-->

মানচিত্ৰ অধ্যায়ন আৰু ভৌগলিক তথ্যৰ উপস্থাপন

                     

দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন

মানচিত্ৰ অধ্যায়ন আৰু ভৌগলিক তথ্যৰ উপস্থাপন
Manchitra Adhyayan aru bhougalik tathya upasthapan 

Class 12 Swadesh Adhyayan Unit-5


1.
(i) ভূগোল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্ৰধান আহিলাক _________ বোলে।

উত্তৰঃ- মানচিত্ৰ

(ii) _________ সহায় লৈ মানচিত্ৰ অঙ্কন কৰা হয়।
উত্তৰঃ- মাপনীৰ

(iii) _________ পোন প্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল।
উত্তৰঃ- ইৰাটোস্থেনিছে
 
(iv) ইছলামীয় সোণোৱালী যুগৰ বিখ্যাত মানচিত্ৰকাৰ _________ য়ে, ১১৫৪ চনত উত্‍কৃষ্ট মানচিত্ৰ প্ৰস্তুত কৰিছিল।
উত্তৰঃ- আল ইদ্ৰিছি (Al Idris) য়ে

(v) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাই কটাকটি কৰি _________ গঠন কৰে।
উত্তৰঃ- জালি

(vi) পথাৰ জৰীপ কৰোতে, অতি সৰল পদ্ধতি _________ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ- শিকলি জৰীপ

2. চমুত উত্তৰ দিয়াঃ
(i) মাপনী কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- ভূ-পৃষ্ঠত থকা কোনো দুটা নিৰ্দ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতকে স্কেল বা মাপনী বুলি কোৱা হয়। ই তিনি প্ৰকাৰৰ। যেনেঃ-
(ক) নিৰুপক ভগ্নাংশ
(খ) ৰৈখিক মাপনী
(গ) উক্তি মাপনী

(ii) 2 মাইল = 63360 ক নিৰূপক ভগ্নাংশলৈ প্ৰকাশ কৰা।
উত্তৰঃ-
1 মাইল = 63360 ইঞ্চি
2 মাইল = 2 X 63360 ইঞ্চি
    = 126720 ইঞ্চি
এতেকে RF= 1:126720 হ'ব

(iii) ৰৈখিক মাপনী আৰু কৰ্ণ মাপনীৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ- ৰৈখিক মাপনীয়ে কেৱল মূখ্য আৰু গৌণ ভাগ কেইটা দেখুৱায়। এই ক্ষেত্ৰত নিপূৰ্ণভাৱে বিভাজন দেখুৱ পৰা মানচিত্ৰ হ'ল- 'কণ মাপনী' য'ত গৌণ বিভাজনক আকৌ তৃতীয়ক ভাৱে বিভক্ত কৰি দেখুৱাব পৰা যায়।

(iv) দূৰ সংবেদন কাক কয়?
উত্তৰঃ- দূৰ সংবেদন এবিধ বিশেষ প্ৰযুক্তি, য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মূখ্যভাৱে জড়িত হৈ থাকে কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে উৰা বিমান।

(v) মানচিত্ৰৰ সৈতে কি কি উপাদান জড়িত হৈ আছে?
উত্তৰঃ- মানচিত্ৰৰ সৈতে জড়িত থকা উপাদান কেইটা হ'ল-
(ক) মাচিত্ৰৰ নাম (খ) অৱস্থান (গ) মানচিত্ৰৰ সীমাৰেখা আৰু দিশ (ঘ) মানচিত্ৰৰ মাপনী (ঙ) আকৃতি আৰু আকাৰ (চ) মাটিকালি (ছ) প্ৰচলিত সাংকেতিক চিহ্ন (জ) দূৰত্ব (ঝ) মান চিত্ৰৰ সময়।

(vi) মানচিত্ৰ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- মানচিত্ৰ দুই প্ৰকাৰৰ। যেনেঃ-
(ক) নিদৰ্শনমূলক মাচিত্ৰ
(খ) বিষয় প্ৰসংগ থকা মানচিত্ৰ

(vii) জৰীপ কাৰ্য বুলিলে কি বুজায়?
উত্তৰঃ- কোনো ভূ ক্ষেত্ৰক ভালদৰে অধ্যায়ন কৰি লৈ মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বুলি কোৱা হয়।

3. নিম্নলিখিত সমূহক চমুকৈ বুজাই লিখাঃ
(i) অভিক্ষেপ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাক এখন মিহি সমলতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বোলে। যেনেঃ-
(ক) বেলন অভিক্ষেপ (Cylindrical projection)
(খ) শাংকৰ অভিক্ষেপ (Conical projection)
(গ) শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ (Zenithal projection)

(ii) 'GIS ছফট্‌ৱেৰৰ' দ্বাৰা কি কি কাৰ্য সাধন হয়?
উত্তৰঃ- 'GIS ছফট্‌ৱেৰৰ' দ্বাৰা বহুটো কাৰ্য কৰিব পাৰি-
(ক) সংগ্ৰহ (Input) : মানচিত্ৰ, পৰিক্ৰমিত মানচিত্ৰ, আকাশৰ পৰা তোলা ছবি, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ, জৰীপ আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়।
(খ) সংৰক্ষণ (conservation) : তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে। প্ৰয়োজন সাপেক্ষে সম্পাদনা, অনুসন্ধান, পুনৰুদ্ধাৰ ব বৰ্তমানৰ তাৰিখলৈ অৰ্থাত্‍ update কৰি ল'ব পাৰে।
(গ) বিশ্লেষণ (analysis) : বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্‌ঘাটনো কৰিব পাৰে।
(ঘ) উত্‍পাদন (production) : বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে- গ্ৰাফ বা লেখনিচিত্ৰ, দণ্ডচিত্ৰ, জ্যামিতিক চিত্ৰ, মানচিত্ৰ তালিকা, ৰেখা চিত্ৰ, বিৱৰণী, প্ৰতিবেদন আদিক প্ৰস্তুত কৰি উলিওৱাকে উত্‍পাদন বোলে।
    এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে।

(iii) দূৰ সংবেদনৰ চমু আভাস দিয়া।
উত্তৰঃ- দূৰ সংবেদন (Remote Sensing) হ'ল এক বিশেষ প্ৰয়ুক্তি, য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ, সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তিৰ সহায়ত কৃত্ৰিম উপগ্ৰহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে। পদ্ধতিমূলকভাৱে চন'গ্ৰাফি থকা জাহাজৰ দ্বাৰা মহাসমুদ্ৰ তলিৰ হুবহু তথ্য এনেভাৱে পাব পৰা হ'ল, যিটো ডুবাৰু সকলৰ পক্ষে অসাধ্যকৰ। উপগ্ৰহৰ পৰা দূৰ সংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি, মহাসমুদ্ৰাৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজসাধ্য হ'ল।

4. নিম্নলিখিত প্ৰশ্ন কেইটাক বহলাই লিখাঃ
(i) ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা মানচিত্ৰৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ-অতীতৰ পৰা বৰ্তমানলৈকে মানচিত্ৰবোৰক সময় সাপেক্ষে বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায়। পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন এডোখৰ ঘূৰণীয়া শিলাত লিপিবদ্ধ কৰা আছিল। স্পেইনত দেখিবলৈ পোৱা এই শিলা খণ্ডৰ মানচিত্ৰক, চৈধ্য হাজাৰ বছৰৰ আগতে শিলত কাটি উলিয়াইছিল। ভূগোল বিজ্ঞানৰ পিতা হিচাবে প্ৰসিদ্ধ ইৰাটোস্থেনিছে খ্ৰীষ্টপূৰ্ব ২৭৬ আৰু ১৯৪ৰ মাজৰ সময়ছোৱাতে সূৰ্য্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল। একেৰাহে জ্যোতিৰ্বিদ পণ্ডিত, গণিতজ্ঞ তথা ভূগোলবিদ টোলেমিয়ে এখন সঠিক মানচিত্ৰৰ প্ৰস্তুত কৰিছিল আৰু পোন্ধৰ শতিকালৈকে যথেষ্ট সমাদৰো লাভ কৰিছিল।
    ইছলামীয়া সোণোৱালী যুগত বা পৰৱৰ্তী কালত আৰবীয়ান মানচিত্ৰ সকলোৱে বহুগুণে জটিল গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আলম লৈ বিভিন্ন সূত্ৰৰ প্ৰয়োগেৰে মানচিত্ৰৰ অভিক্ষেপ অঙ্কন কৰিব পাৰিছিল। সেই সময়ছোৱাত অৰ্থাত্‍ ১১৫৪ চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্ৰকৰ অল ইদ্ৰিছিয়ে (Al Idris) ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উত্‍কৃষ্ট ভূ-মানচিত্ৰ প্ৰস্তুত কৰিব পাৰিছিল।

(ii) 'শিকলি' জৰীপত কি কি ব্যৱহাৰ হয় বৰ্ণনা কৰা।
উত্তৰঃ- 'শিকলি' জৰীপ এটা সাধাৰণ পদ্ধতি যাক আটাইতকৈ সৰল আৰু কেৱল পথাৰৰ জোখমাখ ল'বলৈ ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট স্থানৰ জোখ-মাখ লৈ, বাকী কামবোৰ অৰ্থাত্‍ গণনা, অঙ্ক আদিক অন্য ঠাইলৈ গৈও কৰিব পৰা যায়। বৰ বেছি খলা-বমা নথকা সৰু সমতল অঞ্চলৰ বাবে এই পদ্ধতিৰ ব্যৱহাৰৰ যুক্তি থাকে।
         'শিকলি' জৰীপ কাৰ্যত ভালেমান সংখ্যক শিকলি ব্যৱহাৰ হয় যদিও প্ৰধানকৈ 'ইঞ্জিনিয়াৰ্চ চেইন' আৰু 'গান্টাৰছ চেইন'ৰ  বেছি ব্যৱহাৰ হয়। ইঞ্জিনিয়াৰ্চ চেইনৰ দৈৰ্ঘ্য ১০০ lt আৰু ১০০ টা যোৰা আছে আৰু প্ৰতি ১০টা জোৰাৰ মূৰে মূৰে একোটা খাজ কটা মাৰি থাকে, যাৰ দ্বাৰা জোখ-মাখ অধ্যয়ন কৰা সুচল হয়। গান্টাৰছ চেইনৰ দৈৰ্ঘ্য ৬৬ lt.

(iii) 'বেলন' অভিক্ষেপ কাক বোলে আৰু কেনে অৰ্থত ব্যৱহাৰ হয় লিখা।
উত্তৰঃ- 'বেলুন' অভিক্ষেপ হ'ল এক প্ৰকাৰৰ অভিক্ষেপ যাক মানচিত্ৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
    এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায়। ইয়াত অনুভূমিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্ৰাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে। দ্ৰাঘিমাবোৰ সমদূৰৱৰ্তী আৰু অক্ষৰেখাই প্ৰতি মাপনী একে থাকে। যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা, ইয়াক বেলন বুলিয়েই অভিহিত কৰা হয়; কিয়নো যদিহে এই জালীখনক মেৰিয়াই লৈ দুয়োকাষ লগ লগোৱা যায়, দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ'ব।

অতিৰিক্ত প্ৰস্নোত্তৰ । Additional Questions' answer
5. GISৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- Geographical Information System.

6. মানচিত্ৰ বুলিলে কি বুজা?
উত্তৰঃ- ভূ-পৃষ্ট বা ইয়াৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকেই মানচিত্ৰ বোলা হয়।

7. মানচিত্ৰ প্ৰস্তুত কৰোঁতাক কি বুলি জনা যায়?
উত্তৰঃ- মানচিত্ৰকাৰ

8. ভূগোল বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰঃ- ইৰাটোস্থেনিছক

9. আটাইতকৈ সৰল জৰীপ পদ্ধতিটো কি?
উত্তৰঃ- শিকলি জৰীপ।

10. 'ভূগোল' নামৰ গ্ৰন্থখনিৰ লিখক কোন?
উত্তৰঃ- টোলেমি

11. ভৌগোলিক ইতিবৃত্ত সম্পৰ্কীয় মানচিত্ৰবোৰ কোনে প্ৰস্তুত কৰি উলিয়ায়?
উত্তৰঃ- ৰাষ্ট্ৰীয় ভূ-তত্ত্ব জৰীপ বিভাগে

12. ভৌগোলিক তথ্য ব্যৱস্থা কি?
উত্তৰঃ- ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এটি পদ্ধতি অৰ্থাত্‍ এক কম্পিউটাৰ ভিত্তিক পদ্ধতি, য'ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্যপাতি সংগ্ৰহ, অধিগ্ৰহণ, সংৰক্ষণ কৰি ল'ব পাৰি।

13. 'লিথোগ্ৰাফী' (Lithography) নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কেতিয়া হৈছিল?
উত্তৰঃ- ১৯ শতিকাৰ আদিভাগতে

14. মধ্যযুগীয় ইউৰোপীয় মানচিত্ৰসমূহ কিহক কেন্দ্ৰ কৰি প্ৰস্তুত কৰিছিল?
উত্তৰঃ- জেৰুজালেমক কেন্দ্ৰ কৰি

15. কাক ভৌগোলিক তথ্য ব্যৱস্থাৰ পিতৃ বুলি আখ্যা দিয়া হৈছিল?
উত্তৰঃ- ৰ'জাৰ টমলিনচনক
 
16. কোনে কেতিয়া সৰ্বপ্ৰথম মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল?
উত্তৰঃ- খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকাত চুমেৰীয় (Sumerian) সকলে সৰ্বপ্ৰথম মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল।

17. গ্ৰীডছ কাক বোলে?
উত্তৰঃ- সম ব্যৱধানত, সমান্তৰালভাৱে অঁকা কিছুমান কাল্পনিক অক্ষ ৰেখা আৰু উত্তৰা-দক্ষিণাকৈ দ্ৰাঘিমাৰেখাই কটাকটি কৰি গঠন কৰা আৰ্হিটোকে গ্ৰীডছ বোলে।

18. মানচিত্ৰ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- মানচিত্ৰ প্ৰধানকৈ দুই প্ৰকাৰৰ-
(ক) নিদৰ্শনমূলক মানচিত্ৰ (Representative Type Map)
(খ) বিষয় প্ৰসঙ্গ থকা মানচিত্ৰ (Map drawn with reference to the subject)

19. আটাইতকৈ জনপ্ৰিয় বেলন অভিক্ষেপ চাৰিটাৰ নাম লিখা।
উত্তৰঃ- আটাইতকৈ জনপ্ৰিয় বেলন অভিক্ষেপ চাৰিটা হ'ল-
(ক) মাৰ্কেটৰ অভিক্ষেপ (Mercator projection)
(খ) কেছিনা (Cassini)
(গ) গাইছ ক্ৰুগাৰ (Gauss-krugar)
(ঘ) মিলাৰ (Miller) অভিক্ষেপ

20. পোন প্ৰথমতে কোনে কেতিয়া GI Science নামক পৰিভাষাটিক পৰিচয় কৰাই দিছিল?
উত্তৰঃ- ১৯৯২ চনত মাইকেল ফ্ৰ্যাঙ্ক গুডচাইল্ড এ পোন প্ৰথমতে GI Science নামক পৰিভাষাটিক পৰিচয় কৰাই দিছিল।

21. পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন ক'ত লিপিবদ্ধ কৰা আছিল?
উত্তৰঃ- পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন এডোখৰ ঘূৰণীয়া শিলাত লিপিবদ্ধ কৰা আছিল।
    মানচিত্ৰখন স্পেইনত দেখিবলৈ পোৱা গৈছিল।

22. কোনে কেতিয়া সূৰ্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল?
উত্তৰঃ-ভূগোল বিজ্ঞানৰ পিতা হিচাবে প্ৰসিদ্ধ ইৰাটোস্থেনিছে খ্ৰীষ্টপূৰ্ব ২৭৬ আৰু ১৯৪ৰ মাজৰ সময়ছোৱাতে সূৰ্য্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল।

23. শিকলি জৰীপ পদ্ধতি প্ৰধানকৈ কোন দুবিধ শিকলিৰ বেছি ব্যৱহাৰ হয়?
উত্তৰঃ- শিকলি জৰীপ পদ্ধতি প্ৰধানকৈ 'ইঞ্জিনিয়াৰ্চ চেইন' আৰু 'গান্টাৰছ চেইন'ৰ বেছি ব্যৱহাৰ হয়।

24. কোনে কেতিয়া ইউৰোপীয়সকলতকৈ বহুগুণে বিশিষ্ট তথা উত্‍কৃষ্ট ভূ-মানচিত্ৰ প্ৰস্তুত কৰিব পাৰিছিল?
উত্তৰঃ- ১১৫৪ চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্ৰকৰ অল ইদ্ৰিছি (Al Idris) য়ে ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উত্‍কৃষ্ট ভূ-মানচিত্ৰ প্ৰস্তুত কৰিব পাৰিছিল।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.
Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
February 13, 2022 at 4:52 PM ×

Thank you sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar