-->

জিলমিলীয়া কোমল বালি । Jilmiliya komal bali-ড. ভুপেন হাজৰিকা

 

জিলমিলীয়া কোমল বালি । Jilmiliya komal bali


জিল্‌‌মিলীয়া কোমল বালি
তাহানিৰ কথা কিয় আজি
শুনালি অহোঁ

কথাঃ ভুল হ’ল নেকি?
তাহানিৰ কাহিনী কিয় শুনালি?
(অ’) বুকুতে মিঠা মিঠা বিহ ঢালিলি
বুকুতে মিঠা মিঠা সুৰ ঢালিলি।
(এ’ পাহৰিছিলোঁ)

জিল্‌মিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি
বুকুতে মিঠা মিঠা সুৰ ঢালিলি।
জিল্‌মিলীয়া কোমল বালি।

বালিমাহী বালিমাহী বালিমাহী
তই আজি কৱ দেখোঁ হাঁহি হাঁহি
উভতি নবয় সময় নদী
নুফুলে সৰা পাহি।।

ভৰিতে উলিয়ালে তেজৰ টোপাল
কাঁইটীয়া গছৰ হুলে
সময়-বালিত কাৰোবাৰ খোজ
মচি দিয়ে সৰু সৰু ভুলে।
    হেঁপাহেৰে বালিঘৰ সাজিবহে পাৰি
তাত পিচে এপলকো থাকিব নোৱাৰি
তেনে কিয় সাজি সাজি খাইছোঁ হাবাথুৰি।।

2. পলাশৰে ৰং । Polashore rong

কথা : ডেকা— পলাশৰে ৰং
গীত : গাভৰু— পলাশৰে ৰং
     কোনেনো সানিলে?
     এই মিঠা সেউজ বননিত।
ডেকা— আৰু তোমাৰ কোমল চাৱনিত।
কথা : গাভৰু— জীৱনৰে ৰং
গীত : ডেকা— জীৱনৰে ৰং পলাশে সানিলে
        কোমল কোমল ঘাঁহনিত।
গাভৰু— আৰু তোমাৰ বুকুখনিত।
ডেকা— যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰো আহাঁ
গাভৰু—মৰমৰে এই এনাজৰীৰে
    দুয়ো দুয়োকে বান্ধো আহাঁ।
দুয়ো— বান্ধ ভাঙি গ’লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত।
ডেকা— মনে ভবা কথাটি নাথাকে গুপুত
আৰু কথা থাকিল বহুত।
গাভৰু— নোকোৱা কথাষাৰি নোকোৱাকৈ থাকিলেও
ধৰা পৰে তোমাৰ চকুত।
নীল আকাশত আজি আঁউজি লৈ
    হালিছে জালিছে পলাশৰে ফুল
ডেকা— ফুলতো নহয় এইয়া মৰমৰে জুই
    নেমানে মৰমে কোনো জাতি-কুল
দুয়ো— দানৱী বিভেদক মানৱী চেনেহ
    কৰিব এদিন পৰাজিত।
গাভৰু— পলাশৰে ৰং
    কোনেনো সানিলে?
এই মিঠা সেউজ বননিত।
ডেকা— আৰু তোমাৰ কোমল চাৱনিত
গাভৰু— জীৱনৰে ৰং...
ডেকা— পলাশে সানিলে
    কোমল কোমল ঘাঁহনিত।
গাভৰু— আৰু তোমাৰ বুকুখনিত।
ডেকা— আৰু তোমাৰ কোমল চাৱনিত।


3. জীৱন ঘড়ীৰ প্ৰতিটো পল । Jivan ghorir pratito pol


জীৱন-ঘড়ীৰ প্ৰতিটো পল
যেন গলি গলি গ’ল
নিঃসঙ্গতা পৰুৱা এটি
মাথোঁ তাতে পৰি ৰ’ল।।
    তেজত আজি ৰক্তকণিকা
    কিয় জানো কমি গ’ল
    দংশনৰত বীজাণুৰ দল
    মোৰ যে লগৰী হ’ল।
বিলম্বিত লয়, শূন্যতা ভৰা সুৰ
সোঁৱৰণী সময় হাহাকাৰেৰে পুৰা।
দিনবোৰ যেন সাগৰ পাৰৰ
    অঘৰী চৰাই হ’ল
    অন্ধকাৰৰ দিগ্বলয়ত
    পোহৰ হেৰাই গ’ল।

4. তৃতীয়া শ্ৰেণীৰ যাত্ৰী । Triteeya shrenir jatri

তৃতীয়া শ্ৰেণীৰ যাত্ৰী
প্ৰথম নহয়
দ্বিতীয় নহয়
তৃতীয়া শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয়, দ্বিতীয় নহয়
তৃতীয়া শ্ৰেণীৰ যাত্ৰী আমি।
মাজে মাজে
এই ৰেলে চিঞৰে
নোপোৱাৰ বেদনা জুই হৈ উৰে
আমাৰেই জুইৰেই অগ্ৰগামী
প্ৰথম নহয়, দ্বিতীয় নহয়
তৃতীয়া শ্ৰেণীৰ যাত্ৰী আমি।

Previous
Next Post »