-->

অ’ অসমীয়া ডেকা দল । O axomiya deka dol-বিষ্ণুপ্ৰসাদ ৰাভা


অ’ অসমীয়া ডেকা দল । O axomiya deka dol


অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল?
দুৰ্গম নদ পাহাৰ গিৰি
লংঘিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লৰি
কৰিছিল তলে
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
সিও যে তোৰ
নাইকিয়া হ’ল।
কীৰ্ত্তন দশম নামঘোষা
হওক আমাৰ সৌৰ্য্য
নাট, গীত, নাম, বৰগীত—
হওক ৰণৰ তুৰ্য্য
আৰ্হি তেত্তৰ এই অসমৰ
হওক অসীম বীৰ্য্য
অসমীয়া। সমনীয়া।।
আগবাঢ়ি যাও ব’ল অ’
আগবাঢ়ি যাও ব’ল।।

 2. ভাঙ্‌ ভাঙ্‌ ভাঙ্‌ ভাঙ্‌ । Bhang bhang bhang bhang


ভাঙ্‌ ভাঙ্‌ ভাঙ্‌ ভাঙ্‌
লোহাৰ শিকলি ভাঙ্‌।
ছিঙ্‌ ছিঙ্‌ ছিঙ্‌ ছিঙ্‌
দাসৰ বান্ধোন ছিঙ্‌।
খোল্‌ খোল্‌ খোল্‌ খোল্‌
কাৰাৰ ফাটক খোল্‌।
ভাঙ্‌ ভাঙ্‌
দুৱাৰৰ দাং
শুন্‌ সৌৱা শুন্‌ শুন্‌
ঘেৰিছে ৰণ-বিষাণ
মুকত আকাশে উৰে
দীপৰ ৰঙা নিচান
ৰক্‌তেৰে ৰণজিত সুৰুয উদীয়মান
শুন্‌ মুকুতিৰ তুৰ যৰ আহ্বান,
মুক্তিমান-মুক্তিমান-মুক্তিমান।

3. অ’ পূজাৰী আদৰি । O pujari aadari


অ’ পূজাৰী আদৰি
দিলো এই বৰণ শৰাই।
পূজাৰী দিলো এই বৰণ শৰাই।
বিয়পি ধৰণী
শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি
হৰি নাম ভকতি
হৰি নাম মুকুতি পাই
বশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ
সুন্দৰ শঙ্কৰ কিয় নাই।
ভকতি ফুলেৰে
মালা আদৰেৰে
দিলো যতনে পিন্ধাই।
শঙ্খ কাঁহ মুৰুলি
জোকাৰ উৰুলি
তোমাৰে মহিমা গাই
নামঘৰত চোতালে নিতাল খোলে তাতে
গোবিন্দৰ নাম শুন গাই।


Previous
Next Post »