-->

আঞ্চলিক প্ৰত্যাশা । Regional Aspirations in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science আঞ্চলিক প্ৰত্যাশা । Regional Aspirations. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

আঞ্চলিক প্ৰত্যাশা 

Regional Aspirations

Class 12 Political Science

Political Science আঞ্চলিক প্ৰত্যাশা। Regional Aspirations ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science আঞ্চলিক প্ৰত্যাশা । Regional Aspirations has been discussed in systematic way. There are approximately important 40 questions answers in this article.

1. ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?  HS-2015
উত্তৰঃ- অনুচ্ছেদ নং ৩৭০ আৰু ৩১ক


2. কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল?     HS-2013
উত্তৰঃ- অনুচ্ছেদ নং ৩৭০


3. ভাৰতীয় সংবিধানৰ ___ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে?     HS-2016
উত্তৰঃ- অনুচ্ছেদ নং ৩৭০


4. ঐতিহাসিক অসম চুক্তি কেতিয়া সম্পাদিত হয়?
উত্তৰঃ-১৯৮৫ চনৰ ১৫ আগষ্টত। 


5. BTAD (Bodoland Territorial Area District) কেতিয়া গঠন কৰা হয়?
উত্তৰঃ- 2003 চনৰ 20 ফেব্ৰুৱাৰী


6. বৰ্তমান অসমত ষষ্ঠ অনুসূচীৰ অধীনত কেইখন স্বায়ত্ত শাসিত জিলা আছে আৰু কি কি?
উত্তৰঃ- তিনিখন স্বায়ত্ত শাসিত জিলা আছে।
(ক) বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্টিক্ট (BTAD)
(খ) ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদ
(গ) কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ


7. আঞ্চলিকতাবাদ কি?
উত্তৰঃ-কোনো এটা অঞ্চলৰ প্ৰতি প্ৰয়োজনাধিক গুৰুত্ব প্ৰদান কৰা ধাৰণাটোক সহজ অৰ্থত আঞ্চলিকতাবাদ আখ্যা দিব পাৰি।


8. ধৰ্মৰ ভিত্তিত গঢ়ি উঠা দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ- (ক) পঞ্জাৱৰ আকালি দল
(খ) মহাৰাষ্ট্ৰৰ শিৱসেনা


9. ভাষা ভিত্তিত গঢ়ি উঠা এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ- তামিলনাডুৰ ডি.এম.কে. দল


10. কংগ্ৰেছৰ দুৰ্নীতিৰ সুবিধা গ্ৰহণ কৰি অন্ধ্ৰপ্ৰদেশত জন্মলাভ কৰা দলটোৰ নাম কি আছিল?
উত্তৰঃ- তেলেগু দেশম পাৰ্টি


11. কেতিয়া আৰু কি উদ্দেশ্য সাধনাৰ বাবে অসম গণ-পৰিষদ দল প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ- অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হেমাহি কৰাৰ ফলশ্ৰুতিত অসমত আন্দোলন গঢ়ি উঠিছিল আৰু ইয়াৰ পৰিণতিত ১৯৮৫ চনত অসমত অসম গণ পৰিষদ দল প্ৰতিষ্ঠা হৈছিল।


12. কেতিয়া দ্বিভাষিক পাঞ্জাৱ ৰাজ্যৰ সৃষ্টি হয়?
উত্তৰঃ- ১৯৬৬ চনত ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰাগঠনৰ ফলস্বৰূপে দিভাষিক পঞ্জাৱ ৰাজ্যৰ সৃষ্টি হয়।।


13. পঞ্জাৱৰ আকালি দল কেতিয়া গঠিত হৈছিল?
উত্তৰঃ- ১৯২০ চনৰ ১৪ ডিচেম্বৰত।
 

15. উত্তৰ পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।    HS-2018 4
(অথবা) ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা।    HS-2014 4

উত্তৰ:- ভাৰতৰ উত্তৰ-পূৱ অঞ্চল আঞ্চলিক অনুভূতিক কেন্দ্ৰস্থল বুলি ক’ব পৰা যায়।  নাগালেণ্ড, মিজোৰামৰ আৰু অসমত  সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সশস্ৰ পন্থা অৱলম্বন কৰি আহিছে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰাই উত্তৰ-পূৱত এনে প্ৰৱণতা পৰিলক্ষিত হৈ আহিছে।

নাগালেণ্ডঃ-
১৯৫১ চনত আংগামী জাপু ফিজোৰ নেতৃত্বত নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে।  ১৯৬৩ চনত পৃথক নগালেণ্ড ৰাজ্য গঠনেও এই সমস্যাৰ কোনো সমাধান কৰিব পৰা নাছিল। ১৯৭৫ চনত প্ৰখ্যাত "শ্বিলং চুক্তি" স্বাক্ষৰিত হয়, কিন্তু National Socialist Council of Nagaland (NSCN)-ৰ এটা গোটে এই চুক্তিক প্ৰত্যাখ্যান কৰিছিল। ফলত NSCN-ৰ বিভাজিত হয়। গঠিকে নাগালেণ্ডত এতিয়াও শান্তি ঘূৰি অহা নাই।

মিজোৰাম
    স্বাধীনতাৰ পাছত মিজো পাহাৰ অঞ্চলক স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি দিয়া হয়। ১৯৫৯ চনত মিজো পাহাৰত দুৰ্ভিক্ষই ভয়াৱহ ৰূপ লয়। অসম চৰকাৰে এই দুৰ্ভিক্ষৰ মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ হয়। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে লালডেংগাৰৰ নেতৃত্বত মিজো নেশ্যনেল ফ্ৰণ্ট (National National Front) গঠন কৰা হয়। ১৯৬৬  চনত এই সংগঠনে স্বাধীনতাৰ বাবে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। মিজো নেশ্যনেল ফ্ৰণ্টে পাকিস্তানৰ পৰা সাহায্য লাভ কৰিছিল। প্ৰায় দুই দশক মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। অৱশেষত ১৯৮৬ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয়। তাৰ ভিক্তিতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক সম্পূৰ্ণ ৰাজ্যত্ব প্ৰদান কৰা হয় আৰু লালডেংগাৰ মূখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
        নাগালেণ্ড আৰু মিজোৰামৰ নিচিনা অসমত ULFA, NDFB, কাৰ্বি আৰু ডিমাছাসকলে নিজৰ নিজৰ পৃথক ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি আছে।

16. ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা।
(অথবা) উত্তৰ পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
(অথবা) উত্তৰ পূৱ ভাৰতৰ আঞ্চলিক আন্দোলনৰ বিষয়ে আলোচনা কৰা।    HS-2017  6

উত্তৰঃ- ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সাতভনী ৰাজ্যকেইখনক একেলগে উত্তৰ-পূৰ্বাঞ্চল আখ্যা দিয়া হয়। আন্তৰ্জাতিক সীমাৰ সৈতে সংলগ্ন হোৱা কাৰণে উত্তৰ পূৰ্বাঞ্চলক স্পৰ্শকাতৰ অঞ্চল বুলিব পাৰি। ১৯৪৭ চনৰ পৰা উত্তৰ পূবত বিভিন্ন পৰিৱৰ্তন হৈ আহিছে। অঞ্চলটোৰ নিলগতা, ইয়াৰ জটিল সামাজিক চৰিত্ৰ আৰু ভাৰতৰ অন্যান্য অংশৰ তুলনাত অৰ্থনৈতিক অনগ্ৰসৰতাৰ ফলস্বৰূপে উত্তৰ-পূবৰ ৰাজ্য সমূহত স্বাধীনতাৰ দিনৰ পৰা বিভিন্ন দাবী উত্থাপিত হৈ আহিছে। অঞ্চলটোত বিভিন্ন সময়ত উত্থাপিত দাবীয়ে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। স্বতন্ত্ৰতাৰ দাবী, বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন, বহিঃৰাগতৰ বিৰুদ্ধে আন্দোলন আদিয়ে স্বাধীনতাৰ পিছৰে পৰা অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰি আহিছে।
    উল্লেখযোগ্য যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়। আনকি স্বাধীনতাৰ পিছত জাতি গঠনৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে নাগালেণ্ডে। সেই সময়ছোৱাত নাগালেণ্ডে কোনোপধ্যেই ভাৰতৰ সৈতে চামিল হ’ব বিচৰা নাছিল। আনহাতে, স্বাধীনতাৰ পিছত বৰ অসমৰ যিবোৰ অঞ্চলত অসমীয়া লোক নাছিল সেই অঞ্চলসমূহে ৰাজনৈতিক স্বতন্ত্ৰতাৰ দাবীত আন্দোলন আৰম্ভ কৰে। বহুভাষিক আৰু বহুজাতিক বৰ অসমত অসমীয়া ভাষা-সংস্কৃতি সকলোৰে ওপৰত বলপূৰ্বকভাৱে জাপি দিয়াৰ প্ৰচেষ্টাই প্ৰকৃততে অনাঅসমীয়া জনজাতীয় অঞ্চলসমূহত ক্ষোভৰ সৃষ্টি কৰিছিল। সেইসময়ৰ অসম চৰকাৰৰ ৰাজ্যিক চৰকাৰী ভাষা নীতিৰ ফলত বহুভাষিক অসমৰ অধিকাংশ জনজাতীয় সম্প্ৰদায়ে অসমৰ পৰা ফালৰি কাটি যোৱাৰ বাবে আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ বাবেই পূব ভাৰত জনজাতীয় সন্থা, সৰ্বদলীয় পাৰ্বত্য নেতাৰ সন্মিলন গঠন হৈছিল। এই সংগঠনসমূহে অসমত এখন সুকীয়া জনজাতিৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছিল। অবিভক্ত অসমৰ পাৰ্বত্য জনজাতীয় নেতাসকলে পাৰ্বত্য জিলা কেইখনক অসমৰ পৰা পৃথক কৰি স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীৰ আন্দোলন আৰম্ভ কৰিছিল। অৱশেষত এখনৰ পিছত এখনকৈ বৰ অসমৰ পৰা পাৰ্বত্য জিলা কেইখনৰ অধিকাংশ ওলাই গৈ সুকীয়া ৰাজ্যত পৰিণত হয়।
    এইদৰে ক্ৰমাগত দাবীৰ ফলস্বৰূপে উত্তৰ পূবত সাতখন ৰাজ্য গঠন হ’ল যদিও অঞ্চলটোত সমস্যাৰ বিশেষ সমাধান নহ’ল। পৰবৰ্তী সময়ত এই ৰাজ্যসমূহৰ ভিতৰত স্বতন্ত্ৰতাৰ দাবী উত্থাপন হ’বলৈ আৰম্ভ কৰিলে। বিশেষকৈ অসমত এই প্ৰৱণতা অধিক পৰিমানে পৰিলক্ষিত হয়। অসমত প্ৰায় সকলোবোৰ জনগোষ্ঠীয়ে স্বতন্ত্ৰতাৰ বাবে বিভিন্ন আন্দোলন আৰম্ভ কৰে। উদাহৰণস্বৰূপে, বড়ো, ৰাভা, কাৰ্বি, মিছিং, তিৱা, ডিমাছা আদি জনজাতিয়ে বিভিন্ন দাবী উত্থাপন কৰি অসম চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছে। এই আন্দোলনৰ ফলস্বৰূপে অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহত জনগোষ্ঠীসমূহৰ মাজত সংঘাতৰো সৃষ্টি হৈ আহিছে। অসমত বিশেষকৈ বড়ো জনগোষ্ঠী সকলে স্বাধীনতা আৰু স্বায়ত্ত শাসনৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি উঠিছিল।
    স্বতন্ত্ৰতাৰ দাবীত গঠন হোৱা বৰ্তমান অসমৰ ষষ্ঠ অনুসূচীৰ অধীনত তিনিখন স্বায়ত্ত শাসিত জিলা আছে। সেইকেইখন হৈছে- বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্টিক্ট (BTAD), ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদ, আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ। ইয়াৰ বাহিৰেও অসমত বিভিন্ন জনগোষ্ঠীয়ে আত্মনিয়ন্ত্ৰণ আৰু স্বশাসনৰ দাবীত আন্দোলন কৰি আহিছে।
    এইদৰে দেখা যায় যে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ কেইবাটাও সংগঠনে স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সশস্ত্ৰ পন্থা অৱলম্বন কৰি আহিছে, যিয়ে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, ভাৰতৰ স্বাধীনতা সময়ৰ পৰাই উত্তৰ- পূবৰ কিছু অঞ্চলৰ এনে প্ৰৱনতা পৰিলক্ষিত হৈ আহিছে। বিশেষকৈ নাগালেণ্ড আৰু মিজোৰামৰ লগতে অসমতো স্বতন্ত্ৰতা দাবীৰ দৰে ৰক্তক্ষয়ী পৰিৱেশৰ সৃষ্টি হৈছিল।

17. কাশ্মীৰ সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা।         HS-2013, 2017
উত্তৰঃ-কাশ্মীৰ ভাৰতবৰ্ষ আৰু পাকিস্তান — দুয়োখন দেশৰ সীমাত অৱস্থিত। স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ শাসক আছিল হৰি সিং আৰু তেওঁ হিন্দু ধৰ্মৰ লোক। কিন্তু ৰাজ্যখনৰ ৭৫% লোক আছিল মুছলমান। হৰি সিঙে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু পাকিস্তানৰ সাম্প্ৰদায়িকতাবাদ - দুয়োটাকে ভয় কৰিছিল। তেওঁ কাশ্মীৰক এখন স্বাধীন ৰাজ্য হিচাপে ৰাখিব খুজিলে। কাশ্মীৰৰ জনপ্ৰিয় ৰাজনৈতিক শক্তি আছিল শ্বেখ আব্দুল্লাৰ নেশ্যনেল ফনফাৰেন্স আৰু তেওঁ কাশ্মীৰক ভাৰতবৰ্ষৰ সৈতে চামিল কৰাটো বিচাৰিছিল।
        এনে পৰিস্থিতিৰ মাজতে ১৯৪৭ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তান সমৰ্থিত  পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি ৰাজ্যৰ ৰাজধানী শ্ৰীনগৰলৈ আগবাঢ়ি আহিছিল। মহাৰজা হৰি সিঙে ২৪ অক্টোবৰত ভাৰত চৰকাৰৰ ওচৰত সামৰিক সাহাস্য বিচাৰি আবেদন জনাইছিল। কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল নোহোৱালৈকে ভাৰতবৰ্ষই আন্তৰ্জাতিক আইনৰ নিয়মানুসাৰে সৈন্য প্ৰেৰণ কৰিব নোৱাৰে। এনে পৰিস্থিতিত কাশ্মীৰৰ ৰজাই ২৬ অক্টোবৰ তাৰিখে চামিলকৰণৰ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ভাৰতৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। শ্বেখ আব্দুল্লাক ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰে। ২৭ অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ প্ৰেৰণ কৰা হ’ল। তত্কাপলেই শ্ৰীনগৰ উদ্ধাৰ কৰা হ’ল যদিও ৰাজ্যৰ কেতবোৰ অংশ সোনকালে উদ্ধাৰ কৰিব পৰা নগ’ল।
        ভাৰত চৰকাৰে ১৯৪৭ চনৰ ৩০ ডিচেম্বৰ তাৰিখে কাশ্মীৰ সমস্যা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰিলে। সেই মৰ্মে ভাৰতবৰ্ষ আৰু পাকিস্তানে ১৯৪৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে যুদ্ধ বিৰতি ঘোষণা কৰিলে আৰু যুদ্ধ বিৰতি হোৱা সীমাক ভিত্তি হিচাপে লৈ কাশ্মীৰক দুখন ৰাজ্যত বিভক্ত কৰা হ’ল। ১৯৫১ চনত ৰাষ্ট্ৰসংঘই এটা প্ৰস্তাৱ গ্ৰহণ কৰি কাশ্মীৰৰ গণভোট অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল কিন্তু "আজাদ কাশ্মীৰ"ৰ পৰা পাকিস্তানে সৈন্যবাহিনীক আঁতৰাই নিয়াৰ প্ৰস্তাব মানি নোলোৱাৰ ফলত গণভোট অনুষ্ঠিত নহ’ল।
        শেহতীয়াকৈ ২০১৯ চনৰ ৫ আগষ্ট তাৰিখে জম্মু আৰু কাশ্মীৰটোক ভাৰতৰ লগত সম্পূৰ্ণৰূপে চামিলকৰিবলৈ বিশেষ মৰ্যাদা ৩৭০ নং অনুচ্ছেদক বাতিল কৰা হৈছিল।

17. ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বহিৰাগত বিতৰণৰ বাবে চলা “অসম আন্দোলন”ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ-১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয়তাবাদী সংগঠনৰ নেতৃত্বত আৰু সকলোবোৰ সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ উদ্যোগত অসম আন্দোলন সংঘটিত হৈছিল। আন্দোলনৰ তত্কাগলীন কাৰণ আছিল মঙলদৈ লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত ৮০ হেজাৰ অবৈধ বাংলাদেশী ভোটাৰৰ নামৰ অন্তৰ্ভুক্তি। আনহাতে, এই আন্দোলনৰ মূল কাৰণ হ’ল বহিৰাগত অন্যান্য ভাৰতীয় জাতি আৰু অবৈধ্য বাংলাদেশী প্ৰব্ৰজনে অসমৰ থলুৱা জনসাধাৰণৰ ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক অস্তিত্বলৈ কঢ়িয়াই অনা ভাবুকি। অসম আন্দোলন আৰম্ভণিতে বহিৰাগতৰ বিৰুদ্ধে আছিল যদিও পৰৱৰ্তী সময়ত ই কেৱল বাংলাদেশীৰ বিৰুদ্ধে সীমাবদ্ধ হৈ পৰিল। অসম আন্দোলনে অসমৰ ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছিল। ছয়বছৰীয়া এই আন্দোলনৰ শেষত ১৯৮৫ চনৰ ১৫ আগষ্টত বিখ্যাত ‘অসম চুক্তি’ ৰূপায়ণ হৈছিল আৰু ১৯৭১ চনৰ পিছত অহা বাংলাদেশী নাগৰিকক এই চুক্তিয়ে বিতৰণৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছতেই অসম আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল যিটো দলে পৰবৰ্তী ১০ বছৰৰ বাবে অসমক শাসন কৰিছিল। 


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

3 Comments

Click here for Comments
Unknown
admin
March 1, 2022 at 10:31 PM ×

great work sir🙏 Thank a lot.

Reply
avatar
Unknown
admin
December 16, 2022 at 7:03 PM ×

Sir we miss you and your song always..

Reply
avatar