ কথা উল্লেখ কৰিছে। বিৰতিহীন আৰু সু-শৃংখলিত ৰূপত শাৰী-শাৰীকৈ থকা ঘৰবোৰত ফুল-মূলৰ বাগিছা, বাঁহনিবোৰৰ জোপোহাবোৰে ওপৰলৈ মূৰ দাঙি থকাৰ কথাও তেওঁ উল্লেখ কৰিছে।

(54) প্ৰাচীন অসমৰ ৰজাদিনীয়া ভূমিৰ শ্ৰেণীসমূহ কি কি?
উত্তৰঃ- (ক) বাৰী মাটি (য'ত বসতিৰ বাবে গৃহ, বস্তি আৰু পুখুৰী আদি থাকে)
(খ) ৰূপতি (ধান খেতিৰ বাবে ৰখা মাটি)
(গ) ফৰিঙতি (শুকান ধানখেতিৰ উপযোগী)
(ঘ) কঠীয়া পৰাৰ বাবে নিৰ্দ্দিষ্টকৈ ৰখা মাটি (কঠীয়াতলি)
(ঙ) জলাতক (পানী ৰৈ যোৱা দ-চানেকীয়া মাটি)
(চ) দলনি (নিম্ন এলেকাৰ জলাতক মাটি)
(ছ) হাবিয়নী (অৰণ্যভূমি)

(55) আহোম শাসনত প্ৰতিজন পুৰুষক কি নামে জনা গৈছিল?
উত্তৰঃ- পাইক

(56) অসমৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে আহোম শাসকসকলে কেই শ্ৰেণীৰ মাটি আৱণ্টন দিছিল আৰু কি কি?
উত্তৰঃ- অসমৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে আহোম শাসকসকলে চাৰি শ্ৰেণীৰ মাটি আৱণ্টন দিছিল। সেইবোৰ হ'ল-
(ক) ব্ৰহ্মোত্তৰ (খ) দেবোত্তৰ (গ) ধৰ্মোত্তৰ আৰু (ঘ) পীৰপাল

(57) মফটলাল মিলছৰ প্ৰতিবেদনত (১৮৫১) অসমত ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে সুকীয়াকৈ ৰখা কৰবিহীন নিস্পেখেৰাজ মাটিৰ পৰিমাণ কিমান?
উত্তৰঃ- ৭৭,৫,৪৬৮ পুৰা।

(58) 'ফাতেহা-ই-ইব্ৰিয়া' গ্ৰন্থৰ লেখক কোন?
উত্তৰঃ- ছিহাবুদ্দিন তালিছ

(59) কোনখন গ্ৰন্থত অসমৰ হাবিৰ গছবোৰ কি দৰে অতি ওখ আৰু ঘন আছিল সেই কথা উল্লেখ কৰা আছে?
উত্তৰঃ- ছিহাবুদ্দিন তালিছৰ 'ফাতেহা-ই-ইব্ৰিয়া'।

(60) কোনজন স্বৰ্গদেউ ভোগদৈ নৈখন খন্দাই ইয়াৰ উত্‍স ৰাজধানী যোৰহাটৰ লগত সংযোগ কৰাইছিল বুলি বুৰঞ্জীৰ পাতত উল্লেখ পোৱা যায়?
উত্তৰঃ- স্বৰ্গদেউ গৌৰীনাথ সিংহ

(61) "যোগিনী তন্ত্ৰ" আৰু "কালিকা পুৰাণ"ত উল্লেখ থকা অসমৰ আটাইতকৈ পুৰণি ভৌগলিক পৰিসীমাৰ নাম কি?
উত্তৰঃ- কৰতোৱা নদী

(62) অসমৰ সৰ্ববৃহত্‍নদী দ্বীপ 'মাজুলী'ৰ কেনেকৈ সৃষ্টি হৈছিল?
উত্তৰঃ- এসময়ত ব্ৰহ্মপুত্ৰ আৰু দিহীং নদীয়ে ব্যাপক হাৰত গতি সলনি কৰাৰ পৰিণতিতে অসমৰ সৰ্ববৃহত্‍ নদী দ্বীপ মাজুলীৰ সৃষ্টি হৈছিল।

(63) নামৰূপক কিয় আহোম ৰাজ্যৰ বিভিন্ন অপৰাধীসকলক নিৰ্বাসন দিয়াৰ স্থানৰূপে বাছনি কৰা হৈছিল?
উত্তৰঃ- আহোম ৰাজ্যখনৰ দক্ষিণ-পশ্চিম দিশে অৱস্থিত নামৰূপ অতি গভীৰ ঘন-জংঘলেৰে আবৃত্ত আৰু সেমেকা জলবায়ু প্ৰধান এলেকা আছিল। সেয়েহে নামৰূপক আহোম ৰাজ্যৰ বিভিন্ন অপৰাধীসকলক নিৰ্বাসন দিয়াৰ স্থানৰূপে বাছনি কৰা হৈছিল।

(64) পৃথিৱীৰ ভিতৰত দ্বিতীয় চাহৰ উত্‍পাদনকাৰী দেশ কোনখন?
উত্তৰঃ- অসম

(65) অসমত কেতিয়াৰ পৰা চাহৰ ব্যৱসায়িক উত্‍পাদন কৰা হৈছিল?
উত্তৰঃ- ১৮৩৩ চনৰ পৰা।

(66) কোনে কেতিয়া উজনি অসমত চাহ গছৰ সন্ধান পাইছিল?
উত্তৰঃ- স্কটলেণ্ডৰ এগৰাকী দুঃসাহসিক বিষয়া ৰবাৰ্ট ব্ৰুচে ১৯২৩ চনত।

(67) বিশ্বব্যাপী গুৰুত্ব লাভ কৰা চাহ উদ্যোগটোক পৰিচিত কৰি দিয়াত আগভাগ লোৱা ব্ৰিটিছ বিষয়াসকলৰ নাম লিখা।
উত্তৰঃ- কেপ্তেইন জেনকিন্স, চি.এ. ব্ৰুচ, চাৰ্লটৰ প্ৰমূখ্যে।

(68) কোন গৰাকী লেখকে আহোম ৰাজত্বকালত ৰাণী ৰাজমাতাৰ পৰা আদি কৰি সমাজৰ নিম্নস্তৰৰ সকলো মহিলাই পাট, মুগা, মেজেংকৰি আৰু এৰি সূতাৰ উত্‍পাদনত নিয়োজিত আছিল বুলি উল্লেখ কৰিছে?

উত্তৰঃ- মন্টোগোমাৰী মাৰ্টিন।

(69) আহোম যুগৰ অন্যতম প্ৰধান কুটিৰ উদ্যোগটোৰ নাম কি?
উত্তৰঃ- পাট বা চিল্ক

(70) আহোম যুগৰ অৰ্থনৈতিক বুনিয়াদ সৃষ্টিৰ প্ৰধান উত্‍স কি আছিল?
উত্তৰঃ- পাট বা চিল্ক

(71) ১৮৩৩ চনত এনেচা এৰি মুগা সূতাৰ মূল্যপ্ৰতি সেৰে কিমান টকা আছিল?
উত্তৰঃ- ১৬ টকাৰ পৰা ২৪ টকা পৰ্যন্ত

(72) কাঠশিল্পজাতৰ হস্তনিৰ্মিত সামগ্ৰীসমূহ কি কি আছিল?
উত্তৰঃ- খেতি-খোলাৰ সামগ্ৰী, খুটা, মাৰলি, দুৱাৰ-খিৰিকী, ঘৰ-দুৱাৰ আদি।

(73) কাঠশিল্পীৰ সৈতে জড়িত থলুৱা অসমীয়া সু-প্ৰাচীন ভাস্কৰ শ্ৰেণীটোক কি বোলা হৈছিল?
উত্তৰঃ- খনিকৰ

(74) বিষ্ণয়সকল কোন?
উত্তৰঃ- প্ৰাচীন ভাৰতৰ এটি ধৰ্মীয় সম্প্ৰদায়

 

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.

 

Previous
Next Post »