-->

বিধানমণ্ডল । Legislature in Assamese - একাদশ শ্ৰেণী

Questions Answers of AHSEC Solution for Class 11 Political Science বিধানমণ্ডল। Legislature. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

বিধানমণ্ডল
Legislature

Class XI Political Science

Class 11 PolScience বিধানমণ্ডল। Legislature ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : বিধানমণ্ডল। Legislature has been discussed in systematic way. There are approximately important 58 questions answers in this article.


1. ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল খনৰ নাম কি?
উত্তৰঃ-সংসদ (parliament)

2. সংসদৰ কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি?
উত্তৰঃ-লোকসভাত

3. ৰাজ্যসভাত সর্বোচ্চ সদস্য থকা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ-উত্তৰ প্ৰদেশ।

4. লোকসভাৰ থলমুঠ (Quorum) সদস্যৰ কিমান অংশৰ দ্বাৰা গঠন হয়?
উত্তৰঃ-সভাৰ এক-দশমাংশ সদস্য

5. ভাৰতত বিধানমণ্ডলৰ সদস্য নহ'লেও কোনো ব্যক্তি মন্ত্ৰী হ'ব পাৰেনে?
উত্তৰঃ-পাৰি

6. ৰাজ্যসভাত অসমৰ পৰা কিমানজন সদস্য থাকে?
উত্তৰঃ-৭ সদস্য

7. লোকসভাত অসমৰ পৰা কিমানজন সদস্য থাকে?
উত্তৰঃ-১৪ সদস্য

8. সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে?
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

9. কোনে লোকসভা ভংগ কৰিব পাৰে?
উত্তৰঃ-পাৰে

10. ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম কি?      HS-2013
উত্তৰছ-ৰাজ্যসভা

11. ভাৰতৰ কেন্দ্রীয় বিধানমণ্ডলৰ কোনখন সদন বেছি ক্ষমতাশালী?
উত্তৰঃ-নিম্ন সদন বা লোকসভা

12. ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ-ৰাজ্য বিধানসভাসমূহৰ নিৰ্বাচিত সদস্যসকলে।

13. ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ- 6 বছৰ

14. লোকসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ-সৰ্বসাধাৰণ ভোটাৰ সকলে।

15. বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ- 545 জন

16. লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ-৫ বছৰ

17. ৰাজ্যসভাৰ পদেন (ex-officio) সভাপতি কোন?
উত্তৰঃ- উপৰাষ্ট্ৰপতি

18. ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?
উত্তৰঃ-অন্ততঃ ৩০ বছৰ

19. সংসদে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰাৰ এটা উপায় লিখা।
উত্তৰঃ-অনাস্থা প্রস্তাৱ

20. অসমত সিদনীয় বিধানমণ্ডল আছেনে?
উত্তৰঃ-নাই

21. সংসদৰ এখন কমিটিৰ নাম লিখা।       HS-2011
উত্তৰঃ-চৰকাৰী হিচাব পৰীক্ষা কমিটি।

22. ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ- 250 জন

23. ভাৰতীয় সংসদৰ সদন কেইখন?
উত্তৰঃ-দুখন

25. ভাৰতীয় সংসদ সদন দুখনৰ নাম লিখা।
উত্তৰঃ-লোকসভা আৰু ৰাজ্যসভা

26. ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম কি?
উত্তৰঃ-ৰাজ্যসভা

27. উচ্চ সদন থকা এখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- বিহাৰ

28. সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ এটা উপায় লিখা।
উত্তৰঃ- অনাস্থাৰ প্ৰস্তাৱ

29. সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে?
উত্তৰঃ- ৰাষ্ট্ৰপতিয়ে

30. লোকসভাৰ দুখন অধিবেশনৰ মাজত কিমান দিনৰ বেছি ব্যৱধান থাকিব নোৱাৰে?
উত্তৰঃ-৬ মাহ।

31. লোকসভাত কোনে কোনে বাজেট দাখিল কৰে?
উত্তৰঃ-বিত্তমন্ত্ৰীয়ে

32. ৰাজ্যসভাই বিত্তীয় বিল এখন পোৱাৰ কিমান দিনৰ ভিতৰত লোকসভালৈ ঘূৰাই দিব লাগে?
উত্তৰঃ-১৪ দিনৰ ভিতৰত।

33. এখন বিধেয়ক (bill) বিত্ত বিষয়ক হয় নে নহয় কোনে নিৰ্ণয় কৰে?
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

34. লোকসভাত নিৰ্ণায়ক ভোট কোনে দিব পাৰে।
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

35. ভাৰতৰ ৰাষ্ট্ৰৰ মূৰব্বী কোন?
উত্তৰঃ-ৰাষ্ট্ৰপতি

36. ভাৰতৰ চৰকাৰৰ মূৰব্বী কোন?
উত্তৰঃ-প্ৰধানমন্ত্ৰী

37. সংসদৰ এখন সদনত বিধেয়ক (bill) খন গৃহীত হোৱাৰ পাছত আনক সদনে সিদ্ধান্ত গ্ৰহণ নকৰাকৈ কিমান দিন ৰাখি থ'ব পাৰে?
উত্তৰঃ-ছমাহ

38. ভাৰতৰ সংসদ হ'ল-
(ক) এক সদনীয়     (খ) দ্বি-সদনীয়
(গ) তিনি-সদনীয়    (ঘ) চাৰি সদনীয়

উত্তৰঃ-দ্বি-সদনীয়

39. ভাৰতীয় সংসদৰ নিম্ন সদনক কোৱা হয়-
(ক) ৰাজ্যসভা     (খ) লোকসভা
(গ) বিধান সভা    (ঘ) বিধান পৰিষদ

উত্তৰঃ-লোকসভা

40. ৰাজ্যসভাৰ কাৰ্যকাল হ'ল-
(ক) ৫ বছৰ     (খ) ৪ বছৰ
(গ) ৬ বছৰ        (ঘ) ৩ বছৰ

উত্তৰঃ-৬ বছৰ

41. লোকসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্য হ'ল-
(ক) ৫৫০ জন     (খ) ৫৩৪ জন
(গ) ৫৫২ জন        (ঘ) ৫৪৫ জন

উত্তৰঃ-৫৪৫ জন

42. ৰাজ্যসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্য হ'ল-
(ক) ২৪৪ জন     (খ) ২৫০ জন
(গ) ২৩৮ জন    (ঘ) ২৬০ জন

উত্তৰঃ-২৩৮ জন

43. এখন বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছত পঠোৱা হয়-
(ক) অধ্যক্ষলৈ     (খ) উচ্চতম ন্যায়ালয়লৈ
(গ) প্ৰধানমন্ত্ৰীলৈ    (ঘ) ৰাষ্ট্ৰপতিলৈ

উত্তৰঃ-ৰাষ্ট্ৰপতিলৈ

44. লোকসভাৰ অধ্যক্ষৰ দুটা মূল ভূমিকা উল্লেখ কৰা।   HS-2015
উত্তৰঃ-(ক) অৰ্থবিল চিনাক্তকৰা আৰু (খ) লোকসভাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা।

45. লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্য মনোনীত কৰা হয়?  HS-2016
উত্তৰঃ-ৰাষ্ট্ৰপতিয়ে দুজন ইঙ্গ-ভাৰতীয় (Aglo-Indian) সদস্যক মনোনীত কৰিব পাৰে।

46. ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা।    HS-2016
উত্তৰঃ-(ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু
(খ) তেওঁৰ বয়স অন্ততঃ ৩০ বছৰ হ'ব লাগিব।

47. ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা।  HS-2016
উত্তৰঃ-(ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু (খ) তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ হ'ব লাগিব।

48. কি দুটা পৰিস্থিতিত সংসদে ৰাজ্যিক বিষয়ত আইন প্ৰণয়ন কৰিব পাৰে?
উত্তৰঃ- (ক) ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে আৰু (খ) ৰাজ্যসভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাজ্যিকসূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে।

49. দ্বি-সদন বিধানমণ্ডল থকা ৰাজ্যবোৰৰ নাম লিখা।
উত্তৰঃ-বিহাৰ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনা।

50. কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা।      HS-2019  2
উত্তৰঃ-(i) অৰ্থবিল অকল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি।
(ii) কোনো বিল অর্থবিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই।

51. ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা উল্লেখ কৰা।          HS-2018  2
উত্তৰঃ-(i) ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক পদচ্যুত কৰাৰ প্ৰস্তাৱ ৰাজ্যসভাই গ্ৰহণ কৰে। লোকসভাই উপ-ৰাষ্ট্ৰপতিক পদচ্যুত কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব নোৱাৰে।
(ii) ৰাজ্যসভাই জাতীয় স্বার্থত ৰাজ্য তালিকাভুক্ত কোনো বিষয়ত আইন প্ৰণয়ন কৰিবলৈ সংসদক অনুৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত ৰাজ্যসভাক প্ৰাধান্য দিয়া হৈছে।

52. কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা।  HS-2019  2
উত্তৰঃ-১। অৰ্থবিল অকল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি।
২। কোনো বিল অর্থবিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই।

দীঘল প্ৰশ্নোত্তৰ Essay type Questions' Answer
1. ভাৰতীয় সংসদৰ চাৰিটা কাৰ্য ব্যাখ্যা কৰা।    HS-2017 4
(অথবা) ভাৰতীয় সংসদৰ কাৰ্যাৱলী আলোচনা কৰা।     HS-2019 6

উত্তৰঃ-সংসদৰ ক্ষমতা আৰু কার্য : ভাৰতীয় সংসদৰ বিভিন্ন ক্ষমতা আৰু কার্য তলত দিয়া ধৰণৰ :
(i) বিধায়ী ক্ষমতা : সংসদ ভাৰতৰ বিধায়ী অংগ। কেন্দ্ৰীয়সূচী আৰু সমৱৰ্তীসূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত ই আইন প্ৰণয়ন কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে আৰু ৰাজ্যসভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাজ্যিকসূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে। ইয়াৰ উপৰিও, জাতীয় স্বার্থৰ হকে নাইবা বৈদেশিক চুক্তি, সন্ধি আদি কাৰ্যকৰী কৰিবলৈ সংসদৰ আইন প্ৰণয়নৰ কর্তৃত্ব আছে।
(ii) প্ৰশাসনীয় ক্ষমতা : সংসদে ভাৰত চৰকাৰক নিয়ন্ত্ৰণ কৰে। কাৰ্যপালিকা বা মন্ত্ৰীসভা ইয়াৰ  কামাৰ বাবে সংসদৰ ওচৰত দায়ী থাকে। সংসদৰ সদস্যসকলে অৱতাৰণা কৰা বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰীসকলে দিবলৈ বাধ্য থাকে। চৰকাৰে বিভিন্ন বিভাগৰ কামত কৰা খৰচ-পাতিৰ হিচাপ আদি প্ৰকল্প কমিটিৰ দ্বাৰা পৰীক্ষা কৰাব পাৰে।  
(iii) বিত্তীয় ক্ষমতা : সংসদে ভাৰতৰ ৰাজকোষ নিয়ন্ত্ৰণ কৰে। সংসদৰ বিনা অনুমতিত চৰকাৰে পইচা এটাও খৰচ কৰিব নোৱাৰে। চৰকাৰে কোন বির্ভাগত কিমান ধন খৰচ কৰিব ইত্যাদি সকলোতে সংসদৰ অনুমোদনৰ আৱশ্যক। সংসদৰ বিনা অনুমতিত কোনো নতুন কৰ ধাৰ্য আৰু আদায় কৰিব নোৱাৰে।
(iv) বিচাৰ ক্ষমতা : সংসদৰ বিচাৰবিষয়ক কিছু ক্ষমতা আছে। সংবিধানৰ বিৰুদ্ধাচৰণ কৰিলে বা অইন কোনো কাৰণে সংসদৰ যিকোনো সদনে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে। উভয় সদনৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটাৰৰ দ্বাৰা গৃহীত প্ৰভাৱৰ ফলত ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিব পাৰে।
(v) নির্বাচনী ক্ষমতা : ভাৰতীয় সংসদৰ নির্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নির্বাচনত অংশগ্ৰহণ কৰিব পাৰে। উভয় সদনৰ আনসকলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নির্বাচিত কৰিব লাগে।
(vi) সংবিধান সংশোধন ক্ষমতা : সংবিধানৰ কোনো দফা সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন কৰাৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা একচেটিয়া। সংসদৰ বিনা অনুমোদনত সংবিধান সংশোধন হ’ব নোৱাৰে।

2. ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।         HS-2018 6
উত্তৰঃ-ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যসমূহক প্ৰধানতঃ পাঁচটা ভাগত ভাগ কৰিব পাৰি। তলত সেইবিলাক আলোচনা কৰা হ'লঃ-
(ক) আইন প্ৰণয়নবিষয়ক ক্ষমতা : অর্থসংক্ৰান্তীয় বিলৰ বাহিৰে আন সকলো বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। এই সভাৰ সন্মতি নহ'লে কোনো বিলেই আইনত পৰিণত হ'ব নোৱাৰে। ৰাজ্যসভাই সাধাৰণ বিল অনুমোদন ক্ষেত্ৰত লোকসভাৰ দৰে সমান ক্ষমতা ভোগ কৰে। কোনো বিলৰ বিষয়ে দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে ৰাষ্ট্ৰপতিয়ে উভয় সনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে।
(খ) আর্থসংক্ৰান্তীয় ক্ষমতা : ৰাজ্যসভাত কোনো অর্থসংক্ৰান্তীয় বিল উত্থাপন কৰিব নোৱাৰি। আর্থিক বিষয়ত ইয়াৰ বিশেষ ক্ষমতা নাই। লোকসভাৰ দ্বাৰা গৃহীত অর্থবিল ৰাজ্যসভাৰ বিবেচনাৰ বাবে পঠিওৱা হয়। ৰাজ্যসভাই বিল পোৱাৰ ১৪ দিনৰ ভিতৰত লোকসভাৰ ওচৰত নিজৰ মতামত পঠিয়াব লাগিব। ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত বিলখন ওভতাই নপঠিয়ালে লোকসভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যসভাই বিলখন গ্ৰহণ কৰিছে।
(গ) শাসনসংক্ৰান্তীয় ক্ষমতা : চৰকাৰ গঠন আৰু অপসাৰণত ৰাজ্যসভাৰ প্ৰকৃত ক্ষমতা নাই। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যসভাৰ যথেষ্ট ক্ষমতা আছে। ই চৰকাৰক সমালোচনা কৰিব পাৰে, নানা প্ৰশ্ন সুধিব পাৰে আৰু প্ৰশ্নৰ উত্তৰ দিয়ে। চৰকাৰে ৰাজ্যসভাৰ অস্তিত্বক উপেক্ষা কৰিব নোৱাৰে। কাৰণ, জনমতৰ ওপৰত ৰাজ্যসভাৰ যথেষ্ট প্ৰভাব আছে।
(ঘ) সাংবিধানিক ক্ষমতা : ৰাজ্যসভাই লোকসভাৰ সৈতে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰে। ৰাজ্যসভাত সংবিধান সংশোধনী বিল উত্থাপন কৰিব পাৰি। এই সম্পর্কত দুয়ো সদনেই সমানে ক্ষমতাশালী। সংবিধান সংশোধনী বিল উভয় সদনত বেলেগ বেলেগকৈ নিৰ্ধাৰিত সংখ্যাধিক্য ভোটত গৃহীত হ'ব লাগিব।
(ঙ)বিবিধ ক্ষমতা : ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। ৰাজ্যসভাই ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰকসকলৰ অপসাৰণতে অংশগ্ৰহণ কৰে। ৰাজ্যসভাই ইয়াৰ দুই-তৃতীয়াংশ সদস্যৰ সংখ্যাধিক্য ভোটত প্ৰস্তাৱ গ্ৰহণ কৰি জাতীয় স্বার্থ সংৰক্ষণৰ কাৰণে সংসদক কোনো ৰাজ্য তালিকাভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিবলৈ ক্ষমতা দিব পাৰে।

3. ভাৰতৰ সংসদৰ দুয়োটা সদনৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।         HS-2016 marks-6
(অথবা) ৰাজ্যসভা আৰু লোকসভাৰ চাৰিটা সমান ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ-লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতা : কিছুমান বিষয়ত লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতা থকা দেখা যায়-
(ক) সাধাৰণ আইন প্ৰণয়নত সমান কর্তৃত্ব : অর্থবিলৰ বাহিৰে আন কোনো বিল সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এই বিল আইনত পৰিণত হ'বলৈ হ'লে উভয় সদনে ইয়াক অনুমোদন কৰিব লাগিব।
(খ) ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নির্বাচনত থকা সম্পর্ক : ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দুয়ো সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰে আৰু সকলোৰে ভোটৰ মূল্য সমান। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ অপসাৰণৰ ক্ষেত্ৰতো দুয়ো সদনে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব।
(গ) সংবিধান সংশোধনত উভয় সদনৰ সম্পর্ক : সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ ক্ষমতা সমান। সংবিধান সংশোধনী বিল যিকোনো সদনত উত্থাপন কৰিব পাৰি আৰু ইয়াত দুয়ো সদনৰ সন্মতিৰ প্ৰয়োজন।
(ঘ) জৰুৰী অৱস্থা অনুমোদনৰ ক্ষেত্ৰত : ৰাষ্ট্ৰপতিৰ জৰুৰী অৱস্থাসংক্ৰান্তীয় ঘোষণা সংসদৰ উভয় সদনত অনুমোদনৰ বাবে উত্থাপন কৰা হয়। ইয়াত দুয়ো সদনৰ অনুমোদনৰ প্ৰয়োজন।
(ঙ)ন্যায়াধীশ অপসাৰণৰ ক্ষেত্ৰত : ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰপতিসকলক অপসাৰণ কৰাৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা সমান ক্ষমতাৰ অধিকাৰী।
(চ) প্ৰতিবেদন অনুমোদনৰ ক্ষেত্ৰত : ৰাষ্ট্ৰপতিয়ে সংসদৰ ওচৰত দাখিল কৰা বিভিন্ন প্ৰতিবেদন, যেনে- কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বছেৰেকীয়া প্ৰতিবেদন, নিয়ন্ত্ৰক তথা মহালেখা পৰীক্ষকৰ প্ৰতিবেদন আদি পৰীক্ষা-নিৰীক্ষা কৰাৰ ক্ষেত্ৰত উভয় সদন সমান ক্ষমতাৰ অধিকাৰী।

4. লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।             HS-2016    marks-6
উত্তৰঃ-ভাৰতৰ লোকসভাৰ অধ্যক্ষৰ পদটো এটা অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদবী। যি গৰাকী ব্যক্তিয়ে লোকসভাৰ অধিবেশনত সভাপতিত্ব কৰে তেওঁকে অধ্যক্ষ বোলা হয়। পদমর্যাদাৰ তালিকাত অধ্যক্ষৰ স্থান সপ্তম। তলত তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা হ'ল-
(ক) লোকসভাৰ সভাপতি : অধ্যক্ষই লোকসভাৰ আটাইবোৰ অধিৱেশনত সভাপতিত্ব কৰে। তেওঁ সংসদৰ যুটীয়া অধিৱেশনতো সভাপতিত্ব কৰিব লাগে। সভা পৰিচালনাৰ নিয়ম-কানুন অধ্যক্ষই ব্যাখ্যা কৰে। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই সভাৰ কাম পৰিচালনা কৰে।
(খ) লোকসভাৰ কাৰ্যসূচী নির্ধাৰণ : অধ্যক্ষই লোকসভা পৰিচালনা বিধি অনুযায়ী ইয়াৰ অধিৱেশন পৰিচালনা কৰে। সভাত কোনটো প্রস্তাৱ উত্থাপন কৰা হ'ব, সদস্যসকলক কি প্রশ্ন সুধিবলৈ দিয়া হ'ব, কোন প্ৰস্তাৱৰ আলোচনাৰ জাননী গৃহীত হ'ব, সভাত উত্থাপিত অতিৰিক্ত প্রশ্ন বৈধ হয় নে নহয়, দৃষ্টি আকর্ষণকাৰী প্ৰস্তাৱ দাঙি ধৰাৰ অনুমতি দিয়া হ'ব নে নাই- এই সকলো বিষয়ত অধ্যক্ষৰ সিদ্ধান্তই চূড়ান্ত।
(গ) সংসদৰ সদস্যসকলৰ অধিকাৰ ৰক্ষা : অধ্যক্ষই লোকসভাৰ সদস্যসকলৰ অধিকাৰসমূহ ৰক্ষা কৰিব লাগে। লোকসভাৰ সদস্যসকলে কিছুমান বিশেষাধিকাৰ ভোগ কৰে। কোনো সদস্যৰ অধিকাৰ ভংগ হ'লে অধ্যক্ষই যথাযোগ্য ব্যৱস্থা গ্রহণ কৰে। কোনোবাই সদনক অৱমাননা কৰিলে অধ্যক্ষই যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰি শাস্তি প্রদান কৰিব পাৰে।
(ঘ) অর্থবিল চিনাক্তকৰণ : সদনত উত্থাপন কৰা কোনো বিল অর্থবিল হয় নে নহয় সেই বিষয়ে মতানৈক্য হ'লে সেই বিষয়ত অধ্যক্ষই সিদ্ধান্ত গ্রহণ কৰে। তেওঁৰ সিদ্ধান্তকে চূড়ান্ত বুলি বিবেচনা কৰা হয়।
(ঙ) সংসদ কমিটিৰ যুটীয়া অধিৱেশনত সভাপতিত্ব : সংসদৰ দুয়ো সদনৰ যুটীয়া অধিৱেশন হ'লে সেই যুটীয়া অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। এই ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষৰ ক্ষমতা ৰাজ্যসভাৰ সভাপতিতকৈ অধিক।
(চ) সদনৰ কমিটি গঠনৰ ক্ষমতা : লোকসভাৰ কিছুমান কমিটি আছে। এই কমিটিসমূহৰ পৰিচালনাত অধ্যক্ষই গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিব লাগে। তেওঁ বিভিন্ন কমিটি গঠন কৰে আৰু এই কমিটিসমূহৰ সভাপতিসকলক নিয়োগ কৰে। অধ্যক্ষই নিজেও কিছুমান কমিটিৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰে।

5. সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ চাৰিটা আহিলা বৰ্ণনা কৰা।     HS-2017 4
(অথবা) ভাৰতৰ সংসদে কেনেকৈ কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰে।         HS-2018 6

উত্তৰঃ-সংসদে তলত উল্লেখ কৰা বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰিব পাৰে।
(ক) পর্যালোচনা আৰু আলোচনা : আমাৰ সংবিধানৰ ৭৫-নং অনুচ্ছেদ অনুযায়ী কার্যপালিকা মন্ত্রীসভা সংসদৰ ওচৰত দায়িত্বশীল। সেয়ে সংসদৰ সদস্যসকলে কাৰ্যপালিকাই গ্রহণ কৰা নীতি-নির্দেশনা কিদৰে বাস্তৱায়িত কৰা হয় সেই বিষয়ে পর্যালোচনা কৰিব পাৰে। পর্যালোচনা নিয়ন্ত্ৰণৰ উপৰিও সদনত আলোচনা হোৱাৰ সাধাৰণ আলোচনাৰ ওপৰতো নিয়ন্ত্রণ সাব্যস্ত কৰি পাৰে।
(খ) প্রশ্নোত্তৰ কাল : কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্রণ চলোৱাৰ আন এটা অন্যতম উপায় হৈ একস প্রশ্ন উত্থাপন। সংসদীয় গণতন্ত্রত মন্ত্রীসকল সংসদ সদস্য। তেওঁলোকে সদনত উপস্থিত থাকে আৰু সংসদৰ সদস্যই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগে। পৰিপূৰক প্রশ্ন সোধাৰ ব্যৱস্থাও থাকে। সংসদীয় ব্যৱস্থাৰ প্ৰচলন থকা দেশৰ বিধানমণ্ডলত এক ঘণ্টা সময় প্রশ্ন সোধাৰ কাৰণে আছুতীয়াকৈ ৰখা হয়। এই কালছোৱাক প্রশ্নোত্তৰ কাল বোলা হয়।
(গ) বিত্তীয় নিয়ন্ত্রণ : চৰকাৰী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্রয়োজনীয় বিত্ত বাজেটৰ জৰিয়তে মঞ্জুৰ কৰা হয়। বিধানমণ্ডলৰ অনুমোদনৰ বাবে বাজেট প্রস্তুত আৰু উত্থাপন কৰিবলৈ চৰকাৰ সাংবিধানিকভাৱে বাধ্য। বিধানমণ্ডলৰ অনুমোদনক্রমে চৰকাৰে ধন খৰচ কৰাৰ অধিকাৰ পায়। বিত্তমন্ত্রীয়ে প্রথমে সংসদৰ নিম্ন সদন লোকসভাত প্রত্যেক আর্থিক বছৰৰ আৰম্ভণিতে বাজেট উত্থাপন কৰে।
(ঘ) সভাস্থগিত প্রস্তাৱ : বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'লে সদনৰ কোনো সদস্যই সভাস্থগিত প্রস্তাৱ উত্থাপন কৰাৰ সুযোগ গ্রহণ কৰিব পাৰে আৰু এনে প্রস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কার্যপালিকাৰ ওপৰত নিয়ন্ত্রণ চলোৱাৰ সুবিধা গ্রহণ কৰিব পাৰে। অৱশ্যে সভাস্থগিত প্রস্তাৱ বিধানমণ্ডলত আলোচনা হ'ব নে নহ'ব সেইটো সদনৰ সভাপতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।
(ঙ) অনাস্থা প্রস্তাৱ : কাৰ্যপালিকাৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ সংসদৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্র হৈছে অনাস্থা প্রস্তাৱ। অর্থাৎ কাৰ্যপালিকাই মন্ত্রীসভাৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্রস্তাৱ নাইবা নিন্দাসূচক প্রস্তাৱ উত্থাপন কৰিব পাৰে। চৰকাৰী নীতি কার্যকাৰী কৰাত চৰকাৰ ব্যর্থ হ'লে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰাৰ ব্যৱস্থা আছে।
(চ) সন্মতি আৰু অনুমোদন : সংসদৰ সন্মতি আৰু অনুমোদন সংসদীয় নিয়ন্ত্ৰণৰ এটা অন্যতম উপায়। সংসদৰ অনুমোদন অবিহনে কোনো আইনৰ সৃষ্টি হ'ব নোৱাৰে। সংসদত সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ এখনে কোনো বিধেয়ক সদনত অনুমোদন কৰোৱাত কোনো অসুবিধা নাই। সংখ্যাগৰিষ্ঠ দল হিচাপে মন্ত্রীসকলৰ সিদ্ধান্ত সংসদত প্রত্যাখ্যান হোৱাৰ কোনো অসুবিধা নাই। অৱশ্যে বহু সময়ত অনুমোদন সহজলভ্য নহবও পাৰে।
    এইদৰে বিধানমণ্ডলে বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্ৰণৰ আওতাৰ ভিতৰত ৰাখি চৰকাৰৰ জনসাধাৰণৰ প্রতি থকা দায়বদ্ধতা নিশ্চিত কৰিব পাৰে।

6. লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।  
উত্তৰঃ-আইন প্ৰণয়নৰ উপৰিও লোকসভাই বহুতো গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে। তলত লোকসভাৰ ক্ষমতা আৰু কাৰ্যৰ আলোচনা কৰা হ'ল।
(ক)শাসনসংক্ৰান্তীয় ক্ষমতা : লোকসভাৰ প্ৰধান কর্তব্য হৈছে শাসনব্যৱস্থাক নিয়ন্ত্ৰণ কৰা। সংবিধানৰ ৭৫(৩)নং অনুচ্ছেদ মতে মন্ত্ৰীপৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত দায়ী। লোকসভাই চৰকাৰ গঠনত এটি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলোকৰ নেতা নির্বাচিত কৰে আৰু সেই নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰে। লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থনৰ ওপৰতহে মন্ত্ৰীপৰিষদৰ কার্যকাল নির্ভৰ কৰে।
(খ) আইন প্ৰণয়ন ক্ষমতা : আইন প্ৰণয়ন কৰোঁতে ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা এই তিনিওৰে সম্মতি প্ৰয়োজন। সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত উভয় সদন, সমানে ক্ষমতাশালী। যিকোনো বিল লোকসভা বা ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। লোকসভাৰ সম্মতি নহ'লে কোনো বিল আইনত পৰিণত হ'ব নোৱাৰে। সাধাৰণ বিল অনুমোদনৰ ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য বেছি।
(গ) আৰ্থিক ক্ষমতা : লোকসভাক ভাৰতৰ আর্থিক ব্যবস্থাৰ প্ৰধান নিয়ন্ত্ৰক বুলি ক'ব পাৰি। অৰ্থবিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। এই সভাই চৰকাৰৰ আৰ্থিক নীতি আৰু আয়-ব্যায় নিয়ন্ত্ৰণ কৰি। বাজেট প্ৰণয়নৰ ক্ষেত্ৰতো লোকসভা সৰ্বেসৰ্বা। ৰাজ্যসভাই কোনো অৰ্থবিল পাছ কৰাত মাত্ৰ ১৪ দিন পলম কৰিব পাৰে। কোনো বিল অৰ্থবিল হয় নে নহয় সেইটো লোকসভাৰ অধ্যক্ষইহে স্থিৰ কৰিব।
(ঘ) সাংবিধানিক ক্ষমতা : লোকসভাই সংবিধান সংশোধনত অংশগ্ৰহণ কৰে। ইয়াৰ সমর্থন অবিহনে সংবিধান সংশোধন কৰিব নোৱাৰি। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে এই ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য দেখা যায়। কাৰণ যুটীয়া অধিৱেশনত এখন বিল পাছ কৰা লোকসভাৰ পক্ষে সহজ হয়।
(ঙ) বিবিধ ক্ষমতা : ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত জৰুৰী অৱস্থা বলবৎ ৰাখিবলৈ হ'লে সংসদৰ উভয় সদনে ঘোষণাৰ প্ৰতি অনুমোদন জনাব লাগিব। সংসদে অনুমোদন নকৰিলে জৰুৰী অৱস্থাৰ অন্ত পৰে। লোকসভাই অধিকাৰ ভংগৰ বা কোনো সদস্যক বা আন কোনো ব্যক্তিক শাস্তি দিব পাৰে।

7. সংসদে কেনেকৈ আইন প্ৰণয়ন কৰে ব্যাখ্যা কৰা।     marks-6
উত্তৰঃ-ভাৰতবৰ্ষৰ সংবিধানৰ ১০৭ ৰ পৰা ১২২নং অনুচ্ছেদত সংসদৰ আইন প্রণয়নৰ ব্যৱস্থাসমূহ লিপিবদ্ধ কৰা আছে। সংসদত আইন প্রণয়নৰ বাবে উত্থাপন কৰা প্ৰস্তাৱক ‘বিধেয়ক’ (Bill) বোলা হয়। বিধেয়ক এখন সাংবিধানিক প্রক্রিয়া অনুসৰি উভয় সদনৰ দ্বাৰা অনুমোদিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে আইনত পৰিণত হয়।
    সাধাৰণ বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। সাধাৰণ বিধেয়ক এখন আইনত পৰিণত হ'বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে। এই স্তৰ তিনিটা হ’ল- (i) প্রথম পাঠ, (ii) দ্বিতীয় পাঠ আৰু (iii) তৃতীয় পাঠ
(i) প্রথম পাঠ (First Reading) : বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমতি লাভ কৰাৰ পিছত বিধেয়ক উত্থাপনকাৰীয়ে সংশ্লিষ্ট সদনত বিধেয়কখনৰ শিৰোনামটো পাঠ কৰি দিয়ে। ইয়াক বিধেয়কখনৰ প্রথম পাঠ বোলা হয়। ইয়াৰ পিছত বিধেয়কখন জনসাধাৰণৰ জ্ঞাতার্থে ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ কৰা হয় আৰু ইয়াৰ ছপা প্রতিলিপি সদনৰ প্ৰতিজন সদস্যক দিয়া হয়। এইখিনিতে বিধেয়কখনৰ প্রথম পাঠৰ অন্ত পৰে।
(ii) দ্বিতীয় পাঠ (Second Reading) : বিধেয়ক এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত দ্বিতীয় পাঠটো অতিশয় গুৰুত্বপূর্ণ। প্রথম পাঠ অন্ত হোৱাৰ পিছত সদনে নির্দিষ্ট কৰি দিয়া দিন আৰু সময়ত দ্বিতীয় পাঠ আৰম্ভ হয়। দ্বিতীয় পাঠৰ সময়ত বিধেয়ক উত্থাপনকাৰীৰ সন্মুখত চাৰিটা পছন্দ (Option) থাকে আৰু তেওঁ যিকোনো এটা গ্রহণ কৰিব লাগে, পছন্দ চাৰিটা হলঃ (ক) বিধেয়কখন সদনত আলোচনাৰ বাৰে গ্ৰহণ কৰা হওঁক, (খ) বিধেয়কখন বাছনি কমিটীলৈ প্ৰেৰণ কৰা হওক, (গ) বিধেয়কখন জনসাধাৰণৰ মতামতৰ বাবে প্ৰচাৰ কৰা হওঁক, নাইবা (ঘ) বিধেয়কখন উভয় সদনৰ যুটীয়া কমিটীলৈ পঠোৱা হওক। বিধেয়কখন অতিশয় গুৰুত্বপূৰ্ণ হ'লেহে তৎকালীনভাৱে সদনত আলোচনা কৰা হয় আৰু বিধেয়কখন বিতর্কিত ধৰণৰ হ'লেহে জনমতৰ বাবে প্ৰচাৰ কৰা হয়। সাধাৰণতে দেখা যায় বিধেয়কবোৰ বিবেচনা কৰি তাৰ ওপৰত প্রতিবেদন দাখিল কৰাৰ বাবে বাছনি কমিটীলৈ প্ৰেৰণ কৰা হয়।
কমিটি পর্যায় : যেতিয়া কোনো বিল বাছনি কমিটিলৈ পঠিওৱা হয়, তেতিয়া কমিটিয়ে সকলো ফালৰ পৰা বিবেচনা কৰে আৰু আলোচনা কৰি ইয়াক ভালদৰে ৰচনা কৰে। বিলৰ এই পর্যায়ক কমিটি পর্যায় বোলা হয়। ইয়াৰ পিছত কমিটি সভাপতিয়ে ৰচিত বিলখন সংশ্লিষ্ট সদনত দাখিল কৰে। বিল পাঠৰ এই স্থাৰক প্ৰতিবেদন স্কুৰ বোলে। ইয়াৰ পিছত সদনে বিলৰ প্ৰতিটো ধাৰা আৰু উপধাৰা আলোচনা কৰে আৰু প্ৰয়োজনীয় সংশোধন কৰে। বিল পাছৰ এই পর্যায় বৰ জটিল। এই পাঠত বিল গৃহীত হ'লে দ্বিতীয় পাঠৰ অন্ত পৰে।
(iii) তৃতীয় পাঠ (Third Reading) : তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সবিশেষ আলোচনা কৰা নহয়; কাৰণ সকলোধৰণৰ আলোচনা দ্বিতীয় পাঠৰ সময়তে শেষ হয়। তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সামগ্রিকভাৱে আলোচনা কৰা হয়। আৰু প্রয়োজন হ'লে মৌখিক সংশোধনৰ বাবেহে অনুমতি দিব পাৰে। ইয়াৰ পিছত বিধেয়খনৰ ওপৰত পুনৰ ভোট গ্রহণ কৰা হয় আৰু ভোট দিয়া সদস্যসকলৰ গৰিষ্ঠসংখ্যকে সমর্থন জনালে বিধেয়কখন সেইখন সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়।
আন সদনলৈ বিল প্ৰেৰণ : সংসদৰ এখন সদনত বিলখন গৃহীত হোৱাৰ পিছত আন সদনলৈ ইয়াক অনুমোদনৰ বাবে পঠিওৱা হয়। এই সদনতো বিলখনে প্ৰাৰম্ভিক সদনৰ দৰে বিভিন্ন পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়, (ক) আন সদনে বিলখন বিল সংশোধনত গ্ৰহণ কৰিব পাৰে, (খ) বিলৰ পওৰত সংশোধনী প্ৰস্তাৱ তুলিব পাৰে, (গ) বিলখন নাকচ কৰিব পাৰে, (ঘ) বিলখন ছমাহৰ বাবে সিদ্ধান্ত গ্ৰহণ নকৰি ৰাখি থ'ব পাৰে।
    কোনো বিল সম্পৰ্কে দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে বিলখন এখন সদনে গ্ৰহণ কৰাৰ ছমাহৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনৰ ঘুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই সভাৰ উপস্থিত আৰু ভোটদানকাৰী সদস্যসকলোৰ সংখ্যাগৰিষ্ঠৰ ভোটত বিলখন গ্ৰহণ কৰা হয়।
ৰাষ্ট্ৰপতিৰ সন্মতি : সংসদৰ উভয় সদনৰ দ্বাৰা বিধেয়কখন অনুমোদিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্রেৰণ কৰা হয়। বিধেয়কখনত ৰাষ্ট্রপতিয়ে সন্মতি প্রদান কৰিলে ই আইনত পৰিণত হয়। অৱশ্যে, বিধেয়কখনত ৰাষ্ট্রপতিয়ে প্ৰথমতে সন্মতি নিদি কেতবোৰ সংশোধনী নির্দেশ দি উত্থাপিত হোৱা সদনলৈ পুনৰ বিবেচনা কৰিবৰ বাবে ঘূৰাই পঠিয়াবও পাৰে। এই ক্ষেত্ৰত সংসদে বিধেয়কখন পুনৰ বিবেচনা কৰি বা নকৰাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত দ্বিতীয়বাৰ প্ৰেৰণ কৰিলে, ৰাষ্ট্রপতিয়ে বিধেয়কখনত সন্মতি প্রদান কৰিবলৈ বাধ্য হয়। এনেদৰে এখন সাধাৰণ বিধেয়ক আইনত পৰিণত কৰা হয়।

8. ৰাজ্যৰ বিধানসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।          HS-2015
উত্তৰঃ-বিধানসভা হ’ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্ন সদন। বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্রত্যক্ষ ভোটদানৰ জৰিয়তে নির্বাচিত কৰে। বর্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।
বিধানসভাৰ সদস্যৰ অৰ্হতা
বিধানসভাৰ সদস্য হ'বৰ বাবে প্রার্থীজনৰ তলত উল্লেখিত অতসমূহ থকাটো বাঞ্ছনীয়
(ক) প্রার্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব,
(খ) তেওঁৰ বয়স কমেও ২৫ বছৰ পূৰ্ণ হ'ব লাগিব,
(গ) সংসদে আইনৰদ্বাৰা নিৰ্ধাৰণ কৰি দিয়া অৰ্হতাসমূহ থাকিব লাগিব,
(ঘ) তেওঁ মানসিক বিকাৰগ্রস্ত নাইবা দেউলীয়া হ'ব নালাগিব,
(ঙ) তেওঁ কেন্দ্রীয় নাইবা ৰাজ্যিক চৰকাৰৰ অধীনত লাভজনক চাকৰিত নিয়োজিত ব্যক্তি হ'ব নালাগিব,
    বিধানসভাৰ কার্যকাল ৫ বছৰ। অৱশ্যে কার্যকাল সম্পূর্ণ হোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ পৰামর্শ অনুসৰি ৰাজ্যপালে বিধানসভা ভংগ কৰি দিব পাৰে। বিধানসভাৰ অধিৱেশন ৰাজ্যপালে আহ্বান কৰে আৰু তেওঁ স্থগিত ৰাখিবও পাৰে। অৱশ্যে এই ক্ষেত্ৰত সাধাৰণতে ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰে। বিধানসভাৰ অধিৱেশনত সভাপতিত্ব কৰিবৰ বাবে এজন অধ্যক্ষ আৰু তেওঁৰ অনুপস্থিতিত সভাৰ কাম পৰিচালনা কৰাৰ বাবে এজন উপাধ্যক্ষ থাকে।

বিধানসভাৰ ক্ষমতা আৰু কার্যাৱলী—
(ক)আইন প্রণয়নমূলক ক্ষমতা আৰু কাৰ্য : বিধানসভাৰ প্রধান কার্য হ'ল আইন প্রণয়ন কৰা। ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত আৰু সমৱৰ্তী তালিকাভুক্ত বিষয়ৰ ওপৰত বিধানসভাই আইন প্রণয়ন কৰিব পাৰে। বিধানসভাত গৃহীত হোৱা বিধেয়কখন দ্বি-সদনযুক্ত বিধানমণ্ডল থকা ৰাজ্যবোৰৰ ক্ষেত্ৰত বিধান পৰিষদত আৰু যদি ৰাজ্যখনত বিধান-পৰিষদ নাথাকে তেন্তে পোনে পোনে ৰাজ্যপালৰ সন্মতিৰ বাবে প্রেৰণ কৰা হয়। ৰাজ্যপালে সন্মতি দান কৰিলে বিধেয়কখন আইনত পৰিণত হয়।
(খ) অর্থ-সংক্রান্ত ক্ষমতা আৰ কাৰ্য : ৰাজ্যৰ বিত্তীয় বিষয়ত বিধানসভাৰ একচেটিয়া নিয়ন্ত্রণ থাকে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অর্থ-সংক্রান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপন কৰিব লাগে। বিধানসভাৰ বিনা অনুমোদনত নতুন কৰ ধার্য, পুৰণি কৰ উঠাই দিয়া নাইবা চলি থকা কৰৰ হাৰ সাল-সলনি কৰিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ'লে বিধানসভাৰ অনুমোদনৰ প্রয়োজন হয়।
(গ) মন্ত্রী-পৰিষদৰ ওপৰত নিয়ন্ত্রণ : বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্রী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামর্শ অনুসৰি ৰাজ্যপালে আন আন মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ। বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্রী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে। মন্ত্রী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্টনহ'লে অনাস্থা প্রস্তাৱ উত্থাপন কৰি মন্ত্রী-পৰিষদৰ পতন ঘটাব পাৰে।
(ঘ) সংবিধান সংশোধন কৰা ক্ষমতা আৰু কার্য : ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্রীয় সংসদক অসীম ক্ষমতা অর্পণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্রয়োজন হয়।
(ঙ) নির্বাচনী ক্ষমতা আৰু কাৰ্য : ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি নির্বাচন কৰাৰ সময়ত বিধানসভা নির্বাচিত সদস্যসকলে অংশগ্রহণ কৰে। ৰাজ্যসভাৰ সদস্যসকল বিধানসভাৰ সদস্যসকলৰ দ্বাৰা নির্বাচিত হয়। ইয়াৰ উপৰি বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা নির্বাচিত কৰি লয়।
(চ) অন্যান্য ক্ষমতা আৰুকার্য : ৰাজ্যিক লোকসেৱা আয়োগ আৰু প্রধান হিচাপ পৰীক্ষক আদিৰ প্ৰতিৱেদনৰ ওপৰত বিধানসভাই আলোচনা কৰে। বিধানসভাখন হ'ল জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ প্রতিফলিত কৰা মঞ্চ আৰু ইয়াৰ প্রতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা মাধ্যম।

 

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
Previous
Next Post »