-->

উত্তৰ-পূব ভাৰতত অসম । Assam in North-East India

 

উত্তৰ-পূব ভাৰতত অসম : পৰিৱেশ, ভূপ্ৰকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক - দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
Assam in North-East India : Its environmental, Physiography, Climate, Soil and Their Relationship
 

1.
(ক) উত্তৰ-পূব পৰিষদ কোন চনত গঠন হয়?
উত্তৰঃ- ১৯৭১ চনত

(খ) উত্তৰ-পূৰ্বাঞ্চলত ছিকিম ৰাজ্যক কেতিয়া অন্তৰ্ভুক্ত কৰা হয়?
উত্তৰঃ- 2002 চনত।

(গ) অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত?
উত্তৰঃ- সেমেকা উপক্ৰান্তীয় জলবায়ু

(ঘ) 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ- ৩৭৯ জন

(ঙ) ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ কিমান শতাংশ এলেকা অসমৰ ভিৰতৰত পৰিছে?
উত্তৰঃ- ৩৬.৩৩%

(চ) অসমৰ মাটি কেইপ্ৰকাৰৰ?
উত্তৰঃ- ৪ (চাৰি) প্ৰকাৰৰ।

2.
(ক) উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ কেইখন আৰু কি কি?

উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ আঠখন। সেইবোৰ হ'ল- অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিম।

(খ) উত্তৰ-পূব পৰিষদ (North Eastern Council)ৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি?
উত্তৰঃ- উত্তৰ-পূব পৰিষদ (North Eastern Council)ৰ গঠনৰ মূল লক্ষ্য হ'ল- সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰধানকৈ অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা হাতত লোৱা।

(গ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ- ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত ইংৰাজ আৰু ব্ৰহ্মদেশৰ (মানৰ) মাজত হৈছিল।

(ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিল?
উত্তৰঃ- মণিপুৰ আৰু ত্ৰিপুৰা

(ঙ) উত্তৰ-পূৰ্বাঞ্চলক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলক পাঁচখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। সেইবোৰ হ'ল- নেপাল, ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ।

(চ) ব্ৰহ্মপুত্ৰক পূৰ্বৱৰ্তী নদী বুলি কিয় কোৱা হয়?
উত্তৰঃ- মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। ইয়াক পূৰ্বৱৰ্তী নদী বুলি কোৱা হয় কাৰণ ব্ৰহ্মপুত্ৰ উত্‍স অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে।
 
3. 
(ক) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া।
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ উত্‍স কৈলাশ গিৰিমালাৰ পৰা য়াৰলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়। প্ৰায় ২৭৬ কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামনিত ছিয়াঙৰ নামনি অংশ অৰ্থাত্‍ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীৰ (পৰশুৰাম কুণ্ড) পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহত্‍ জলাধাৰেই ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰই বছৰি ৪০২ নিযুত টন গেদ কঢ়য়াই পৃথিৱীৰ দ্বিতীয় বৃহত্‍ গেদ কঢ়িওৱা নদীত পৰিণত হেছে।

(খ) অসমৰ জলবায়ু নিয়ন্ত্ৰণৰ হিমালয়ৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰঃ- হিমালয় পাদভূমি ঠাইৰ তুলনাত উষ্ণতা কিছু কম অনুভূত হয়। গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আদি জিলাকেইখনৰ জলবায়ু পশ্চিমবঙ্গৰ উত্তৰ-অঞ্চলৰ দৰে। বৰাক উপত্যকাৰ জিলা কেইখনত সাধাৰণতে অধিক বৃষ্টিপাত হোৱাৰ লগতে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি হৈ থাকে। তাৰ ফলত তুলনামূলকভাৱে অধিক গৰম অনুভৱ হয়। মধ্য অসমৰ দক্ষিণ নগাঁও আৰু হোজাই জিলা বৃষ্টিছায়া অঞ্চলত পৰাৰ বাবে এই অঞ্চলৰ জলবায়ু অসমৰ আন ঠাইৰ তুলনাত কিছু শুকান। পূৱ অসমৰ গোলাঘাট, যোৰহাট শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী আৰু লক্ষীমপুৰ জিলাৰ জলবায়ু মধ্য অসমৰ দৰে যদিও শীতকালত উঞ্চতাৰ পৰিমাণ কম অনুভূত হয়।

(গ) মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া।
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহত্‍ নদীদ্বীপ মাজুলী আছে। ৬৪৫ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি থকা নদীদ্বীপ মাজুলীত ১৫৫ খন বসতিপূৰ্ণ গাঁও আছে। জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী। এই নদীদ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত।

(ঘ) ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় নদীপথ হিচাপে এটি চমু ব্যাখ্যা দিয়া।
উত্তৰঃ- ১৯৮৮ চনৰ ১ ছেপ্তেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা হৈছে। নদীখনত গোটেই বছৰ জাহাজ চলাচল কৰিব পৰাকৈ পৰ্যাপ্ত পানী থকাৰ বাবে চৰকাৰে এই নদীপথক ৰাষ্ট্ৰীয় নদীপথ হিচাপে চিনাক্ত কৰিছে।

(ঙ) জলবায়ুৰ দিশৰ পৰা অসমক কেইটা আৰু কি কি ঋতুত ভাগ কৰা হৈছে বৰ্ণনা কৰা।
উত্তৰঃ- জলবায়ু দিশৰ পৰা অসমৰ ঋতুক চাৰিটা ভাগত ভগোৱা হৈছে। বৰ্ষা, শীত, শৰত্‍ আৰু বসন্ত। এই চাৰিটা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত; বৰ্ষা আৰু শীতৰ মাজত শৰত্‍ ঋতু। এই দুই ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল। এই সময়ত গড় উত্তাপ ১৫০ ডিগ্ৰী ছেলছিয়াতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলী কুঁৱলী পৰা দেখা যায়।
        মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় গোটেই এপ্ৰিল মাহত অসমত যি ধুমুহা বতাহ বোলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাত গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। জুন মাহৰ আৰম্ভণিৰ পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্তেম্বৰ মাহ পৰ্যন্ত প্ৰৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্ৰধানকৈ মে' মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০ ডিগ্ৰী ছেলছিয়াছৰ পৰা ৩৫ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হয়গৈ। ছেপ্তেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে।

(চ) অসমত মৌচুমী বতাহৰ প্ৰভাৱ কেনেকুৱা ব্যাখ্যা কৰা।
উত্তৰঃ- অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। অসম সামগ্ৰিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গ। অসমত গীষ্মকালত প্ৰচুৰ বৃষ্টিপাত আৰু শীতকালত বৰষুণৰ পৰিমাণ কম হয়। খৰাং শীতকালৰ বিপৰীতে উত্তৰ-পূৱ মৌচুমী বতাহৰ প্ৰভাৱত ডিচেম্বৰ আৰু জানুৱাৰী মাহত বৰষুণৰ পৰিমাণ গড়ে ১৩ ছেঃমিঃ পৰ্যন্ত হয়। বৰ্ষা ঋতুত যেতিয়া মৌচুমী বতাহ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ পাহাৰ-পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শেলোত্‍‌ক্ষেপ বৃষ্টিপাত হয়। ইয়াৰ ফলত নদ-নদীবোৰ পানীৰে উপচি পৰে। গ্ৰীষ্ম মৈচুমীকালত অৰ্থাত্‍ জুনৰ মাজভাগৰ পৰা ছেপ্তেম্বৰৰ আগছোৱা কালত জহ আৰু বৃষ্টিপাতৰ অধিক বিদ্যমান।

(ছ) অসমৰ লেটাৰাইট বা ৰঙা মাটিৰ বিতৰণ আৰু বিশেষত্বৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ- লেটাৰাইট বা ৰঙা মাটিত লৌহকণা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এই মাটি সাধাৰণতে সেমেকা ক্ৰান্তীয় অঞ্চলত পোৱা যায়। লৌহকণা বেছিকৈ থকাৰ বাবে এই মাটিৰ ৰং ৰঙচুৱা। ডিমা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্ৰধানকৈ এই মাটি পোবা যায়। তদুপৰি গোলাঘাট জিলাৰ দক্ষিণ প্ৰান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত লেটাৰাইট পোবা যায়। এই মাটিৰ ৰং গাঢ় কিন্তু নাইট্ৰ'জেন, পটাচ, ফছফৰিক এছিড আৰু চূণৰ পৰিমাণ অতি কম।


4. 
(ক) অসম জৈৱবৈচিত্ৰ্যত চহকী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ- অসমৰ অৱস্থিতি আৰু ইয়াৰ ভূ-অৱয়ৱৰ বৈশিষ্ট্যই অসমৰ প্ৰাকৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। ভূ-গোলকৰ ২৪০৭' উত্তৰ অক্ষাংশ আৰু ২৮' উত্তৰ অক্ষাংশ আৰু ৮৯' পূৱ দ্ৰাঘিমাংশ আৰু ৯৬' পূৱ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত হোৱাৰ বাবে আৰু অসমৰ প্ৰায় চৌপাশ গিৰিবেষ্টিত হোৱাৰ কাৰণে অসমৰ জলবায়ু তথা জৈৱ-বৈচিত্ৰতা ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰতকৈ বেলেগ হৈ পৰিছে। জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায়, গ্ৰীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায়। যাৰ বাবে অসম জৈৱবিচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণতি হৈছে।



(খ) অসমৰ পলসুৱা মাটিৰ গুণাগুণ আৰু বিতৰণৰ এটা টোকা লিখা।
উত্তৰঃ- ব্রহ্মপুত্র-বৰাক উপত্যকা প্ৰধানকৈ নদীগঠিত পলসুৱা মাটিৰে গঠিত। এই পলসুৱা মাটিক দুটা ভাগত ভগাব পাৰি। নতুন পলসুৱা আৰু পুৰণি পলসুৱা মাটি। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে সঘনে বানপানী হোৱা অঞ্চল প্ৰধানকৈ নতুন পলসুৱা মাটিৰ। এই মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোঁৱা বৰণীয়া।
         পুৰণি পলসুৱা মাটি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লক্ষীমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত প্ৰধানকৈ পোৱা যায়। নদীকাষৰীয়া নতুন পলসুৱা আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজভাগত প্ৰধানকৈ পুৰণি পলসুৱা মাটি দেখা যায়। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ পুৰণি পলসুৱা মাটিভাগ তুলনামূলকভাৱে উত্তৰপাৰতকৈ ঠেক। কিন্তু মানকাচৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, হোজাই জিলাত পুৰণি পলসুৱা মাটিভাগ যথেষ্ট বহল।

(গ) অসমৰ ভৃপ্ৰকৃতি প্ৰধানকৈ সমতলীয় হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত কি কি সুবিধা হৈছে আলোচনা কৰা।
উত্তৰঃ- অসমেই উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সমতলীয় প্ৰদেশ। ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা পাহাৰীয়া। বাকীবোৰ জিলা প্ৰায় সমতলীয়। অৱশ্যে কামৰূপ মহানগৰ, দক্ষিণ মৰিগাঁও আৰু ভূটান আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অঞ্চলত কিছুমান পাহাৰ আৰু টিলা আছে

(ঘ) উত্তৰ-পূৰ্বাঞ্চলত অসমৰ অৱস্থিতিৰ বৈশিষ্ট্যই ৰাজ্যখনৰ গুৰুত্ব কেনেদৰে বঢ়াইছে আলোচনা কৰা।
উত্তৰঃ- সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাজভাগত থকা অসম ৰাজ্যৰ অৱস্থিতিৰ বাবে সমগ্ৰ অঞ্চলটোৰ লোকসকলৰ যাতায়াত ভাৰতবৰ্ষৰ বাকী অংশৰ লগত অসমৰ মাজেদিয়েই হয়। স্থল, জলপথ, ৰে'ল পথ আৰু বিমান পথ এই সকলো পথেৰে ভাৰতৰ আন ঠাই আনকি বিদেশী ৰাষ্ট্ৰৰ লগত যোগাযোগ ৰখাৰ বাবে অসমত যি সুবিধা আছে উত্তৰ-পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যত তেনে সুবিধা নাই। কৃষিকাৰ্ষৰ বাবে জলবায়ু অনুকূল আৰু মাটি উৰ্বৰ হোৱাৰ কাৰণে জনসংখ্যা অতি বেছি আৰু জনবসতিও ঘন।

5. ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে অসম ৰাজ্যখন কেইখন ৰাজনৈতিক ভূ খণ্ডত বিভক্ত আছিল আৰু কি কি?
উত্তৰঃ- ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে অসম ৰাজ্যখন তিনিখন ৰাজনৈতিক ভূ খণ্ডত বিভক্ত আছিল। যেনেঃ- আহোম ৰাজ্য, ত্ৰিপুৰা আৰু্ মণিপুৰ ৰাজ্য।

6. উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিল?
উত্তৰঃ- মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য।

7. কেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামক কেন্দীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয়?
উত্তৰঃ- নাগালেণ্ড = ১৯৬৩ চনৰ ১ ডিচেম্বৰ
অৰুণাচল প্ৰদেশ = ১৯৭২ চনৰ ২০ জানুৱাৰী
মেঘালয় = ১৯৭০ চনৰ ২ এপ্ৰিল
মিজোৰামক = ১৯৭২ চনত।

(8) উত্তৰ-পূবাঞ্চলৰ কিমান শতাংশ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰঃ- 99 শতাংশ অৰ্থাত্‍ 5182 কিলোমিটাৰ।

(9) ভূ-প্ৰকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ গঠন কেনেকুৱা?
উত্তৰঃ- ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল প্ৰধানকৈ পূৱ হিমালয় আৰু ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰে গঠিত।

(10) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কিমান শতাংশ ভূ-অৱয়ব পাহাৰীয়া?
উত্তৰঃ- দুই-তৃতীয়াংশ

(11) পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উচ্চতা কিমান? ই ক'ত অৱস্থিত?
উত্তৰঃ- পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগটোৰ হ'ল কাঞ্চজংঘা। ইয়াৰ উচ্চতা 8586 মিটাৰ। ই ছিকিম আৰু নেপাল সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত।

(12) সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চল কেনেকুৱা জৈৱ ভৌগলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত?
উত্তৰঃ- ইন্ডো মালয়ান, ইন্দো চীন আৰু ইণ্ডিয়ান।

(13) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অসমৰ ভূ-প্ৰকৃতি আৰু জলবায়ু প্ৰভাৱিত হোৱা কাৰককইটা লিখা।
উত্তৰঃ- (ক) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগলিক অৱস্থিতি আৰু অবয়ূসমুহ।
(খ) সুউচ্চ হিমালয় পৰ্বতমালা অৱস্থিতি আৰু
(গ) মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰ আৰু ইয়াৰ প্ৰভাৱ

(14) অসমৰ অৱস্থিতি লিখা।
উত্তৰঃ- অসমৰ অৱস্থিতি 'ল-২৪.০৯' উত্তৰ আৰু ২৮' উত্তৰ অক্ষাংশ আৰু ৮৯' পূৱ আৰু ৯৬' দ্ৰাঘিমাংশ।

(15) অসমৰ পাহাৰীয়া জিলা তিনিখনৰ নাম লিখা।
উত্তৰঃ- ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং।

(16) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কাক কোৱা হয়?
উত্তৰঃ- মহাবাহু ব্ৰহ্মপুত্ৰ

(17) পৃথিৱীৰ ষষ্ঠ বৃহত্তম নদীখনৰ নাম কি?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ

(18) ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চলৰ পৰিমাণ কিমান?
উত্তৰঃ- ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ।

(19) ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ কিমান শতাংশ চীন, ভাৰতবৰ্ষ, বাংলাদেশ আৰু ভূটানত পৰিছে?
উত্তৰঃ- চীন - 50.5%
ভাৰতবৰ্ষ - 33.6%
বাংলাদেশ - 8.1%
ভূটানত - 7.8%

(20) ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলৰ কিমান শতাংশ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, চিকিম আৰু পশ্চিমবংগত পৰিছে?
উত্তৰঃ- অৰুণাচল প্ৰদেশ - 41.88%
অসম  - 36.33%
মেঘালয় - 6.0%
নাগালেণ্ড - 5.55%
চিকিম - 3.75%
পশ্চিমবংগত - 6.47%

 (21) ব্ৰহ্মপুত্ৰৰ উত্‍সৰ নাম কি? উত্‍সতই কি নামেৰে জনা যায়?
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ উত্‍সৰ নাম হ'ল কৈলাশ গিৰিমালা। উত্‍সত ই য়াৰলু চাংপো  নামেৰে জনা যায়।

(22) ব্ৰহ্মপুত্ৰৰ উত্‍স কৈলাশ গিৰিমালাৰ পৰা কিমান কিলোমিটাৰ পূৱ দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে? অনুণাচলত ই কি নামেৰে জনা যায়?
উত্তৰঃ- প্ৰায় ১৭০০ কিলোমিটাৰ। অনুণাচলত ই ছিয়াং নামেৰে জনা যায়।

(23) পৃথিৱীৰ দ্বিতীয় বৃহত গেদ কঢ়িওৱা নদীখনৰ নাম কি? ই বছৰি কিমান নিযুত গেদ কঢ়িয়ায়?
উত্তৰঃ- পৃথিৱীৰ দ্বিতীয় বৃহত গেদ কঢ়িওৱা নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। ই বছৰি ৪০২ নিযুত গেদ কঢ়িয়ায়।

(24) গুম্ফিত নদী কাক বোলে?
উত্তৰঃ- অতি কম ঢালৰ ভূ-খণ্ডৰ মাজেৰে প্ৰচুৰ গেদ সমূদ্ধ ব্ৰহ্মপুত্ৰ প্ৰৱাহিত হোৱাৰ ইয়াৰ জলধাৰ ঠায়ে ঠায়ে বিভিন্ন শাখাত বিভক্ত হৈছে আকৌ এই শাখাবোৰ পুনৰ লগ লাগিছে। এনেদৰে প্ৰৱাহিত নদীক গুম্ফিত নদী বুলি কোৱা হয়।

(25) ব্ৰহ্মপুত্ৰৰ বুকুত কিমানটা চৰ-চাপৰিৰ সৃষ্টি হৈছে?
উত্তৰঃ- প্ৰায় ৬০০ টা।

(26) পৃথিবীৰ সৰ্ববৃহত্‍ নদীদ্বীপখনৰ নাম কি? ইয়াৰ মাটিকালি কিমান?
উত্তৰঃ- পৃথিবীৰ সৰ্ববৃহত্‍ নদীদ্বীপখনৰ নাম হ'ল মাজুলি। ইয়াৰ মাটিকালি হ'ল ৬৪৫ বৰ্গ কিলোমিটাৰ।

(27) মাজুলীত থকা বসতিপূৰ্ণ গাঁৱৰ সংখ্যা কিমান?
উত্তৰঃ- ১৫৫ খন

(28) ব্ৰহ্মপুত্ৰত থকা বিৰল প্ৰজাতিৰ শিহুবিধৰ নাম কি? বৰ্তমান ই কিমানতা আছে?
উত্তৰঃ- ব্ৰহ্মপুত্ৰত থকা বিৰল প্ৰজাতিৰ শিহুবিধৰ নাম হ'ল প্লেটানিছ গেঞ্জেটিকা (Platenish Gangetica)। বৰ্তমান ২০০ টা মানহে আছে।

(29) বৰ্তমান অসমৰ মাটিকালি কিমান?
উত্তৰঃ- 78,438 বৰ্গ কিলোমিটাৰ 
 
Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.
Previous
Next Post »