-->

মোৰ ধৰিত্ৰী আই । Mur dharitri aai-ড. ভুপেন হাজৰিকা

 

 মোৰ ধৰিত্ৰী আই । Mur dharitri aai


1. অ' মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়
দয়া কৰাঁ দয়াশীল আই।

ৰ'দ বৰষুণ কাতি কৰি
ঘাম পেলাই চহ কৰি
তোমাৰ বুকুৰ সোণ চপাওঁ
আনে নিয়ে কাঢ়ি।

ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়।

মাটিকে সাৱটি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ঢালোঁ
জিৰণি পাহৰি
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়।

মই হ'লোঁ মাউৰা ল'ৰা
মোৰ আই নাই
কাবৌ কৰোঁ ধৰিত্ৰী মোৰ
তুমি হ'বা আই।
মাটি আৰু খেতিয়কৰ
সমন্ধ আছে যুগ যুগৰ
কৃষক মাটিৰ মিলনত
দিয়ে অন্তৰায়।


2. জীৱনজোৰা খ্যাতিয়ে যদি । Jivanjora khyatiye Jodi


জীৱনজোৰা খ্যাতিয়ে যদি জীৱটোকে খায়
বহু ধনৰ লোভে যদি মানুহ পাহৰায়।
মানুহ যদি মানুহৰে হয় অন্তৰায়।
(তেনে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়।
ধনৰ বাবেই মনৰ যদি বেহা-বেপাৰ হয়
যৌতুককে সঙ্গী বুলি আঁকোৱালি লয়;
(তেনে) দুটি শৰীৰ একে হ'লেও প্ৰাণতো নভৰে
মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই।
(সেয়ে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়।
প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই
বেকাকে ভাল পালেই হেনো সম্ভ্ৰম হেৰায়
(তেনে) সৰগৰে পাৰিজাত সৰগতে থাওক
ধনা হ'ম মই বোকাৰ এপাহ পদুমকে পাই।
(সেয়ে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়।
মানুহ যদি মানুহৰে হয় অন্তৰায়।
(তেনে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়।


3. অস্ত আকাশৰে । asto akashare


অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।

কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ুৰপংখী ৰহণবোৰ দিয়ে ছটিয়াই।
দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিৰাশাৰে নিশ্বাস।

লক্ষ্য যদি দিগন্ত শিল্পী হে তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা জীৱনৰে দিগন্ত অপাৰ
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।

4. বহুত দিন আগতে । Bahut dinor agote

 
বহুত দিন আগতে
গধুলিৰ পৰতে
তোমাৰ ৰূপ শিখা দেখা
আজিও পৰে মনতহে।
মোৰ সৰু পঁজাতে
নেমেলা খিৰিকীতে
তুমি আহি মাত দিলা
ধুনীয়া নিশাতে
কলীয়া ধুমুহাৰে
কত শত বিপদে
তোমাৰ মোৰে সপোনখিনি
কঁপালে গছকতে।
আমাৰ চেনেহ সাগৰৰে
দেখি সাহস জোৱাৰতে
বিপদৰে ধুমুহাই
পলালে পলকতে
আজি ৰভাতলিতে
নামৰে জাউৰীয়ে
(ঔ ৰাম) তোমাকে মোকে বান্ধিছে
দুটি বিবাহ ডোলতে।।
Previous
Next Post »