-->

অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা । Economic structure & potentialities in Assam

 

                  দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন

অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা 
Economic structure and potentialities in Assam

Class 12 Swadesh Adhyayan


 (1) সম্দপ হিচাপে গণ্য কৰিবলৈ হ'লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্ৰয়োজন?
(ক) কাৰ্যকাৰিতা    (খ) উপযোগিতা    (গ) গতিশীল        (ঘ) ক, খ আৰু গ তিনিওটা।


উত্তৰঃ- (ঘ) ক, খ আৰু গ তিনিওটা।

(2) অসমৰ কোন স্থানত প্ৰথমতে কয়লা (ক'ল হীৰা) আৱিস্কাৰ হৈছিল?
(ক) নাহৰকটীয়া    (খ) মাৰ্ঘেৰিটা        (গ) লিডু        (ঘ) মাকুম


উত্তৰঃ- (ঘ) মাকুম 

(3) অসমৰ খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল?
(ক) ১৮২২ চনত    (খ) ১৮৮৪ চনত    (গ) ১৯০১ চনত    (ঘ) ১৯৮৯ চনত

উত্তৰঃ- (ক) ১৮২২ চনত
 
(4) ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উত্‍পাদন কৰা হয়?
(ক) ২৭ শতাংশ    (খ) ৩৪ শতাংশ    (গ) ২২ শতাংশ    (ঘ) ১৭ শতাংশ

উত্তৰঃ- (ঘ) ১৭ শতাংশ

(5) তলৰ কোনটো শোধনাগাৰলৈ অসমত উত্‍পাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই-
(ক) নুনমাটি        (খ) হালদিয়া        (গ) মথুৰা        (ঘ) বাৰাউনী

উত্তৰঃ- (গ) মথুৰা

(6) প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে?
(ক) ৮-৯ শতাংশ    (খ) ১-১.৭ শতাংশ    (গ) ২-২.৪ শতাংশ    (ঘ) ৮০-৯০ শতাংশ

উত্তৰঃ- (ঘ) ৮০-৯০ শতাংশ

(7) উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত?
(ক) ১৭ শতাংশ    (খ) ২১ শতাংশ    (গ) ২৭ শতাংশ    (ঘ) ৩৭ শতাংশ

উত্তৰঃ- (খ) ২১ শতাংশ

(8) অসমত উত্‍পাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্ৰধান প্ৰকল্পই ব্যৱহাৰ কৰে?
উত্তৰঃ- অসমত উত্‍পাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ OIL, ONGC, BRPL, চাহ বাগিছা, আঁহ উত্‍পাদিত কাৰখানা, ঔষধ প্ৰস্তুতকাৰী কাৰখানা ইত্যাদিয়ে ব্যৱহাৰ কৰে।

(9) অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম লিখা।
উত্তৰঃ- ডিলাই, কইলাজান, শিলভেটা, ছৈনিলাংছ।

(10) ১৯৯৩ চনত 'বিশ্ব শীৰ্ষ সন্মিলন' কোন চহৰত অনুষ্ঠিত হৈছিল?
উত্তৰঃ- ৰিও-ডি-জেনিৰিও চহৰত

(11) একমাত্ৰ অসমত উপলব্ধ দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰ সংঘই 'দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী' হিচাবে ৰঙা তথ্য তালিকাত অন্তৰ্ভূক্ত?
উত্তৰঃ- নল গাহৰি আৰু সুগৰি পহুক।

(12) অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত?
উত্তৰঃ- পাঁচখন (শেহতীয়াকৈ ছয়খন)

(13) চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ-

(14) মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা কি কি?
উত্তৰঃ- মানৱ সম্পদ উন্নয়নৰ লাইখুটা চাৰিটা। সেইবোৰ হ'ল- সমতা, উত্‍পাদন, স্থায়িত্ব আৰু অধিকাৰ

(15) অসমত গ্ৰীষ্ম কালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে'লপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধৰ নাম লিখা।
উত্তৰঃ- (ক) লোৰ খনন (gully erosion)
(খ) পৃষ্টীয় খনন (Surface erosion)

(16) ৰছীপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত?
উত্তৰঃ- (ক) কাৰ্বি আংলং জিলাৰ ডিলাইত থকা বৃহত্‍ চূণশিল ভাণ্ডাৰ খনন কৰি বোকাজান চিমেন্ট কাৰখানালৈ কঢ়িওৱাৰ একমাত্ৰ উপায় হৈছে ৰছীপথ।
(খ) গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আন এডাল ৰছীপথ নিৰ্মাণ কৰা হৈছে।

(17) কোঁচ ৰজা নৰনাৰায়নে তেওঁৰ ৰাজত্ব কালত নিৰ্মাণ কৰা গোঁহাই-কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা।
উত্তৰঃ- এটা মূৰ কোঁচ বিহাৰৰ আৰু আনটো মূৰ নৰনাৰাণপুৰ (লক্ষিমপুৰ)

(18) 40 নং ৰাষ্ট্ৰীয় ঘাই পথে (NH 40) কোন দুখন ঠাই সংলগ্ন কৰিছে?
উত্তৰঃ- গুৱাহাটী আৰু শ্বিলং সংলগ্ন কৰিছে।

(19) অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব ৩০টা মান শব্দৰ ভিতৰত লিখা।
উত্তৰঃ- অসমৰ আৰ্দ্ৰভূমিসমূহৰ যথেষ্ট গুৰুত্ব আছে। অসমৰ বিল আৰু আৰ্দ্ৰভূমিবোৰত বহুতো পৰিভ্ৰমী চৰাই দেখিবলে পোৱা যায়। অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ আৰ্দ্ৰভূমি, বিল খাল আদিত বিভিন্ন প্ৰজাতিৰ বাকলি থকা আৰু নথকা আলংকাৰিক মাছ পোৱা যায়। দীপৰ বিল, কাপলা বিল, তামৰাংগা, খামৰেংগা গোৰাংগ আদি বিলত উপলব্ধ মাছ-পুঠি অসমৰ জলজ সম্পদ। এই মাছবোৰৰ বাণিজ্যিক বজাৰ মূল্য অধিক।

(20) Silk Route আৰু Steel-Well-Route ৰ বিষয়ে ৫০/৬০ টা মান শব্দত বৰ্ণনা কৰা।
উত্তৰঃ- অসম ভাৰতৰ উত্তৰ-পূৱ চকত অৱস্থিত। বংগ দুৱাৰ নামে পৰিচিত এক ঠেক ভূ-ভাগেৰে ভাৰতৰ মূল ভূ-ভাগৰ সৈতে স্থল পথেৰে সংলগ্ন হৈ আছে। তদুপৰি উত্তৰ-পূৰ্ৱাঞ্চল, উত্তৰ, উত্তৰ-পূৱ আৰু দক্ষিণ-পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হোৱাৰ উপৰিও পাহাৰ-পৰ্বতেৰে আগুৰি আছে। ফলত স্থলপথেৰে চীন আৰু দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে। Silk Route (চীন-ৰাছিয়া হৈ ইউৰোপলৈ যোৱা পথ)। Steel-Well-Route (পাটকাই-ম্যানমাৰ হৈ দক্ষিণ-পূৱ এছিয়াৰ সংযোগী পথ) আদি বৰ্তমান উপযোগী হৈ থকা নাই।

(21) অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ- অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ হ'ল-
(i) স্থানিক সূচলতাৰ অভাৱ। যেনে- অসম ভাৰতৰ উত্তৰ-পূৱ চুকত অৱস্থিত। 'বংগদুৱাৰ' নামে পৰিচিত এক ঠেক ভূভাগেৰে ভাৰতৰ মূল ভূ-ভাগৰ সৈতে স্থলপথেৰে সংলগ্ন হৈ আছে।
(ii) অসমৰ ভূ-প্ৰকৃতি পাহাৰীয়া অঞ্চলত অসমান, অসংখ্য নদী-নদীবোৰ কমল আৰু পলসুৱা মাটি আৰু বহুক্ষেত্ৰত এঢলীয়া ভূমিৰ ওপৰত নিৰ্মাণ কৰা হেতুকে বাৰিষাকালত বিধ্বস্ত হয় আৰু পথ পৰিবহন ব্যাহত হয়। সংযোগ বিছিন্ন হ'লে অৰ্থনৈতিক উন্নয়নত যতি পৰে।
(iii) অসমত উপলব্ধ প্ৰাকৃতিক সম্পদৰ প্ৰকৃত ভাণ্ডাৰ আজিকোপতি পৰিমাণ নিৰ্দ্ধাৰণ কৰিব পৰা নাই। ইয়াৰ কাৰণ হ'ল অত্যাধুনিক প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগ ভালদৰে কৰা হোৱা নাই।
(iv) পৰ্যাপ্ত পুঁজিৰ অভাৱত উদ্যোগৰ বাবে আন্তঃগাথনি সৃষ্টি কৰাত চৰকাৰ থমকি ৰবলগীয়া হৈছে।
(v) শক্তিৰ নাটনিয়ে উদ্যোগপতিক নিৰাশ কৰিছে।

(22) কাঁহ আৰু পিতলৰ শিল্পৰ ৫ টা সমস্যাৰ বিষয়ে লিখা।
উত্তৰঃ- কাঁহ আৰু পিতলৰ শিল্পৰ পাঁচটা (৫) টা সমস্যা হ'ল-
(i) এই শিল্পদ্যোগৰ কাৰণে বজাৰত কেঁচামালৰ নাটনি দেখা যায়।
(ii) ভগা-ফুটা, চেপেতা আদি পুৰণি সামগ্ৰীবোৰ ঘৰে ঘৰে সংগ্ৰহ কৰি মজুত কৰি কেঁচামাল যোগাৰ কৰা হয়।
(iii) এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ ব্যৱসায়ীৰ হাতৰ মুঠিত।
(iv) অসাধু এই ব্যৱসায় চক্ৰটোৱে কেঁচামালৰ মূল্য খেয়াল-খুচি মতে নিৰ্দ্ধাৰণ কৰে।
(v) তদুপৰি মোৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া আৰু চকচকীয়া অথচ পাতল সামগ্ৰীৰে অসমৰ বজাৰ ভৰি পৰিছে।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »