মোৰে ভাৰতৰে । Mure Bharotore
মোৰে ভাৰতৰে
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি।
সেউজীয়া বনতে
সেউজীয়া মনতে
বিকশি প্ৰকাশি উঠা
নৱ জন জীৱনৰে অভিনৱ জ্যোতি।।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গণ মন মুকুতি
প্ৰণতি প্ৰণতি ।।
শ্ৰেণী:জ্যোতি সংগীত
সুৰ আৰু কথা : জ্যোতিপ্ৰসাদ আগৰৱালা
ConversionConversion EmoticonEmoticon