-->

কেনেহে ৰাধে তোৰ বিৰস । Kenehe radhe tor biras

কেনেহে ৰাধে তোৰ বিৰস 

Kenehe radhe tor biras 

 

কেনেহে ৰাধে তোৰ বিৰস মন

তোৰ কানাইয়ায় বাজায় বাশী

তোৰ ৰশিয়ায় বাজায় বাশী

যমুনাৰো কুলে কুলে কদম শাৰী শাৰী

ফুলো তোলে ডালো ভাঙ্গে

ৰাধা চন্দ্ৰাৱলী

মুই গেইলং যমুনাৰো জলে

হেটা উচা মাটি

ছিড়িল গলাৰ হাৰ মোৰ

ভাঙিলো কলসী

বাপো মাও থুইচে নাম

আলালী দুলালী

আৰ পৰাৰ ঘৰে থুইচে নাম

ৰাধা চন্দ্ৰাৱলী

 

প্ৰতিমা বৰুৱা পান্ডে

Pratima Barua Pandey

Newest
Previous
Next Post »