-->

বল্‌ বল্‌ বল্‌ । Bol bol bol-বিষ্ণুপ্ৰসাদ ৰাভা

 বল্‌ বল্‌ বল্‌ । Bol bol bol-বিষ্ণুপ্ৰসাদ ৰাভা


বল্‌ বল্‌ বল্‌ বল্‌
কৃষক শক্তিৰ দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাও বল।
জাগ্‌ জাগ্‌ জাগ্‌ জাগ্‌
মজদুৰ ন জোৱান।
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান।
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল।
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ বল।
কিহৰ নো ভয়, আছে অভয়
বাণী দেৱতাৰ।
শতৰূ সউ চৌপাশে ৰয়
ধনী জমীদাৰ।
শোহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ।
ধ্বংস কৰ্‌, ধ্বংস কৰ্‌
ধনীৰ অহংকাৰ।।
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল।
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব’ল্‌।।
তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান।
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান।
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল, কাচি, হাতুৰী দাৰ
যাদুকৰী ফল।।
তোৰ বাহুতেই আছে লুকাই
অসীম শক্তি বল।
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব’ল্‌।।



2. ধ্বংস কৰ ধ্বংস কৰ । Dhboxo kor dhboxo kor


ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহংকাৰ।
দয়া মায়া নকৰিব
ক্ষমাৰ দিন যে গ’ল
হাল, কোঁৰ, দা, হাতুৰী লৈ
ৰণলৈ যাও ব’ল।।
তই খুৱাব বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল, কাঁচি, হাতুৰী, দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে আগবাঢ়ি যাওঁ।



3. সুৰৰে দেউলৰে । xurore deulore


সুৰৰে দেউলৰে
ৰূপৰে শিকলী
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱাৰী
পূজাৰী অ’
সুন্দৰ পূজাৰী।

জাউতি যুগীয়া
বৰগীত অসমীয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি
—পূজাৰী অ’
সুন্দৰ পূজাৰী।

তোৰে পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মুৰতি
উঠি ভাহে ফুৰে উৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী।

থাপনা থাপিলি
প্ৰতিমা বহালি
পূজাও কৰিলি
সুৰৰে মূৰতি গঢ়ি
পূজাৰী অ’
সুন্দৰ পূজাৰী।

শঙ্খ বজোৱা
বৰকাঁহ বজোৱা
আৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে
আদৰি।
পূজাৰী অ’
সুন্দৰ পূজাৰী।

 

Previous
Next Post »