-->

অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশীনাগৰিক প্ৰসঙ্গ

 

অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশীনাগৰিক প্ৰসঙ্গ । Population Growth of Assam and the Foreign Issue, Class XII Swadesh Adhyayan-Unit 7


1. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
(ক) আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰঃ- একেখন দেশৰ কোনো অঞ্চলৰ পৰা আন এক অঞ্চললৈ আহি বসবাস কৰিব লোৱা সকল আন্তৰাজ্যিক বা আভ্যন্তৰীণ প্ৰব্ৰজক।
    আনহাতে, কোনো এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয়।

(খ) শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী কাক বোলে?
উত্তৰঃ- যিসকল প্ৰব্ৰজনকাৰীয়ে প্ৰয়োজনীয় নথি-পত্ৰলৈ এখন দেশৰ পৰা আহি আন এখন দেশত থিতাপি লয়, তেনে লোকক বৈধ প্ৰব্ৰজনকাৰী (শৰনাৰ্থী) বোলা হয়।
    আনহাতে, নিজৰ দেশৰ তীব্ৰ অৰ্থনৈতিক সংকট, যুদ্ধ-বিগ্ৰহ, সামাজিক ধৰ্মীয়, সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোক চুবুৰীয়া বা আন দেশলৈ প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈয়ে বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে। এনে লোকক অনুপ্ৰৱেশকাৰী বোলা হয়।

(গ) কোনখন আইনৰ যোগেদি কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে?
উত্তৰঃ- ভাৰতীয়া নাগৰিকত্ব আইন 1955 অনুসৰি।

(ঘ) অসমৰ কোনজন ৰজাই উৰিষ্যাৰ কোন মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল?
উত্তৰঃ- স্বৰ্গদেউ চুহুংমুঙে উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল।

(ঙ) অসমত চাহ গছৰ আবিষ্কাৰ কোন চনত, কোনে কৰিছিল?
উত্তৰঃ- অসমত চাহ গছৰ আবিষ্কাৰ 1823 চনত ৰবাৰ্ট ব্ৰুচে কৰিছিল।

2. চাহ গছৰ আবিষ্কাৰ আৰু চাহ বাগিচা স্থাপনৰ লগত অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ এক চমু আলোচনা কৰা?
উত্তৰঃ- অসমত চি.এ. ব্ৰুচে জয়পুৰ আৰু শদিয়াত প্ৰথম চাহ বাগিচা দুখন স্থাপন কৰিছিল আৰু ইয়াৰ বাবে বহিঃপ্ৰদেশৰ পৰা মাত্ৰ 400 জন শ্ৰমিক অনা হৈছিল। পিছলৈ ক্ৰমে চাহ বাগিচাৰ সংখ্যা বৃদ্ধিৰ বাবে চাহ শ্ৰমিকৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। উল্লেখযোগ্য যে ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছৰ আৱিস্কাৰ কৰে আৰু চি. এ. ব্ৰুচে পৰিকল্পিতভাৱে চাহ খেতি প্ৰমবাৰৰ বাবে আৰম্ভ কৰে।
        ভাৰতীয় আৰু ইউৰোপীয় চাহ খেতিয়কসকলৰ মূলধনৰ অভাৱ নাছিল। মাথোন চাহ বাগিচাসমূহৰ প্ৰতিকূল প্ৰাকৃতিক পৰিবেশত থাকি দিনে-নিশাই কাম কৰিব পৰা শ্ৰমিকৰ অভাৱ আছিল। এই অভাৱ পূৰণ কৰিবৰ বাবে চাহ খেতিয়কসকলে ঔপনিৱেশিক চৰকাৰৰ সহায় লৈছিল। পূৰ্ব-বংগৰ চিটাগং, ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা মূলতঃ চাওতাল, কোল, মুণ্ডা, ভূমিজ, কুৰ্মি আদি সম্প্ৰদায়ৰ দুখীয়া লোকসকলক চাহ শ্ৰমিকৰূপে একাংশ দালালৰ সহায়ত অসমলৈ অনা হৈছিল।
       জিলা গেজেটিয়াৰৰ তথ্য মতে, ১৯০৩ চনত চাহ খেতিৰ বাবে চাহ বাগিছাসমূহত যোগান ধৰা মাটি আৰু চাহ বাহিছাসমূহলৈ প্ৰব্ৰজন ঘটা চাহ বনুৱাৰ সংখ্যা মন কৰিবলগীয়াকৈ বাঢ়ি গৈছিল। এই মতে সেইসময়ত কামৰূপ জিলাত মুঠতে ২৩ খন চাহ বাগিছা গঢ়ি উঠিছিল। এই বাগিচা সমূহলৈ ১৮৬৪২ একৰ মাটি আৱণ্টন দিয়া হৈছিল। আৰু ৩৪৭২ গৰাকী বহিৰাগত চাহ শ্ৰমিকক নিয়োগ কৰা হৈছিল। সেইদৰে দৰং জিলাত গঢ়ি উঠা ৯৭ খন চাহ বাগিচালৈ ১,৩৭,৮২৯ একৰ মাটি আৱণ্টন দিয়া হৈছিল আৰু মুঠতে ৫৩,৫৬৩ গৰাকী চাহ শ্ৰমিক আছিল। নগাওঁ জিলাত ৪৯ খন চাহ বাগিচাই ৪৮,৭৭৫ একৰ ভূমি দখল কৰিছিল আৰু তালৈ ১৪,৫৩৫ গৰাকী শ্ৰমিক অনা হৈছিল। এইদৰে ১৯২৯ চনলৈ চাহ-বাগিচাৰ সম্প্ৰসাৰণ ঘটাত মুঠ চাহ-বাগিচাৰ বনুৱাৰ সংখ্যা হৈছিল গৈ ১.৫ নিযুত অৰ্থাত্‍ সেই সময়ৰ অসমৰ জনসংখ্যাৰ ৩০ শতাংশ।
      উল্লেখযোগ্য যে, চাহ-জনগোষ্টীৰ প্ৰব্ৰজন ক্ৰমে বাঢ়ি আহিবলৈ ধৰিলে আৰু ১৯৩৯ চনত এওঁলোকৰ সংখ্যা ১৪ লাখ হোৱাৰ বিপৰীতে ১৯৭১ চনত হৈছিল ১৯ লাখ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে ৮০০ ৰো অধিক চাহ-বাগিছাত কৰ্মৰত শ্ৰমিকলগত প্ৰাক্তন চাহ বনুৱাৰ সংখ্যা লগ লাগি সদ্যহতে এহঁলোকৰ সংখ্যা ৬৫ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান অসমৰ ৰাজনীতি, অৰ্থনীতি, সমাজ সংস্কৃতিত এওঁলোক স্থানীয় আৰু খিলঞ্জীয়াসকলৰ লগত মিলিগৈছে আৰু অসমীয়া জাতি-সত্ত্বাক অধিক গতিশীল আৰু শক্তিশালী কৰি তুলিছে।

3. অসমলৈ পূৰ্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ ঐতিহাসিক পটভূমি আলোচনা কৰা।
উত্তৰঃ- ডেভিড স্কটৰ নেতৃত্বত ইংৰাজ প্ৰশাসনে ১৮৭২ চনত কেবাখনো আঁচনিৰ জৰিয়তে অসমৰ থলুৱা লোক সকলক মাটিৰ আৱণ্টন দি কৰ সংগ্ৰহ বৃদ্ধিৰ প্ৰচেষ্ট চলাইছিল। কিন্তু চৰকাৰৰ এই আঁচনি সফল নহ'ল। ইফালে সেই সময়ত অনবাদী হৈ পৰি থকা লাখ লাখ বিঘা মাটিৰ পৰা কৰ আদায় কৰাৰ উপায় বিচাৰি ব্ৰিটিছ চৰকাৰে বিবুদ্ধিত পৰিছিল। সেয়ে ইংৰাজ চৰকাৰে চুবুৰীয়া জনবহুল বংগদেশৰ পৰিশ্ৰমী খেতিয়ক সকলক নানাধৰণৰ সুবিধা প্ৰদান কৰি অসমলৈ অহাৰ বাবে উত্‍সাহিত কৰে।
      ইফালে পশ্চিম অসমৰ গোৱালপাৰা, বিলাসীপাৰা আদিৰ জমিদাৰ সকলে নিজৰ জমিদাৰী ৰাজহ বৃদ্ধিৰ উদ্দেশ্যৰে পূৰ্ববংগীয় মুছলমান কৃষকসকলক আনি সংস্থাপন কৰাৰ সকলো দিহা কৰিছিল। ইয়াৰ উপৰি ১৯২৯-৩০ চনত প্ৰকাশিত 'আছাম বেংকিং এণ্ড কোৱেৰি' (Assam Banking and Quary) কমিটিৰ প্ৰতিবেদনৰ পৰা জনা যায় যে বৰপেটা অঞ্চলৰ থলুৱা মহাজনসকলে আৰু সেই ঠাইত ইতিমধ্যে বসতি স্থাপন কৰি গজ-গজীয়া হৈ উঠা মাৰোৱাৰী ব্যৱসায়সকলে পূৰ্ববংগৰ পৰা অহা বহিৰাগত খেতিয়ক সকলক পতিত মাটি সমূহত খেতি কৰিবলৈ আৰু সম্ভৱ হ'লে তেনে মাটি কিনি ল'বলৈ প্ৰয়োজনীয় ধন সুদৰ বিনিময়ত ঋণ দি এক ৰমৰমীয়া ব্যৱসায় চলাইছিল।
    ১৮৯১-৯২ চনত অসম আৰু বংগদেশৰ মাজত ৰে'ল পৰিবহণ গঢ়ি উঠিছিল। পৰিবহণৰ এই সুবিধা লৈ অসমত থকা ৰে'ল ষ্টেচনবোৰক কেন্দ্ৰ কৰিও পূৰ্ববংগীয় সকলৰ বসতি বাঢ়ি আছিল।
      পূৰ্ববংগত যেতিয়া চিৰস্থায়ী বন্দোবস্ত চলি আছিল আৰু নব্বৈ শতাংশৰো অধিক কৃষকৰ নিজৰ মাটি নাছিল। তাৰ বিপৰীতে অসমত ৰায়তৱাৰী ব্যৱস্থা প্ৰচলিত আছিল বাবে খেতিয়কলকলে পোনপটীয়াকৈ চৰকাৰক খাজনা আদায় দিব পাৰিছিল। ফলত পূৰ্ববংগৰ জমিদাৰসকলৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈও কৃষসকলে অসমলৈ প্ৰব্ৰজন কৰিবলৈ আগ্ৰহান্বিত হৈছিল।
       অসমলৈ প্ৰব্ৰজনত অৰিহণা যোগোৱা কাৰকবোৰৰ ভিতৰত পূৰ্ববংগত হোৱা ১৮৯৩, ১৮৯৭ আৰু ১৮৯৮ চনৰ উপৰ্যপৰি দুৰ্ভিক্ষ কেইটাও অন্যতম আছিল। ইয়াৰোপৰি ইংৰাজ চৰকাৰে অসমক খাদ্য শস্যৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰাৰ। উদ্দেশ্যৰ "নাইজেচন স্কীম বা নিবেশ আঁচনি" নামৰ এখন আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিৰ সুযোগ লৈ মূখ্যতঃ পূৰ্ববংগৰ মৈমনসিংহ আৰু পাবনা জিলাৰ পৰাই দলৈ দলৈ মানুহ আহিব ধৰিলে।
    এইদৰে পূৰ্ববংগৰ কৃষকসকলে বিভিন্ন সময়ত প্ৰব্ৰজন কৰি আহি অসমত স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে।

4. অসমলৈ হোৱা জন প্ৰব্ৰজনৰ বিৰুদ্ধে কোনে কেতিয়া কেনেকৈ প্ৰথমে দাবী উত্থাপন কৰিছিল?
উত্তৰঃ- অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰথমে মহাদেৱ শৰ্মাই ১৯২৯ চনৰ জুলাই মাহত অসম বিধান পৰিষদত প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰিছিল।
 
5. চমুটোকা লিখাঃ
(ক) অধিক শস্য উত্‍পাদন নীতি
উত্তৰঃ- 1939 চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্ব যুদ্ধত নিয়োজিত মিত্ৰ শক্তি সৈন্যবাহীনিৰ প্ৰয়োজনীয় খাদ্য আৰু অত্যৱশ্যকীয় সামগ্ৰী সমূহ জোৰ জুলুমকৈ হ'লেও সংগ্ৰহ কৰাৰ ব্যৱস্থা ইংৰাজ চৰকাৰে হাতত ল'লে। এই কথাত ক্ষুব্ধ হৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত কোৱালিচন মন্ত্ৰীসভাই পদত্যাগ কৰিছিল। অসমৰ গবৰ্ণৰে তেতিয়াৰ বিধায়িনী কাউন্সিল নিলম্বিত কৰি ৰাখি সৈন্য বাহিনীৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক খাদ্য উত্‍পাদন কৰাৰ উদ্দেশ্যে "অধিক শস্য উত্‍পাদন নীতি" (Grow more food) গ্ৰহণ কৰে।
    ১৯৪৩ চনত বংগদেশত প্ৰৱল অকাল দেখা দিছিল। অসমৰ তেতিয়াৰ গৱৰ্ণৰ ৱাভেলে এই পৰিস্থিতিৰ সুযোগ লৈ বংগ-দেশৰ পৰা খেতিয়কসকলক আনি অসমৰ মাটিত বহুওৱাৰ সকলো ব্যৱস্থা হাতত লৈছিল আৰু বিধায়িনী কাউন্সিলত আৱশ্যকীয় বহুমত নথকা কৈয়ে চৈয়দ ছাদুল্লাক গঠণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। চাদুল্লাৰ বাবে এই পৰিৱেশ গাখীৰতে মহৰ খুটি যেন হ'ল। ছাদুল্লাই হাতে কামে ৰূপায়ন কৰিবলৈ জোৰ দিয়া 'গ্ৰ'ম'ৰ ফুডৰ ফল আনি একো নহ'লেও 'গ্ৰ'ম'ৰ মুছলমান হে হৈছিল বুলি তেতিয়াৰ গৱৰ্ণৰ ৱাভেলেই পিছলৈ কিন্তু মন্তব্য কৰিছিল।

(খ) লাইন প্ৰথা।
উত্তৰঃ- অসমলৈ অহা পূৰ্ববংগীয় প্ৰব্ৰজনকাৰীসকলৰ ৮৬% লোকেই আছিল মুছলমান ধৰ্মী। এওঁলোকৰ সংখ্যা ক্ৰমাত্‍ বাঢ়ি অহা দেখি থলুৱা জনজাতি আৰু হিন্দুধৰ্মীয় লোকসকলে নিজৰ ভাষা সংস্কৃতি আদিৰ প্ৰতি বিপদৰ আগজাননী দেখিবলৈ পালে। অসম চৰকাৰে নিজৰ অৰ্থনৈতিক লাভৰ বাবে প্ৰব্ৰজনবৃদ্ধি পোৱাতো বিছাৰিছিল আৰু একে সময়তে খিলঞ্জীয়া থলুৱা অধিবাসীসকলে যাতে বিতুষ্ট নহয় তাৰ বাবে এক মধ্যৱৰ্ত্তী পন্থা গ্ৰহণ কৰিলে। এইমতে ১৯২০ চনত "লাইন প্ৰথা"ৰ প্ৰৱৰ্ত্তন কৰি আৱাস যোগ্যভূমি ভাগক তিনিটা শ্ৰেণীত ভাগ কৰে। (ক) পমুৱা সকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি, (খ) পমুৱাসকলে বাস কৰিব নোৱাৰা ভূমি, (গ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমি।

(গ) জনজাতীয় বেল্ট আৰু ব্লক।
উত্তৰঃ- ১৯৪২ চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰতীয় গণ বিপ্লৱৰ সময়ত প্ৰায়ভাগ কংগ্ৰেছী নেতাক জেলত ভৰাই থোৱা হৈছিল। ১৯৪৫ চনত এওঁলোকৰ সৰহ ভাগ জেলৰ পৰা মুক্ত হয় আৰু ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰ গঠণ কৰে। এই চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি সকলৰ স্বাৰ্থ সুৰক্ষাৰ্থে অসম ভূমি ৰাজহ নিয়ামক ১৮৮৬ চন সংশোধন কৰি ২৭৯৫ খন গাঁৱৰ ১৫০০ বৰ্গকিলোমিটাৰ এলেকা সামৰি ৩৮ টা জনজাতীয় বেল্ট আৰু ব্লক গঠণ কৰিছিল।

(ঘ) অসমৰ সমাজ-সংস্কৃতি আৰু অৰ্থনীতিত প্ৰব্ৰজনৰ প্ৰভাৱ।
উত্তৰঃ- অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাত তথা বিভিন্ন ৰাজনৈতিক আৰু প্ৰাকৃতিক কাৰণত অসমত হৈ থকা প্ৰব্ৰজনৰ বহুমুখী প্ৰভাৱ অসমৰ সামগ্ৰিক জনজীৱন, অৰ্থনীতি আৰু সাংস্কৃতিক দিশত পৰিছে। এই ভয়াবহ জনবিস্ফোৰণৰ ফলত খাদ্য-বস্ত্ৰ-বাসস্থানৰ সমস্যাই দেখা দিছে। শিক্ষা-দীক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অসম ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত পিছপৰি ৰৈছে। পুৰণি আৰু নতুন আবাসীসকলৰ ভাষ্য-সাহিত্য-সংস্কৃতিৰ উমৈইহতীয়া উপাদানেৰে শক্তিশালী হোৱা অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত অসমৰ বৈধ-অবৈধ প্ৰব্ৰজনকাৰীসকলৰ একাংশৰ বাবে বাধাগ্ৰন্থ হৈছে।

(ঙ) অসমলৈ হোৱা জন প্ৰব্ৰজনৰ লগত মৰাপাট কলৰ সম্পৰ্ক।
উত্তৰঃ- অসমত যিমানে পূৰ্ববংগীয় মুছলমান খেতিয়ক সকলে বসতি কৰিবলৈ ধৰিলে সিমানেই পশ্চিমবংগত মৰাপাটৰ কলৰ সংখ্যা বৃদ্ধি পাব ধৰিলে। ড০ ৰমেশ চন্দ্ৰ কলিতাই তেখেতৰ "প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু অসম" শীৰ্ষক গৱেষণা পত্ৰত কলিকতাত মৰাপাট উদ্যোগৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অসমত পূৰ্ববংগীয় কৃষকৰ প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক লক্ষ্য কৰিছে। কলিকতাৰ আশে-পাশে গঢ়ি উঠা মৰাপাট কলসমূহৰ বাবে প্ৰয়োজনীয় কেচামাল সমূহৰ বুজন অংশ অসমৰ পৰা যোগান ধৰা হৈছিল। ড০ কলিতাই সেয়েহে মন্তব্য কৰিছে, এই কলসমূহৰ চাহিদা পূৰণৰ উপৰি অবিভক্ত বংগদেশৰ পৰা বিদেশ লৈ মৰাপাট ৰপ্তানী কৰা হৈছিল। ফলত মৰাপাট উত্‍পাদন কৰিবলৈ পূৰ্ববংগৰ পৰা অসমলৈ মুছলমান খেতিয়ক প্ৰব্ৰজন ঘটোৱাটো মৰাপাট ব্যৱসায়ৰ সমৃদ্ধিৰ বাবে অপৰিহাৰ্য্য হৈ পৰিছিল। ন কৰিছিল।

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »