-->

অসমৰ জনদৃশ্যপট । Demography of Assam

 


দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন

অসমৰ জনদৃশ্যপট

Demography of Assam

                                                        Class 12 Swadesh Adhyayan



(1) অসমৰ সৰ্বপ্ৰথম লোকগণনা কেতিয়া কৰা হৈছিল? এই গণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?
উত্তৰঃ- অসমৰ সৰ্বপ্ৰথম লোকগণনা ১৮৭২ চনত কৰা হৈছিল।
    এই গণনা অনুসৰি অসমৰ জনসংখ্যা ২২ লাখ আছিল।

(2) ২০১৯ চনৰ মাৰ্চ মাহৰ প্ৰাক-কলন অনুসৰি বৰ্তমান অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ- ৩.৫০ কোটি

(3) অসমৰ জনসংখ্যা ভাৰত বৰ্ষৰ জনসংখ্যা কিমান শতাংশ?
উত্তৰঃ- ২.৬%

(4) অসমৰ পাটিকালি ভাৰতবৰ্ষৰ মাটিকালিৰ কিমান শতাংশ?
উত্তৰঃ- ২.৪%

(5) কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বুদ্ধিৰ হাৰ কিমান আছিল?
উত্তৰঃ- ৮.১ গুণ। ভাৰতৰ ৪.৩ গুণ।

(6) অসমৰ নগৰীকৰণৰ হাৰ কেনেকুৱা?
উত্তৰঃ- ১৪%

(7) অসমৰ মহকুমা আৰু ৰাজহচক্ৰৰ সংখ্যা কিমান?
উত্তৰঃ- অসম মহকুমা ৫৬ খন আৰু ৰাজহচক্ৰৰ সংখ্যা ১৮৪ খন।

(8) অসমৰ বিভিন্ন বৃত্তিত নিয়োজিত জনসংখ্যা শতাংশ হিচাপত দেখুওৱা?
উত্তৰঃ- প্ৰাথমিক বৃত্তিঃ- ৬২.৪% (কৃষিজীৱী ৪০% কৃষি শ্ৰমিক ১২.৪%)
দ্বিতীয় বৃত্তিঃ- ১৪.০%
তৃতীয় বৃত্তিঃ- ২৪.৩%
চতুৰ্থ বৃত্তিঃ- ৬.৩%
পঞ্চম বৃত্তিঃ- ৩.০%

(9) অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ- ৭২.২%

(10) অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ- ৬৬.৩%

(11) অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ- ৩৯৭ গৰাকী

(12) পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ- প্ৰতি বৰ্গ কিঃমিঃত মাত্ৰ ১২ জন।

(13) জনসংখ্যাৰ বৃদ্ধিৰ কাৰককেইটা আৰু কি কি?
উত্তৰঃ- জনসংখ্যাৰ বৃদ্ধিৰ কাৰক তিনিটা। সেইবোৰ হ'ল-
(ক) জন্মৰ হাৰ
(খ) মৃত্যুৰ হাৰ
(গ) প্ৰব্ৰজন

(14) জনসংখ্যা বৃদ্ধিৰ হাৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰা সূত্ৰটো লিখা।
উত্তৰঃ- জনসংখ্যাৰ বৃদ্ধি(Pg) = (জন্মৰ হাৰ ~ মৃত্যুৰ হাৰ) + প্ৰব্ৰজন
প্ৰব্ৰজন = (আন্তপ্ৰব্ৰজন ~ বহিঃপ্ৰব্ৰজন)

(15) কেতিয়াৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো লোকপিয়ল কৰি জনসংখ্যাৰ চৰকাৰী তথ্য প্ৰকাশ হৈ আহিছে?
উত্তৰঃ- ১৯০১ চনৰ পৰা।

(16) ১৯০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ- ৩২৯ নিযুত

(17) প্ৰাক্‌-স্বাধীনতাৰ কালছোৱাত (১৯০১-১৯৫১) অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ গতিধাৰা আৰু ভাৰতবৰ্ষৰ জনসংখ্যাৰ গতিধাৰা উল্লেখ কৰা?
উত্তৰঃ- অসম- ১৪৪ শতাংশ আৰু সমগ্ৰ ভাৰত-৫১ শতাংশ মাথো

(18) স্বাধীনোত্তৰ কালত (১৯৫১-২০১১) চনলৈ অসম আৰু ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ গতিধাৰা কেনেকুৱা?
উত্তৰঃ- অসম-২৩২ শতাংশ
ভাৰত-১৮৪ শতাংশ

(19) অসমত দ্ৰতহাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ মূল কাৰণ কি?
উত্তৰঃ- (ক) জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস
(খ) জনপ্ৰব্ৰজন

(20) অসমত বৰ্তমান গাঁৱৰ সংখ্যা কিমান? এই গাঁৱসমূহত গড়ে কিমানজন লোকে বসবাস কৰে?
উত্তৰঃ- অসমত বৰ্তমান গাঁৱৰ সংখ্যা ২৬,৩৯৫ খন।
    এই গাঁৱসমূহত গড়ে ৮৮০ জন লোকে বসবাস কৰে।

(21) পাহাৰীয়া জিলা তিনিখনৰ প্ৰতিখন গাঁৱত গড়ে কিমান ঘৰ মানুহ আছে?
উত্তৰঃ- প্ৰায় ৭ ঘৰ মানুহ আছে।

(22) অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ কেইখন আৰু কি কি?
উত্তৰঃ- অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ ৪ খন। যেনে গুৱাহাটী, শিলচৰ, ডিব্ৰগড় আৰু নগাওঁ

(23) ২০০১-২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান?
উত্তৰঃ- ১৬.৯৩%

(24) বড়োলেণ্ডৰ চাৰিখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান?
উত্তৰঃ- গড়ে ১০% তলত।

(25) অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ- ৩৯৭ জন।

(26) অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?
উত্তৰঃ- কামৰূপ মহানগৰ জিলাত। (প্ৰতিবৰ্গ কিঃমিঃ ২০১০ জন।)

(27) পাহাৰীয়া জিলা তিনিখনত জনসংখ্যাৰ ঘনত্ব কেনেকুৱা?
উত্তৰঃ- কাৰ্বি আংলং- ৯৩ গৰাকী
পশ্চিম কাৰ্বি আংলং-৮৯ গৰাকী
ডিমা হাছাও- ৪৪ গৰাকী

(28) অসমৰ কেইখন বিৰল বসতিৰ জিলাৰ নাম লিখা।
উত্তৰঃ- মাজুলী, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও,

(29) ২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি অসমত ইছলাম ধৰ্মী লোকৰ সংখ্যা কিমান? এইসকলৰ কিমান শতাংশৰ মাতৃভাষা অসমীয়া?
উত্তৰঃ- ২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি অসমত ইছলাম ধৰ্মী লোকৰ সংখ্যা ১ কোটি ৬ লাখ। এইসকলৰ ৩২.৬% শতাংশৰ মাতৃভাষা অসমীয়া।

(30) 'অসম চুক্তি' কেতিয়া স্বাক্ষৰিত হৈছিল? এই চুক্তি স্বাক্ষৰিক কৰাৰ অন্যতম পদক্ষেপ কি?
উত্তৰঃ- 'অসম চুক্তি' ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাক্ষৰিত হৈছিল।
    ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) প্ৰস্তুতকৰণ 'অসম চুক্তি' স্বাক্ষৰিক কৰাৰ অন্যতম পদক্ষেপ।

(31) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ-৩,১২,০৫,৫৭৬ জন।

(32) জনপ্ৰব্ৰজন কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- জনপ্ৰব্ৰজন এক অৱধাৰিত প্ৰক্ৰিয়া। মানুহৰ জীৱন ধাৰণৰ নেতিবাচক স্থানৰ পৰা ইতিবাচক স্থানলৈ গতি কৰা প্ৰক্ৰিয়াটোক জন প্ৰব্ৰজন বুলি কোৱা হয়।
    প্ৰব্ৰজন দুই প্ৰকাৰৰ। যেনে-
(ক) আন্তঃপ্ৰব্ৰজন
(খ) বহিঃপ্ৰব্ৰজন।

(33) ২০০১-২০১১ চনৰ কালছোৱাত অসমত হিন্দু আৰু মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান আছিল?
উত্তৰঃ- হিন্দুঃ-প্ৰায় ৮০%
মুছলমানঃ- প্ৰায় ১৯৭%।

(34) অসমত পাহাৰীয়া জিলাকেইখনৰ নাম লিখা। পাহাৰীয়া জিলা কেইখনত জনবসতি সেৰেঙা হোৱাৰ চাৰিটা কাৰণ লিখা?
উত্তৰঃ- অসমত পাহাৰীয়া জিলাকেইখনৰ নাম হ'ল- কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও।
    পাহাৰীয়া জিলা কেইখনত জনবসতি সেৰেঙা হোৱাৰ চাৰিটা কাৰণ হ'ল-
(ক) গাওঁসমূহৰ অধিকাংশই কৃষিভূমিৰ স্থানান্তৰিত কৃষি পথাৰ প্ৰচলনক হেতুকে স্থানান্তৰীকৃত হয়। নিগাজী গাঁৱৰ সংখ্যা তাকৰ।
(খ) বসবাসৰ বাবে প্ৰয়োজনীয় নূন্যতম সুবিধাৰ অভাৱৰ হেতুকে জীৱন ধাৰণৰ মান উন্নত নহয়।
(গ) ডেকাচামৰ অধিকাংশৰেই চহৰমূখী প্ৰৱণতা বিৰাজমান।
(ঘ) জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণৰ আঁচনিৰ সেৱাৰ সু-প্ৰভাৱ নগণ্য।

(35) মানৱ সম্পদ উন্নয়নৰ লাইখুটা বুলিলে কি বুজা? এই লাইখুটা কেইটা কি কি?
উত্তৰঃ- মানৱ সম্পদৰ উন্নয়নৰ সাধনৰ বাবে প্ৰয়োজনীয় উপাদান বা চৰ্তসমূহক মানৱ সম্পদ উন্নয়নৰ লাইখুটা বুলি কোৱা হয়।
এই লাইখুটাকেইটা হ'ল-
(ক) সমতা বৃদ্ধি
(খ) উত্‍পাদন
(গ) স্থায়িত্ব
(ঘ) অধিকাৰ

(36) কৌশল বিকাশ কি? কৌশল বিকাশ অসমত কেনেকৈ কৰিব পাৰি?
উত্তৰঃ- কৌশল বিকাশ হৈছে দেশৰ যুৱ শক্তিৰ কৌশল প্ৰশিক্ষণৰ বাবে স্বনিয়োজন মন্ত্ৰালয়ৰ অধীনত NSDCৰ দ্বাৰা প্ৰস্তুত কৰা এখন বিশেষ আঁচনি।
    অসমত মানৱ সম্পদ উন্নয়ন নিম্নমানৰ। কৌশল বিকাশৰ দ্বাৰা অব্যাহত আছে যদিও সম্পদৰ তুলনাত বিকাশ আশা-ব্যঞ্জক হৈ উঠা নাই। অসম প্ৰাকৃতিক সম্পদত চহকী যদিও উপযুক্ত প্ৰশিক্ষা প্ৰাপ্ত সংগঠক বা কৰ্মীৰ অভাৱত অসম শিল্প উদ্যোগত পিছপৰি আছে। গতিকে কৌশল বিকাশ যোজনাৰ অধীনত অসমৰ যুৱশক্তিক উপযুক্ত প্ৰশিক্ষণ দি অসমৰ সম্পদসমূহ ব্যৱহাৰ কৰি অসমত শিল্পোদ্যোগ গঢ়ি তুলিব পাৰি। তেতিয়া নিশ্চয় অসমৰ বিকাশ অৱশ্যম্ভৱী হ'ব।

(37) বাংলাদেশ, নেপালৰ পৰা জীৱিকাৰ সন্ধানত হোৱা অনুপ্ৰৱেশ বৰ্ণনা কৰা।
উত্তৰঃ- বাংলাদেশ, নেপাল আদিৰ পৰা জীৱিকাৰ সন্ধানত অনুপ্ৰৱেশ কৰি চৰ আৰু চাপৰি অঞ্চলত (ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ) অবৈধ বসতি স্থাপন কৰি ৰবি শস্যৰ খেতি কৰাৰ উপৰিও নিৰ্মাণ কাৰ্যৰ সৈতে সস্তীয়া শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। একাংশই আকৌ শাক-পাচলিৰ বেপাৰ, হাঁহ-কুকুৰাৰ উপৰিও কণীৰ বেপাৰ আদি কৰি জীৱিকা নিৰ্বাহ কৰে। এনেদৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাবলে ধৰে।
    স্বাধীনোত্তৰ কালত প্ৰব্ৰজন ঘটা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ সৰহভাগেই দুগ্ধজাত সামগ্ৰীৰ উত্‍পাদন আৰু বিতৰণৰ সৈতে জড়িত।

(38) প্ৰাক-স্বাধীনতা কাল আৰু স্বাধীনোত্তৰ কালৰ অসমৰ জনদৃশ্যপট বৰ্ণনা কৰ?
উত্তৰঃ- প্ৰাক-স্বাধীনতা কালৰ মংগোলীয়, আৰ্য্য, আক্ৰমণকাৰী মোগল সকলৰ একাংশ ৰণুৱা সৈনিক সংগী (মোগল) তথা চিংফৌ বসতিস্থানত আৱিষ্কৃত চাহগছ আৰু পৰৱৰ্তী কালত স্থাপিত হোৱা বাগিছাবোৰলে কৰ্মৰ বাবে চোট্টনাগপুৰ মালভূমি অঞ্চলৰ পৰা অনা বনুৱাবোৰ আৰু ব্ৰিটিছ শাসকসকলৰ নিম্নবৰ্গৰ সহায়ক আৰু চকীবোৰৰ পহৰাকৰ্মী, সাহসী আৰু বিশ্বাসী নেপালী ভাষী লোকে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় ফৌজৰ অৱশিষ্টসকল পৰৱৰ্তী সময়ত অসমৰ বাসিন্দা হৈ অসমৰ জনদৃশ্যপটৰ মূলসূতিৰ সৈতে মিলি সোণত সুৱগা চৰাইছে বাবে অসমৰ কোনো ক্ষতি হোৱা নাই। বৰ অসম নামৰ জনফুলনিত নানা ৰঙৰ সমাহাৰ ঘটি মহামিলনৰ এক সুকীয়া জাতিসত্বাৰ সৃষ্টি হৈছে।
    স্বাধীনোত্তৰ কালত বিশেষকৈ ১৯৭২ চনত হোৱা পাকিস্তানৰ ৰাজনৈতিক পট পৰিৱৰ্তন আৰু বাংলাদেশৰ অভ্যুখানে এক বিশেষ ভাষিক আৰু ধৰ্মীয় লোকৰ অবৈধ প্ৰব্ৰজন অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জন দৃশ্যপটত বিশেষভাৱে প্ৰভান্বিত কৰিছে।

(39) কেতিয়া, কিয় আৰু কাৰ কাৰ মাজত "অসম চুক্তি" স্বাক্ষৰিত হৈছিল?
উত্তৰঃ- ঐক্য আৰু সংহতিৰ এনাজৰী সুদৃঢ় আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতিৰ প্ৰতি ভাবুকি-স্বৰূপ পাবত-গজা ন-অসমীয়া নামধাৰী লোকৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু স্বদেশলৈ ওভতাই পঠিওৱাৰ দাবী তুলি খিলঞ্জীয়া লোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ১৯৮৫ চনত তেতিয়াৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আন্দোলন বহনকাৰী বৈধ প্ৰতিনিধিৰ সৈতে ঐতিহাসিক "অসম চুক্তি" স্বাক্ষৰিত হৈছিল।



Mr. Jugajit Bora,

Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »