-->

ক্ষমতাৰ বিকল্প কেন্দ্ৰ । Alternative Centres of Power

Questions Answers of AHSEC Solution for Class 12 Political Science ক্ষমতাৰ বিকল্প কেন্দ্ৰ । Alternative Centres of Power. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

ক্ষমতাৰ বিকল্প কেন্দ্ৰ

Alternative Centres of Power

Class 12 Political Science

Political Science ক্ষমতাৰ বিকল্প কেন্দ্ৰ । Alternative Centres of Power ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science ক্ষমতাৰ বিকল্প কেন্দ্ৰ । Alternative Centres of Power has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1. আছিয়ান (ASEAN) কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল?           HS-2018

উত্তৰ:- আছিয়ান (ASEAN) 1967 চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ সদস্য ৰাষ্ট্ৰ ৫ আছিল।


2. চিনে “মুক্ত দুৱাৰ” নীতি গ্ৰহণ কৰিছিল। (‘হয়’ অথবা ‘নহয়’ লিখা)         HS-2018, 2024
উত্তৰ:- হয়


3. তলত দিয়াবোৰৰ কোনখন দেশে Open Door নীতি গ্ৰহণ কৰিছিল —
(ক) চীন    
(খ) ইউৰোপীয়ান সংঘ (গ) জাপান (ঘ) ইউ.এছ.এ.

উত্তৰ:- চীন


4. খালী ঠাই পূৰ কৰা :
(ক) চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাত মূলত:________আৰু _________ ক লৈ হৈছিল।    HS-2016

উত্তৰ:- অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আক্‌চাই চিন


(খ) চীনে দ্বিপাক্ষিক সম্বদ্ধত সোমাইছিল ________ (এখন প্ৰখ্যাত দেশ ১৯৭২ চনত)।
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ


(গ) ARF প্ৰতিষ্ঠা হৈছিল ________।
উত্তৰ:- ১৯৯৪ চনত


(ঙ) ________ ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা।
উত্তৰ:- ইউৰো 


5. ASEAN-ৰ সম্পূৰ্ণ ৰূপটো লিখা।                HS-2014
উত্তৰ:- Association of South-East Asian Nations.


6. ASEAN-ৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ:- থাইলেণ্ড


7. কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত ‘Open Door Policy’ নীতি গ্ৰহণ কৰিছিল?
উত্তৰ:- ১৯৭৮ চনত


8. চীন কেতিয়া বিশ্ব বাণিজ্য সংস্থা সদস্য হৈছিল?
উত্তৰ:- 2001 চনত


9. ইউৰোপীয়ান সংঘৰ সদস্য ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উত্তৰ:- ফ্ৰান্স


10. কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?
উত্তৰ:- ১৯৮৮ চনত


11. কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল?
উত্তৰ:- ১৯৮২ চনত


12. ইউৰোপীয়ান সংঘৰ মুদ্ৰাক কি কয়?
উত্তৰ:-ইউৰো (Euro)


13. ১৯৯২ চনত কোনখন আঞ্চলিক সংঘঠন গঠন হৈছিল
উত্তৰ:- ইউৰোপীয়ান সংঘ


14. এছিয়াৰ এটা প্ৰধান শক্তিৰ নাম লিখা।
উত্তৰ:- চীন


15. চীনত কৃষি ব্যক্তিগতকৰণ কৰা হৈছিল—
(ক) ১৯৮৮ চনত (খ) ১৯৮২ চনত (গ) ১৯৭৬ চনত (ঘ) ১৯৭৮ চনত
উত্তৰ:- ১৯৮২ চনত


16. ইউৰোপীয়ান সংঘ স্থাপন কৰা হৈছিল—
(ক) ১৯৯২ চনত (খ) ১৯৯০ চনত (গ)১৯৯৪ চনত (ঘ) ১৯৯৬ চনত
উত্তৰ:- ১৯৯২ চনত


17. তলত দিয়া কোনখন ৰাষ্ট্ৰ ইউৰোপীয়ান সংঘৰ সদস্য নহয়—
(ক) গ্ৰেট ব্ৰিটেইন     (খ) জাৰ্মানী     (গ) ভাৰত     (ঘ) ফ্ৰান্স
উত্তৰ:- ভাৰত


18. 2040 চনৰ ভিতৰত বৃহত্‍ অৰ্থনীতি হিচাপে ___ প্ৰক্ষেপ কৰা হৈছে।
উত্তৰ:- চীনক


19. ARF-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- ASEAN Regional Forum


20. চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?       HS-2012
উত্তৰ:- মাও-চে-টুঙ (Mao-Tse-Tung)


21.  ভাৰত চীন দেশৰ যুদ্ধ কেতিয়া হৈছিল?

(অথবা) চীনে ভাৰত আক্ৰমণ কৰিছিল ____ চনত। HS-2022

উত্তৰ:- ১৯৬২ চনত


22. চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?
উত্তৰ:- প্ৰধানমন্ত্ৰী চৌ এন’লাই (Zhou Enlai)  ১৯৭৩ চনত চাৰিটা আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়াইছিল, সেইকেইটা হ’ল  কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।


23. চৌ এন’লাই (Zhou Enlai) য়ে চীনত কি চাৰিটা বস্তুক আধুনিকীকণ কৰিব বিচাৰিছিল?
উত্তৰ:- কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।


24. এছিয়া দুই মহাশক্তিৰ নাম লিখা।
উত্তৰ:- চীন আৰু ভাৰত

 
25. ‘মুক্ত দ্বাৰ’ (Open door) নীতি বা খোলা দুৱাৰ কি?   HS-2016
উত্তৰ:- ১৯৭৮ চনত ডেং জিয়াওপিং (Deng Xiaoping)য়ে চীনত ‘মুক্ত দ্বাৰ’ (Open door) বা ‘খোলা দুৱাৰ’ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছিল। ইয়াৰ ফলত বহুত বিদেশী ৰাষ্ট্ৰই চীনত বিনিয়োগ কৰিছিল আৰু ইয়াৰ বাবে চীনৰ উত্পাবদন যথেষ্ট বুদ্ধি পাইছিল।


26. WTO -ৰ সম্পূৰ্ণ অৰ্থ কি?               HS-2016
উত্তৰ:- World Trade Centre


27. FTA-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Free Trade Area


28. ভাৰত আছিয়ান (ASEAN)ৰ এখন সদস্য ৰাষ্ট্ৰ। (হয় বা নহয় লিখা)      HS-2015
উত্তৰ:- নহয়


29. আছিয়ান (ASEAN) ৰ উদ্দেশ্য কি?
উত্তৰ:- আছিয়ানৰ উদ্দেশ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধৰ কৰা। 


30. ইউৰোপীয়ান সংধৰ দুটা উদ্দেশ্য উল্লেখ কৰা।            HS - 2014
উত্তৰ:- (ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।
(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।


31. ভাৰত আৰু চীন দেশৰ মাজত সংঘাটৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। HS-2023

উত্তৰঃ- (১) পাকিস্তানলৈ চীনৰ বৰ্ধিত সাহাৰ্য। 

(২) শ্রীলংকা, বাংলাদেশ আৰু ম্যানমাৰত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা খোপনি৷  


32. ১৯৬৭ চনত ASEAN গঠনৰ সময়ত সংগঠনটোৰ সদস্য ৰাষ্ট্ৰসমূহ কৈান আছিল? HS-2023

উত্তৰঃ- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, ছিংগাপুৰ আৰু থাইলেণ্ড।


দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answer:-
1. আছিয়ান (ASEAN) কি? আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা।

(অথৱা) আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা।          HS-2017, 2019, 2021, 2024
উত্তৰ:- ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (Association of South East Asian Nations), আছিয়ান প্ৰতিষ্ঠিত হৈছিল। আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হ'ল- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংককৰ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছৰ সময়ত ব্ৰুনেই, ভিয়েটনাম, লাওচ পি ডি আৰ, ম্যানমাৰ আৰু কম্পোডিয়া সমস্যভুক্ত হোৱাৰ ফলত ইয়াৰ সদস্যৰ সংখ্যা ১০ খনলৈ বৃদ্ধি হয়।
       আছিয়ানৰ মুখ্য লক্ষ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা। বিশ্বখন বৰ্তমান যিটো অগ্ৰগতিৰে ধাৱিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আছিয়ান (ASEAN) য়ে ইয়াৰ লক্ষ্য কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি বহল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহে তিনিটা স্তম্ভ গঠন কৰিছে। সেইবোৰ হ'ল—
    (ক) আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community)
    (খ) আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community)
    (গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-Cultural Community)
(ক) আছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য :
    আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হ'ল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব। আছিয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদেশিকৰ নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে আছিয়ান ৰীজ'নেল ফ'ৰাম (ARF) ১৯৯৪ চনত প্ৰতিষ্ঠা কৰিছিল।
(খ) আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য :
    আছিয়ানে যদিও সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা তথা বৈদেশিক নীতিৰ ক্ষেত্ৰত কিছুমান কাৰ্য সমাপন কৰি আছে, বৰ্তমান ই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্ৰত অধিক মনোনিবেশ কৰা দেখিবলৈ পোৱা যায়। আছিয়ানৰ অঞ্চলৰ অৰ্থনৈতিক ব্যবস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপি ই অৰ্থনৈতিক দিশত যি দ্ৰুতগতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভৱিষ্যতে ই অৰ্থনৈতিক দিশত আন ৰাষ্ট্ৰতকৈ যথেষ্ট আগবাঢ়়ি অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য :
        আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য হ'ল সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্প্ৰদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা। এই পৰিষদে জনসাধাৰণৰ সল্যাণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে। পৰিষদে বহনক্ষম বিকাশৰ বাবে মানৱ, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্ব প্ৰদান কৰে।

2. ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ কি? বিশদভাৱে আলোচনা কৰা।     HS-2016, 2017, 2021
(অথবা) ইউৰোপিয়ান ইউনিয়ন (European Union) ৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ পৰীক্ষা কৰা।    HS-2020 নম্বৰ-6

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো একেবাৰে ভাগি পৰিছিল। সেয়েহে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ইউৰোপীয় দংশসমূহৰ মাজত দেখা দিয়া শত্ৰুতাৰ ভাব পৰিহাৰ কৰি এই দেশসমূহে আন্তৰ্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল। ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত ১৯৯২ চনত মাষ্ট্ৰিষ্ট চুক্তিৰ আধাৰত ইউৰোপীয় সংঘ (European Union) নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন কৰা হৈছিল। ‘ ইউৰোপীয় সংঘ’ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰিছে আৰু সমগ্ৰ ইউৰোপৰ বাবে এক মুদ্ৰা (Single currency) প্ৰচলনৰ ব্যৱস্থা কৰিছে, ইয়াক 'ইউৰো' (Euro) বোলা হয়। ইউৰোপীয় সংঘ যদিও প্ৰথম অৱস্থাত কেৱল অৰ্থনৈতিক দিশত প্ৰৱেশ কৰিছিল কিন্তু সময়ত ই ৰাজনৈতিক আৰু কূটনৈতিক প্ৰেক্ষাপটতো প্ৰৱেশ কৰি 'জাতি ৰাষ্ট্ৰ' (Nation state)ৰ দৰে কাৰ্যকলাপ আৰম্ভ কৰিছে। ইয়াৰ নিজস্ব পতাকা, জাতীয় সংগীত আৰু মুদ্ৰা আছে।
অৰ্থনৈতিক ক্ষেত্ৰত :-
     ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহত্‍ অৰ্থনীতি। ২০০৫ বৰ্ষৰ হিচাবত এই সংঘৰ সৰ্বমুঠ ঘৰুৱা উত্পা দন (GDP) আছিল ১২ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিমাণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ঘৰুৱা উত্পাাদনতকৈও কিছু পৰিমাণে বেছি। অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকাৰ 'ডলাৰে' (মুদ্ৰা) ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা 'ইউৰো'ৱে (Euro) ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি, বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘই তিনি গুণ বেছি অংশ দখল কৰি আছে আৰু ইয়াৰ আধাৰত আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় লেন-দেন বা বিবাদৰ বেলিকা মাৰ্কিন যুক্তৰাষ্ট্ৰ বা চীনতকৈ ইউৰোপীয় সংঘই অধিক দৃঢ়তাৰে নিজৰ মত সাব্যস্ত কৰিবে পাৰে। ইউৰোপীয় সংঘৰ অৰ্থনৈতিক ক্ষমতাই এছিয়া আৰু আফ্ৰিকাতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্ব বাণিজ্য সন্থা (World Trade Organization, WTO)-ৰ মঞ্চতো ইউৰোপীয় সংঘই শক্তিশালী অৰ্থনৈতিক গোট হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত :-
    ইউৰোপীয় সংঘই আন্তৰ্জাতিক ৰাজনীতিত ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত বিশ্বত প্ৰভাৱ বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ— বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ স্থায়ী সদস্য। তদুপৰি, ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ফলত নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়ত ইউৰোপীয় সংঘৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে। ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ গ্ৰহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদস্তি বা সামৰিক শক্তি প্ৰয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে। উদাহৰণস্বৰূপে, ইৰাণৰ পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থিতি কি হ'ব সেই ক্ষেত্ৰতো ইউৰোপীয় সংঘৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। নিজৰ অৰ্থনৈতিক ক্ষমতা আৰু কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা দেখা যায়।
সামৰিক ক্ষেত্ৰত :-
    সামৰিকভাৱেই ইউৰোপীয় সংঘৰ স্থিতি আজি অত্যন্ত শক্তিশালী। ইউৰোপীয় সংঘৰ সামৰিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ই বিশ্বৰ দ্বিতীয় বৃহত্‍ সামৰিক বাহিনী। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ দেশসমূহে কৰা সৰ্বমুঠ ব্যয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাছতেই দ্বিতীয় স্থানত। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুই স্থায়ী সদস্য ৰাষ্ট্ৰ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ সৰ্বমুঠ ৫৫০ আণৱিক ৱাৰহাউচ (Warehouse) আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
    ইউৰোপীয় সংঘ এক অতি-ৰাষ্ট্ৰীয় সংস্থা। অৰ্থাত্‍ এই সংস্থাই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে ইউৰোপৰ সকলোবিলাক দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত এই সংঘই হস্তক্ষেপ কৰিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ আইন-শৃংখলাৰ দৰে প্ৰশ্নত ইউৰোপীয় সংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰে। বৈদেশিক নীতিৰ প্ৰশ্নতো সদস্য ৰাষ্ট্ৰসমূহৰ নিজা নিজা স্থিতি পৰিলক্ষিত হয়।

3. অৰ্থনৈতিক শক্তি হিচাবে চীনৰ উত্থান আলোতনা কৰা।   HS-2013, 2015, 2019 নম্বৰ-6
(অথবা) চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

(অথবা) বিশ্বৰ এখন উন্নয়নশীল দেশ হিচাপে চীনৰ বিষয়ে লিখা। 

(নাইবা) চীনা অর্থনীতি সম্পর্কে বহলাই আলোচনা কৰা।

(নাইবা) বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা আলোচনা কৰা। HS-2024

উত্তৰ:- চীনৰ সাম্যবাদী বিপ্লৱৰ ৰনেতা মাও-চে-টুঙৰ নেতৃত্বত সুদীৰ্ঘ আন্দোলনৰ পিছত ১৯৪৯ চনত চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। সাম্যবাদী চীন দেশত ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয়। সেই সময়ৰে পৰা চীনা অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিত চীনৰ স্থান আমেৰিকাৰ পিছতেই।
        চীন দেশে ১৯৭২ চনত অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স'তে সম্পৰ্ক স্থাপন কৰিলে। প্ৰধানমন্ত্ৰী চৌ-এন-লায় (Chou-En-Lai)ৰ নেতৃত্বত চাৰিটা খণ্ড— কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ল ১৯৭৩ চনত। ১৯৭৮ চনত চীনা নেটা ডেং ডিয়াওপিং (Deng Xiaoping)-এ "মুক্ত দ্বাৰ" (Open Door) নীতি আৰম্ভ কৰিলে। এই নীতিৰ জৰিয়তে বহি:দেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উত্পা।দন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিলে। তাৰ পিছত চীনে ১৯৮২ চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিশেষ অৰ্থনৈতিক মণ্ডল (Special Economic Zone)-তহে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছিল।
    কৃষিখণ্ডত আৰম্ভ কৰা ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত কৃষি উত্পবদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ বিকাশো ত্বৰান্বিত হ'ল। অন্যহাতে ব্যক্তিগত সঞ্চয় বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত গ্ৰাম্য উদ্যোগৰো দ্ৰুত প্ৰসাৰণ ঘটিল। কৃষি আৰু উদ্যোগ-উভয় খণ্ডতে দ্ৰুত বিকাশ ঘটিব ধৰিলে। বৈদেশিক বিনিয়োগকাৰীসকলে চীনক তেওঁলোকৰ অন্যতম লক্ষ্য হিচাবে বাচি ল'লে। ফল চীনৰ সাম্যবাদী বিপ্লৱৰ ৰনেতা মাও-চে-টুঙৰ নেতৃত্বত সুদীৰ্ঘ আন্দোলনৰ পিছত ১৯৪৯ চনত চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। সাম্যবাদী চীন দেশত ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয়। সেই সময়ৰে পৰা চীনা অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিত চীনৰ স্থান আমেৰিকাৰ পিছতেই।
    চীন দেশে ১৯৭২ চনত অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স'তে সম্পৰ্ক স্থাপন কৰিলে। প্ৰধানমন্ত্ৰী চৌ-এন-লায় (Chou-En-Lai)ৰ নেতৃত্বত চাৰিটা খণ্ড— কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ল ১৯৭৩ চনত। ১৯৭৮ চনত চীনা নেটা ডেং ডিয়াওপিং (Deng Xiaoping)-এ "মুক্ত দ্বাৰ" (Open Door) নীতি আৰম্ভ কৰিলে। এই নীতিৰ জৰিয়তে বহি:দেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উত্পা।দন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিলে। তাৰ পিছত চীনে ১৯৮২ চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিশেষ অৰ্থনৈতিক মণ্ডল (Special Economic Zone)-তহে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছিল।
    কৃষিখণ্ডত আৰম্ভ কৰা ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত কৃষি উত্পপদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ বিকাশো ত্বৰান্বিত হ'ল। অন্যহাতে ব্যক্তিগত সঞ্চয় বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত গ্ৰাম্য উদ্যোগৰো দ্ৰুত প্ৰসাৰণ ঘটিল। কৃষি আৰু উদ্যোগ— উভয় খণ্ডতে দ্ৰুত বিকাশ ঘটিব ধৰিলে। বৈদেশিক বিনিয়োগকাৰীসকলে চীনক তেওঁলোকৰ অন্যতম লক্ষ্য হিচাবে বাচি ল'লে। ফলত দেশৰ বৈদেশিক মুদ্ৰা বৃদ্ধি পালে আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি পালে। ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্ৰহণ কৰিলে। ইয়াৰ জৰিয়তে চীনে বিশ্ব অৰ্থনীতিৰ স'তে নিজক একত্ৰিত কৰি তুলিলে আৰু ক্ৰমান্বয়ে বিশ্ব অৰ্থনৈতিৰ ৰেহ-ৰূপ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিলে। প্ৰযুক্তিবিদ্যা আৰু সামৰিকভাৱেও চীন অত্যন্ত শক্তিশালী। বৰ্তমান ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ীসদস্য। চীনৰ অৰ্থনীতি যি হাৰত আগবাঢ়ি আছে, বিশেষজ্ঞৰ অনুসৰি ২০৪০ চনলৈকে চীন আমেৰিকাক পৰাভূত কৰি বিশ্বৰ সৰ্ববৃহত্‍‌ অৰ্থনীতি হিচাবে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। দেশৰ বৈদেশিক মুদ্ৰা বৃদ্ধি পালে আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি পালে। ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্ৰহণ কৰিলে। ইয়াৰ জৰিয়তে চীনে বিশ্ব অৰ্থনীতিৰ স'তে নিজক একত্ৰিত কৰি তুলিলে আৰু ক্ৰমান্বয়ে বিশ্ব অৰ্থনৈতিৰ ৰেহ-ৰূপ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিলে। প্ৰযুক্তিবিদ্যা আৰু সামৰিকভাৱেও চীন অত্যন্ত শক্তিশালী। বৰ্তমান ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ীসদস্য। চীনৰ অৰ্থনীতি যি হাৰত আগবাঢ়ি আছে, বিশেষজ্ঞৰ অনুসৰি ২০৪০ চনলৈকে চীন আমেৰিকাক পৰাভূত কৰি বিশ্বৰ সৰ্ববৃহত্‍‌ অৰ্থনীতি হিচাবে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে।

4. ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।     HS-2018 নম্বৰ-4
(অথবা) ভাৰত-চীন সম্পৰ্কৰ ওপৰত এটি টোকা লিখা।        HS-2012 নম্বৰ-6

উত্তৰ:- ভাৰত আৰু চীন হল চুবুৰীয়া ৰাষ্ট্ৰ। এই দুয়োখন ৰাষ্ট্ৰত পশ্চিমীয়া ঔপনিবেশিকতাবাদৰ আগমন হোৱাৰ পূৰ্বে এছিয়াৰ বৃহত্‍‌ শক্তি হিচাবে পৰিগণিত আছিল। চীন হৈছে পৃথিৱীৰ বৃহত্‍ সাম্যবাদী দেশ। আনহাতে, ভাৰত হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। স্বাধীনতাৰ ঠিক পিছতেই দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। ১৯৫৪ চনত ঐতিহাসিক পঞ্চশীল চুক্তিৰ পাছত "হিন্দী-চীনি ভাই ভাই" ধ্বনি শুনিবলে পোৱা গৈছিল। কিন্তু এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বেছিদিন নাথাকিল। ১৯৫০ চনত চীনে তিব্বত অধিগ্ৰহণ কৰাৰ ফলত ভাৰত আৰু চীনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। সেই সময়ত তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতত আশ্ৰয় দিয়াৰ ফলত আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমাবিবাদৰ বাবে বিশেষকৈ অনুণাচল প্ৰদেশ আৰু লাডাখৰ আক্‌চাই চিন অঞ্চলক লৈ ১৯৬২ চনত এখন পূৰ্ণকালীন যুদ্ধ হৈছিল।
    চীন-ভাৰতৰ মাজত যুদ্ধৰ ফলত ৰাষ্ট্ৰ দুখনৰ মাজত থকা সম্পৰ্ক বেয়াৰ ফালে ঢাল খাইছিল। ১৯৭০ দশকৰ মাজভাগত চীনৰ ৰাজনৈতিক নেতৃত্বৰ সলনি হোৱাৰ ফলত ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে উন্নতি হৈছিল। ভাৰত আৰু চীনৰ সম্পৰ্ক আদৰ্শগততকৈ বেছি বাস্তৱবাদী আছিল। ১৯৮১ চনত দুয়োখন দেশে সীমা সমস্যাৰ সমাধানৰ বাবে কেইবালানিও আলোচনাত মিলিত হৈছিল। শীতল যুদ্ধৰ অৱসানৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক উল্লেখনীয়ভাৱে উন্নত হৈছিল।
        ১৯৮৮ চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগালে। তেতিয়াৰে পৰা দুয়োখন ৰাষ্ট্ৰই সংঘাতৰ পৰা আঁতৰত থাকিব আৰু সীমাত শান্তি অটুট ৰখাৰ পৰিবেশ গঢ়ি তুলিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু ব্যৱসায় বৃদ্ধিৰ বাবে সীমান্ত অঞ্চলত চাৰিটা পথ মুকলি ৰাখিব।
    ১৯৯২ চনত ভাৰত আৰু চীনৰ মাজৰ দ্বি-পাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৩৩৮ নিযুত মাৰ্কিন ডলাৰ। ২০০৬ চনত এই পৰিমাণ ১৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পালে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাব ধৰিছে। এনে ঘটনাই দুয়োখন দেশুৰ মাজত সৌহাৰ্দ্যৰ সম্পৰ্ক সুদৃঢ় কৰাত অৰিহণা যোগাইছে। শেহতীয়াভাৱে দুয়োখন দেশে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতা কৰাৰ নীতি গ্ৰহণ কৰিছে। বিশ্ব বাণিজ্য সংস্থাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰতবৰ্ষ আৰু চীনে একে ধৰণৰ একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে।
        তাৰোপৰি, এতিয়াও কেতবোৰ বিষয় আছে যিবিলাকৰ বাবে ভাৰত-চীন সম্পৰ্ক তিক্ত হৈ আছে। চীনে পাকিস্তানক পাৰমাণৱিক কাৰ্যসূচীত আগবঢ়োৱা সহায় আৰু বাংলাদেশ তথা ম্যানমাৰৰ সৈতে সামৰিক ক্ষেত্ৰত কৰা সম্পৰ্কই দক্ষিণ এছিয়াত ভাৰতৰ স্বাৰ্থ হানি কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ, অৰুণাচলকে ধৰি অসমৰ তেজপুৰলৈ চীনে নিজৰ বুলি দাবী কৰা আৰু লাডাখ অঞ্চলত ই আৰম্ভ কৰা ব্যাপক নিৰ্মাণ আঁচনিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়া কৰিছে। অৱশ্যে শেহতীয়াভাৱে অৰুণাচল প্ৰদেশ আৰু ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰা বিষয়ক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ দুখনৰ মাজত সংঘাত আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰক ভেটি চীনে নিৰ্মাণ কৰিবলগীয়া বৃহত্‍ নদীবান্ধসমূহে ভাৰতৰ উত্তৰ-পূব তথা বাংলাদেশৰ জলৰাশিত ব্যাপক প্ৰভাৱ পেলেৱাৰ আশংকায়ে দুয়োখন দেশৰ সম্পৰ্ক আৰু বেছি বেয়া কৰিছে।

5. গোলকীয় স্তৰত চীনা অৰ্থনৈতিক স্কীকৃতি প্ৰদান কৰা সহায়কাৰী চাৰিটা উপাদান লিখা।
উত্তৰঃ- গোলকীয় স্তৰত চীনা অৰ্থনৈতিক স্কীকৃতি প্ৰদান কৰা সহায়কাৰী চাৰিটা উপাদানসমূহ তলত আলোচনা কৰা হ'লঃ-
১. উন্নত উৎপাদিত সামগ্ৰীঃ-
চীনত উৎপাদিত পণ্যই পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। আজিকালি উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটা মহানগৰীত চীনত উৎপাদিত ইলেক্ট্রনিক সামগ্ৰীৰ যথেষ্ট পয়োভৰ ঘটিছে। ভাৰতত উৎপাদিত সামগ্ৰীতকৈ চীনত উৎপাদিত সামগ্ৰীৰ দাম কম হোৱা হেতুকে আৰু প্ৰযুক্তিগতভাৱে এনে সামগ্ৰীৰ মান উন্নত হোৱাৰ বাবেও ই বজাৰত যথেষ্ট সমাদৰ লাভ কৰা দেখা যায়।
২. উন্নত প্রযুক্তিঃ-   
    প্রযুক্তিৰ ক্ষেত্ৰত চীনে বিশেষভাৱে চমক দেখুৱাবলৈ সক্ষম হৈছে। ২০০৮ চনত চীনৰ ৰাজধানী বেইজিত অনুষ্ঠিত অলিম্পিক ক্রীড়া মহোৎসৱত প্রদর্শন কৰা কাৰিকৰী আৰু প্ৰযুক্তিগত পাৰদৰ্শিতাই বিশ্ববাসীক এক অর্থত চমক দেখুৱাবলৈ সক্ষম হৈছিল। এই সকলোবিলাক দিশ বিবেচনা কৰিলে চীনক মার্কিন আধিপত্যৰ এক বিকল্প কেন্দ্ৰ বুলি অভিহিত কৰিব পাৰি।

৩. বিদেশিক বিনিয়োগঃ-
    চীনে ১৯৭৮ চনত "মুক্ত দ্বাৰ" (Open Door) নীতি তথা অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। যাৰ ফলত বাণিজ্যৰ ক্ষেত্ৰত সূচনা কৰা নতুন নীতি আৰু নতুনকৈ স্থাপন কৰা বিশেষ অর্থনৈতিক মণ্ডলসমূহেও বৈদেশিক বিনিয়োজন বৃদ্ধিত অৰিহণা যোগালে। এনে পৰিৱেশত নপটীয়া বৈদেশিক বিনিয়োগকাৰীসকলে চীনক তেওঁলোকৰ অন্যতম লক্ষ্য হিচাবে বাচি ল'লে। ফলত দেশৰ বৈদেশিক মুদ্রা বৃদ্ধি পালে আৰু এনে মুদ্ৰাৰ আধাৰত চীনে নিজাকৈ বহিঃদেশৰ বিনিয়োজনৰ সুবিধা লাভ কৰিলে।

৪. বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদঃ-
    ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্রহণ কৰিলে। ইয়াৰ জৰিয়তে চীনে বিশ্ব অর্থনীতিৰ স’তে নিজক একত্রিত কৰি তুলিলে আৰু ক্ৰমান্বয়ে বিশ্ব। অর্থনীতিৰ ৰেহ-ৰূপ নির্মাণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিলে। চীনে অৰ্থনৈতিক উত্থানেৰে বিশ্বশক্তিৰ তৃতীয় বিকল্প স্থান দখল কৰিবলৈ সক্ষম হৈছে।


6. আছিয়ান (ASEAN) ৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা।  HS-2020 marks-6

উত্তৰ:- ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (Association of South East Asian Nations), আছিয়ান প্ৰতিষ্ঠিত হৈছিল। আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হ'ল- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংককৰ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছৰ সময়ত ব্ৰুনেই, ভিয়েটনাম, লাওচ পি ডি আৰ, ম্যানমাৰ আৰু কম্পোডিয়া সমস্যভুক্ত হোৱাৰ ফলত ইয়াৰ সদস্যৰ সংখ্যা ১০ খনলৈ বৃদ্ধি হয়।

দক্ষিণ-পূব এছিয় জাতি-সংস্থা (ASEAN)-ৰ লক্ষ্য:-

(ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।

(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।

(গ) বৃহত্‍‌ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাক ৰক্ষণা-বেক্ষণা দিয়া।

(ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা।

(ঙ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা।

দক্ষিণ-পূব এছিয় জাতি-সংস্থা (ASEAN)-ৰ সাফল্য:-

        আছিয়ান দক্ষিণ-পূব এছিয়াৰ অৰ্থনৈতিক সংস্থা হিচাপে ১৯৬৭ চনত স্থাপন কৰা হৈছিল। আজিও ই এখন অৰ্থনৈতিক সংস্থা হিচাপে কাম কৰি আছে। ১৯৭৭ চনত অনুষ্ঠিত এছিয়ানৰ দ্বিতীয় শীৰ্ষ সন্মিলনত ঘোষণা কৰা হয় যে এছিয়ান এটা সামৰিক গোষ্ঠী নহয়। এই শীৰ্ষ সন্মিলনতে নেতাসকলে সেই অঞ্চলৰ সকলো ৰাষ্ট্ৰৰ লগত শান্তিপূৰ্ণ আৰু সকলোৰে উপকাৰ হোৱাকৈ সম্পৰ্ক স্থাপনৰ ইচ্ছা ব্যক্ত কৰে।

এছিয়ানে পৃথিৱীৰ ৮ শতাংশ মানুহক সামৰি লয় আৰু ২০০৩ চনত ইয়াৰ মুঠ জি.ডি.পি (G.D.P.) হ'ল আমেৰিকাৰ ৮৭০০ মিলিয়ন জলাৰ। ২০০৩ চনৰ ভিতৰত এছিয়ানে কেইখনমান চুক্তি সম্পাদন কৰে আৰু এই চুক্তিৰ জৰিয়তে সদস্য ৰাষ্ট্ৰবিলাকে শান্তি, নিৰপেক্ষতা, সহযোগিতা, অ-হস্তক্ষেপ আৰু সাৰ্বভৌমত্বৰ অধিকাৰক প্ৰদৰ্শন কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ হয়।

এছিয়ানে মুক্ত বাণিজ্য অঞ্চল (Free Trade Area, F.T.A) গঠন কৰি শ্ৰমিক আৰু চাকৰিৰ ব্যৱস্থা কৰে। আমেৰিকা আৰু চীনে এছিয়ানৰ লগত (F.T.A.)-ৰ বিষয়ে বন্দবস্ত কৰিবলৈ আগবাঢ়ি আহিছে। কথা-বাৰ্তাৰ অংশীদাৰ হিচাপে ভাৰত আৰু চীনে এছিয়ানত যোগদান কৰাৰ পিছত এছিয়ানে বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক কেন্দ্ৰীয় শক্তিক ফেৰ মৰাত সফল হৈছে। 

বৰ্তমান এছিয়ানে ইয়াৰ সদস্য দেশসমূহৰ মাজত বিকাশৰ আঞ্চলিক এজেঞ্চি হিচাপে কাম কৰে। এইখনেই হ'ল এছিয়াৰ একমাত্ৰ ৰাজনৈতিক মঞ্চ য'ত এছিয়াৰ দেশ আৰু প্ৰধান শক্তিসমূহে এই অঞ্চলৰ ৰাজনৈতিক আৰু নিৰাপত্তাবিষয়ক বিষয়সমূহ আলোচনা কৰিব পাৰে।

7. ভাৰত আৰু চীন দেশৰ মাজৰ সংঘাতৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ- এতিয়াও কেতবোৰ বিষয় আছে যিবিলাকৰ বাবে ভাৰত-চীন সম্পর্ক তিক্ত হৈ আছে। যেনে- পাকিস্তানলৈ চীনৰ বৰ্ধিত সাহাৰ্য আৰু শ্ৰীলংকা, ম্যানমাৰ বাংলাদেশত ক্রমাগতভাৱে বৃদ্ধি পোৱা খোপনিয়ে দুয়োখন দেশৰ সম্পৰ্কত সমস্যা আনিছে। শেহতীয়াকৈ, অৰুণাচলকে ধৰি অসমৰ তেজপুৰলৈ চীনে নিজৰ বুলি দাবী কৰা আৰু লাডাখ অঞ্চলত আৰম্ভ কৰা ব্যাপক নিৰ্মাণ আঁচনিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়া কৰিছে। আনহাতে, ব্রহ্মপুত্রক ভেটি চীনে নির্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধসমূহে ভাৰতৰ উত্তৰ-পূব তথা বাংলাদেশৰ জলৰাশিত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকায়ো দুয়োখন দেশৰ সম্পৰ্ক আৰু বেছি বেয়া কৰিছে।

8.  এছিয়ানৰ ২০২০ লক্ষ্য কি কি লিখা।

উত্তৰঃ- ১৯৬৭ চনত জন্মলাভ কৰা এছিয়ান বৰ্তমান বিশ্বৰ এক শক্তিশালী সংগঠন। দক্ষিণ পূব এছিয়াৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক লৈ গঠন হোৱা এছিয়ান বর্তমান সময়ত উন্নত আৰু ধনী দেশসমূহৰ এটা সংস্থা। তলত ASEAN- ২০২০ৰ লক্ষ্যসমূহ উল্লেখ কৰা হ'ল- 

(১) ২০২০ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ শান্তি স্বাধীনতা আৰু নিৰপেক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হ'ব। 

(২) ২০২০ চনৰ ভিতৰত দক্ষিণ পূব এছিয়াৰ দেশসমূহক শান্তিৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হয়, য'ত সংঘাতসমূহ সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰা হ'ব।

(৩) ২০২০ চনৰ ভিতৰত ASEANৰ দেশসমূহৰ প্ৰাকৃতিক সম্পদসমূহক ইয়াৰ জনসাধাৰণৰ কল্যাণৰ অর্থে সম্পূর্ণ ৰূপে ব্যৱহাৰ কৰা হ'ব। 

(৪) ASEANক দ্বায়িত্বশীল আৰু গতিশীল সংগঠন হিচাপে গঢ় দিয়াৰ বাবে ২০২০ৰ ভিতৰত আৰু প্ৰচেষ্টা কৰা হ'ব।

২০২০ চনৰ ভিতৰত ASEANৰ উপাদানসমূহ হ'ল— 

(ক) শান্তি সহযোগিতা। 

(খ) গণতন্ত্র। 

(গ) সম্পদৰ উপৰযুক্ত ব্যৱহাৰ 

(ঘ) আঞ্চলিক সহযোগিতা আৰু বিশ্বশান্তি। 


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »