-->

আগলি কলপাত লৰে । Aagali kolpaat lore-অনিমা চৌধুৰী


আগলি কলপাত লৰে । Aagali kolpaat lore


আগলি কলপাত লৰে কি চৰে
টুপ টুপ চকুলো সৰে সৰে...
ইমান যে দূৰণী
বুকুৰে বিননী
ক’তেই বা চাকৰী কৰে
টুপ চকুলো সৰে সৰে...
চৰাই কুমলীয়া উৰিব নেজানে
ঘূৰি ঘূৰি ডালতে পৰে
মন উৰণীয়া
বুজনী নেমানে
ঘনেকৈ মনতে পৰে
মন জোনতকৈও বেগেৰে উৰে
কপৌ কুৰুলীয়াই বনত
কপৌ কুৰুলীয়াই বনত
বুকুৰে ভিতৰত কিহে কুৰুলিয়াই
ৰায় জাই লাগিছে দেহত
দীঘলকৈ সেতেলী জুই যেন লাগিছে
মোক জুই পোৰাদি পোৰে
দূৰৰে জোনাকৰ ইমান যে পোৰণি
কান্দো ৰাতি উজাগৰে
তোমালৈ মনতে পৰে



2. ভাবিছিলো লিখো বুলি । Bhabichhilo likho buli


ভাবিছিলো লিখো বুলি
চিটি তোমালৈ
নাপালোযে মোক
নাপালোযে কথা বিচাৰি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে মন দেখোন নীলা কাঢ়ি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে মন দেখোন নীলা কাঢ়ি
তথাপিতো ভাবিছো মই
লিখো তোমালৈ
দিবা জানো দিবা জানো তুমি সহাৰি
কথা কৈছিলা
কিমান ভাগ লগা
তুমি পাহৰিলা
আজি মই আছো তাকে মাথোঁ সুৱৰি
কথা কৈছিলা
কিমান ভাগ লগা
তুমি পাহৰিলা
আজি মই আছো তাকে মাথোঁ সুৱৰি
ভাবিছো মই কিনো লিখি দিও সোঁৱৰাই।



3. দিখৌ নৈৰ পাৰতে । Dikhou nou paarote


দিখৌ নৈৰ পাৰতে
কহুৱাই বিনাই
নাই আজি সেই দিন নাই
আজলি অসমীৰ সকলো হৰিলে
এদেও দুদেও যেন পায়
দিখৌ নৈৰ পাৰৰে
কাৰেংঘৰ আছে
নি:পালি দি শুই
ৰংঘৰ তোহৰা কটায়
জেৰেঙা পথাৰত
জয়াৰে উচুপনি
গদাপানিৰ গল কতা
শৰাইঘটতে মোমায়ে টোপনিয়াই
লাচিতৰ উম ঘামে নাই।
টিঙৰে দ’লৰে
বৰখুটা লৰিছে
বৰদোৱাত নামঘটিব নাই
ফাটিছে ৰঘুমলাই
বৰগয়া কটাৰিৰ
দাবেও দিলে
ফান আহি মামৰেহে খাই
পিঠি পুৰিলেও উভতি শুব জানি
বদনে ৰণশিঙা বায়।

 

Previous
Next Post »