-->

ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ

 

ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ


১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
(ক) বর্মন বংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ- পুষ্যবর্মন।

(খ) বর্মন বংশীয় কোনজন ৰজাৰ হর্ষবর্ধনৰ লগত মিত্ৰতা আছিল?
উত্তৰঃ- বৰ্মন বংশৰ শেষ ৰজাকুমাৰ ভাস্কৰ বৰ্মনৰ হর্ষবর্ধনৰ লগত মিত্রতা আছিল।

(গ) হিউৱেনচাং কাৰ দিনত কামৰূপলৈ আহিছিল?
উত্তৰঃ- কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত।

(ঘ) অসমীয়া ভাষালৈ পোন প্রথমতে ৰামায়ণ কোনে অনুবাদ কৰিছিল?
উত্তৰঃ- মাধৱ কন্দলীয়ে।

(ঙ) আহোমসকল কোন জাতিৰ অন্তৰ্গত?
উত্তৰঃ- আহোমসকল টাই জাতিৰ অন্তৰ্গত।

2. প্রাচীন অসমৰ ভৌগোলিক পৰিসীমা সম্পর্কে এটা টোকা যুগুতোৱা।
উত্তৰঃ- প্রাচীন অসমৰ ভৌগোলিক আয়তন বা মাটিকালি আছিল ২,৫৫,০৮৩ বর্গ কিলোমিটাৰ। এই ভূ-ভাগে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ৭.৭ শতাংশ ঠাই আৱৰি আছিল। প্রাচীন অসমৰ অর্থাৎ কামৰূপ প্ৰাগজ্যোতিষৰ পৰিসীমা বিভিন্ন সময়ত অপৰিৱৰ্তিত নাছিল আৰু সেইবাবে এই ভৌগোলিক পৰিসীমাই বহু শতিকা জুৰি একেলেথাৰিয়ে বিশেষ স্থায়িত্বও লাভ কৰিব পৰা নাছিল। তথাপি কামৰূপ ৰাজ্যখনৰ উত্থানৰ বিশেষ শীর্ষতম পর্যায়ত ইয়াৰ উত্তৰে পাহাৰীয়া অঞ্চলৰ নামনি ভাগ আৰু ভূটানৰ কিছু অংশ কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত সোমাইছিল আৰু দক্ষিণ-পশ্চিমফালে বর্তমান বাংলাদেশৰ কিছু অঞ্চল পর্যন্ত ইয়াৰ সম্প্ৰসাৰণ হৈছিল। খ্রীঃ ১ম-২য় শতিকা মানৰপৰা ৰাজ্যখনৰ পশ্চিম সীমা কৰতোয়া নদীতেই অন্ত পৰিছিল যেন অনুমান হয়।

3. প্রাচীন কামৰূপৰ ৰাজনৈতিক উত্থান-পতনৰ ৰাজবংশসমূহৰ কার্যকাৰিতা বর্ণনা কৰা।
উত্তৰঃ- চতুর্থ শতিকাৰ মজভাগৰ পৰা খ্রীঃ ত্রয়োদশ শতিকাৰ আৰম্ভণিলৈ প্রায় এহেজাৰ বছৰ কাল কামৰূপ ৰাজ্যখন তিষ্ঠি আছিল। সেই সময়ছোৱাৰ ভিতৰত ইয়াত তিনিটা প্রধান ৰাজবংশই ৰাজত্ব কৰিছিল। আনুমানিক খ্রীঃ ৪র্থ শতিকাৰ মাজভাগত প্রতিষ্ঠা হোৱা বৰ্মন বংশৰ প্রতিষ্ঠাতা আছিল পুষ্য বর্মন। তেওঁৰ বংশত মুঠ তেৰজন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। বর্মন বংশীয় ৰজাসকলৰ ভিতৰত অতি বিখ্যাত আছিল শেষৰজন ৰজা কুমাৰ ভাস্কৰ বৰ্মন (অনুঃ ৫৯৪-৬৫০ খ্রীঃ)। এওঁলোকৰ দিনত ৰাজ্যখনৰ দক্ষিণ আৰু পশ্চিম সীমাৰ সম্প্ৰসাৰণ হৈছিল। উত্তৰ-পূব আৰু দক্ষিণ পূব বংগৰ বহুতো অঞ্চল। কামৰূপ ৰাজ্যৰ ভিতৰত সোমাইছিল।
        খ্রীঃ সপ্তম শতিকাৰ মাজভাগত বর্মন বংশৰ ৰাজত্বৰ অন্ত পৰে। বর্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত তেওঁ কোনো প্রত্যক্ষ উত্তৰাধিকাৰী নথকাত শালস্তম্ভ নামৰ এজন ক্ষমতাশালী প্রাদেশিক শাসনকর্তাই ৰাজসিংহাসন হস্তগত কৰে। শালস্তম্ভ বংশৰ শেষ ৰজা আছিল ত্যাগসিংহ। তেওঁৰ কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হোৱাত ৰাজধানীৰ বিষয়াবর্গ একত্রিত হৈ ব্ৰহ্মপাল নামৰ তেওঁৰ এজন সম্পর্কীয় লোকক সিংহাসনত বহুৱায় (আনুমানিক দশম শতিকাৰ শেষৰফালে)। পাল বংশত মুঠতে আঠজন ৰজাই ৰাজত্ব কৰিছিল। সেইসকলৰ ভিতৰত ব্রহ্মপালৰ পুত্ৰ ৰত্নপালৰ সময়ত (অনুঃ ১০১০-১০৮০ খ্রীঃ) শ্রীদুর্জয়া নামৰ ঠাইত নতুনকৈ ৰাজধানী পাতি ৰত্নপালে ইয়াত নানান কাৰুকার্যখচিত অট্টালিকা নির্মাণ কৰিছিল বুলি উল্লেখ আছে।
        পাল ৰজাসকলৰ ভিতৰত শেষৰফালে ৰাজত্ব কৰা ধর্মপাল (অনুঃ ১০৯৫-১০২০ খ্রীঃ) এজন পণ্ডিত, কবি ৰজা আছিল। তেওঁলোকৰ দিনত সাহিত্য-সংস্কৃতিৰো বিকাশ ঘটিছিল। ধর্মপালৰ পিছৰে পৰা প্রাচীন কামৰূপ ৰাজ্যখনৰ অৱনতি ঘটে।

4. মধ্যযুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল? ব্রহ্মপুত্র উপত্যকাত আহোম ৰাজতন্ত্র প্রতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা।
উত্তৰঃ- কামৰূপ ৰাজ্যখনৰ পতনৰ সময়ত সমগ্র ব্রহ্মপুত্র উপত্যকা ৰাজনৈতিকভাৱে বিভাজিত হৈ পৰিছিল। সুদূৰ পশ্চিমে গঢ়ি উঠা কমতা ৰাজ্যখনো শেষ পর্যায়ত ছিন্ন-ভিন্ন হৈ পৰিছিল, আৰু সেই অৱস্থাৰ সুবিধা লৈ কোঁচসকলক নেতৃত্ব দি ডেকাবীৰ বিশ্বসিংহই। কোঁচৰাজ্য এখন স্থাপন কৰিছিল। তদুপৰি, প্রাচীন কামৰূপ ৰাজ্যখনৰপৰাই উপজীব্য সংগ্রহ কৰি জমিদাৰ শ্ৰেণীৰ ভূঞাসকলে অ'ত-ত'ত সিঁচৰতি হৈ স্বাধীনভাৱে নিজৰ নিজৰ এলেকাবোৰত শাসন কৰিবলৈ লৈছিল। ইফালে উপত্যকাটোৰ দক্ষিণপাৰে বর্তমান গোলাঘাটৰ পৰা নগাঁৱলৈ এই বিস্তীর্ণ অঞ্চলটোত কছাৰীসকলে ৰাজ্য পাতি লৈছিল। সময়াময়িকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একেবাৰে উত্তৰ-পূব আৰু পূর্ব অংশত ৰাজ্য পাতি লৈছিল চুতীয়াসকলে।
    খ্রীঃ এয়োদশ শতিকাৰ প্ৰথম ভাগত মৰাণ বৰাহীসকলৰ অধ্যুষিত দক্ষিণ-পূব অঞ্চলত আহোম ৰাজ্যখনৰ ভেটি প্রতিষ্ঠা হৈছিল। বহু বিভাজিত ৰাজনৈতিক পৰিস্থিতিৰ অন্ত পেলাই আহোম ৰাজ্যখন ১৭ শতিকাৰ ভিতৰত সর্বব্যাপী সার্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিল।

অতিৰিক্ত প্ৰশ্নোত্তৰ । Additional Questions' answers
5) 'অসম' নামটো কেতিয়াৰপৰা আৰম্ভ হয়?
উত্তৰঃ- খ্রীঃ ১৫-১৬ শতিকামানৰ পৰা।

6) অসমীয়া সাহিত্যত 'অসম' নামটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ- মহাপুৰুষ শংকৰদেৱে।

7) 'কামৰূ' বা 'কামৰূত' শব্দৰ অর্থ কি?
উত্তৰঃ- যাদু বা প্রেতাত্মক আহ্বান কৰা বিদ্যা।

8) কিমান খ্ৰীষ্টাব্দৰ পৰা কামৰূপ নামটোৰ প্ৰচলন হয়?
উত্তৰঃ- খ্রীঃ চতুর্থ শতিকাৰ পিছৰপৰা।

9) কামৰূপ নামটো প্রথম ক'ত উল্লেখ কৰা দেখা যায়?
উত্তৰঃ- গুপ্তসম্ৰাত সমুদ্রগুপ্তৰ (খ্রীঃ ৩৫০-৩৭৫) এলাহাবাদ বিখ্যাত স্তম্ভলিপিত কামৰূপ নামটো প্রথম উল্লেখ কৰা দেখা যায়।

10) শদিয়া বা কুণ্ডিল ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
উত্তৰ:- শদিয়াত।

11) ড° বাণীকান্ত কাকতিৰ মতে, কামৰূপ শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰঃ- ড° বাণীকান্ত কাকতিৰ মতে, কামৰূপ শব্দটো মূল চান্থালী 'কামৰূ' বা 'কামৰূত'ৰ পৰা আহিছে।
 
12) ড° বাণীকান্ত কাকতিৰ মতে, প্রাগজ্যোতিষ নামটোৰ উৎস মূলতঃ কি ভাষাৰ?
উত্তৰঃ- অষ্ট্রিক ভাষাৰ।

13) ড° বাণীকান্ত কাকতিৰ মতে, কামৰূপ' শব্দটো কোন মূলৰ?
উত্তৰঃ- চান্থালী মূলৰ।

14) অসম ৰাজ্যৰ ভৌগোলিক আয়তন বা পৰিসীমা কিমান?
উত্তৰঃ- প্রায় ৭৮,৪২৩ বর্গ কিঃমিঃ।

15) কোনখন সংস্কৃত গ্রন্থত কামৰূপ নামটোৰ প্রথম ব্যৱহাৰ হোৱা দেখা যায়?
উত্তৰঃ- কালিদাসৰ 'ৰঘুবংশ' নামৰ গ্ৰন্থত। 

16. 'প্রাগজ্যোতিষ' আৰু 'কামৰূপ' নাম দুটাৰ উৎপত্তি সম্পর্কে কি জানা?  HS-2019
উত্তৰঃ- 'প্রাগজ্যোতিষ' আৰু 'কামৰূপ' নাম দুটাৰ উৎপত্তি উত্‍স বেলেগ বেলেগ। প্রাচীন সংস্কৃত শাস্ত্ৰত উল্লেখ কৰা কিংবদন্তিমতে প্রাগজ্যোতিষ আছিল জ্যোতিষচর্চা আৰু সূর্যপূজাৰ দেশ। পিছে ড° বাণীকান্ত কাকতিৰ মতে, প্রাগজ্যোতিষ নামটোৰ উৎস মূলতঃ অষ্ট্রিক ভাষাৰ; আৰু তাকে সংস্কৃতৰ ৰূপ দিহে শাস্ত্ৰকাৰসকলে তাক প্ৰাগজ্যোতিষ কৰিছে।
    প্রাচীন ফলি আৰু সাহিত্যসমূহত 'প্রাগজ্যোতিষ' নামটো 'লৌহিত্য' (লোহিত, লুইত) বা ব্ৰহ্মপুত্ৰৰে একে কৰিও কোনো কোনো তথ্যত দেখুওৱা হৈছিল। আনকি বহু সময়ত 'লৌহিত্য' শব্দৰে প্ৰাগজ্যোতিষ ৰাজ্যৰ ভৌগোলিক অঞ্চলখিনিকো বুজোৱা হৈছিল। তদুপৰি, প্ৰাগজ্যোতিষ নামৰ লগত 'কামৰূপ' নামটোও ব্যৱহাৰ কৰি দুয়োটা নামকে প্ৰায় একাকাৰ কৰা হৈছিল।
    প্ৰাচীন সংস্কৃত শাস্ত্ৰত উল্লেখ কৰা কিংবদন্তিমতে প্ৰাগজ্যোতিষ আছিল জ্যোতিষচৰ্চা আৰু সূৰ্যপূজাৰ দেশ। পিছে ড° বাণীকান্ত কাকতিৰ মতে কামৰূপ শব্দটো মূল চান্থালী 'কামৰূ' বা 'কামৰূপ'ৰ পৰা আহিছে। ইয়াৰ অৰ্থ যাদু বা প্রেতাত্মাক আহ্বান কৰা বিদ্যা। কামৰূপ নামটোৰ উৎপত্তিৰ বিষয়েও প্রাচীন সংস্কৃত শাস্ত্ৰত-এটা কিংবদন্তি আছে। সেই কিংবদন্তি মতে, শিৱৰ দাৱানলত পতিত হৈ হিন্দুৰ প্ৰেমৰ কামদেৱ মৃত্যুমুখত পৰে। সেই কাৰণে প্রাচীন প্রাগজ্যোতিষপুৰ ৰাজ্যৰ নাম কামৰূপ হয়। কালিকা পুৰাণৰ উল্লেখমতে প্রাগজ্যোতিষত নৰকাসুৰ ৰজা হোৱাৰ পিছতেই ৰাজ্যখনৰ নাম কামৰূপ হয়।
    খ্রীঃ চতুর্থ শতিকামানৰ পিছৰ পৰা কামৰূপ নামটোৰ প্রচলন হয়। এতিয়ালৈকে প্রতিষ্ঠিত হোৱা তথ্যসমূহৰ ভিতৰত গুপ্তসম্রাট সমুদ্রগুপ্তৰ (খ্ৰীঃ ৩৫০-৩৭৫) এলাহবাদ বিখ্যাত স্তম্ভ লিপিত কামৰূপ নামটো প্রথম উল্লেখ কৰা দেখা যায়। সেই সময়ত সংস্কৃত সাহিত্যৰাজিৰ ভিতৰত কালিদাসৰ 'ৰঘুবংশ' নামৰ গ্ৰন্থতো কামৰূপ নামটোৰ প্রথম ব্যৱহাৰ হোৱা দেখা যায়।

17. চুকাফাই কিদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য প্রতিষ্ঠা কৰিছিল?  HS-2019
উত্তৰঃ- আহোমসকল টাই জাতিৰ অন্তৰ্গত শ্বানসকলৰ বংশধৰ আছিল। অনুঃ ১২১৫ খ্রীষ্টাব্দত সিংহাসন লাভৰ পৰা বঞ্চিত হৈ চুকাফাই মাওলুং ৰাজ্য এৰি পৰিয়ালবৰ্গ আৰু কিছু সংখ্যক অনুগামীক লৈ অসমৰ ফাললৈ আগবাঢ়ে আৰু অসম-ব্ৰহ্মদেশৰ সীমাত থকা পাটকাই পর্বত পাৰ হৈ খ্রীষ্টাব্দ ১২২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়ে। চুকাফাৰ লগত অহা লোকৰ সংখ্যা আছিল বৰ কম; মহিলা প্ৰায় নাছিলেই। স্বাভাৱিকতে চুকাফাৰ যাত্রা আছিল নিতান্তই বিপদসংকুল। কিন্তু চুকাফাই মৰম আৰু বন্ধুত্বপূর্ণ ব্যৱহাৰৰ মাজেৰে মৰাণ-বৰাহী আদি লোকসকলক নিজৰ সমর্থক কৰি ল'বলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ কন্যা বিয়া কৰি সেই সকল লোকেৰে ঘৰুৱা সম্পর্ক গঢ়ি তুলিছিল। অৱশ্যে নগা আদি কোনো কোনো জনজাতিৰ ক্ষেত্ৰত চুকাফাই সামৰিক আৰু দমন নীতিও অৱলম্বন কৰিব লগা হৈছিল। এইদৰে সূদীর্ঘকাল যুঁজ-বাগৰ আৰু শান্তি-সম্প্রীতিৰ মাজেৰে পাৰ কৰি চুকাফাই খ্রীঃ ১২৫৩ চনত বর্তমান অভিভক্ত শিৱসাগৰ জিলাৰ দক্ষিণ-পূবে চৰাইদেউ পাহাৰত ৰাজধানী পাতি আহোম ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰে। চুকাফাৰ বংশধৰ শাসন একেলেথাৰিয়ে প্ৰায় ছশ বছৰ কাললৈ চলিছিল।

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyayan.
Previous
Next Post »