-->

সমাজ আৰু সামাজিক বৈশিষ্ট্য

 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
1) (ক) তাবাকাত্‍-ই-নাচিৰীৰ লেখক কোন?
উত্তৰঃ- মিন্‌হাজউদ্দিন ছিৰাজ

(খ) কোনবোৰ পথেৰে মংগোলীয় সকলে কামৰূপত প্ৰবেশ কৰিছিল?
উত্তৰঃ- পাটকাই পৰ্বতৰ গিৰিপথেৰে মংগোলীয় সকলে কামৰূপত প্ৰবেশ কৰিছিল।

(গ) পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ- ১৬০৯ খ্ৰীঃ পোন প্ৰথমে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই।

(ঘ) পাইকৰ ভাগ দুটা কি কি?
উত্তৰঃ- কাঁড়ী আৰু চমুৱা

2. উত্তৰ-পূৰ্বঞ্চলত সংঘটিত হোৱা জন প্ৰব্ৰজনৰ এক সম্যক দিয়া।
উত্তৰঃ- অসমত জাতি-জনজাতিসমূহলৈ লক্ষ্য কৰিলেই অনুমান কৰিব পাৰি যে অতি প্ৰাচীন কালৰে পৰাই এই ভূ-খণ্ডত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। ভৌগোলিকভাৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলটোৱেই এক গুৰুত্বপূৰ্ণ জন-প্ৰব্ৰজনৰ পথত অৱস্থিত। গতিকে দক্ষিণ-পূব এছিয়া, দক্ষিণৰ সাগৰীয়া ঠাইসমূহ আৰু ভাৰতৰ অন্যান্য ঠাইৰ পৰা যুগে যুগে ইয়ালৈ জন-প্ৰব্ৰজন হৈ আহিছে। সম্ভৱতঃ তিনি বা চাৰিটামান প্ৰৱেশ পথেদি এনে জন-প্ৰব্ৰজন সম্ভৱ হৈছিল বুলি অনুমান কৰা হয়। উত্তৰৰ পৰ্বতমালাৰ মাজত থকা গিৰিপথসমূহেদি তিব্বত, নেপাল, ভূটান আৰু চীন দেশৰ লগত অতীত কালৰপৰাই এই অঞ্চলৰ যোগাযোগ থকাৰ প্ৰমাণ পোৱা যায়। মিন্‌হাউজদ্দিন ছিৰাজৰ 'তাবাকাত্‍-ই-নাছিৰী' গ্ৰন্থত চুবুৰীয়া দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ যোগাযোগ ৰাখিব পৰা ৩৫ টা গিৰিপথ থকাৰ উল্লেখ পোৱা যায়। আকৌ অসম আৰু ব্ৰহ্মদেশৰ মাজৰ পৰ্বতৰাশিৰ মাজেদিও, বিশেষকৈ পাটকাই পৰ্বতৰ গিৰিপথেদি উত্তৰ-পূৰ্বাঞ্চলৰ লগত ব্ৰহ্মদেশৰ যোগাযোগ আছিল। এই গিৰিপথবিলাকেদিই মংগোলীয় জনগোষ্টীৰ তিব্বত-বৰ্মী লোকসকলৰ প্ৰব্ৰজন হৈছিল।
        দ্বিতীয় বিধ আছিল ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাইদি। এই দুই নদীৰ জলৰাশিয়ে যুগ যুগ ধৰি ভাৰতৰ অন্যান্য ঠাইৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ ৰক্ষা কৰি আহিছে। এই পথেৰেই আৰ্ষ-ভাষীসকলৰ অসমত প্ৰৱেশ ঘটিছিল। তৃতীয় পথটো সাগৰীয় পথ। দক্ষিণ-পূব এছিয়াৰ দেশসমূহ, দক্ষিণ ভাৰত আৰু সাগৰীয় স্থলভাগৰ পৰা বহু লোক বংগোপসাগৰেদি আহি এই অঞ্চলত প্ৰৱেশ কৰিছিল। এই পথেৰে প্ৰধানকৈ দ্ৰাবিড় আৰু নেগ্ৰিট' লোকসকলৰ প্ৰব্ৰজন ঘটিছিল।

3. জাতি গঠন প্ৰক্ৰিয়াত মংগলীয়সকলৰ অৱদান সম্পৰ্কে এক টোকা প্ৰস্তুত কৰা।
উত্তৰঃ- লোক-সংস্কৃতি আৰু নৃতাত্ত্বিক সমলৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ অধিক সংখ্যক লোকেই মংগোলীয় গোষ্ঠীয় ইন্দো-চীন ফৈদৰ তিব্বত-বৰ্মী শাখা লোক। উত্তৰ-পশ্চিম চীনৰ হোৱাংহো উপত্যকা আৰু ইয়াংচিকিয়াং নদীৰ উজনি অঞ্চলেই এই লোকসকলৰ পূৰ্বৰ বাসস্থান আছিল। খাচিয়া-জয়ন্তীয়াসকলৰ পাহাৰীয়া বাসস্থান অঞ্চলক বাদ দি অসমৰ বৰ্তমান কাষৰীয়া পাৰ্বত্য এলেকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিকাংশ ঠাই এই মংগোলীয় গোষ্ঠীৰ লোকসকলেৰে এসময়ত ভৰি পৰিছিল। বড়ো, কোচ, কছাৰী, মৰাণ, মটক, চুতীয়া, বৰাহী, ৰাভা, মেচ, টিৱা, হাজং, মিচিং, আদি, আপাতানি আদি এই গোষ্ঠীৰ লোক। খ্ৰীঃ ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত প্ৰব্ৰজন কৰা অসমৰ আহোমসকলে এই ইন্দো-চীনসকলৰে বংশধৰ। তদুপৰি খাম্‌তি, ফাকিয়াল, আইতনীয়া, খামজাং লোকসকলো মংগোলীয় গোষ্ঠীৰে লোক। অসমৰ আদিমতম থলুৱা লোকসকল এই মংগোলীয় প্ৰজাতিৰেই বুলি অনুমান হয়।
        মংগোলীয়সকলক দুটা বহল ভাগত ভগাব পাৰি- উত্তৰ অসমৰ ভাগ আৰু অসম-ব্ৰহ্মভাগ। বৰ্তমান অৰুণাচল প্ৰদেশৰ আদি, নিচি, আপাতানি, মিচিং, মিচিমি আদি জনজাতিৰ লোকসকলক উত্তৰ অসম ভাগত ধৰিব পাৰি। দ্বিতীয় ভাগত নগাসকলৰ আও, আংগামি, চেমা, ৰেংমা, লোথা আদিৰ উপৰি বড়োসকলক ধৰিব পাৰি। বড়োসকলৰ অন্তৰ্গত বহুত জনজাতি আছে। এসময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু পাহাৰীয়া অঞ্চলসমূহত এই লোকসকল সিঁচৰিত হৈ আছিল।

4. কামৰূপলৈ ভাৰতীয় সংস্কৃতিৰ আগমনে কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।
উত্তৰঃ-প্ৰব্ৰজনকাৰী গোষ্ঠীসমূহৰ ভিতৰত 'আৰ্য' বুলি কোৱা লোকসকলেই আটাইতকৈ শেষত অহা লোক। আৰ্যভাষী ব্ৰাহ্মণসকলৰ আগমনৰ লগে লগে সীমিতভাৱে হ'লেও অসমৰ থলুৱা সংস্কৃতিৰ এক ধাৰাবাহিক পৰিৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। জনজাতীয় গোষ্ঠীসমূহে নিজ-নিজ এলেকাত নিজস্ব আচাৰ-অনুষ্ঠানৰ মাজেৰে শক্তিশালী হৈ উঠাৰ লগে লগে আৰ্য গোষ্ঠীপ্ৰসূত ব্ৰাহ্মণসকলে অনাৰ্য মুখিয়ালসকলক হিন্দু ধৰ্মত দীক্ষিত কৰি বহু ক্ষেত্ৰত 'সংস্কৃত' কৰে। ইয়াৰ ফলস্বৰূপে ব্ৰাহ্মণ পুৰোহিত শ্ৰেণী আৰু এইসকল জনজাতীয় লোকৰ মাজত একপ্ৰকাৰ অবিচ্ছেদ্য সম্পৰ্ক এটাও স্থাপন হৈছিল। নিজৰ অৰ্থনৈতিক শক্তি আৰু এই বুদ্ধিমান পুৰোহিত শ্ৰেণীটোৰ সহায়ত এইদৰেই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথম ৰাজ্য প্ৰতিষ্ঠা হয় আৰু আৰ্য ৰাজতন্ত্ৰৰ নীতি অনুসৰি অনাৰ্য ৰজাক 'আৰ্যকৃত ক্ষত্ৰিয়' কৰি এক দৈৱিক সূত্ৰৰ লগত তেওঁলোকক সংযুক্ত কৰা হয়। ইয়াৰ ফলত ৰজা আৰু তেওঁৰ বংশধৰসকল হিন্দুৰ দেৱ-দেৱীৰ লগত জড়িত হোৱাৰ লগে লগে তেওঁলোক হিন্দু বুলিও নিজৰ পৰিচয় দিব পৰা হয়।
        নতুন ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ লগে লগে সমাজত দুটা প্ৰবল শক্তিৰ উদয় হৈছিল- (ক) বৰ্ণাশ্ৰম প্ৰথা আৰু (খ) মানুহৰ মাজৰ শ্ৰেণী বিভাজন। শাসক জনজাতিসকলক হিন্দু ধৰ্মত দীক্ষিত কৰাৰ লগে লগে এই ধৰ্মৰ নীতি অনুসৰি তেওঁলোক একো একোটা জাতিত (Caste) পৰিণত হৈছিল আৰু সেই জাতিসমূহ সদায় শূদ্ৰবৰ্ণৰ অন্তৰ্ভুক্ত হৈছিল। লগে লগে সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই নতুনকৈ স্থান সৃষ্টি হৈছিল। সংস্কৃতকৰণৰ শীৰ্ষত উঠাসকল উচ্চ আৰু প্ৰাথমিক স্তৰত থকাসকল নিম্ন স্থানত থাকিব লগা হৈছিল। কিন্তু সেইবুলি তেওঁলোকৰ বৰ্ণৰ পৰিৱৰ্তন হোৱা নাছিল। নদ-নদী ঠাই আদি সকলোবোৰৰে জনজাতীয় নামৰ পৰিৱৰ্তন
ঘটাই সংস্কৃত নাম দিয়া হৈছিল।

5. পাইক ব্যৱস্থা কি মধ্যযুগৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত এই সংগঠনৰ আৱশ্যকীয়তা কেনে আছিল লিখা।
উত্তৰঃ-১৬০৯ খ্ৰীঃত পোনপ্ৰথমে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰে। এই প্ৰথাত ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ সকলো কৰ্মঠ মুনিহ প্ৰজাকে পাইক বুলি কোৱা হৈছিল আৰু পাল পাতি পাতি প্ৰতিজন পাইকে বছৰত তিনি মাহকে ৰাজ্যৰ বাবে অৰ্থাত্‍ ৰজাৰ হৈ কাম কৰি দিব লাগিছিল। এই নিয়মকে পাইক প্ৰথা বুলি কোৱা হৈছিল।
        পাইক প্ৰথাৰ মাধ্যমেৰে কৃষক-কাৰিকৰ শ্ৰেণীক শোষণ কৰিবলে সুবিধা হৈছিল। ব্যক্তি স্বাধীনতা হেৰুৱাই বাধ্য-বাধক নিয়ম-নীতিৰ মাজত অহৰহ গা খাটনি দি থাকিব লগা হোৱাত বিশেষকৈ বাধ্য হৈ যুদ্ধৰ সৈনিক হ'ব লগা হোৱাত পাইকসলকৰ মনত সময়ত পলায়নবাদী মনোভাৱ এটাই গঢ় লৈ উঠিছিল। ফলস্বৰূপে শান্তি আৰু যুদ্ধ সকলো সময়তে নিয়মিতভাৱে গা-খাটি দিয়াতকৈ বহুতে বিষয়াসকলৰ ঘৰত লগুৱা, লিকচৌ হিচাপে আৰু মন্দিৰত ভকত বা 'দেৱলীয়া' পাইক হিচাপে থাকিবলৈহে আহিছিল। গতিকে দেখা যায় যে পাইক প্ৰথাৰ মূল ভেটি আছিল সমসাময়িক অসমীয়া সমাজৰ স্ব-নিৰ্ভৰশীলতা। য'ত কোনো বাণিজ্যিক সম্পৰ্কৰ অবিহনেই ৰাজ্যৰ অৰ্থনীতি বিনিময় প্ৰথাৰ মাধ্যমেদি পৰিচালিত হৈছিল। সমাজত আকালো নাছিল, ভঁৰালো নাছিল। মুঠৰ ওপৰত উদ্ধৃত্ত শূন্য কৃষি উত্‍পাদন ব্যৱস্থাক পাইক প্ৰথাই প্ৰতিনিধিত্ব কৰিছিল।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ- Additional Questions' Answers
6. 'সাতঘৰীয়া আহোম' বুলিলে কাক বুজায়? 'সাতঘৰীয়া আহোম' অন্তৰ্গত ঘৰবোৰ কি কি?
উত্তৰঃ- 'সাতঘৰীয়া আহোম' বুলিলে সাতোটা সভ্ৰান্তবংশীয় আহোম পৰিয়ালক সূচায়। সেইসকল হ'ল- ৰজা ঘৰৰ পৰিয়াল, বুঢ়া-গোহাঁইৰ পৰিয়াল, বৰহোহাঁইৰ পৰিয়াল, দেওধাই, মহন, বাইলুং আৰু চিৰিং পৰিয়াল। কোনো কোনোৰ মতে পিছৰ চাৰিটা পৰিয়াল হ'ল লাইন, সন্দিকৈ, দিহিঙীয়া আৰু দুৱৰা পৰিয়ালহে।

7. James C Scott কোন আছিল?
উত্তৰঃ- James C Scott এগৰাকী বিশিষ্ট নৃতত্ত্ববিধ আছিল।

8. ব্ৰহ্মদেশক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰঃ- ম্যানমাৰ

9. খাচি চিন্তেংসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ- অষ্ট'এছিয়াটিক গোষ্ঠীৰ।

10. নগাসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ- নেগ্ৰিট' গোষ্ঠীৰ

11. আহোমসকল কেতিয়া অসমলৈ প্ৰব্ৰজন কৰিছিল?
উত্তৰঃ- খ্ৰীঃ ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত।

12.  তাৰাকাত্‍-ই-নাছিৰী গ্ৰন্থত কামৰূপ, দৰং, গোৱালপাৰা আৰু উত্তৰ বংগৰ লগত দক্ষিণ-পূৰ এছিয়াৰ দেশসমূহৰ যোগাযোগ ৰাখিব পৰা কিমানটা গিৰিপথ থকাৰ উল্লেখ পোৱা যায়?
উত্তৰঃ- ৩৫ টা গিৰিপথ।

13. একোটা খেলত কিমান সংখ্যক পাইক আছিল?
উত্তৰঃ- একোটা খেলত ১০০০-৩০০০ লৈকে পাইক আছিল।

14. সৰু খেলবিলাক কাৰ অধীনত ৰখা হৈছিল?
উত্তৰঃ- সৰু খেলবিলাস 'ৰাজখোৱা' বা 'বৰুৱা'ৰ অধীনত ৰখা হৈছিল।

15. কোনে, কেতিয়া কোঁচ ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণি কালত অনুঃ ১৫১৫ খ্ৰীঃত কোঁচসকলৰ যুৱনেতা বিশু ওৰফে বিশ্বসিংহই কোঁচ ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল।

16. চমুৱা পাইক আৰু কাঁড়ী পাইকসকল কোন কোন আছিল?
উত্তৰঃ- যিসকল পাইকে বাধ্যতামূলক গা-খাটনিৰপৰা অব্যাহতি পাইছিল আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে ৰজাৰ ঘৰত কিছু কৰ শোধাব লগা হৈছিল সিহঁতক চামুৱা পাই বোলা হৈছিল।
    বাধ্যতামূলক গা-খাটনিৰপৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্ৰজাক কাঁড়ী পাইক কোৱা হৈছিল।

17. কোন দুটা নদীৰ জলৰাশিয়ে যুগ যুগ ধৰি ভাৰতৰ অন্যান্য ঠাইৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ ৰক্ষা কৰি আহিছে?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ জলৰাশিয়ে যুগ যুগ ধৰি ভাৰতৰ অন্যান্য ঠাইৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ ৰক্ষা কৰি আহিছে।   

18. কোনো কোনো বস্তুবাদী ঐতিহাসিকে কি কাৰণে পাইক প্ৰথাটোক দাস প্ৰথা আৰু পাইকসকলক দাস শ্ৰমিক বুলি ক'ব বিচাৰে?
উত্তৰঃ- কোনো কোনো বস্তুবাদী ঐতিহাসিকে পাইক প্ৰথাটোক দাস প্ৰথা আৰু পাইকসকলক সাংগঠনিক ভিত্তিত পোৱা দাস শ্ৰমিক বুলি ক'ব বিচাৰে।

19. নেগ্ৰিটসকলৰ সংস্কৃতিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- তিনিজন পাইকৰ গোটবোৰৰ প্ৰথমজন পাইকক 'মূল', দ্বিতীয়জনক 'দেৱাল' আৰু তৃতীয়জনক 'তেৱাল' বুলি কোৱা হৈছিল।

20. প্রতি ১০০ জন, ১০০০ জন আৰু ৬০০০ জন পাইকৰ ওপৰত থকা বিষয়াসকলক কি কি নামেৰে জনা যায়?
উত্তৰঃ- প্ৰতি ১০০ জন পাইকৰ ওপৰত এজন শইকীয়া,
প্ৰতি ১০০০ জন পাইকৰ ওপৰত এজন হাজৰিকা আৰু
প্ৰতি ৬০০০ জন পাইকৰ ওপৰত এজন ফুকন আছিল।

21. মুছলমানসকল অসমলৈ অহাৰ তিনিটা কাৰণ দৰ্শোৱা।
উত্তৰঃ-মুছলমানসকল অসমলৈ অহাৰ তিনিটা কাৰণ হ'ল-
(ক) ৰজাৰ আমন্ত্ৰণ
(খ) যুদ্ধবন্দিত্ব
(গ) শিল্প-সাধনা আৰু প্ৰশাসণীয় কৰ্মত নিয়োজন।

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyayan.
Previous
Next Post »