-->

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US Hegemony in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US Hegemony. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

US Dominance in world politics

Class 12 Political Science

Political Science আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US Hegemony ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US Dominance in world politics has been discussed in systematic way. There are approximately important 32 questions answers in this article.

1.  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত কোন বৰ্ষত ৯/১১ সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল? HS-2023

উত্তৰঃ- ২০০১ চনৰ ১১ চেপ্তেম্বৰত।


কেতিয়া পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয় আৰু কিয় হৈছিল?
উ’ত্তৰ:— ছোভিয়েট ইউনিয়ন ভাঙোন (1991) ৰ পাছত আমেৰিকাৰ আধিপত্য আৰম্ভ হয়, কাৰণ ছোভিয়েট ইউনিয়ন ভাঙোন (1991) ৰ পাছত আমেৰিকাই এক মেৰু বিশ্ব হিচাবে আধিপত্য বিস্তাৰ কৰিছিল।

 
2. 1996 চনৰ আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে জয়লাভ কৰিছিল?
উত্তৰ:- বিল ক্লিণ্টন (Bill Clinton)


3. আমেৰিকাৰ ক্ষমতাৰ ওপৰত থকা এটা প্ৰতিবন্ধকতা উল্লেখ কৰা।
উত্তৰ:- মাৰ্কিন মুক্ত সমাজ ব্যৱস্থাৰ পৰা।


4. কোন চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?                 HS-2020, 2022
উত্তৰ:- 1990 চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল।


5. “অপাৰেচন ইকাৰী ফ্ৰীড্ৰম” (Operation Iraqi Freedom) বুলিলে কি বুজা?
উত্তৰ:- 2003 চনৰ 19 মাৰ্চত আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাকৰ ওপৰত আক্ৰমণ কৰা অভিযানক অপাৰেচন ইৰাকী ফ্ৰীডম (Operation Iraqi Freedom) বুলি কোৱা হয়।


6. প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ:- জৰ্জ এইচ ডব্লিউ বুশ্ব (George HW Bush)


7. কোন যুদ্ধৰ পৰা আচলতে আমেৰিকা লাভবান হৈছিল?
উত্তৰ:- প্ৰথম উপসাগৰীয় যুদ্ধ (First Gulf war)-ৰ পৰা।


8. আমেৰিকা প্ৰসংগত 9/11 কিমান গুৰুত্বপূৰ্ণ?  
উত্তৰ:-

 
9. “Operation Desert Storm” বা “মৰুভূমি ধূমুহা অভিযান” বুলিলে কি বুজা?    HS-2018, 2020
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সামৰিক বাহিনীয়ে ইৰাক আক্ৰমণৰ সময়ত চলোৱা অভিযানক “Operation Desert Storm” বা “মৰুভূমি ধূমুহা অভিযান” বোলে।


10.  সমসাময়িক বিশ্বৰ ৰাজনীতিত ‘9/11’ বুলি কোনটো ঘটনাক বুজোৱা হয়?     HS-2020
উত্তৰ:- সমসাময়িক বিশ্ব ৰাজনীতিত ‘9/11’ বুলি আমেৰিকাত হোৱা বিমান আক্ৰমণক বুজোৱা হয়।


11. একমেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা?
উত্তৰ:- কেতিয়াবা কেতিয়াবা আন্তৰ্জাতিক সমস্ত ব্যৱস্থাটোত কোনো এটা অতি উচ্চকাংক্ষী শক্তিয়ে আধিপত্য বিস্তাৰ কৰে আৰু ইয়াক একমেৰু ব্যৱস্থা বুলি কোৱা হয়।


12. আমেৰিকা আধিপত্য 1991 চনৰ পৰা আৰম্ভ হয়। (হয় নে নহয় লিখা)
উত্তৰ:- হয়


13. প্ৰথম উপসাগৰীয়া যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল বৰাক ওবামা। (হয় নে নহয় লিখা)
উত্তৰ:- নহয়


14. 9/11 ঘটনা 2001 চনত সংঘটিত হৈছিল। (হয় নে নহয় লিখা)
উত্তৰ:- হয়


15. প্ৰথম উপসাগৰীয়া যুদ্ধক মৰুভূমিৰ ধুমুহা অভিযান বুলিও জনা যায়। (হয় নে নহয় লিখা)
উত্তৰ:- হয়


16.  তলত দিয়া কোনটো আমেৰিকাৰ আধিপত্যৰ ফল-
(ক) বিশ্ব বাণিজ্য সন্থা            (খ) ৰাষ্ট্ৰসংঘ
(গ) আন্তৰ্জাতিক শ্ৰমিক সংঘ         (ঘ) SAARC


উত্তৰ:-বিশ্ব বাণিজ্য সন্থা


17. প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল :
(ক) জিমি কাৰ্টাৰ           

(খ) বিল ক্লিন্টন
(গ) জৰ্জ এইচ ডব্লিউ বুশ্ব     

(ঘ) জৰ্জ ডব্লিউ বুশ্ব


উত্তৰ:-(গ) জৰ্জ এইচ ডব্লিউ বুশ্ব


18. 9/11 ৰ আক্ৰমণত কিমান লোক নিহত হৈছিল?  
উত্তৰ:-  প্ৰায় তিনি হাজাৰ লোক নিহত হৈছিল।

19. গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ- যোগাযোগৰ বাবে সাগৰীয় পথ।


20. গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া।

উত্তৰ:- ইণ্টাৰনেট (Internet)


21. গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া।
উত্তৰ:- কম্পিউটাৰ (Computer)


22. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰথম এম.বি.এ. (M.B.A.) পাঠ্যক্ৰম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- 1950 চনত।


23. 1881 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।
উত্তৰ:-Wharton School


24. ____1950 চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি। (খালী ঠাই পূৰণ কৰা)
উত্তৰ:- ইণ্টাৰনেট (Internet) 1950 চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি। 


25. অল-কায়দা কি?

উত্তৰঃ- অল-কায়দা হ'ল ইছলামিক ভাবধাৰাৰে প্ৰভাৱান্বিত এটা সন্ত্রাসবাদী সংগঠন।


 দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answer:-
1. আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া।     HS-2012, 2014

উত্তৰ:- আধিপত্যৰ অৰ্থ হ’ল কোনো এখন ৰাষ্ট্ৰই আহৰণ কৰা নেতৃত্ব চলোৱা প্ৰদানকাৰী আৰু আনক বশীভূত কৰি ৰাখিব পৰা ক্ষমতা। বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে আধিপত্য প্ৰতিষ্ঠা কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই তিনি ধৰণৰ আধিপত্যৰ বিস্তাৰ কৰিছে, সেইবোৰ তলত আলোচনা কৰা হ’ল।
i. অনমনীয় (কঠোৰ) ক্ষমতা হিচাবে আধিপত্য:-
         আজি মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই থকা প্ৰতিপত্তিৰ মূলতে আছে অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামকিক প্ৰতিপত্তি বা আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ— চূড়ান্ত (Absolute) আৰু আপেক্ষিক (Relative)। চূড়ান্ত বুলি কওঁতে এই কথা বুজোৱা হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণত অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে আৰু ধ্বংসলীলা চলাব পাৰে।
       আমেৰিকাৰ সামৰিক শক্তি ইমান ভয়াৱহ আৰু সামৰ্থ্যবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে।আমেৰিকাই এতিয়া ইয়াৰ সহযোগী ১২ খন শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লগত কৰা খৰচ একগোট কৰিলে যিমান হয় তাতকৈ বেছি নিজৰ  দেশৰ সামৰিক বাহিনীত খৰচ কৰে। ইয়াৰ উপৰিও, পেণ্টাগনৰ বাজেটৰ এক বিৰাট অংশ সামৰিক গৱেষণা আৰু উন্নয়নত খৰচ কৰে।
       উদাহৰণস্বৰুপে নি:সন্দেহে আমেৰিকাৰ ইৰাক আক্ৰমণ আছিল অভেদ্য। ইৰাক আক্ৰমণে প্ৰমাণ কৰে যে আমেৰিকাৰ বিজয়ৰ ক্ষমতা ভয়ানক।
ii. গাঁথনিগত (অৰ্থনীতি) ক্ষমতা হিচাবে আধিপত্য:-
         মাৰ্কিন যুক্তৰাষ্ট্ৰই যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত আমি বিশ্ব জোৰা সামাজিক সম্পদৰ কথা ক’ব পাৰো। বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অত্যন্ত ভাল উদাহৰণ হ’ল ভাল যোগাযোগৰ সাগৰীয় পথ। সাগৰীয়া পথেৰে সাধাৰণতে সদাগৰসকলে জাহাজ চলায়। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৃটিছ নৌ-শক্তিৰ আধিপত্য শেষ হোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই আধিপত্য প্ৰতিষ্ঠা কৰে।
       সমূহীয়া সম্পদৰ অন্য এক উদাহৰণ হ’ল ইণ্টাৰনেট। আজি ইণ্টাৰনেটে এক ভাসমান বিশ্ব সমাজ নিৰ্মাণ কৰি তুলিছে। ইণ্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই 1950 চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্থানৰ কোনোৱা নহয় কোনোবা এটা দখল কৰি ৰাখিছে।
         বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ’ল ব্যৱসাযিক প্ৰশাসনৰ স্নাতকোত্তৰ (MBA) ডিগ্ৰী। ব্যৱসায়িক প্ৰশাসনৰ ধাৰণাটোও মাৰ্কিন বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি।
iii. নৰম (আদৰ্শগত) ক্ষমতা হিচাপে আধিপত্য:-
       আধিপত্য নিৰ্মাণৰ ক্ষেত্ৰেত আদৰ্শগত আৰু সাংস্কৃতিক দিশটোৰো গুৰুত্ব আছে। যি সকল লোক বা দেশৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰা হৈছে তেওঁলোকে সেইটো স্বীকাৰ কৰি লব লাগিব। এই অৰ্থত যেতিয়া আমি আধিপত্যৰ ধাৰণাটো ব্যৱহাৰ কৰো তেতিয়া এটা বিশেষ শ্ৰেণীয়ে সামাজিক, ৰাজনৈতিক আৰু আদৰ্শগত ক্ষেত্ৰসমূহত নিজৰ প্ৰতিপত্তিশীলতা শ্ৰেণীটোৱে বশীভূত কৰি ৰাখিব পৰা শ্ৰেণীটোৰ পৰা এক ধৰণৰ সন্মতি আদায় কৰিব পাৰে। সেইটো কৰিবলৈ যাওঁতে আধিপত্যশীল শক্তিয়ে বিশ্ব ৰাজনীতিত সৰু সৰু দেশসমূহক প্ৰতিপত্তিশীল শ্ৰেণীটোৱে শুদ্ধ আৰু ভূল বুলি উপস্থাপন কৰা দিশবোৰ মানি লয়।
      মাৰ্কিন যুক্তৰাষ্ট্ৰই আচলতে বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে— মাৰ্কিন চিন্তা আৰু আদৰ্শ সকলোৰে বাবে মংগলজনক বুলি প্ৰতিপন্ন কৰাৰ হকে প্ৰচেষ্টা চলাই আহিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত তিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। এই অৰ্থত মাৰ্কিন যুক্তৰাষ্ট্ৰ হ’ল সাংস্কৃতিকভাবেও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। তাৰ আধাৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বজোৰা আধিপত্য গঢ়ি তোলাত সফল হৈছে— কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ আধাৰত নহয়।
      উদাহৰণস্বৰুপে আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰইৰ ডেকা-গাভৰুৱে জিন্‌ছ (Jeans) পেণ্ট বা ছাৰ্ট পৰিধান কৰে। ই হ’ল নমনীয় আধিপত্যৰ প্ৰভাব।

2. অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশদভাবে আলোচনা কৰা।    HS-2019
উত্তৰ:- বিশ্বৰ অৰ্থনীতিক বুজোৱাৰ অৰ্থে গঠনাত্মক (গাঁথনিগত) ক্ষমতা হিচাপে আধিপত্যসূচক প্ৰভাৱৰ সূচনা হৈছে। বিশেষকৈ মুক্ত বিশ্ব অৰ্থনীতিৰ সৃষ্টি তথা ইয়াক বৰ্তাই ৰখাৰ বাবে বৃহত্‍ শক্তিৰ সমৰ্থনৰ প্ৰয়োজন। অৱশেষত, এই বৃহত্‍ শক্তিয়ে হৈ পৰে বিশ্ব অৰ্থনীতিৰ মূল চালক আৰু বিশ্বৰ অৰ্থনীতিৰ গাঁথনিটোৰ ওপৰত আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰে।
       আমি সকলোৱে জানো যে বৰ্তমান আমি এক মুক্ত বিশ্ব অৰ্থনীতিৰ যুগত বাস কৰিছো। এনে অৰ্থনীতি সৃষ্টি আৰু তাক ৰক্ষণা-বেক্ষণ দিবৰ বাবে এক প্ৰতিপত্তিশীল শক্তিৰ প্ৰয়োজন। এনে প্ৰতিপত্তিশীল ক্ষমতাৰ অধিকাৰী শক্তিৰ বিশ্ব অৰ্থনীতিক এক শৃংখলা প্ৰজানৰ সদিচ্ছা তথা সামৰ্থ্য থাকিব লাগিব। আধিপত্যশীল শক্তিয়ে নিজৰ স্বাৰ্থতেই এনে ভূমিকাত অৱতীৰ্ণ হয়। কিন্তু তাকে কৰিবলৈ যাওঁতে আপেক্ষিকভাবে
এনে শক্তিৰ লোকচানো হয়। কাৰণ এনে মুক্ত অৰ্থনীতিত অংশগ্ৰহণ কৰা অন্যবোৰ প্ৰতিযোগী ৰাষ্ট্ৰই বিশ্ব অৰ্থনীতিৰ শৃংখলা বৰ্তাই ৰথাৰ জায়িত্ব গ্ৰহণ নকৰাকৈয়ে মুক্ত অৰ্থনীতিৰ সুযোগ-সুবিধা উপভোগ কৰে।
       মাৰ্কিন যুক্তৰাষ্ট্ৰই এই অৰ্থত যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত আমি বিশ্ব জোৰা সামাজিক সম্পদ (Global Public Goods)ৰ কথা ক’ব পাৰো। এই সামাজিক সম্পদ বা পণ্য হ’ল সেইবোৰ যিবোৰৰ এজনে কৰা ভক্ষনে অন্য এজনক বঞ্চিত নকৰে। উদাহৰণস্বৰূপে বিশুদ্ধ বায়ু আৰু ৰাস্তা-পদূলী এনে সামাজিক সম্পদৰ উত্কৃউষ্ট উদাহৰণ।
       বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অত্যন্ত ভাল উদাহৰণ হ’ল ভাল যোগাযোগৰ সাগৰীয় পথ (SLOCS)। সাগৰীয়া পথেৰে সাধাৰণতে সদাগৰসকলে জাহাজ চলায়। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৃটিছ নৌ-শক্তিৰ আধিপত্য শেষ হোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই আধিপত্য প্ৰতিষ্ঠা কৰে।
       সমূহীয়া সম্পদৰ অন্য এক উদাহৰণ হ’ল ইণ্টাৰনেট (Internet)। আজি ইণ্টাৰনেটে এক ভাসমান বিশ্ব সমাজ নিৰ্মাণ কৰি তুলিছে। ইণ্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই 1950 চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি।
বিশ্ব অৰ্থনীতি তথা প্ৰযুক্তিৰ সৰলোবোৰ ক্ষেত্ৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপস্থিতি বিদ্যমান। বিশ্ব অৰ্থনীতিত 28 শতাংশৰ অংশীদাৰীত্ব আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ।বিশ্ব বাণিজ্যৰ 15 শতাংশ নিয়ন্ত্ৰণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্থানৰ কোনোৱা নহয় কোনোবা এটা দখল কৰি ৰাখিছে।
       মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক আধিপত্য আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই গঢ়ি তোলা গাঁথনিগত আধিপত্যৰ পৰা। বিশ্ব অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰি দিছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ়ি তোলা ব্ৰেটন উদ্‌ছ ব্যৱস্থা (Bretton Woods System)-ই আৰু এই ব্যৱস্থাৰ জন্মদাতা হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ। বৰ্তমান বিশ্ব অৰ্থনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্থাও মাৰ্কিন আধিপত্যকেই সৃষ্টি।
        বিদ্যায়তনিক ক্ষেত্ৰখনতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য মন কৰিবলগীয়া। বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ’ল ব্যৱসাযিক প্ৰশাসনৰ স্নাতকোত্তৰ (MBA) ডিগ্ৰী। ব্যৱসায়িক প্ৰশাসনৰ ধাৰণাটোও মাৰ্কিন বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি। 1881 চনতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত প্ৰথমখন ব্যৱসায়িক স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত 1900 চনতেই MBA পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত 1950 চনতহে প্ৰথমবাৰৰ বাবে MBA পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। পৃথিৱীৰ সকলোবিলাক দেশে আজি MBA ডিগ্ৰীক সন্মানীয় ডিগ্ৰী বুলি গ্ৰহণ কৰে। অৰ্থাত্‍‌ আমাৰ বিদ্যাতনিক চিন্তাকো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিন্তাই সাংঘাটিক ধৰণে প্ৰভাৱান্বিত কৰি আহিছে।

3. কঠিন ক্ষমতা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশ্বৰ বাবে ভাল বুলি ভাবানে? যুক্তিযুক্তকতা দিয়া।         HS-2017        Marks-6
(অথবা) ‘কঠোৰ ক্ষমতা হিচাপে আধিপত্য’ৰ বিষয়ে আলোচনা কৰা।         HS-2015      Marks-4

উত্তৰ:- ৰাজনীতি হ’ল ক্ষমতাৰ যুঁজ। বিশ্ব ৰাজনীতিত কিছুমান দেশে বা দেশৰ সমষ্টিয়ে ক্ষমতা অৰ্জন আৰু তাক বৰ্তাই ৰখাৰ বাবে অনবৰত চেষ্টা চলাই থাকে। এই ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে বল প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
আধিপত্য শব্দৰ মূল বিচাৰি পোৱা যায় প্ৰাচীন গ্ৰীক সমাজত। আধিপত্যৰ সৰল অৰ্থ হ’ল কোনো এখন ৰাষ্ট্ৰই আহৰণ কৰা নেতৃত্ব চলোৱা প্ৰদানকাৰী আৰু আনক বশীভূত কৰি ৰাখিব পৰা ক্ষমতা। সেয়েহে আধিপত্য বুলিলে প্ৰথমতেই আচলতে বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কক সূচায় য’ত প্ৰতিপত্তিশীল ৰাষ্ট্ৰখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।
বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে ঠিক এনে ধৰণৰ এক আধিপত্যই প্ৰতিষ্ঠা কৰিছে। এনে সামৰিক আধিপত্যৰ জৰিয়তে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপি দিয়াৰ কুচ-কাৱাজ কৰিছে।
    আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমান আন্তৰ্জাতিক ৰাজনীতিত যি আধিপত্য বিস্তাৰ কৰিছে ইয়াৰ ভিত্তি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ক্ষমতাৰ প্ৰভুত্ব। আজি মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই থকা প্ৰতিপত্তিৰ মূলতে আছে অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামকিক প্ৰতিপত্তি বা আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ— চূড়ান্ত (Absolute) আৰু আপেক্ষিক (Relative)। চূড়ান্ত বুলি কওঁতে এই কথা বুজোৱা হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণত অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে আৰু ধ্বংসলীলা চলাব পাৰে। এনে এক ক্ষমতাৰ বলেৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্তভাৱে সুৰক্ষিত কৰি ৰাখে।
    আমেৰিকাৰ সামৰিক শক্তি ইমান ভয়াৱহ আৰু সামৰ্থ্যবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে। আমেৰিকাই এতিয়া ইয়াৰ সহযোগী ১২ খন শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লগত কৰা খৰচ একগোট কৰিলে যিমান হয় তাতকৈ বেছি নিজৰ দেশৰ সামৰিক বাহিনীত খৰচ কৰে। ইয়াৰ উপৰিও, পেণ্টাগনৰ বাজেটৰ এক বিৰাট অংশ সামৰিক গৱেষণা আৰু উন্নয়নত খৰচ কৰে।
    নি:সন্দেহে আমেৰিকাৰ ইৰাক আক্ৰমণ আছিল অভেদ্য। আমেৰিকাৰ নেতৃত্বত পৰিচালিত সংযুক্ত বাহিনীৰ ওচৰত শৰণাগত হ’বৰ কাৰণে আমেৰিকাই ইৰাকৰ জনসাধাৰণক বাধ্য কৰাবলগা হোৱা নাছিল। ইৰাক আক্ৰমণে প্ৰমাণ কৰে যে আমেৰিকাৰ বিজয়ৰ ক্ষমতা ভয়ানক। আমেৰিকাৰ বাধা দিয়াৰ ক্ষমতা আৰু শাস্তি দিয়াৰ ক্ষমতা স্বত:সিদ্ধ। অন্য বাৰখন সামৰিক শক্তিসংযুক্ত শক্তিৰ তুলনাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তি বহুত বেছি। সামৰিক ক্ষেত্ৰত অধিক ধন ব্যয় কৰা বেছিভাগ ৰাষ্ট্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগী ৰাষ্ট্ৰ।


4. আমেৰিকা যুক্তৰাষ্ট্ৰ সৈতে ভাৰতৰ মাজত সম্পৰ্কৰ শেৱতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা।    HS-2016, 2020
(অথবা) আমেৰিকা যুক্তৰাষ্ট্ৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।      HS-2013, 2018

উত্তৰ:- স্বাধীনতা লাভৰ ঠিক পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক ভাল নাছিল। শীতল যুদ্ধৰ কালছোৱাত ভাৰতৰ ছোভিয়েট সংঘৰ লগতহে ভাল সম্পৰ্ক আছিল। ছোভিয়েট ইউনিয়নৰ পতন পাছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিছিল। সেই কাৰণে আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক
দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নৰ অংশীদাৰ হ’বলৈ বিচাৰিলে।
কিন্তু সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্থাপনত সহায় কৰিছে। এটা হ’ল কাৰিকৰী আৰু আনটো হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা।
    (i) ভাৰতে ৰপ্তানি কৰা চফ্টওৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে।
    (ii) ব’য়িংঙত কাম ৰা কাৰিকৰি কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ
    (iii) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে।
    (iv) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্ত ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰৰিচালিত হয়।
    মুঠতে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক এটা মাত্ৰ উপায় অৱলম্বন কৰি গঢ়ি তোলা সম্ভৱ নহয়। আমেৰিকাৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত ভাৰতে নিজৰ দেশৰ বৈদেশিক নীতিক উন্নত কৰি লাগিব।

5. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা।      HS-2016 Marks-4
উত্তৰ:- বিশ্বযুৰি যিবোৰ শক্তিয়ে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সেই সাম্ৰাজ্যসমূহৰ একো-একোটা সময়ত পতন ঘটিছে আৰু এই পতনৰ বেলিকা আভ্যন্তৰীণ কাৰকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বেলিকা তিনিটা গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ কাৰকে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে। সেইবোৰ কাৰক হ’ল—
(ক) সাংবিধানিক গাঁথনি:-
    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত চৰকাৰৰ তিনিটা অংগ যেনে— বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্ঠভাৱে বিভাজন কৰি দিয়া আছে। ৰাষ্ট্ৰপতিয়ে লব খোজা যিকোনো পদক্ষেপ বেলিকা মাৰ্কিন সংসদে বাধা আৰোপ কৰিব পাৰে।
(খ)মাৰ্কিন মুক্ত সমাজ ব্যৱস্থা:-
    দেখাত আমেৰিকাৰ জনসাধাৰণে চৰকাৰক বা ৰাষ্ট্ৰপতিক বিনা প্ৰশ্নে সমৰ্থন কৰে। কিন্তু সেইটো মুঠেই শুদ্ধ কথা নহয়। মাৰ্কিন ৰাজনৈতিক সংস্কৃতিত চৰকাৰৰ প্ৰতি এক সমালোচনাত্মক দৃষ্টিভংগী বিৰাজমান। উদাহৰণস্বৰুপে ভিয়েটনাম যুদ্ধৰ ক্ষেত্ৰত মাৰ্কিন চৰকাৰৰ বিৰুদ্ধ দেশৰ জনসাধাৰণেই আটাইতকৈ দৃঢ়ভাবে প্ৰতিবাদ সাম্যস্ত কৰিছিল। জৰ্জ এইচ ডব্লিউ বুশ্বৰ ইৰাকী অভিয়ানৰ বিৰুদ্ধেও দেশৰ জনসাধাৰণ সজাগ হৈ উঠিছিল।
(গ)উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO):-
    মাৰ্কিন যুক্তৰাষ্ট্ৰই উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO)-ক নিজৰ আধিপত্য বৰ্তাই ৰখাৰ স্বাৰ্থতে জীয়াই ৰাখিছে। কিন্তু সমান্তৰালভাৱে এই সংগঠনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ একপক্ষীয় সামৰিক ক্ষমতাকো কম-বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ সুযোগ পাইছে।
 

6. বিশ্ব ৰাজনীতিত ৯/১১ য়ে কি সূচায়? চমুকৈ আলোনা কৰা।

(অথবা)  সাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ‘১/১১' কি সূচায় ? HS-2020

উত্তৰ:- সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ‘১/১১' মানে আমেৰিকাৰ World Trade Centre সন্ত্রাসবাদী সকলৰ আক্রমণক বুজায়। '৯/১১' ই ২০০১ চনৰ ১১ চেপ্তেম্বৰত আৰৱীয় দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰত আত্মঘাতী আক্রমণ চলোৱা ঘটনাকে বুজায়। অপহৰণকাৰীয়ে নিউয়র্কত অৱস্থিত পৃথিৱীৰ বাণিজ্যিক কেন্দ্ৰৰ 'World Trade Centre' উত্তৰ আৰু দক্ষিণৰ উচ্চ অট্টালিকা দুটাত একোখনকৈ বিমানে খুন্দামাৰি ধ্বংস কৰে।

এই আক্ৰমণত ৩,০০০ জন লোকৰ মৃত্যু হৈছিল।

7. আমেৰিকাই কিয় ইৰাক আক্ৰমণ কৰিছিল? এই আক্ৰমণৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ- ২০০৩ চনৰ ১৯ মাৰ্চত অপাৰেশ্যন ইৰাকী 'ফ্রিডম' এই সাংকেতিক নামেৰে আমেৰিকাই ইৰাক আক্ৰমণ কৰে। ৰাষ্ট্ৰসংঘই ইৰাক আক্ৰমণৰ সন্মতি নিদিয়াত যুক্তৰাষ্ট্ৰৰ পৰিচালনাত ৪০ খনতকৈ বেছি ইচ্ছুক দেশৰ সংযোগ ঘটে।

এই আক্ৰমণৰ প্ৰধান উদ্দেশ্য আছিল ইৰাকৰ বৃহৎ ধ্বংসকাৰী অস্ত্ৰ বিকাশত বাধা দিয়া। কিন্তু ইৰাকত ধ্বংসকাৰী অস্ত্ৰৰ সম্ভেদ পোৱা নগ'ল। সেয়েহে ইৰাকৰ তৈলক্ষেত্ৰৰ ওপৰত দমন আৰু যুক্তৰাষ্ট্ৰ পক্ষীয় শাসন প্ৰৱৰ্তনেই এই যুদ্ধৰ উদ্দেশ্য আছিল বুলি বহুতে ধাৰণা কৰে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

8 Comments

Click here for Comments