-->

বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য

 

1. (ক) 'বুৰঞ্জী' শব্দৰ অর্থ কি?  HS-2019
উত্তৰঃ- টাই ভাষাত বু' মানে মূখ বা অজ্ঞ, 'ৰণ' মানে শিক্ষা আৰু 'জী' মানে ভঁৰাল অর্থাৎ বুৰঞ্জী শব্দৰ অৰ্থ মূৰ্খ বা নজনা মানুহৰ শিক্ষাৰ ভঁৰাল।
(খ) দৰং ৰাজবংশাৱলীৰ প্রণেতা কোন?
উত্তৰঃ- সূর্যখৰি দৈবজ্ঞ।
(গ) হস্তীবিদ্যার্ণৱ কোনে ৰচনা কৰিছিল ?
উত্তৰঃ- সুকুমাৰ বৰকাইথে।
(ঘ) শংকৰাচাৰ্যই কোনটো বিশেষ মতবাদৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ- শংকৰাচাৰ্যই একত্ববাদৰ প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে পৰম ব্ৰহ্মই হ'ল সর্বময় কর্তা; সকলো দেৱ-দেৱীয়েই তেওঁৰ অধীন। তেওঁৰ মতে পৰম ব্ৰহ্ম বা ভগৱতপ্রাপ্তিৰ প্ৰধান উপায় হ'ল 'জ্ঞান'।
(ঙ) 'হস্তীবিদ্যাৰ্ণৱ' পুথিৰ চিত্র কোনে আঁকিছিল?
উত্তৰঃ- দিলবৰ আৰু দোছাই।

2) বুৰঞ্জী সাহিত্য কি? সমসাময়িক সমাজৰ অৱস্থা বুজাত ইয়াৰ প্রায়োগিকতা বর্ণনা কৰা। 

(অথবা) বুৰঞ্জীসমূহৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা। HS-2019
উত্তৰঃ- বুৰঞ্জী সাহিত্য হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্রমিক লিখিত বিৱৰণ। বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান আৰু ইয়াৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত।
    জন্ম-মৃত্যুৰ খবৰৰ পৰা আৰম্ভ কৰি দেশৰ সকলো আৱশ্যকীয় ঘটনা বুৰঞ্জীত সন্নিবিষ্ট কৰা হৈছিল। আহোম ৰাজত্বৰ শাসন নীতি, অর্থনৈতিক অৱস্থা, ৰাজনৈতিক অৱস্থা আদিৰ বিষয়ে জানিব পৰাৰ উপৰি চুবুৰীয়া কোঁচ, কছাৰী, চুতীয়া, জয়ন্তীয়া, ত্ৰিপুৰা আদি ৰাজ্যৰ ঐতিহাসিক বর্ণনাও এই বুৰঞ্জীবিলাকত সংকলিত হৈ আছে। ৰাজবংশাৱলীসমূহৰ পৰা সমসাময়িক চুবুৰীয়া ৰাজ্যসমূহৰ ৰাজনৈতিক অৱস্থা আৰু সমাজ-সংস্কৃতিৰ বিষয়েও বহু কথা জানিব পাৰি। ইয়াৰ উপৰি সত্ৰসমূহতো সত্ৰাধিকাৰসকলৰ বংশাৱলী লিখাৰ প্ৰথা আছিল। সত্ৰীয়া সংস্কৃতি অধ্যয়নত এইবোৰ অপৰিহাৰ্য সমল হিচাপে গণ্য কৰা হয়।

3) অসমত ধর্মীয় পৰম্পৰাসমূহে কিদৰে গতি লাভ কৰিছিল আলোচনা কৰা।
উত্তৰঃ- খ্রীঃ ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ আহোম ৰজাসকলৰ ছশ বছৰীয়া শাসনকালত অসমৰ মানুহৰ ধর্মবিশ্বাসৰ নানা দিশত পৰিৱৰ্তন ঘটিছিল। ৰাজবংশ একোটাৰ বা ৰজা একোজনৰ একাধিপত্য প্রতিষ্ঠা আৰু ন্যায্যীকৰণ মূলতঃ ধৰ্মৰ দ্বাৰা পৰিচালিত হৈছিল। প্রাচীন বা মধ্যযুগৰ কালছোৱাত এই ধর্ম আছিল ব্রাহ্মণ্য হিন্দুধর্ম। ইছলামধর্মী ৰাজবংশকেইটাৰ বাহিৰে সকলোবোৰ ৰাজবংশই হিন্দু ব্রাহ্মণ্য ধৰ্মৰ পৰা তেওঁলোকৰ ন্যায্যতা আৰু একাধিপত্যৰ যৌক্তিকতা আয়ত্ত কৰিছিল।     খ্রীঃ ত্রয়োদশ শতিকাৰ আৰম্ভণিত ব্রহ্মপুত্র উপত্যকাত শতাধিক জনজাতীয় বিশ্বাসৰ উপৰি বৰ্ণাশ্রমকেন্দ্রিক সমাজখনত ব্রাহ্মণ্য 'হিন্দু' ধর্মই আছিল প্রধান ধর্মবিশ্বাস। শিৱ, বিষ্ণু, দুর্গা, গণেশ, ইন্দ্র, লক্ষ্মী, সৰস্বতী আদি দেৱ-দেৱীৰ পূজা-পাতলৰ উপৰি বৈদিক যাগ-যজ্ঞৰ প্রচলন আছিল। কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি তেজপুৰ (হাৰুপেশ্বৰ), দেওপাহাৰ, দৈয়াং-ধনশিৰি উপত্যকা, নগাঁৱৰ ডবকা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মালিনীথান, বাসুদেৱথান আদি বিভিন্ন ঠাইত পূজা-পার্বণৰ উপৰি বহুতো বৌদ্ধ-শাক্ত পৰম্পৰাৰ বিশ্বাস আৰু কৰ্মৰ প্রচলন আছিল।

4) অসমত নৱ বৈষ্ণৱ আন্দোলনে কিদৰে সমাজ জীৱন আৰু সাহিত্য-সংস্কৃতি বিকাশত ভূমিকা গ্রহণ কৰিছিল আলোচনা কৰা।
উত্তৰঃ- শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ সমাজ আৰু সংস্কৃতিলৈ অৱদান অমূল্য। জনজাতি আৰু হিন্দু সমাজৰ তথাকথিত নিম্ন বর্ণৰ লোকসকলক সমাদৰ কৰি ধৰ্মীয় স্থানত তেওঁলোকক উচ্চ বৰ্ণৰ সমানে আসন দি তেওঁ যি আধ্যাত্মিক সাম্যবাদী আদর্শ দাঙি ধৰিছিল, তাৰ ফলতেই অসমীয়া সমাজত বর্ণ-বিদ্বেষৰ ভাৱ বহু পৰিমাণে লাঘৱ হৈছিল।
    সংগীত, নৃত্য, বাদ্য আদি সকলোতে নৱ বৈষ্ণৱ যুগৰ দান অতুলনীয়। ই অসমত এটা নতুন জীৱন, নতুন সাহিত্য আৰু নতুন ৰাষ্ট্র দান কৰিলে৷ এইদৰে জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীসমূহৰ মিলনত গঢ়ি উঠিব ধৰা বহল সমূহীয়া সমাজখনৰ সাংস্কৃতিক প্রয়োজন আৰু পর্যায়লৈ চকু দিয়েই বৈষ্ণৱ গুৰুসকলে তেওঁলোকৰ শিল্প-সাহিত্য গঢ়ি তুলিছিল। এহাতে তেওঁলোকৰ ৰুচি অধিক মার্জিত, সংস্কৃত, অধ্যয়নপুষ্ট মনৰ প্ৰভাৱেৰে উন্নত কৰা, আৰু আনহাতে তেওঁলোকৰ মানসিকতাই ঢুকি পোৱাকৈ লোকায়ত সাহিত্য ৰচনা কৰা এই দ্বিমুখী কার্য সম্পন্ন কৰিছিল অবিস্মৰণীয় সফলতাৰে।

5) অসমীয়া সাংস্কৃতিক জীৱনত চিত্রকলাৰ গুৰুত্ব সম্পর্কে এটা টোকা যুগুতোৱা।
উত্তৰঃ- চিত্রকলাক মানুহে অন্তৰৰ ভাব প্রকাশৰ অন্যতম মাধ্যম হিচাপে প্রাক-ঐতিহাসিক যুগৰেপৰা ব্যৱহাৰ কৰি আহিছে। সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হর্ষবর্ধনলৈ পঠিওৱা উপহাৰৰ লগত ছবি অকা সঁজুলি, ৰং ভৰোৱা পাত্র, সাঁচিপতীয়া পুথি প্রেৰণে সমসাময়িক সমাজখনত প্রচলিত চিত্রশিল্পৰ প্ৰতি থকা অনুৰাগক প্রতিনিধিত্ব কৰে।
    অসমৰ চিত্ৰশৈলী মূলতঃ তিনি প্ৰকাৰৰ- সত্ৰীয়া, ৰজাঘৰীয়া আৰু সাধাৰণ। সত্ৰসমূহৰ নামঘৰ, চাৰিহাটীৰ দেৱাল আৰু কাঠত হেঙুল-হাইতালৰ দ্বাৰা অংকিত ভগৱানৰ বিভিন্ন অৱতাৰ, গছ-লতাসমূহে সত্ৰসমূহত বিকাশ হোৱা চিত্রকলাক প্রতিনিধিত্ব কৰে।
    অসমত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্রণয়ন কৰা একাংশ গ্ৰন্থতো মনোমোহা চিত্ৰকলাৰ সমাহাৰ দেখা যায়। ইয়াৰ ভিতৰত আহোম আৰু কোঁচ উভয় ৰজাসকলৰ তত্ত্বাৱধানত বহুতো ধর্মৰিপেক্ষ চিত্ৰকলাৰ বিকাশ সাধন হৈছিল।
    অসমৰ সৰ্বসাধাৰণ লোকসকলো চিত্রকলা অনুৰাগী আছিল। সাঁচিপাতৰ পুথিত ভিন্ন লতা পশু-পক্ষী মানুহৰ প্রতিকৃতি প্ৰকাশ কৰা হৈছিল। মুঠতে অসমৰ চিত্ৰকলা সৌন্দর্যবোধ, প্রতিভা আৰু দক্ষতাৰ সংমিশ্রণ, য'ত থলুৱা শৈলীৰ পূর্ণ প্রতিফলন ঘটিছে।

6) সংগীত কি? বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰৰ উল্লেখেৰে অসমত সংগীতৰ ক্রমবিকাশ আলোচনা কৰা।
উত্তৰঃ- সংগীত হৈছে তাল, লয়, সুৰ আৰু সুসংবদ্ধ ধ্বনিৰ সমন্বয়ত সৃষ্টি হোৱা এবিধ শ্ৰৱণযোগ্য কলা। সংগীত শিতানত গীত, বাদ্য আৰু নৃত্য অন্তর্ভুক্ত। প্রাচীন কালৰে পৰা ভাৰতত সংগীতৰ দুটা ধাৰা প্রচলিত হৈ আহিছে— মার্গী আৰু দেশী। ৰজাসকলৰ যাগ-যজ্ঞৰ সময়ত মার্গী আৰু সচৰাচৰ ৰাজসভাত মনোৰঞ্জনৰ অৰ্থে দেশী সংগীতৰ চৰ্চা কৰা হৈছিল।
    নৱম শতিকাৰ বনমালীদেৱৰ তাম্ৰ শাসনত ৰাজধানী হাৰুপেশ্বৰৰ শিৱ মন্দিৰসমূহ দেৱদাসীৰ দ্বাৰা পৰিৱেশিত সংগীতেৰে মুখৰিত হৈ আছিল বুলি উল্লেখ আছে। একেদৰে ৰত্নপালৰ বৰগাঁও শাসন, দশম-একাদশ শতিকাত কামৰূপত ৰচিত 'কালিকা পুৰাণ' আৰু চীনা পণ্ডিত হিউৱেন চাঙৰ সন্মানার্থে ভাস্কৰ বৰ্মনৰ ৰাজসভাত সংগীতৰ আয়োজন কৰালৈ চাই সমসাময়িক সমাজ ব্যৱস্থাত সংগীতৰ বহুল প্রচলনৰ কথা বুজিব পাৰি।
    প্রচলিত এই ধাৰাটোক পৰৱৰ্তী সময়ত নৱ বৈষ্ণৱ আন্দোলনে অধিক প্রজ্জ্বোলিত কৰে। এইদৰে সময়ৰ লগত সামঞ্জস্য ৰাখি লোক সংগীতৰ চৰ্চা অব্যাহত আছিল।
    গীত আৰু নৃত্যৰ লগত সংগত কৰিবলৈ বাদ্যযন্ত্র অপৰিহার্য। বাদ্যযন্ত্রসমূহক ভিন্নতা অনুযায়ী অৱনদ্ধ বাদ্য, সুষিৰ বাদ্য, ঘন বাদ্য, তত বাদ্য আদি শিতানত ভাগ কৰা হৈছে। বিভিন্ন প্ৰকাৰৰ ঢোল, খোল, দবা, ডগৰ, নাগাৰা, মৃদংগ আদি অৱনদ্ধ বাদ্যৰ অন্তর্গত। শংখ, শিঙা, গগনা, সুতুলি, বাঁহী আদি সুষিৰ বাদ্যৰ অন্তৰ্গত। দোতৰা বা লাও টোকাৰী, খমক আদি ততবাদ্যৰ অন্তৰ্গত। বৰকাঁহ, তাল, ঘণ্টা, নূপুৰ, টকা, জুনুকা, খঞ্জৰী আদি ঘনবাদ্যৰ অন্তর্গত।


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Swadesh Adhyaya.
Previous
Next Post »