-->

অসমৰ অৱস্থানিক বৈশিষ্ট্য-স্বদেশ অধ্যয়ন

 

অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্ৰাকৃতিক বিভাগ, জলবায়ু আৰু মৃত্তিকা - একাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন

1.
(ক) অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰঃ- ২.৯৩ শতাংশ

(খ) অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
উত্তৰঃ- ভূটান আৰু বাংলাদেশ

(গ) অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত ৰাজ্যকেইখনৰ নাম একাদিক্ৰমে লিখা।
উত্তৰঃ- নাগালেণ্ড, মেঘালয়, অৰুণাচল আৰু মিজোৰাম
 
(ঘ) অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান।
উত্তৰঃ- প্ৰায় 7800 বৰ্গ কিলোমিটাৰ

(ঙ) কাৰ্বি-ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি?
উত্তৰঃ- কপিলী-ডবকা সমভূমি

(চ) ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰঃ- ডামবুকচ' (1363 মিটাৰ)

(ছ) পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত?
উত্তৰঃ- ৰেগুয়'মা

(জ) হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিম সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায়?

উত্তৰঃ- ভাৱৰুটৰাই অঞ্চল

(ঝ) বৰগংগা অসমৰ কোনখন নদীৰ উপনদী?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ নদীৰ

(ঞ) মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতীটোৰ নাম কি?
উত্তৰঃ- লুইত

(ট) বৰাক সমভূমিখনৰ গড় নতি কিমান?
উত্তৰঃ- প্ৰতি কিলোমিটাৰত 20 ছেন্টিমিটাৰ।

2. বৰাইল পৰ্বত শ্ৰেণী কোন দুটা ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল?
উত্তৰঃ- ইয়োচিন আৰু অলিগ'চিন ভূ-তাত্ত্বিক যুগত।

3. লুভা জলধাৰাই কোন দুচা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূখণ্ডক পৃথক কৰিছে?
উত্তৰঃ- লুভা জলধাৰাই গণ্ডোৱানা যুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক টাৰ্চিয়াৰি যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে।

4. অসমত 'ভাৱৰ-টৰাই অঞ্চল' কোন দুখন স্থানৰ মাজত অৱস্থিত?
উত্তৰঃ- মুৰ্কংচেলেক (জোনাই) আৰু সোণকোষ নদীৰ মাজত অৱস্থিত।

5. ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়?
উত্তৰঃ- গোলাঘাট জিলাৰ বাগৰি আৰু ডিব্ৰুগড়ৰ মাজত অৱস্থিত। 

6. অসমৰ এখন আৰ্হি মাচিত্ৰ অংকন কৰি মূল ভূ-প্ৰাকৃতিক বিভাগকেইটা তিহ্নিত কৰা।
উত্তৰঃ- (please see Assam map)

7. অসমৰ জলবায়ুক ব্লাডিমিৰ কোপেনে কি জলবায়ৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে?
উত্তৰঃ- উপক্ৰান্তীয় খৰাং শীত গুৰুতাপী জলবায়ুৰীয় প্ৰতিৰূপৰ

8. ৰঙালী বিহুৰ আশে-পাশে প্ৰৱাহিত বায়ুক অসমত কি নামেৰে জনা যায়?
উত্তৰঃ- বৰদৈচিলা নামেৰে

9. অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে-
(ক) বায়ুৰ চাপৰ    (খ) ভূ-প্ৰকৃতি
(গ) বন্ধুৰতা            (ঘ) উপৰিউক্ত ক, খ আৰু গ এই আটাইকেইটাৰ ওপৰত
উত্তৰঃ- (ঘ) উপৰিউক্ত ক, খ আৰু গ এই আটাইকেইটাৰ ওপৰত

10. কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈছে?
(ক) উত্তৰ দিশেৰ    (খ) দক্ষিণ দিশেৰে
(গ) সোঁমাজেৰে    (ঘ) একেবাৰ পূব ফালেৰে।
উত্তৰঃ- (গ) সোঁমাজেৰে

11. অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীত কালত উষ্ণতাৰ পৰিমাণ কিমান?
উত্তৰঃ- অসমত গ্ৰীষ্মকালত গড় উষ্ণতাৰ পৰিমাণ প্ৰায় 280 ছেলছিয়াছ আৰু শীতকালত গড় উঞ্চতাৰ পৰিমাণ প্ৰায় 130 ছেলছিয়াছ।

12. গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমত বৃষ্টিপাতৰ পৰিমাণ কিমান?
উত্তৰঃ- অসমত গ্ৰীষ্মকালত গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 220 ছেন্টিমিটাৰ আৰু শীতকালত গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 12 ছেন্টিমিটাৰ।

13. অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?  HS-2019
উত্তৰঃ- (ক) উপক্ৰান্তীয় অৱস্থা।
(খ) ভূ-প্ৰকৃতি আৰু বন্ধুৰতা।
(গ) বংগোপসাগৰৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপবলয় আৰু সেইবোৰৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিবৰ্তন।
(ঘ) ক্ৰান্তীয় সামুদ্ৰিক বায়ুপ্ৰৱাহৰ প্ৰভাৱ।
(ঙ) স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ুপ্ৰৱাহ।

14. অসমৰ কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা যায়?
উত্তৰঃ- অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ পাদদেশৰ ঠায়ে ঠায়ে কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা যায়।

15. অসমত ব্যাপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ, আয়'ডিন, পটাছ, ফছফৰাছ আদি নাথাকে?
উত্তৰঃ- ৰঙামাটিত

16. হিউমাচ কি?
উত্তৰঃ- মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰ অৱশিষ্ট অংশ মাটিৰ লগত মিহলি হৈ যি জৈৱ পদাৰ্থ তৈয়াৰ হয় তাকে হিউমাচ বোলে।

17. চাহখেতিৰ বাবে অসমৰ কোনবিধ মাটি উত্‍কৃষ্ট?
উত্তৰঃ- ফছফৰাছযুক্ত মাটি

18. নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোৱা যায়?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দক্ষিণ পাৰত

19. অসমত বহলভিক্তিত বিভক্ত কৰা মাটিৰ শ্ৰেণী কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- অসমত বহলভিক্তিত বিভক্ত কৰা মাটিৰ চাৰিটা-
(ক) পলসুৱা মাটি
(খ) পাহাৰীয়া মাটি
(গ) গিৰিপদ মাটি
(ঘ) ৰঙা মাটি 

অতিৰিক্ত প্ৰশ্নোত্তৰঃ- Additional Questions' answer:-
20. (a) ভাৰতবৰ্ষৰ কোনকেইখন ৰাজ্যৰ পৰিসীমা অসমৰ পৰিসীমাৰ লগত সংযোজিত হৈ আছে? HS-2019
(i) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিমবঙ্গ
(ii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়
(iii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম
(iv) অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গ

উত্তৰঃ- (ii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

(b) অসমৰ মুঠ ভৌগোলিক এলেকা কিমান?     HS-2019
(i) ৭৪৮২৩ বর্গ কি. মি.         (ii) ৭৮৪২৩ বর্গ কি. মি.
(iii) ৭৩৮৪২ বর্গ কি. মি.    (iv) ৭০৪৮৩ বর্গ কি. মি.

উত্তৰঃ- (ii) ৭৮,৪২৩ বর্গ কিঃ মিঃ

(c) বর্তমান অসমত জিলাৰ সংখ্যা কিমান?     HS-2019
(i) ২৯         (ii) ৩০
(iii) ৩১     (iv) ৩৩

উত্তৰঃ- (iv) ৩৩

(d) তলৰ কোনখন ব্ৰহ্মপুত্র নদৰ দক্ষিণ পাৰৰ উপনৈ?     HS-2019
(i) সাোৱণশিৰি    (ii) সোণকোষ
(iii) ধনশিৰি    (iv) পাগলদিয়া।

উত্তৰঃ- (iii) ধনশিৰি।

* পূৱৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনদীবোৰ হ'ল-
১) গাই                        ২) জীয়াধল
৩) সোৱনশিৰি            ৪) ৰঙা নদী
৫) দিক্ৰং                    ৬) বুৰৈ
৭) বৰগংগা                ৮) জীয়া ভৰলী
৯) গাভৰু                    ১০) পাচনৈ
১১) জীয়াধনশিৰি        ১২) বৰনদী
১৩) পুঠিমাৰি়            ১৪) বৰলীয়া
১৫) পাগলাদিয়া        ১৬) কালদিয়া
১৭) পহুমাৰা                ১৮) বেঁকী-মানস-আই
১৯) চম্পাৱতী                ২০) সৰলভাঙা
২১) গদাধৰ                    ২২) গঙ্গাধৰ
২৩) সোণকোষ

দক্ষিণ পাৰৰ প্ৰধান উপনদীবোৰ হ'ল-
১) ডাঙৰী                    ২) ডিব্ৰু
৩) বুঢ়ীদিহিং                    ৪) দিচাং
৫) দিখৌ                        ৬) জাজী
৭) টিয়ক                        ৮) ভোগদৈ
৯) কাকাডোঙা                ১০) ধনশিৰি
১১) দিয়ুং                        ১২) কলং
১৩) যমুনা                      ১৪) কপিলী
১৫) দৈয়াং বা দিয়ুং            ১৬) বৰপানী
১৭) কিলিং (উমিয়াম)        ১৮) দিগাৰু (উমক্ৰু) কলং
১৯) কুলসী কালবোগ          ২০) বকো
২১) শিংৰা                        ২২) দুধনৈ
২৩) কৃষ্ণাই                      ২৪) জিনাৰী
২৫) জিঞ্জিৰাম

 

পাঠটিৰ পৰা শিকিবলগীয়া মূল বিষয়সমূহ
(ক) সাম্প্রতিক অসম আৰু আজিৰ পৰা প্রায় পঞ্চাশ বছৰ আগৰ অসম এই দুই ভূ-খণ্ডৰ মাজত মাটিকালি আৰু ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট প্রভেদ আছে।
(খ) ভৌগোলিক আয়তনৰ লেখেৰে পূৰ্বৰ অসমৰ মাটিকালি আছিল ২,৫৫,০৮৩ বর্গ কিঃমিঃ। ই ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় ৯.৯ শতাংশ আছিল।
(গ) সাম্প্রতিক অসম ৰাজ্যৰ ভৌগোলিক আয়তন বা মুঠ মাটিকালি হ'ল ৭৮,৪২৩ বর্গ কিঃমিঃ, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৯৩ শতাংশ মাথোন।
(ঘ) বর্তমান অসম বুলিলে ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰ ৩০ খন জিলা আৰু পাহাৰীয়া ভূ-খণ্ডৰ ৩ খন জিলা সামৰি থকা অৱশিষ্ট অসমখনক বুজোৱা হয়।
(ঙ) সমগ্ৰ অসমখন ২°৪৩' উত্তৰ অক্ষৰেখাৰ পৰা ২৭°৫৮' উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯°৫' পূর্ব দ্রাঘিমাংশৰ পৰা ৯৬°১' পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত।
(চ) ভূ-প্রাকৃতিক গঠন অনুযায়ী অসমক বহলভাৱে ৩ টা মুখ্য ভাগত ভগাব পাৰি-
            (১) মালভূমি অঞ্চল।
            (২) ভংগিল পাহাৰীয়া অঞ্চল
            (৩) সমভূমি অঞ্চল।
(ছ) অসমৰ সমভূমি অঞ্চলক দুটা ভাগত বিভক্ত কৰিব পাৰি-
    (ক) ব্রহ্মপুত্র সমভূমি আৰু (খ) বৰাক সমভূমি
(জ) অসমৰ জলবায়ুক প্ৰভাৱান্বিত কৰা প্রধান ভৌগোলিক কাৰকবোৰ হ'ল— উপক্রান্তীয় অৱস্থান, ভূ-প্রকৃতি আৰু বন্ধুৰতা, ক্রান্তীয় সামুদ্রিক বায়ুপ্রৱাহৰ প্ৰভাৱ আদি।
(ঝ) অসমত সাধাৰণতে চাৰিটা জলবায়বিক সময় দেখিবলৈ পোৱা যায়— প্রাক-মৌচুমী, মৌচুমী, অধোগামী মৌচুমী আৰু শীতকাল।
(ঞ) গুণাগুণ অনুসৰি অসমৰ মৃত্তিকাক চাৰিটা প্রধান ভাগত বিভক্ত কৰিব পাৰি- পলসুৱা মাটি, পাহাৰীয়া মাটি, ৰঙামাটি আৰু কংকৰ বা লেটেৰাইট মাটি।

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (whatsapp no-7020477396) for free PDF notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »