-->

পৰজনমৰ শুভ লগনত । Porojonomor Xubho Logonot

পৰজনমৰ শুভ লগনত । Porojonomor Xubho Logonot


পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত…..


এই জনমৰ কুসুম মালা

যতনে তুমি গাঁঠি ৰাখিলা,

এই জনমৰ কুসুম মালা

যতনে তুমি গাঁঠি ৰাখিলা,

কাহানিও তুমি নিপিন্ধালা

কাহানিও তুমি নিপিন্ধালা….

শূণ্য মোৰ বুকু হ’ল যে উকা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত…..


এই জীৱনৰ আঁউসী ৰাতি

চকুলো টুকি যায় যে কাতি,

এই জীৱনৰ আঁউসী ৰাতি

চকুলো টুকি যায় যে কাতি,

কাহানিও সুখৰ ৰূপহী জোনাক

হৃদয়তে জিলিকনি নিবিলায়,

-এই জনমৰ গোপন কথা,

গুপুতে থাকি দিয়েযে বেথা

এই জনমৰ গোপন কথা,

গুপুতে থাকি দিয়েযে বেথা

কাহানিও তুমি নেদেখিলা

কাহানিও তুমি নেদেখিলা,

শোকৰে ছবিটি হিয়াতে অঁকা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা,

পূৰাবানে প্ৰিয়ে এই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা,

পৰজনমৰ শুভ লগনত…..



শ্ৰেণী : ৰাভা সংগীত

সুৰ আৰু কথা : বিষ্ণুপ্ৰসাদ ৰাভা

Previous
Next Post »