-->

সমসাময়িক দক্ষিণ এছিয়া । Contemporary South Asia

Questions Answers of AHSEC Solution for Class 12 Political Science সমসাময়িক দক্ষিণ এছিয়া । Contemporary South Asia. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সমসাময়িক দক্ষিণ এছিয়া

CONTEMPORARY SOUTH ASIA

Class 12 Political Science

Political Science সমসাময়িক দক্ষিণ এছিয়া । Contemporary South Asia ৰ প্ৰশ্ন উত্তৰ:-

        The questions answers of Class 12 Political Science সমসাময়িক দক্ষিণ এছিয়া । Contemporary South Asia has been discussed in systematic way. There are approximately important 50 questions answers in this article.


1. ছাৰ্ক (SAARC)ৰ প্ৰথমখন শীৰ্ষ সন্মিসন ক'ত অনুষ্ঠিত হৈছিল?     HS-2020, 2016, 2015
উত্তৰ:- ১৯৮৫ চনত বাংলাদেশৰ ঢাকাত।

2. SAARC-ৰ সম্পূৰ্ণ অৰ্থ লিখা।                 HS-2012, 2024
উত্তৰ:- South-Asian Association for Regional Co-operation

3. SAFTA-ৰ সম্পূৰ্ণ অৰ্থ লিখা।                 HS-2012
উত্তৰ:- South Asian Free Trade Agreement

4. LTTE-ৰ সম্পূৰ্ণ অৰ্থ লিখা।                 HS-2012
উত্তৰ:- Liberation Tigers of Tamil Eelam

5. শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম লিখা।    HS-2015, 2019
উত্তৰ:- সিংহলী আৰু তামিল সম্প্ৰদায়।

6. ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।    HS-2013, 2018
উত্তৰ:- (ক) জম্মু আৰু কাশ্মিৰকলৈ সীমা বিবাদ।
(খ) ভাৰতৰ বিৰুদ্ধে পাকিস্তানে সন্ত্ৰাসবাদীক দি থকা উচটনি।

7. ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।    HS-2019
উত্তৰ:- (ক) বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৈলবাদীসকলক দিয়া উচটনি।
(খ) গংগা আৰু ব্ৰহ্মপুত্ৰ জলাৰাশিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত।

8. ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।     HS-2016
উত্তৰ:- (ক) দুয়ো দেশে বেহা-বেপাৰৰ বাবে ভালেমান ব্যবস্থা হাতত লৈ আৰ্থিক সম্পৰ্ক উন্নতি কৰিছিল।
(খ) দুয়োখন ৰাষ্ট্ৰই প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ আৰু পাৰিপাৰ্শ্বিকতাৰ বিষয়ত নিয়মিতভাৱে সহযোগিতা আগবঢ়াই আহিছে।

9. ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।       HS-2014
উত্তৰ:- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটা দিশ হ’ল— দুয়ো দেশে বেহা-বেপাৰৰ বাবে ভালেমান ব্যবস্থা হাতত লৈ আৰ্থিক সম্পৰ্ক উন্নতি কৰিছিল।
ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ এটা দিশ হ’ল— বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৈলবাদীসকলক দিয়া উচটনি।

10. বাংলাদেশ ____ চনৰ পৰা _____ চনলৈ পাকিস্তানৰ এটা অংগ আছিল। (খালী ঠাই পূৰণ কৰা)     HS-2012   
উত্তৰ:- ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ

11. আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম লিখা।           HS-2019
উত্তৰ:- অটল বিহাৰী বাজপেয়ী।

12. চিমলা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- ১৯৭২ চনৰ জুলাই মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল।

13. কোন চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” (Peace Keeping Force) পঠিয়াইছিল?
উত্তৰ:- ১৯৮৭ চনত

14. কোন ৰাষ্ট্ৰৰ লগত ভাৰতে “ফাৰাক্কা চুক্তি” সম্পাদন কৰিছিল?
 উত্তৰ:- বাংলাদেশৰ লগত

15. দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে?
উত্তৰ:- সাতখন ৰাষ্ট্ৰ আছে।

16. দক্ষিণ এছিয়া বুলিলে কি বুজা?
উত্তৰ:- দক্ষিণ এছিয়া শব্দটো এছিয়াৰ সাতখন ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সেই সাতখন ৰাষ্ট্ৰ হ’ল— ভাৰত, বাংলাদেশ, ভুটান, নেপাল, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ।

17. তলত উল্লেখ কৰা কোনখন দক্ষিণ এছিয়াৰ দেশ :
(ক) জাপান        (খ) আমেৰিকা 
(গ) চীন          (ঘ) পাকিস্তান

উত্তৰ:- পাকিস্তান

18. তলত উল্লেখ কৰা কোনখন দেশ এছিয়াত অৱস্থিত নহয় :
(ক) বাংলাদেশ    (খ) ভাৰত
(গ) ভূটান        (ঘ) ৰাছিয়া

উত্তৰ:- ৰাছিয়া

19. বাংলাদেশে স্বাধীনতা লাভ কৰিছিল :
(ক) ১৯৭২ চনত         (খ) ১৯৭৫ চনত
(গ) ১৯৭১ চনত         (ঘ) ১৯৭৬ চনত

উত্তৰ:- ১৯৭১ চনত

20. SAFTA চুক্তিত চহী কৰা সদস্যসকল হ’ল :
(ক) ৰাষ্ট্ৰসংঘ        (খ) SAARC
(গ) ASEAN    (ঘ) EU

উত্তৰ:- SAARC

21. শ্ৰীলংকা এখন স্বাধীন ৰাষ্ট্ৰ হৈছিল :
(ক) ১৯৪৮ চনত        (খ) ১৯৫০ চনত
(গ) ১৯৪৯ চনত        (ঘ) ১৯৪৭ চনত

উত্তৰ:- ১৯৪৮ চনত

22. কোন চনত ভাৰতে “শীলংকালৈ শান্তি ৰক্ষা বাহিনী” পঠিয়াইছিল :
(ক) ১৯৯০ চনত    (খ) ১৯৮৪ চনত
(গ) ১৯৮৭ চনত    (ঘ) ১৯৮৮ চনত

উত্তৰ:- ১৯৮৭ চনত

23. কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল?
উত্তৰ:- অটল বিহাৰী বাজপেয়ী

24. SAARC গঠন কৰা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা।
উত্তৰ:- ভাৰত, বাংলাদেশ, ভুটান, নেপাল, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ।

25. ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা।
উত্তৰ:-ভাৰত আৰু বাংলাদেশ।

26. দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্ৰই নিজৰ অৰ্থনীতিক প্ৰথমে উদাৰীকৰণ কৰিছিল?
উত্তৰ:- শ্ৰীলংকা

27. SAFTA ইছলামাবাদত ১২তম ছাৰ্ক (SAARC) অধিবেশনত সম্পাদিত হয়। (‘হয়’ নে ‘নহয়’ লিখা)
উত্তৰ:- হয়

28. চীন দক্ষিণ এছিয়াৰ অংশ। (‘হয়’ নে ‘নহয়’ লিখা)
উত্তৰ:- নহয়

29. ভাৰতে কেতিয়া আৰু ক’ত পৰমাণু পৰীক্ষণ কাৰ্যসূচী চলাইছিল?
উত্তৰ:- ১৯৯৮ চনত গুজৰাটৰ পোখৰাণত।

30. কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল?
উত্তৰ:- ১৯৯৮ চনত

31. কোন চনত কাৰ্গিলৰ যুদ্ধ হৈছিল?
উত্তৰ:- ১৯৯৯ চনৰ জুন-জুলাইত

32. ভাৰতৰ Look East Policy ৰ অংশীদাৰ ৰাষ্ট্ৰ কোনখন আছিল?
উত্তৰ:- শ্ৰীলংকা

33. বাংলাদেশ আৰু পাকিস্তানে কোন চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল?
উত্তৰ:- ১৯৭৪ চনত

33. ভাৰত আৰু শ্ৰীলংকাৰ মুক্ত বাণিজ্য চুক্তি (FTA) কেতিয়া হৈছিল?
উত্তৰ:- ১৯৯৮ চনৰ মে’ত


দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answer:-
1. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।     HS-2020
(অথবা) ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।    HS-2017

উত্তৰ:- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
        ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
    ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
        ১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।
        ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়।
        ২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।

2. দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলোচনা কৰা।        HS-2016
উত্তৰ:- দক্ষিণ এছিয়া শব্দটো এছিয়াৰ সাতখন ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সেই সাতখন ৰাষ্ট্ৰ হ’ল— ভাৰত, বাংলাদেশ, ভুটান, নেপাল, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ। দক্ষিণ এছিয়াত স্থায়ী শান্তী প্ৰতিষ্ঠা কৰাৰ বাবে বিহিত ব্যৱস্থা হাতাত ল'ব লাগিব।
(ক) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে SAARC-ৰ বাবে অনুষ্ঠানক আৰু অধিক শক্তিশালী কৰিব লাগিব। সকলোবোৰ ৰাষ্ট্ৰৰ এনে অনুষ্ঠানৰ প্ৰতি যাতে সমানে আস্থা থাকে তাৰ প্ৰতি চকু দিব লাগিব।
(খ) SAFTA-ৰ দৰে অনুষ্ঠানসমূহ প্ৰকৃত উদ্দেশ্যৰ বিষয়ে সকলো ৰাষ্ট্ৰীয় সঠিকভাৱে অৱগত হ'ব লাগিব।
(গ) দক্ষিণ এছিয়াৰ দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ অৰ্থাত্‍ ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।
(ঘ) এই অঞ্চলত বিদেশী ৰাষ্ট্ৰসমূহৰ উচিত প্ৰয়োজনত সংঘবদ্ধভাৱে বিদেশী ৰাষ্ট্ৰৰ উপস্থিতিক প্ৰতিহত কৰা।
(ঙ) ভাৰতৰ ব্যৱহাৰে কেতিয়াও এনে এটা বিশ্বাসৰ জন্ম দিব নালাগে যে ভাৰতে এই অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ লগত নিজৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত 'জ্যেষ্ঠ ভাতৃ'ৰ দৰে ব্যৱহাৰ কৰিছে।
(চ) এই অঞ্চলৰ পৰা সন্ত্ৰাসবাদী শক্তিক নিৰ্মূল কৰাৰ বাবেও সন্মিলিতভাৱে প্ৰচেষ্টা চলাব লাগে।

3. সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠান ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰণ আলোচনা কৰা।     HS-2013
উত্তৰ:- পাকিস্তানত বৰ্তমানলৈকে সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত কৰিব নোৱাৰা কাৰণসূহক তলত আলোচনা কৰা হ’ল।
(ক) পাকিস্তানত সামৰিক বাহিনী, ধৰ্মগুৰু, ভূমিপতি, অভিজাত শ্ৰেণীৰ, পাকিস্তান সমাজৰ ওপৰত থকা প্ৰতিপত্তিয়ে ঘনে পতি পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই গণতান্ত্ৰিক চৰকাৰক ওফৰাই সামৰিক শাসন প্ৰৱৰ্তন কৰাৰ মূল কাৰণ।
(খ) পাকিস্তানৰ ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষই ইয়াৰ সামৰিক বাহিনীক যথেষ্ট শক্তিশালী কৰি তুলিছে। পাকিস্তানত সামৰিক অভ্যুত্থান ঘটোৱা নেতৃবৃদ্ধৰ মতে পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতন্ত্ৰত যথেষ্ট ত্ৰুটি আছে আৰু ইয়ে পাকিস্তানৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে।
(গ) পাকিস্তানত প্ৰকৃত গণতন্ত্ৰৰ বিপৰ্যয়ৰ আন এটা কাৰণ হ’ল পাকিস্তানৰ গণতন্ত্ৰৰ প্ৰতি প্ৰকৃততে আন্তৰ্জাতিক সমৰ্থন নাই, তাৰ ফলশ্ৰুতিত ইয়াৰ শাসন ব্যৱস্থাক সামৰিক বাহিনী দমন কৰি ৰাখিবলৈ সুবিধা পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহে পাকিস্তানত সামৰিক শাসকসকলক উত্সাকহিত কৰে।
(ঘ) পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ গোলকীয় ইছলামীয় সন্ত্ৰাসবাদ (Global Islamic Terrorism)ৰ প্ৰতি থকা ভয় আৰু পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰাগাৰ সন্ত্ৰাসবাদীসকলৰ দখললৈ যোৱাৰ সম্ভাৱনাই গণতান্ত্ৰিক শাসকতকৈ সামৰকিক শাসক পাকিস্তানত থকাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহে সমৰ্থন কৰে।


4. পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা।    HS-2015  নম্বৰ-4   
উত্তৰ:- ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ পাকিস্তানৰ এটা অংশ আছিল। পূব পাকিস্তান অৰ্থাত্‍ বাংলাদেশৰ জনসাধাৰণে পশ্চিম পাকিস্তানৰ আধিপত্য আৰু উৰ্দু ভাষা তেওঁলোকৰ ওপৰত জাপি দিয়াটো ভালপোৱা নাছিল। বঙালী ভাষা আৰু সংস্কৃতিৰ বিৰুদ্ধে কৰা বেয়া ব্যৱহাৰৰ তেওঁলোকে প্ৰতিবাদ কৰিছিল। তেওঁলোকে প্ৰশাসনত উপযুক্ত প্ৰতিনিধিত্ব আৰু ৰাজনৈতিক ক্ষমতাত অংশগ্ৰহণৰ দাবী উত্থাপন কৰিছিল। শ্বেখ মজিবুৰ ৰহমান পূব পাকিস্তানৰ বিশিষ্ট ৰাজনৈতিক ব্যক্তি আছিল। তেওঁ পাকিস্তানৰ অহেতুক আধিপত্যৰ বিৰুদ্ধে জনপ্ৰিয় আন্দোলন গঢ়ি তুলিছিল। ১৯৭০ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে শ্বেখ মজিবুৰৰ নেতৃত্বত পূব পাকিস্তানত আটাইকেইখন আসনত জয়লাভ কৰি সংবিধান সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে। কিন্তু, পশ্চিম পাকিস্তানৰ নেতৃবৃন্দই সংবিধান সভা আহ্বান কৰাৰ পৰিৱৰ্তে শ্বেখ মুজিবৰক গ্ৰেপ্তাৰ কৰে।
        পশ্চিম পাকিস্তানৰ সামৰিক বাহিনীয়ে বঙালী জনসাধাৰণৰ গণ-আন্দোলন মষিমূৰ কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছিল। হাজাৰ-বিজাৰ জনতাক পাকিস্তানী সেনাই হত্যা কৰিছিল। ইয়াৰ ফলত বহু লোক ভাৰতলৈ গুচি আহিছিল। ইয়ে ভাৰতত শৰণাৰ্থী সমস্যাৰ সৃষ্টি কৰিছিল। ভাৰতে পূব পাকিস্তানৰ স্বাধীনতাৰ দাবীক সমৰ্থন কৰিছিল আৰু তেওঁলোকক ধন আৰু সামৰিক বাহিনীৰে সহায় কৰিছিল। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৭১ চনত যুদ্ধ সংঘটিত হয় আৰু পাকিস্তানী সেনাই পূব পাকিস্তানৰ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগে যুদ্ধ শেষ হয়। লগে লগে স্বাধীন বাংলাদেশ সৃষ্টি হয়।
 

5. ছাফটা (SAFTA) কি উদ্দেশ্যেৰ গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা।     HS-2014
উত্তৰ:- পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত হোৱা ছাৰ্ক (SAARC)ৰ দ্বাদশ শীৰ্ষ সন্মিলনত আন্ত:আঞ্চলিক (Intra-Regional) বাণিজ্য ব্যৱস্থা উন্নতীকৰণৰ বাবে ‘দক্ষিণ এছীয় মুক্ত বাণিজ্য ক্ষেত্ৰ’ সংক্ষেপতে ছাফ্‌টা (South Asian Free Trade Area, SAFTA) স্থাপন কৰিবলৈ সিদ্ধান্ত লৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে ২০০৪ চনত স্বাক্ষৰ কৰি চুক্তিবদ্ধ হয় আৰু ইয়াক কাৰ্যকৰী কৰা হয় ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা ‘ছাফ্‌টা’ৰ লক্ষ্য হ’ল সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া। ছাৰ্ক’ৰ চৰ্তুদশ সন্মিলনখন নতুন দিল্লীত অনুষ্ঠিত হৈছিল।
    দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতাৰ এক নতুন যুগৰ সূচনা হ’ব যদিহে ইয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ ৰাজ্যক্ষেত্ৰৰ বাহিৰত মুক্ত বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰে। ‘ছাফ্‌টা’ গঠনৰ মূল উদ্দেশ্য হ’ল মুক্ত বাণিজ্যৰ জৰিয়তে ২০০৭ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যিক মূল্য ২০ শতাংশ হ্ৰাস কৰা। এই চুক্তিয়ে ২০১৫ চনৰ ভিতৰত সকলো বাধা আঁতৰাই অঞ্চলটোত মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিব বুলি কোৱা হৈছে। কিন্তু ভাৰত প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ চিন্তিত হৈ পৰিছিল যে ‘ছাফ্‌টা’ৰ জৰিয়তে ভাৰতে অন্য ৰাষ্ট্ৰত প্ৰৱেশ কৰি ইয়াত বিক্ৰী বজাৰ গঢ়ি তোলাৰ লগতে তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিব। আনহাতে ভাৰতৰ মতে ‘ছাফ্‌টা’ৰ জৰিয়তে দক্ষিণ এছিয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ প্ৰকৃত অৰ্থনৈতিক উন্নতি হোৱাৰ লগতে ৰাজনৈতিক সমস্যাবোৰ দূৰ হ’ব। ভাৰতৰ মতে ‘ছাফ্‌টা’ই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, যিহেতুকে ভাৰতে ইতিমধ্যে ভূটান, নেপাল আৰু শ্ৰীলংকাৰ সৈতে দ্বি-পাক্ষীক চুক্তি সম্পাদন কৰিছে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
September 20, 2023 at 10:36 PM ×

ভাৰত আৰু পাকিস্তানৰ শেহতীয়া relation ৰ বিষয়ে লিখা। ২০১৭

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar