-->

সাংবিধানিক ব্যৱস্থাৰ সংকট । Crisis of Constitutional Order in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science সাংবিধানিক ব্যৱস্থাৰ সংকট । Crisis of Constitutional Order. All the important questions answers are discussed in this article.

সাংবিধানিক ব্যৱস্থাৰ সংকট
Crisis of Constitutional Order

Class 12 Political Science সাংবিধানিক ব্যৱস্থাৰ সংকট । Crisis of Constitutional Order ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science সাংবিধানিক ব্যৱস্থাৰ সংকট । Crisis of Constitutional Order has been discussed in systematic way. There are approximately important 40 questions answers in this article.

1. ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী হয়। (মোৰাৰজী দেশাই/চৰণ সিং) শুদ্ধটো উত্তৰ লিখা।     HS-2014
উত্তৰঃ- মোৰাৰজী দেশাই

2. ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃঙ্খলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল?  2013
উত্তৰঃ- ১৯৭৫ চনত

3. ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতীয় ৰাষ্ট্ৰপতি কোন আছিল? HS-2012
উত্তৰঃ- ফকৰুদ্দিন আলী আহমেদ

4. কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল?  HS-2017
উত্তৰঃ- গুজৰাট

5. 'সৰ্বাত্মক বিপ্লৱ' কোনে আৰম্ভ কৰিছিল?     HS-2016
উত্তৰঃ- জয়প্ৰকাশ নাৰায়ণ

6. ভাৰতবৰ্ষত কোনে কুৰিদফীয়া আঁচনি প্ৰৱৰ্ত্তন কৰিছিল? এই আঁচনি কিয় প্ৰৱৰ্ত্তন কৰা হৈছিল? 2017
(অথবা) কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল?         2012  

উত্তৰঃ- কুৰিদফীয়া আঁচনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দুখীয়া বা গৰিবসকলৰ কল্যাণৰ বাবে আৰম্ভ কৰিছিল।

7. ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ কাৰণে জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তৰঃ- ১৯৭৫ চনৰ ২৫ জুনত

8. ভাৰতৰ প্ৰথম অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ- মোৰাৰজী দেশাই

9. ১৯৭১ চনৰ নিৰ্বাচনৰ পিচত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ- ইন্দিৰা গান্ধী

11. গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা কোন আছিল?
উত্তৰঃ- জগজীৱন ৰাম

12. চাৰু মজুমদাৰ কোন আছিল?
উত্তৰঃ- কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনবাদী) CPI(M-L)ৰ প্ৰতিষ্ঠাপক আৰু নক্সালবাদী আন্দোলনৰ মূল নেতা।

13. কোনজন প্ৰধানমন্ত্ৰীয়ে কেতিয়া আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল?
উত্তৰঃ- ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনত।

14. লোকসভাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন কেতিয়া হৈছিল আৰু সেই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল?
উত্তৰঃ- লোকসভাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন ১৯৮০ চনত হৈছিল আৰু এই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলে ৩৫৩ খন আসন লাভ কৰিছিল।

15. ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন হয়?
উত্তৰঃ- মোৰাৰজী দেশাই

16. জনতা পাৰ্টিক কোনে “পাঁচখন নদীৰ পবিত্ৰ মিলনস্থল” আখ্যা দিছিল?
উত্তৰঃ- নানাজী দেশমুখ

17. PUCL-ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ- People’s Union for Civil Liberties

18. MISA-ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ- Maintenance of Internal Security Act

19. নিবাৰক নিৰোধ আইন কি?
উত্তৰঃ- কোনো এজন ব্যক্তিক ভৱিষ্যতে অপৰাধ কৰিব পৰাৰ পূৰ্বানুমানৰ ভিত্তিত আটক বা বন্দী কৰাকে নিবাৰক নিৰোধ আইন বুলি জনা যায়।

20. জয়প্ৰকাশ নাৰায়ণ কোন?
উত্তৰঃ- সৰ্বাত্মক বিপ্লৱৰ জন্মদাতা

21. জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল?
উত্তৰঃ- ১৯৭৭ চনত

23. ১৯৭৭ চনৰ নিৰ্বাচনত কোন দল জয়ী হৈছিল?
উত্তৰঃ- জনতা দল

24. ভাৰতৰ কোনটো অঞ্চলত মাৰ্ক্সবাদী লেনিনবাদী গোট শক্তিশালী আছিল?
উত্তৰঃ- পশ্চিমবংগৰ দাৰ্জিলিং পাৰ্বত্য জিলাত

25. ১৯৭৪ চনৰ ৰে’লৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- জৰ্জ ফাৰ্ণাণ্ডেজ

26. নৱ-নিৰ্মাণ আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল?
উত্তৰঃ- গুজৰাটত

27. শ্বাহ আয়োগৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ (J.C. Shah) জে. চি. শ্বাহে (1977 চনৰ মে’ মাহত)

28. কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনবাদী) CPI (M-L)ৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
উত্তৰঃ- চাৰু মজুমদাৰে

28. জয়প্ৰকাশ নাৰায়ণ কোন ৰাজ্যৰ লোক আছিল?
উত্তৰঃ- বিহাৰৰ



দীঘল প্ৰশ্নোত্তৰ
1. জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্ক সমূহ আলোচনা কৰা। তুমি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো প্ৰয়োজনীয় আছিল বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা ডাঙি ধৰা।                      2018, 2021 6

উত্তৰঃ- ১৯৭৫ চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইন্দিৰা গান্ধীয়ে কৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তনৰ কৰাৰ কাৰণকেইটা হ’ল—
(ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৩ চনৰ খাদ্য-শস্য উত্পাাদনৰ দ্ৰুত গতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি।
(খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্ৰ আন্দোলন, গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলন আৰু ১৯৭৪ চনৰ ৰে’লকৰ্মীৰ ঘৰ্মঘট।
(গ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ (writ)।
        এতিয়া প্ৰশ্ন হ’ল সেই সময়ত জৰুৰী অবস্থা ঘোষণা কৰাটো দৰকাৰ আছিল নে? চৰকাৰে ইয়াৰ সমৰ্থনত এইবুলি যুক্তি দৰ্শাইশিল যে যে এখন গণতান্ত্ৰিক চৰকাৰত বিৰোধী দলসমূহে শাসনাধিষ্ঠ দলক চৰকাৰী কাম-কাজ পৰিচালনা কৰাত সম্পূৰ্ণ সহায়-সমৰ্থন আগবঢ়োৱা উচিত আৰু চৰকাৰৰ নীতি অনুসৰি কাম-কাজ কৰাৰ সন্মতি প্ৰদান কৰিব লাগে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে চৰকাৰ বিৰোধী আন্দোলনত লিপ্ত হ’লে গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে।
        জৰুৰীকালীন অৱস্থা বলবত্‍ হৈ থকাৰ সময়ত যিবিলাক ৰাজনৈতিক দলে কংগ্ৰেছক সমৰ্থন জনাইছিল তাৰ ভিতৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) অন্যতম। জৰুৰীকালীন অৱস্থাৰ সমৰ্থক এই দলৰ মতে সেই সময়ত ভাৰতবৰ্ষত জাতীয় ঐক্য বিনষ্ট কৰিব লক্ষ্যৰে আন্তৰ্জাতিক পৰ্যায়ত গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। এনে পৰিস্তিতিত দেশৰ ভিতৰৰ বিদ্ৰোহসমূহ দমন কৰাতো চৰকাৰৰ পক্ষে জৰুৰী হৈ পৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তীকালত এই দলে নিজৰ এনে মতামতক ভূল বুলি অনুভৱ কৰিছিল।
       আনহাতে জৰুৰীকালীন অৱস্থাৰ সমালোচকসকলৰ মতে ইন্দিৰা গান্ধী চৰকাৰে আগবঢ়োৱা যুক্তিসমূহ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। জয়প্ৰকাশ নাৰায়ণ আৰু অন্যান্য বিৰোধী নেতাৰ মতে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ প্ৰদৰ্শনৰ অধিকাৰ আছে। গুৰুত্বপূৰ্ণভাৱে বিহাৰ আৰু গুজৰাটৰ আন্দোলন আছিল প্ৰায় শান্তিপূৰ্ণ আৰু অহিংসা। এই আন্দোলনে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছিল বুলিব নোৱাৰি। আকৌ যিসকল নেতা অথবা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকলে কোনোধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত নাছিল। সেয়ে জৰুৰীকালীন অৱস্থা কেৱল ইন্দিৰা গান্ধীৰ স্বাৰ্থতহে প্ৰৱৰ্তন কৰাটো সহজে অনুমান কৰিব পাৰি।

2. ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা।    HS-2016 2019 6
উত্তৰঃ- সংবিধানৰ ৩৫২-নং অনুচ্ছেদ অনুসৰি ১৯৭৫ চনৰ ২৫ জুন তাৰিখে ভাৰতত পোন প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। বহুতো বিশেষজ্ঞই জৰুৰী অৱস্থা ঘোষণাক ভাৰতীয় গণতন্ত্ৰৰ এক কলা অধ্যায় বুলি কোৱা হৈছিল।
(ক) দেশৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগে লগে দেশজুৰি সংঘটিত হৈ থকা বিক্ষোভ, আন্দোলন তথা ধৰ্মঘটসমূহ বন্ধ কৰি দিয়া হয়।
(খ) আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইন (MISA)-ৰ অধীনত আন্দোলকাৰীৰ লগতে বিৰোধী দলৰ বহুতো নেতাক গ্ৰেপ্তাৰ কৰা হয়। তাৰে ভিতৰত জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, চন্দ্ৰশেখৰ আদি।
(গ) জৰুৰী অৱস্থা ঘোষণাৰ পাছত চৰকাৰে বাতৰি কাগজৰ ওপৰত নিষেধ্যজ্ঞা (Press Censorship) জাৰি কৰি গণমাধ্যমসমূহৰ স্বাধীনতা সম্পূৰ্ণৰূপে লোপ পায়। বাতৰি প্ৰকাশৰ ক্ষেত্ৰত আগতীয়াকৈ চৰকাৰী অনুমোদন ল’বলগীয়া হয়।
(ঘ) দেশৰ সামাজিক আৰু সাম্প্ৰদায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) জমিয়ত-ই-ইছলামী, আনন্দ মাৰ্গ, CPI(M-L) আদি সংগঠন আৰু দলসমূহৰ কাম-কাজৰ ওপৰত কঠোৰ নিৰ্দেশনা জাৰি কৰে।
(ঙ) জৰুৰীকালীন অৱস্থা ঘোষিত হৈ থকাৰ সময়ত নাগৰিকৰ সকলোবিলাক অধিকাৰ বাতিল কৰি দিয়া হয়। আনকি নাগৰিকৰ অধিকাৰ ৰক্ষণা-বেক্ষণাৰ ক্ষেত্ৰত ন্যায়বিভাগৰ  ক্ষমতাও কৰ্তন কৰা হয়।
(চ) জৰুৰীকালীন অৱস্থা বলবত্‍ হৈ থকাৰ সময়ত নিবাৰক আটক আইন (Preventive Detention Act)-ৰ অধীনত চৰকাৰে বহুতো লোকক গ্ৰেপ্তাৰ কৰে। কিছু লোকক কোনো অপৰাধত অভিযুক্ত নথকা সত্বেও গ্ৰেপ্তাৰ কৰা হৈছিল।
(ছ) জৰুৰীকালীন অৱস্থা ঘোষণাৰ পাছত সংসদৰ সকলো ক্ষমতা অচল হৈ পৰে আৰু ৰাজ্য চৰকাৰসমূহকো কঠোৰভাৱে কেন্দ্ৰৰ নিয়ন্ত্ৰণত ৰখা হয়।

3. ১৯৭০-ৰ দশকত সংঘটিত হোৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পৰ্কে আলোচনা কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল।         HS-2016   marks-6
(অথবা) ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ভাৰতত সংঘটিত হোৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত সংঘাতৰ বিষয়ে চমুকৈ লিখা।             HS-2015     marks-4

উত্তৰঃ- ইন্দিৰা গান্ধীৰ নিয়ন্ত্ৰণ ক্ৰমাত্‍ শক্তিশালী হোৱাৰ লগে লগে তেওঁৰ স্বেচ্ছাচাৰীমূলক মনোভাবো ক্ৰমাত্‍ বৃদ্ধি পাবলৈ ধৰে। সমগ্ৰ ভাৰতীয় ৰাজনীতিত তেওঁ দমনকাৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত প্ৰায় একনায়কত্ববাদী শাসন প্ৰৱৰ্তন হোৱাৰ পথত অগ্ৰসৰ হয়। এনে এক সময়ত উচ্চতম ন্যায়ালয়ে ইন্দিৰা গান্ধীক দমনকাৰী নিয়ন্ত্ৰণৰ পথত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত তিনিটা সাংবিধানিক প্ৰশ্নৰ উদয়। প্ৰথমতে, সংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে? উচ্চতম ন্যায়ালয়ৰ মতে সংসদৰ মৈলিক অধিকাৰ বাতিল কৰাৰ ক্ষমতা নাই। দ্বিতীয়তে, সংসদে সংবিধান সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ হ্ৰাস কৰিব পাৰেনে? সংসদে মৌলিক অধিকাৰ হ্ৰাস কৰাকৈ কোনো সংবিধান সংশোধনী কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে। তৃতীয়তে, সংসদে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ খাতিৰত মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰেনে? উচ্চতম ন্যায়ালয়ে নিৰ্দেশাত্মক নীতি স্বাৰ্থত মৌলিক অধিকাৰ সংকুচিত কৰাৰ যুক্তিটোও নাকচ কৰে। ফলস্বৰূপে সংসদ আৰু ন্যায়পালিকাৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে। এই সংঘাত কেশৱানন্দ ভাৰতী মোকৰ্দমাত অধিক স্পষ্ট ৰূপত প্ৰতিফলিত হয়। এই মোকৰ্দমাত উচ্চতম ন্যায়ালয়ে সংবিধানৰ 'মৌলিক গাঁথনি' সংসদে পৰিৱৰ্তন কৰিব নোৱাৰে বুলি ৰায়দান কৰে।
       কেশৱানন্দ ভাৰতী মোকৰ্দমা ৰায়দানৰ উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ অৱসৰৰ পিছত নিয়মমতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশগৰাকীয়ে এই আসন অলংকৃত কৰিব লাগে। কিন্তু ইন্দিৰা গান্ধীয়ে তিনিগৰাকীকৈ জ্যেষ্ঠ ন্যায়াধীশক অতিক্ৰম কৰি ন্যায়াধীশ এ.এন. ৰায়ক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়ে। এয়া আছিল এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত সিদ্ধান্ত।
       তাৰ পাছত ১৯৭৫ চনৰ ১২ জুন তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৯৭১ চনত উত্তৰপ্ৰদেশৰ ৰায়বেৰেলি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ইন্দিৰা গান্ধীৰ নিৰ্বাচনক অবৈধ্য বুলি ঘোষণা কৰি ছয় বছৰৰ বাবে নিৰ্বাচিত কোনো পদবীৰ বাবে অধিষ্ঠিত হোৱাত নিষেধাজ্ঞা আৰোপ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দান ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তনৰ প্ৰধান কাৰণত পৰিণত হয়।
    এইদৰে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ভাৰতত ন্যায়পালিকা আৰু সংসদ বা কাৰ্যপালিকাৰ মাজত সংঘাত হৈছিল।

4. ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।       HS-2016     marks-2    
(অথবা) ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ যিকোনো তিনিটা প্ৰধান ফলাফল ব্যাখ্যা কৰা।
HS-2012, 2015  marks-2+2+2=6
উত্তৰঃ- ১৯৭৭ চনৰ মাৰ্চ মাহত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। ষষ্ঠ লোকসভা নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বিভিন্ন দিশৰ পৰা বিশেষভাৱে তাত্পকৰ্যপূৰ্ণ আছিল। এই নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ পৰিণামৰ বিষয়ে তলত আলোচনা কৰা হৈছে।
(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্তঃ
১৯৭৭ চনৰ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্য কিছু সময়ৰ বাবে হ’লেও অন্ত পেলায়। লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পৰাস্ত হয় কংগ্ৰেছ। কেন্দ্ৰত কংগ্ৰেছৰ একক আধিপত্যৰ অন্ত পৰে।
(খ) কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰঃ
১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন হয়। জনতা পাৰ্টীৰ সৈতে বহুকেইটা ৰাজনৈতিক দলে মৰ্চা চৰকাৰত অংশগ্ৰহণ কৰিছিল। এই মৰ্চা চৰকাৰৰ পৰম্পৰা আজিও ভাৰতীয় ৰাজনীতিত বিদ্যমান।
(গ) অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণঃ
১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো যথেষ্ট বিতৰ্কিত হৈ উঠে। জনতা চৰকাৰে এই সমস্যা সমাধানৰ অৰ্থে মণ্ডল আয়োগ গঠন কৰি দিছিল।
(ঘ) ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছতে ভাৰতৰ গুৰুত্বপূৰ্ণ উত্তৰ ভাৰতত কংগ্ৰেছৰ আধিপত্যৰ অৱসান ঘটিছিল।

5. ১৯৭৫ চনত চৰকাৰে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা মূল কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ-জৰুৰী অৱস্থা ঘোষণাৰ মূল কাৰণবোৰ এনে ধৰণৰঃ-
(ক) ১৯৭২-৭৩ চনৰ খাদ্য উত্পাোদন কমি যোৱাৰ ফলত খাদ্যাভাৱ, মূল্যবৃদ্ধি আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি অৰ্থাত্‍ মুঠতে অৰ্থনৈতিক কাৰণ।
(খ) ৰে’লৱে কৰ্মচাৰীৰ ধৰ্মঘট, হৰতাল, গুজৰাটৰ নৱ-নিৰ্মাণ আন্দোলন আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৃষ্ঠপোষকতাত বিহাৰ ছাত্ৰ সংঘৰ্ষ সমিতিয়ে আৰম্ভ আন্দালোনে কংগ্ৰেছৰ ভেটি কঁপাই তোলে।
(গ) জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত সমগ্ৰ দেশতে চলা 'সৰ্বাত্মক আন্দোলন'এ ইন্দিৰা গান্ধী চৰকাৰত ভীতিৰ সঞ্চাৰ কৰিছিল।
(ঘ) ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিজয়ৰ বিৰুদ্ধে ১৯৭৫ চনত এলাহাবাদত উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধীক শংকিত কৰাৰ ৰায়ে ইন্দিৰা গান্ধীক ৰোষান্বিত কৰি তোলে।
(ঙ) ১৯৭০ দশকত দেশৰ আৰ্থিক দূৰৱস্থাৰ প্ৰভাৱ জনসাধাৰণৰ ওপৰত পোনপোটীয়াভাৱে পৰিছিল। মধ্যবিত্ত শ্ৰেণীয়ে আন্দোলনত অংশ গ্ৰহণ কৰাৰ ফলত আন্দোলনৰ তীব্ৰতা আৰু বৃদ্ধি পাইছিল।

6. ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে। এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা?     HS-2013 narks-6
উত্তৰঃ- ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰি এক যুগান্তকাৰী পৰিৱৰ্তন ঘটাবলৈ সক্ষম হৈছিল। কেইবাটাও কাৰণত কংগ্ৰেছ দল শাসনৰ পৰা অপসাৰিত হৈছিল।তলত এই কাৰণসমূহ উল্লেখ কৰা হ’ল—
(ক) স্বাধীনতাৰ পিছৰ পৰাই দেশৰ জনগণে কংগ্ৰেছক দলৰ চৰকাৰৰ অধীনত পৰিচালিত হৈ বিভিন্ন দিশত বিৰক্ত হৈ দেশে এক প্ৰৱল ৰাজনৈতিক পৰিৱৰ্তন আশা কৰিছিল। সেয়েহে ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ জনসাধাৰণে এই পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল।
(খ)জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা বলপূৰ্বক পুনৰসংস্থাপন আৰু স্থানান্তৰিতকৰণ, বন্ধ্যাকৰণ আদি নীতিয়ে উত্তৰ ভাৰতত কংগ্ৰেছ দলটোৰ আধিপত্য কমিছিল।
(গ) জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা অগণতান্ত্ৰিক নীতি, নিয়ম, অত্যাচাৰ, মৌলিক অধিকাৰ খৰ্ব আদিৰ দ্বাৰা জনগণ অতিষ্ঠ হৈ পৰিছিল।
(ঘ) প্ৰধান বিৰোধী দলসমূহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ বা আদৰ্শগত পাৰ্থক্যক বিসৰ্জন দি কেৱল কংগ্ৰেছবিৰোধী আদৰ্শ গ্ৰহণ কৰি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল।
(ঙ) জয়প্ৰকাশ নাৰায়ণৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক আদৰ্শই দেশৰ জনসাধাৰণক আকৃষ্ট কৰিছিল আৰু কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তে তেওঁক বিকল্প হিচাপে মানি লৈ জনতা দলক চৰকাৰ গঠনত সহায় কৰিছিল।
(চ) জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত চলোৱা অগণতান্ত্ৰিক ব্যৱস্থা আৰু নিষেধাজ্ঞাৰ পোটক ল’বলৈ এইবোৰ চেষ্টা চলাইছিল আৰু কংগ্ৰেছবিৰোধী জনমত গঠন কৰাত সহায় কৰিছিল।

8. গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা।      HS-2014  marks-4
উত্তৰঃ- গুজৰাটৰ নৱনিৰ্মাণ আন্দোলন বিশেষকৈ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আৰম্ভ হৈছিল। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি তথা তেলৰ মূল্যবৃদ্ধি, দুৰ্নীতি আদি সমস্যাৰ বিৰুদ্ধে ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটৰ ছাত্ৰ সমাজৰ মাজত এক আন্দোলন গঢ়ি উঠে আৰু ইয়াৰ প্ৰতি বিৰোধী দলসমূহে সম্পূৰ্ণ সহায় সমৰ্থন তথা সহযোগিতা আগবঢ়ায়। এই আন্দোলনক নৱনিৰ্মাণ বা সামাজিক পুনৰনিৰ্মান আন্দোলন বুলি কোৱা হয়। এই আন্দোলন প্ৰায় আঢ়ে মাহ ধৰি চলিছিল। উল্লেখযোগ্য যে বিৰোধী দলসমূহে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰে আৰু সেই দাবীৰ প্ৰতি সমৰ্থন কৰি সেই সময়ৰ কংগ্ৰেছ দলৰ নেতা মোৰাৰজী দেশাইয়ে দুৰ্নীতিৰ প্ৰতিবাদৰ গুজৰাটত সেই সময়ৰ মুখ্যমন্ত্ৰী চিমেনভাই পেটেলৰ পদত্যাগৰ দাবী জনায়। আন্দোলনকাৰীয়ে ঠায়ে ঠায়ে বন্ধ, হৰতাল আদি ঘোষণা কৰে আৰু এনেদৰে গুজৰাট আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে আৰু চৰকাৰে উপায়ন্তৰ হৈ ১৯৭৫ চনৰ জুন মাহত নতুনকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মনকৰিবলগীয়া কথাটো হ’ল যে এই নিৰ্বাচনত কংগ্ৰেছ দল ক্ষমতাচ্যুত হৈছিল আৰু গুজৰাটত মৰ্চা চৰকাৰ গঠন হৈছিল।
    ওপৰত উল্লেখ কৰা ধৰণেই গুজৰাটত নৱনিৰ্মাণ আন্দোলন হৈছিল।

9. জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষা বিশ্লেষণ কৰা।  HS-2014, 2018, 2020 6
উত্তৰঃ- জৰুৰীকালীন অৱস্থাই ভাৰতীয় ৰাজনীতিলৈ বহুতো পৰিৱৰ্তন কৰিছিল। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে বহু ধৰণৰ শিক্ষা লাভ কৰিছিল। তাৰে ভিতৰত-(ক) জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতা আৰু সবলতাৰ কথা প্ৰকাশ কৰিছিল। সেই সময়ছোৱাতে গণতন্ত্ৰক অতি দুৰ্বল কৰি তোলা হৈছিল যদিও জৰুৰী অৱস্থাত সৃষ্টি হোৱা ঘটনাসমূহ নিৰ্মূল কৰিবৰ বাবে গণতন্ত্ৰক পুনৰ সবল কৰি তোলা হৈছিল। অৰ্থাত্‍ জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন সময়তো যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটো নিৰ্মূল কৰিব নোৱাৰে সেয়া প্ৰমাণিত হ’ল।
(খ) আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা যে স্বাধীন আৰু নিৰপেক্ষ হ’ব লাগে সেই শিক্ষাও জৰুৰীকালীন অৱস্থাৰ পৰা পোৱা গৈছিল।
(গ) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল- চৰকাৰৰ প্ৰশাসন তথা ন্যায় সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা হ’ব লাগে।
(ঘ) জৰুৰীকালীন অৱস্থাৰ জৰিয়তে সংবিধানত জৰুৰীকালীন অৱস্থাৰ অস্পষ্টতা আঁতৰ কৰা হয়। মন্ত্ৰীসভাই জৰুৰীকালীন অৱস্থা ঘোষণাৰ বাবে ৰাষ্ট্ৰপতিলৈ লিখিত পৰামৰ্শ আগবঢ়াব লাগিব।
(ঙ) জৰুৰীকালীন অৱস্থাই নাগৰিক স্বতন্ত্ৰতা সম্পৰ্কে সকলোকে সজাগ কৰি তোলে। এই অৱস্থাৰ পিছৰ পৰাই ন্যায়পালিকাই জনসাধাৰণৰ নাগৰিক স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰি অহা দেখা গৈছে।
(চ) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা এটা অতি জৰুৰী বিষয় হ’ল যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ জৰিয়তে জনসাধাৰণৰ মনত ৰাজনৈতিক সচেতনতা আৰু সজাগতা বৃদ্ধি পোৱা দেখা যায়।
    ওপৰত উল্লেখ কৰা শিক্ষাসমূহেই জৰুৰীকালীন অবস্থাৰ পৰা ভাৰতে লাভ কৰিছিল।

10. জৰুৰীকালীন অৱস্থা মানে কি বুজা? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱৰ বিষয়ে লিখা।     HS-2012  marks-2+2=4
উত্তৰঃ- জৰুৰীকালীন অৱস্থা মানে এনে এক সংবিধান প্ৰদত্ত অৱস্থা যেতিয়া কোনো বহিঃশত্ৰুৰ দ্বাৰা দেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় নাইবা আভ্যন্তৰীণ প্ৰশাসনৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়ে তেতিয়া সমগ্ৰ দেশতে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২নং অনুচ্ছেদ মতে জৰুৰীকালীন অৱস্থা ধোষণা কৰিব পাৰে। এই জৰুৰীকালীন অৱস্থা বলৱত্‍ হৈ থকাৰ সময়ত ক্ষমতাৰ যুক্তৰাষ্ট্ৰীয় বিভাজন লোপ পায় আৰু সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হয়।
    আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ একাধিক প্ৰভাৱ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জৰুৰী অৱস্থা বাহাল থকাৰ সময়ত চৰকাৰে যিকোনো মূহুৰ্ত্ততে নাগৰিকৰ অধিকাৰসমূহ বাতিল কৰিব পাৰে। অৰ্থাত্‍ জৰুৰী ক্ষমতা বলৱত্‍ হ’লে গণতান্ত্ৰিক ৰাজনীতিৰ গাঁঠনি সম্পূৰ্ণৰূপে ভাগি পৰে। উদাহৰণস্বৰূপে ১৯৭৫ চনৰ ২৫ জুনৰ ৰাতিয়েই অৰ্থাত্‍ জৰুৰী অৱস্থা ঘোষণা কৰিয়েই দেশৰ প্ৰধান বাতৰি কাকত সমূহৰ কাৰ্যালয়ৰ বিদ্যুত্‍ সেৱা কৰ্তন কৰি দিয়া হয় আৰু ২৬ জুনৰ কাহিলী পূৱাৰে বিৰোধী দলৰ বহুতো সদস্য আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰা হয়।

11. ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ পৰিণতিসমূহ উল্লেখ কৰা।
(অথবা) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা।     2015 2
উত্তৰঃ- ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ পৰিণতিসমূহ হ’ল—
(ক) মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ।
(খ) সংবাদ মাধ্যমৰ স্বাধীনতাৰ নিষেধাজ্ঞা জাৰি।
(গ) নিবাৰক নিৰোধ আইনসমূহৰ প্ৰণয়ন।
(ঘ) বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলক গ্ৰেপ্তাৰ আৰু কাৰাবন্ধী।
(ঙ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক চৰকাৰলৈ ৰূপান্তৰ।
(চ) ধৰ্মঘট, হৰতাল আদিৰ নিষিদ্ধকৰণ।

12. বিহাৰ আন্দোলনৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ- ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত সংঘটিত নৱনিৰ্মাণ আন্দোলনৰ সমান্তৰালকৈ ১৯৭৪ চনৰ মাৰ্চ মাহত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, খাদ্যৰ নাটনি নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ সমাজে বিহাৰত আন্দোলন আৰম্ভ কৰিছিল। বিহাৰত আৰম্ভ হোৱা বাবে এই আন্দোলনক বিহাৰ আন্দোলন বোলে। বিহাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল প্ৰবীণ গান্ধীবাদী নেতা জয়প্ৰকাশ নাৰায়ণে।
    উল্লেখযোগ্য যে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰা জয়প্ৰকাশ নাৰায়ণক বিহাৰৰ ছাত্ৰসন্তাই আন্দোলনৰ নেতৃত্ব বহন কৰিবলৈ আমন্ত্ৰণ কৰিছিল। কিন্তু জয়প্ৰকাশ নাৰায়ণে আন্দোলনত নেতৃত্ব বহন কৰাৰ ক্ষেত্ৰত দুটা চৰ্ত আৰোপ কৰিছিল। প্ৰথম চৰ্তটো আছিল, এই আন্দোলনটো সম্পূৰ্ণ অহিংসা পদ্ধতিৰে পৰিচালিত হ’ব লাগিব। দ্বিতীয়তে আন্দোলনটো সীমা বিহাৰৰ চাৰিসীমাৰ মাজত আৱদ্ধ থাকিব লাগিব। কিন্তু পৰৱৰ্তী সময়ত এই আন্দোলনে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণে তেওঁৰ পূৰ্ৱৰ চৰ্ত পৰিহাৰ কৰি আন্দোলনটোক বিহাৰৰ চাৰিসীমা অতিক্ৰম কৰাই ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলসমূহলৈ বিস্তাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
    মন কৰিবলগীয়া বিষয় যে জয়প্ৰকাশ নাৰায়ণে বিহাৰ আন্দোলনৰ নেতৃত্ব বহন কৰাৰ লগে লগে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক এই আন্দোলনৰ লগত জড়িত হৈ পৰে। সেয়েহে জয়প্ৰকাশ নাৰায়ণে আন্দোলনটোক 'সৰ্বাত্মক বিপ্লৱ' নামেৰে আৰম্ভ কৰিছিল। জয়প্ৰকাশ নাৰায়ণে সৰ্বাত্মক বিপ্লৱৰ জৰিয়তে বিহাৰৰ কংগ্ৰেছ চৰকাৰৰ বৰ্খাষ্টৰ দাবী উত্থাপন কৰে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সৰ্বাত্মক বিপ্লৱৰ আহ্বান জনায়। বিহাৰ আন্দোলন অহিংসা পদ্ধতিৰে চলাই নিয়া হৈছিল যদিও বিহাৰৰ ৰাজ্য চৰকাৰে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে।
        এনেদৰেই ১৯৭৪ চনৰ বিহাৰ আন্দোলৰ চমু আভাস দিব পাৰি।

13. ১৯৮০ চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাৰ দুটা কাৰণ কি কি?   HS-2018 2
উত্তৰঃ- ১৯৮০ চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাৰ দুটা কাৰণ হ’ল-
(ক) জনতা দলৰ পুৰণি অংশীদাৰী দল বিলাকে নিজৰ স্বতন্ত্ৰতা পাহৰিব পৰা নাছিল। ফলস্বৰূপে দলটোৰ মাজত অৰ্ন্তকন্দল, মতানৈক্য আদিয়ে গা কৰি উঠিছিল।
(খ) জনতা দল লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী পদৰ বাবে তিনিজন দাবীদাৰ হয়- মোৰাৰজী দেশাই, চৰণ সিং আৰু জগজীৱন ৰাম। তাৰে মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হোৱাত বাকী দুজন মনে মনে ক্ষুন্ন হৈ আছিল।

14. লোকসভাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন কেতিয়া হৈছিল আৰু সেই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল?
উত্তৰঃ- লোকসভাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন ১৯৮০ চনত হৈছিল আৰু এই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলে ৩৫৩ খন আসন লাভ কৰিছিল।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.


Previous
Next Post »