-->

জৈৱবৈচিত্ৰ্য । Biodiversity in Assamese

                                            দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন

জৈৱবৈচিত্ৰ্য

Biodiversity

                                                        Class 12 Swadesh Adhyayan


(1) জৈৱবৈচিত্ৰ্য কোন দুটা শব্দৰ পৰা সৃষ্টি হৈছে?
উত্তৰঃ- জৈৱ বৈচিত্ৰ্য শব্দটো 'জীৱ' আৰু 'বিচিত্ৰতা' শব্দ দুটা লগ লগাই সৃষ্টি কৰা হৈছে। জৈৱ বৈচিত্ৰ্যই পৃথিৱীত থকা বিভিন্ন জীৱসমূহৰ বিচিত্ৰতা আৰু পৰিৱৰ্তন শীলতাক বুজায়। ই ক্ষুদ্ৰ অনুজীৱসমূহ জীৱ-জন্তু, গছ-গছনি, তথা ঘাঁহনি, অৰণ্য দৰে পৰিস্থিতি তন্ত্ৰসমূহকো সামৰি লয়। ইয়াৰ লগতে জৈৱবৈচিত্ৰ্যই কোনো এখন ঠাইত কোনো এক শ্ৰেণীৰ জীৱ কিমান পৰিমাণে থাকে সেইটোও সূচায়।

(2) পৰিৱেশৰ প্ৰাকৃতিক কাৰকসমূৰ লগত মানুহৰ সংস্পৰ্শৰ যি অভিজ্ঞতা তাৰ পৰা আহৰণ কৰা কথাকেইটা লিখা।
উত্তৰঃ- (ক) জলবায়ু, ভূ-অবয়ৱ আৰু বিভিন্ন জীৱনসমূহৰ ইটোৰ সিটোৰ লগত থকা যোগসূত্ৰ্যই জীৱসমূহৰ বিতৰণত এক প্ৰভাৱ বিস্তাৰ কৰে।
(খ) জৈৱবৈচিত্ৰ্য নিৰক্ষীয় অঞ্চলত বেছি আৰু মেৰু অঞ্চলত ক্ৰমান্বয়ে কমি যায়।
(গ) পৃথিৱীত কিছুমান এনে বিশেষ অঞ্চল আছে য'ত বিশেষ ধৰণৰ জীৱ পোৱা যায়। উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা আদি।
 
(3) জৈৱবৈচিত্ৰ্যক বুজিব পৰাকৈ এক ভেটি নিৰ্মাণ কৰি থে যোৱা বিজ্ঞানীসকলৰ নাম লিখা।
উত্তৰঃ- চাৰ্লচ ডাৰউইন, ফিলিপ লুটলে শ্লেটাৰ, আলফ্ৰেড বাছেল ৱালেচ আদি।

(4) ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ ৰিও-ডি-জেনেইৰোত বহা অধিবেশনত উদ্ভাৱন কৰা জৈৱবৈচিত্ৰৰ সূত্ৰটো কি?
উত্তৰঃ- এই সুত্ৰ অনুসৰি জৈৱবৈচিত্ৰ হ'ল- স্থলভাগৰ, জলভাগৰ বা উভচ্চৰ জীৱসমূহৰ মাজত থকা বিচিত্ৰতা আৰু যিকোনো পৰিস্থিতিতন্ত্ৰৰ অংশৰূপে এক শ্ৰেণীৰ জীৱৰ মাজত, বহুশ্ৰেণীৰ জীৱৰ মাজত নাইবা একাধিক পৰিস্থিতিতন্ত্ৰৰ মাজত থকা বিচিত্ৰতা।

(5) বিজ্ঞানীসকলে মূলত কেই প্ৰকাৰৰ জৈৱ বৈচিত্ৰতা বিচাৰি উলিয়াইছে আৰু কি কি?
উত্তৰঃ- বিজ্ঞানীসকলে মূলত তিনি প্ৰকাৰৰ জৈৱ বৈচিত্ৰতা বিচাৰি উলিয়াইছে। সেইবোৰ হল-
(ক) প্ৰজাতিগত বিচিত্ৰতা
(খ) আনুবংশিক বিচিত্ৰতা
(গ) পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতা

(6) প্ৰজাতিগত বিচিত্ৰতা বুলি ক'লে কি বুজা?
উত্তৰঃ- প্ৰজাতিগত বিচিত্ৰতা বুলি ক'লে কোনো এখন ঠাইৰ বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পাৰ্থক্যৰ কথা বুজায়?
 
(7) প্ৰজাতিগত বিচিত্ৰতাত কি তিনিটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে? 
উত্তৰঃ- (ক) প্ৰজাতিগত সমৃদ্ধি (Spices richness)
(খ) বৰ্গীকৰণ বা বংশাৱলীক বিচিত্ৰতা (Taxonomic or phylogenetic diversity)
(গ) প্ৰজাতিগত সমতা (Spices evenness)

(8) আনুবংশিক বিচিত্ৰা কি? 
উত্তৰঃ- আনুবাংশিক বিচিত্ৰতাই একে শ্ৰণীৰ জীৱনৰ মাজত থকা সাংখ্যিক পাৰ্থক্যৰ কথা বুজায়।

(9) এটা প্ৰজাতিৰ মাজত আণৱিক বিচিত্ৰতা কিহৰ দ্বাৰা সৃষ্টি হয়? 
উত্তৰঃ- প্ৰজননৰ দ্বাৰা।

(10) বৰ্তমান সময়ত কিমানবিধ উদ্ভিদ পৃথিৱীৰ কিমান শতাংশ মানুহৰ প্ৰযোজনী খাদ্যৰ অভাৱ পূৰণ কৰিছে? 
উত্তৰঃ- বৰ্তমান সময়ত এশবিধমান উদ্ভিদ পৃথিৱীৰ ৯০% শতাংশ মানুহৰ প্ৰযোজনী খাদ্যৰ অভাৱ পূৰণ কৰিছে।

(11) ধান, মাকৈ আৰু ঘেঁহু এই তিনিবিধ শস্যই যোগান ধৰা কেলৰি আৰু প্ৰ'টিনৰ শতাংশ কিমান? 
উত্তৰঃ- ৬৭% কেলৰি আৰু ৫৬% প্ৰ'টিন।

(12) পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতা বুলিলে কি বুজা? 
উত্তৰঃ- পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতা জৈৱ-বৈচিত্ৰৰ এটি ভাগ। এই বিচিত্ৰত অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক সাঙুৰি বুজাৱা হয়। পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতাই স্থলজ আৰু জলজ উভয় পৰিস্থিতিতন্ত্ৰৰ কথাকে বুজায়। 

(13) পৰিস্থিতিতান্ত্ৰিক বিচিন্ত্ৰতা আমাৰ কিয় দৰকাৰ? 
উত্তৰঃ- এই জৈৱবিচিত্ৰ এইকাৰণেই দৰকাৰ যে ই আমাৰ বাবে পানী, জলবায়ুৰ পৰিৱৰ্তন আৰু খাদ্যৰ যোগান ধৰে।

(14) পৃথিৱীখনৰ মাপকাটিকত পৰিস্থিতিতন্ত্ৰৰ এটা ভাল উদাহৰণ দিয়া? 
উত্তৰঃ- মৰুভূমি, অৰণ্য, তৃণভূমি. আদ্ৰভূমি নাইবা মহাসাগৰ ইত্যাদি।

(15) জৈৱবৈচিত্ৰ্যৰ আটাইতকৈ ডাঙৰ ভাগটো কি? 
উত্তৰঃ- পৰিস্থিতিতান্ত্ৰিক বিতিত্ৰতা।

(16) কোনজন বিজ্ঞানীয়ে কিমান চনত আণৱিক বিচিত্ৰতাৰ ধাৰণাটো প্ৰদান কৰিছিল? 
উত্তৰঃ- কেম্ববেল নামৰ বিজ্ঞানীয়ে ২০০৩ চনত আণৱিক বিচিত্ৰতাৰ ধাৰণাটো প্ৰদান কৰিছিল।

(17) কোনটো জৈৱ বৈচিত্ৰ্যৰ কাৰণেই পৃথিৱীত জীৱৰ ক্ৰমবিকাশ, নতুন প্ৰজাতিৰ সৃষ্টি, ইয়াৰ উত্তৰ জীৱিতা, বিকাশ আৰু বিলুপ্তি হোৱাটো সম্ভৱ হয়? 
উত্তৰঃ- আণৱিক বিচিত্ৰতা

(18) জৈৱবৈচিত্ৰ্যৰ সূত্ৰ কেতিয়া ক'ত উদ্ভাৱন কৰা হৈছিল? 
উত্তৰঃ- জৈৱবৈচিত্ৰ্যৰ সূত্ৰ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ ৰিঅ' ডি জেনেইৰোত উদ্ভাৱন কৰা হৈছিল।

(19) গণিতিকভাৱে জৈৱবৈচিত্ৰ্যতাৰ উপাদান দুটা কি কি? 
উত্তৰঃ- প্ৰাচুৰ্যতা আৰু সমতা।

(20)  প্ৰজাতিৰ পাচুৰ্যতা আৰু প্ৰচুৰতা প্ৰতিফালত কৰিব পৰা বহলভাৱে ব্যৱহৃত সূচক দুবিধ কি কি? 
উত্তৰঃ- শ্বেনন সূচক আৰু চিম্প'চন সূচক।

(21) শ্বেনন সূচক আৰু চিম্প'চন সূচক কেতিয়া উদ্ভাৱন হৈছিল? 
উত্তৰঃ- ১৯৪০ চনত।

(22) শ্বেনন সূচক আৰু চিম্প'চন সূচক কেতিয়া জনপ্ৰিয়তা লাভ কৰে? 
উত্তৰঃ- ১৯৫০ চনত মাৰ্গালেফ আৰু মেক আৰ্থাৰ নামৰ পৰিস্থিতিতন্ত্ৰবিধ দুজনে ইয়াক ব্যৱহাৰ কৰাৰ পিছত।  

(23) শ্বেনন উইনেৰ সূচক কিহৰ দ্বাৰা প্ৰভান্বিত?
উত্তৰঃ- প্ৰজাতিৰ প্ৰচুৰতা আৰু দুষ্প্ৰাপ্যত দ্বাৰা প্ৰভান্বিত হয়।

(24) চিম্পচ'নসূচৰ্ক সূচক কিহৰ দ্বাৰা প্ৰভান্বিত ?
উত্তৰঃ- প্ৰজাতিৰ সমতা বা সমবিতৰণ তথা সাধাৰণতে পোৱা প্ৰজাতিৰ দ্বাৰা প্ৰভান্বিত হয়।

(25) সূচক কাক বোলে?
উত্তৰঃ- এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয়।

(26) বিচিত্ৰতাৰ সূচক কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- বিচিত্ৰতাৰ সূচক দুই প্ৰকাৰৰ। সেইবোৰ হ'ল-
(ক) নিয়ন্ত্ৰণসূচক
(খ) তথ্য পৰিসংখ্যা সূচক

 
(27) নিয়ন্ত্ৰণসূচক বিচিত্ৰতা জুখিবলৈ কি সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- চিম্প'চন সূচক

(28) তথ্য পৰিসংখ্যা সূচক বিচিত্ৰতা জুখিবলৈ কি সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- শ্বেনন সূচক

(29) শ্বেনন সূচক কি?
উত্তৰঃ- শ্বেনন সূচক হৈছে তথ্য পৰিসংখ্যাসূচক, য'ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হ'ব আৰু এই নমুনাসমূহ ষাদৃচ্ছিকভাৱে সংগ্ৰৰ কৰা হ'ব।

(30) চিম্প'চন সূচক কি?
উত্তৰঃ- চিম্প'চন সূচক হৈছে এটা নিয়ন্ত্ৰণসূচক কাৰণ ই সাধাৰণতে সুলভ আৰু মূখ্য প্ৰজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে।

(31) জৈৱ বৈচিত্ৰতা বুজাবলৈ ব্যৱহাৰ কৰা কেইটামান সূচকৰ নাম লিখা।
উত্তৰঃ- আলফা বিচিত্ৰতা, বিটা বিচিত্ৰতা, গামা বিচিত্ৰতা

(32) পৰিস্থিতি বিজ্ঞানত আৰ এইচ হুইটেকাৰ (R.H. Whittaker) নামৰ জীৱ বিজ্ঞাৱীয়ে আগবঢ়োৱা সূচক কেইটা লিখা।
উত্তৰঃ- আলফা বিটিত্ৰতা গামা, বিটা বিচিন্ততা, বিটা বিচিত্ৰতা আদি।

(33) বিটা বিচিত্ৰতাৰ আন আন প্ৰক্ৰিয়াবোৰ কি কি?
উত্তৰঃ- (ক) প্ৰকৃত প্ৰজাতীয় ঘৃৰণ
(খ) হুইটেকাৰৰ প্ৰজাতীয় ঘৃৰণ
(গ) আনুপাতিল প্ৰজাতীয় ঘৃৰণ।

(34) পৰিস্তিতি বিজ্ঞানত গামা বিচিত্ৰতা কি?
উত্তৰঃ- এটা ভূদৃশ্যপটৰ সৰ্বমুঠ প্ৰজাতিৰ বিচিত্ৰতা।

(35) হুইটেকাৰৰ ধাৰণা মতে এখন ভূ-দৃশ্যপটৰ সৰ্বমুঠ প্ৰজাতিয় বিচিত্ৰতা কোন দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ- (ক) স্থানীয় নিবাসস্থান সমূহত প্ৰজাতিৰ বিচিত্ৰতা (a)
(খ) নিবাসস্থান সমূহৰ ভিন্নতা (B)

(36) ভাৰতৰ জৈৱবৈচিত্ৰৰ দুটা ইটস্পটৰ নাম লিখা।
উত্তৰঃ- (ক) পশ্চিমঘাট পৰ্বত
(খ) উত্তৰ-পূব ভাৰত

(37) অসমৰ জৈৱ-বৈচিত্ৰৰ বৈশিষ্ট্য কেইটা লিখা।
উত্তৰঃ- (ক) অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্য
(খ) ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহৰ জালিকা
(গ) আদ্ৰভূমিৰ পৰিৱেশতন্ত্ৰ
(ঘ) ঘাঁহনি পৰিৱেশতন্ত্ৰ
(ঙ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ

(38) অসমৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখি অৱস্থান আৰু মাটিকালি উল্লেখ কৰা।
উত্তৰঃ-
ৰাষ্ট্ৰীয় উদ্যান                                  অৱস্থান                                   মাটিকালি (বৰ্গ কিঃমিঃ)
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান           গোলাঘাট, নগাওঁ, শোণিতপুৰৰ      ৮৫৮.৯৮
(খ) মানাস ৰাষ্ট্ৰীয় উদ্যান                চিৰাং, বাকসা                             ৫০০
(গ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান    ডিব্ৰুগড়স তিনিচুকীয়া                  ৩৪০
(ঘ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান        শোণিতপুৰ                                         ২০০
(ঙ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান        ওদালগুৰি, শোণিতপুৰ                          ৭৮.৮১
(চ) ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান        কোকৰাঝাৰ                                  ৪২২

(39) কাৰ্বি আংলং জিলাৰ পাঁচখন অভয়াৰণ্যৰ নাম লিখা।
উত্তৰঃ- (ক) পূৱ কাৰ্বি আংলং অভয়াৰণ্য
(খ) গৰমপানী অভয়াৰণ্য
(গ) মাৰাত লংৰি অভয়াৰণ্য
(ঘ) নামবৰ অভয়াৰণ্য
(ঙ) উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

(40) অসমত পোৱা গুৰুত্বপূৰ্ণ উদ্ভিদ প্ৰজাতিৰ নাম লিখা।
উত্তৰঃ- ইলেং, গুৰজান, মেকাই, কৃৰ্তা, নাহৰ, চিয়া নাহৰ, শিশু, খৈয়েৰ আদি।

(41) অসমৰ কিমান প্ৰকাৰৰ উদ্ভিদ চিকিত্‍সা প্ৰণালীৰ বাবে চিনাক্ত কৰা হৈছে?
উত্তৰঃ- ৩৪৭ প্ৰকাৰৰ।

(42) অসমত কিমান প্ৰকাৰৰ গণ আৰু কিমান প্ৰজাতিৰ বাঁহ এতিয়ালৈকে পোৱা গৈছে?
উত্তৰঃ- ১০ প্ৰকাৰৰ গণ আৰু ৪২ প্ৰজাতিৰ বাঁহ পোৱা গৈছে।

(43) অসমত কিমান প্ৰকাৰৰ গণ আৰু কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা গৈছে?
উত্তৰঃ- ৭১ গণ আৰু ১৯৩ প্ৰজাতিৰ কপৌফুল পোৱা গৈছে।

(44) অসমত কিমান প্ৰকাৰৰ জলজ পেৱা যায়?
উত্তৰঃ- ৩৪০ প্ৰকাৰৰ

(45) অসমত কিমান প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়?
উত্তৰঃ- মুঠ ৪০০ প্ৰজাতিৰ

(46) অসমত কিমান প্ৰজাতিৰ আৰু উপ-জাতিৰ চৰাই পোৱা যায়?
উত্তৰঃ- ৯৫৮ প্ৰজাতিৰ আৰু উপ-প্ৰজাতিৰ

(47) বান্দৰৰ প্ৰজাতিৰ সংখ্যা কিমান? অসমত কিমান প্ৰজাতিৰ বান্দৰ পোৱা যায়?
উত্তৰঃ- বান্দৰৰ প্ৰজাতিৰ সংখ্যা ১৫ টা। অসমত ৯ প্ৰজাতিৰ বান্দৰ পোৱা যায়।

(48) অসমত পোৱা বান্দৰ সমূহৰ প্ৰজাতিৰ নাম লিখা।
উত্তৰঃ- লাজকী, হলৌ, সোণালী, কেপ লিফ, ফেৰিছ লিপ আৰু ষ্টাম্প টেইল বান্দৰ।

(49) IUCN-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- International Union of Conservation of Nature.

(50) অসমৰ বান্দৰৰ প্ৰজাতি সমূহৰ ভিতৰত কিমানবিধ প্ৰজাতি অসুৰক্ষিত আৰু কিমানবিধ লুপ্ত প্ৰায় বুলি IUCN চিহ্নিত কৰিছে?
উত্তৰঃ- অসুৰক্ষিত- ৩ বিধ
লুপ্ত প্ৰায়- ৪ বিধ

(51) SDG-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- Sustinable Development Goal

(52) অসমত কিমান প্ৰজাতিৰ চৰাই পোৱা যায়?
উত্তৰঃ- ৯৫০ প্ৰজাতিৰ।

(53) অসমৰ পশু বৈচিত্ৰ্য সম্পৰ্কে লিখা।
উত্তৰঃ- সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত উত্তৰ-পূৱ ভাৰত জৈৱচিত্ৰৰ ক্ষেত্ৰত অতিকৈ বৈচিত্ৰপূৰ্ণ। ইয়াৰ বনাঞ্চলসমূহ বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীয়ে চহকী কৰি তুলিছে। অসমত মুঠ ৪০০ প্ৰজাতিৰ স্তন্যপায়ী জীৱৰ ভিতৰত ১৬৪ প্ৰজাতিৰ ৮৫ টা গণৰ স্তন্যপায়ী জীৱ নথিভূক্ত কৰা হৈছে। ঠিক তেনেদৰে ৯৫৮ প্ৰজাতিৰ আৰু উপ-প্ৰজাতিৰ চৰাই অসমত বিচাৰি পোৱা গৈছে আনহাতে বান্দৰৰ প্ৰজাতিৰ ক্ষেত্ৰতো অসম বিশেষভাৱে চহকী। ১৫ টা প্ৰজাতিৰ ভিতৰত অসমত ৯ টা প্ৰজাতিৰ বান্দৰ পোৱা যায়। সেই প্ৰজাতিসমূহ হৈছে লাজুকী, হলৌ, সোণালী, কেপ লিফ, ফেৰিছ লিফ, ষ্টাম্প টেইল বান্দৰ ইত্যাদি।
     ইয়াৰ ভিতৰত ৩ বিধ প্ৰজাতি অসুৰক্ষিত আৰু ৪ বিধ লুপ্ত প্ৰায় প্ৰজাতিৰ বুলি IUCN এ চিহ্নিত কৰিছে।

(54) অসমৰ পক্ষী বৈচিত্ৰ সম্পৰ্কে লিখা।
উত্তৰঃ- অসম বিশ্বৰ ভিতৰত পক্ষী ক্ষেত্ৰত এখন চহকী ৰাজ্য। অসমত ৯৫০ টা প্ৰজাতিৰ চৰাই পোৱা যায়। এই প্ৰজাতিৰ চৰাইসমূহ ৩০২ টা গণ আৰু ৬৮ টা গোত্ৰৰ অন্তৰ্গত। এই ২৩ স্থানিক পক্ষী প্ৰজাতি ৫ টা পক্ষী গোত্ৰৰ অন্তৰ্গত যিসমূহ উত্তৰ-পূৱ, ভাৰতৰ ৰাজ্যসমূত পোৱা যায়। ইয়াৰ বাহিৰেও প্ৰতিবছৰে যথেষ্ট সংখ্যক পৰিক্ৰমী চৰাই আমাৰ অসমলৈ আহে।

(55) অসমৰ সৰীসৃপ বৈচিত্ৰ সম্পৰ্কে লিখা।
উত্তৰঃ- অসমৰ ভূ-প্ৰকৃতি, জলবায়ু, উদ্ভিদসমূহে সৰীসৃপ প্ৰজাতিৰ ক্ষেত্ৰতো চহকী কৰি তুলিছে। সৰীসৃপ সমূহৰ ভিতৰত ঘঁৰিয়াল (crocodyle) কাছ (chelonia) আৰু সাপ আৰু জেঠী (squamta) অসমত বিচাৰি পোৱা যায়। ১ টা প্ৰজাতিৰ ঘৰিয়াল ১৯ টা প্ৰজাতিৰ কাঁছ আৰু ৭৭ টা প্ৰজাতিৰ সাফ আৰু জেঠী অসমত সহজলভ্য।
      উভচৰ প্ৰাণীৰ তিনিটা আধুনিত বৰ্গ (order)ৰ ভিতৰত ভেকুলী আৰু চকু ভেকুলী (Anura,) চালামাণ্ডাৰ (Urodela) আৰু (এপ'ডা) (Apoda) অন্যতম। পৰিচিত উভচৰ প্ৰাণীসমূহৰ ভিতৰত ৯০ শতাংশই হৈছে ভেকুলী। ভাৰতৰ পোৱা সৰীসৃপ প্ৰজাতিসমূহৰ ভিতৰত ২১৫ বিধ মান প্ৰজাতি অসমত পোৱা যায়।

(56) জৈৱবৈচিত্ৰ কাকা বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উদাহৰণসগ বণনা কৰা।
উত্তৰঃ- জৈৱবৈচিত্ৰ হ'ল- স্থলভাগৰ, জলভাগৰ বা উভচৰ জীৱসমূহৰ মাজত থকা বিচিত্ৰতা আৰু যিকোনো পৰিস্থিতিতন্ত্ৰৰ অংশৰূপে এক শ্ৰেণীৰ জীৱৰ মাজত নাইবা একাধিক পৰিস্থিতি তন্ত্ৰৰ মাজত থকা বিচিত্ৰতা।
    বিজ্ঞানীসকলে মূলতঃ তিনি প্ৰকাৰৰ জৈৱবৈচিত্ৰ বিচাৰি উলিয়াইছেঃ-
    (ক) প্ৰজাতিগত বিচিত্ৰতাঃ- প্ৰজাতিগত বিচিত্ৰতা বুলি ক'লে কোনো এখন ঠাইৰ বিভিন্ন শ্রেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পাৰ্থক্যৰ কথা বুজায়। প্ৰজাতি বিচিত্ৰতা প্ৰজাতিগত সমৃদ্ধি, বৰ্গীকৰণ বা বংশাৱলীক ভিন্নতা আৰু প্ৰজাতিগত সমতা এই তিনিটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে।
    (খ) আনুবংশিক বিচিত্ৰতাঃ- আনুবংশিক বিচিত্ৰতাই একে শ্ৰণীৰ জীৱৰ মাজত থকা পাৰ্থক্যৰ কথা বুজায়। এই প্ৰজাতিৰ মাজত আনুৱংশিক বিচিত্ৰতা প্ৰজননৰ দ্বাৰা সৃষ্টি হয়। উদাহণস্বৰূপে, আনুৱংশিক গুণাগুণৰ হ্ৰাস পোৱাৰ কাৰণে বহু-খাদ্য শস্য উতিমধ্যে প্ৰায় লুপ্ত হৈছে আৰু বৰ্তমান সময়ত মাত্ৰ এশবিধ মান উদ্ভিদেই ৯০ শতাংশ আধিবাসী মানুহৰ বাব প্ৰয়োজনীয় খাদ্যৰ প্ৰয়োজন কৰি আহিছে।
    (গ) পৰিস্থিতি তান্তিক বিচিত্ৰতাঃ- পৰিস্থিতি তান্ত্ৰিক বিচিত্ৰতা জৈৱবৈচিত্ৰ্যৰ এটি ভাগ। এই বিচিত্ৰতা অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰক সাঙুৰি বুজোৱা হয়। পৰিস্থিতি তান্ত্ৰিক বিচিত্ৰতাই স্থলজ আৰু জলজ উভয় পৰিস্থিতি তন্ত্ৰৰ কথাকে বুজায়। পৰিস্থিতি তন্ত্ৰৰ বিচিত্ৰতাৰ এটি ভাল উদাহৰণ হ'ল- মৰুভূমি, অৰণ্য, তৃণভূমি, আদ্ৰভূমি বা মহাসাগৰ আদি।

(57) জৈৱবৈচিত্ৰ কিদৰে জুখিব পাৰি? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা।
উত্তৰঃ- গাণিতিকভাৱে জৈৱহৈচিত্ৰ্যৰ দুটা উপাদান হৈছে- প্ৰাচুৰ্যতা আৰু সমতা। প্ৰাচুৰ্যতা হৈছে কোনো এক নিৰ্দ্ধিষ্ট এলেকাত থকা জীৱৰ সমষ্টিৰ জোখ। সমতা হৈছে যিকোনো এটা সম্প্ৰদায়ৰ প্ৰত্যেক প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰা কমসংখ্যক ব্যক্তি অথবা এটা দুটা প্ৰজাতিৰ বৃহত্‍ জনসংখ্যা আৰু অন্য প্ৰজাতিসমূহৰ ক্ষদ্ৰ জনসংখ্যাৰ মাজৰ অনুপাত।
      প্ৰজাতিৰ সংখ্যাৰ ফালৰ পৰা সম্প্ৰদায় দুটা সমানে বিচিত্ৰতাপূৰ্ণ হ'ব পাৰে, কিন্তু সমতাৰ ক্ষেত্ৰত ই সমধৰ্মী হ'ব নোৱাৰে। বৰ্তমানসময়লৈক বিভিন্ন ধৰণৰ গাণিতিক পদ্ধতিৰে বিকাশ হৈছে, যদিও বিজ্ঞানীসকল প্ৰজাতিৰ আনুপাতিক প্ৰাচুৰ্যত যাৰ দ্বাৰা প্ৰজাতিৰ প্ৰচুৰতা আৰু পাচুৰ্যতা প্ৰতিফলিত কৰিব পাৰে তেনে এক সূতক ব্যৱহাৰ কৰিবলৈ পচন্দ কৰে। এনে সূচকবোৰৰ বিভৰত বহলভাৱে ব্যৱহাৰ হোৱা দুবিধ সূচক হৈছে- শ্বেননসূচক আৰু চিম্প'চন সূচক।
    প্ৰজাতিগত বিচিত্ৰতাৰ সূচকসমূহৰ পৰিস্থিতিতন্ত্ৰৰ অধ্যায়ণত সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় আৰু তেনে এক প্ৰয়োগেই শ্বেনন উইনেৰ আৰু চিম্প'চন সূচক ব্যৱহাৰ।
       এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গাণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয়। বিচিত্ৰতা সূচক সাধাৰণতে দুই প্ৰকাৰৰ- নিয়ন্ত্ৰণসূচক আৰু তথ্য পৰিসংখ্যা সূচক। নিয়ন্ত্ৰণসূচক বিচিত্ৰতা জুখিবলে চিম্প'চন সূচক আৰু তথ্য পৰিসংখ্যাসূচক বিচিত্ৰতা জুখিবলৈ শ্বেনন সূচক ব্যৱহাৰ কৰা হয়।

(58) অসমৰ জৈৱবৈচিত্ৰ্যৰ সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰঃ- ভাৰতবৰ্ষৰ দুটা জৈৱবৈচিত্ৰ্যৰ হটস্পট হৈছে পশ্চিমঘাট পৰ্বত আৰু উত্তৰ-পূৱ ভাৰত। ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত ৰাজ্যসমূহৰ এখন অসম পাহাৰ, পৰ্বত, মালভূমি, নদী উপত্যকা, অৰণ্য ইত্যাদিৰে অনুপম, জৈৱবৈচিত্ৰ্যত চহকী এখন ৰাজ্য। অদ্বিতীয় প্ৰকৃতি বতৰৰ অৱস্থা, মাটিৰ ধৰণ আদিয়ে এই অঞ্চলটোক জৈৱবিচিত্ৰ্যৰ ক্ষেত্ৰত উত্‍কৰ্ষ সাধনত সহায় কৰিছে।
    অসমৰ জৈৱবৈচিত্ৰ্যৰ কেইটামান বৈশিষ্ট্য হৈছে-
(ক) অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্য
(খ) ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা।
(গ) আদ্ৰভূমিৰ পৰিৱেশতন্ত্ৰ
(ঘ) ঘাঁহনি পৰিৱেশতন্ত্ৰ
(ঙ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভ্যয়াৰণ্যসমূহ
    অনুকূল ভৌগলিক অৱস্থা, বিচিত্ৰময় ভূ-প্ৰকৃতি আৰু অনুকূল জলবায়বিক অৱস্থাই জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত অসমক চহকী কৰি তুলিছে।

(59) অসমৰ জৈৱবৈচিত্ৰতাৰ সমস্যা আৰু সম্ভাৱনীয়তাৰ সম্পৰ্কে বৰ্ণনা কৰা।
উত্তৰঃ- যদিও অসমখনক ইয়াৰ প্ৰাকৃতিক সম্পদ সমুহৰ বাবে এক বৈচিত্ৰময় অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। তথাপিও অপৰিকল্পিত উন্নয়ন, মানুহৰ কাৰ্যকলাপ, নগৰীকৰণ ইত্যাদিৰ ফলত প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদসমূহৰ যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হৈছে। এই অঞ্চলত জৈৱবৈচিত্য সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা হ'ল-
(i) জনসংখ্যাৰ বৃদ্ধি আৰু ঘনত্ব
(ii) মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস
(iii) অতিচাৰণ ভূমি
(iv) চোৰাংচিকাৰ
(v) বান আৰু খহনীয়া সমস্যা
(vi) কৃষিভূমিত অত্যধিক ৰাসায়নিত দ্ৰব্যৰ প্ৰয়োগ
(vii) জৈৱ লুণ্ঠণ
(viii) পৰম্পৰাগত প্ৰযুক্তিবিদ্যাৰ অৱনতি।
    অসমৰ জৈৱবৈচিত্ৰ্যতাৰ কিছুমান সম্ভাৱনাময় উল্লেখ কৰা হ'ল-
(i) পৰিৱেশ অনুকূল পৰ্যটন
(ii) মত্‍স্য উত্‍পাদন
(iii) আলংকাৰিক মাছ
(iv) বাঁহ-বেতৰ উদ্যোগসমূহ
(v) পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ
(vi) পৰম্পৰাগত জ্ঞানৰ ওপৰত গৱেষণা
(vii) পৰ্যটনৰ আন্তঃগাঁথনিৰ সম্ভৱনা।

(60) জৈৱ-বৈচিত্ৰ্যতা সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা টোকা প্ৰস্তুত কৰা।
উত্তৰঃ- জনসংখ্যা বৃদ্ধিৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্ৰুতগতিৰে হ্ৰাস পাই আহিছে। আমি বহু বছৰৰ আগতে পৃথিৱীৰ ধাৰণ ক্ষমতা পাৰ কৰি আহিলো। সেইবাবে গোলকীয়া স্তৰত বন্যপ্ৰাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে।
        জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বহুকেইটা দৃষ্টিভংগী আছে। ইয়াৰ প্ৰথমটো হ'ল- মানৱকেন্দ্ৰিক দৃষ্টিভংগী। মানৱ জাতিৰ ভৱিষ্যত্‍ নিৰ্ভৰ কৰি আহিছে খাদ্য সামগ্ৰী, বাসস্থান, পানীৰ যোগান ইত্যাদিৰ ওপৰত। আকৌ এই সম্পদসমূহৰ যোগান নিৰ্ভৰ কৰে জৈৱবৈচিত্ৰ্যতাৰ ওপৰত। তেনে পৰিপ্ৰেক্ষিতত জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ অনিবাৰ্য। যিহেতু প্ৰত্যেক প্ৰজাতিৰ জীৱৰেই জীয়াই থকাৰ অধিকাৰ আছে গতিকে প্ৰত্যেকৰেই জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিকৰি ভৱিষ্যত্‍ প্ৰজন্মৰ বাবে এই সম্পদসমূহ সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। এইটো হ'ল সংৰক্ষণৰ নৈতিক দৃষ্টিভংগী।
           সেইবাবে সংৰক্ষণৰ ধাৰণাটো দৰকাৰ যাতে পৃথিৱীয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি পৰিৱৰ্দ্ধন আৰু বিকাশ ঘটাব পাৰে। আৰু ইয়াৰ দ্বাৰা বৈচিত্ৰতাৰক্ষা কৰাৰ উপৰিও বিলুপ্তিকৰণ ৰোধ কৰিব পাৰে।

(61) প্ৰদূষণ কি? ইয়াৰ প্ৰকাৰসমূহ বৰ্ণনা কৰা।
উত্তৰঃ- আমাৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদাৰ্থ প্ৰাকৃতিক পৰিৱেশৰ লগত মিহলি হোৱাকে প্ৰদূষণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি আৱৰ্জনা জমা কৰো আৰু প্ৰদূষিত পানীক নৈসমূহলৈ বৈ যাবলৈ দি প্ৰদূষিত কৰো।
    
আমি প্ৰদূষণসমূহক বিভিন্নভাগত ভগাব পাৰো। তাৰে প্ৰধান ভাগসমূহ হ'ল-
(১) বায়ু প্ৰদূষণঃ- বিবিধ ৰাসায়নিত পদাৰ্থৰ নিৰ্গমন তথা ক্ষুদ্ৰ কণাসমূহৰ বায়ুমণ্ডললৈ নিৰ্গমন হৈ বায়ুৰ স্বাভাৱিক গুণ নষ্ট হয়। সচৰাচৰ গেচীয় প্ৰদূষণসমূহ হ'ল- কাৰ্বন-মন-অক্সাইড, ছালফাৰ ডাইঅক্সাইড, চি এফ চি, নাইট্ৰজেন অক্সাইড।
(২) শব্দ প্ৰদূষণঃ- শব্দ প্ৰদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূই, উৰাজাহাজৰ সব্দ, উদ্যোগৰ তীব্ৰ প্ৰাৱল্যৰ চনাৰ (SONAR, Sound Navigation Ranging)যন্ত্ৰৰ উচ্চ মাত্ৰা শব্দৰ জৰিয়ত।
(৩) প্লাষ্টিক প্ৰদূষণঃ- ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত প্লাষ্টিকেৰে তৈয়াৰী পদাৰ্থ সমূহ আৰু অতি ক্ষদ্ৰ পদাৰ্থসমূহৰ জমা হৈ বন্যপ্ৰাণীৰ বাসস্থান, বন্যপ্ৰাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়।
(৪) ভূমি প্ৰদূষণঃ- ভূমি প্ৰদূষণ সংঘটিত হয় যেতিয়া ভূ-গৰ্ভীয় নিঃসৰণৰ ফলত ৰাসায়নিক পদাৰ্থৰ নিসৰ্গন ঘটে। গুৰুত্বপূৰ্ণ ভূমি প্ৰদূষকসমূহ হ'ল- হাইড্ৰ'কাৰ্বনসমূহ।
(৫) আণৱিক প্ৰদূষণঃ- বিংশ শতিকাত আণৱিক ক্ষেত্ৰখনত ঘটা কাৰ্যকলাপসমূহ যেনে- পাৰমাণৱিক শক্তি উত্‍পাদন আৰু আণৱিক যুদ্ধাস্ত্ৰসমূহৰ গৱেষণা, পন্য উত্‍পাদনৰ ক্ষেত্ৰখনৰ লগতে বিন্যস্তকৰণ তেজষ্ক্ৰীয় প্ৰদূষণত অৰিহনা যোগাইছে।
(৬) জল প্ৰদূষণঃ- জল প্ৰদূষণত অৰিহণা যোগাইছে ব্যৱসায়িক তথা উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূ-পৃষ্ঠৰ পানী ভাগলৈ নিৰ্গসন, লগতে অপৰিশোধিত ঘৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱৰ্জনাবিলাকৰ দ্বাৰা।

(62) বহনক্ষম উন্নয়ন কাক বোলে? বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হ'ল বৰ্ণনা কৰা।
উত্তৰঃ- বহনক্ষম উন্নয়ন মানে হ'ল এনে এক উন্নয়ন যিয়ে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন সমূহ পূৰণৰ বাট বন্ধ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ উন্নয়ন সাধন কৰে।
    বৰ্তমান আৰু ভৱিষ্য এই দুয়ো প্ৰজন্মৰ প্ৰয়োজনসমূহ সমভাৱে পূৰণৰ বাব বহনক্ষম উন্নয়নৰ ধাৰণাৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ উপযুক্ত আৰু সুপৰিকল্পিত ব্যৱহাৰ, উপলব্ধ সম্পদসমূহক সঠিক ব্যৱহাৰৰ বাবে উত্‍পাদন, যাতায়াত-পৰিবহন তথা যোগাযোগ ব্যৱস্থাৰ দৰে অৰ্থনৈতিক কাৰ্যসমূহৰ ব্যৱস্থাৰ দৰে অৰ্থনৈতিক কাৰ্যসমূহৰ পুনৰ নিৰ্মাণ, অপচয় হ্ৰাসৰ লগত অৰ্থনৈতিক ব্যৱস্থা সূচাৰুৰূপে পৰিচালনা কৰাটোত গুৰুত্ব আৰোপ কৰা হয়। ১৯৭২ চনত ষ্টকহমত সম্পন্ন হোৱা বিশ্ব সন্মিলনৰ পিছত বহনক্ষম উন্নয়নৰ ধাৰণাটোৱ গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে পৰিগণিত হৈছ। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত পৰিৱশৰ অৱস্থাৰ ওপৰত বিশেষতৈ গুৰুত্ব দিয়া হৈছিল। ব্ৰণ্ডলেণ্ডৰ অধ্যক্ষতাত গঠিত হোৱা সমিতিখনে ১৯৮৭ চনত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল, যাৰ শিৰোনাম আছিল "আমাৰ উমৈহতীয়া ভৱিষ্যত্‍" যাক ব্ৰুণ্ডলেণ্ড প্ৰতিবদন বিচাপে জনা যায় য'ত বহনক্ষম উন্নয়নৰ বাবে কিছুমান ৰণকৌশল চিনাক্ত কৰি উলিওৱা হৈছিল।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.
Previous
Next Post »