দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন
প্ৰাক-ব্ৰিটিছ
আৰু ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ
Crafts and Industries in Assam: Pre
British and Post British Age Class 12 Swadesh Adhyayan Unit 8
1. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ
(ক) অসমক "পলু পোহাৰ দেশ" বুলি কোন গ্ৰন্থত কোৱা হৈছে?
উত্তৰঃ- মহ্কাব্য ৰামায়ণত
(খ) "থুপৰী" মানে কি?
উত্তৰঃ- বোৱা-কটা নজনা ছোৱালী।
(গ) "জোলা" নামৰ খেলটো আহোমৰ ৰাজত্বকালত কোনটো বৃত্তিৰ সৈতে জড়িত আছিল?
উত্তৰঃ- তাঁত বোৱা বৃত্তিৰ সৈতে।
(ঘ) আহোমৰ ৰাজত্ব কালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সূতা কাটি বৈ দিয়া কাপোৰ খনৰ নাম কি?
উত্তৰঃ- কবচ কাপোৰ
(ঙ) "সোণ খপা" মানে কি?
উত্তৰঃ- "সোণ খপা" হৈছে নৈৰ বালিৰ পৰা সোণ-ৰূপ উত্পাদন কৰা পদ্ধতি।
(চ) "গুণাকটীয়া" কি?
উত্তৰঃ- আহোমৰ ৰাজত্বকালৰ এবিধ কাপোৰত গুণাৰ ফুল বছা খেল।
(ছ) "লোৱা মাটি" কি?
উত্তৰঃ- লোৰ আকৰ মিহলি মাটি
(জ) "ঢেকৰ" কি?
উত্তৰঃ-
(ঝ) "খাটাং" কি?
উত্তৰঃ- হাতীৰ আগ ঠেং জুটি বন্ধা এবিধ শকত বেতৰ বাণ্ডা।
2. চমুটোকা লিখাঃ
(ক) কাঁহ শিল্প
উত্তৰঃ- প্ৰাক-আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ যেনে- বৰকাঁহ, কাঁহ, নানা বিধৰ তাল, ঘন্টা, নূপুৰ, কিংকিনী আদিৰ নাম পোৱা যায়। মধ্যযুগৰ অসমত কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল আৰু বিভিন্ন অঞ্চলত কাঁহ শিল্পৰ সৈতে জড়িত কঁহাৰসকল আছিল। অসমৰ কঁহাৰসকলে কাঁহ তৈয়াৰ কৰিবলৈ তাম আৰু ৰাঁ মিহলাইছিল। কেতিয়াবা ৰূপও মিহলাইছিল। খোৱা-বোৱা কৰা পাত্ৰ হিচাপে এই যুগৰ অসমত কাঁহৰ পাত্ৰই প্ৰধানকৈ ব্যৱহৃত হৈছিল। কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰাৰ বাবে হাজো, সৰ্থেবাৰী, যোৰহাট জিলাৰ কৰঙা, তিতাবৰ আদি অঞ্চল বিখ্যাত হৈ উঠিছিল।
কাঁহ শিল্পৰ বাবে জুইশাল, কুন্দশাল, মাঠনী, হাতুৰি, নিয়াৰি, সঁৰাহ, চাঁচনি, চেনী, চেপেনা, ভাতী আদি আহিলা-পাতিৰ প্ৰয়োজন হৈছিল।
(খ) তাম শিল্প
উত্তৰঃ- তাম শিল্পও অসমৰ প্ৰাচীন শিল্পসমূহৰ অন্যতম। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ তামৰ ফলিকে ধৰি বিভিন্ন সামগ্ৰীসমূহৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ পোৱা যায়। প্ৰাচীন শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ চালখন তামেৰে নিৰ্মিত আছিল বুলি পোৱা যায়। প্ৰাক-ব্ৰিটিছ যুগৰ অসমত কলহ, ভোগজৰা, শৰাই, সঁফুৰা, টেমা, মন্দিৰৰ বিভিন্ন পূজাৰ সঁজুলি আদি বহু পৰিমাণে ব্যৱহৃত হৈছিল।
(গ) পিতল শিল্প
উত্তৰঃ- প্ৰাচীন কালৰে পৰা অসমত পিতল ধাতুৰ ব্যৱহাৰ আছিল অনুমান কৰা হয়। পিতল শিল্পটো আহোম যুগত এটা গুৰুত্বপূৰ্ণ শিল্প আছিল। এই যুগত প্ৰায় সকলোতে পিতলৰ সা-সঁজুলিৰ ব্যৱহাৰ আছিল। চৰিয়া, কলহ, শৰাই, ঢৌ, খৰাহি কলহ, সঁফুৰা, হেতা, তলীয়া আনকি নামঘৰ, দ'ল-দেৱালয় আদিৰ জবা পৰ্যন্ত পিতলৰ আছিল। আহোম ৰাজত্বত এই গুৰুত্বপূৰ্ণ পিতল শিল্পটো মৰীয়া খেলৰ পিতল শিল্পীসকলৰ দ্বাৰা বিকশিত হোৱা কথা বুৰঞ্জীত পোৱা যায়।
(ঘ) লা তৈয়াৰ কৰা শিল্প
উত্তৰঃ- 'লো' বা লোহা উত্পাদন শিল্পটো প্ৰাচীন অসম অন্যতম প্ৰধান শিল্প আছিল। প্ৰাচীন অসমৰ 'লো' উত্পাদনৰ সৈতে তিৰোৱাল বা লো-শলীয়া খেলৰ লোকসকল জড়িত হৈ আছিল। উজনি অসমৰ জয়পুৰৰ পৰা তিৰুপাহাৰ, বচা-দৈয়াঙলৈকে নগাপাহাৰৰ নামনিত অবিভক্ত শিৱসাগৰ জিলা অৰ্থাত্ আহোম যুগৰ ৰংপুৰৰ দক্ষিণে লো-শালবোৰ আছিল।
(ঙ) ৰহ তৈয়াৰ কৰা শিল্প
উত্তৰঃ- আহোমৰ ৰাজত্ব কালত সৰু-বৰ পুখুৰীবোৰৰ পানী ফটফটীয়া কৰি ৰাখিবৰ বাবে 'ৰহ' (পাৰদ বা পাৰা) নামৰ এবিধ পদাৰ্থ তৈয়াৰ কৰা হৈছিল। সাধাৰণতে বেল গছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে এই 'ৰহ' তৈয়াৰ কৰা হৈছিল বুলি পোৱা যায়। 'ৰহ' তৈয়াৰ কৰা লোকসকল আহোম ৰাজত্বত 'ৰসেন্দ্ৰ বৰুৱা' নামৰ বিষয়াজনৰ তত্ত্বাৱধানত আছিল।
3. বোৱা-কটা শিল্পৰ বিষয়ে এটি আলোচনা কৰা।
উত্তৰঃ- সূতা বৈ কাপোৰ তৈয়াৰ কৰিবৰ বাবে সাজি উলাওৱা তাঁতশালখন অসমীয়া শিপিনীৰ এক অসাধাৰণ শিল্প কৰ্ম। তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা-কটা বুলি কোৱা হয়। সকলো অসমীয়া নাৰীৰ বাবে বোৱা-কটা কামটো প্ৰতিভা প্ৰদৰ্শনৰ কাম আছিল। ছোৱালীজনীক নিজৰ ঘৰতে মাক, বুঢ়ীমাক বা আন কাজী তিৰোতাই পৰ্য্যায়ক্ৰমে বোৱা-কটা কাম শিকাইছিল। বোৱা-কটা নজনা ছোৱালীক 'থুপৰী' বুলি সমাজে হাঁহিছিল। যদিও বোৱা-কটা কামটো সকলো অসমীয়া তিৰোতাই কৰিছিল তথাপি তাঁত বৈ জীৱিকা অৰ্জন কৰা 'তাঁতী' আৰু 'জোলা' নামৰ দুটা বৃত্তিজীৱী খেলও (professional guild) আছিল।
আহোম স্বৰ্গদেউসকলে বোৱা-কটা শিল্পৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। মুঠতে বস্ত্ৰৰ উত্পাদনত পুৰণি অসম স্বাৱলম্বী আছিল আৰু এই ক্ষেত্ৰত সৰ্বাধিক অৰিহণা আগবঢ়াইছিল অসমৰ নাৰী শক্তিয়ে।
4. প্ৰাচীন অসমত সোণ কমোৱা পদ্ধতিৰ বিষয়ে এটি আলোচনা কৰা।
উত্তৰঃ- নদ-নদীৰ কোৱাল সোঁতে নৈৰ গৰা খহাই যেতিয়া সিটো পাৰে বালিৰ চট পেলায়, সোণ উত্পাদনত সুদক্ষ সোণোৱালসকলে গৈ সেই বালিৰ চট পৰীক্ষা কৰি বালিত সোণৰ চেঁকুৰা থকা গম পালে সেই ঠাইডোখৰতে সোণ কমোৱা বা সোণ খপাৰ বাবে বাহৰ পাতিবলৈ স্থিৰ কৰে। সোণ কমাব খোজা চাৰিজন সোণোৱাল পাইক একগোট হৈ মুঠ বান্ধে। এই পাইক চাৰিজনক 'পালি' আৰু তেওঁলোকৰ পৰামৰ্শদাতাজনক 'পতি' বোলা হৈছিল। প্ৰতিটো গোটে এখন দুৰুণীত সোণ কমাইছিল। এই পালি চাৰিজনৰ ভিতৰত এজনে বালি খান্দে, দুজানে লেহেতীৰে বালি কঢ়িয়াই দুৰুণীলৈ আনে আৰু এজনে সোণ ধোৱে। সোণ কমাবৰ বাবে নিৰ্বাচন কৰি লোৱা বালি চটটোত এডাল বাঁহৰ জোঙা মাৰিৰে তললৈ খুঁচি চায় আৰু তলত পোৱা টান বালিৰ চপৰা এচলা বাঁহত তুলি ওপৰলৈ আনি বালিচপৰাত সোণৰ চেঁকুৰা থকা যেন দেখিলে চটৰ কাষত বাহৰ সাজি পলম নকৰাকৈ সোণ কমাবলৈ আৰম্ভ কৰে।
5. প্ৰাচীন অসমৰ ৰূপ শিল্পৰ বিষয়ে এটি আলোচনা কৰা।
উত্তৰঃ- অসম দেশ ৰূপ শিল্প চহকী আছিল। পুৰণি অসমত ধনশিৰি, দৈগ্ৰোং, দৈয়াং, দিচৈ আদি নৈসমূহ 'ৰূপ খপা' বা ৰূপ 'কমোৱা'ৰ বাবে প্ৰখ্যাত আছিল। এই নদীসমূহৰ বালিৰ পৰা ৰূপৰ চেঁকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উত্পাদন কাৰ্ষত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল। ৰূপোৱাল পাইকসকল পাঁচ-ছজনীয়া দলৰ একোটা গোট হৈ নৈৰ বালি পৰীক্ষা কৰি ৰূপৰ চেঁকুৰা পালে সেই ঠাইতে ৰূপ খপিবলৈ আয়োজন কৰিছিল। এওঁলোকৰ দলৰ নেতাজনক 'দলৈ' আৰু বাকীসকলক 'পালি' বোলা হৈছিল। ৰূপ কমাবলৈ কাঠৰ দুৰুণী, লেহেতী, কাঠৰ চৰিয়া আদি সঁজুলিৰ প্ৰয়োজন হৈছিল। পালিসকলে বালি খান্দি, লেহেতীৰে বালি কঢ়িয়াই, কাঠৰ দুৰুণীত বালি ধুই ৰূপৰ চেঁকুৰা পৃথক কৰি ৰূপ উত্পাদন কৰিছিল।
অসমীয়া শিল্পীয়ে ৰূপৰ পৰা নানা অলংকাৰ, বাচন-বৰ্তন, মূৰ্ত্তি আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰিছিল। আহোম স্বৰ্গদেউসকলে টকাশালত নানা নিৰিখৰ ৰূপৰ মোহৰ মৰাইছিল। কোঁচ ৰাজ্যতো ৰূপৰ নাৰায়ণী মোহৰ মৰোৱা হৈছিল।
6. প্ৰাচীন অসমৰ লো শিল্পৰ বিষয়ে এটি আলোচনা কৰা।
উত্তৰঃ- 'লো' বা লোহা উত্পাদন শিল্পটো প্ৰাচীন অসমৰ অন্যতম প্ৰধান শিল্প আছিল। লো বা লোহা উত্পাদনৰ সৈতে জড়িত আছিল 'লো-শলীয়া' বা 'তিৰোৱাল' খেলৰ লোকসকল। বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা 'লোৱা মাটি' বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি। এই চট ওপৰতে পলসো পৰি খৰলিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয়। লো-শলীয়া পাইকে গম লৈ সেই লোৱা-মাটিবোৰ খান্দি উলিয়াই গাঁতত দম কৰি থয়। এওঁলোকে খৰালি মহীয়া বিভিন্ন সঁজুলি লৈ এটা ডাঙৰ আৰু দ গাঁতত দমাই থোৱা মাটিবোৰত পানী ঢালি ভৰিৰে খচকি লোৰ আকৰৰ থকা খচখচীয়া মাটিবোৰ পৃথক কৰে। তলত থকা জালীগাঁতত ৰাখি ইকৰা খৰিৰে জুই জ্বলাই জাল দিয়ে আৰু ভাতী মাৰি জুইৰ তাপ বঢ়ায়। এনেকৈ জাল দি থাকোতে এটা সময়ত লোৰ আকৰবোৰ গলিবলৈ ধৰে। গলা লোৰ ওপৰত ফেনৰ সৈতে উঠা ভেবেৰবোৰ (scum) পেলাই দিয়া হয় আৰু লোৰ আকৰবোৰ লেতুসেতু হৈ লদা বান্ধে। ইয়াৰ পাছত লৰণীৰে লৰাই, কাঢ়নীৰে কাঢ়ি লো ডোখৰ ধুৰমুছ্ এডালেৰে খুন্দি নাইবা সাঁচত পেলাই গোটা বা চেপেটা কৰি একোডোখৰ গোটা লো বা চিৰি লো গঢ়া হয়। ঘনাই খুন্দি থাকোতে লোডোখৰৰ পৰা অলাগতিয়াল অংশবোৰ এৰাই নিকা লো ডোখৰ ওপাই পৰে।
7. প্ৰাচীন অসমৰ মৃত্শিল্পৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ- মৃত্ শিল্প অসমৰ অতি প্ৰাচীন শিল্প। পুৰণি অসমত 'কুম্ভকাৰ' নামৰ বৃত্তিজীৱীসকল মৃত্শিল্পৰ সৈতে জড়িত আছিল। আহোম ৰাজত্বত স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত মৃত্ শিল্পই বিকাশ লাভ কৰিছিল। সেইদৰে কোচ, কছাৰী, চুতীয়া আদি ৰাজ্যতো ৰাজ-পৃষ্ঠপোষকতাত মৃত্ শিল্পই গা কৰি উঠিছিল। কুমাৰ, হীৰা, খনিকৰ আদি খেলৰ লোকসকল মৃত্ শিল্পৰ সৈতে জড়িত আছিল। কুমাৰসকলে মৃত্ শিল্পৰ বাবে ব্যৱহাৰ কৰা মাটিক 'কুমাৰ মাটি' বোলা হৈছিল। চাক, আঠালি, আফুৰি বা আফৰি, চাকি বা মাজনি, বলিয়া, পিটনী, পাগ্শাল বা পেঘালি আদি আহিলা কুমাৰসকলে মৃত্ শিল্পত ব্যৱহাৰ কৰিছিল। কুমাৰ, হীৰা আদি মৃত্ শিল্পীসকলৰ উপৰিও মৃন্ময় মূৰ্ত্তি, পুতলা আদি তৈয়াৰ কৰা 'খনিকৰ' নামৰ একশ্ৰেণীৰ বৃত্তিমূলক খেলও মধ্যযুগৰ অসমত আছিল। মাটিৰ সামগ্ৰীবোৰৰ ভিতৰত ঘট, টেকেলি, কলহ, মলা, চৰু মঠীয়া, ধূনাদানি, বাচন-বৰ্তন ইত্যাদি প্ৰধান আছিল। পোৰামাটিৰ ফলকত বিভিন্ন মূৰ্ত্তি খোদাই কৰি দৌল-দেৱালয় আদিত খাজি দিয়া 'টেৰাকোটা' (terracotta) শিল্প মধ্যযুগৰ অসমৰ মৃত্শিল্পৰে অন্তৰ্গত এক শিল্প আছিল। প্ৰাচীন অসমৰ অন্যতম মৃ্ত্ শিল্প আছিল 'ইটা নিৰ্মাণ' (brick making)। আহোম ৰাজত্বত 'ইটাসজীয়া' নামৰ ইটা নিৰ্মাণ কৰা পাইকৰ খেল এটাৰ নাম বুৰঞ্জীত পোৱা যায়।
8. প্ৰাচীন অসমৰ অন্যান্য শিল্পসমূহৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত এটি আলোচনা কৰা।
উত্তৰঃ- প্ৰাক্-ব্ৰিটিছ যুগৰ অসমত ধূনা গছৰ পৰা সুগন্ধি ধূনা, কস্তুৰী মৃগৰ (musk-deer) পৰা গান্ধ কলাই, সাঁচি গছৰ পৰা সুগন্ধি অগৰু আতৰ, বিভিন্ন গছ, ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হৈছিল।
সেইদৰে বিভিন্ন আঁহযুক্ত গছ-বনৰ পৰা আঁহৰ সামগ্ৰী; গড় ছালেৰে বাৰূ (Shield) আৰু যুদ্ধৰ বৰ্ম আৰু জন্তুৰ চৰ্বীৰপৰা তেল আদি তৈয়াৰ; জীৱ-জন্তুৰ ছালৰ পৰা ছামৰা তৈয়াৰ; কুহিলা, মাদুৰি বন, পাটীদৈ আদিৰ পৰা ঢাৰি-পাটী; খেৰ, টকৌ পাত, জেঙুপাত আদিৰ পৰা ঘৰৰ ছাল, বিভিন্ন প্ৰকাৰৰ জাপি, আৰোৱাণ, বিচনী, নাও আৰু গৰু গাড়ীৰ ছৈ, বিভিন্ন ধৰণৰ চালি আদি তৈয়াৰ কৰা হৈছিল।
তদুপৰি সৰিয়হ পেৰি মিঠাতেল উত্পাদন কৰিবৰ বাবে বেতৰ বেতেৰিযুক্ত তেলীশাল; কুঁহিয়াৰ ৰস উলিয়াই গুৰ আদি উত্পাদন কৰিবৰ বাবে লোহাৰ ভীমযুক্ত কুহিয়াৰ শাল; তাঁতশালৰ বিভিন্ন আহিলা-পাতি; কৃষিৰ সঁজুলি তৈয়াৰ কৰা; জুই ধৰিবৰ বাবে জুই উত্পাদক 'টিঙিৰি' নামৰ সঁজুলি; নোমালৰ বৰুৱা নামৰ বিষয়াজনৰ অধীনত জন্তুৰ নোমৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ- আদি বিভিন্ন সামগ্ৰী উত্পাদন কৰা শিল্প উদ্যোগ প্ৰাক্-ব্ৰিটিছ যুগৰ অসমত আছিল।
9. 'জিওগ্ৰাফিকেল স্কেটছ্ অব আসাম'ৰ লেখক কোন?
উত্তৰঃ- জন পিটাৰ ৱেড
10. অসমত কেতিয়া পৰা ব্ৰিটিছ শাসন আৰম্ভ হয়?
উত্তৰঃ- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰপৰা
11. অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি?
উত্তৰঃ- আসাম টি কোম্পানী
12. টি কমিটি কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত হঠাত হৈছিল?
উত্তৰঃ- লৰ্ড উইলিয়াম বেণ্টিংকৰ দিনত
13. অসমত কেতিয়াৰ পৰা খনিজ তেলৰ প্ৰণালীবদ্ধ ব'ৰিং আৰম্ভ হয়?
উত্তৰঃ- ১৮৬৬ চনৰ পৰা।
14. অসমৰ চাহ গছৰ বৈজ্ঞানিক নাম কি? । What is scientific name of tea?
উত্তৰঃ- Camellia sinensis
15. অসমৰ প্ৰথম পেট্ৰ'লিয়াম কোম্পানীটোৰ নাম কি?
উত্তৰঃ- আসাম অইল কোম্পানী
16. ১৮৫৩ চনত লৰ্ড ডেলহাউচিয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল?
উত্তৰঃ- লৰ্ড ডেলহাউচিয়ে ৰেল যাতায়াতৰ ৰাজনৈতিক, সামাজিক আৰু বাণিজ্যিক গুৰুত্বৰ কথা উপলব্ধি কৰি ৰেল যাতায়াত প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল।
17. অসমত প্ৰথম ৰেলপথ কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰঃ- ১৮৮২ চনত
(18) 'অৰুণোদয়' ক'ৰ পৰা প্ৰকাশ হৈছিল?
উত্তৰঃ- শিৱসাগৰৰ পৰা।
(19) চমুটোকা লিখাঃ
(ক) চাহ উদ্যোগ
উত্তৰঃ- অসমত ১৮২৩ চনত চাহগছ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে। ব্ৰিটিছ চৰকাৰে চাহ উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি উজনি অসমত বিস্তৃত ভূমিত চাহ খেতি কৰিবলৈ উদ্যোগ লৈছিল। সৰ্বমুঠ পাঁচ লাখ পাউণ্ড ষ্টাৰ্লিং বিনিয়োগ কৰি আসাম টি কম্পানী (Assam Tea Company) চাহ ব্যৱসায়ত যোগ দিছিল। আসাম টী কোম্পানীত মণিৰাম বৰুৱাই দেৱান হিচাবে কাম কৰিছিল। প্ৰথম অৱস্থাত চাহ উত্পাদনৰ বাবে চীনা শ্ৰমিক আৰু বিশেষজ্ঞ সকলৰ সহায় লোৱা হৈছিল। লাম কুৱা (Lum Qua) আছিল তেনে দোভাষী চীনা তথা বিশেষজ্ঞ। চীনা শ্ৰমিকৰ আমদানি ব্যয়বহুল হোৱা বাবে পিছলৈ উদ্যোগীসকলে ভাৰতৰ অন্য প্ৰান্ত বিশেষকৈ অন্ধ্ৰ প্ৰদেশ, উৰিষা, মধ্যপ্ৰদেশ, বংগ আদিৰ পৰা শ্ৰমিক সৰবৰাহ কৰিছিল। ১৮৫২ চনত মেচাৰ্চ ওৱাৰেণ জেনকিঞ্চৰ অধীনত মাইজান টি কোম্পানী খোলা হৈছিল। ১৮৫৮-৫৯ চনত ৭৫৯৯ একৰ ভূমিত চাহ খেতি কৰা হৈছিল। বৰ্তমান অসমত ৭৬৫ খন চাহ বাগিচা আছে। বিশ্বৰ আটাইতকৈ বৃহত্ চাহ উত্পাদনকাৰী অঞ্চল হিচাবে অসম জনাজাত। ইয়াৰ উপৰিও অসমত এক লাখ ক্ষুদ্ৰ চাহ বাগিচাও আছে। বছৰি প্ৰায় ৫৭০ মিলিয়ন চাহ পাত অসমে উত্পাদন কৰে।
(19) চমুটোকা লিখাঃ
(খ) এ.আৰ.টি.চি. (ARTC)
উত্তৰঃ- এ.আৰ.টি.চি. (ARTC)ৰ সম্পূৰ্ণ ৰূপটো হ'ল আসাম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানী। ১৮৮২ চনত এ.আৰ.টি.চি.য়ে অসমত প্ৰথম ৰেলপথ মুকলি কৰিছিল আমোলাপট্টি (ডিব্ৰুগড়) আৰু দিনজানৰ মাজত। অসমত ৰেলপথ মুকলি কৰাৰ প্ৰধান উদ্দেশ্য আছিল চাহপাত আৰু কয়লা সৰবৰাহ কৰা। ১৫ মাইল দৈৰ্ঘ্যৰ এই লাইনটো মুকলি কৰা হৈছিল চাহপাত সৰবৰাহ কৰিবলৈ। ১৮৮৪ চনত একেটা লাইন মাৰ্ঘেৰিটাৰ মাকুম কয়লাক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল। যাত্ৰী পৰিবহণৰ বাবে কোম্পানীয়ে প্ৰথম আৰম্ভ কৰিছিল ডিব্ৰু-শদিয়া ৰে'লৱে। এ.আৰ.টি.চি., ইষ্টাৰ্ণ বেংগল ৰে'লৱে আৰু আসাম বেংগল ৰে'লৱে কোম্পানীয়ে বৰাক উপত্যকাতো ৰে'ল যাতায়াত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আটাইকেইটা কোম্পানী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লগ লাগি বেংগল আসাম ৰে'লৱে নামে জনাজাত হৈছিল। ১৯৪৭ চনত দেশ বিভাজনৰ ফলত আসাম বেংগল ৰে'লৱে ৰাজনৈতিক সীমা অনুসৰি দুভাগ হৈছিল। অসমত তেতিয়া আসাম ৰে'লৱে গঠন হৈছিল আৰু ইয়াৰ সদৰ আছিল পাণ্ডুত। ১৯৫৮ চনৰ ১৫ জানুৱাৰীত নৰ্থ-ইষ্টাৰ্ণ ৰে'লৱেৰ পৰা কাটি নৰ্থ-ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ (NF) ৰে'লৱে নামে সুকীয়া মণ্ডল গঠন কৰা হয় আৰু মালিগাঁও এন.এফ. ৰে'লৱেৰ সদৰ হিচাবে ঘোষণা কৰা হয়।
(19) চমুটোকা লিখাঃ
(গ) পেট্ৰ'লিয়াম উদ্যোগ
উত্তৰঃ- এ.ও.চি. (Assam Oil Company) অসমৰ প্ৰথমটো পেট্ৰ'লিয়াম কোম্পানী আছিল। ১৮৮৮ চনৰ প্ৰথম ডিগবৈত প্ৰথম সফল ব'ৰিঙ অৰ্থাত্ খননৰ বাবে R.H. Towsendক কৃতীত্ব দিয়া হয়। এ.ও.চি. অসমৰ প্ৰথমটো পেট্ৰ'লিয়াম কোম্পানী হিচাবে অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল। এ.আৰ.টি.চি.ৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল আসাম অইল কোম্পানীৰ চেয়াৰমেন নিযুক্ত হৈছিল। ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগৰ স্থাপন কৰাৰ পিছত কেৰাচিন তেল, মম, লুব্ৰিকেণ্টছ আদি পেট্ৰ'লজাত সামগ্ৰীৰ উত্পাদন আৰম্ভ হৈছিল। ১৯১১ চনত কোম্পানীয়ে ৩৫,৬৫,১৬৩ গেলন পেট্ৰ'ল উত্পাদন কৰিছিল। এ.আৰ.টি.চি আৰু এ.ও.চি.ৰ পৰিচালনা ব'ৰ্ডে সন্মিলিতভাৱে কাম কৰিছিল ১৯২১ চনলৈকে।
বৰ্তমান সময়ত অসমৰ পেট্ৰ'লিয়াম উদ্যোগক্ষেত্ৰখনত তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, ইণ্ডিয়ান অইল কোম্পানী, বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেলছ লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আদিয়ে কাম কৰি আছে। ইয়াৰ উপৰিও টেঙাখাটত গ্ৰেছ ক্ৰেকাৰ প্ৰকল্প স্থাপনৰ জৰিয়তে এই ক্ষেত্ৰখন আৰু অধিক বিকশিত কৰিবলৈ চৰকাৰী উদ্যোগত প্ৰচেষ্টা হাতত লোৱা হৈছে।
(19) চমুটোকা লিখাঃ
(ঘ) এইচ.বি. মেডলিকট
উত্তৰঃ- উজনি অসমৰ কয়লা ক্ষেত্ৰতসমূহত জৰীপ কৰিবলৈ জিঅ'লজিকেল চাৰ্ভে অফ ইণ্ডিয়া (Geological Survey of India, GSI)ক দায়িত্ব দিয়া হয়। সেইমতে GSIৰ অধ্যক্ষ এইচ.বি. মেডলিকট (H.B. Medlicott) আৰু লখিমপুৰ জিলাৰ ডেপুটি কমিছনাৰে উজনি অসমৰ কয়লা ক্ষেত্ৰসমূহ জৰীপ কৰিছিল। জৰীপৰ অন্তত মেডলিকটে উজনিৰ কয়লা ক্ষেত্ৰসমূহ দুভাগ কৰিছিল। শিৱসাগৰ জিলাৰ জয়পুৰ আৰু মাকুমৰ ওচৰত তিৰাপ। ইয়াৰ ভিতৰত জয়পুৰ আহৰণৰ বাবে বেছি সুবিধাজনক বুলি তেওঁ উল্লেখ কৰিছিল। জয়পুৰৰ নামচিক চেকছনৰ কয়লা অতি উচ্চমানৰ বুলি তেওঁ মত প্ৰকাশ কৰিছিল। ব্ৰহ্মপুত্ৰ নৈৰে জাহাজ চলাচলৰ বাবে প্ৰয়োজনীয় কয়লা তিৰাপ ক্ষেত্ৰৰ পৰা আহৰণ কৰা হৈছিল। মেডলিকটে জৰীপ কৰি কয়লাৰ প্ৰকৃতি, ক্ষেত্ৰসমূহৰ বিস্তৃতি আৰু ইয়াৰ বাণিজ্যিক ব্যৱহাৰৰ উপৰিও কয়লাক্ষেত্ৰ লিজত দিয়া চৰ্ত্তবিলাক কেনেধৰণৰ হ'ব লাগে সেই সম্পৰ্কে পৰামৰ্শ দাঙি ধৰিছিল। পূৰ্বনিৰ্ধাৰিত নিয়ম অনুসৰি প্ৰতি একৰ কয়লা ক্ষেত্ৰৰ বাবে ছয় অনা আৰু প্ৰতি এশমোন কয়লাৰ বাবে একটকাকৈ নিৰিখ বান্ধি দিয়া হৈছিল।
(20) অসমত পেট্ৰ'লিয়াম উদ্যোগৰ আৰম্ভণি সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ- উত্তৰৰ বাবে (19) চমুটোকা লিখাঃ (গ)ৰ প্ৰশ্নোত্তৰ চাওক।
(21) অসমীয়া ভাষা সাহিত্যলৈ ব্যাপ্তিষ্ট মিছনাৰীসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- প্ৰথম অৱস্থাত মিছনেৰীসকল ধৰ্মান্তৰকৰণত সফল হোৱা নাছিল যদিও তেওঁলোকে বিদ্যালয়, চিকিত্সালয়, অনাথ আশ্ৰম ইত্যাদিৰ জৰিয়তে স্থানীয় সমাজখনত প্ৰৱেশ কৰিছিল। অসমত বাংলাৰ ঠাইত অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদান আছে। ব্ৰাউন, ব্ৰনছন আৰু ফাৰৱেলে খ্ৰীষ্টিয়ান অসমীয়া সাহিত্যৰ ধাৰা এটা সৃষ্টি কৰিলে। ইয়াৰ উপৰি ব্ৰনছনৰ অভিধান (Dictionary in Assamese and English) ব্ৰাউনৰ নিউ ষ্টেটমেন্টৰ অনুৱাদ আৰু গ্ৰামাটিকেল নোটছ অন দি আসামিজ লেংগুৱেজ ইত্যাদি গ্ৰন্থই অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাত সহায় কৰিছিল। মিছনেৰীসকলে বহু পুৰণি পুথিৰ পাণ্ডুলিপিও সংগ্ৰহ কৰিছিল। ব্ৰাউনে অসমীয়া ছাত্ৰৰ বাবে ইতিহাস, গণিত আৰু ভূগোল পুথিও ৰচিছিল। ১৮৪৬ চনত মিছনেৰীসকলৰ শিৱসাগৰ প্ৰেছৰ পৰা প্ৰকাশ কৰা প্ৰথমখন মাহেকীয়া আলোচী, 'অৰুণোদই' অসমীয়া সাহিত্য জগতত মাইলৰ খুটি হিচাবে পৰিগণিত হৈছে। 'অৰুণোদই' জৰিয়তে পাশ্চাত্যৰ চিন্তা আৰু জ্ঞান শিক্ষিত অসমীয়াসকলৰ মাজত প্ৰসাৰ হৈছিল আৰু পৰৱৰ্তীকালৰ বৌদ্ধিক জাগৰণৰ পথ মুকলি কৰিছিল।
(22) ব্ৰিটিছ শাসনে অসমলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।
উত্তৰঃ- ব্ৰিটিচ শাসনকালত অসমৰ উদ্যোগিকৰণ আৰম্ভ হৈছিল। উদ্যোগীকৰণে অসমৰ আৰ্থিক-সামাজিক ক্ষেত্ৰসমূহলৈ পৰিৱৰ্তন আনিছিল। মধ্যযুগীয় আৰ্থিক আৰু সামাজিক ব্যৱস্থাৰ ৰূপান্তৰ হৈছিল। পুঁজিবাদী উত্পাদন ব্যৱস্থাৰ সৈতে অসমৰ সংযোগ ঘটিছিল। অসমৰ জন-গাঁথনিৰ পৰিৱৰ্তন আৰু লাহে লাহে আধুনিক সমাজ এখনৰ উত্থান সমান্তৰালভাৱে হৈছিল। অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত প্ৰতিষ্ঠিত চাহ, কয়লা, খনিজ তেল ভিত্তিক উদ্যোগ তথা ৰে'ল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ যোগেদি অসম বিশ্ব অৰ্থনীতিৰ লগত যুক্ত হৈছিল ঔপনিৱেশিক কালত।
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
ConversionConversion EmoticonEmoticon